Home Blog Page 139

নতুন দিল্লীত চিবিআইৰ উদ্যোগত “পলাতকসকলৰ প্ৰত্যাৰ্পণ: প্ৰত্যাহ্বান আৰু কৌশল” বিষয়ক সন্মিলনত অমিত শ্বাহ

Amit Shah

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো (চিবিআই)ৰ উদ্যোগত আয়োজিত ‘পলাতক প্ৰত্যাৰ্পণ: প্ৰত্যাহ্বান আৰু কৌশল’ শীৰ্ষক সন্মিলনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ দিয়ে। অনুষ্ঠানত কেন্দ্ৰীয় গৃহ সচিব, বৈদেশিক সচিব, চোৰাংচোৱা ব্যুৰোৰ সঞ্চালক, কেন্দ্ৰীয় তদন্ত ব্যুৰো (চিবিআই)ৰ সঞ্চালককে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
ভাষণত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমাৰ দেশ বিশ্ব মঞ্চত আত্মবিশ্বাসেৰে আগবাঢ়িছে। তেওঁ গুৰুত্ব আৰোপ কৰে যে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সকলো মাত্ৰা নিশ্চিত কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিছে। তেওঁ কয় যে দেশৰ ভিতৰতে দুৰ্নীতি, অপৰাধ, আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি বজাই ৰাখি ভাৰতৰ সীমাৰ বাহিৰৰ পৰা এনে কাৰ্যকলাপ চলোৱাসকলৰ প্ৰতিও আমি শূন্য সহনশীলতাৰ পন্থা গ্ৰহণ কৰিব লাগিব। এনে সকলো অপৰাধীক ভাৰতীয় আইনৰ আওতালৈ অনা আৰু ইয়াৰ বাবে এক শক্তিশালী ব্যৱস্থা গঢ়ি তোলাটো আমাৰ দায়িত্ব। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ইণ্টাৰপ’লৰ অধীনত উপলব্ধ বিধান আৰু তিনিখন নতুন অপৰাধ আইনৰ সৈতে এই সন্মিলনখন ভাৰতীয় আদালতৰ সন্মুখত এজন পলাতক অপৰাধীৰ উপস্থিতি সম্ভৱ কৰি তোলাৰ এক ঐক্যবদ্ধ প্ৰচেষ্টা আৰু ইয়াৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰাৰ প্ৰয়োজন । কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰায় ডেৰ বছৰ পূৰ্বে তেওঁ দিয়া পৰামৰ্শৰ ভিত্তিত চিবিআইয়ে পলাতক লোকৰ প্ৰত্যাৰ্পণৰ ধাৰণাটো কাৰ্যকৰী কৰিছে, আৰু ইয়াৰ বাবে সংগঠনটো প্ৰশংসাৰ পাত্ৰ।
অমিত শ্বাহে কয় যে আমাৰ সামূহিক সংকল্প হ’ব লাগে যে অপৰাধী যিমানেই ধূৰ্ত নহওক কিয় ন্যায়ৰ প্ৰসাৰ আৰু ক্ষীপ্ৰ হ’ব লাগিব। তেওঁ কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেৱল সীমান্ত সুৰক্ষাই নহয়, আইনৰ শাসন ব্যৱস্থাও সুদৃঢ় কৰাৰ বাবে এক শক্তিশালী ভাৰত আগবাঢ়িছে। গৃহমন্ত্ৰীয়ে জোৰ দি কয় যে দুদিনীয়া এই সন্মিলনে গ্ল’বেল অপাৰেচন, ষ্ট্ৰং ক’অৰ্ডিনেচন, আৰু স্মাৰ্ট ডিপ্লমেচিৰ মাজত সমন্বয় নিশ্চিত কৰিব। তেওঁ লগতে কয় যে সন্মিলনৰ বিষয়বস্তু অত্যন্ত গুৰুত্বপূৰ্ণ আৰু প্ৰাসংগিক। এই সন্মিলনত পৰামৰ্শ দিয়া আলোচনা আৰু ব্যৱস্থাসমূহে ৰাষ্ট্ৰীয় নিৰাপত্তা, দেশৰ অৰ্থনৈতিক সমৃদ্ধি, আৰু নীতিগত জটিলতাসমূহ অতিক্ৰম কৰাৰ বাবে অতি উপযোগী বুলি প্ৰমাণিত হ’ব। শ্ৰী শ্বাহে আলোকপাত কৰে যে এই সন্মিলনত চাইবাৰ প্ৰযুক্তি, বিত্তীয় অপৰাধ, ধনৰ উৎস আৰু প্ৰবাহৰ সন্ধান, জটিল প্ৰত্যাৰ্পণ প্ৰক্ৰিয়া সৰল কৰা, পলায়ন কৰা লোকসকলক ঘূৰাই অনা, তেওঁলোকৰ ভৌগোলিক অৱস্থানৰ তথ্য আদি সংগ্ৰহ কৰা আৰু আন্তঃৰাষ্ট্ৰীয় আৰক্ষীৰ সহযোগত এই ব্যৱস্থাৰ ব্যৱহাৰকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত সাতটা অধিৱেশনত অৰ্থপূৰ্ণ আলোচনা অনুষ্ঠিত হ’ব।
কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে পলাতক অপৰাধীৰ বিষয়টো দেশৰ সাৰ্বভৌমত্ব, অৰ্থনৈতিক স্থিতিশীলতা, আইন-শৃংখলা, আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে জড়িত। বহুদিনৰ মূৰত এই বিষয়ত এক গাঁথনিগত পন্থা গঢ়ি তোলা হৈছে। তেওঁ কয় যে কঠোৰ পন্থা গ্ৰহণ কৰা আৰু প্ৰতিজন পলাতকক সময়সীমাবদ্ধভাৱে ভাৰতীয় ন্যায় ব্যৱস্থাৰ সন্মুখত অনা ব্যৱস্থা নিশ্চিত কৰাৰ সময় আহি পৰিছে। শ্ৰী শ্বাহে জোৰ দি কয় যে যিকোনো পলাতকক গ্ৰেপ্তাৰ কৰিবলৈ দুটা উপাদান—আশ্বাস আৰু পৰিৱেশ তন্ত্ৰ—প্ৰয়োজনীয়। পলাতক অপৰাধীৰ মনত থকা বিশ্বাস যে আইনে তেওঁলোকৰ ওচৰলৈ যাব নোৱাৰে সেই কথা নাইকিয়া কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। তদুপৰি আইনী, আৰ্থিক, ৰাজনৈতিক সমৰ্থনৰ পৰিৱেশ তন্ত্ৰকো ভাঙি পেলাব লাগিব। বহিঃ দেশত পলাতকসকলে সৃষ্টি কৰা প্ৰতিষ্ঠানিক সংযোগো নিৰ্মূল কৰিব লাগিব।
অমিত শ্বাহে কয় যে ভাৰতীয় প্ৰত্যাৰ্পণ ব্যৱস্থাৰ বাবে দুটা মূল উপাদানৰ প্ৰয়োজন— উদ্দেশ্য আৰু প্ৰক্ৰিয়া। গৃহমন্ত্ৰীয়ে এই প্ৰসংগত এনেদৰে ৰূপৰেখা দাঙি ধৰে যে আমাৰ প্ৰত্যাৰ্পণ ব্যৱস্থাৰ পাঁচটা লক্ষ্য থাকিব লাগে: সীমাৰ বাহিৰত ন্যায়ৰ প্ৰসাৰ নিশ্চিত কৰা, চিনাক্তকৰণ ব্যৱস্থাক অত্যাধুনিক আৰু নিখুঁত কৰি ৰাষ্ট্ৰীয় নিৰাপত্তা শক্তিশালী কৰা, আইন আৰু ন্যায়িক ব্যৱস্থাৰ সন্দৰ্ভত আমাৰ আন্তঃৰাষ্ট্ৰীয় বিশ্বাসযোগ্যতা বৃদ্ধি কৰা আমাৰ উদ্বেগত আন দেশক জড়িত কৰাৰ লগতে অৰ্থনৈতিক ব্যৱস্থাক সুৰক্ষিত কৰা,আইনৰ শাসনৰ বাবে বিশ্বব্যাপী গ্ৰহণযোগ্যতা লাভ কৰা। শ্ৰী শ্বাহে জোৰ দি কয় যে নিৰৱচ্ছিন্ন যোগাযোগ, কৌশলগত পদ্ধতি আৰু সংগঠিত নিষ্পাদনৰ জৰিয়তে প্ৰক্ৰিয়াটো উন্নত কৰি আমি এই লক্ষ্যত উপনীত হ’ব পাৰো।
কেন্দ্ৰীয় গৃহমন্ত্ৰী মন্ত্ৰীয়ে কয় যে চিবিআইৰ সহযোগত প্ৰতিখন ৰাজ্যই অপৰাধ সংঘটিত কৰি ৰাজ্যৰ পৰা পলায়ন কৰা পলাতকক ঘূৰাই অনাৰ ব্যৱস্থা গঢ়ি তোলাৰ বাবে নিয়োজিত এক ইউনিট স্থাপন কৰিব লাগিব। তেওঁ কয় যে এই প্ৰচেষ্টাক হোল অব গভৰ্ণমেণ্ট পদ্ধতিৰে ত্বৰান্বিত কৰিব লাগিব। তেওঁ লগতে কয় যে শ্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত বহু ধৰণৰ সংস্কাৰৰ পদক্ষেপ ৰূপায়ণ কৰা হৈছে। ২০১৮ চনত আমি পলাতক অৰ্থনৈতিক অপৰাধী আইন প্ৰৱৰ্তন কৰিছিলো, য’ত ভাৰতত অৱস্থিত অৰ্থনৈতিক পলাতকসকলৰ সম্পত্তি জব্দ কৰাৰ ক্ষমতা চৰকাৰক দিয়া হৈছিল। বিগত চাৰি বছৰত এই আইনৰ অধীনত চৰকাৰে প্ৰায় ২ বিলিয়ন ডলাৰ আদায় কৰিছে। তেওঁ কয় যে ধন সৰবৰাহৰ আইনখনক অধিক কঠোৰ আৰু শক্তিশালী কৰা হৈছে, আৰু ২০১৪ চনৰ পৰা ২০২৩ চনৰ ভিতৰত প্ৰায় ১২ বিলিয়ন ডলাৰৰ সম্পত্তি সংলগ্ন কৰা হৈছে। চিবিআইয়ে বিশ্বজুৰি পলাতকক ধৰিবলৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এটা বিশেষ গ্ল’বেল অপাৰেচন চেণ্টাৰ স্থাপন কৰিছে, যিয়ে সমগ্ৰ বিশ্বৰ আৰক্ষী সংস্থাসমূহৰ সৈতে বাস্তৱ সময়ত সমন্বয় সাধন কৰি আছে। শ্ৰী শ্বাহে কয় যে চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা ছেপ্টেম্বৰ মাহলৈকে ১৯০ তকৈ অধিক ৰেড কৰ্ণাৰ জাননী জাৰি কৰা হৈছে, যিটো চি বি আইৰ ইতিহাসত সৰ্বাধিক। ‘অপাৰেচন ত্ৰিশুল’ৰ অধীনত উল্লেখযোগ্য ব্যৱস্থা গ্ৰহণ কৰা হৈছে, যাৰ ফলত ফলপ্ৰসূ ফলাফল পোৱা গৈছে। একেদৰে ২০২৫ চনৰ জানুৱাৰী মাহত ভাৰতপোল প্ৰতিষ্ঠা হোৱাৰ পিছৰে পৰা উৎসাহজনক
অমিত শ্বাহে কয় যে মোদী চৰকাৰে ১৬০ বছৰীয়া ঔপনিৱেশিক যুগৰ আইনসমূহৰ ঠাইত তিনিখন নতুন অপৰাধমূলক আইন প্ৰণয়ন কৰিছে, যিবোৰে একবিংশ শতিকাৰ আটাইতকৈ ডাঙৰ সংস্কাৰ গঠন কৰিছে। তেওঁ কয় যে ২০২৭ চনৰ পিছত তিনি বছৰৰ ভিতৰত উচ্চতম ন্যায়ালয়ৰ পৰ্যায়লৈকে যিকোনো ক্ষেত্ৰতে ন্যায় প্ৰদান কৰা হ’ব। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় নাগ্ৰিক সুৰক্ষা সংহিতাৰ ৩৫৫ আৰু ৩৫৬ নং ধাৰাত অনুপস্থিতিত বিচাৰৰ ব্যৱস্থা আছে। তেওঁ কয় যে ভাৰতৰ স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে এই ব্যৱস্থা আইনত অন্তৰ্ভুক্ত কৰা হৈছে। শ্ৰী শ্বাহে বুজাই দিলে যে যদি কোনো ব্যক্তিক পলাতক ঘোষণা কৰা হয়, তেন্তে তেওঁলোকৰ অনুপস্থিতিতো আদালতে বিচাৰ চলাব পাৰে, তেওঁলোকক প্ৰতিনিধিত্ব কৰিবলৈ এজন অধিবক্তা নিযুক্তি দি। গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে এবাৰ পলাতকক অনুপস্থিতিত দোষী সাব্যস্ত হ’লে আন্তঃৰাষ্ট্ৰীয় আইনৰ অধীনত সেই ব্যক্তিজনৰ মৰ্যাদাত এক উল্লেখযোগ্য পৰিৱৰ্তন আনে। তেওঁ জোৰ দি কয় যে বিএনএছএছৰ অধীনত উপলব্ধ ট্ৰাইল ইন এবচেন্সিয়াৰ ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰা উচিত, আৰু পলায়ন কৰা লোকসকলৰ অনুপস্থিতিতো বিচাৰ চলিব লাগে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে এই সন্মিলনৰ পৰা উত্থাপিত কাৰ্য্যকৰী বিন্দুসমূহৰ লগতে ভাৰতপোল আৰু অনুপস্থিতিত বিচাৰৰ বিধানসমূহ একত্ৰিত কৰি ৰাজ্যৰ আৰক্ষী বাহিনী আৰু সকলো কেন্দ্ৰীয় সংস্থা উভয়ৰে ভিতৰতে সঠিক ব্যৱস্থা সৃষ্টি কৰিব লাগে, য’ত চিবিআইয়ে আনুষ্ঠানিকভাৱে তদাৰক কৰিব। তেওঁ সমগ্ৰ দেশৰ আৰক্ষী বাহিনীৰ সৈতে পলাতকসকলৰ তথ্য আদি ভাগ-বতৰা কৰাৰ বাবে এক শক্তিশালী ব্যৱস্থা স্থাপনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰী শ্বাহে আৰু কয় যে প্ৰতিটো ৰাজ্যিক আৰক্ষী বাহিনীৰ ভিতৰত নিচাযুক্ত দ্ৰব্য, সন্ত্ৰাসবাদ, গেংষ্টাৰ আৰু আৰ্থিক তথা চাইবাৰ অপৰাধৰ সৈতে মোকাবিলা কৰিবলৈ এটা কেন্দ্ৰীভূত সমন্বয় গোট গঠন কৰিব লাগে। শ্ৰী শ্বাহে কয় যে প্ৰতিখন ৰাজ্যৰ আৰক্ষী বাহিনীৰ ভিতৰত এটা ফোকাচ গ্ৰুপ গঠন কৰি নিচাযুক্ত দ্ৰব্য, সন্ত্ৰাসবাদ, গেংষ্টাৰ, আৰু আৰ্থিক আৰু চাইবাৰ অপৰাধৰ ক্ষেত্ৰত সমন্বয় স্থাপন কৰিব লাগে। তেওঁ লগতে কয় যে চোৰাংচোৱা ব্যুৰো (আই বি) আৰু চি বি আইয়ে মাল্টি এজেন্সী চেণ্টাৰ (এম এ চি)ৰ জৰিয়তে এই ফ’কাচ গ্ৰুপটোক শক্তিশালী আৰু ত্বৰান্বিত কৰাৰ বাবে কাম কৰিব লাগে। শ্ৰী শ্বাহে আৰু কয় যে প্ৰত্যাৰ্পণৰ গোচৰৰ ফলপ্ৰসূ প্ৰস্তুতি নিশ্চিত কৰিবলৈ প্ৰতিটো ৰাজ্যিক আৰক্ষী বাহিনীয়ে ক্ষিপ্ৰতাৰে এটা বিশেষজ্ঞ বিশেষ কোষ গঠন কৰিব লাগে। এই বিশেষ কোষসমূহক পথ প্ৰদৰ্শন কৰিবলৈ চিবিআইৰ ভিতৰত প্ৰত্যাৰ্পণৰ অনুৰোধ পৰ্যালোচনাৰ বাবে এটা নিবেদিত বিভাগো স্থাপন কৰিব লাগে।
শ্ৰী অমিত শ্বাহে কয় যে পলাতক লোকৰ অনুপস্থিতিত বিচাৰৰ ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিব লাগে আৰু প্ৰতিখন ৰাজ্যই আন্তঃৰাষ্ট্ৰীয় মান অনুসৰি পলাতকসকলৰ বাবে বিশেষ কাৰাগাৰ স্থাপন কৰিব লাগে। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে পাছপ’ৰ্ট প্ৰদান প্ৰক্ৰিয়া আৰু আইন প্ৰয়োগকাৰী সংস্থাসমূহৰ মাজত সমন্বয়ৰ ব্যৱস্থা আৰু প্ৰট’কল গঢ়ি তোলাৰ প্ৰয়োজন আছে, যাতে যিকোনো পাছপ’ৰ্টধাৰীৰ বিৰুদ্ধে ৰেড কৰ্ণাৰ জাননী জাৰি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ’লে তেওঁলোকৰ পাছপ’ৰ্টত ৰঙা পতাকা লগোৱা হ’ব পাৰে। শ্ৰী শ্বাহে আৰু কয় যে বৰ্তমানৰ ব্লু কৰ্ণাৰ জাননীসমূহক ৰেড কৰ্ণাৰ জাননীলৈ ৰূপান্তৰিত কৰাৰ বাবে এক বিশেষ অভিযান আৰম্ভ কৰা উচিত, আৰু ইয়াৰ বাবে প্ৰতিখন ৰাজ্যতে এটা নিৰ্দিষ্ট কোষ গঠন কৰা উচিত। তেওঁ লগতে কয় যে মাল্টি এজেন্সী চেণ্টাৰ (এম এ চি)ৰ অধীনত চি বি আই আৰু আই বিয়ে যৌথভাৱে এটা বিশেষ টাস্ক ফ’ৰ্চ গঠন কৰি এই সমগ্ৰ প্ৰক্ৰিয়াটো সুচাৰুৰূপে ৰূপায়ণ কৰাটো নিশ্চিত কৰিব লাগে। দেশৰ অৰ্থনীতি, সাৰ্বভৌমত্ব আৰু নিৰাপত্তাৰ ক্ষতি কৰি বিদেশত বাস কৰাসকলে ভাৰতীয় ন্যায় ব্যৱস্থাক ভয় কৰিবলৈ আৰম্ভ নকৰালৈকে ভাৰত প্ৰকৃততে সুৰক্ষিত হ’ব নোৱাৰে বুলি গৃহমন্ত্ৰীয়ে মন্তব্য কৰে।

ছিংগাপুৰ ভ্ৰমণ আৰু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিষয়ক অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ চিঠিৰ উত্তৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ । Pijush Hazarika

ছিংগাপুৰ ভ্ৰমণ আৰু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিষয়ক অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ চিঠিৰ উত্তৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ । Pijush Hazarika
ছিংগাপুৰ ভ্ৰমণ আৰু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিষয়ক অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ চিঠিৰ উত্তৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ । Pijush Hazarika

Pijush Hazarika। জলসম্পদ বিভাগৰ কৰ্মচাৰী এগৰাকীৰ ছিংগাপুৰ ভ্ৰমণ আৰু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিষয়ক অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ চিঠিৰ উত্তৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ

প্ৰয়োজনীয় বিভাগীয় অনুমতি নোহোৱাকৈ বিদেশ ভ্ৰমণ কৰি ছিংগাপুৰত নৰ্থ-ইষ্ট ফেষ্টিভেলত অংশ লোৱা কৰ্মচাৰীগৰাকীক ইতিমধ্যেই নিলম্বন কৰা হৈছে আৰু এই ক্ষেত্ৰত বিভাগীয় তদন্ত চলি আছে: মন্ত্ৰী হাজৰীকা

“এজন কৰ্মচাৰীয়ে বিভাগীয় অনুমতি নথকাকৈ বিদেশ ভ্ৰমণ কৰা প্ৰসংগৰে গোটেই বিভাগটোৰ হাজাৰ হাজাৰ নিষ্ঠবান কৰ্মচাৰীৰ দায়িত্ববোধ আৰু আচৰণৰ মানদণ্ডৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰাটো জলসম্পদ বিভাগৰ কৰ্মচাৰীসকলৰ প্ৰতি থকা বিৰোধী দলপতি গৰাকীৰ নেতিবাচক মনোভাৱক সূচাইছে নেকি?”

দিশপুৰ, ১৬ অক্টোবৰ: অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়াই যোৱা ১৪ অক্টোবৰ তাৰিখে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকালৈ পত্ৰ লিখি বিভাগৰ এজন কৰ্মচাৰীয়ে ছিংগাপুৰ ভ্ৰমণ কৰা আৰু প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ প্ৰসংগত উত্থাপন কৰা কেতবোৰ প্ৰশ্নৰ উত্তৰত জলসম্পদ মন্ত্ৰীগৰাকীয়ে বিৰোধী দলপতিগৰাকীলৈ আজি এক পত্ৰ প্ৰদান কৰি বিৰোধী দলপতিগৰাকীক তীব্ৰ সমালোচনা কৰে |

মন্ত্ৰীগৰাকীয়ে পত্ৰখনত কয় যে অনিলেখ গগৈ নামৰ ব্যক্তিগৰাকী জলসম্পদ বিভাগৰ লখিমপুৰ জিলাৰ অন্তৰ্গত ঢকুৱাখনা সংমণ্ডলৰ জ্যেষ্ঠ সহায়ক হয় আৰু বিগত ১৫ ছেপ্টেম্বৰৰ পৰা ২৫ ছেপ্টেম্বৰলৈ তেওঁ নৰ্থ-ইষ্ট ফেষ্টিভেলত অংশ ল’বলৈ বিদেশ ভ্ৰমণ (ছিংগাপুৰ) কৰাৰ বাবে বিভাগীয় অনুমতি বিচাৰিছিল। কিন্তু মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁক বিদেশ ভ্ৰমণ কৰাৰ বাবে বিভাগীয় অনুমতি প্ৰদান কৰা হোৱা নাছিল | প্ৰয়োজনীয় বিভাগীয় অনুমতি নোহোৱাকৈয়ে কৰ্মচাৰীজনে এই সময়ছোৱাত বিদেশ ভ্ৰমণ কৰাৰ কথা বিভাগে জনা নাছিল | কিন্তু শেহতীয়াকৈ জলসম্পদ বিভাগে যেতিয়াই এই কথা জানিব পাৰে যে তেওঁ বিভাগীয় অনুমোদন নোহোৱাকৈয়ে নৰ্থ-ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ ছিংগাপুৰ ভ্ৰমণ কৰিলে, তেতিয়াই চৰকাৰী নীতি অনুসৰি যোৱা ১০ অক্টোবৰৰ এক নিৰ্দেশ মৰ্মে (No.CEWR(Con)10/2025/06 dated 10/10/2025) জলসম্পদ বিভাগৰ ঢকুৱাখনা সংমণ্ডলৰ জ্যেষ্ঠ সহায়ক শ্ৰী অনিলেখ গগৈক তৎকালীনভাৱে বলৱৎ হোৱাকৈ চাকৰিৰ পৰা নিলম্বন কৰা হয় (বিভাগীয় জাননীৰ প্ৰতিলিপি গাঁথি দিয়া হৈছে)। বিভাগে ইতিমধ্যে তেওঁৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ ব্যৱস্থা কৰিছে। কৰ্মচাৰীজনক যিহেতু বিদেশ ভ্ৰমণ কৰাৰ বাবে প্ৰয়োজনীয় বিভাগীয় অনুমতি প্ৰদান কৰা হোৱা নাছিল, তেনেক্ষেত্ৰত বিভাগীয় নীতি অনুসৰি তেওঁৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা ইতিমধ্যেই গ্ৰহণ কৰা হৈছে আৰু বিভাগীয় তদন্তও আৰম্ভ হৈছে।
বিৰোধী দলপতিগৰাকীয়ে জলসম্পদ বিভাগৰ কৰ্মচাৰী অনিলেখ গগৈৰ চৰকাৰী দায়িত্বৰ অপব্যৱহাৰ সন্দৰ্ভত বিভাগীয় অনুসন্ধান চলোৱাৰ কথা উল্লেখ কৰাৰ বিষয়ে মন্তব্য কৰি মন্ত্ৰী হাজৰীকাই কয় যে জলসম্পদ বিভাগে প্ৰচলিত চৰকাৰী নীতি অনুসৰি ইতিমধ্যেই চাকৰিৰ পৰা নিলম্বন কৰা কৰ্মচাৰীগৰাকীৰ বিৰুদ্ধে বিভাগীয় তদন্ত আৰম্ভ কৰিছে।

আনহাতে, মন্ত্ৰীগৰাকীয়ে দেবব্ৰত শইকীয়াৰ আন এক প্ৰশ্নৰ উত্তৰ দি কয় যে অসমৰ জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ তদন্ত সুচাৰুৰূপে চলি আছে আৰু তদন্তকাৰী সংস্থা তথা বিষয়াৰ প্ৰয়োজন বুলি ভবা প্ৰতিগৰাকী ব্যক্তিকে তদন্তৰ আওতালৈ আনিবলৈ সম্পূৰ্ণ কৰ্তৃত্ব আছে আৰু সেয়া তেওঁলোকে কৰি আছে। এই ক্ষেত্ৰত অনিলেখ গগৈক বিশেষভাৱে চি আই ডিক তদন্তত সহায় কৰিবলৈ বিৰোধী দলপতিগৰাকীয় কোৱাৰ দৰে মন্ত্ৰীগৰাকীৰ কোনো বিশেষ নিৰ্দেশৰ কথা আহি নপৰে।

বিৰোধী দলপতিগৰাকীয়ে অসম চৰকাৰৰ জলসম্পদ বিভাগৰ কৰ্মচাৰীৰ দায়িত্ব আৰু আচৰণৰ মানদণ্ড পুনঃনিৰ্ধাৰণৰ পদক্ষেপ গ্ৰহণৰ বিষয়ে মন্ত্ৰীগৰাকীক লিখা পত্ৰ সন্দৰ্ভত জলসম্পদ মন্ত্ৰীগৰাকীয়ে উত্তৰ দিয়ে যে বিভাগৰ অভিযন্তা-কৰ্মচাৰীসকলে বিগত সময়ছোৱাত ৰাজ্যখনক বানমুক্ত কৰাৰ বাবে অহৰ্নিশে সেৱা অব্যাহত ৰাখিছে। তেওঁলোকৰ আপ্ৰাণ প্ৰয়াস আৰু কৰ্তব্যনিষ্ঠাৰ বাবে বিগত চাৰে চাৰিটা বছৰত আমি ৰাজ্যখনৰ বান সমস্যা বহু পৰিমাণে হ্ৰাস কৰিবলৈ সক্ষম হৈছোঁ। কিন্তু বিৰোধী দলপতিগৰাকীয়ে পত্ৰত গোটেই জলসম্পদ বিভাগৰ কৰ্মচাৰীৰ দায়িত্ব আৰু আচৰণৰ মানদণ্ড পুনঃনিৰ্ধাৰণৰ পদক্ষেপ গ্ৰহণৰ কথা কৈ প্ৰকৃততে কি ক’ব বিচাৰিছে সেয়া মুকলিকৈ মন্ত্ৰীগৰাকীক জনাবলৈ তেওঁ আহ্বান জনায় । বিভাগৰ এটা সংমণ্ডলৰ এজন সহায়কৰ বিভাগীয় অনুমতি অবিহনে কৰা বিদেশ ভ্ৰমণৰ প্ৰসংগৰে বিৰোধী দলপতিগৰাকীয়ে বৃহৎ জলসম্পদ বিভাগৰ হাজাৰ হাজাৰ কৰ্মচাৰীৰ নৈতিক দায়িত্ববোধ আৰু আচৰণৰ মানদণ্ডৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰা কাৰ্যই কৰ্মচাৰীসকলৰ প্ৰতি তেখেতৰ নেতিবাচক মনোভাৱক প্ৰতিফলন ঘটাইছে নেকি বুলি মন্ত্ৰী হাজৰীকাই প্ৰশ্ন কৰে | তেওঁ কয় যে যদি এয়াই হয়, তেন্তে তেখেতৰ এই নেতিবাচক মনোভাৱে অসমৰ বান-খহনীয়া সমস্যা সমাধানৰ ক্ষেত্ৰত অহৰ্নিশে কাম কৰি থকা বিভাগীয় হাজাৰ হাজাৰ কৰ্মচাৰীৰ নৈতিক মনোবলক নিশ্চিতৰূপে নিৰুৎসাহিত কৰিব।
মন্ত্ৰী হাজৰীকাই পত্ৰখনত আৰু উল্লেখ কৰে যে সকলোৰে আদৰৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত সকলোৱেই মৰ্মাহত হৈছে আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ নেতৃত্বত ৰাজ্যৰ গৃহ বিভাগে প্ৰয়াত জুবিন গাৰ্গৰ অকাল মৃত্যুৰ বিষয়টো অতি আন্তৰিকতাৰে আৰু ক্ষিপ্ৰতাৰে তদন্ত চলাই আছে আৰু নিশ্চিতৰূপে আমি এই তদন্তৰ অন্তত ন্যায় লাভ কৰিবলৈ সক্ষম হ’ম।

২৫ বছৰৰ মূৰত তিনিচুকীয়াত ২৫ অক্টোবৰৰ পৰা ৰঞ্জী ট্ৰফীৰ খেল

সুদীৰ্ঘ ২৫ বছৰৰ মুৰত তিনিচুকীয়াত ৰঞ্জী ট্ৰফী খেল খেলিব পৰাকৈ সকলো দিশৰ পৰাই সজাই পৰাই তুলিছে চহৰৰ জিলা ক্ৰীড়া সন্থাৰ কছুজান খেলপথাৰ ৷ এখন ঐতিহাসিক খেলপথাৰ হিচাপে এসময়ত গৌৰৱ কৰিব পৰা কছুজান খেলপথাৰখনৰ উন্নয়ন হোৱাৰ বাবে ইতিমধ্যে ৰঞ্জী ট্ৰফীৰ খেল অনুষ্ঠিত কৰিবলৈ সাজু হৈ উঠিছে ৷ তিনিচুকীয়াৰ ক্ৰীড়া প্ৰেমী ৰাইজৰ বাবে সুখবৰ যে, অহা ২৫ অক্টোবৰৰ পৰা ২৮ অক্টোবৰলৈ অসম বনাম ছাৰ্ভিচেজৰ মাজত অনুষ্ঠিত হ’ব সুদীৰ্ঘ ২৫ বছৰ বিৰতিৰ পাছত ৰঞ্জী ট্ৰফীৰ ক্ৰিকেট খেল ৷

জিলা আয়ুক্ত স্বপ্নীল পালে আজি খেলপথাৰ পৰ্যবেক্ষণ কৰি খেলৰ উপযোগী কৰি তোলা তিনিচুকীয়া ক্ৰীড়া সন্থাৰ কছুজান খেলপথাৰৰ সকলো বিষয়ৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ খুটিনাটি নাথাকে সেইটো লক্ষ্য কৰে ৷ তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ ষ্টেডিয়ামৰ পুনঃউন্নয়ন আৰু ৰূপান্তৰণৰ কাম সম্পূৰ্ণ হোৱাৰ পাছত এই মাহৰ পৰাই দুখনকৈ ৰঞ্জী ট্ৰফী খেলৰ সময়সূচী নিৰ্ধাৰিত হৈছে বুলি জানিব পৰা গৈছে ৷ সেই অনুসৰি প্ৰথমখন খেল হ’ব অহা ২৫ অক্টোবৰৰ পৰা ২৮ অক্টোবৰলৈ অসম বনাম ছাৰ্ভিচেছৰ মাজত অনুষ্ঠিত হোৱাৰ পাছত দ্বিতীয়খন খেল অহা ১ নৱেম্বৰ পৰা ৪ নৱেম্বৰত অসম বনাম ৰেলৱেজৰ মাজত অনুষ্ঠিত হ’ব ৷ উল্লেখযোগ্য যে, তিনিচুকীয়াত শেষ ৰঞ্জী ট্ৰফী খেলখন ২০০২ চনৰ জানুৱাৰী মাহত অসম আৰু উৰিষ্যাৰ মাজত অনুষ্ঠিত হৈছিল ৷ পৰবৰ্তী সময়ত ষ্টেডিয়ামখন মেৰামতিৰ অভাৱত নষ্ট হ’বলৈ ধৰাত খেলৰ আয়োজন বন্ধ হৈ পৰিছিল ৷ এইবাৰ আৰম্ভ কৰিবলৈ লোৱা ৰঞ্জী ট্ৰফীৰ এই খেলত ভাগ লবলৈ অসম দলৰ নেতৃত্ব দি ৰিয়ান পৰাগ তিনিচুকীয়াত উপস্থিত হ’বহি ৷

উত্তৰ-পূর্বাঞ্চলত গৱেষণা আৰু ৰোগীৰ সুবিধাৰ্থে এইমছ, গুৱাহাটীত আৰম্ভ হ’ল ক্লিনিকেল ট্ৰায়েল ইউনিট

AIIMS Guwahati strengthens regional health research with new Clinical Trial Unit
AIIMS Guwahati strengthens regional health research with new Clinical Trial Unit

অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স (এইমছ) গুৱাহাটীয়ে ইয়াৰ ক্লিনিকেল ট্ৰায়েল ইউনিট (চিটিইউ) উদ্বোধন কৰে, যি ভাৰতৰ উত্তৰ-পূব অঞ্চলত উচ্চমানৰ, নীতিভিত্তিক আৰু ৰোগীকেন্দ্ৰিক ক্লিনিকেল গৱেষণাক আগুৱাই নিয়াৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে চিহ্নিত হৈছে।
উদ্বোধনী অনুষ্ঠানত ভাষণ দি এইমছ গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক অধ্যাপক ডাঃ অশোক পুৰাণিকে কয়, “এই ক্লিনিকেল ট্ৰায়েল ইউনিটে বিজ্ঞানক উন্নত স্বাস্থ্যৰ ফলাফললৈ ৰূপান্তৰিত কৰাৰ আমাৰ অভিযানক শক্তিশালী কৰিব।ইয়াৰ দ্বাৰা গৱেষকসকলে আঞ্চলিক আৰু ৰাষ্ট্ৰীয় স্বাস্থ্যৰ অগ্ৰাধিকাৰৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ অধ্যয়ন কৰিবলৈ সক্ষম হ’ব।”


তেওঁ লগতে কয় যে চিটিইউয়ে গৱেষকসকলৰ দ্বাৰা আৰম্ভ কৰা পৰীক্ষা আৰু পৃষ্ঠপোষকৰ নেতৃত্বত চলা অধ্যয়নৰ ক্ষেত্ৰত অনুঘটক হিচাপে কাম কৰিব, ৰোগীৰ বাবে অত্যাধুনিক চিকিৎসা পদ্ধতিৰ সুবিধা উন্নত কৰিব আৰু এটা বহনক্ষম গৱেষণা প্ৰতিভা বিকাশৰ মাধ্যম হিচাবে কাম কৰিব। ইয়াৰ উপৰি আঞ্চলিক তথা ৰাষ্ট্ৰীয়স্তৰত তাৎপৰ্য্যপূৰ্ণ ৰোগসমূহৰ সৈতে মোকাবিলা কৰিবলৈ ৰাষ্ট্ৰীয় নেটৱৰ্ক তথা বিশ্ব অংশীদাৰৰ সৈতে বহুকেন্দ্ৰীয় সহযোগিতাৰ বাট প্ৰশস্ত কৰিব।
এইমছ, গুৱাহাটীয়ে উত্তৰ-পূৰ্বাঞ্চলত স্বাস্থ্যসেৱা উদ্ভাৱনৰ কেন্দ্ৰ হিচাপে কাম কৰিছে। প্ৰতিষ্ঠানটোৱে গৱেষণাক উন্নত জনস্বাস্থ্য ফলাফললৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত সহযোগিতাৰ পোষকতা কৰি আহিছে।

Zubeen Garg Death Case: ছিংগাপুৰলৈ যাব SIT: ছিংগাপুৰত তদন্ত চলাব SIT-এ

Zubeen Garg Death Case: ছিংগাপুৰলৈ যাব SIT: ছিংগাপুৰত তদন্ত চলাব SIT-এ
Zubeen Garg Death Case: ছিংগাপুৰলৈ যাব SIT: ছিংগাপুৰত তদন্ত চলাব SIT-এ

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত আন এক বৃহৎ অগ্রগতি।(Zubeen Garg Death Case)

ছিংগাপুৰত তদন্তৰ বাবে যোৱাৰ অনুমতি SITক।

২০ অক্টোবৰত ছিংগাপুৰলৈ যাব SIT।

দুজনীয়া দলটোৰ নেতৃত্বত থাকিব মুন্না প্রসাদ গুপ্তা ।

২১ অক্টোবৰত ছিংগাপুৰ আৰক্ষীৰ সৈতে তদন্তত নামিব মুন্না প্রসাদ গুপ্তা।

সামাজিক মাধ্যমত সদৰী মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘আমাৰ প্ৰিয় জুবিন গাৰ্গৰ ন্যায়ৰ দিশে আৰু এখোজ আগুৱাই যাবলৈ সক্ষম হৈছোঁ৷ অহা ২১ অক্টোবৰত ছিংগাপুৰ আৰক্ষী কৰ্তৃপক্ষই অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান আৰু বিশেষ তদন্তকাৰী গোটৰ (SIT) মুৰব্বী বিষয়া শ্ৰীমুন্না গুপ্তাৰ নেতৃত্বত অসমৰ আৰক্ষী দলৰ সৈতে সাক্ষাতত মিলিত হ’ব।

আমাৰ ঐক্যবদ্ধ সংকল্প — জুবিনৰ ন্যায়ে নিশ্চয়েই মৰ্যাদা পাব।’

Tezpur University: তেজপুৰ বিশ্ববিদ্যালয়ৰ ২ জনৰ পদত্যাগঃ পদত্যাগৰ পিছতে উপাচাৰ্যৰ বিৰুদ্ধে সৰৱ

তেজপুৰ বিশ্ববিদ্যালয়ৰ ২ জনৰ পদত্যাগঃ
তেজপুৰ বিশ্ববিদ্যালয়ৰ ২ জনৰ পদত্যাগঃ

তেজপুৰ বিশ্ববিদ্যালয়ৰ ২ জনৰ পদত্যাগ। (Tezpur University) ভাৰপ্ৰাপ্ত পঞ্জীয়ক প্রীতম দেৱৰ পদত্যাগ আৰু SCHOOL OF ENGINEERINGৰ ডীন শংকৰ চন্দ্ৰ ডেকাৰ পদত্যাগ। বুধবাৰে নিশা ছাত্ৰ-ছাত্ৰী, শিক্ষক-কর্মচাৰী উত্তাল প্ৰতিবাদৰ পাছতে পদত্যাগ। শোণিতপুৰ জিলাৰ আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ উপস্থিতিত পদত্যাগ। পদত্যাগৰ পিছতে উপাচাৰ্য শম্ভু নাথ সিঙৰ বিৰুদ্ধে সৰৱ দুয়োজন।

তেজপুৰ বিশ্ববিদ্যালয়ত উপাচাৰ্য্য শম্ভূনাথ সিঙৰ ছত্ৰছায়াত সংঘটিত পৰ্বতসম দুৰ্নীতিৰ তদন্ত কৰিবলৈ কালি আহি কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা বিভাগৰ তিনিজনীয়া উচ্চস্তৰীয় দল আহি দিনটো তদন্ত অব্যাহত ৰখাৰ মাজতে নিশা তদন্তকাৰী দল আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ তদন্তকাৰী দলৰ উপস্থিতিতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বিশ্ববিদ্যালয়খনত।উল্লেখ্য যে বিভিন্নজনৰ অভিযোগ ,বিভিন্ন সংগঠনৰ স্মাৰক পত্ৰ আৰু সংবাদ মাধ্যমত ধাৰাবাহিক ভাৱে বিশ্ববিদ্যালয়খনত উপাচাৰ্য্য শম্ভূনাথ সিঙৰ প্ৰতক্ষ পৃষ্ঠপোষকতাত উপাচাৰ্য্যৰ আশীৰ্বাদপুষ্ট একাংশ বিষয়া -শিক্ষকে চলাই অহা চূড়ান্ত অনিয়ম আৰু লুন্ঠন কাৰ্যৰ বিৰুদ্ধে ৰাজ্যপালে নিয়োজিত সত্যানুসন্ধান সমিতিয়ে তদন্ত চলাই বিভিন্ন পক্ষৰ সাক্ষ্য গ্ৰহণ কৰাৰ পিছত কালি বিশ্ববিদ্যালয়খনত তদন্তৰ বাবে আহি উপস্থিত হয়হি কেন্দ্ৰীয় চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ যুটীয়া সচিব আৰ্মষ্ট্ৰং পামে ,শিক্ষা বিভাগৰ যুটীয়া সচিব সৌম্য গুপ্তা আৰু কেন্দ্ৰীয় শিক্ষা বিভাগৰ সঞ্চালক বিশ্বজিৎ কুমাৰ ।তিনিওগৰাকী তদন্তকাৰী বিষয়াই উপাচাৰ্য্য শম্ভূনাথ সিঙৰ দুৰ্নীতি -অনিয়মৰ তদন্ত পৰ্যবেক্ষণ কৰি থকাৰ মাজতে উপাচাৰ্য্য শম্ভূনাথ সিঙৰ সময়তে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ জৰিয়তে পদাৰ্থ বিজ্ঞান বিভাগৰ purse অৰ্থাৎ প্ৰমোচন অব ইউনিভাৰ্ছিটি ৰিছাৰ্চ এণ্ড চায়েন্টিফিক এক্সিলেন্সৰ ১০ কোটি টকীয়া এক প্ৰকল্পৰ ফাইলটো বিচৰাত ভাৰপ্ৰাপ্ত উপাচাৰ্য্য ৰাজা ৰফিকুল হক আৰু পঞ্জীয়ক প্ৰীতম দেৱে উৰ্ধতম কৰ্তৃপক্ষৰ নিৰ্দেশ অনুসৰি এই ফাইলটো দেখুওৱাবলৈ অমান্তি হৈ পৰাত ক্ষুব্ধ হৈ পৰে বিশ্ববিদ্যালয়খনৰ শিক্ষক -কৰ্মচাৰী সকল ।উল্লেখ্য যে এই ১০ কোটি টকীয়া প্ৰকল্প কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত উপাচাৰ্য্য শম্ভূনাথ সিঙে ব্যাপক অনিয়ম কৰাৰ অভিযোগ উত্থাপন হোৱাৰ বাবেই তদন্তকাৰী দলটোৱে প্ৰকল্পটোৰ ফাইল প্ৰতক্ষ কৰিব বিচাৰে ।ভাৰপ্ৰাপ্ত উপাচাৰ্য্য আৰু ভাৰপ্ৰাপ্ত পঞ্জীয়ক গৰাকীয়ে শম্ভুনাথ সিঙৰ নিৰ্দেশতেই সেই ফাইলটো দেখুওৱাব নিবিচৰা পিছতেই বিশ্ববিদ্যালয়খনত নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।শিক্ষক -কৰ্মচাৰী সকলে ভাৰপ্ৰাপ্ত উপাচাৰ্য্য ৰাজা ৰফিকুল হকক জবাবদিহি কৰি কঠোৰ বাক্য বাণেৰে এনেদৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।


উল্লেখ্য যে শিক্ষক -কৰ্মচাৰী সকলৰ ৰুদ্ৰমূৰ্তি দেখি ভাৰপ্ৰাপ্ত উপাচাৰ্য্য আৰু ভাৰপ্ৰাপ্ত পঞ্জীয়ক গৰাকীয়ে উপাচাৰ্য্য শম্ভূনাথ সিঙৰ নিৰ্দেশনাৰ বাবেই সেই ফাইলটোৰ লগতে কম্পিউটাৰ চায়েঞ্চ বিভাগৰ সঞ্চালক নিযুক্তিৰ কেলেংকাৰীৰ ফাইলটোও দিবলৈ অপাৰগ হৈছিল বুলি পাকে প্ৰকাৰে স্বীকাৰ কৰিবলৈ বাধ্য হোৱাত উপাচাৰ্য্য শম্ভূনাথ সিঙৰ স্বেচ্ছাচাৰীতাৰ দিশটো কালি তদন্তকাৰী দলৰ সন্মুখতেই উন্মোচিত হৈ পৰাৰ পিছত ভাৰপ্ৰাপ্ত পঞ্জীয়ক গৰাকীয়ে সেই মুহূৰ্ততে উপাচাৰ্য্যলৈ পদত্যাগ পত্ৰ দাখিল কৰাত তাৎক্ষণিক ভাৱে সেই পদত্যাগ পত্ৰও গ্ৰহণ কৰা বিষয়টোৱে বিশ্ববিদ্যালয়খনত সংঘটিত হৈ অহা চূড়ান্ত দুৰ্নীতি আৰু অনিয়ম স্পষ্ট কৰি তোলাত স্বাভাৱিকতে সচেতন মহল উদ্বিগ্ন হৈ পৰিছে ।উল্লেখ্য যে কালি নিশা এই উত্তপ্ত পৰিস্থিতি অব্যাহত থকাৰ সময়ত শোণিতপুৰ জিলা প্ৰশাসনে তদন্তৰ বাবে নিয়োগ কৰা জ্যেষ্ঠ দণ্ডাধীশ তথা অতিৰিক্ত জিলা আয়ুক্ত কমল বৰুৱা আৰু সদৰ ৰাজহ চক্ৰ বিষয়া মাধুৰ্য্য বুঢ়াগোঁহাইও উপস্থিত থাকি সমগ্ৰ দৃশ্য প্ৰতক্ষ কৰে।আনহাতে বিশ্ববিদ্যালয়খনত উদ্ভৱ হোৱা এই পৰিস্থিতিৰ সম্ভেদ লাভ কৰি নিশাই শোণিতপুৰ জিলাৰ আয়ুক্ত আনন্দ কুমাৰ দাস আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্হ উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

আনহাতে আজি তেজপুৰ বিশ্ববিদ্যালয়ৰ ২ জনৰ পদত্যাগ। ভাৰপ্ৰাপ্ত পঞ্জীয়ক প্রীতম দেৱৰ পদত্যাগ আৰু SCHOOL OF ENGINEERINGৰ ডীন শংকৰ চন্দ্ৰ ডেকাৰ পদত্যাগ। বুধবাৰে নিশা ছাত্ৰ-ছাত্ৰী, শিক্ষক-কর্মচাৰী উত্তাল প্ৰতিবাদৰ পাছতে পদত্যাগ। শোণিতপুৰ জিলাৰ আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ উপস্থিতিত পদত্যাগ। পদত্যাগৰ পিছতে উপাচাৰ্য শম্ভু নাথ সিঙৰ বিৰুদ্ধে সৰৱ দুয়োজন।

Ajay Phukan: অজয় ফুকনৰ জামিন লাভঃ গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে

অজয় ফুকনৰ জামিন লাভঃ
অজয় ফুকনৰ জামিন লাভঃ

অজয় ফুকনৰ জামিন লাভ। (Ajay Phukan)

গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে অজয় ফুকনৰ।

দ্বিতীয়টো গোচৰত জামিন মঞ্জুৰ অজয় ফুকনৰ।

সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহৰ সন্মুখত জুবিন-মৃত্যুৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰোঁতেই ভিক্টৰসহ গ্ৰেপ্তাৰ হৈছিল অজয় ফুকন।

অৱশেষত আজি অজয় ফুকনৰ জামিন মঞ্জুৰ।

প্ৰথমটো গোচৰত জামিন লাভ কৰা পিছতে পুনৰ দ্বিতীয়টো গোচৰত গ্ৰেপ্তাক কৰিছিল অজয় ফুকনক।

আজি দ্বিতীয়টো গোচৰতো জামিন লাভ কৰে অজয় ফুকনে।

অতি সোনকালে মুকলি আকাশৰ তললে আহিব অজয়।

অজয় ফুকনৰ হৈ যুক্তি দৰ্শাইছিল অধিবক্তা বিজন মহাজনে।

Rahul Gandhi: জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ গুৱাহাটীলৈ আহিব ৰাহুল গান্ধী

জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ গুৱাহাটীলৈ আহিব ৰাহুল গান্ধী
জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ গুৱাহাটীলৈ আহিব ৰাহুল গান্ধী

অসমলৈ আহিব লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী।(Rahul Gandhi)

জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ গুৱাহাটীলৈ আহিব ৰাহুল গান্ধী।


কাইলৈ গুৱাহাটীত উপস্থিত হ’ব কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী।


জুবিন গাৰ্গৰ সমাধিস্থলত শ্রদ্ধাঞ্জলি জনাব ৰাহুল গান্ধীয়ে।

Baksa News: পৰীক্ষা দি উভতি অহাৰ পথত পুত্ৰক আটকঃ বাক্সাৰ কাৰাগাৰৰ সন্মুখত এগৰাকী মাতৃৰ কান্দোন

পৰীক্ষা দি উভতি অহাৰ পথত পুত্ৰক আটকঃ বাক্সাৰ কাৰাগাৰৰ সন্মুখত এগৰাকী মাতৃৰ কান্দোন
পৰীক্ষা দি উভতি অহাৰ পথত পুত্ৰক আটকঃ বাক্সাৰ কাৰাগাৰৰ সন্মুখত এগৰাকী মাতৃৰ কান্দোন

বাক্সাৰ জিলা কাৰাগাৰৰ সন্মুখত (Baksa News) এগৰাকী মাতৃৰ কান্দোন। কান্দোনত ভাগি পৰিছে এগৰাকী অসহায় মাতৃ।পৰীক্ষা দি উভতি অহাৰ পথতে পুত্ৰক আটক কৰে আৰক্ষীয়ে। পুত্ৰক বিচাৰি যোৱা মাতৃক দাবী, ধমক দি খেদি পঠিয়ালে আৰক্ষীয়ে। বাক্সাত সংগঠিত হোৱা ঘটনাৰ জৰিত থকাৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে যুৱজনক।

পুত্ৰক বিচাৰি যোৱা মাতৃক লাঠী দেখুৱাই, ধমক দি আৰক্ষীয়ে খেদি পঠিয়ালে। পুত্ৰক মোকলাই দিবলৈ মাতৃগৰাকীৰ কাতৰ আহ্বান। পুত্ৰক বিচাৰি কাৰাগাৰত মাতৃৰ আৰ্তনাদ,কান্দোন। এয়া অসম আৰক্ষীৰ কেনে ব্যৱহাৰ বুলি প্ৰশ্ন ৰাইজৰ?

Baksa : ক্ৰমাৎ নিয়ন্ত্ৰণলৈ বাক্সাৰ পৰিস্থিতিঃ মোতায়েন কৰা হৈছে অতিৰিক্ত নিৰাপত্তাৰক্ষী

Baksa : ক্ৰমাৎ নিয়ন্ত্ৰণলৈ বাক্সাৰ পৰিস্থিতিঃ মোতায়েন কৰা হৈছে অতিৰিক্ত নিৰাপত্তাৰক্ষী
Baksa : ক্ৰমাৎ নিয়ন্ত্ৰণলৈ বাক্সাৰ পৰিস্থিতিঃ মোতায়েন কৰা হৈছে অতিৰিক্ত নিৰাপত্তাৰক্ষী

বাক্সাৰ হিংসাত্মক ঘটনাৰ (Baksa) পাছতে চৰ্চালৈ আহিছে অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱ শৰ্মাৰ কাণ্ড। বাক্সাৰ জিলা কাৰাগাৰৰ সন্মুখত শান্তিপূৰ্ণভাৱে কাৰাগাৰৰ সন্মুখত প্ৰতিবাদ কৰা পুৰুষ মহিলাৰ ওপৰত লাঠীচালনা কৰিছিল অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱ শৰ্মাই। এটা ভিডিঅ’ত পোহৰলৈ আহে সেই দৃশ্য। তাৰপিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল বাক্সাত। আৰক্ষীৰে খণ্ডযুদ্ধত লিপ্ত হৈছিল একাংশ জুবিন অনুৰাগী।


পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বাক্সাত ইণ্টাৰনেট সেৱা বাতিল কৰা হৈছিল। মোবাইল ফোনত বৰ্তমানো ইণ্টাৰনেট সেৱা উপলব্ধ নহয় জিলাখনত। বাক্সাত সংঘটিত হিংসাত্মক ঘটনাৰ পিছতে এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ।

বাক্সাৰ নিকাছিত এই সংঘৰ্ষত আহত বহু কেইগৰাকী লোক। তেওঁলোকক মুছলপুৰত চিকিৎসা কৰোৱা হয়। সাধাৰণ লোকৰ লগতে সাংবাদিক, আৰক্ষী বিষয়াও আহত হয় এই হিংসাত্মক ঘটনাত। এই হিংসাত্মক ঘটনাৰ সন্দৰ্ভত দল- সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। নিশাই বাক্সাত উপস্থিত হয় DGP হৰমীত সিং। ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় DGPগৰাকীয়ে। বাক্সাত মোতায়েন কৰা হৈছে হাজাৰ হাজাৰ নিৰাপত্তাৰক্ষী।


পুৱালৈ ক্ৰমাৎ নিয়ন্ত্ৰণলৈ বাক্সাৰ নিকাছিৰ অগ্নিগৰ্ভা পৰিস্থিতি। জিলা কাৰাগাৰৰ সমীপত হিংসাত্মক প্ৰতিবাদৰ পাছতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বাক্সা জিলাত ইণ্টাৰনেট কৰ্তনৰ লগতে ১৬৩ ধাৰা জাৰি কৰা হৈছিল। ইপিনে, ঘটনা সন্দৰ্ভত নিশাই ১১জনকৈ লোকক আটক কৰা হৈছে।

আনহাতে বাক্সা জিলা কাৰাগাৰৰ পথেৰে সাধাৰণ লোকৰ প্ৰৱেশত বাধা দিয়া হৈছে। স্থায়ী বাসিন্দাৰ বাহিৰে প্ৰৱেশ কৰিব নোৱাৰিব কোনো লোক। জৰুৰীকালীন অৱস্থাতহে প্ৰৱেশৰ অনুমতি দিব প্রশাসনে।

উল্লেখযোগ্য যে সিদ্ধাৰ্থ-শ্যামকানুসহ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সৈতে জড়িত এই পাঁচ অভিযুক্তক বাক্সা কেন্দ্ৰীয় কাৰাগাৰলৈ নিয়া পিছতে এই উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়।