Home Blog Page 1421

লাহৰীঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ধঁপাত মুক্ত শিক্ষানুষ্ঠানৰ ওপৰত আন্তঃস্কুল কুইজ প্ৰতিযোগিতা। আয়ুক্তই ৰূপায়ন কৰিলে “মেৰে মিট্টি মেৰে দেশ” কাৰ্যসূচী…

মৰিগাঁও জিলাৰ লাহৰীঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ” ধঁপাত মুক্ত শিক্ষানুষ্ঠান”ৰ ওপৰত ভিত্তি কৰি এক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। লাহৰীঘাট অঞ্চলৰ ৭ খন বিদ্যালয়ৰ ছাত্র ছাত্রী সকলে মুঠ ১৬ টা গ্ৰোপত কুইজ প্ৰতিযোগিতাত অংশ গ্রহণ কৰি যৌথ ভাৱে লাহৰীঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু তিনিচুকীয়া মাধ্যমিক বিদ্যালয়ে প্ৰথম স্থান আৰু তিনিচুকীয়া মাধ্যমিক বিদ্যালয়ে দ্বিতীয় স্হান লাভ কৰি জিলা আয়ুক্তৰ হাতৰপৰা ট্ৰফী আৰু মানপত্র গ্রহণ কৰে। দুপৰীয়া ১.৪৫ মিনিটত ৭৭ তম স্বাধীনতা দিবস উপলক্ষে চৰকাৰৰ নিৰ্দেশ মৰ্মে ” মেৰে মিট্টি মেৰে দেশ ” কাৰ্যসূচীত জিলা আয়ুক্ত দেবাশীষ শৰ্মাই বৃক্ষ ৰোপন কৰে আৰু শপথ বাক্য পাঠ কৰায়। মুকলি সভা আৰু বঁটা বিতৰণী সভা সঞ্চালনা কৰে বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ নুৰুল হুছেইনে।

আদৰণি পৰ্বৰ আঁত ধৰে সহঃশিক্ষক পূর্ণকান্ত বসুমতাৰীয়ে।” ধঁপাত মুক্ত শিক্ষানুষ্টান “কাৰ্যসূচী ৰূপায়ন কৰে জিলা নডেল অফিচাৰ জয়া বড়োয়ে। গাম্ভীর্যপূৰ্ণ অনুষ্ঠানটিত জিলা আয়ুক্ত, নডেল অফিচাৰ, লাহৰীঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক ভাস্কৰ বৰ্মনৰ লগতে বিভিন্ন শিক্ষানুষ্টানৰ প্ৰধান শিক্ষক সকলো উপস্থিত থাকি আমাৰ শিক্ষানুষ্টান বোৰ সম্পূর্ণ ৰূপে ধঁপাত মুক্ত শিক্ষানুষ্ঠান গড় দিবলৈ সকলোকে আহ্বান জনায়। আয়ুক্ত দেবাশীষ শৰ্মাই ছাত্র ছাত্রী সকলক লৈ দেশ প্ৰেমিক হিন্দি গীত গাই সকলোকে আপ্লুত কৰে। কুইজ পৰিচালনা কৰে বিদ্যালয়ৰ উচ্চ বৰ্গৰ সহায়ক আনাৰুল ইছলাম আৰু সহঃশিক্ষক অংকুৰ জ্যোতি নাথে।

মৌৰ উপকাৰিতাৰ লগতে অপকাৰিতাও আছে…

মৌৰ উপকাৰিতাৰ লগতে অপকাৰিতাও আছে। মৌৰ উপকাৰিতাৰ বিষয়ে সকলোৱে জানে, কিন্তু মৌ অত্যধিক সেৱন কৰিলে আপোনাৰ স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে। মৌ বহু গুণ আৰু পুষ্টিকৰ উপাদানৰ ভঁৰাল। শৰীৰৰ বহু ৰোগ নিৰাময়ত মৌৱে সহায় কৰে। মৌত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে, যিয়ে সংক্ৰমণক আমাৰ পৰা আঁতৰাই ৰাখে। বেছিভাগ মানুহেই ওজন কমোৱাৰ বাবে মৌ ব্যৱহাৰ কৰে। কাৰণ চেনি খোৱাৰ ফলত মেদবহুলতা বৃদ্ধি পায়। কিন্তু এই কথা অধিক মৌ সেৱন কৰিলে স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে। অত্যধিক মৌ খোৱাৰ পৰা বিৰত থাকক-

১) দৈনিক খাদ্যত অত্যধিক মৌ সেৱন কৰিলে আপোনাৰ ওজন বৃদ্ধি পাব পাৰে। কাৰণ মৌত চেনি আৰু কাৰ্বছৰ পৰিমাণ যথেষ্ট। যাৰ বাবে শৰীৰত কেলৰি দ্ৰুতগতিত বৃদ্ধি পাবলৈ আৰম্ভ কৰে। ৰাতিপুৱা আৰু গধূলি আৰু মিঠা খাদ্যত মৌৰ লগত মিহলি চেনি সেৱন কৰিলে আপোনাৰ ওজন বৃদ্ধি পাব পাৰে। সেইবাবেই সীমিত পৰিমাণত মৌ সেৱন কৰিব লাগিব।

২) মৌৰ প্ৰভাৱ বৰ গৰম। যিসকল লোকে প্ৰতিটো খাদ্য-পানীয়ত চেনিৰ সলনি মৌ ব্যৱহাৰ কৰে, তেওঁলোকৰ হজম শক্তিৰ গুৰুতৰ ক্ষতি হ’ব পাৰে। লগতে পেটত বিষ হ’ব পাৰে।

৩) অত্যধিক মৌ সেৱনৰ বাবে আপোনাৰ তেজত চেনিৰ মাত্ৰাও দ্ৰুতগতিত বৃদ্ধি পায়। ইয়াৰ ফলত ডায়েবেটিছ হোৱাৰ সম্ভাৱনা।

৪/ মৌ অত্যধিক সেৱনেও আপোনাৰ মাজত উচ্চ ৰক্তচাপৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। একে সময়তে আপোনাৰ এলাৰ্জীৰ সমস্যাও হ’ব পাৰে। মৌত থকা এন্টিঅক্সিডেন্টে ৰক্তচাপ নিয়ন্ত্ৰণৰ কাম কৰে।


ধিং মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে আন্তজাতিক যুৱ দিৱস উদযাপন

অসম ৰাজ্যিক এইডচ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত, ধিং মহাবিদ্যালয়ৰ এন এচ এচ গোট, এন চি চি গোট, DBT Star College আৰু Red Ribbonৰ সহযোগত আন্তজাতিক যুৱ দিৱস উদযাপন কৰা হয়৷ ধিং মহাবিদ্যালয়ৰ শ্ৰীমন্ত শঙ্কৰদেৱ প্ৰেক্ষাগৃহত দুদিনীয়া কাৰ্যসূচীৰে এই আন্তজাতিক যুৱ দিৱস উদযাপন কৰা হয়।

কাৰ্যসূচী অনুসৰি ১১ আগষ্টৰ পুৱা ১০ বজাত বক্তৃতা প্ৰতিযোগিতা অনুষ্টিত হয়।বক্তৃতা প্ৰতিযোগিতাৰ বিষয় আছিল বর্তমান সমাজত যুৱ সম্প্ৰদায়ৰ ওপৰত ড্ৰাগছ, HIV/AIDS ৰ প্ৰভাব৷

১২ আগষ্ট পুৱা ৬ বজাত হাফ মাৰাথান দৌৰ, পুৱা ১০ বজাত, অবিভক্ত নগাঁও জিলাৰ শৈক্ষিক প্ৰতিষ্ঠান সমূহৰ ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্রাংকন প্ৰতিযোগতা, পুৱা ১১ বজাত আন্তৰ্জাতিক যুৱ দিৱস উপলক্ষে বাটৰ নাট প্ৰদৰ্শন, ইয়াৰ পিছতে ধিং আৰোগ্য যোগ কেন্দ্রৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা যোগ প্ৰদৰ্শন, দিনৰ ১২ বজাত পৰা এখন সভা অনুষ্ঠিত হয়।

সভাৰ আৰম্ভণিতে স্বামী বিৱেকানন্দ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বটদ্ৰৱা আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জিত পোখৰেলে। ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিমান হাজৰিকাৰ সভাপতিত্বত সভা অনুষ্ঠিত সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্রদান কৰে ধিং ৰাজহ চক্রৰ চক্র বিষয়া বিলিভিয়া চৌধুৰীয়ে। সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকি অসম ৰাজ্যিক এইডচ নিয়ন্ত্ৰণ সহকাৰী সঞ্চালক ৰাজীৱ শৰ্মাই ভাষণ প্রদান কৰে।

সভাত ধিং মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ ৰিয়াজ উদ্দিন, অসম ৰাজ্যিক এইডচ নিয়ন্ত্ৰণৰ সদস্যা পিংকী বৰুৱা, মহিউদ্দিন আব্দুল কাদিৰ, এন এচ এচ গোটৰ প্ৰগেম অফিচাৰ ড০ মুকুট মণি শইকীয়া আৰু এন চি চি গোটৰ তত্বাৱধায়ক পুৰন্দ গগৈ, Red Ribbon গোটৰ উজ্জয়ন্ত দাস আদি কেইবা গৰাকী বিশিষ্ট ব্যক্তিয়ে ভাষণ প্রদান কৰে । উক্ত সভাতেই বিভিন্ন শিতানত অনুষ্ঠিত প্ৰতিযোতাৰ বঁটা সমূহ বিতৰণ কৰা হয় ।

-বাশ্বাৰ উল্লাহ মুজাদ্দাদী, ধিং

বৰ্ষাৰণ্য প্ৰতিষ্ঠানত গুণগত মানৰ ৰোপন সামগ্ৰী ওপৰত কাৰিকৰী কৰ্মশালা…

যোৰহাটস্থিত বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত এদিনীয়া কাৰ্যসূচীৰে “গুণগত মানৰ ৰোপন সামগ্ৰীৰ ওপৰত কাৰিকৰী কৰ্মশালা ” এখন অনুষ্ঠিত হয়। অসম কৃষি বনানীকৰণ উন্নয়ণ ব’ৰ্ডৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হোৱা এই কৰ্মশালাখনিত অসমৰ ৪৫ গৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ইয়াৰ ভিতৰত অসম চৰকাৰৰ বন বিভাগ, টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠান, অসমৰ আগশাৰীৰ কেইবাখনো চাহ বাগিছা, যোৰহাটৰ অগ্ৰণী গাট্টানী উদ্যোগ, কৃষক উৎপাদন সংস্থা, বনাঞ্চলৰ বাহিৰৰ গছৰ সৈতে জড়িত সংস্থা, নানান বেচৰকাৰী সংস্থা (NGO), বিশ্ব বন্যপ্ৰাণী পুঁজি (WWF) আৰু প্ৰতিষ্ঠানৰ বিজ্ঞানী-বিষয়াই অন্যতম । কৰ্মশালাখনি উদ্বোধন কৰে অসম কৃষি বনানীকৰণ উন্নয়ন ব’ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া ড° সোণালী ঘোষে । প্ৰতিষ্ঠানৰ সঞ্চালক ড° ৰাজীৱ কুমাৰ বৰাই কৰ্মশালাখনিৰ আৰম্ভণিতে সকলোকে আদৰণি জনায় । এই কৰ্মশালাখনিত সমল ব্যক্তি ৰূপে উপস্থিত থাকে যোধপুৰত অৱস্থিত শুষ্ক বন গৱেষণা প্ৰতিষ্ঠানৰ জ্যেষ্ঠ বিজ্ঞানী ড° তৰুণ কান্ত, টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ড° এ. বাবু, অসম কৃষি বনানীকৰণ উন্নয়ন ব’ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া ড° সোণালী ঘোষ, অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিজ্ঞানী ড° কে. কে. শৰ্মা, বিজ্ঞানী ভৱেশ গগৈ, বন বিষয়া মতিউৰ ৰহমান আৰু বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানী যথাক্ৰমে ড° ৰাজীৱ কুমাৰ বৰা, ড° সত্যম বৰদলৈ, ড° মণীষ কুমাৰ সিং, ড° বিশ্বনাথ শৰ্মা, ড° কৰ্মা গ্যালপো ভূটীয়া ।

সমল বিষয়াসকলে বিভিন্ন বিষয়ৰ ওপৰত যেনেঃ অসমৰ কৃষি বনানীকৰণ, চাহ বাগিচাৰ ভূমিৰ বৈজ্ঞানিক ব্যৱহাৰ, গুণগত মানৰ ৰোপন সামগ্ৰীনো কি ?, এইবোৰ তৈয়াৰ কৰাত বীজৰ ভূমিকা, গুণগত মানৰ ৰোপন সামগ্ৰীৰ শেহতীয়া উন্নয়ন, ভূমিৰ গুণগত মান, বনপুলি বাগানৰ বিভিন্ন সমস্যা আদি কৰি অনেক বিষয়ৰ ওপৰত তত্বগধুৰ পৰ্যালোচনা আগবঢ়ায় । অংশগ্ৰহণকাৰী প্ৰশিক্ষাৰ্থীসকলে বিভিন্ন বিষয়বস্তুৰ সম্পৰ্কে বিভিন্ন চিন্তা উদ্ৰেককাৰী প্ৰশ্ন সোধে আৰু সমলব্যক্তিসকলে ইয়াৰ যথাযথ উত্তৰ প্ৰদান কৰে । বৰ্তমান অসম চৰকাৰে কৃষি বনানীকৰণৰ ওপৰত যি গুৰুত্ব আৰোপ কৰিছে তালৈ লক্ষ কৰিলে দেখা যায় যে এই ধৰণৰ কৰ্মশালাই অসমৰ কৃষি বনানীকৰণৰ ক্ষেত্ৰ খনত যথেষ্ট ইতিবাচক প্ৰভাৱ পেলাব ।

টংলাৰ প্ৰেচিডেন্সি চিনিয়ৰ ছেকেণ্ডাৰী স্কুলত কৃতি ছাত্র ছাত্ৰীক অভিনন্দন…

টংলাৰ প্ৰেচিডেন্সি চিনিয়ৰ ছেকেণ্ডাৰী স্কুলত কৃতি ছাত্র ছাত্ৰীক অভিনন্দন। ওদালগুৰি জিলাৰ অন্তৰ্গত শৈক্ষিক নগৰী টংলাস্থিত প্ৰেচিডেন্সি চিনিয়ৰ ছেকেণ্ডাৰী স্কুলত আজি কৃতি ছাত্র-ছাত্ৰী তথা বিদ্যালয় খনত অধ্যয়ন কৰি বিভিন্ন বিষয়ৰ বিভাগত সফলতা অৰ্জন কৰি নিজকে কৰ্মমুখী কৰি তুলিব পৰা ছাত্র-ছাত্ৰীকো অভিনন্দন জনোৱা হয়। বিদ্যালয় খনৰ শিক্ষক ভাস্কৰজ্যোতি শৰ্মাই আঁতধৰা অনুষ্ঠান খনৰ উদ্দেশ্য বাখ্যা কৰে অধ্যক্ষ মোহন শৰ্মাই।অভিনন্দন অনুষ্ঠান খনত বিদ্যালয় খনৰ পৰা সুখ্যাতিৰে সুনাম অর্জন কৰি গৌৰৱ কঢ়িয়াই অনা বিজ্ঞান শাখাৰ ১৮ জন, বাণিজ্য শাখাৰ ১৩ জন আৰু কলা শাখাৰ ২০ জন ছাত্র ছাত্ৰীক মানপত্ৰ, কলম, গামোচাৰে অভিনন্দন জনোৱা হয়।

অনুষ্ঠান খনত অবসৰী শিক্ষক আলহাজ মুছাফৰ হুছেইন, সনাতন শইকীয়া, নিৰেন দৈমাৰী, লক্ষীমণি বৰুৱাই ছাত্র ছাত্ৰী উদ্দেশ্যি প্ৰেৰণা মূলক ভাষণ দিয়ে। ছাত্র ছাত্ৰীৰ গীত, নৃত্য আৰু গৰিমা কুমাৰৰ কবিতা আবৃত্তিয়ে অনুষ্ঠান খন জীপাল কৰি তোলে, আনহাতে উপস্থিত থাকে ক্ৰমে শিক্ষক হেমেন শইকীয়া,প্ৰকাশ শৰ্মা, সংবাদ কৰ্মী ফটিক ৰাভা, অৰূপ বড়ো লগতে অভিভাৱক আৰু ছাত্র ছাত্ৰী সকলে।

দেৰগাঁৱৰ দাধৰা শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ প্ৰাংগণত চকু পৰীক্ষা শিৱিৰ সম্পন্ন…

দেৰগাঁৱৰ দাধৰা শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ প্ৰাংগণত চকু পৰীক্ষা শিৱিৰ সম্পন্ন। আজি দেৰগাঁৱৰ দাধৰা বিষ্ণু মন্দিৰ প্ৰাঙ্গনত গৌৰৱ গগৈ ফেনক্লাৱৰ উদ্যোগত ভাৰত বিকাশ পৰিষদ , স্নেহপদ আৰু ভিছন স্প্ৰীঙৰ সহযোগত আৰু বিষ্ণু মন্দিৰ পৰিচালনা সমিতিৰ সৌজন্যত এক চকু পৰীক্ষা আৰু চশমা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয় । এই কাৰ্যসূচীভাগ আনুষ্ঠানিক ভাবে শুভ উদ্বোধন কৰে দাধৰা বিষ্ণু মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰবীণ বেজবৰুৱাই।

‘স্নেহপদ’ আৰু ‘ভিছন স্প্ৰীং ফাউণ্ডেচন’ৰ ফালৰ পৰা এজন চিকিৎসা বিষয়া তথা দুজন কৰ্মচাৰী ক্ৰমে ৰোহন চাৰোহা,পাৰ্থ নাথ আৰু ৰোহিত কুমাৰে এই অনুষ্ঠানত চিকিৎসা সেৱা আগবঢ়ায় ।‌ স্থানীয় ডেৰ শতাধিক লোকে চিকিৎসা গ্ৰহণ কৰা অনুষ্ঠানটিত বিদ্যুৎ গোস্বামী,পংকজ বৰদলৈ,বুবু গোস্বামী,সুৰেন হাজৰিকা, গোপাল কৃষ্ণ খাউণ্ড, লাচিত বৰা,দেৱজিত হাজৰিকা ,প্ৰাঞ্জল শৰ্মা,ৰাতুল বেজবৰুৱা,সুৰেন শৰ্মা,বৃন্দাবন বেজবৰুৱা আদি উপস্থিত থাকি এনে মহৎ‌ প্ৰচেষ্টাৰ শলাগ লয় ।

‘অক্ষয় কুমাৰক চৰ শোধাব পাৰিলে লাভ কৰিব ১০ লাখ টকাৰ পুৰস্কাৰ’…

‘অক্ষয় কুমাৰক চৰ শোধাব পাৰিলে লাভ কৰিব ১০ লাখ টকাৰ পুৰস্কাৰ’! এই কথা ঘোষণা কৰিছে আগ্ৰাৰ হিন্দু সংগঠনে। শুকুৰবাৰে অক্ষয় কুমাৰৰ ছবি OMG 2 য়ে মুক্তি লাখ কৰে। ছবি খনে মুক্তি পোৱাৰ লগে লগে ৰাষ্ট্ৰীয় হিন্দু পৰিষদ ভাৰতে বলীউডৰ অভিনেতাগৰাকীক ছবিখনত ভগৱান শিৱৰ চৰিত্ৰত অভিনয় কৰি ধৰ্মীয় আৱেগক আঘাত দিয়াৰ অভিযোগ কৰিছে। লগতে কোৱা হৈছে যে অভিনেতা অক্ষয়ৰক চৰ শোধাব পৰা ব্যক্তিক ১০ পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰিছে। প্ৰেক্ষাগৃহৰ বাহিৰত প্ৰতিবাদী বিক্ষোভ হিচাপে আগ্ৰাত অক্ষয় কুমাৰৰ প্ৰতিমূৰ্তি আৰু অ’এমজি ২ৰ পোষ্টাৰ জ্বলাই দিয়ে সংগঠনটোৱে।


ৰাষ্ট্ৰীয় হিন্দু পৰিষদ ভাৰতৰ সভাপতিৰ মতে অক্ষয়ে ড্ৰেডলক আৰু বুট পিন্ধি লুক, কাচোৰী কিনা, লেতেৰা পুখুৰীত গা ধুই থকা দেখি তেওঁ বিশেষভাৱে অসন্তুষ্ট। তেওঁ উল্লেখ কৰে যে এনে কাৰ্যই ভগৱান শিৱৰ প্ৰতিমূৰ্তি কলংকিত কৰিছে। সংগঠনটোৱে চেঞ্চৰ ব’ৰ্ড আৰু কেন্দ্ৰীয় চৰকাৰক ছবিখন নিষিদ্ধ কৰাৰ দাবী জনাইছে। ইফালে বক্স অফিচত অ’এমজি ২য়ে ১০.২৬ কোটি টকা সংগ্ৰহ কৰে। ইয়াৰ উপৰিও OMG 2 ত অভিনয় কৰিছে পংকজ ত্ৰিপাঠী আৰু য়মী গৌতমে।

আজি বিশ্ব হস্তী দিৱস, ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব হস্তী দিৱস পালন…

আজি বিশ্ব হস্তী দিৱস, ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব হস্তী দিৱস পালন। দৰং জিলাৰ দলগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত আজি বিশ্ব হস্তী দিৱস পালন কৰা হয়।উদ্যানৰ সভাগৃহৰ সন্মুখত এই দিৱস পালন কৰা হয়।

উদ্যানখনত থকা হস্তী প্ৰশিক্ষণ শিবিৰৰ হাতীসমূহক আজিৰ এই হস্তী দিবসৰ দিনা ৰাইজ আৰু পৰ্য্যটকসকলে নিচেই কাষৰ পৰা উপভোগ কৰে। লগতে উপস্থিত থাকে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্মী সকল।

নগাঁৱৰ কচুৱা গেৰজাইপামত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। অভিযানত আটক এজন…

নগাঁৱৰ কচুৱা গেৰজাইপামত নিশা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান । অভিযানত হেৰ’ইন ভৰ্তি ৫৪ টা কন্টেনাৰ আৰু ৩ টা ছিৰিঞ্জ সহ এজনক আটক।

ধৃত ড্ৰাগছ সৰবৰাহকাৰীৰ নাম আবুল হুছেইন। ধৃত আবুল হুছেইনৰ পৰা ৩১.২৬ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ বৰ্তমান অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

শনি দেৱক সন্তুষ্ট কৰিবলৈ শনিবাৰে পৰিধান কৰক ক’লা ৰঙৰ কাপোৰ…

শনি দেৱক সন্তুষ্ট কৰিবলৈ শনিবাৰে কি কি ৰঙৰ কাপোৰ পিন্ধিব লাগে জানেনে? শনিবাৰে নীতি-নিয়ম মানি চলিলে শনি দেৱ সোনকালে সুখী হয়। আজি আমি আপোনালোকক জনাম শনিবাৰে শনি দেৱে কি ৰঙৰ কাপোৰ পিন্ধিলে সন্তুষ্ট হয়। শনি দেৱ সন্তুষ্ট হ’য়’লে, সেই ব্যক্তিজনৰ সকলো সমস্যা সমাধান হয়।

আপোনাৰ গাত যদি শনিৰ প্ৰবাৱ পৰিছে তেন্তে শনিবাৰে এজন ব্যক্তিয়ে পূজা, দান-বৰঙণি আৰু কিছু ব্যৱস্থা কৰি শনি দোষৰ পৰা মুক্তি পাব পাৰে।

শনি দেৱে নীলা আৰু ক’লা ৰঙৰ কাপোৰ ভাল পায়। শনি দেৱক সন্তুষ্ট কৰিবলৈ শনিবাৰে নীলা আৰু ক’লা ৰঙৰ কাপোৰ পৰিধান কৰক। প্ৰতিটো ক্ষেত্ৰতে সফলতা লাভ কৰিব। লগতে শনিবাৰে পাৰ্চত নীলা বা ক’লা ৰঙৰ কাপোৰ ৰাখিব পাৰে। শনিবাৰে মিথুন ৰাশিৰ লোকৰ বাবে ক’লা ৰঙৰ কাপোৰ পিন্ধাব লাগে।

যদি বৃশ্চিক ৰাশিৰ লোকসকলে শনিবাৰে ক’লা কাপোৰ পিন্ধে, তেন্তে তেওঁলোকে বিবাহৰ সুখ পায়। আনহাতে শনি দেৱৰ পূজাৰ সময়ত তামৰ বাচন ব্যৱহাৰ নকৰিব। কাৰণ তাম সূৰ্যৰ ধাতু।ইয়াৰ বাহিৰেও মনত ৰাখিব যে শনি দেৱৰ পূজাত ৰঙা ৰঙৰ একোৱেই অৰ্পণ কৰিব নালাগে। শনিবাৰে দুখীয়াক ক’লা বস্তু দান কৰক। শনি দেৱ সন্তুষ্ট হ’ব। শনিবাৰে শনি দেৱক ক’লা তিল আগবঢ়াব। শনি দেৱক পূজা কৰি থাকোঁতে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সম্পূৰ্ণ যত্ন ল’ব, নহলে শনি দেৱৰ খং উঠিব।

ধৰ্মীয় বিশ্বাস অনুসৰি শনি দেৱ যেতিয়া মাতৃ ‘ছায়া’ৰ গৰ্ভত আছিল, তেতিয়া মাতৃ ছায়াই গৰ্ভধাৰণৰ সময়ৰ পৰাই ভগৱান শিৱৰ কঠোৰ তপস্যা কৰিছিল। এই কাৰণতে গৰ্ভাৱস্থাত নিজৰ স্বাস্থ্যৰ সঠিক যত্ন ল’ব পৰা নাছিল। শনি দেৱৰ জন্মৰ সময়ত তেওঁ অত্যন্ত পুষ্টিহীনতা আৰু ক’লা ৰঙৰ আছিল। পুত্ৰৰ ক’লা ৰং দেখি দেৱী ছায়াৰ স্বামী সূৰ্য্য দেৱে তেওঁক পুত্ৰ বুলি মানি ল’বলৈ অস্বীকাৰ কৰিলে। অৱশ্যে পিছলৈ তেওঁ নিজৰ ভুলটো উপলব্ধি কৰি শনি দেৱক পুত্ৰ হিচাপে মানি লয়। তেতিয়াৰ পৰাই ক’লা ৰং শনি দেৱৰ প্ৰিয় বুলি গণ্য কৰা হৈছিল। শনি দেৱৰ আশীৰ্বাদ পাবলৈ ৰাইজে শনিবাৰে গাঢ় ৰঙৰ কাপোৰ পিন্ধিব লাগে।