Home Blog Page 1422

ৰঙিয়াত সমাজ লজ্জানত কৰা ঘটনা ! সম্পৰ্কীয় ককাকৰ কামনাৰ বলি হল এগৰাকী কিশোৰী…

ৰঙিয়াত সমাজ লজ্জানত কৰা ঘটনা।

সম্পৰ্কীয় ককাকৰ কামনাৰ বলি হল এগৰাকী 14 বছৰীয়া কিশোৰী ।

ঘটনা অনুসৰি আজি দিনৰ ভাগত ঘৰত অকলে আছিল কিশোৰী গৰাকী ।

দেউতাক গৈছিল দিন হাজিৰা কৰিবলৈ আৰু মাকে আন এটা সন্তানক বিদ্যালয়ৰ পৰা আনিব যাওঁতেই লম্পট ব্যক্তি জনে সংঘটিত কৰে অপকৰ্ম ।

৫০ উৰ্ধৰ ব্যক্তি গৰাকী হল নচৰুল হক ঘৰ তেওঁৰ ৰঙিয়াৰ 10 নং ৱাৰ্ডৰ ইউচুফ নগৰত ।

কিশোৰী গৰাকীৰ আত্মীয়ই জানিব দিয়ে যে বিচনাত শুই থকা অৱস্থাত শাৰীৰিকভাৱে বলৎকাৰ কৰে কিশোৰী গৰাকীক ।

কিশোৰী গৰাকী বহুত চেষ্টা কৰাৰ পিছতো হাত সাৰিব যাব নোৱাৰিলে নচৰুলৰ হাতৰ পৰা ।

আত্মীয়ই জানিব দিয়ে যে বলৎকাৰ কৰি উঠাৰ পিছত গাৰুৰে হেঁচা মাৰি ধৰা অৱস্থাত দেউতাক ঘৰলৈ ভাত আহি দেখা পাই ,কোনোমতে প্ৰাণ ৰক্ষা পৰে কিশোৰী গৰাকীৰ ।

ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে ৰঙিয়া আৰক্ষী থানাত গোচৰ দিয়ে ।

ইতিমধ্যে পলাতক অৱস্থাত থকা লম্পট নচৰুলক আটক কৰে ৰঙিয়া আৰক্ষীয়ে ।

বিদেশ ভ্ৰমণলৈ ৰাহুল গান্ধী। ভ্ৰমণ কৰিব ইউৰোপৰ এই দেশসমূহ…

তৃতীয় বাৰৰ বাবে বিদেশ ভ্ৰমণলৈ ৰাহুল গান্ধী। ভ্ৰমণ কৰিব ইউৰোপৰ এই দেশসমূহ। কংগ্ৰেছ নেতা তথা সাংসদ ৰাহুল গান্ধী আকৌ এবাৰ বিদেশ ভ্ৰমণলৈ যাব। ছেপ্টেম্বৰৰ দ্বিতীয় সপ্তাহত ইউৰোপ ভ্ৰমণলৈ যাব ৰাহুল গান্ধী। ইয়াৰ পূৰ্বে ৰাহুল গান্ধীয়ে আমেৰিকা ভ্ৰমণলৈ গৈছিল। আগন্তুক ভ্ৰমণৰ সময়ত ৰাহুল গান্ধীয়ে ইউৰোপৰ দেশ, বেলজিয়ামৰ ব্ৰাছেলছ, নৰৱেৰ অছলো আৰু ফ্ৰান্সৰ পেৰিছ ভ্ৰমণ কৰিব। ইউৰোপীয় সংসদ ভ্ৰমণ কৰি ইউৰোপীয় ইউনিয়নৰ সাংসদসকলৰ সৈতেও আলোচনাত মিলিত হ’ব। ইয়াৰ সমান্তৰালকৈ প্ৰবাসী ভাৰতীয়সকলৰ সৈতেও বৈঠক অনুষ্ঠিত হ’ব আৰু তাত থকা বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতেও মত বিনিময়ৰ কাৰ্যসূচীও আছে। ২০২৩ চনত ৰাহুল গান্ধীৰ এয়া হ’ব তৃতীয় বিদেশ ভ্ৰমণ। ইয়াৰ পূৰ্বে ৰাহুল গান্ধীয়ে মে’ মাহৰ শেষ সপ্তাহত আমেৰিকা ভ্ৰমণলৈ গৈছিল। আমেৰিকা ভ্ৰমণত ৰাহুল গান্ধীয়ে তিনিখন চহৰ ছান ফ্ৰান্সিস্কো, ৱাশ্বিংটন ডি চি আৰু নিউয়ৰ্কলৈ গৈছিল। এই সময়ছোৱাত ৰাহুল গান্ধীয়ে উদ্যোগী, আমেৰিকাৰ সাংসদসকলৰ লগতে ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক সাক্ষাত কৰিছিল। ৰাহুল গান্ধীয়েও আমেৰিকা ভ্ৰমণৰ পূৰ্বে এইবাৰ লণ্ডন ভ্ৰমণ কৰিছিল। ​

নগাঁৱত হেৰ’ইন ভৰ্তি ৫৪ টা কন্টেনাৰ আৰু ৩ টা ছিৰিঞ্জ সহ এজনক আটক

নগাঁৱৰ কচুৱা গেৰজাইপামত নিশা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।

অভিযানত হেৰ’ইন ভৰ্তি ৫৪ টা কন্টেনাৰ আৰু ৩ টা ছিৰিঞ্জ সহ এজনক আটক।

ধৃত ড্ৰাগছ সৰবৰাহকাৰী টোৰ নাম আবুল হুছেইন ।

ধৃত আবুল হুছেইনৰ পৰা ৩১.২৬ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰে আৰক্ষীয়ে ৷

বৰ্তমান অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ধৃত সৰবৰাহকাৰী টোক ।

বিলুপ্ত হ’ল আমগুৰি সমষ্টি। ১৪ আগষ্টত আমগুৰি বন্ধৰ আহ্বান আমগুৰি সুৰক্ষা সমিতিৰ…

১৪ আগষ্টত আমগুৰি সমষ্টি বন্ধৰ আহ্বান জনাইছে আমগুৰি সমষ্টি সুৰক্ষা সমিতিয়ে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি, বীৰ লাচিত সেনা, আটাছুকে ধৰি বহুকেইটা জাতীয় সংগঠনে আহ্বান জনাইছে আমগুৰি সমষ্টি বন্ধৰ। পুৱা ৫ বজাৰ পৰা সন্ধ্যা ৫ বজালৈ আমগুৰি সমষ্টি বন্ধৰ আহ্বান জনাইছে। ভাৰতীয় নিৰ্বাচন আয়োগে সমষ্টি পুন:নিৰ্ধাৰণৰ চূড়ান্ত খচৰা তালিকাত আমগুৰি সমষ্টি কৰ্তনৰ পিছতেই আহ্বান জনাইছে আমগুৰি সমষ্টি বন্ধৰ।


উল্লেখ্য যে চূড়ান্ত খচৰা তালিকাত আমগুৰি সমষ্টি কৰ্তনৰ পিছতেই আমগুৰি চাৰিআলিত নিশাই আমগুৰিৰ বহুকেইটা জাতীয় সংগঠনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ভাৰতীয় নিৰ্বাচন আয়োগৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী গ্ৰহণ কৰে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, বীৰ লাচিত সেনা, আহোম সেনাৰ বিষয়ববীয়াই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। আমগুৰি নগৰৰ চাৰিআলিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ভাৰতীয় নিৰ্বাচন আয়োগৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠে জাতীয় সংগঠনকেইটা । বিধায়ক প্ৰদীপ হাজৰিকাই আমগুৰি সমষ্টি ৰক্ষাত কোনো ধৰণৰ ভূমিকা গ্ৰহণ নকৰাৰ অভিযোগ আনি জাতীয় সংগঠনকেইটাই প্ৰদীপ হাজৰিকাৰ এনে কাৰ্যক ধিক্কাৰ প্ৰদান কৰে।

গাখীৰ খাই বেয়া পাই নেকি? চিন্তাৰ কোনো কাৰণ নাই! গাখীৰৰ সলনি খাওক এই সমূহ খাদ্য…

গাখীৰ খাই বেয়া পাই নেকি? চিন্তাৰ কোনো কাৰণ নাই! গাখীৰৰ সলনি খাওক এই সমূহ খাদ্য। কেলচিয়াম সমৃদ্ধ খাদ্য আমাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ। কেলচিয়ামে দাঁত আৰু হাড় শক্তিশালী কৰাৰ লগতে স্নায়ুৰ কাম-কাজ বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শৰীৰে দুটা ধৰণে কেলচিয়াম পায়। এটা উপায় হ’ল কেলচিয়াম সমৃদ্ধ খাদ্য বা পৰিপূৰক খোৱা আৰু আনটো উপায় হ’ল শৰীৰত থকা কেলচিয়াম গ্ৰহণ কৰা। শৰীৰৰ দৈনন্দিন প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ কেলচিয়াম সমৃদ্ধ খাদ্য খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে। কেলচিয়াম সমৃদ্ধ ৫ টা খাদ্যৰ বিষয়ে জানক…


কচুত ভাল পৰিমাণৰ কেলচিয়াম পোৱা যায়। গতিকে কেলচিয়ামৰ বাবে খাব পাৰে কচু।

তিল কেলচিয়ামৰ ভাল উৎস। আপুনি খাদ্যত কেলচিয়ামৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে চালাড, ৰুটি বা অন্যান্য বস্তুত অন্তৰ্ভুক্ত কৰি।

পনিৰ কেলচিয়াম আৰু প্ৰটিনৰ উত্তম উৎসও। ইয়াক বিভিন্ন ৰূপত খালে আপোনাৰ শৰীৰে উপযোগী পুষ্টিকৰ উপাদান লাভ কৰে।

ব্ৰকলিতো ভাল পৰিমাণৰ কেলচিয়াম থাকে আৰু ইয়াত প্ৰচুৰ পৰিমাণে বিভিন্ন পুষ্টিকৰ উপাদান থাকে।

আলমণ্ড কেলচিয়ামৰ ভাল উৎসৰ লগতে আলমণ্ডে প্ৰচুৰ পৰিমাণে প্ৰটিন আৰু স্বাস্থ্যকৰ চৰ্বিও প্ৰদান কৰে শৰীৰক।


ৰাজ্যৰ ১৯ টাকৈ বিধানসভা সমষ্টিৰ নাম সলনি ! দেশৰ নিৰ্বাচনী আয়োগে প্ৰকাশ কৰিলে সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা…

ৰাজ্যৰ ১৯ টাকৈ বিধানসভা সমষ্টিৰ নাম সলনি

সলনি হ’ল এটা লোকসভা সমষ্টিৰ নাম

দেশৰ নিৰ্বাচনী আয়োগে প্ৰকাশ কৰিলে সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা

অনুসূচীত জাতিৰ বাবে ৯ টা বিধানসভা আৰু ১ লোকসভা সমষ্টি সংৰক্ষণ

আনহাতে, অনুসূচীত জনজাতিৰ বাবে ১৯ টাকৈ বিধানসভা আৰু ২ টা লোকসভা সমষ্টিৰ সংৰক্ষণ

তালিকা অনুসৰি মানকাচাৰ সমষ্টিৰ নাম সলনি হৈ হ’ল বিৰচিং জৰুৱা
দক্ষিণ শালমাৰাৰ নাম সলনি হৈ হ’ল মানকাচাৰ
মানিকপুৰ হ’ল সৃজনগ্ৰাম, ভৱানীপুৰ হ’লগৈ ভৱানীপুৰ সৰভোগ
ৰুপচী – পাকাবেটবাৰী,
বকো – বকো ছয়গাঁও
হাজো – হাজো শুৱালকুচি
গোৱৰ্দ্ধণা – মানস
বটদ্ৰৱা – ধিং
নগাঁও – নগাঁও বটদ্ৰৱা


চতিয়া – নদুৱাৰ
চাবুৱা – চাবুৱা লাহোৱাল
মৰাণ – খোৱাং
ডিমা হাছাও – হাফলং
আলগাপুৰ – আলগাপুৰ কাটলিচেৰা
বদৰপুৰ – উত্তৰ কৰিমগঞ্জ

উত্তৰ কৰিমগঞ্জ – দক্ষিণ কৰিমগঞ্জ
দক্ষিণ কৰিমগঞ্জ – পাথাৰ কান্দি
ৰাতাবাৰী – ৰামকৃষ্ণ নগৰ

ইফালে, পূৰ্বে প্ৰকাশ কৰা দৰং লোকসভা সমষ্টিৰ নাম সলনি হৈ হলহৈ দৰং ওডালগুৰি

দেৰগাঁৱৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত কৰা হয় বাটৰ নাট…

পানীয়ে প্ৰাণীৰ প্ৰাণ । বিশুদ্ধ খোৱা পানী জনসাধাৰণক যোগান ধৰাৰ লক্ষ্যৰে ৰাজ্যত ৰূপায়ণ হৈ আহিছে জল জীৱন মিচন শীৰ্ষক অভিলাষী আচনি । এনে সময়তে জল সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ দিশ সন্দৰ্ভত জনসাধাৰণক সচেতন কৰি তোলাৰ পদক্ষেপ গ্ৰহণ কৰিছে দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে । আজি দেৰগাঁৱৰ আৰক্ষী থানাৰ সমীপত আৰু দেৰগাঁও নৰেন শৰ্মা স্মৃতি পথাৰৰ সমীপত বিদ্যালয় খনৰ উদ্যোগত অনুষ্ঠিত কৰা হয় বাটৰ নাট ।

বিদ্যালয়ৰ সহকাৰী শিক্ষক মৃগাংক ঠাকুৰৰ পৰিচালনাত আৰু বিদ্যালয়ৰ অধ্যক্ষ চিদা পাঠকৰৰ তত্ত্বাৱধান বিদ্যালয়খনৰ ছাত্ৰী সকলে প্ৰদৰ্শন কৰে নাটখনি। নাটখনিৰ জৰিয়তে সমবেত দৰ্শক সকলক পানীৰ উপযুক্ত ব্যৱহাৰ আৰু সংৰক্ষণৰ আহ্বান জনাই অভিনিত শিল্পী সকলে ।

লাহোৱালৰ ইকৰাতলী গাঁৱৰ জেউতী বৰুৱা ফুকনৰ ঔষধ সেৱনেৰে বহু ৰোগী হৈছে সুস্থ…

আপোনাৰ বাৰীৰ চুকতো থাকিব পাৰে মাৰাত্মক কেঞ্চাৰ প্ৰতিৰোধী ঔষধ। কেঞ্চাৰে নহয় এজমা,ব্ৰেইন টিউমাৰ আদি ভিন্ন ৰোগ নিৰাময়ৰ ঔষধ থাকিব পাৰে আপোনাৰ কাষতে। বনৌষধি ঔষধ সেৱনেৰে বিভিন্ন ৰোগৰ পৰা মুক্তি পাব পাৰে আপুনি। লাহোৱালৰ ইকৰাতলী গাঁৱৰ এগৰাকী মহিলা এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু। ইকৰাতলী জেউতী বৰুৱা ফুকনৰ ঘৰত বাৰীত আছে অজস্ব্ৰ বেমাৰৰ ঔষধ। এখন যেন ফাৰ্মাচীলৈ পৰিৱৰ্তিত হৈছে এই মহিলাগৰাকীৰ ঘৰখন। এইগৰাকী জেউতি বৰুৱা ফুকন নিজেই আক্ৰান্ত হৈছিল ব্লাড কেঞ্চাৰত। বহু বছৰ ধৰি ব্লাড কেঞ্চাৰত ভুগি আছিল তেওঁ। চিকিৎসা কৰি পোৱা নাছিল উপশম। অৱশেষত বাৰীতে থকা বনৌষধিৰে ঔষধ বনাই খাবলৈ লৈছিল তেওঁ আৰু সেইয়া যেন সফল হ’ল। সম্পূৰ্ণ ৰূপে সুস্থ হৈ উঠিল তেওঁ। ইয়াৰ পিছত তেওঁ ৰৈ থকা নাই, ঘৰতে বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰি তেওঁ বহুজনক দিছে কেঞ্চাৰ,ব্ৰেইন টিউমাৰ, এজমা,পাইলচৰ ঔষধ। তেওঁ দাবী কৰিছে বহু ৰোগী সুস্থ হৈছে তেওঁৰ ঔষধ খাই। আজি কালি পুৱাই তেওঁৰ ঘৰত ভিৰ লাগে। ভিন্ন ৰোগৰ ঔষধ বিচাৰি জেউতী বৰুৱা ফুকনৰ ওচৰলৈ আহে ৰোগী।

নতুনকৈ তেওঁ চকুৰ ৰোগৰো ঔষধ উদ্ভাৱন কৰিছে। চকুৰ কেটেৰেক পৰাকে ধৰি ভিন্ন চকু ৰোগৰ ঔষধ বিচাৰি উলিয়াইছে। ইতিমধ্যো কেইবাজনো ৰোগীক এই ঔষধ দি সুস্থ কৰি তুলিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ তেওঁৰ ঔষধত সুস্থ হৈছে ১০ জন ব্লাড কেঞ্চাৰ ৰোগী।অন্যহাতে চিকিৎসকে ৰিমভ কৰিবলৈ দিয়া ইউৰেটাচৰো ঔষধ আছে জেউতিৰ হাতত। ইউৰেটাছ ৰিমভ নকৰাকৈয়ে এই বনৌষধি ঔষধ খাই সুস্থ হ’ব পাৰিব। ইতিমধ্যো এই ঔষধ খাই ইউেৰটাছৰ পৰা মুক্ত হৈ এগৰাকী গৰ্ভৱতী মহিলাই সুন্দৰ ৰূপত সন্তান জন্ম দিয়া বুলি তেওঁ দাবী কৰিছে। বিগত ডেৰ দশক ধৰি তেওঁ বিভিন্ন ৰোগীক প্ৰদান কৰি আহিছে ঔষধ।

কিন্তু ৰাইজক আশ্বস্ত কৰিব পৰাকৈ তেওঁ এইবাৰ পাইছে চৰকাৰৰ স্বীকৃতি। কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ৰ অধীনত গোৱাত তেওঁ প্ৰশিক্ষন গ্ৰহণ কৰি স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। জেউতি বৰুৱা ফুকনে এই ঔষধ তৈয়াৰ কৰিবৰ বাবে ব্যৱহাৰ কৰে বাৰীতে থকা কেইটামান বিশেষ বনৌষধি। লগতে ব্যৱহাৰ কৰে কম পৰিমাণে গো মূত্ৰ আৰু বনৌষধি সমূহ ছিঙি অনাৰ পিছত স্থানীয় কেইগৰাকীমান মহিলাৰ সৈতে লগ হৈ প্ৰস্তুত কৰে ঔষধ। জেউতী বৰুৱা ফুকনৰ এই ঔষধক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা চলিছে। কেইবাজনো ৰোগী সুস্থ হোৱাৰ প্ৰমাণ লাভ কৰি বহুজনে ভিৰ কৰিছে তেওঁৰ ওচৰত।

জীৱনত সুখী হ’বলৈ এই সমূহ বস্তুৰ পৰা দূৰত্ব বজাই ৰাখক…

সুখী জীৱন যাপনৰ পথ শ্ৰীমদ ভাগৱত গীতাত ব্যাখ্যা কৰা হৈছে। গীতাৰ প্ৰতিটো পদ জীৱনৰ সাৰমৰ্মৰ দৰে। কোৱা হৈছে যে কিছুমান বস্তুৰ পৰা দূৰত্বইহে আপোনাক সুখী কৰি ৰাখিব পাৰে। শ্ৰীমদ্ভাগৱত গীতা হিন্দু ধৰ্মৰ এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ। ভাগৱত গীতাত জীৱনৰ প্ৰতিটো সমস্যাৰ সমাধান আছে বুলি বিশ্বাস কৰা হয়। ইয়াৰ লগতে সুখী জীৱন যাপনৰ উপায়ৰ বিষয়েও কোৱা হৈছে। আজি আমি আপোনালোকক জনাম গীতত কি কি বস্তুৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ কোৱা হৈছে-


ভগৱান শ্ৰীকৃষ্ণই ভাগৱত গীতাত কৈছে যে কেতিয়াও আনৰ খাদ্যৰ ওপৰত আপোনাৰ কু দৃষ্টি নিক্ষেপ নকৰিব। বৰঞ্চ সদায় নিজৰ কষ্টোপাৰ্জিত ধনেৰে নিজকে আৰু পৰিয়ালক খুৱাব। প্ৰতাৰণা কৰি গ্ৰহণ কৰা খাদ্য বা কাৰোবাৰ অধিকাৰক হত্যা কৰি গ্ৰহণ কৰা খাদ্যই স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলায়। লগতে জীৱনলৈ দুখ কঢ়িয়াই আনে।

আন কাৰোবাৰ টকা দখল কৰাটো কেতিয়াও ভাল নহয়। প্ৰতাৰণা কৰি উপাৰ্জন কৰা বা প্ৰৱঞ্চনাৰ দ্বাৰা লোৱা ধনে আপোনাক ধনী কৰি তুলিব পাৰে, কিন্তু সুখী কৰিব নোৱাৰে। এনে ধনে আপোনাৰ ক্ষতিহে কৰে।

যিকোনো সামাজিক বা ধৰ্মীয় কামৰ বাবে সংগ্ৰহ কৰা ধন দখল বা অপব্যৱহাৰ কৰাটো এটা ডাঙৰ পাপ। বৰঞ্চ আপোনাৰ উপাৰ্জিত ধনৰ এটা অংশ এনে কামত দান কৰক।

অচিনাকি নাৰীক চকু ৰখা বা বেয়া চকু ৰখাটো পাপ। এনে কামে আপোনাৰ সুনাম নষ্ট কৰে। ই আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ প্ৰতি সন্মান হানিকাৰক কাৰণ হৈ পৰে।

কেতিয়াও আনক নিন্দা নকৰিব। সমালোচনা কৰি আপুনি কেৱল নিজৰ ক্ষতিহে কৰে। নিন্দা কৰিলে আপোনাৰ চিন্তাধাৰাত নেতিবাচকতা আহি পৰে।


ল’ বাজেট, হিট ফিল্ম! ২ কোটি টকাৰে নিৰ্মাণ কৰা ছবিয়ে উপাৰ্জন কৰিছিল ১০০ কোটিৰো অধিক। ছবি খনৰ নামটো জানেনে…

ল’ বাজেট, হিট ফিল্ম! ২ কোটি টকাৰে নিৰ্মাণ কৰা ছবিখনে উপাৰ্জন কৰে ১০০ কোটিৰো অধিক। ৪১ বছৰ আগতে এখন ছবিয়ে বক্স অফিচত ইমানেই উপাৰ্জন কৰিছিল যে ছবিখন চাবলৈ বাহিৰত দৰ্শকৰ লাইন লাগিছিল। এই ছবিখনত মিথুন চক্ৰৱৰ্তীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। বিদেশতো এই ছবিখনৰ চৰ্চা হৈছিল। এই ছবিখনে প্ৰথম ১০০ কোটিৰ ছবি হিচাপে পৰিগণিত হৈছিল।

৮০ৰ দশকত মিথুন চক্ৰৱৰ্তীয়ে চিনেমা জগতত ৰাজত্ব কৰি আছিল। তেওঁৰ এখন ছবিয়ে বক্স অফিচত উপাৰ্জনৰ ইমানেই অভিলেখ গঢ়িছিল যে আজিলৈকে কোনেও ভংগ কৰিব পৰা নাই সেই ৰেকৰ্ড। আনকি এই ছবিখনৰ খ্যাতিও সমগ্ৰ বিশ্বতে দেখা গৈছিল। এই ছবিখনে মিথুন চক্ৰৱৰ্তীক বলীউডত হিট কৰি তুলিছিল।

মিথুন চক্ৰৱৰ্তীৰ এই ছবিখনৰ নাম ‘ডিস্কো ডান্সাৰ’। এই ছবিখন ১৯৮২ চনৰ ১০ ডিচেম্বৰত মুক্তি লাভ কৰিছিল। এই ছবিখন পৰিচালনা কৰিছিল বব্বৰ সুভাষে। য’ত দুখন বাঙালী মুখে ছবিখনক প্ৰাণ দিছিল। এজন মিথুন চক্ৰৱৰ্তী আৰু আনজন বাপ্পী লাহিৰী। এই ছবিখন মুক্তি পাইছিল তেতিয়া ভাৰতত ইয়াৰ সংগ্ৰহ আছিল ৬ কোটি। কিন্তু ২ বছৰৰ পাছত ১৯৮৪ চনত যেতিয়া এই ছবিখন ছোভিয়েট ইউনিয়নত মুক্তি পাইছিল, তেতিয়া ইয়াৰ উপাৰ্জন সম্পূৰ্ণৰূপে বৃদ্ধি পাইছিল। এই ছবিখনৰ সংকলন মধ্য এছিয়া, পূব-পশ্চিম আফ্ৰিকা, তুৰস্ক আৰু চীনৰ বহু দেশত দেখা গৈছিল।

‘ডিস্কো ডান্সাৰ’ ছবিখনৰ বাজেট আছিল মাত্ৰ ২ কোটি। কিন্তু বিশ্বজুৰি সংগ্ৰহ আছিল ১০০.৬৮ কোটি। এই ছবিখন ১৯৯৪ চনত সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হয়।