Breaking

বস্ত্ৰনগৰী শুৱালকুছিত বন্ধন বেংকৰ শাখা মুকলি। দেশৰ অৰ্থনীতিত বন্ধন গুৰুত্ব অপৰিসীম অৰ্চনা দাস…

0 37

সম্প্ৰতি দেশৰ অৰ্থনীতিত বন্ধন বেংকে এক যোগাত্মক অৰিহণা যোগাই আহিছে ৷ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ লগতে অসমৰো শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে মুখে মুখে আজি বন্ধন বেংকৰ কথা ৷ বন্ধন বেংকৰ এই জয়যাত্ৰা অব্যাহত থাকি দেশৰ অৰ্থনৈতিক ব্যৱস্থাটোক আৰু অধিক টনকিয়াল কৰক ৷ শুৱালকুছি খন্ড উন্নয়ন বিষয়া অৰ্চনা দাসে আজি বন্ধন বেংকৰ অসমৰ ১০৫ নং শুৱালকুছি শাখাটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰি এই বুলি কয় ৷তেওঁ এই বুলিও কয় যে এই শাখাটোৰ দ্বাৰা শুৱালকুছি অঞ্চলৰ মানুহবোৰ বিশেষভাৱে উপকৃত হ’ব ৷ লগতে তেখেতে সকলো সময়তে সহযোগিতাৰ হাত আগবঢ়াব বুলি কয় ৷ অনুষ্ঠানটোৰ বন্তি প্ৰজ্বলন কৰে শুৱালকুছি বালিকা মজলীয়া বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক কৃষ্ণকান্ত শৰ্মাই ৷ অনুষ্ঠানত উপস্থিত থাকি বন্ধন বেংকৰ ৰঙিয়া ক্লাষ্টাৰ হেড ৰাজিব বৰদলৈয়ে বন্ধন বেংকৰ সফলতাৰ খতিয়ান দাঙি ধৰি ২০০১ চনত চন্দ্ৰশেখৰ ঘোষৰ নেতৃত্বত এন জি অ হিচাপে প্ৰতিষ্ঠা লাভ কৰা বন্ধনে ২০১৫ চনত ৰিজাৰ্ভ বেংকৰ অনুমোদন পোৱাৰ পিছত এতিয়া দেশৰ আগশাৰীৰ বেংকৰূপে প্ৰতিষ্ঠা লাভ কৰাৰ কথা সদৰি কৰে ৷

উদ্বোধনী অনুষ্ঠানটোত শুৱালকুছি বুধৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ নিহাৰঞ্জন কলিতা, অসমীয়া বিভাগৰ প্ৰৱক্তা ঋতুপৰ্ণ দাস , বিশিষ্ট কবি, সমাজসেৱিকা উৰ্মিমালা দেৱী , বিশিষ্ট জনপ্ৰিয় অভিনেতা বিমল শৰ্মা ,বন্ধন বেংকৰ শুৱালকুছি শাখাৰ শাখা পৰিচালক গোবিন্দ পাঠক ,সহকাৰী পৰিচালক দিপু কলিতা , গ্ৰাহক সম্পৰ্কৰক্ষী বিষয়া ধীৰকজ্যোতি কলিতা ,কনকলতা বৰ্মনৰ লগতে বন্ধন বেংকৰ মাৰ্কেটিং বিভাগৰ এচিটেন্ট ভাইচ প্ৰেচিডেন্ট অজয় কুমাৰ শীলো উপস্থিত থাকে ৷

Leave A Reply