আমি ইংৰাজীত(Sleeping Early)এটা কথা শুনিছো, “Early to bed and early to rise, makes a man healthy, wealthy, and wise”। কিয় এই কথাষাৰ কোৱা হৈছে, জানো আহক।
আজিৰ ব্যস্ততাপূৰ্ণ জীৱনত আমি আমাৰ টোপনিৰ যত্ন ল’ব নোৱাৰো। ৭ৰ পৰা ৮ ঘণ্টা টোপনি যাবলৈ আমি সময় নাপাওঁ। চহৰবোৰত গভীৰ নিশা শোৱা ধাৰা দেখা গৈছে যদিও এই অভ্যাস স্বাস্থ্যৰ বাবে ভাল নহয়। সোনকালে শুই উঠি ৰাতিপুৱা সোনকালে সাৰ পাব লাগে।
ৰাতি সোনকালে শুই, পোৱা সোনকালে উঠা উপকাৰিতা-
১/ মগজুৰ কাৰ্য্যক্ষমতাৰ বাবে ভাল
স্মৃতিশক্তি, একাগ্ৰতা আৰু সমস্যা সমাধানৰ দক্ষতাকে ধৰি মগজুৰ কাৰ্য্যক্ষমতাৰ বাবে পৰ্যাপ্ত টোপনি অতি প্ৰয়োজনীয়। সোনকালে শুলে আপোনাৰ মগজুৱে স্মৃতিশক্তি একত্ৰিত কৰাত সহায় কৰে আৰু স্নায়ু উৎপাদনৰ দৰে প্ৰয়োজনীয় প্ৰক্ৰিয়াসমূহ অধিক ফলপ্ৰসূভাৱে সম্পন্ন কৰে। ৰাতি মগজুক জিৰণি ল’বলৈ আৰু ভাবিবলৈ যথেষ্ট সময় দিলে আপুনি মানসিকভাৱে সুস্থ আৰু দিনটোৰ বাবে প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সাজু হৈ উঠিব পাৰে।
বুধবাৰে ভগৱান গনেশৰ আশীৰ্বাদ পাবলৈ বিশেষভাৱে পূজা কৰক। (Astro tips)বুধবাৰটো ভগৱান গণেশৰ বাবে উৎসৰ্গা কৰা হৈছে। এনে পৰিস্থিতিত এই দিনটোত তেওঁক পূজা কৰিলে কেৰিয়াৰত সফলতা, ব্যৱসায়ত লাভ হয়। বুধবাৰে ভগৱান গণেশক পূজা কৰিলে ধন সম্পৰ্কীয় সমস্যা দূৰ হয় বুলি ধৰ্মীয় বিশ্বাস আছে।
Suhagraat: বিয়াৰ প্ৰথম নিশাক কিয় ‘ফুলশয্যা নিশা’ বুলি কোৱা হয়, এই নিশাৰ অৰ্থ কি ?
আমি সকলোৱে জানো যে প্ৰথম বিয়াৰ প্ৰথম নিশাক ‘ফুলশয্যা নিশা’ বুলি কোৱা হয়, কিন্তু ইয়াৰ গুৰুত্ব কেৱল শাৰীৰিক ঘনিষ্ঠতাতে সীমাবদ্ধ নহয়।(Suhagraat)
ভাৰতীয় সংস্কৃতিত বিবাহক দুই আত্মাৰ পবিত্ৰ মিলন বুলি গণ্য কৰা হয় আৰু ইয়াৰ আৰম্ভণি ‘ফুলশয্যা নিশা’ৰ পৰা হয়। ভাৰতীয় পৰম্পৰা আৰু মূল্যবোধৰ আধাৰত গঢ় লৈ উঠা বিবাহৰ প্ৰথম নিশাক ‘ফুলশয্যা নিশা’ বুলি কোৱাৰ আঁৰত গভীৰ সাংস্কৃতিক, সামাজিক আৰু আৱেগিক কাৰণ আছে। আহক আমি এই শব্দটোৰ অৰ্থ আৰু গুৰুত্ব বুজি জানি লওঁ।
‘ফুলশয্যা’ এই শব্দটোৱে এগৰাকী ছোৱালীৰ বিবাহিত জীৱনৰ সুখ, মৰম আৰু সৌভাগ্যৰ প্ৰতীক। সেই নিশাটোৱে নৱবিবাহিত দম্পতীৰ বাবে এক নতুন আৰম্ভণিৰ প্ৰতীক। এইদৰে ফুলশয্যা নিশা হৈছে নৱবিবাহিত দম্পতীয়ে বিবাহ জীৱন আৰম্ভ কৰা নিশা, য’ত প্ৰেম, বিশ্বাস আৰু পাৰস্পৰিক বুজাবুজিৰ ভেটি স্থাপন কৰা হয়।
ফুলশয্যা নিশাৰ গুৰুত্ব কেৱল শাৰীৰিক অন্তৰংগতাতে সীমাবদ্ধ নহয়। এই সময়ত বিবাহৰ বান্ধোনত বান্ধ খাই থকা দুজন অচিনাকি মানুহে ইজনে সিজনক আৱেগিক আৰু মানসিকভাৱে বুজিবলৈ চেষ্টা কৰে। এই নিশাটো দম্পতীহালৰ মাজত যোগাযোগ, প্ৰেম আৰু বিশ্বাসৰ সৃষ্টিৰ সুযোগ বুলি গণ্য কৰা হয়।
ফুলশয্যা নিশাৰ লগত জড়িত আচাৰ-অনুষ্ঠানেও ইয়াৰ সৌন্দৰ্য্য বৃদ্ধি কৰে। ফুল, মিঠাই আৰু এগিলাচ গাখীৰেৰে সজাই তোলা বিচনা এখনৰ দৰে পৰম্পৰাই এই নিশাটোক আৰু অধিক বিশেষ কৰি তুলে। এই অনুষ্ঠানসমূহে ৰোমাঞ্চ বৃদ্ধি কৰাই নহয় দম্পতীহালৰ মাজত প্ৰেম আৰু সন্মানৰ অনুভূতিও শক্তিশালী কৰে।
অৱশ্যে আধুনিক যুগত ফুলশয্যা নিশাৰ প্ৰতি মানুহৰ দৃষ্টিভংগী সলনি হৈ আছে। আজিৰ দম্পতীয়ে পাৰস্পৰিক সন্মতি আৰু আৰাম অনুসৰি এই নিশাটো উদযাপন কৰাটো পছন্দ কৰে। তথাপিও এই নিশাৰ সাংস্কৃতিক গুৰুত্ব এতিয়াও আছে। ফুলশয্যা কেৱল এটা নিশা নহয়, এক নতুন জীৱনৰ আৰম্ভণি। প্ৰেম, বিশ্বাস আৰু একেলগে থকাৰ দায়বদ্ধতাৰ প্ৰতীক ফুলশয্যাৰ নিশা।
হীৰেন ভট্টাচাৰ্যৰ এই কবিতা ফাকিলৈ আকৌ মনত পৰিল। হয়, সঁচাকৈয়ে ‘মৃত্যু’ শিলত কটা এক নিৰ্লোভ ভাস্কৰ্যই হয়। এটা মাত্ৰ মুহূৰ্ত। এই অবাঞ্ছিত মুহূৰ্ততেই হঠাতে আহমেদাবাদৰ আকাশত হেৰাই গ’ল ২৫০গৰাকী বিমান যাত্ৰী। বৃহস্পতিবাৰে ঘটি গ’ল সেই অবৰ্ণনীয়, অকল্পনীয় অঘটনটো। দুপৰীয়া ১-৩৮ বজাত আহমেদাবাদ বিমান বন্দৰৰ পৰা উৰা মৰাৰ ঠিক পাঁচ মিনিট পিছতে বিমানখনে গৈ খুন্দা মাৰিছিল ওচৰতে থকা এটা অট্টলিকা অৰ্থাৎ বি জে মেডিকেল কলেজৰ ছাত্ৰাৱাসত। লণ্ডন অভিমুখী এখন বয়িং বিমানে আহমেদাবাদৰ পৰা ২৪২গৰাকী যাত্ৰী কঢ়িয়াই উৰা মাৰিছিলহে মাত্ৰ। সেই সময়ত কোনেও হয়তো ভবাই নাছিল তেওঁলোকৰ সন্মুখত ক্ৰুৰ হাঁহি মাৰি ৰৈ আছিল ‘মৃত্যু’ নামৰ কাল বিভীষিকা। এই যাত্ৰাই তেওঁলোকৰ শেষ যাত্ৰা। সকলোৱে তেতিয়া বিমানখনৰ নিজৰ নিজৰ আসনত বহি তেওঁলোকৰ নিজা পৰিকল্পনাত বিভোৰ হৈ আছিল। কিন্তু বিমানখনে গতি লোৱাৰ কিছু সময় পিছতে ঘটিল বিজুটি। কি হ’ল কোনেও একো ধৰিবই নোৱাৰিলে। বিমানখনৰ পাইলতে বিমানখনৰ উচ্চতা বৃদ্ধি কৰিবৰ বাবে বহু চেষ্টা কৰিও বিফল হৈছিল। সেই সময়ত বিমানখনৰ লগত সকলো সংযোগ বিচ্ছিন্ন হৈ পৰিছিল। আৰু এটা সময়ত গৈ বিমানখনে এটা উচ্চ অট্টালিকাত খুন্দা মাৰি জ্বলি উঠিছিল। তৎমুহূৰ্ততে শেষ হৈ গৈছিল বিমানখনৰ সকলো যাত্ৰীৰে সপোন। ছিন্ন-ভিন্ন হৈ পৰিছিল যাত্ৰীসকলৰ দেহ। গোটেই অঞ্চলটো ক’লা ধোঁৱা হৈ ‘মৃত্যু’ নামৰ বিভীষিকাই আগুৰি ধৰিছিল।
এক অগ্নিকুণ্ডত পৰিণত হৈ বিস্ফোৰণ ঘটিছিল বিমানখন। হাহাকাৰ লাগি পৰিছিল বিমান বন্দৰৰ চৌপাশ। দিক্-বিদিক হেৰুৱাই পেলাইছিল সকলোৱে। কিন্তু তেতিয়া আৰু কৰিবলৈ একোৱেই নাথাকিল। সকলো শেষ হৈ গৈছিল। আত্মীয়-স্বজন আৰু হৃদয়ৱান লোকৰ কান্দোন আৰু অসহায়ভাৱে লৰা-ঢপৰা কৰা শব্দই তেতিয়া বিস্ফোৰণৰ শব্দকো যেন চেৰাই গৈছিল। এই ঘটনা সন্দৰ্ভত মনত যি হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে তাক ভাষাৰে প্ৰকাশ কৰাৰ ক্ষমতা নাই। ইয়াৰ মাজতো দৈব্যক্ৰমে ৰক্ষা পৰে বিশ্ব কুমাৰ ৰমেশ নামৰ এগৰাকী লোক। হয়তো নেদেখাজনৰ অশীৰ্বাদতে এইগৰাকী লোক বৃহৎ অগ্নিকুণ্ডৰ মাজৰ পৰা বাচি আহিবলৈ সক্ষম হৈছিল। যেনেদৰে হিৰণ্য কশিপুৱে পুত্ৰ প্ৰহ্লাদক অগ্নিকুণ্ডত নিক্ষেপ কৰাৰ পিছতো নিৰ্বিঘ্নে কোনো ক্ষতি নোহোৱাকৈ বাচি ওলাই আহিছিল। ইয়াকে কয়– ‘ৰাখে হৰি মাৰে কোনে…’।
বাকী বিমানখনত থকা ১৬৯গৰাকী ভাৰতীয় লোক, ৫৩গৰাকী ব্ৰিটিছ নাগৰিক, ৭গৰাকী পৰ্টুগীজ, এগৰাকী কানাডিয়ান নাগৰিক। ইয়াৰ উপৰি বিমানখনৰ দুগৰাকী পাইলট, মণিপুৰৰ দুগৰাকী এয়াৰ হোষ্টেজসহ ১২গৰাকী বিমানখনৰ কৰ্মীৰো প্ৰাণহানি হয় দুৰ্ঘটনাটোত। লগতে মেডিকেল কলেজখনৰ হোষ্টেলৰ পাঁচগৰাকী ডাকৰৰো প্ৰাণহানি হয় দুৰ্ঘটনাটোত। কথা হ’ল দুৰ্ঘটনা যিয়েই নহওক, ই সদায় দুৰ্ঘটনাই। ইয়াৰ কাৰণ বিচাৰিলে হয়তো ওলাব যান্ত্ৰিক বিজুটি বা পাইলটকে ধৰি বিমান পৰিচালনাৰ সমগ্ৰ দায়িত্ববাহী বিষয়া-কৰ্মচাৰী সকলৰো দোষ থাকিব পাৰে। সেয়া অন্য কথা। কিন্তু যিখন দেশ বিশ্বৰ প্ৰথম শাৰীত অৱস্থান লোৱা বুলি আমি সদায়ে চিঞৰ-বাখৰ কৰি আহিছো, তেনে এখন দেশৰ বিমান পৰিবহণৰ ইমান গধূৰ দায়িত্বপূৰ্ণ বিষয় এটাত ইমান সাংঘাতিক বিসংগতি কেনেকৈ হ’বলৈ পালে। ভাবিলে আচৰিত হ’বলগীয়া বিষয়। আকৌ এইটোৱে প্ৰথম বিমান দুৰ্ঘটনা নহয় ইয়াৰ পূৰ্বেও ভাৰতত কেইবাটাও বিমান দুৰ্ঘটনা সংঘটিত হৈছে। ইয়াৰ আগতে ২০২০ চনৰ ৭ আগষ্টত ‘বন্দে ভাৰত’ মিছনৰ অধীনষ্ঠ এয়াৰ ইণ্ডিয়াৰ আই এক্স ১৩৪৪ বিমানখন ডুবাইৰ পৰা কোঝিকোড়লৈ আহি থাকোতে অৱতৰণৰ সময়ত দুৰ্ঘটনাত পতিত হৈছিল। ২০১০ চনত মাংগালুৰু বিমান বন্দৰতো এয়াৰ ইণ্ডিয়াৰ এখন যাত্ৰীবাহী বিমান ডুবাইৰ পৰা উভতি অহাৰ সময়ত দুৰ্ঘটনা সংঘটিত হৈছিল। এই দুৰ্ঘটনাতো ১৫৮জন লোকৰ মৃত্যু হৈছিল।
আনহাতে, ১৯৯৬ চনৰ ১২ নৱেম্বৰত আন এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছিল। এই দুৰ্ঘটনাত আটাইতকৈ বেছিসংখ্যক লোকৰ মৃত্যু হৈছিল। এই দুৰ্ঘটনা সংঘটিত হৈছিল হাৰিয়ানাৰ আকাশত। ইয়াত দুখন বিমানৰ মুখামুখী সংঘৰ্ষত নিহত হৈছিল ৩৫৯গৰাকী লোক। এই দুৰ্ঘটনাটো আছিল ভাৰতবৰ্ষত সংঘটিত আটাইতকৈ ভয়ংকৰ দুৰ্ঘটনা। অৱশ্যে এই বিমান দুখনৰ এখন আছিল ছৌদী আৰবৰ আৰু এখন বিমান আছিল কাজাখস্তানৰ। যিহেতু এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হ’লে বিমানখনত থকা কোনো আৰোহী জীয়াই থকাৰ সম্ভাৱনাই নাথাকে এইক্ষেত্ৰত চৰকাৰ অথবা বিমান কৰ্তৃপক্ষ অধিক সতৰ্ক হোৱা প্ৰয়োজন। বেছি পুৰণা অথবা দুৰ্বল ইঞ্জিনৰ বিমান উৰণ নিষিদ্ধ হোৱাটোৱেই যুক্তিসংগত। ১৯৮০ চনত এক বিমান দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল ইন্দিৰা গান্ধীৰ পুত্ৰ সঞ্জয় গান্ধীৰ। সেই সময়ত সঞ্জৰ গান্ধীৰ বিমান দুৰ্ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছিল। আনহাতে, ২০২১ চনত তামিলনাডুত আন এক হেলিকপ্টাৰ দুৰ্ঘটনা সংঘটিত হৈ পৰিয়ালসহ মৃত্যু হৈছিল ভাৰতৰ চীফ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাটৰ। শেহতীয়াকৈ আহমেদাবাদৰ দুৰ্ঘটনাৰ ক’লা ধোঁৱা নিৰ্বাপিত নৌহওঁতেই সংঘটিত হেলিকপ্টাৰ দুৰ্ঘটনাই ভাৰতৰ জনসাধাৰণৰ মন-মগজু আকৌ এবাৰ জোকাৰি গৈছে।
দেওবাৰে কেদাৰনাথৰ পৰা গুপ্তকাশীলৈ যোৱাৰ পথত গৌড়ীকুণ্ড বনাঞ্চলত দুৰ্ঘটনাত পতিত হয় এখন হেলিকপ্টাৰ। হেলিকপ্টাৰখনত মুঠ সাতগৰাকী আছিল আৰু দুৰ্ঘটনাটোত এই সাতগৰাকী লোকৰেই মৃত্যু হৈছিল। আনহাতে, গংগোত্ৰী অভিমুখী এখন হেলিকপ্টাৰো দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত ছগৰাকী লোকে প্ৰাণ হেৰুৱাইছিল। মুঠতে ৪০ দিনত পাঁচখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয় আৰু এই দুৰ্ঘটনাত ১২জন লোকৰ প্ৰাণ হানি হয়। বিজ্ঞান-প্ৰযুক্তিৰ যুগত যিমানেই ন ন আৱিষ্কাৰ হৈ আছে ঠিক একেদৰে একোখন মৰণ ফান্দো গঢ়ি উঠিছে। এয়া অপ্ৰিয় হ’লেও সত্য। আনহাতে, দেখা গৈছে পূৰ্বতকৈ বিমান দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি হৈ গৈহে আছে। ই এক অতি স্পৰ্শকাতৰ বিষয় হোৱাৰ লগতে এক চিন্তনীয় বিষয়ো হৈ পৰিছে। লাহে লাহে মানুহে বিমান ভ্ৰমণ নিৰাপদ নহয় বুলিয়ে ভাবিবলৈ বাধ্য হৈছে। অনাগত দিনত বিমান কৰ্তৃপক্ষই বিমান যাত্ৰীক নিৰাপদ যাত্ৰাৰ ক্ষেত্ৰত কিমান নিশ্চিতি দিব পাৰে সেয়া আমি দেখা পাম পৰৱৰ্তী দিনবোৰত। তথাপি কওঁ চৰকাৰ-কৰ্তৃপক্ষৰ এইক্ষেত্ৰত ক’ত অসুবিধা হৈছে সেইখিনি পুংখানুপুংখ চালিজাৰি চাই অন্ততঃ বিমান যাত্ৰীসকলৰ যাত্ৰা সু-নিশ্চিত কৰক। নহ’লে গাড়ী-মটৰৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ লেখীয়াকৈ বিমান সেৱাতো যদি এনেদৰে দুৰ্ঘটনা সংঘটিত হৈ থাকে, তেনেহ’ল আমি নিৰাপদ ক’ত ?
আমি দেখি আহিছো গাড়ী-মটৰ, মটৰচাইকেল চলাওঁতে কেতিয়াবা মাদক দ্ৰব্য সেৱন কৰি চলোৱাৰ বাবে ভয়ংকৰ দুঘটনা সংঘটিত হৈছে, যান-বাহন অনিয়ন্ত্ৰিত গতিবেগত চলোৱাৰ ফলতো সঘনাই দুৰ্ঘটনা সংঘটিত হয়। যান্ত্ৰিক বিজুটিৰ ফলত হোৱা দুৰ্ঘটনাৰ কথাতো আছেই। ঠিক একেদৰে যদি যান্ত্ৰিক বিজুটি, কৰ্তৃপক্ষৰ অমনোযোগিতা, পাইলটৰ অন্যমনষ্কতা আদি কাৰণত বিমানৰ সঘন দুৰ্ঘটনা সংঘটিত হৈছে তেনে ইয়াৰ প্ৰতিকাৰৰ বিষয় অচিৰেই চিন্তা কৰি বিমানৰ নিৰাপদ যাত্ৰা সুগম কৰাটো অতিকে জৰুৰী। বিমান উৰণৰ ক্ষেত্ৰত যিমানেই নিৰাপদ নহওক কিয়, এইক্ষেত্ৰত কিন্তু ক্ষতিৰ সম্ভাৱনাই অধিক। আমি অাশা কৰিছো, ভৱিষ্যতে প্ৰযুক্তি আৰু অধিক উন্নতি সাধন কৰি বিমান যাত্ৰীৰ জীৱন-সম্পত্তি নিশ্চিতি প্ৰদান কৰিব বিমানপ্ৰাধিকাৰীসকলে। লগতে বিমানৰ সঘন পৰীক্ষা-নিৰীক্ষা, উন্নত প্ৰশিক্ষণপ্ৰাপ্ত পাইলত নিয়োগৰ ব্যৱস্থা কৰিলে নিশ্চয়কৈ বিমান যাত্ৰা নিৰাপদ হ’ব। সদৌ শেষত প্ৰতিগৰাকী নিহত বিমান যাত্ৰীৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। লগতে প্ৰতিগৰাকী নিহতৰ পৰিয়াললৈ উপযুক্ত সাহায্য প্ৰদানৰ আহ্বান জনালোঁ সংশ্লিষ্ট কৰ্তৃপক্ষক।