ঢকুৱাখনা গ্ৰন্থমেলাত পুৰুলীল প্ৰকাশনৰ ‘হাবুঙৰ ইতিহাস’কে ধৰি চাৰিখন গ্ৰন্থ উন্মোচনকুইজ, কিতাপ পঢ়ি অনুভৱ লেখা প্ৰতিযোগিতাৰে মুখৰ গ্ৰন্থমেলা

ঢকুৱাখনা গ্ৰন্থমেলাত পুৰুলীল প্ৰকাশনৰ ‘হাবুঙৰ ইতিহাস’কে ধৰি চাৰিখন গ্ৰন্থ উন্মোচন
কুইজ, কিতাপ পঢ়ি অনুভৱ লেখা প্ৰতিযোগিতাৰে মুখৰ গ্ৰন্থমেলা


‘হাবুং বুলি ক’লে আমাৰ মনলৈ সততে যি ধাৰনা আহে;সেই ধাৰনা ৰাজীৱ বৰুৱাৰ ‘হাবুঙৰ ইতিহাস’ গ্ৰন্থখনৰ তথ্যই অনেক প্ৰসাৰিত কৰিলে। এই গ্ৰন্থখনে প্ৰচলিত পদ্ধতিৰ সৈতে এটা নতুন অধ্যয়ন পদ্ধতিৰ সংযোজন ঘটাইছে। —এই মন্তব্য অসমীয়া লিপিৰ গৱেষক প্ৰত্নদ্ৰষ্টা ভাস্কৰ বৰদলৈৰ।১০ নৱেম্বৰৰ পৰা ঢকুৱাখনাৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হোৱা সপ্তম ঢকুৱাখনা গ্ৰন্থমেলাৰ আজি দ্বিতীয় দিনাৰ বিয়লি গ্ৰন্থ উন্মোচনী অনুষ্ঠানত গুৱাহাটীৰ পুৰুলীল প্ৰিণ্ট এণ্ড পাব্লিকেশ্বনে প্ৰকাশ কৰা জ্যেষ্ঠ সাংবাদিক, লেখক ৰাজীৱ বৰুৱাৰ গ্ৰন্থ ‘হাবুঙৰ ইতিহাস’ উন্মোচন কৰি উল্লিখিত মন্তব্য আগবঢ়াই বিশিষ্ট লেখক বৰদলৈয়ে। আজি গ্ৰন্থমেলাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি পুৱা ১১ বজাৰ পৰা আৰম্ভ হ’য় প্ৰয়াত কৃতী শিক্ষয়িত্ৰী,লেখিকা মিনতি বৰুৱাৰ সোঁৱৰণীত কুইজ প্ৰতিযোগিতা। ইয়াৰ পিছতেই কিতাপ পঢ়ি অনুভৱ লেখা প্ৰতিযোগিতা আয়োজন কৰা হয় ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ইফালে বিয়লি ৩ বজাৰ পৰা গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়।

বিশিষ্ট লেখক নন্দ চুতীয়াই উদ্ধোধন কৰা এই গ্ৰন্থ উন্মোচনী সভাৰ সঞ্চালনা কৰে ঢকুৱাখনা কলেজৰ অৱসৰী অধ্যাপক পূৰ্ণানন্দ গগৈয়ে। এই গ্ৰন্থ উন্মোচনী সভাতে ক্ৰমে লেখিকা সৰ্বেশ্বৰী পেগুৰ ‘কুম্ভমেলা’ উন্মোচন কৰে বিশিষ্ট লেখিকা পুষ্পা গগৈয়ে, মামনি গগৈ বৰগোঁহাইৰ ‘হাবুং, লোহিত, দিহিং ইত্যাদি’ উন্মোচন কৰে বিশিষ্ট লেখক সাহিত্যিক ডিম্বেশ্বৰ গগৈয়ে আৰু মিনাক্ষী বৰুৱা সূতৰ-গ্ৰন্থ ‘অৰ্কিড’ উন্মোচন কৰে বিশিষ্ট লেখিকা ইন্দিৰা গগৈয়ে। অন্যহাতে সাৱিত্ৰী দলেৰ সোঁৱৰণীত ‘সাংস্কৃতিক অনুষ্ঠান’ কৰা আয়োজন কৰা হয়। এই অনুষ্ঠানত ক্ৰমে-কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়, জে.কে. একাডেমী, ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়, ঢকুৱাখনা বালিকা মজলীয়া অভ্যসন বিদ্যালয়, আমগুৰি প্ৰাথমিক বিদ্যালয়, চেন্ট্‌ৰল স্কুল, ঢকুৱাখনা আৰু ঘিলামৰা নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন

Related Articles