খানাপাৰা–যোৰাবাটত প্ৰতিবাদ। মেঘালয়ৰ বাহন অসমত প্ৰৱেশত বাধা। শ্বিলঙত অসমৰ বাহনত আক্ৰমণৰ অভিযোগৰ পিছতে খানাপাৰা–যোৰাবাটত উত্তেজনা।
যোৱা কালি শ্বিলঙত প্ৰতিবাদৰ নামত খাছী ছাত্ৰ সন্থাৰ সদস্যই অসমৰ বাহনত আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে আজি খানাপাৰা–যোৰাবাটত প্ৰতিবাদ সাব্যস্ত কৰে একাংশ প্ৰতিবাদী চালকে।
প্ৰতিবাদৰ অংশ হিচাপে মেঘালয়ৰ পৰা অসমলৈ অহা বাহনসমূহক অসমত প্ৰৱেশত বাধা প্ৰদান কৰা হয়। বাণিজ্যিক বাহনৰ লগতে ব্যক্তিগত বাহনো ঘূৰাই মেঘালয়লৈ পঠিওৱা হৈছে।
প্ৰতিবাদী চালকসকলে অসমৰ বাহন আৰু চালকৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবী উত্থাপন কৰাৰ লগতে মেঘালয়ত অসমৰ বাহনৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে।
ঘটনাক কেন্দ্ৰ কৰি খানাপাৰা–যোৰাবাট সীমান্ত অঞ্চলত পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ পৰিছে।

