Home Blog Page 1351

মৌ হৈছে মানৱ জাতিৰ বাবে প্ৰকৃতিৰ এক অনবদ্য উপহাৰ…

ৰঙ বিৰঙী বিবিধ ফুলৰ পৰা ৰেণু কঢ়িয়াই আনি মৌ মাখিয়ে অশেষ কষ্টেৰে এই অমৃৎস্বৰূপ ‘মৌ’ বা ‘মধু’ তৈয়াৰ কৰে। সোৱাদত মিঠা এই মৌৰ বহুতো চমৎকাৰী গুণ আছে।

প্ৰিয়জনৰ মুখৰ মিঠা মাতষাৰক ‘মৌ সনা মিঠা মাত’ বুলি ৰিজনী দি কোৱা কথাষাৰেই ইয়াৰ গুৰুত্ব সুন্দৰকৈ বুজাই দিয়ে।

‘মৌ’ শব্দটো ইমানেই মিঠা যে বিদেশত প্ৰিয়জনক মৰমেৰে ‘Honey’ বুলি মতা হয়।

অতীতৰে পৰা শিশুক মৌ চেলেকাই দিয়া পৰম্পৰা চলি আহিছে। কান্দি থকা শিশুৰ জিভাত মাত্ৰ অকনমান মৌ চেলেকাই দিলে তৎক্ষণাত কান্দোন বন্ধ হৈ যায়।

কেঁচুৱাৰ জিভা চাফা কৰোতেও মৌ ব্যৱহাৰ কৰা হয়। ঠিক তেনেকৈ গৰ্ভৱতী স্ত্ৰীক পঞ্চামৃত খুৱাওঁতেও মৌ ব্যৱহাৰ কৰা হয়।

প্ৰাচীন আয়ুৰ্বেদ শাস্ত্ৰত মধু বা মৌৰ বিষয়ে বিস্তৃত বিৱৰণ পোৱা যায়। আয়ুৰ্বেদ শাস্ত্ৰ অনুসৰি মাক্ষিকা, ভ্ৰামৰ আদি কেইবাপ্ৰকাৰৰ মধু আছে।

প্ৰত্যেকবিধ মৌৰ গুণাগুণ বেলেগ আৰু ভিন ভিন চিকিৎসাত ব্যৱহৃত হৈছিল।

মৌৱে ত্ৰিদোষ (বাত, পিত্ত, কফ) সাম্য অৱস্থাত ৰাখে। বহু আয়ুৰ্বেদিক ঔষধৰ লগত মৌক অনুপান (as an adjuvent) হিচাবে খাবলৈ দিয়া হয়।

ই ঔষধৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে।

তীৰ্থনগৰী হাজোত অসম নাট্য সন্মিলন হাজো শাখাৰ সৌজ্যনত শিল্পী ব্ৰজনাথ শৰ্মা সোঁৱৰণী অনুষ্ঠান সম্পন্ন…

কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ পতনিস্থিত চন্দ্ৰমা হোটেল এণ্ড ৰেষ্টুৰেণ্টৰ (মুক্তিযুঁজাৰু ডা° সম্ভুৰাম মেধি কমপ্লেক্স) সভাগৃহত মঙ্গলবাৰে দিনযোৰা কাৰ্যসূচীৰে সৈনিক শিল্পী ব্ৰজনাথ শৰ্মা সোঁৱৰণী অনুষ্ঠানটি সম্পণ্ণ কৰা হ’য়।

সেই অনুসৰি ৰাতিপুৱা ৯-০০ বজাত পতাকা উত্তোলন কৰে হাজো শাখাৰ সভাপতি বাবুল মজুমদাৰে ,৯- ৩০ বজাত শিল্পী ব্ৰজনাথ শৰ্মাৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰে নৃত্য শিল্পী মনেশ্বৰ দাসে ,বন্তি প্ৰজ্জ্বলন কৰে সাংবাদিক শৈলেন বৈশ্যই । দিনৰ ১১ বজাত অসম নাট্য সন্মিলন হাজো শাখাৰ সভাপতি বাবুল মজুমদাৰৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত নিৰ্দিষ্ট বক্তা সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰকাশ দাস ,নাট্য পৰিচালক তথা ওস্তাদ বিছমিল্লা খাঁ সংগীত নাটক একাডেমি যুৱ বঁটা প্ৰাপক হিমাংশু শৰ্মা ,

পঞ্চতীৰ্থ পৰিচালনা সমিতিৰ সভাপতি শিৱপ্ৰসাদ শৰ্মা দলৈ , সুৰেন দাস মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপিকা ড° বিনীতা দাস ,বিবেকানন্দ দাসকে প্ৰমূখ্যে প্ৰায় সংখ্যক লোক উপস্থিত থাকে। সভাত গীত পৰিবেশন কৰে গীতিকাৰ সোনাৰাম দাসে।সভাত নৃত্য বিশাৰদ,নাট্য শিল্পী ড° পঙ্কজ নমঃশূদ্ৰ , নাট্য শিল্পী কিচিন দাস , নাট্যকাৰ ৰত্নাকৰ নায়কক ২০২৩ বৰ্ষৰ ব্ৰজশৰ্মা বটাঁ প্ৰদান কৰা হ’য়।সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই মুনদ্বীপ দাসে।

বঙাইগাঁৱত জঘন্য ঘটনা ! পিতৃ আৰু পুত্ৰই ধৰ্ষণ কৰিলে কিশোৰীক…

বঙাইগাঁৱত জঘন্য ঘটনা

সাংবাদিক পুত্ৰ আৰু পিতাই ধৰ্ষণ কৰিলে কিশোৰী এগৰাকীক

আৰক্ষীয়ে আটক কৰিলে হৰি বৈষ্ণৱক

পলাতক সাংবাদিক বিৰাজ বৈষ্ণৱ

সাংবাদিকজনৰ নাম বিৰাজ বৈষ্ণৱ(23)

পিতৃৰ নাম হৰি বৈষ্ণৱ(70)

পিতা- পুত্ৰৰ ধৰ্ষনৰ বলি ১৩ বছৰীয়া কিশোৰী

এই জঘন্য ঘটনা সংঘটিত হৈছে বঙাইগাঁও সদৰ থানাৰ অধীনৰ নৰ্থ বইটামাৰীত

পাঁচ বাৰ ধৰ্ষনৰ বলি কিশোৰী গৰাকী

অষ্টম শ্ৰেণীৰ ছাত্ৰী

— চন্দ্ৰ কুমাৰ নাথ
বঙাইগাঁও

মহানগৰীৰ গড়চুকৰ নিজৰাপাৰত যুৱকৰ মৃতদেহ উদ্ধাৰ ! মৃত যুৱকৰজনৰ নাম চানিদুল ইছলাম…

মহানগৰীৰ গড়চুকৰ নিজৰাপাৰত যুৱকৰ মৃতদেহ উদ্ধাৰ। মৃত যুৱকৰজনৰ নাম চানিদুল ইছলাম।

পেচাত এজন গাড়ী চালক আছিল মৃত চানিদুল। বৰ্তমানলৈকে জানিব পৰা হোৱা নাই মৃত্যুৰ কাৰণ।

ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে গড়চুক আৰক্ষীয়ে।

KACৰ মুখ্য সচিবৰ চহী জালিয়াতি ! গ্ৰেপ্তাৰ হ’ল KACৰ কাৰ্যবাহী পাৰিষদ কাৰ্তিক ৰায়…

প্ৰসংগ : KACৰ মুখ্য সচিবৰ চহী জালিয়াতি। গ্ৰেপ্তাৰ হ’ল KACৰ কাৰ্যবাহী পাৰিষদ কাৰ্তিক ৰায়।

প্ৰৱঞ্চক চক্ৰৰ সৈতে ৰায়ে কৰিছিল টকাৰ লেনদেন।

এই তথ্য সদৰী কৰে জিলা আৰক্ষী অধীক্ষকে। ইতিমধ্যে গ্ৰেপ্তাৰ বিজনীৰ পংকজ দাস, চিন্ময় সৰকাৰ নামৰ দুই অভিযুক্ত।

ঐতিহাসিক চিনাতলী বৰনামঘৰত ভদীয়া নামৰ সামৰণি। দুগৰাকী লোকশিল্পীক “তৰুলতা শইকীয়া সোঁৱৰণি গোপিনী নাম আই পদ্মপ্ৰিয়া বঁটা” প্ৰদান…

গোলাঘাট জিলাৰ ঐতিহাসিক চিনাতলী বৰনামঘৰত পবিত্ৰ ভাদমাহত অঞ্চলটোৰ মহিলা সকলে মাহজোৰা হৰিনাম চৰ্চাৰ অন্তত কালি নাম সামৰণি অনুষ্ঠান অনুষ্ঠিত হয় ৷ কালি দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত নাম সামৰণি অনুষ্ঠানত জিলাখনৰ বিভিন্ন প্ৰান্তৰ হাজাৰৰো অধিক মহিলা আৰু পুৰুষে অংশগ্ৰহণ কৰাৰ লগতে সূদূৰ গুৱাহাটী পৰ্যন্ত অতিথি সেৱকীয়ে অংশগ্ৰহণ কৰে । কীৰ্তন-ভাগৱত আৰু গোপিনী সকলৰ নামেৰে মুখৰিত হ’ল চিনাতলীৰ আকাশ বতাহ । উল্লেখ যে ১৯৬৩ চনৰ পৰা চলি আহিছে মহিলাসকলে নাম লোৱাৰ এই পৰম্পৰা । নাম সামৰণিৰ লগত সংগতি ৰাখি দ্বিতীয় বৰ্ষৰ বাবে ঐতিহাসিক চিনাতলী বৰ নামঘৰত অনুষ্ঠিত হ’ল গোপিনীৰ ধৰ্মীয় বঁটা প্ৰদান অনুষ্ঠান । চিনাতলীৰ বিশিষ্ট সমাজকৰ্মী অনন্ত শইকীয়া আৰু পৰিয়াল বৰ্গই তেখেতৰ মাতৃৰ সোঁৱৰণত “তৰুলতা শইকীয়া সোঁৱৰণি গোপিনীনাম আই পদ্মপ্ৰিয়া বঁটা ২০২৩” প্ৰদান কৰে দুগৰাকী আইনামৰ লোকশিল্পীক ৷ গোপিনী নামৰ নিৰলস চৰ্চাৰে অসমীয়া লোকসংস্কৃতি আৰু লোকসংগীতৰ ক্ষেত্ৰখনলৈ সোণসেৰীয়া অৱদান আগবঢ়োৱা দুগৰাকী বৰ্ষীয়ান মহিলা লোকশিল্পী ননী শইকীয়া আৰু অনুৰেখা শইকীয়ালৈ তৰুলতা শইকীয়া সোঁৱৰণি গোপিনীনাম আই পদ্মপ্ৰিয়া বঁটা ২০২৩ প্ৰদান কৰা হয় ৷

\

এই বঁটাত দুইগৰাকী লোকশিল্পীক মানপত্ৰ, চেলেং , গামোচা,স্মাৰক আৰু নগদ দুই হাজাৰ টকাৰ মাননি আগবঢ়োৱা হৈছে । অসমীয়া সমাজৰ পৰা ক্ৰমাৎ হেৰাই যাবলৈ ধৰা “আইনাম,গোপিনী নাম”ৰ দৰে সোণসেৰীয়া লোক- সংগীতৰ সংৰক্ষণ আৰু প্ৰচাৰ প্ৰসাৰৰ উদ্দেশ্যে আগত ৰাখি অঞ্চলটোৰ দুগৰাকী আইনাম,গোপিনী নামৰ অগ্ৰনী শিল্পীক এই বঁটা প্ৰদান কৰিছে । এই বঁটাৰ যোগেদি বঁটা প্ৰাপকক উৎসাহিত আৰু সন্মান যঁচাৰ উপৰিও নতুন প্ৰজন্মক উৎসাহিত আৰু অনুপ্ৰেৰণা যোগোৱা ৷ যাতে নতুন প্ৰজন্মই আমাৰ পৰম্পৰা আৰু কৃষ্টি-সংস্কৃতি যথাযথভাৱে আগবঢ়াই লৈ যাব পাৰে ৷ আনহাতে এইবছৰ পোনপ্ৰথমবাৰৰ বাবে প্ৰয়াত অনদা বৰাৰ সোঁৱৰণত সমাজ জীৱনলৈ বিশেষ অৱদান আগবঢ়োৱা দুগৰাকী মহিলাক বিশেষভাৱে সম্বৰ্দ্ধনা জনোৱা হয় ৷ প্ৰয়াত অনদা বৰাৰ সোঁৱৰণী সম্বৰ্দ্ধনা লাভ কৰা মহিলা দুগৰাকী হৈছে নিৰদা বৰা আৰু স্মৃতিৰেখা হাজৰিকা ৷ বছৰেকীয়া এই বঁটা আৰু বিশেষ সম্বৰ্দ্ধনাই বৃহত্তৰ চিনাতলী অঞ্চলৰ মহিলা সকলক অনুপ্ৰাণিত কৰিব বুলি আশাবাদী সকলো ।

আনহাতে ভদীয়া নাম সামৰণি অনুষ্ঠানৰ বঁটা প্ৰদান অনুষ্ঠানটিত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবা হাজাৰ পুৰুষ মহিলাৰ লগতে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সুবৰ্ণ শইকীয়া বৰদলৈ আৰু উপ-সভাপতি মিনা কুমাৰী ৰায়মেধিয়ে অংশগ্ৰহণ কৰে ৷কালিৰ সমগ্ৰ দিনটো হৰিনামৰ ধ্বনিৰে মুখৰিত হ’ল চিনাতলীৰ সমগ্ৰ অঞ্চল । উল্লেখ যে নাম সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি নিশা স্থানীয় বয়োজ্যেষ্ঠ শিল্পী সকলৰ দ্বাৰা পুৰণি পৰম্পৰা আৰু ৰীতি-নীতিৰে “গান্ধাৰীৰ কৃষ্ণ দৰ্শন” ভাওনা প্ৰদৰ্শন কৰা হয় ৷ সত্তৰোৰ্ধৰ অশীতিপৰ ককায়ো অভিনয় কৰিলে ভাওনাত ৷ প্ৰায় ৭০০ ঘৰ অংশীদাৰ থকা চিনাতলী বৰনামঘৰৰ বয়োজ্যেষ্ঠ দেউৰী-বিলনীয়াকে আদি কৰি গাঁৱৰ বহুকেইজন জ্যেষ্ঠ লোকে ভাওনাত অভিনয় কৰি আপ্লুত কৰিলে শ শ দৰ্শকক ৷ বয়োজ্যেষ্ঠ লোকসকলৰ ভাওনা চাবলৈ নিশা চিনাতলী বৰনামঘৰত ভিৰ কৰিলেহি ৰাইজে । বয়োজ্যেষ্ঠ সকলৰ দ্বাৰা মহাপুৰুষীয়া কৃষ্টি উপস্থাপনে মুগ্ধ কৰিলে সকলোকে ৷ আধুনিকতাৰ ধামখুমীয়াৰ মাজতে ভাওনাৰ পুৰণিকলীয়া প্ৰকৃত নিয়মৰ মাজেৰে অনুষ্ঠিত ভাওনাখনে দৃষ্টি আকৰ্ষণ কৰিলে সকলোৰে ।

মৰিগাঁও জিলাত অমৃত কলহত গাঁৱে গাঁৱে মাটি সংগ্ৰহ অভিযান অব্যাহত…

ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে মৰিগাঁও জিলাতো “মেৰী মাটি মেৰা দেশ” অভিযানৰ অধীনত যোৱা ২০ ছেপ্টেম্বৰৰ পৰা “অমৃত কলহ যাত্ৰা”ৰ অংশৰূপে গাঁওসমূহত ঘৰে ঘৰে গৈ মাটি সংগ্ৰহৰ অভিযান আৰম্ভ হৈছে। এই কাৰ্যসূচীৰ অধীনত জিলাখনৰ প্ৰতিখন গাঁৱৰ প্ৰতিটো ঘৰৰ পৰা অমৃত কলহত এমুঠিকৈ মাটি সংগ্ৰহ অভিযান অব্যাহত আছে। মৰিগাঁও নগৰত কাইলৈৰ পৰা মাটি সংগ্ৰহ কৰা হ’ব। নিৰ্বাচিত আত্মসহায়ক গোটৰ মহিলাই প্ৰতিটো ৱাৰ্ডৰ প্ৰতিটো ঘৰৰ পৰা মাটি বা মাটি নাথাকিলে এমুঠি চাউল সংগ্ৰহ কৰিব। অহা ২ অক্টোবৰত প্ৰতিঘৰৰ পৰা সংগৃহীত মাটি আৰু চাউল অমৃত কলহত সংগ্ৰহ কৰি গাঁৱৰ পৰা শোভাযাত্রা কৰি গাঁও পঞ্চায়ত বা পৌৰ কাৰ্যালয়ত উপস্থিত হ’ব। এটি গাম্ভীর্যপূর্ণ কাৰ্যসূচীৰে সমুহ গাঁও/ ৱাৰ্ডৰ মাটি মিশ্রণ কৰি গাঁও পঞ্চায়তৰ অমৃত কলহত দান কৰা হ’ব। গাঁৱৰ পৰা লৈ অহা অৱশিষ্ট মাটিখিনি গাঁৱৰ উন্নয়নমূলক কামত ব্যৱহাৰৰ বাবে সন্মানসহকাৰে ৰাখি থোৱা হ’ব।

৮ আৰু ১৫ অক্টোবৰৰ যিকোনো এটা দিনত অমৃত কলহ প্ৰতিখন গাঁও পঞ্চায়তৰ পৰা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়লৈ শোভাযাত্রা কৰি মর্যাদাসহকাৰে প্ৰেৰণ কৰা হ’ব। খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত সংগৃহীত কলহসমূহৰ মাটিখিনি পুনৰ সংমিশ্ৰণ কৰি চৰকাৰীভাৱে প্ৰেৰিত দুটা পিতলৰ কলহত দান দিয়া হ’ব। অৱশিষ্ট মাটিখিনি ব্লক পৰ্যায়ৰ উন্নয়নমূলক কাম-কাজত ব্যৱহাৰৰ বাবে শ্রদ্ধাসহকাৰে ৰাখি থোৱা হ’ব।২৫ অক্টোবৰত উন্নয়ন খণ্ড/ পৌৰ কাৰ্যালয়ত ইতিমধ্যে সংগৃহীত পবিত্র মাটিৰে পূৰ্ণ পিতলৰ কলহ দুটা গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানলৈ প্ৰেৰণ কৰা হ’ব। জিলা আয়ুক্তৰ দ্বাৰা নিৰ্বাচিত এগৰাকী যুৱক অথবা যুৱতীৰ দ্বাৰা এখন গাড়ীৰে অমৃত কলহ যাত্ৰা আৰম্ভ হ’ব। খণ্ড উন্নয়ন বিষয়াৰ কার্যালয়ত অমৃত কলহ যাত্ৰাৰ ফ্লেগ অফ কৰা হ’ব।২৬ অক্টোবৰত খণ্ড উন্নয়ন বিষয়া/পৌৰ কাৰ্যালয়ৰ পৰা অহা সমুদায় অমৃত কলহ গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র প্ৰাংগণত সংগ্ৰহ কৰা হ’ব। ৰাজ্যিক ভিত্তিত অনুষ্ঠিত এক কার্যসূচীত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সংগ্ৰহ কৰা দুটা কলহৰ একোটাকৈ সৰ্বমুঠ ২৭০টা কলহ নিশালৈ প্ৰেৰণৰ বাবে সাজু কৰা হ’ব। অৱশিষ্ট দ্বিতীয় কলহকেইটা ২২ ডিচেম্বৰৰ শ্বহীদ কনকলতা বৰুৱাৰ জয়ন্তীত গহপুৰলৈ প্ৰেৰণ কৰা হ’ব।

গহপুৰত কনকলতা বৰুৱাৰ স্মৃতিত প্রতিষ্ঠা হ’বলগীয়া বিশ্ববিদ্যালয়খনৰ নিৰ্মাণৰ কামত এই মাটি ব্যৱহাৰ কৰা হ’ব।২৭ অক্টোবৰত ৰাজধানী এক্সপ্রেছৰ নির্দিষ্ট দবাত অসমৰ সমুদায় উন্নয়ন খণ্ড/ পৌৰ এলেকাৰ পৰা সংগৃহীত ২০টা কলহ লৈ নির্বাচিত যুৱক-যুৱতীসকলে নতুন দিল্লীলৈ যাত্ৰা কৰি ২৮ অক্টোবৰত নতুন দিল্লীত উপস্থিত হ’ব।২৮ অক্টোবৰত নতুন দিল্লীত বাস কৰা অসমৰ লোকসকলে নতুন দিল্লী ৰেল ষ্টেচনত এই অমৃত কলহক আদৰণি জনাব। তাৰ পৰা এই অমৃত কলহসমূহ লৈ গৈ নতুন দিল্লীৰ অসম হাউছত সংৰক্ষণ কৰা হ’ব। ইয়াৰ পাছত এই পবিত্র ভূমি নতুন দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক ক্ষেত্ৰৰ সমীপত নির্মীয়মাণ অমৃত বাটিকা বা অমৃত উদ্যানস্থলীলৈ লৈ যোৱা হ’ব। অসমৰ পৰা যোৱা যুৱক – যুৱতীসকলে পৰম্পৰাগত সাজপাৰ পৰিধান কৰি অসম হাউছৰ পৰা অমৃত বাটিকা বা অমৃত উদ্যানলৈ শ্ৰদ্ধাসহকাৰে অমৃত কলহ যাত্রা সম্পন্ন কৰিব।


বস্ত্ৰনগৰী শুৱালকুছিত বন্ধন বেংকৰ শাখা মুকলি। দেশৰ অৰ্থনীতিত বন্ধন গুৰুত্ব অপৰিসীম অৰ্চনা দাস…

সম্প্ৰতি দেশৰ অৰ্থনীতিত বন্ধন বেংকে এক যোগাত্মক অৰিহণা যোগাই আহিছে ৷ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ লগতে অসমৰো শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে মুখে মুখে আজি বন্ধন বেংকৰ কথা ৷ বন্ধন বেংকৰ এই জয়যাত্ৰা অব্যাহত থাকি দেশৰ অৰ্থনৈতিক ব্যৱস্থাটোক আৰু অধিক টনকিয়াল কৰক ৷ শুৱালকুছি খন্ড উন্নয়ন বিষয়া অৰ্চনা দাসে আজি বন্ধন বেংকৰ অসমৰ ১০৫ নং শুৱালকুছি শাখাটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰি এই বুলি কয় ৷তেওঁ এই বুলিও কয় যে এই শাখাটোৰ দ্বাৰা শুৱালকুছি অঞ্চলৰ মানুহবোৰ বিশেষভাৱে উপকৃত হ’ব ৷ লগতে তেখেতে সকলো সময়তে সহযোগিতাৰ হাত আগবঢ়াব বুলি কয় ৷ অনুষ্ঠানটোৰ বন্তি প্ৰজ্বলন কৰে শুৱালকুছি বালিকা মজলীয়া বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক কৃষ্ণকান্ত শৰ্মাই ৷ অনুষ্ঠানত উপস্থিত থাকি বন্ধন বেংকৰ ৰঙিয়া ক্লাষ্টাৰ হেড ৰাজিব বৰদলৈয়ে বন্ধন বেংকৰ সফলতাৰ খতিয়ান দাঙি ধৰি ২০০১ চনত চন্দ্ৰশেখৰ ঘোষৰ নেতৃত্বত এন জি অ হিচাপে প্ৰতিষ্ঠা লাভ কৰা বন্ধনে ২০১৫ চনত ৰিজাৰ্ভ বেংকৰ অনুমোদন পোৱাৰ পিছত এতিয়া দেশৰ আগশাৰীৰ বেংকৰূপে প্ৰতিষ্ঠা লাভ কৰাৰ কথা সদৰি কৰে ৷

উদ্বোধনী অনুষ্ঠানটোত শুৱালকুছি বুধৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ নিহাৰঞ্জন কলিতা, অসমীয়া বিভাগৰ প্ৰৱক্তা ঋতুপৰ্ণ দাস , বিশিষ্ট কবি, সমাজসেৱিকা উৰ্মিমালা দেৱী , বিশিষ্ট জনপ্ৰিয় অভিনেতা বিমল শৰ্মা ,বন্ধন বেংকৰ শুৱালকুছি শাখাৰ শাখা পৰিচালক গোবিন্দ পাঠক ,সহকাৰী পৰিচালক দিপু কলিতা , গ্ৰাহক সম্পৰ্কৰক্ষী বিষয়া ধীৰকজ্যোতি কলিতা ,কনকলতা বৰ্মনৰ লগতে বন্ধন বেংকৰ মাৰ্কেটিং বিভাগৰ এচিটেন্ট ভাইচ প্ৰেচিডেন্ট অজয় কুমাৰ শীলো উপস্থিত থাকে ৷

প্ৰাক্তন ছাত্ৰ নেতা বিপুল চুতীয়াৰ মৃত্যুত তিনিদিনীয়াকৈ শোক পালন সদৌ তিনিচুকীয়া জিলা চুতীয়া ছাত্র সন্থা…

অসমৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ মাজুলী জিলাৰ নতুন বজাৰ আৰক্ষী চকীৰ অন্তৰ্গত বৰবিল গাঁৱৰ বাসিন্দা, চুতীয়া উন্নয়ন পৰিষদৰ সদস্য তথা সদৌ অসম চুতীয়া ছাত্র সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক বিপুল চুতীয়া (৪০)ই ২১ ছেপ্টেম্বৰৰ ৰাতি  শেষ নিশ্বাস ত্যাগ কৰে। জানিব পৰা মতে, কিছুদিনৰ পৰা অসুস্থ প্ৰাক্তন ছাত্ৰ নেতাগৰাকীয়ে চিকিৎসাৰ বাবে ২১ ছেপ্টেম্বৰত ডিব্ৰুগড়লৈ গৈ চিকিৎসা কৰে যদিও উন্নত চিকিৎসাৰ বাবে ২২ ছেপ্টেম্বৰত হাইদৰাবাদলৈ যাবলৈ যো-জা কৰি ঘৰলৈ উভতি আহি থকা অৱস্থাত স্বাস্থ্যৰ অধিক অৱনতি হোৱাত ধেমাজিৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ লৈ যোৱা হয় যদিও পথতে মৃত্যুক আঁকোৱালি লয় নেতাগৰাকীয়ে। মাজুলীৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতপ্রোতভাৱে জড়িত বিপুল চুতীয়াই গেজেৰা আঞ্চলিক ছাত্র সন্থাৰ সাধাৰণ সম্পাদক, মাজুলী জিলা চুতীয়া ছাত্র সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক, উজনি মাজুলী মিলন সংঘৰ ৰাস পৰিচালনা সমিতিৰ সম্পাদক, নতুন বজাৰ সন্মিলিত সাংস্কৃতিক মঞ্চৰ সম্পাদক হিচাপে দায়িত্ব পালন কৰাৰ উপৰি সদৌ অসম চুতীয়া ছাত্র সন্থাৰ সাধাৰণ সম্পাদক, উপদেষ্টা, সদৌ চুতীয়া জাতি সন্মিলন, অসমৰ উপ-সভাপতি আৰু শেহতীয়াকৈ চুতীয়া জাতি উন্নয়ন পৰিষদৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।

আজি পুৱা ছাত্ৰ নেতাজনৰ নশ্বৰ দেহ নিজা বাসগৃহত আহি পোৱাৰ লগে লগে এক শোকাকুল পৰিৱেশ বিৰাজ কৰে। তেখেতৰ বাসগৃহত অসংখ্য গুণমুগ্ধ আৰু বিভিন্ন সংগঠনৰ নেতৃত্বই নেতাগৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। তেখেতৰ মৃত্যুত সদৌ তিনিচুকীয়া জিলা চুতীয়া ছাত্র সন্থাৰ মুখ্য উপদেষ্টা ৰতন বড়া, সভাপতি ৰহিম শইকীয়া লগতে বিষয়ববীয়াই মৃতকৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে তিনিচুকীয়া জিলাত চুতীয়া ছাত্ৰ সন্থাৰ তিনিদিনীয়াকৈ পতাকা অৰ্ধনমিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

চুবুৰীয়া ৰাজ্য মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত শিপিনীয়ে তাতশালত বইছে গামোচা, মেখেলা – চাদৰ…

চুবুৰীয়া ৰাজ্য মেঘালযৰ ৰি – ভয় জিলাৰ সদৰ নংপো চহৰৰ পৰা মাত্ৰ ছয় কিলোমিটাৰ নিলগত প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ মনোমোহা স্থানত আছে দহখনকৈ অসমীয়াভাষী গাঁও। প্ৰচাৰকে ধৰি ৰাজনৈতিক – অৰাজনৈতিক আদি দিশৰ বাবে উপেক্ষিত হৈ থকা গাঁও কেইখনৰ বাসিন্দা সকল মূলতঃ কাৰ্বি আৰু তিৱা সম্প্ৰদায়ৰ যদিও তাত তেওঁলোক জাতিগত পৰিচয় মৰঙালী হিচাপে পৰিচিত হৈ আহিছে। বৃহত্তৰ মাৰঙা অঞ্চলৰ দহখনকৈ গাঁও হল ক্ৰমে – বৰগাং, নালাপাৰা , নঙা গাঁও, পুৰাণ গাঁও, লালুমপাম, জয় গাঁও, বৰকুছি, বৰখাত চাই, চাৰিকুছি আৰু আঠগাঁও ।

এই সন্দৰ্ভত অঞ্চলটোৰ বাসিন্দা সকলৰ উন্নয়নৰ হকে কাম কৰি অহা মাৰঙাৰ বাসিন্দা, অৱসৰপ্ৰাপ্ত অভিযন্তা মনীন ৰাজাই জানিবলৈ দিয়া মতে বৃহত্তৰ মাৰঙা অঞ্চলৰ দহখন গাঁওৰ মহিলা – যুৱতী সকল স্বভাৱগত ভাবে একো একোজন নিপুণ শিপিনী। তেওঁলোকে নিজৰ লগতে পৰিয়ালৰ প্ৰয়োজনীয় বা লাগতিয়াল কাপোৰ আদি ঘৰত তাতশাল বোৱে। কিছসংখ্যকে সেই কাপোৰ বজাৰত বিক্ৰী কৰি আৰ্থিক ভাবে কিছু সকাহ লাভ কৰিও আহিছে। কিন্তু তেওঁলোকৰ দক্ষতাৰ সদ্বব্যৱহাৰ কৰি অঞ্চলটোৰ মহিলা শিপিনী সকলক তাতশালত নতুন প্ৰযুক্তিৰ উপযুক্ত প্ৰয়োগৰে কিদৰে আৰ্থিক ভাবে স্বাবলম্বি কৰিব পাৰি সেই বিষয়ে বহুদিনৰ পৰা চিন্তা – চৰ্চা কৰি অহা হৈছিল। অবশেষত গুৱাহাটীৰ জালুকবাৰীস্থিত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা ১৯৮৮ বৰ্ষত উৰ্ত্তীণ হোৱা শিক্ষাৰ্থী সকলে সমাজৰ উপেক্ষিত লোকসকলৰ আৰ্থিক আৰু সামাজিক সুৰক্ষা , উন্নয়নৰ হকে ২০১৩ – ১৪ চনত গঠন কৰা “এ ই চি ক্লাছ ১৯৮৮ ফাউণ্ডেশ্যন” নামৰ ন্যাসটো আগবাঢ়ি আহিছে মাৰঙা অঞ্চলটোৰ শিপিনী মহিলা – যুৱতী সকলৰ উন্নয়নৰ বাবে ।

ন্যাসৰ পৰিচালন ন্যাসৰক্ষী গৌতম পাটোৱালি , ন্যাসৰক্ষীত্ৰয় দীপক কুমাৰ শৰ্মা , কুল কমল ৰয় আৰু নৱ বৰদলৈৰ সৈতে তেওঁৰ পূৰ্বৰ বন্ধুত্বৰ বাবে অঞ্চলটোৰ মহিলা – যুৱতী সকলৰ তাতশালৰ জৰিয়তে উন্নয়নৰ বাবে আঁচনি গ্ৰহণ কৰা হয়। সেই অনুসৰি জুলাই মাহত উদ্যোমী মহিলা এলিছ মাজঙৰ। এটা মুকলি ঘৰত স্থাপন কৰা হয় সকলো ধৰণৰ ফুল তোলাৰ সুবিধা থকা চাৰিখনকৈ জেকাৰ মেচিনযুক্ত আধুনিক উন্নতমানৰ তাতশাল। তাত ৩১ জুলাইৰ পৰা ৩১ আগষ্টলৈকে প্ৰথম পৰ্যায়ত ১২ জনী মহিলা – যুৱতীক ন্যাসৰ ফালৰ পৰা এমাহৰ বিশেষ প্ৰশিক্ষণ দিয়া হয় ।

ন্যাসৰ উদ্যোগত অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচীত প্ৰশিক্ষণ প্ৰদান কৰে কামৰূপ জিলাৰ ছয়গাঁওৰ মনোজ ঠাকুৰীয়া নামৰ তাতশালৰ এজন দক্ষ প্ৰশিক্ষকে। ইতিমধ্যে এমাহৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰা ১২ জনী মহিলাক ন্যাসৰ ফালৰ পৰা অসমীয়া গামোচা, কাৰ্বি, তিৱাকে ধৰি অসমৰ বিভিন্ন জাতি- জনগোষ্ঠীৰ লোকসকলৰ পৰম্পৰাগত মেখেলা – চাদৰ তাতশালত ববৰ বাবে সুতা, ৰং, যতৰকে ধৰি প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰা হৈছে। সম্প্ৰতি বিগত প্ৰায় দুই সপ্তাহ ধৰি ১২ জনী নিৰ্বাচিত মহিলা – যুৱতী ক্ৰমে – ৰীতামণি চিয়েম, ৰূপালী চিয়েম , অনুৰূপা চিয়েম , হেলিচা চখোৱাই, চন্দনা বাৰ্কা, মণিকা চিয়েম, এলিছ মাজং, চাগী মাৰৱেট , জুপালি চিয়েম , নিভা চিয়েম , শালবি বিনং , কল্পনা মাজং আৰু বৰৈ চিয়েমে দিনে নিশাই তাতশালত ব্যস্ত হৈ আছে গামোচা আৰু অসমৰ বিভিন্ন জাতি – জনগোষ্ঠীৰ পৰম্পৰাগত মেখেলা – চাদৰ আদি বোৱা কাৰ্যত। কাপোৰ বোৱা কাৰ্য সম্পূৰ্ণ হোৱাৰ পাছত ফাউণ্ডেছনে উপযুক্ত মূল্য আদায় দি লৈ আহিব। পুনৰ নতুন কাপোৰ বোৱাৰ বাবে সুতাকে ধৰি আন যাবতীয় সা – সামগ্ৰী সমূহৰ যোগান ধৰিব। আনহাতে মহিলা শিপিনী সকলক এই কাৰ্যত অঞ্চলটোৰ সমাজকৰ্মী ইব্ৰাই ৰাজা, আনচিং চখোৱাই , ইবাচাইং চিয়েমকে ধৰি বিভিন্নজনে উৎসাহিত কৰি আহিছে। ইফালে গুৱাহাটীৰ পৰা প্ৰায় ৫৫ কিলোমিটাৰ নিলগত থকা মেঘালয়ৰ ভিতৰুৱা অঞ্চলত তাতশালত মাকোৰ খট খট শব্দৰ মাজত গামোচা, মেখেলা , চাদৰ বোৱা দৃশ্যই অসমক লৈ গৌৰৱ কৰি অহা অঞ্চলটোৰ লোক সকলক বাৰুকৈয়ে নষ্টালজিক কৰি তুলিছে।