Home Blog Page 1420

ভিটামিন এ, বি, চি, ডিৰ দৰে ভিটামিন ‘পি’ও স্বাস্থ্যৰ বাবে অতি উপকাৰী…

ভিটামিন এ, বি, চি, ডিৰ দৰে ভিটামিন ‘পি’ও স্বাস্থ্যৰ বাবে অতি উপকাৰী। স্বাস্থ্যৰ বাবে পুষ্টিকৰ উপাদান অতি গুৰুত্বপূৰ্ণ। ভিটামিন পিক ফ্লেভন’ইড বুলিও জনা যায়। ভিটামিন পি আচলতে ফাইটো নিউট্ৰিয়েণ্ট, যিবোৰত এণ্টি অক্সিডেন্ট প্ৰচুৰ পৰিমাণে থাকে। ভিটামিন পি কোনবোৰ খাদ্যত পোৱা য়ায় জানক…

ভিটামিন পিৰ ৬টা উপকাৰ-

ভিটামিন পি থকা খাদ্য খালে ৰক্তবাহী নলীবোৰে ভালদৰে কাম কৰে। ভিটামিন পি ৰ ফলত হৃদযন্ত্ৰৰ ভালে থাকে।

ভিটামিন পি এ এন্টিঅক্সিডেন্ট হিচাপে কাম কৰে। ই শৰীৰক ফ্ৰী ৰেডিকেলৰ ক্ষতিৰ পৰা ৰক্ষা কৰিব পাৰে। ইয়াৰ ফলত কোষৰ ক্ষতি নহয় আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়। যাৰ বাবে শৰীৰ ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ সক্ষম হৈ পৰে।

ভিটামিন পিয়ে এলাৰ্জী, হাঁপানী আৰু বাতবিষৰ দৰে ৰোগত সকাহ দিব পাৰে।

ভিটামিন পি সমৃদ্ধ খাদ্য সেৱন কৰাটো ছালৰ বাবে অতি উত্তম। ইয়াৰ ফলত ছালৰ কেপিলাৰী উন্নত হয়। ভেৰিকোজ ভেইনৰ দৰে সমস্যাও কম হয়। যদি ছালত আঘাত পোৱাৰ পিছত ঘা হৈছে তেন্তে তাৰ বাবে ভিটামিন পি উপকাৰী হ’ব পাৰে।

ভিটামিন পি চকুৰ বাবেও উপকাৰী। ইয়াৰ ফলত চকুৰ বহু সমস্যাৰ অন্ত পৰে আৰু দৃষ্টিশক্তিও উন্নত হয়।

কমলা, নেমু আৰু আমলখি , ডাৰ্ক চকলেট, ৰাস্পবেৰী, ব্লুবেৰী, ব্লেকবেৰী আৰু ষ্ট্ৰবেৰী, আপেলত পোৱা ফ্লেভনন কুৱেৰচেটিন ভিটামিন পিৰ এক উত্তম উৎস। ভিটামিন পি চাহতো পোৱা যায়। বন্ধাকবি, কচু আৰু ব্ৰকলিৰ দৰে সেউজীয়া আৰু পাতল শাক-পাচলিতো ভিটামিন পি পোৱা যায়।


অগপত বিদ্ৰোহৰ উকমুকনি

সমষ্টিৰ পুনৰ নিৰ্দ্ধাৰণৰ তালিকা প্ৰকাশ পোৱাৰ পিছতেই অগপ দলত সৃষ্টি হৈছে ধুমুহাৰ। আমগুৰি সমষ্টি বিলুপ্ত হোৱাৰ পিছত ক্ষুদ্ধ বিধায়ক প্ৰদীপ হাজৰিকাই দলীয় পদৰ পৰা পদত্যাগ কৰে। ইতিমধ্যে অগপ দলৰ সভাপতি অতুল বৰালৈ বিধায়ক হাজৰিকাই প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ।

হাজৰিকাই ৰাজ্যিক সাধাৰণ সম্পাদক আৰু কেন্দ্ৰীয় কমিটিৰ সদস্য পদৰ লগতে সকলো সাংগঠনিক দায়িত্বৰ পৰাও অব্যাহতি লয়। উল্লেখ্য যে আমগুৰি সমষ্টি বিলুপ্তি কৰাৰ প্ৰতিবাদত বিৰোধী ৰাজনৈতিক দল সমূহে ১৪ আগষ্টত বন্ধ ঘোষনাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিব।

ইতিপূৰ্বে নিৰ্বাচন আয়োগে সমষ্টিৰ পুনৰ নিৰ্দ্ধাৰণৰ খচৰা প্ৰকাশৰ পিছতেই আমগুৰি সমষ্টি বাহাল ৰাখিবলৈ বিভিন্ন পক্ষৰ পৰা দাবী উত্থাপন কৰা হৈছিল।

আনকি কেন্দ্ৰীয় নিৰ্বাচন আয়োগক দলে গুৱাহাটীত গ্ৰহন কৰা ৰাজহুৱা শুনানী কালত অভিযোগ প্ৰদান কৰি সমষ্টিটো বাহাল ৰাখিবলৈ আয়োগক আহ্বান জনাইছিল যদিও কালি প্ৰকাশ পোৱা তালিকাত সমষ্টিটো বিলুপ্ত কৰাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজৰ লগতে দল সংগঠনে।

ইয়াৰ বহিপ্ৰকাশ ঘটাই আজি অগপ দলৰ বিধায়ক প্ৰদীপ হাজৰিকাই দলৰ বিষয় ববীয়া পদৰ পৰা অব্যাহতি লয়।

সমষ্টি পুনৰ নিৰ্দ্ধাৰণে নমাইছে ৰাজনৈতিক সংকত, অনিশ্চিত ভৱিষ্যত ২৪ মন্ত্ৰী-বিধায়কৰ!

কেন্দ্ৰীয় নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ তালিকা ঘোষনা কৰাৰ লগে লগে একাংশ ৰাজনৈতিক নেতালৈ অশনি সংকেত নমাই অনা পৰিলক্ষিত হৈছে।

শাসনাধিষ্ঠ একাংশ মন্ত্ৰী বিধায়কৰ লগতে বিৰোধী নেতাৰ মাজতো বৃদ্ধি পাইছে উদ্বিগ্নতা। জানিব পৰামতে সমষ্টি হেৰাল বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ।

পানেৰী সমষ্টি বিলুপ্ত হ’ল সমষ্টিৰ পুনৰ নিৰ্দ্ধাৰণৰ তালিকাৰ পৰা। একেদৰে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ ধৰ্মপুৰ সমষ্টিৰো ঘটিল বিলুপ্তি। ইউ জি ব্ৰহ্মৰ ছাপাগুৰি সমষ্টিৰো ঘটিল বিলুপ্তি।

একেদৰে জাকিৰ হুছেইনৰ সৰুক্ষেত্ৰী, ৰেকিবুদ্দিন আহমেদৰ ছয়গাঁও, বিনোদ হাজৰিকাৰ লাহোৱাল, সুশান্ত বৰগোহাঁইৰ থাওৰা, প্ৰদীপ হাজৰিকাৰ আমগুৰি, কৃষ্ণেন্দু পালৰ পাথাৰকান্দি, ৰূপসিং টেৰাঙৰ বৈঠালাংছু, দৰসিং ৰাংহাঙৰ হাওৰাঘাট, ভূপেন বড়োৰ বৰমা, ৰঞ্জিত কুমাৰ দাসৰ পাটাছাৰকুছি, সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পূৱ গুৱাহাটী, ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ পশ্চিম গুৱাহাটী সমষ্টি পুনৰ নিৰ্দ্ধাৰণ তালিকাৰ পৰা বিলুপ্ত হ’ল।

জানিব পৰামতে এইসকল মন্ত্ৰী বিধায়কে ভৱিষ্যত ৰাজনৈতিক জীৱনৰ আশংকাত কটাইছে। ইতিমধ্যে আমগুৰি সমষ্টি বিলুপ্ত হোৱাৰ প্ৰতিবাদত কেইবাটাও ৰাজনৈতিক দলে ১৪ আগষ্টত বন্ধ ঘোষনা কৰিছে।

এইসকল ৰাজনৈতিক নেতাই আগন্তুক বিধান সভাৰ নিৰ্বাচনত কি পদক্ষেপ গ্ৰহন কৰে সেয়া সময়ত পোহৰলৈ আহিব। উল্লেখ্য যে সমষ্টিৰ পুনৰ নিৰ্দ্ধাৰণক লৈ কেইবাটাও ৰাজনৈতিক দলৰ লগতে সদৌ অসম ছাত্ৰ সন্থাইও নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। এওঁলোকৰ অভিযোগ নিৰ্বাচন আয়োগে বহু আপত্তি অভিযোগক গুৰুত্ব প্ৰদান কৰা নাই।

কেঁচা জলকীয়া নাখাই নেকি? আজিৰে পৰা খোৱা আৰম্ভ কৰক…

কেঁচা জলকীয়া নাখাই নেকি? আজিৰে পৰা খোৱা আৰম্ভ কৰক। পটাছিয়াম, আইৰণ, কপাৰ, ভিটামিন বি ৬, ভিটামিন এ, ভিটামিন চি আদি পুষ্টিকৰ উপাদানেৰে ভৰপূৰ কেঁচা জলকীয়া। কেঁচা জলকীয়া স্বাস্থ্য আৰু ছাল উভয়ৰে বাবে অপৰিহাৰ্য। জানো আহক কেঁচা জলকীয়া খোৱাৰ সুবিধা সমূহৰ বিষয়ে-


১/ কেঁচা জলকীয়া খালে বিষৰ পৰা উপশম পাব পাৰি। বিশেষকৈ বাতবিষৰ দৰে বিষত উপশম পোৱা যায়।আচলতে ইয়াত থকা কেপচাইচিন নামৰ যৌগটোৱে বিষ নিৰাময়ৰ কাম কৰে।

২) হৃদযন্ত্ৰক সুস্থ কৰি ৰখাত কেঁচা জলকীয়া উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে। নিয়মিতভাৱে কেঁচা জলকীয়া খালে কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰা হ্ৰাস কৰি এথেৰ’স্কলেৰ’ছিছৰ দৰে ৰোগ প্ৰতিৰোধ কৰিব পাৰি। যাৰ বাবে হৃদৰোগৰ সম্ভাৱনা কমিব পাৰে।

৩) ঠাণ্ডা সকাহ পাবলৈ কেঁচা জলকীয়া খাব পাৰে। আচলতে ইয়াত কেপচাইচিন নামৰ যৌগ এটা থাকে, যিয়ে তেজ চলাচলক উদ্দীপিত কৰে, যাৰ ফলত শ্লেষ্মাৰ নিঃসৰণ পাতল হৈ পৰে।

৪/ যদি আপুনি ওজন কমাব বিচাৰে তেন্তে আপুনি আপোনাৰ খাদ্যত কেঁচা জলকীয়া অন্তৰ্ভুক্ত কৰিব পাৰে।

৫) গৱেষণাৰ মতে কেঁচা জলকীয়াত ভিটামিন চি থাকে যিয়ে ছালত কলাজেন সংশ্লেষণ বৃদ্ধি কৰাত সহায় কৰে। গ্ল’য়িং সুস্থ ছালৰ বাবে ই অতি প্ৰয়োজনীয়।

৬) কেঁচা জলকীয়াই হজম শক্তিও উন্নত কৰিব পাৰে। কাৰণ ইয়াত অত্যধিক পৰিমাণৰ খাদ্য আঁহ থাকে। এইদৰে ই মলত্যাগ সহজ কৰাত সহায় কৰে। বৃহদান্ত্ৰ পৰিষ্কাৰ কৰে, কোষ্ঠকাঠিন্য দূৰ কৰে।


জামুগুৰি ব’হাগী মেলাৰ উদ্যোগত বাপুজী ভৱনত ৰাজহুৱা সভা৷ বিধায়ক পদ্ম হাজৰিকাক সভাপতি হিচাপে লৈ এশ জনীয়া কমিটি গঠন…

জামুগুৰিহাটৰ বাপুজী ভৱন প্ৰেক্ষাগৃহত শনিবাৰে জামুগুৰি ব’হাগী মেলাৰ উদ্যোগত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায় ৷ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত জামুগুৰি বহাগী মেলাৰ ৰূপালী জয়ন্তী সমাৰোহ অনুষ্ঠিত কৰাৰ সন্ধৰ্ভত বিষদ আলোচনা হোৱাৰ লগতে এখনি শক্তিশালী উদযাপন সমিতিও গঠন কৰা হয় ৷

পূৰ্বঘোষিত অনুসৰি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক সভাপতি আৰু জয়ন্ত দাসক প্ৰধান সম্পাদক হিচাপে লৈ এখনি এশ জনীয়া শক্তিশালী কমিটি গঠন কৰা হয় ৷ সভাত বিধায়ক পদ্ম হাজৰিকাই কয়-জামুগুৰি বহাগী মেলাই অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনক চহকী কৰি ৰাখিছে ৷ জামুগুৰিহাটৰ তিনিটা মৌজাৰ ৰাইজক সহযোগীতা লৈ জামুগুৰি বহাগী মেলাই এইবেলি ৰূপালী জয়ন্তী উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বিচৰা কাৰ্যত মই অতিশয় সুখী ৷

জামুগুৰি বিহুমেলা জামুগুৰিয়া ৰাইজৰ পৰিচয় হওক বুলি মন্তৱ্য কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ সম্পাদক জয়ন্ত দাসে আতধৰা সভাখনিত অঞ্চলটোৰ কেইবাশতাধিক ৰাইজে অংশগ্ৰহণ কৰে ৷ অহাবৰ্ষৰ এপ্ৰিলত ৰূপালীজয়ন্তী সমাৰোহৰ মূল কাৰ্যসুচী অনুষ্ঠিত হব বুলি জানিবলৈ দিয়ে উদ্যোক্তা সকলে ৷

আই ফ্লু কিয় বিয়পিছে ? আই ফ্লু হ’লে কি কৰিব আৰু কি নকৰিব জানি লওক…

আই ফ্লু কিয় বিয়পিছে ? আই ফ্লু হ’লে কি কৰিব, কি নকৰিব জানি লওক। বতৰৰ পৰিৱৰ্তনৰ লগে লগে চকুৰ সংক্ৰমণ দ্ৰুতগতিত বিয়পিছে। এই ৰোগৰ পৰা হাত সাৰিবলৈ কিছুমান কথা মনত ৰাখিব লাগে। এনে সময়ত সাৱধানতা অৱলম্বন কৰাটো অতি প্ৰয়োজন। আই ফ্লু হ’লে চকুত জ্বলা-পোৰা, বিষ, ৰঙা পৰা আদি সমস্যা দেখা যায়। এই চকুৰ ৰোগ এলাৰ্জিৰ ফলতো হয়।

আই ফ্লুৰ কাৰণ সমূহ হৈছে-
আই ফ্লুৰ এটা চকুৰ পৰা আৰম্ভ হৈ দুয়োটা চকুতে হয়। আচলতে বাৰিষাৰ সময়ত বতাহৰ জৰিয়তে সংক্ৰমণ বিয়পোৱা বীজাণু আৰু বেক্টেৰিয়াৰ সংখ্যা বৃদ্ধি পায়। যিহেতু আই ফ্লু এটা সংক্ৰামক ৰোগ আৰু ই এটা পৃষ্ঠৰ পৰা আন এটা পৃষ্ঠলৈ বিয়পি পৰে, গতিকে যিকোনো পৃষ্ঠ স্পৰ্শ কৰাৰ আগতে হাত দুখন ভালদৰে পৰিষ্কাৰ কৰক আৰু হাতেৰে চকু স্পৰ্শ নকৰব।

আই ফ্লুৰ লক্ষণ-
চকুৰ তীব্ৰ বিষ
চকু ৰঙা পৰা
চকুৰ পৰা আঠাযুক্ত হালধীয়া ৰঙৰ স্ৰাৱ ওলায়
খজুৱতি, দৃষ্টিশক্তি ম্লান হোৱা,

চকুৰ সংক্ৰমণৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে-
পৰিষ্কাৰ ঠাণ্ডা পানীৰে বাৰে বাৰে চকু ধুব লাগে।
চিকিৎসকে দিয়া চকুৰ ঔষধ চকুত লগাওক।
হাতৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি গুৰুত্ব দিয়ক।
হাত নোধোৱাকৈ চকু স্পৰ্শ কৰাৰ পৰা বিৰত থাকক।
চকু দুটা ঘঁহিব নালাগে।
চকুৰ ফ্লু ৰোগীৰ পৰা দূৰত্ব বজাই ৰাখক।
আপোনাৰ টাৱেল, কাপোৰ, চাদৰ, চশমা, মেকআপ প্ৰডাক্ট, চকুৰ টোপাল পৃথকে পৃথকে ৰাখক।
চকুৰ পতা বাৰে বাৰে চকু টিপিয়াই থাকিব।
বৰষুণত তিতাৰ পৰা বিৰত থাকক।
কেতিয়াও চুইমিং পুলত গা ধুবলৈ নাযাব।
সৰু ল’ৰা-ছোৱালীয়ে হাত সঘনাই ধুব লাগে।
শিশুৱে বাৰে বাৰে চকুত হাত ফুৰাৰ পৰা ৰক্ষা কৰক।

লগতে যিকোনো ৰাজহুৱা স্থানলৈ যোৱাৰ পৰা বিৰত থাকক, কিয়নো ইয়াৰ ফলত সংক্ৰমণ বিয়পাব পাৰে।
যেতিয়াই বাহিৰলৈ ওলাই যায় তেতিয়াই চশমা পিন্ধিব। হাত পৰিষ্কাৰ কৰি ৰাখিবলৈ চেষ্টা কৰিব।

দেৰগাঁৱৰ কুঁহিপাত সাংস্কৃতিক গোষ্ঠীৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপনৰ লগতে গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি…

দেৰগাঁৱৰ কুঁহিপাত সাংস্কৃতিক গোষ্ঠীৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন আৰু গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি অনুষ্ঠান। শনিবাৰে দেৰগাঁৱৰ সমীপবৰ্তী মিছামৰাৰ খনিকৰ শ্ৰীমন্ত জ্যোতি সাংস্কৃতিক ৰঙ্গমঞ্চত কুঁহিপাত সাংস্কৃতিক গোষ্ঠীৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন আৰু ৯জুলাই ২০২৩ তাৰিখৰ পৰা ২০ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা গ্ৰীষ্মকালীন নাট্য-নৃত্য কৰ্মশালাৰ সামৰণি অনুষ্ঠান ভাগ দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়। পুৱা পতাকা উত্তোলন,স্মৃতি তৰ্পণ,সাহিত্য প্ৰতিযোগিতা।

সন্ধ্যা কৰ্মশালাত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা “জিলমিল জোনাকীৰ চিলমিল পোহৰ” শীৰ্ষক নৃত্যানুষ্ঠান, স্থানীয় কৃতী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান কেইবাজনো বিশিষ্ট ব্যক্তিক বিশেষ সম্বৰ্ধনা ,বঁটা বিতৰণী আদি অনুষ্ঠিত হয়। নিশালৈ কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থী সকলৰ দ্বাৰা নাট্যকাৰ দেৱব্ৰত মহন্তৰ দ্বাৰা ৰচিত ৰচিত ,অনুৰাগ বৰাৰ দ্বাৰা পৰিচালিত “লটকন কিয় কৰ এনেখন” আৰু নাট্যকাৰ বুলেন গোহাঁই দ্বাৰা ৰচিত অনুৰাগ বৰাৰ দ্বাৰা পৰিচালিত “মই ৰজা নহওঁ” নাটক মঞ্চস্থ কৰা হয়।

নিজ সমষ্টিৰ আদিবাসী লোকৰ সৈতে নৃত্য ৰাহুল গান্ধীৰ…

লোকসভাৰ সদস্যপদ লাভ কৰাৰ পিছত ৰাহুল গান্ধীৰ ৱায়ানাদ ভ্ৰমণ। শনিবাৰৰ পৰা কেৰালাৰ নিজৰ সমষ্টি ৱায়ানাদ ভ্ৰমণত ব্যস্ত হৈ আছে ৰাহুল গান্ধী। ৱায়ানাদত উপস্থিত হৈ তামিলনাডুৰ নীলগিৰি জিলাত টোডা সম্প্ৰদায়ৰ লোকৰ সৈতে কিছু সময় কটায়। এই সময়ত তেওঁ টোডা লোকৰ দেৱতা মন্দিৰ পৰিদৰ্শন কৰাৰ লগতে তেওঁলোকৰ সৈতে নৃত্যও কৰে।

লগতে মুথুনাডুমাণ্ডুত ৰৈ জনজাতীয় সমাজৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰে। জনজাতীয় লোকৰ সৈতে নৃত্য কৰাৰ উপৰিও আৰু পৰম্পৰাগত খাদ্যৰ সোৱাদো লয়। অহা বছৰ দেশত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন। আনহাতে আদিবাসী লোকসকলে ৰাহুল গান্ধীক পৰম্পৰাগত চাদৰো উপহাৰ দিয়ে।


আমগুৰিত অগপ দলৰ বিষয়ববীয়া সদস্যৰ সামূহিক পদত্যাগ…

আমগুৰিত অগপ দলৰ বিষয়ববীয়া সদস্যৰ সামূহিক পদত্যাগ। দলৰ কেন্দ্ৰীয় সভাপতি আৰু কাৰ্যকৰী সভাপতিৰ বিৰুদ্ধে বিষেদগাৰ আমগুৰিৰ দলীয় কৰ্মীৰ। ভাৰতীয় নিৰ্বাচনী আয়োগে অসমৰ বিধানসভা সমষ্টিৰ পুনঃনিৰ্ধাৰনৰ চুড়ান্ত তালিকা ঘোষণা কৰাৰ পিছত আমগুৰি পৰিবেশ উত্তপ্ত হৈ পৰিছে। ঐতিহাসিক আমগুৰি সমষ্টি বিলুপ্তিসাধনৰ বিৰুদ্ধে দিনৰ ভাগত বিভিন্ন দ’ল সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি ১৪ আগষ্টত পুৱা পাঁচ বজাৰ পৰা বিয়লি পাঁচ বজালৈ বাৰ ঘন্টীয়া “আমগুৰি সমষ্টি বন্ধ” ঘোষণা কৰিছে।

বিয়লি বিধায়ক প্ৰদীপ হাজৰিকাই দলীয় দ্বায়িত্ব আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ পৰা পদত্যাগ কৰাৰ পিছত বিধায়কজনৰ বাসগৃহত দলীয় ৰুদ্ধদ্বাৰ বৈঠকৰ অন্তত শিৱসাগৰ জিলা অগপ আৰু আমগুৰি বিধান পৰিষদৰ সামূহিক ভাবে দলত্যাগ কৰে। দলীয় নেতৃত্ব বিশেষভাৱে দলৰ কেন্দ্ৰীয় সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ প্ৰৰোচনাত পৰি উজনি অসমত অগপৰ দুৰ্গ স্বৰূপ আমগুৰি সমষ্টিৰ বিলুপ্তিসাধনত হ’বলৈ পালে বুলি সকলোৱে একেমুখে অভিযোগ উত্থাপন কৰে। ছাব্বিশৰ নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ’ব বুলি দৃঢ় মত পোষণ কৰে। উজনি অসমত আঞ্চলিকতাবাদৰ ধ্বজাবাহক আমগুৰি সমষ্টিৰ বিলুপ্তিসাধনেৰে দলীয় নেতৃত্ব‌ই অগপ দলৰ কফিনত শেষ গঁজাল মাৰিলে বুলি সদ্য পদত্যাগী নেতা সদস্য‌ই দলীয় নেতৃত্ব‌ৰ‌ ওপৰত ক্ষোভ উজৰে।

অতি বিশ্বাসেই কাল হ’ল এগৰাকী স্বামীহীন মহিলাৰ…

টিংখাঙত ভতিজা জোঁৱাইৰ প্ৰৱঞ্চনাৰ বলি হ’ল এগৰাকী স্বামীহীন মহিলা। সৰ্বমুঠ ১৭ লাখ ৮১ হাজাৰ টকা কৌশলেৰে লুটি নিলে ভতিজা জোঁৱায়েকে । ৰোগীয়া পুত্ৰৰ চিকিৎসাৰ বাবেও এতিয়া হাহাকাৰ অৱস্থা। পলাতক প্ৰৱঞ্চক জোঁৱাই। অতি বিশ্বাসেই কাল হল এগৰাকী স্বামীহীন দুভগীয়া মহিলাৰ । নিজৰ ভতিজা জোঁৱায়েকৰে প্ৰৱঞ্চনাৰ বলি হল টিংখাঙৰ মহিলা। এটকা দুটকা নহয় ১৭ লাখ ৮১ হাজাৰ টকা ঠগ প্ৰৱঞ্চনাৰে হৰলুকী কৰি অন্তৰ্ধান হ’ল জোঁৱায়েক শংকৰ ভগৎ । এই ঘটনা সংঘটিত হৈছে টিংখাঙৰ ৰাজগড় আৰক্ষী চকীৰ অন্তৰ্গত পিঠাপথাৰত। প্ৰয়াত পৰশুৰাম প্ৰসাদ মালিৰ চৰকাৰী চাকৰিৰ অৱসৰৰ সকলো ধন অতি কৌশলেৰে হৰলুকী কৰিলে নাহৰকটীয়া আলুপট্টিৰ শংকৰ ভগৎ নামৰ যুৱকজনে। প্ৰয়াত পৰশুৰাম প্ৰসাদ মালিৰ একমাত্ৰ সন্তান দীৰ্ঘদিন ধৰি মগজুৰ এক জটিল ৰোগত আক্ৰান্ত হৈ থকাত তেওঁক চিকিৎসাৰ বাবে ভেলুৰলৈ তিনিমাহৰ মূৰে মূৰে নিব লাগে। যাৰ বাবে প্ৰয়োজন বহু পৰিমাণৰ ধনৰ।

প্ৰয়াত পৰশুৰাম প্ৰসাদ মালিৰ পত্নীয়ে ভতিজা জোঁৱাই শংকৰ ভগতক লগত লৈ পুত্ৰ পৱন কুমাৰ মালিক চিকিৎসাৰ বাবে ভেলুৰলৈ যায়। ভেলুৰত চিকিৎসা কৰি থকাৰ সময়তে তেওঁলোকৰ বেংক একাউণ্টত ধন থকা বুলি জানিব পাৰি অতি কৌশলেৰে গুগল পে’ৰ জৰিয়তে ১২ লাখ ৪১ হাজাৰ টকা শংকৰ ভগতে নিজৰ একাউণ্টলৈ ট্ৰান্সপাৰ কৰি ভেলুৰৰ পৰাই অন্তৰ্ধান হয়। ইয়াৰ পূৰ্বে মাটি ক্ৰয় কৰিবৰ বাবে ৫ লাখ ৪০ হাজাৰ লৈছিল। ভেলুৰৰ চিকিৎসালয়ত পুত্ৰৰ চিকিৎসাৰ বিল পৰিশোধ কৰিবলৈ একাউণ্টত ধন নেদেখি হাহাকাৰ লাগে তেওঁলোকৰ মাজত। পুনৰ আন এজন ভতিজাকে তেওঁলোকক তাৰ পৰা উদ্ধাৰ কৰি আনে। সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ভুক্তভুগী পৰিয়ালটোৱে স্থানীয় ৰাজগড় আৰক্ষী চকীত গোচৰ তৰিছে যদিও এই পৰ্যন্ত ধন লৈ অন্তৰ্ধান হোৱা শংকৰ ভগতৰ কোনো সন্ধান পোৱা নাই আৰক্ষীয়ে ।

ইফালে তিনি মাহৰ মূৰে মূৰে ভেলুৰত চিকিৎসা কৰিব লগীয়া পুত্ৰৰ চিকিৎসাও কৰিব পৰা নাই মাতৃ শ্ৰদ্ধা মালিয়ে। পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হোৱা পৰিয়ালটোৱে এতিয়া ন্যায় বিচাৰি কাষ চাপিছে সংবাদ মাধ্যমৰ। এতিয়া টিংখাং আৰক্ষীয়ে প্ৰৱঞ্চক শংকৰ ভগতক কৰায়ত্ব কৰি ন্যায় দিব পাৰিবনে প্ৰৱঞ্চনাৰ বলি হোৱা দুৰ্ভগীয়া মহিলাগৰাকীকক ৷