Home Blog Page 1474

প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত ফ্ৰান্সত আৰম্ভ হ’ব পাৰে ইউ পি আই…

দুদিনীয়া ফ্ৰান্স ভ্ৰমণলৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।  তেওঁ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে সাক্ষাৎ কৰিব আৰু বহু বিষয়ৰ ওপৰত আলোচনা কৰা হ’ব। ফ্ৰান্সলৈ যোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ এই ভ্ৰমণক বহু দিশত বিশেষ আখ্যা দি কয় যে দুয়োখন দেশে ইজনে সিজনক বিভিন্ন ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে।

প্ৰধানমন্ত্ৰী মোডীৰ এই ভ্ৰমণৰ সময়ত ফ্ৰান্সৰ সৈতেও বহু গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষা চুক্তি স্বাক্ষৰ কৰিব পৰা যাব, ইফালে কোৱা হৈছে যে ইউ পি আই সন্দৰ্ভত ফ্ৰান্স আৰু ভাৰতৰ মাজত হোৱা চুক্তিও নিশ্চিত কৰিব পৰা যাব।

হিন্দুস্তান টাইমছৰ প্ৰতিবেদন অনুসৰি ফ্ৰান্স আৰু ভাৰতৰ মাজত ইউনিফাইড পেমেণ্ট ইন্টাৰফেচ (ইউপিআই) সন্দৰ্ভত আলোচনা দীৰ্ঘদিন ধৰি চলি আছে। ইয়াৰ পিছত এতিয়া প্ৰধানমন্ত্ৰী মোডীৰ এই ভ্ৰমণৰ সময়ত ফ্ৰান্সত ইউ পি আই আৰম্ভ কৰিব পাৰিব। ২০২৩ চনত ছিংগাপুৰৰ ইউপিআই আৰু পেন’ৱে এক চুক্তিত স্বাক্ষৰ কৰে, য’ত ব্যৱহাৰকাৰীসকলক দেশৰ ভিতৰত আৰু বাহিৰত লেনদেন কৰিবলৈ অনুমতি দিয়া হয়। এতিয়া ফ্ৰান্স চৰকাৰেও একেধৰণৰ পদক্ষেপ ল’ব পাৰে। এই সন্দৰ্ভত এনপিচিআই আৰু ইউপিআই নিৰ্মাণ কৰা ফ্ৰান্সৰ কোম্পানী লাইৰাৰ মাজত যোৱা এবছৰ ধৰি আলোচনা চলি আছে।

যদিহে ফ্ৰান্সত ইউপিআই আৰম্ভ হয় তেন্তে ইউপিআই গ্ৰহণ কৰা ইউৰোপৰ প্ৰথমখন দেশ হ’ব। কোৱা হৈছে যে যদি সকলো ঠিকে থাকে আৰু দুয়োখন দেশে চুক্তিৰ ওপৰত একমত হয়, তেন্তে পেৰিছৰ কোনো বিশেষ স্থানৰ পৰা ফ্ৰান্সত ইউ পি আই আৰম্ভ কৰিব পাৰিব কেৱল প্ৰধানমন্ত্ৰী মোডীৰ উপস্থিতিত।

কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত : উচ্চ শিক্ষাত অ’বি চিৰ বাবে সংৰক্ষিত আসন ১৫ শতাংশৰ পৰা ২৭ শতাংশলৈ বৃদ্ধি…

বুধবাৰে জনতা ভৱনত অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ পিছতে সংবাদমেল সম্বোধন কৰি কেবিনেট মন্ত্ৰী ৰণোজ পেগু আৰু কেশৱ মহন্তই সিদ্ধান্তসমূহ সদৰী কৰে।

কেবিনেট বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি ৰাজ্যিক বিশ্ববিদ্যালয়, মহাবিদ্যালয়ত থকা অ’বি চিৰ বাবে সংৰক্ষিত ১৫ শতাংশ সংৰক্ষণ ২৭%লৈ বৃদ্ধি কৰা হয়।

কেবিনেটে ছয় জনগোষ্ঠী টাই-আহোম, চুতীয়া, মৰান, মটক, কোচ-ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ বাবে পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজসমূহত বিশেষভাৱে আসন সংৰক্ষণ বৃদ্ধিৰ সিদ্ধান্ত লৈছে। এই সংৰক্ষণ অ’বিচিৰ বাবে সংৰক্ষিত ২৭ শতংশৰ ভিতৰতে থাকিব।  

টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাই টেঙাখাত মহাবিদ্যালয়ত এক বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰে…

কিছুদিন পূৰ্বে ঘোষিত চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে বিশেষ সম্বৰ্ধনা অনুষ্ঠান। 

বক্তাই সম্বৰ্ধিত ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰাৰ লগতে অনাগত দিনৰ বাবে বিভিন্ন পৰামৰ্শ প্ৰদান কৰে। উল্লেখযোগ্য যে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৪টা বিষয়ত লেটাৰ নম্বৰ লৈ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ নৰোত্তম সোনোৱালৰ আগন্তুক ৩বছৰৰ পঢ়াৰ খৰচ পলাশজ্যোতি শৰ্মাই বহন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

ইফালে বিশেষ অভিনন্দন অনুষ্ঠানৰ সামৰণি পৰ্বত বৃহত্তৰ টেঙাখাত অঞ্চলৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ২৭ গৰাকী আৰু উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ১১১ গৰাকী সৰ্বমুঠ ১৩৮ গৰাকী কৃতি শিক্ষাৰ্থীক অভিনন্দন পত্ৰ আৰু গ্ৰন্থৰ টোপোলাৰে অভিনন্দন জনায়। 

মূলসুঁতিলৈ আহিব আদিবাসী উগ্ৰপন্থী সংগঠন আপলা…

মূলসুঁতিলৈ আহিব আদিবাসী উগ্ৰপন্থী সংগঠন আপলা।

সেনাধ্যক্ষ চাহিল মুণ্ডাৰ নেতৃত্বত ৩৫ কেডাৰৰ আত্মসমৰ্পণৰ যো-জা। ম্যানমাৰৰ পৰা নাগালেণ্ড হৈ মেৰাপানীত বাহৰ পাতিছে দলটোৱে।

যোৰহাটত আত্মসমৰ্পণ কৰিব আপলাৰ ৩৫ জনীয়া দলটোৱে। দলটোৱে আৰক্ষীক জমা দিব বুজন পৰিমাণৰ মাৰণাস্ত্ৰও।

ডিব্ৰুগড়ত অনা-অসমীয়া মদন শ্বাহ নামৰ মাফিয়াই চলাইছে সন্ত্ৰাস…

ডিব্ৰুগড়ত অনা-অসমীয়াৰ গুণ্ডাগিৰি, মাফিয়াৰাজ। মদন শ্বাহ নামৰ মাফিয়াই চলাইছে সন্ত্ৰাস। পদপথৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা সংগঠনৰ নামত ধন সংগ্ৰহ। পৌৰপতিৰ ছত্ৰছায়াত চলিছে ছিণ্ডিকেটৰাজ।

দৈনিক ৫০-১৫০০ টকা পৰ্যন্ত গুণ্ডাকৰ সংগ্ৰহ। প্ৰতিমাহে কেইবা লক্ষ টকা সংগ্ৰহ কৰে মদন শ্বাহে। পৌৰপতি চৈকত পাত্ৰৰ ছত্ৰছায়াতে মদন শ্বাহৰ দপদপনি।

মদন শ্বাহৰ অনুমতি নহ’লে পদপথত ব্যৱসায় কৰিব নোৱাৰে কোনোৱে। বহিঃৰাজ্যৰ একাংশক ধন লৈ পদপথত ব্যৱসায়ৰ সুযোগ প্ৰদান মদন শ্বাহৰ। জধে-মধে পদপথত দোকান-পোহাৰ স্থাপন কৰাত সৃষ্টি হৈছে যান-জঁট।

মাজুলীৰ গায়নগাঁৱত কৰুণ ঘটনা ! ব্ৰহ্মপুত্ৰৰ সুঁতিত মৃত্যু এজন বৃদ্ধ লোকৰ…

মাজুলীৰ গায়নগাঁৱত কৰুণ ঘটনা। ব্ৰহ্মপুত্ৰৰ সুঁতিত মৃত্যু এজন বৃদ্ধ লোকৰ।

মৃত লোকজন গায়নগাঁৱৰ ৮৫ বছৰীয়া ভোগেশ্বৰ বৰা।

গা ধুবলৈ যাওঁতে পানীৰ সোঁতে উটুৱাই লৈ যায় লোকজনক। ঘটনাস্থলীৰ পৰা প্ৰায় ১০ মিটাৰ আঁতৰত উদ্ধাৰ মৃতদেহ।

ৰাতিপুৱা গ্ৰীন কফি খালে দিনটো সুস্থ মনৰ উদ্যমেৰে কাম কৰিব পাৰি…

ইতিবাচক প্ৰভাৱ –

গ্ৰীন কফিৰ গুটিত ক্ৰন’লজিকেল এচিড পোৱা যায়। এনেধৰণৰ কফি পান কৰাৰ ফলত শৰীৰত মেটাবলিজম ৰেট সঠিক হৈ থাকে। যিয়ে শৰীৰত ইতিবাচক প্ৰভাৱ পেলায় আৰু এই ইতিবাচক প্ৰভাৱে আপোনাৰ দৈনন্দিন কৰ্মক্ষেত্ৰত কাম কৰাৰ বাবে অধিক উদ্যম যোগায়।

ওজন নিয়ন্ত্ৰণত সহায় –

গ্ৰীন কফিৰ গুটিত ভিটামিন আৰু মিনাৰেলছ ভৰপূৰ হৈ থাকে। এনে উপাদানে আমাৰ শৰীৰত পোষক তত্ত্বৰ স্তৰ তৈয়াৰ কৰাৰ ক্ষেত্ৰত সহায় কৰে। ই আপোনাৰ শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰতো সহায় কৰে। গতিকে গ্ৰীন কফি পান কৰাৰ অভ্যাস গঢ়ি তোলক।

প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্টযুক্ত উপাদান –

এণ্টিঅক্সিডেণ্টযুক্ত উপাদানেৰে সমৃদ্ধ গ্ৰীন কফিয়ে শৰীৰত হ’বলগীয়া হানিকাৰক প্ৰভাৱৰ পৰা বচাই ৰাখি স্বাস্থ্যক সুৰক্ষা প্ৰদান কৰে। ইতিমধ্যে গ্ৰীন কফি এশ শতাংশই স্বাস্থ্যসন্মত বুলি প্ৰমাণ হৈছে।

৫ দিন ধৰি অন্ধকাৰত হাটিঙা বড়ি গাঁও

বিদ্যুতৰ লুকাভাকুৱে সাধাৰণ ৰাইজক জ্বলাকলা খুৱাই থকাৰ সময়তে বিগত ৫ দিন ধৰি বিদ্যুতৰ অভাৱত অন্ধকাৰত ডুব যোৱা হাটিঙা বড়িৰ লোকসকল অতিষ্ঠ হৈ বুধবাৰে জামুগুৰি বিদ্যুৎ উপ সংমণ্ডল কাৰ্যালয়ত উপস্থিত হৈ উপ সংমণ্ডল বিষয়াগৰাকীক তীব্ৰ বাক্যবানেৰে থকা সৰকা কৰে৷

৫ দিন ধৰি বিদ্যুৎ নাই জামুগুৰিহাটৰ এখন গাঁৱত৷ নিশা হ’লেই অন্ধকাৰত ডুব যোৱা গাঁওখনৰ লোকসকলে পোহৰৰ অভাৱত খাদ্য ৰান্ধিব নোৱাৰি গ্ৰহণ কৰিব লগা হৈছে বিয়াঘৰৰপৰা অনা দৈ কোমল চাউল৷ নিশা টোপনি অহাৰ পূৰ্ৱে গৰমত খুলি থ’ব লগা হয় ঘৰৰ খিড়িকি৷

এইদৰেই দিন পাৰ কৰিছে জামুগুৰিহাটৰ হাটিঙা বৰি গাঁৱৰ লোকসকলে৷ সেয়ে বুধবাৰে অতিষ্ঠ হৈ জামুগুৰি বিদ্যুৎ উপ সংমণ্ডল কাৰ্যালয়ত কোলাত কেচুৱা লৈ মহিলাসকলৰ লগতে পুৰুষসকলেও প্ৰতিবাদ কৰি উপ সংমণ্ডল বিষয়াগৰাকীক তীব্ৰ বাক্যবানেৰে থকাসৰকা কৰে৷ ৰাইজৰ বাক্যবানত বিষয়াগৰাকীয়ে শীঘ্ৰে বিদ্যুৎ যোগান দিয়াৰ প্ৰস্তুতি কৰিব বুলি প্ৰতিশ্ৰুতি দিয়াতহে ক্ষান্ত হয় ভুক্তভোগী লোকসকল৷

-জোন বৰা, জামুগুৰিহাট

শ্ৰী শ্ৰী জগন্নাথ দেৱ নৰ্টন সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত গ্ৰীষ্মকালীন সত্ৰীয়া নৃত্য আৰু খোল বাদন কৰ্মশালাৰ সামৰণি

পশ্চিমীয়া সংস্কৃতিৰ পৰিবৰ্তে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অমৰ কলা সংস্কৃতি অটুট ৰাখিবলৈ ধিঙত শতাধিক কণ কণ লৰা ছোৱালী এতিয়া সত্ৰীয়া নৃত্য আৰু খোল বাদন প্ৰশিক্ষণত ব্যস্ত। ধিঙৰ এগৰাকী সু-সামাজিক, সাংস্কৃতিক ব্যক্তি দিগন্ত বৰাৰ নেতৃত্বত ২০০৫বৰ্ষতে শ্ৰী শ্ৰী জগন্নাথ দেৱ নৰ্টন সাংস্কৃতিক কেন্দ্ৰ স্থাপিত হৈছিল।

তাৰ পিছৰে পৰা ধাৰাবাহিক ভাৱে গুৰুজনাৰ অমৰ সৃষ্ট কলা সংস্কৃতি নৱপ্ৰজন্মৰ মাজত প্ৰভাৱ বিস্তাৰৰ বাবে সদায় কাম কৰি আহিছে সাংস্কৃতিক কেন্দ্ৰটোৰ বিষয়াসকলে।আনবাৰৰ দৰে এইবেলিও ১জুলাইৰ পৰা ১২জুলাইলৈকে আয়োজন কৰে সত্ৰীয়া নৃত্য আৰু খোল বাদনৰ গ্ৰীষ্মকালীন কৰ্মশালা।

কৰ্মশালা খনিত বিশ্বজিৎ মজুমদাৰে প্ৰশিক্ষণ প্ৰদান কৰে। শতাধিক কণমাণিয়ে কৰ্মশালা খনিত অংশগ্রহণ কৰি গুৰুজনাৰ অমৰ সৃষ্টি, ক’লা সংস্কৃতি প্ৰশিক্ষণ গ্ৰহণ কৰি বিশেষ ভাৱে শলাগ লয় সাংস্কৃতিক কেন্দ্ৰটোৰ পৰিচালক তথা সত্ৰীয়া সংস্কৃতিৰ সাধক দিগন্ত বৰা আৰু প্ৰশিক্ষকসকলক।

আনহাতে বুধবাৰে অনুষ্ঠিত হোৱা সামৰণি অনুষ্ঠানত উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক হেমেন দাস, শিক্ষাগুৰু জুনাৰাম নাধ আৰু কেইবাগৰাকিকৈ ধিঙৰ সামাজিক সাংস্কৃতিক ব্যক্তি।

নৱ প্ৰজন্ম তথা আমাৰ সমাজত যেন সদায় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নীতি আদৰ্শ, কৃষ্টি-সংস্কৃতি বিৰাজমান হৈ থাকে সেইটোৱেই শ্ৰী জগন্নাথ দেৱ নৰ্টন সাংস্কৃতিক কেন্দ্ৰৰ মূলমন্ত্ৰ বুলি জানিবলৈ দিয়ে অনুষ্ঠানটিৰ মুখ্য পৰিচালক দিগন্ত বৰাই।

-ৰফিকুল ইছলাম, বৰছলা

দেৰগাঁৱৰ সমীপৱৰ্তী কাকডোঙাত বিনামূলীয়া সমৰকলা প্ৰশিক্ষণ শিৱিৰ

খঙ্গীয়া অ’ল ষ্টাইল মাৰ্চিয়েল আৰ্ট একাডেমিৰৰ অধীনত কাকডোঙা অলষ্টাইল মাৰ্চিয়েল আৰ্ট একাডেমিৰৰ উদ্যোগত ৬জুলাই পৰা ২১ জুলাইলৈ কাকডোঙা শংকৰদেৱ শিশু নিকেতনত অনুষ্ঠিত হৈছে বিনামূলীয়া সমৰকলা প্ৰশিক্ষণ।

বৃহত্তৰ কাকডোঙা অঞ্চলৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই সমৰকলা প্ৰশিক্ষণ শিৱিৰত মুখ্য প্ৰশিক্ষক হিছাপে চেনচেই সঞ্জীৱ বৰাই প্ৰশিক্ষণ প্ৰদান কৰিছে।

-দিব্য জ্যোতি কাকতি, ৰঙামাটি