কলকাতাত অৱস্থিত ভাৰতবৰ্ষৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ে তেওঁলোকৰ বিভিন্ন বিষয়ত নামভৰ্তিৰ বাবে অনুষ্ঠিত কৰা সৰ্বভাৰতীয় পৰীক্ষা সমূহৰ ভিতৰত শাস্ত্ৰীয় সংগীতত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে আমিনগাঁৱৰ প্ৰতিশ্ৰুতি সম্পন্ন শিল্পী সাগৰিকা গাৰ্গীয়ে। এইবেলি ৰবীন্দ্ৰ ভাৰতীৰ শাস্ত্ৰীয় সংগীতত নামভৰ্তিৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাত ভাৰতবৰ্ষৰ লগতে নেপাল, বাংলাদেশ, আফগানিস্তানকে ধৰি বিদেশী ৰাষ্ট্ৰৰ মুঠ সাত হেজাৰ ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল। উক্ত ছাত্ৰ ছাত্ৰী সমূহৰ ভিতৰত আমিনগাঁৱৰ সাগৰিকা গাৰ্গীয়ে প্ৰথম স্থান লাভ কৰে । নিশ্চিত ভাৱে এয়া অসমৰ বাবে গৌৰৱৰ কথা। উল্লেখ্য, সাগৰিকা গাৰ্গী আমিনগাঁও নিবাসী পল্লৱ কুমাৰ ডেকা আৰু নিপা ডেকাৰ কন্যা।
উল্লেখ্য, সাগৰিকা গাৰ্গী আকাশ বাণী আৰু গুৱাহাটী দুৰদৰ্শনৰ যুববাণীৰ স্বীকৃতিপ্ৰাপ্ত শিল্পী হোৱাৰ লগতে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনত বৃত্তি লাভ কৰা শিল্পী। কেন্দ্ৰীয় বিদ্যালয় মালিগাঁৱৰ পৰা এইবাৰ কৃতিত্বৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা সাগৰিকাই ইতিমধ্যে বিভিন্ন প্ৰতিযোগিতা বঁটা আৰু সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ।

