Home Blog Page 138

Zubeen Garg Death Case: জুবিন গাৰ্গৰ ন্যায় বিচাৰি সামাজিক মাধ্যমত আৱেগিক পোষ্ট দিপলীনা ডেকাৰ

জুবিন গাৰ্গৰ ন্যায় বিচাৰি সামাজিক মাধ্যমত আৱেগিক পোষ্ট দিপলীনা ডেকাৰ
জুবিন গাৰ্গৰ ন্যায় বিচাৰি সামাজিক মাধ্যমত আৱেগিক পোষ্ট দিপলীনা ডেকাৰ

জুবিন গাৰ্গৰ ন্যায় বিচাৰি পুনৰ (Zubeen Garg Death Case) সামাজিক মাধ্যমত আৱেগিক পোষ্ট কণ্ঠশিল্পী দিপলীনা ডেকাৰ। কণ্ঠশিল্পী দিপলীনা ডেকাই সামাজিক মাধ্যমত লিখিছে-

‘২৯ দিন জুবিন গাৰ্গ বিহীন…

এফালে চলিছে ন্যায় বিচাৰৰ সংগ্ৰাম,

আনফালে ৰাজনৈতিক মেৰপাক।

আমি একো নুবুজো, সত্যটো এটায়ে —প্ৰাণৰ শিল্পীজন যে আৰু কেতিয়াও ঘূৰি নাহে,

কেতিয়াও নেদেখিম তেওক বহাগৰ মঞ্চত, ৰসাল কথাৰে, অন্যতম চুপতিৰে।

জুবিন দা,

প্ৰতিটো দিন পাৰ কৰিবলৈ যেন বহুত কষ্ট হৈছে।

সকলো চলি থাকে, কিন্তু ভিতৰত এটা শূন্যতা, কিবা এটা খালী খালী অনূভৱ !

সৃষ্টি-শীল মনটোত যোৱা এমাহ ধৰি নিস্তব্ধতা ।

জীৱিত জুবিনতকৈ মৃত জুবিন হেনো অধিক শক্তিশালী। ইতিমধ্যে আমি প্ৰভাৱ দেখিছোঁ।

তোমাৰ এই energy, শক্তি আমাক সঠিক আৰু সচা পথ দেখুৱাব বুলিয়ে আমি এতিয়া বাট চাই ৰলোঁ।

জনসাধাৰণ, ডেকা, বৃদ্ধ, আৰক্ষী, আমি সকলো জুবিন অনুৰাগী, সকলোৱে যেন কিছু সংবেদনশীল হয় তাকেই প্ৰাৰ্থনা। কোনো কাৰণত আৰু কাকো হেৰুৱাব নোখোজোঁ, আচলতে নোৱাৰো। অসমীয়া জাতি বোলে আৱেগিক। হয়, আমি আৱেগিক, তাতে আমাৰ জীৱন স্বৰূপ জুবিন গাৰ্গৰ বিষয় যেতিয়া, আমি পাগল, বলিয়া!!

তোমাৰ ন্যায়ৰ বাবে সকলো ত্যাগ কৰি যুজি যোৱাৰ প্ৰতিশ্ৰুতিৰে’

Baksa News: বাক্সাৰ হিংসাত্মক ঘটনাৰে জড়িত ১৯ জনক চিনাক্ত

বাক্সাৰ হিংসাত্মক ঘটনাৰে জড়িত ১৯ জনক চিনাক্ত
বাক্সাৰ হিংসাত্মক ঘটনাৰে জড়িত ১৯ জনক চিনাক্ত

বাক্সাৰ হিংসাত্মক ঘটনা সন্দর্ভত ৪জনক গ্ৰেপ্তাৰ।(Baksa News)

ৰমিজ আলী, আহেলা মিঞা, চুলেমন আলী আৰু কাদেৰ আলীক গ্ৰেপ্তাৰ।

হিংসাৰ লগত জড়িত ১৫ জনক চিনাক্ত। সেই কেইজন হৈছে-

নুৰুল আলম (মাদুলীবাৰীৰ), ৰূপম আলী (আহোপা), মহিদুল ইছলাম (ABMSU), হৰেকৃষ্ণ পাঠক (গৰমদেউ), মোস্তাফা আহমেদ (ABMSU), চম্পক নাথ (পশ্চিম চুপা), ছিবজন আলীৰ পুত্ৰ (দীঘলডোঙা), কুলেন ডেকা (কুৱেৰী চ’ক), ছহিদুল (দীঘলডোঙা), বিকী দাস (কুৱেৰী চ’ক), আছিক (মাদুলিবাৰী), বিকাশ ৰয়, হামিদ আলী (ডাঙৰচুবা), বিদু ছেত্রী, আব্দুল আলী (দীঘলডোঙা)।

sekhar jyoti-amritprava: জে’ললৈ প্ৰেৰণ শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক

sekhar jyoti-amritprava: জে’ললৈ প্ৰেৰণ শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক
sekhar jyoti-amritprava: জে’ললৈ প্ৰেৰণ শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক

জে’ললৈ প্ৰেৰণ শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক।(sekhar jyoti-amritprava)

দুয়োকে কাৰাগাৰলৈ প্ৰেৰণ CJM আদালতৰ।

CJM আদালতৰ পৰা উলিয়াই নিয়া হ’ল দুয়োকে।

এই দুই অভিযুক্ত কোন কাৰাগাৰলৈ নিয়া হ’ব তাক লৈ চলিছে চৰ্চা।

বাক্সা কাৰাগাৰৰ সন্মুখত দেখিবলৈ পোৱা গৈছে কটকটীয়া নিৰাপত্তা।

আনহাতে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ সন্মুখতো বৃহৎ সংখ্যক আৰক্ষীক মোতায়েন।

হাফলং কাৰাগাৰলৈ দুই অভিযুক্ত নিয়াৰ সম্ভাৱনা।

Rahul Gandhi: আজি অসমলৈ আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী

আজি অসমলৈ আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী
আজি অসমলৈ আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী

আজি অসমলৈ আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী।(Rahul Gandhi)

দুপৰীয়া ভাগত গুৱাহাটীত উপস্থিত হ’ব নেতাগৰাকী।

কংগ্ৰেছ নেতাগৰাকী বিমান বন্দৰৰ পৰা ৰাহুল গান্ধী যাব জুবিনক্ষেত্রলৈ।

সোণাপুৰৰ জুবিন সমাধিক্ষেত্ৰত ৰাহুল গান্ধীয়ে শ্রদ্ধাঞ্জলি জনাব জুবিন গাৰ্গক।

কাহিলীপাৰাৰ জুবিন গাৰ্গৰ বাসগৃহলৈও যাব ৰাহুল গান্ধী।

আনহাতে আজিয়েই কংগ্ৰেছ নেতাগৰাকী উভতি যাব দিল্লীলৈ।

Kakopathar army camp attack: তিনিচুকীয়াৰ কাকপথাৰস্থিত ভাৰতীয় সেনাবাহিনীৰ শিবিৰত আলফাৰ আক্ৰমণ!

তিনিচুকীয়াৰ কাকপথাৰস্থিত ভাৰতীয় সেনাবাহিনীৰ শিবিৰত আলফাৰ আক্ৰমণ!
তিনিচুকীয়াৰ কাকপথাৰস্থিত ভাৰতীয় সেনাবাহিনীৰ শিবিৰত আলফাৰ আক্ৰমণ!

তিনিচুকীয়াৰ কাকপথাৰস্থিত ভাৰতীয় সেনা চাউনীত ভয়ংকৰ আক্ৰমণৰ ঘটনা।(Kakopathar army camp attack)

সেনা শিবিৰলৈ লক্ষ্য কৰি তিনিটা UBGL নিক্ষেপ।

লগতে প্ৰায় আধা ঘণ্টা ধৰি গুলীচালনা।

এখন ট্ৰাকত আহিছিল আক্ৰমণকাৰী দলটো।

ডুমডুমা দিশৰ পৰা আহিছিল আক্ৰমণকাৰী দলটো।

আক্ৰমণ কৰি অৰুণাচল দিশে ৰাউনা হয় আক্ৰমণকাৰী দলটো।

ঘটনাত ভাৰতীয় সেনাৰ তিনিগৰাকী জোৱান আহত হয়।

আলফা স্বাধীনৰ দ্বাৰা এই আক্ৰমণ সংঘটিত কৰাৰ সন্দেহ।

ভাৰতীয় সেনাবাহিনীৰ শিবিৰত আক্ৰমণৰ পিছতে চলিছে ব্যাপক অভিযান।

আলফাৰ দলটোক বিচাৰি অসম-অৰুণাচল সীমান্তত অভিযান।

ইতিমধ্যে উদ্ধাৰ হৈছে আলফা স্বাধীনে ব্যৱহাৰ কৰা ট্ৰাকখন।

অসম-অৰুণাচলৰ সীমান্তৰ থাপাবাৰী-টেঙাপানী ঘাটত উদ্ধাৰ কৰা হৈছে বাহনখন।

কাকপথাৰ সেনা চাউনীৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ নিলগত আলফা স্বাধীনৰ দলটোৱে এৰি থৈ যায় AS25EC2359 নম্বৰৰ বাহনখন।

উত্তৰ-পূবৰ শীৰ্ষ পৰ্যটন স্থলী হিচাপে মিজোৰামৰ উত্থান, পৰ্যটকৰ সংখ্যা ১৩৯.৫%লৈ বৃদ্ধি । Mizoram

উত্তৰ-পূবৰ শীৰ্ষ পৰ্যটন স্থলী হিচাপে মিজোৰামৰ উত্থান, পৰ্যটকৰ সংখ্যা ১৩৯.৫%লৈ বৃদ্ধি । Mizoram
উত্তৰ-পূবৰ শীৰ্ষ পৰ্যটন স্থলী হিচাপে মিজোৰামৰ উত্থান, পৰ্যটকৰ সংখ্যা ১৩৯.৫%লৈ বৃদ্ধি । Mizoram

Mizoram । উত্তৰ-পূবৰ শীৰ্ষ পৰ্যটন স্থলী হিচাপে মিজোৰামে স্থান লাভ কৰিছে।মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমাই কয় যে ৰাজ্যখন উত্তৰ-পূবৰ অন্যতম শীৰ্ষ পৰ্যটনস্থলী হিচাপে আত্মপ্ৰকাশ কৰিছে, যোৱা বছৰ দৰ্শনাৰ্থীৰ সংখ্যা তীব্ৰভাৱে বৃদ্ধি পাইছে।


চৰকাৰী তথ্য অনুসৰি ২০২৪ চনত ৫.২ লাখৰো অধিক পৰ্যটকে মিজোৰাম ভ্ৰমণ কৰিছিল, যিটো পূৰ্বৰ বছৰৰ তুলনাত ১৩৯.৫ শতাংশ বৃদ্ধি পাইছে। ৰাজ্যখনক প্ৰথমবাৰৰ বাবে ভাৰতৰ ৰে’ল মানচিত্ৰত স্থান দিয়া বৈৰাবি–ছৈৰাং ৰে’লপথ উদ্বোধনৰ পিছতো এই উত্থান অব্যাহত থকাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্ৰীয়ে কয়।

১৩ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা ৫১ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰেলপথটোৱে অসমৰ শিলচৰ চহৰৰ মাজেৰে মিজোৰামৰ ৰাজধানী আইজলক দেশৰ বাকী অংশৰ সৈতে সংযোগ কৰে। ভাৰতীয় ৰে’লৱেৰ ইতিহাসৰ অন্যতম প্ৰত্যাহ্বানমূলক প্ৰকল্প বুলি গণ্য কৰা এই প্ৰকল্পটোৱে পৰ্যটন আৰু বাণিজ্যৰ যথেষ্ট উন্নতি সাধন কৰিব বুলি আশা কৰা হৈছে।চাম্পাই জিলাত অনুষ্ঠিত হ্নাহচিন (কচমছ ফুল) উৎসৱত ভাষণ দি লালডুহোমাই কয় যে মিজোৰামৰ পৰ্যটনৰ সম্ভাৱনা কেৱল ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য্যতেই নহয়, ইয়াৰ সাংস্কৃতিক সমৃদ্ধিৰ ওপৰতো নিহিত হৈ আছে।

‘পৰ্যটকক আমাৰ ৰাজ্যলৈ আহিলে নিস্বাৰ্থ সেৱা, সততা, বয়োজ্যেষ্ঠৰ প্ৰতি সন্মান আৰু অচিনাকি লোকক আতিথ্যৰ মিজো নৈতিকতা দেখুৱাব লাগে।’পৰ্যটনক অৰ্থনৈতিক বিকাশৰ মূল চালক হিচাপে আকোৱালি লোৱাৰ সমান্তৰালকৈ বাসিন্দাসকলক নিজৰ মাটি আৰু পৰম্পৰা ৰক্ষা কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে। তেওঁ লগতে কয় যে ৰাজ্যৰ বাহিৰত দীৰ্ঘদিন ধৰি নিষ্কাশন হৈ থকা ধন-সম্পত্তি পুনৰ উদ্ধাৰ কৰাত পৰ্যটনে সহায় কৰিব পাৰে।

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্ত ফাষ্ট ট্ৰেক আদালতত কৰাৰ সিদ্ধান্ত অসম চৰকাৰৰ,নিযুক্তি দিব বিশেষ চৰকাৰী অধিবক্তাক

অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটোৰ ক্ষিপ্ৰ বিচাৰব্যৱস্থা নিশ্চিত কৰিবলৈ অসম চৰকাৰে ফাষ্ট ট্ৰেক আদালতলৈ লৈ যোৱাৰ সিদ্ধান্ত লৈছে। এই গোচৰটো একচেটিয়াভাৱে চম্ভালিবলৈ বিশেষ চৰকাৰী অধিবক্তা নিযুক্তি দিয়া হ’ব।সূত্ৰসমূহে জনোৱা মতে, গোচৰটোৰ তদন্ত কৰা বিশেষ তদন্তকাৰী দলটোৱে তদন্তৰ অন্তিম পৰ্যায়ত উপনীত হৈছে আৰু নৱেম্বৰৰ পিছত যিকোনো সময়তে অভিযোগনামা দাখিল কৰাৰ সম্ভাৱনা আছে।
প্ৰিয় শিল্পীগৰাকীৰ অকাল মৃত্যুক কেন্দ্ৰ কৰি চৰকাৰৰ এই সিদ্ধান্তই ক্ষিপ্ৰতাৰে ন্যায় প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰিছে।ইয়াৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুক ৰাজনৈতিক লাভালাভৰ বাবে বহুতে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে।
‘জুবিন জীয়াই থকাৰ সময়ত বহুতে তেওঁক বদনাম কৰিছিল।আজি তেওঁৰ মৃত্যুৰ পিছত একেখিনি মানুহেই তেওঁক দেৱতা হিচাপে পূজা কৰিছে।’-এক্সত মুখ্যমন্ত্ৰী শৰ্মাই লিখিছে।

তেওঁ লগতে কয়, ‘এইসকল প্ৰকৃত প্ৰশংসক নহয় – ভুৱা অনুৰাগী যাৰ একমাত্ৰ উদ্দেশ্য হৈছে তেওঁৰ নাম ব্যৱহাৰ কৰি বিজেপিক আক্ৰমণ আৰু বিৰোধিতা কৰা।প্ৰকৃত মৰম আৰু সন্মান প্ৰদৰ্শন কৰা হয় যেতিয়া এজন ব্যক্তি জীয়াই থাকে, মৃত্যুৰ পিছত সুবিধাজনক হৈ পৰে তেতিয়া নহয়।”১৯ ছেপ্টেম্বৰত ছিংগাপুৰত গাৰ্গৰ মৃত্যুৰ সৈতে অভিযুক্ত পাঁচজন লোকক কঢ়িয়াই অনা কনভয়ত আক্ৰমণ চলোৱা জনসমাগমক আৰক্ষীয়ে কন্দুৱা গেছ আৰু লাঠিচালনা কৰি ছত্ৰভংগ দিয়াবলগীয়া হৈছিল

গুজৰাটৰ সকলো মন্ত্ৰীয়ে কৰিলে পদত্যাগ, মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটাব মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে

Gujrat CM Bhupendra Patel

গুজৰাটৰ সকলো মন্ত্ৰীয়ে কৰিলে পদত্যাগ।মন্ত্ৰীসভাৰ সালসলনিৰ পূৰ্বে মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ বাহিৰে গুজৰাট চৰকাৰৰ সকলো মন্ত্ৰীয়ে পদত্যাগ কৰিছে। মুখ্যমন্ত্রীয়ে তেওঁলোকৰ পদত্যাগ স্বীকাৰ কৰি আজিৰ শেষৰ ফালে ৰাজ্যপাল আচাৰ্য দেৱভ্রতক সাক্ষাৎ কৰি দাবী উত্থাপন কৰি নতুন মন্ত্রীসভা গঠন কৰাৰ সম্ভাৱনা আছে৷ৰাজ্যৰ মূল ৰাজনৈতিক পৰিঘটনাৰ পূর্বে এই পদক্ষেপক প্রশাসনিক অভাৰহ’লৰ অংশ হিচাপে দেখা গৈছে৷ সূত্ৰ অনুসৰি বৰ্তমানৰ মন্ত্ৰীসকলৰ ভিতৰত নতুন মন্ত্ৰীসভাত কেৱল হৰ্ষ সংঘৱী আৰু ৰুশিকেশ পেটেলকহে ৰখাৰ সম্ভাৱনা আছে।কাইলৈ ​​মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ নেতৃত্বত গুজৰাটৰ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ কথা। বিজেপিৰ এজন জ্যেষ্ঠ নেতাৰ মতে, প্ৰায় ১০ জন নতুন মন্ত্ৰীক নিযুক্তি দিয়াৰ সম্ভাৱনা আছে, আনহাতে বৰ্তমানৰ প্ৰায় আধা মন্ত্ৰীক সলনি কৰা হ’ব পাৰে এই সালসলনিৰ অংশ হিচাপে।শুকুৰবাৰে পুৱা ১১:৩০ বজাত গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰা হ’ব
বৰ্তমানৰ গুজৰাটৰ মন্ত্ৰীসভাত মুখ্যমন্ত্ৰীকে ধৰি ১৭ জন মন্ত্ৰী, আঠজন মন্ত্ৰীসভাৰ পদবী আৰু সমান সংখ্যকে ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।ৰাজ্য বিধানসভাৰ বিধান অনুসৰি, যাৰ মুঠ শক্তি ১৮২ জন, গুজৰাটত ২৭ জনলৈকে মন্ত্ৰী থাকিব পাৰে, বা সদনৰ মুঠ শক্তিৰ ১৫ শতাংশ। চলিত মাহৰ আৰম্ভণিতে কেন্দ্ৰীয় মন্ত্ৰী চি.আৰ.পাটিলৰ পিছত ভাৰতীয় জনতা পাৰ্টিৰ গুজৰাট গোটৰ নতুন সভাপতি হিচাপে নিযুক্তি দিয়া হৈছিল ৰাজ্যিক মন্ত্ৰী জগদীশ বিশ্বকৰ্মাক। ২০২১ চনত প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী হোৱা ভূপেন্দ্ৰ পেটেলে ২০২২ চনৰ ১২ ডিচেম্বৰত দ্বিতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰে।

বাক্সাৰ পৰিস্থিতিৰ বুজ ললে আই জি পি অখিলেশ কুমাৰ সিঙে

চেঁপা উত্তেজনা অব্যাহত, তাৰ মাজতে অশান্ত বাক্সালৈ উভতি আহিছে শান্তি। কালি বাক্সাৰ নিকাছিস্থিত নৱনিৰ্মিত জিলা কাৰাগাৰৰ সন্মুখত আৰক্ষীৰ সৈতে জুবিন অনুৰাগী আৰু প্ৰতিবাদকাৰীৰ হৈছিল সংঘৰ্ষ ৷ ফলত আৰক্ষীয়ে লাঠীচালনাকে ধৰি শূন্যলৈ গুলী ফুটাবলগীয়া হৈছিল। ফলত আৰক্ষীৰ গুলীত আহত হৈছিল ছাত্ৰ। জুবিন গাৰ্গৰ মৃত্যুৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাকে ধৰি পাঁচ অভিযুক্তক ৰখা হৈছে বাক্সাৰ কাৰাগাৰত ৷অভিযুক্ত কেইজনক কাৰাগাৰলৈ অনাৰ পিছতে পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ পৰে। ৷ উত্তেজিত জনতাই আৰক্ষীলৈ শিলাবৰ্ষণৰ কৰে, ৰক্ষা পোৱা নাছিল সাংবাদিকো ৷ বহুকেইটা সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিক গুৰুতৰভাৱে আহত হৈছিল ৷ আৰক্ষীয়ে উত্তেজিত জনতাক নিয়ন্ত্ৰণলৈ আনিবলৈ লাঠিচালনা কৰাৰ লগতে কন্দুৱা গেছ প্ৰয়োগ কৰিছিল ৷পৰৱৰ্তী সময়ত জিলা প্ৰশাসনে কাৰাগাৰৰ পৰা পাঁচশ মিটাৰ দূৰত্বলৈকে‌ বি এন এছৰ ১৬৩ ধাৰাৰ অধীনত সান্ধ্য আইন জাৰি কৰাৰ লগতে কৰ্তন কৰে ইণ্টাৰনেট সেৱা ৷ প্ৰশাসনে পৰৱৰ্তী নিৰ্দেশ জাৰি নকৰা পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা ৷ সম্প্ৰতি এই পৰিস্থিতি শাম কাটিলেও অঞ্চলজুৰি চেপা উত্তেজনাই বিৰাজ কৰিছে ৷ এই ঘটনাত আৰক্ষী, সাংবাদিক আৰু সাধাৰণ লোককে ধৰি ২৫ জনৰো অধিক লোক আহত হৈছিল ৷এই ঘটনাক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে স্বতঃস্ফুৰ্তভাৱে বন্ধ হৈ পৰে নিকাছিৰ লগতে মুছলপুৰ, অদালবাৰী, বৰমা আদি অঞ্চলৰ অধিকাংশ ব্যৱসায়িক প্ৰতিষ্ঠান, দোকান-পোহাৰ ৷ বৰমা আৰু মুছলপুৰৰ সাপ্তাহিক বজাৰো প্ৰায় বন্ধ হৈ পৰে বৃহস্পতিবাৰৰ দিনটোত ৷ৰাজ্যৰ আইন-শৃংখলা নিয়ন্ত্ৰণ বিভাগৰ আই জি পি অখিলেশ কুমাৰ সিঙে আজি ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় । আৰক্ষী বিষয়াগৰাকীয়ে ঘটনা সংক্ৰান্তত সাংবাদিকক কয়, ‘‘কালি সংঘটিত ঘটনাটো অতি দুৰ্ভাগ্যজনক । কোনো লোকে আইন হাতত তুলি লোৱাটো উচিত নহয় । যিসকল লোকে আইন হাতত তুলি গাড়ী-মটৰকে ধৰি ৰাজহুৱা সম্পত্তি ধ্বংস কৰিছে, তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।’’আনহাতে সমগ্ৰ ঘটনা সংঘটিত হোৱাৰ বাবে দায়ী বুলি ৰাইজে দাবী কৰা অসম আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰণ বিভাগৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱশৰ্মাৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰা হ’ব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে কয় যে আগতে আইন-শৃংখলা নিয়ন্ত্ৰণ কৰাৰ পিছতহে এই বিষয়ে অনুসন্ধান কৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

২১ অক্টোবৰত ছিংগাপুৰ আৰক্ষীৰে বৈঠকত মিলিত হ’ব অসম আৰক্ষীৰ দল

অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিনৰ মৃত্যু ৰহস্যৰ তদন্তই নতুন গতি লাভ কৰিছে। অৱশেষত ছিংগাপুৰলৈ যোৱাৰ দিন ঠিক কৰিলে অসম আৰক্ষীয়ে । সেইমৰ্মে ২০ অক্টোবৰত অসম আৰক্ষীৰ দল ছিংগাপুৰলৈ যাব আৰু ২১ অক্টোবৰত ছিংগাপুৰ আৰক্ষীৰে বৈঠকত মিলিত হব । বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা ৰাজহুৱা কৰে ৷মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰা অনুসৰি, জুবিন মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ এছআইটিৰ দল ৷ ২০ অক্টোবৰত তদন্তকাৰী দলটো যাব ছিংগাপুৰলৈ বুলি অসমৰ পৰা ৰাওনা হ’ব ৷ এছআইটিৰ মুৰব্বী এডিজিপি মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত যাব আৰক্ষীৰ দলটো । এই প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুকত কয় -“আমাৰ প্ৰিয় জুবিন গাৰ্গৰ ন্যায়ৰ দিশে আৰু এখোজ আগুৱাই যাবলৈ সক্ষম হৈছো ৷ অহা ২১ অক্টোবৰত ছিংগাপুৰ আৰক্ষী কৰ্তৃপক্ষই অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান আৰু বিশেষ তদন্তকাৰী গোটৰ মুৰব্বী বিষয়া শ্ৰীমুন্না গুপ্তাৰ নেতৃত্বত অসমৰ আৰক্ষী দলৰ সৈতে সাক্ষাতত মিলিত হ’ব । সেই উদ্দেশ্যে ২০ অক্টোবৰৰ দিনা দলটো ছিংগাপুৰলৈ ৰাওনা হ’ব ৷আমাৰ ঐক্যবদ্ধ সংকল্প — জুবিনৰ ন্যায়ে নিশ্চয়েই মৰ্যাদা পাব ।” জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাস্থলী, ছিংগাপুৰলৈ নোযোৱাকৈ অসম আৰক্ষীয়ে কিদৰে ন্যায় দিব বুলি জুবিন অনুৰাগী আৰু বিৰোধীয়ে ৰাজ্যজুৰি কঠোৰ সমালোচনা কৰি আহিছিল অসম আৰক্ষী আৰু অসম চৰকাৰক । লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো সমালোচনা কৰা দেখা গৈছিল ।ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে বাক্সাত আৰক্ষীৰ লাঠীচালনা আৰু জুবিন গাৰ্গৰ হিংসাত্মককাণ্ড ঘটাৰ সময়তে নতুন দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু নতুন দিল্লীস্থিত ছিংগাপুৰৰ ভাৰপ্ৰাপ্ত উচ্চায়ুক্তক সাক্ষাৎ কৰি বৈঠকত মিলিত আছিল । তাৰ পিছতেই আজি (বৃহস্পতিবাৰ) অসমৰ গৃহ দপ্তৰৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীৰ এছআইটিৰ দল ছিংগাপুৰত গৈ ২১ অক্টোবৰত ছিংগাপুৰ আৰক্ষীৰে বৈঠকত মিলিত হ’ব৷

জুবিন গাৰ্গৰ মৃত্যুৰ সম্পূৰ্ণ এমাহ দুদিনৰ পিছতে আন্তঃৰাষ্ট্ৰীয় নীতি-নিয়মৰ বাধ্যবাধকতাৰ পিছত ছিংগাপুৰত অসম আৰক্ষীৰ তদন্তকাৰী দল উপস্থিত হ’ব ৷ ছিংগাপুৰলৈ গৈ অসম আৰক্ষীয়ে ছিংগাপুৰ আৰক্ষীৰ পৰা কি তথ্য লাভ কৰে , অসম আৰক্ষীৰ দলটোৱে ছিংগাপুৰলৈ যোৱাৰ পিছত ঘটনাস্থলীলৈ যাব পাৰিবনে নোৱাৰে সেয়া জানিবলৈ এতিয়া সকলোৱে অপেক্ষা কৰি আছে।