Home Blog Page 1428

লোকসভাৰ সদস্য হৈ উভতিল ৰাহুল গান্ধী; কাইলৈ সাক্ষাৎ কৰিব অসমৰ ১২ বিৰোধী দলক!

লোকসভাৰ সদস্য হিচাপে পুনৰ নিযুক্তি পোৱাৰ কেইঘণ্টামানৰ পাছত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে অহা ৮ আগষ্টত নতুন দিল্লীত অসমৰ ১২টা বিৰোধী দলক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে।

ৰাহুল গান্ধী আৰু নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আগন্তুক নিৰ্বাচনৰ ঐক্যবদ্ধ কৰ্ম পৰিকল্পনা সন্দৰ্ভত আলোচনা কৰিব।

দুটা আঞ্চলিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ উপৰিও ১২টা দলীয় গোটৰ লগতে আম আদমী পাৰ্টীও অন্তৰ্ভুক্ত।

অসম জাতীয় পৰিষদৰ মুৰব্বী লুৰিণজ্যোতি গগৈয়ে উল্লেখ কৰে যে আগষ্টত ৰাজ্যিক কংগ্ৰেছ কমিটীৰ সৈতে প্ৰথমখন বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা থকাৰ সময়তে অনাগত দিনত ৰাহুল গান্ধীৰ সৈতে আলোচনাৰ প্ৰস্তাৱ আছে।

১৬ আগষ্টত অসমৰ আঞ্চলিক ৰাজনৈতিক দলসমূহৰ নেতাসকলক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে কংগ্ৰেছ নেতাগৰাকীয়ে।

শিৱক পূজা কৰাৰ সময়ত ৩ বাৰ হাত চাপৰি বজাইছিল শিৱৰ পৰম ভক্ত ৰাৱণে…

এতিয়া শাওণ মাহ। শাওণ মাহৰ সময়ত ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ অতি বিশেষ। কিন্তু বছৰ বছৰ ধৰি নিতৌ শিৱক পূজা কৰি অহা লোকসকলো এটা কথাৰ পৰা অজ্ঞাত। ভগৱান শিৱক সন্তুষ্ট কৰাটো অতি সহজ কাৰণেই ভগৱান শিৱক ভোলানাথ বুলি কোৱা হয়। এগিলাচ পানী আৰু শুকান বেলপাত লৈও সুখী হৈ পৰে ভগৱান শিৱ। মাথোঁ এই কাম সম্পূৰ্ণ ভক্তিৰে কৰা উচিত। এই কাৰণেই ভগৱান শিৱৰ পূজা অতি সহজ বুলি গণ্য কৰা হয়। সেয়েহে বাবে বহু লোকে নিতৌ শিৱক পূজা কৰে। কিন্তু প্ৰতিদিনে শিৱক পূজা কৰা বেছিভাগ মানুহেও নাজানে এটা বিশেষ কথা।


পঞ্চমৃত, বেলপাত্ৰ, ধাতুৰাক ভগৱান শিৱৰ পূজাত অতি শুভ বুলি গণ্য কৰা হয়। ইয়াৰ বাহিৰেও আপুনি দেখিছেনে ভগৱান শিৱক পূজা কৰি থাকোঁতে মানুহে তিনিবাৰ হাত চাপৰি বজায়। এই কাম কৰিলেহে শিৱ পূজা সম্পূৰ্ণ হয় বুলি বিশ্বাস কৰা হয়। কিন্তু ইয়াৰ আঁৰৰ কাৰণ কি জানেনে।


ধৰ্মশাস্ত্ৰ অনুসৰি ৩ বাৰ হাত চাপৰি বজোৱাৰ আঁৰৰ এই বিশেষ কাৰণটো হৈছে মহাদেৱক তেওঁৰ উপস্থিতিৰ কথা জনাবলৈ প্ৰথম হাত চাপৰি বজোৱা হয়। আনহাতে দ্বিতীয়টো হাত চাপৰি বজোৱা হয় যে অনুভৱেৰে যে শিৱৰ পৰা একো নিবিচৰাকৈয়ে আমাৰ ঘৰৰ ভঁৰাল ভৰপূৰ হৈ থাকিব লাগে। শেষৰ হাত চাপৰি বজাই মহাদেৱক তেওঁৰ ভৰিত আমাক ঠাই দিবলৈ প্ৰাৰ্থনা কৰা হয়।


শিৱৰ পৰম ভক্ত ৰাৱণেও শিৱ পূজাৰ সময়ত ৩ বাৰ হাত চাপৰি বজাইছিল বুলি বিশ্বাস কৰা হয়। ইয়াৰ পৰাই তেওঁ লংকাৰ ৰাজ্য পালে। আনহাতে ভগৱান শ্ৰীৰামে যেতিয়া সাগৰৰ ওপৰত এখন দলং নিৰ্মাণ কৰিব বিচাৰিছিল, তেতিয়া এই কামত সফলতা লাভ কৰিবলৈ শিৱক পূজা কৰিছিল আৰু পূজাত ৩ বাৰ হাত চাপৰি বজাইছিল। এই দলং নিৰ্মাণৰ কাম সফলতাৰে সম্পূৰ্ণ কৰি ৰাৱণক বধৰ বাবে লংকালৈ যোৱা বাট সাজু হৈ উঠিছিল।

জিতেন্দ্ৰনাথ বৰা সোঁৱৰণী শৈক্ষিক ন্যাস বঁটা প্ৰদান…

২০১৯ চনৰ পৰা ধাৰাবাহিকভাৱে গোলাঘাট জিলাৰ চৰকাৰী বিদ্যালয়সমূহৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষস্থান অধিকাৰ কৰা কৃতীমানক জিতেন্দ্ৰনাথ বৰা সোঁৱৰণী শৈক্ষিক ন্যাস বঁটা তেখেতৰ পৰিয়ালে প্ৰদান কৰি আহিছে । এই বৰ্ষত এই বঁটা লাভ কৰিছে দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱা অনামিকা বৰাই । তেওঁ মুঠ ৬০০ নম্বৰৰ ভিতৰত ৫৭৩ নম্বৰ লাভ কৰি এই বঁটাৰ বাবে নিৰ্বাচিত হৈছে ।

দেৰগাঁৱৰ সমীপৰ দনাই গাঁৱৰ ছাত্ৰীগৰাকীৰ বাসগৃহত এই বঁটা প্ৰদান কৰা হয় । শিক্ষক ধ্ৰৱজ্যোতি শইকীয়াই আঁত ধৰা অনুষ্ঠানত সমাজকৰ্মী ,সাহিত্যিক নুৰুল চুলতান , উদয়ন কনিষ্ঠ মহাবিদ্যালয় অধ্যক্ষ ভাস্কৰ জ্যোতি বৰা, দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চিদানন্দ পাঠক , সহকাৰী শিক্ষক ৰূপম বৰুৱা ,সাংবাদিক বিদ্বান বৰদলৈ উপস্থিত থাকে । ন্যাসৰ হৈ প্ৰয়াত জিতেন্দ্ৰ নাথ বৰাৰ সহধৰ্মিনী ঢেকীয়াল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী পাৰিজাত বৰুৱাই ছাত্ৰী গৰাকীক বঁটাটো প্ৰদান কৰে । বঁটাত এখন অভিনন্দন পত্ৰ , নগদ ৫০০০/ টকা আগবঢ়োৱা হয় । অনুষ্ঠানটোত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে এনে ধৰণৰ বঁটাই গোলাঘাট জিলাৰ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীক যথেষ্ট উৎসাহিত কৰিব বুলি আশা কৰে লগতে এই বঁটা প্ৰদান কৰাৰ বাবে পৰিয়ালটিক সকলোৱে ভূয়সী প্ৰশংসা কৰে।

আদা চাহৰ আছে বহু উপকাৰিতা। আদা চাহ খালে এই ৭ টা উপকাৰ লাভ কৰিব…

আদা চাহৰ আছে বহু উপকাৰিতা। আদা চাহ খালে এই ৭ টা উপকাৰ লাভ কৰিব। আদা চাহে শীতকালত কাহ আৰু চৰ্দিৰ পৰা ৰক্ষা কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু প্ৰদূষিত পৰিৱেশত শৰীৰক বিষমুক্ত কৰে।আদা স্বাস্থ্যৰ বাবে অতি উপকাৰী। ইয়াৰ উপৰিও আদা দিয়া চাহ খোৱাৰ আছে বহু উপকাৰিতা-

ওজন কমোৱাৰ বাবে আদা চাহ উপকাৰী। আদাত পোৱা গুণে ভোক নিয়ন্ত্ৰণত সহায় কৰিব পাৰে আৰু চৰ্বি কমায়। যদি আপুনি আপোনাৰ খাদ্য তালিকাত আদাৰ চাহ অন্তৰ্ভুক্ত কৰে তেন্তে ই দ্ৰুত ওজন হ্ৰাস কৰাৰ লগতে ওজন নিয়ন্ত্ৰণত সহায় কৰিব।

আদাক গুণৰ ভঁৰাল বুলি কোৱা হয়। আদাত শৰীৰৰ বাবে প্ৰয়োজনীয় প্ৰটিন, কেলচিয়াম, আইৰণ, সকলো ধৰণৰ ভিটামিন, ফলিক এচিড, মেংগানিজ, কলিন আদি থাকে। এই সকলোবোৰ উপাদানে শৰীৰক সুস্থ কৰি ৰখাত সহায় কৰে।

কাহ-চৰ্দি, কফ আৰু ঘাঁ হোৱা সাধাৰণ সমস্যাৰ পৰা আদাৰ চাহে সকাহ দিয়ে। আদাত এন্টিবায়টিক গুণ আছে, যাৰ বাবে ই সংক্ৰমণ দূৰ কৰে।

যদি আপুনি উচ্চ ৰক্তচাপত ভুগি আছে তেন্তে আদাৰ চাহ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক। যিসকল লোকে দৈনিক আদাৰ চাহ সেৱন কৰে, তেওঁলোকৰ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিব পাৰিব।

আদাই প্ৰাকৃতিক এন্টি অক্সিডেন্ট হিচাপে কাম কৰে। ওলোটাকৈ যিকোনো বস্তু বা অধিক তেলীয়া মছলাযুক্ত বস্তু খালে হজম শক্তিৰ সমস্যা হ’ব পাৰে। এনে পৰিস্থিতিত আদাৰ চাহ খাব পাৰে।

আদাৰ চাহ খোৱাৰ অন্যান্য উপকাৰিতা সমূহ হৈছে
১) যদি বাৰে বাৰে প্ৰস্ৰাৱৰ সমস্যা হয় তেন্তে দিনটোত দুবাৰকৈ আদাৰ চাহ খোৱাটো উপকাৰী।
২) মূৰৰ বিষত তৎক্ষণাত সকাহ দিয়ে।
৩) বৃক্ক সম্পৰ্কীয় সমস্যা ৰোধ কৰাত আদাৰ চাহ সহায়ক।
৪) আদাৰ চাহ খালে হজম শক্তি শক্তিশালী হৈ থাকে।
৫) আদাত বহুতো ভিটামিন থাকে যেনে, ভিটামিন-এ, ভিটামিন-ডি, ভিটামিন-ই।

তিনিবাৰ বিবাহ, ৩০৮ গৰাকীতকৈও অধিক প্ৰেমিকা; নায়কতকৈ অধিক খলনায়ক! কোন হয় ধৰিব পাৰিছেনে এই অভিনেতাজন…

চকুত কাজল, বগা চাৰ্ট, অনুৰাগীয়ে নায়কতকৈ খলনায়কৰ ৰুপত এই মৰমলগা শিশুটিক বেছি ভাল পায় অনুৰাগীয়ে। কিন্তু যদি আপুনি এতিয়াও চিনি পোৱা নাই, তেন্তে কওঁ যে সেয়া আন কোনো নহয়। তেওঁ হৈছে বলিউদৰ জনপ্ৰিয় অভিনেতা সঞ্জয় দত্ত। বলীউডৰ ছুপাৰষ্টাৰ সঞ্জয় দত্তৰ বলিষ্ঠ অভিনয়ে সদায় দৰ্শকক আপ্লুত কৰি আহিছে। কিন্তু সঞ্জয় দত্তৰ ব্যক্তিগত জীৱনে ছবিতকৈ বেছি লাইমলাইটত থাকে। বলীউডৰ সেই অভিনেতাসকলৰ ভিতৰত অন্যতম সঞ্জয় দত্ত। সঞ্জয় দত্ত লাভ এফেয়াৰ্ছে এগৰাকী বা দুগৰাকী নহয় ৩০৮ গৰাকীতকৈ অধিক ছোৱালীৰ লগত ডেটিং কৰিছিল। এই কথা আমি নহয়, সঞ্জয় দত্তই নিজেই তেওঁৰ এটা সাক্ষাৎকাৰত কৈছিল।

মনোৰঞ্জনৰ বাতৰি অনুসৰি সঞ্জয় দত্তই ১৯৭২ চনত ৰেশমা ঔৰ শ্বেৰা ছবিত শিশু শিল্পী হিচাপে কাম কৰিছিল। তাৰ পিছত ১৯৮১ চনত ৰকি ছবিত অভিনয় কৰি আলোড়নৰ সৃষ্টি কৰিছিল অভিনেতাগৰাকীয়ে। সঞ্জয় দত্তৰ কেৰিয়াৰত ড্ৰাগছৰ আসক্তিৰ বাবে সমগ্ৰ চলচ্চিত্ৰ জীৱন স্তব্ধ হৈ পৰে যদিও তাৰ পিছত অভিনেতাগৰাকীয়ে ইমানেই শক্তিশালী প্ৰত্যাৱৰ্তন ঘটালে যে সকলো আচৰিত হৈ পৰে। ড্ৰাগছৰ বাহিৰেও বহু বিতৰ্কত সঞ্জয় দত্তৰ নাম আহিছিল যদিও অভিনেতাজনে কেতিয়াও পিছলৈ ঘূৰি নাচালে । ৬৪ বছৰ বয়সতো অবিৰতভাৱে ছবি কৰি আছে অভিনেতা সঞ্জয় দত্তই। এতিয়া চাউথৰ হাই বাজেটৰ ছবি লিঅ’ত দেখা যাব সঞ্জয় দত্তক। ​

তেজপুৰ জিলা সাহিত্য কৰ্মশালাৰ সফল সামৰণি…

শ্ৰীমন্ত শংকৰদেৱ সংঘ তেজপুৰ জিলা সাহিত্য শাখাৰ উদ্যোগত নাগশংকৰ আঞ্চলিকৰ বালিজান প্ৰাথমিক শাখাৰ কীৰ্তনগৃহত দিনযোৰা কাৰ্যসূচীৰে এভাগি সাহিত্যৰ কৰ্মশালা অনুষ্ঠিত হয় । কৰ্মশালাভাগত কবিতা আবৃত্তি, বক্তৃতা আৰু বিতৰ্কৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে সমল ব্যক্তিসকলে ।

কৰ্মশালাভাগত জিলা সাহিত্য শাখাৰ সভাপতি দেৱজিৎ শইকীয়া, সম্পাদক ৰঞ্জিত বৰা, কৰ্মশালা উদ্বোধক বিউটি কেওঁট, প্ৰশিক্ষক হিচাপে বক্তৃতাৰ বাবে জামুগুৰি আঞ্চলিকৰ বিজু তামুলী, কবিতাৰ বাবে তেজপুৰ আঞ্চলিকৰ দীপাংকৰ নাথ, বিতৰ্কৰ বাবে তেজপুৰ আঞ্চলিকৰ পংকজ প্ৰতীম বৰা উপস্থিত থকাৰ লগতে নাগশংকৰ আঞ্চলিক শাখাৰ সভাপতি লক্ষী বেজবৰুৱা, উপসভাপতি বিপুল বৰা, সম্পাদক দিগন্ত বৰুৱা, সাহিত্য শাখাৰ সভাপতি ৰাজেন্দ্ৰ কলিতা, সম্পাদক বিশ্বজিৎ সূত, জিলা সদস্য চিতেশ্বৰ ভূঞা, শৈলেন শইকীয়া, পল্লৱী শইকীয়া, নাগশংকৰ আঞ্চলিক আইমাতৃ কল্যান শাখাৰ সম্পাদিকা চুমি বৰা, আঞ্চলিক সাহিত্য শাখাৰ সদস্য-সদস্যা, আতিথ্য বহনকাৰী বালিজান প্ৰাথমিক শাখাৰ সভাপতি তোষেশ্বৰ হাজৰিকা, সম্পাদক হিমাংশু বৰাকে প্ৰমুখ্য কৰি প্ৰাথমিকৰ বাপ-বান্ধৱ, আইমাতৃ, যুৱক-যুৱতী আৰু প্ৰশিক্ষাৰ্থী হিচাপে বিভিন্ন প্ৰাথমিক শাখাৰ শিশু, যুৱ, আইমাতৃ আৰু শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল । প্ৰায় চাৰে চাৰিকুৰি বাপ-বান্ধৱ আৰু প্ৰশিক্ষাৰ্থীৰ উপস্থিতিত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা কৰ্মশালাভাগৰ সফল সামৰনি হয়।

পুনৰ সাসংদ পদ ঘূৰাই পালে ৰাহুল গান্ধীয়ে। লোকসভা সচিবালয়ে জাৰি কৰিছে অধিসূচনা…

পুনৰ ৰাহুল গান্ধীয়ে ওভতাই পালে সাংসদ পদ। ৪ আগষ্টত উচ্চতম ন্যায়ালয়ে মোদী উপাধিৰ মানহানি গোচৰত দোষী সাব্যস্ত হোৱা স্থগিত ৰাখিছিল। ১৩৬ দিনৰ মূৰত পুনৰ সংসদৰ সদস্য পদ লাভ কৰে ৰাহুল গান্ধীয়ে। লোকসভা সচিবালয়ে ৰাহুল গান্ধীৰ সদস্যপদ পুনৰ ঘূৰাই পোৱাৰ সন্দৰ্ভত এক অধিসূচনা জাৰি কৰিছে। ১৩৬ দিনৰ মূৰত পুনৰ ৱায়ানাদৰ সাংসদ হৈ পৰিছে ৰাহুল গান্ধী। ৰাহুল গান্ধীৰ সংসদৰ সদস্যপদ পুনৰ লাভ কৰাৰ লগে লগে সমগ্ৰ I.N.D.I.A. উদ্যম দেখা গৈছে মিত্ৰতাত। লোকসভাত আজিৰ দিনটো কংগ্ৰেছ আৰু বিজেপিৰ বাবে অতি গুৰুত্বপূৰ্ণ। ৰাহুল গান্ধীয়ে সংসদ সদস্যপদ পুনৰ ঘূৰাই আনিছে। ৪ আগষ্টত উচ্চতম ন্যায়ালয়ে মানহানিৰ গোচৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ দোষী সাব্যস্ত হোৱাত স্থগিত ৰাখি তেওঁক লোকসভাত পুনৰ নিযুক্তিৰ পথ মুকলি কৰি দিয়ে। লোকসভা সচিবালয়ে ৰাহুল গান্ধীৰ লোকসভাৰ সদস্যপদ পুনৰ ঘূৰাই পোৱাৰ পাছত দিল্লীৰ ১০ জনপথৰ বাহিৰত উদযাপন কংগ্ৰেছ সমৰ্থকসকলৰ।


২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত এখন ৰাজহুৱা সভাত ভাষণ দি ৰাহুল গান্ধীয়ে মোদী শব্দ ব্যৱহাৰ কৰি এটা মন্তব্য কৰে। গুজৰাট চৰকাৰৰ মন্ত্ৰী হৈ থকা পূৰ্ণেশ মোদীয়ে ইয়াক সমগ্ৰ মোদী সমাজৰ অপমান বুলি অভিহিত কৰি ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰে। এই গোচৰত ৰাহুলক নিম্ন আদালতে ২ বছৰৰ কাৰাদণ্ড বিহিছিল। ইয়াৰ পিছত তেওঁৰ সংসদৰ সদস্যপদ হেৰুৱাই পেলালে। কিন্তু যোৱা ৪ আগষ্টত উচ্চতম ন্যায়ালয়ে ৰাহুলৰ দোষী সাব্যস্ত হোৱাত স্থগিত ৰাখি আজি তেওঁৰ সংসদৰ সদস্যপদ পুনৰ ঘূৰাই পালে।


মাছ-মাংস, কণী নাখালেও শৰীৰে লাভ কৰিব প্ৰ’টিন। মাত্ৰ খাওক এই ৪ বিধ ফল…

মাছ-মাংস, কণী নাখালেও শৰীৰে লাভ কৰিব প্ৰটিন। মাত্ৰ খাওক এই ৪ বিধ ফল। মাংস, কণী আৰু মাছ প্ৰটিনৰ সমৃদ্ধ উৎস। আনহাতে এনে কিছু ফল আছে যি ফল সেৱন কৰিলে লাভ কৰিব প্ৰটিন । এই ফল সমূহৰ বিষয়ে আজি আমি আপোনালোকক জনাম-

কমলা আৰু ইয়াৰ ৰসত ভিটামিন চি পোৱা যায়। যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ইয়াৰ উপৰিও ইয়াত প্ৰ’টিন থাকে যিয়ে পেশীবোৰক শক্তিশালী কৰে। সেইবাবেই কমলা নিয়মিতভাৱে সেৱন কৰিব লাগে।

সাধাৰণতে অমিতা হজমৰ বাবে এটা গুৰুত্বপূৰ্ণ ফল বুলি গণ্য কৰা হয় যদিও অতি কম সংখ্যক লোকেহে জানে যে অমিতাৰ দ্বাৰা প্ৰ’টিনো লাভ কৰিব পাৰি।

এভোকেডোক প্ৰটিনৰ গুৰুত্বপূৰ্ণ উৎস বুলি গণ্য কৰা হয়। যদি আপুনি এভোকাডোৰ খায়, তেন্তে শৰীৰত প্ৰায় ৪ গ্ৰাম প্ৰটিন পোৱা যাব। ইয়াত বহুতো পুষ্টিকৰ উপাদান আছে। প্ৰ’টিন থকাৰ বাবে শৰীৰে শক্তি লাভ কৰে।

কিউইৰ সোৱাদ অতি। লগতে এই ফল স্বাস্থ্যৰ বাবেও সমানে উপকাৰী বুলি গণ্য কৰা হয়। এটা কিউই খালে প্ৰায় ২.১ গ্ৰাম প্ৰ’টিন পোৱা যায়।


ওদালগুৰি জিলাৰ বদলাপাৰা চাহ বাগিচাত বিভিন্ন দাবীৰে ভাৰত ছাত্র ফেডাৰেচনৰ প্ৰতিবাদ

স্বাধীনতাৰ পূৰ্বে ১৮৯২ চনতে স্থাপিত হোৱা ওদালগুৰি জিলাৰ অন্তৰ্গত ভাৰত-ভুটান সীমান্তৱৰ্তী বাদলাপাৰা চাহ বাগিচাত দেওবাৰে ষ্টুডেন্ট ফেদাৰেচন অফ ইণ্ডিয়া(এছএফআই) বাদলাপাৰা শাখা সমিতিৰ উদ্যোগত শুকলাই নদীৰ ওপৰত দলং নিৰ্মাণৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

উক্ত কাৰ্যসূচীত এছএফআই ৰ লগতে সদৌ অদিবাসী ছাত্ৰ সন্থা আৰু স্থানীয় লোক উপস্থিত থাকে।

বাদলাপাৰা শুকলাই নদীৰ ওপৰত পকী দলং নিৰ্মাণ, বাদলাপাৰাৰ পৰা ডিমাকুছি সংযোগী পথৰ পকীকৰণ, বাদলাপাৰাত মধ্য ইংৰাজী আৰু উচ্চতৰ মধ্যমিক বিদ্যালয় স্থাপনৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন দাবী লৈ এক দীঘলীয়া শাৰীৰে পদযাত্ৰাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে ভাৰত ছাত্র ফেডাৰেচনৰ অসম ৰাজ্যিক সমিতিৰ উপসভানেত্ৰী অনুজা ডেকা, সম্পাদিকা সংগীতা দাস, আৰু তামুলপুৰ জিলা ভাৰত ছাত্র ফেডাৰেচনৰ সভাপতি অজয় ৰায়, সম্পাদক সঞ্জীৱ বৈশ্যৰ লগতে সচেতন ৰাইজ আৰু ছাত্র ছাত্রীসকল উপস্থিত থাকে।

পাকিস্তানত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা । নিহত ১৯, আহত ৫০…

পাকিস্তানৰয়ংকৰ ৰে’ল দুৰ্ঘটনাত ১৯ জন নিহত আৰু ৫০ জন আহত। দক্ষিণ পাকিস্তানত এখন ৰে’ল ৰেলপথৰ পৰা ওলাই অহাৰ ফলত ১৯ জন লোক নিহত হোৱাৰ লগতে ৫০ জন আহত হৈছে বুলি বিষয়াসকলে জানিবলৈ দিছে। বৃহত্তম চহৰ কৰাচীৰ পৰা প্ৰায় ২৭৫ কিলোমিটাৰ দূৰত্বত থকা নৱাবশ্বাহৰ চাহাৰা ৰে’লৱে ষ্টেচনৰ সমীপত হাজাৰা এক্সপ্ৰেছৰ কেইবাটাও ডবা বাগৰি পৰে। আহত যাত্ৰীসকলক ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

সহায়ৰ বাবে মাতি অনা হৈছে সেনাৰ উদ্ধাৰকাৰী দল। নৱাবশ্বাহ আৰু সিন্ধৰ চুবুৰীয়া জিলাসমূহৰ মূল চিকিৎসালয়সমূহত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে। স্থানীয় সংবাদ মাধ্যমে ৰে’ল আৰু বিমান পৰিবহণৰ ফেডাৰেল মন্ত্ৰী খোৱাজা সাদ ৰফিকৰ উদ্ধৃতি দি কয় যে দুৰ্ঘটনাৰ কাৰণৰ তদন্তৰ পূৰ্বে বিষয়াসকলে প্ৰথমে উদ্ধাৰ প্ৰচেষ্টাত মনোনিৱেশ কৰিব। পাকিস্তানৰ পুৰণি ৰে’ল ব্যৱস্থাত দুৰ্ঘটনা সংঘটিত হোৱাটো অস্বাভাৱিক নহয়। ২০২১ চনত সিন্ধ প্ৰদেশত যাত্ৰা কৰা দুখন ৰে’লৰ সংঘৰ্ষত কমেও ৪০ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হৈছিল। স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ২০১৩ চনৰ পৰা ২০১৯ চনৰ ভিতৰত এনে ঘটনাত ১৫০ জন লোকৰ মৃত্যু হৈছে।