যুৱ অলিম্পিকত ব্ৰঞ্জজয়ী তীৰ্থাংক পেগুক বৰঝাৰ বিমানবন্দৰত উষ্ম আদৰণি
যুৱ অলিম্পিকৰ সাঁতোৰত ব্ৰঞ্জৰ পদক অৰ্জন কৰি ভাৰতৰ প্ৰথমগৰাকী পুৰুষ সাঁতোৰবিদ হিচাপে ইতিহাস ৰচনা কৰা অসমৰ গৌৰৱ তীৰ্থাংক পেগুক আজি বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উষ্ম আদৰণি জনোৱা হয়।
আজি বিয়লি ৬ বাজি ১৫ মিনিটত বিমানবন্দৰত উপস্থিত হোৱা তীৰ্থাংকক আদৰণি জনাবলৈ অসম সাঁতোৰ সন্থাৰ সাধাৰণ সম্পাদক ভাস্কৰ ৰঞ্জন দাসৰ নেতৃত্বত এটা বৃহৎ সজাতি দল উপস্থিত থাকে।

উল্লেখ্য যে ছেনেগালৰ ডাকাৰত অনুষ্ঠিত যুৱ অলিম্পিকৰ পুৰুষৰ ২০০ মিটাৰ বাটাৰফ্লাই (Butterfly) শাখাৰ ফাইনেলত তীৰ্থাংক পেগুৱে ২ মিনিট ১.২৫ ছেকেণ্ড সময় লৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰে। এই প্ৰতিযোগিতাত ইজিপ্তৰ আলী জেইনে ১ মিনিট ৫৭.৮৮ ছেকেণ্ডেৰে সোণৰ পদক আৰু ভিয়েটনামৰ ডুয়ং ভান হোৱাং কুৱে ২ মিনিট ০.৩২ ছেকেণ্ডেৰে ৰূপৰ পদক লাভ কৰে। তীৰ্থাংকৰ ৫০, ১০০ আৰু ১৫০ মিটাৰৰ সময় আছিল ক্ৰমে ২৬.৫০, ৫৬.৮৪ আৰু ১ মিনিট ২৭.৭৫ ছেকেণ্ড।
আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া মঞ্চত এই ঐতিহাসিক সাফল্যৰে তীৰ্থাংকে অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁৰ এই কৃতিত্বক লৈ ৰাজ্যৰ ক্ৰীড়া মহলত আনন্দ আৰু উৎসাহৰ পৰিৱেশ সৃষ্টি হৈছে।
এই আদৰণি অনুষ্ঠানত সদৌ কামৰূপ জিলা সাঁতোৰ সন্থাৰ সম্পাদক নৱজ্যোতি গগৈ, কামৰূপ জিলা সাঁতোৰ সন্থাৰ সম্পাদক তথা অসম সাঁতোৰ সন্থাৰ প্ৰচাৰ সচিব মুকুটেশ্বৰ গোস্বামী,প্ৰশিক্ষক বাবুল গুৰুঙ,সাগৰ কুমাৰ ,মমী বৰ্মন আৰু উদীয়মান সাঁতোৰ খেলুৱৈ কমল কৃষ্ণ দাস, মনিকা চৌধুৰী ,ধনঞ্জয় দাসকে ধৰি ক্ৰীড়াপ্ৰেমীসকলে উপস্থিত থাকি তীৰ্থাংকক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।

