Home Blog Page 1475

বিশ্বনাথৰ ধুলিত বিনামূলীয়া চকু চিকিৎসা শিৱিৰ

বিশ্বনাথৰ ধুলি অমিয় ভৱনত দৃষ্টি ফাউণ্ডেচনৰ উদ্যোগত তেজপুৰ চকু চিকিৎসালয়ৰ সহযোগত বিনামূলীয়া চকু চিকিৎসা শিৱিৰ অনুষ্ঠিত হয়৷ চিকিৎসা শিৱিৰৰ শুভ উদ্বোধন কৰে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে৷

২০০ৰো অধিক লোকে চকু চিকিৎসাৰ বাবে নাম পঞ্জীয়ন কৰে৷ উক্ত শিৱিৰত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে চকু অপাৰেচন কৰিব লগা ১০ জন লোকক চিকিৎসাৰ বাবে আৰ্থিক সাহাৰ্য প্ৰদান কৰিব বুলি ঘোষনা কৰে ৷

উল্লেখ্য যে আৰ্থিক ভাবে দুৰ্বল, চকু চিকিৎসাৰ বাবে অসমৰ্থ লোকসকলৰ প্ৰতি লক্ষ্য ৰাখি এই বিনামূলীয়া চকু চিকিৎসা শিৱিৰৰ আয়োজন কৰা বুলি জানিব পৰা গৈছে৷ চিকিৎসা শিৱিৰত ডাঃ ধ্ৰুৱ কলিতাই ৰোগী সকলক চিকিৎসা প্ৰদান কৰে৷

চিকিৎসা শিৱিৰত স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰ, তেজপুৰ চিকিৎসালয়ৰ চিকিৎসকৰ দল আৰু দৃষ্টি ফাউণ্ডেচনৰৰ সকলো বিষয়ববীয়া আৰু সদস্যসকল উপস্থিত থাকে৷

-ৰমেশ চন্দ্ৰ চৰেণ, বালিচাং

পানী পুৰি প্ৰেমিকৰ বাবে ভাল খবৰ! পানী পুৰিলৈ গুগল ডুডলৰ বিশেষ সন্মান

১২ জুলাইত গুগলৰ নতুন ডুডলে ইণ্টাৰনেট ব্যৱহাৰকাৰীক আনন্দিত কৰিলে। ফটোসহ গুগলহাইলাইটছগুলে ভাৰতত প্ৰথমবাৰৰ বাবে মুকলি কৰিলে খাদ্যভিত্তিক ডুডলএইটোৱে কালজয়ী ষ্ট্ৰীট ফুড স্নেকক সন্মান জনায় – পানী পুৰিএই ইন্টাৰেক্টিভ ডুডলটো কিবা এটা গেমৰ দৰে৷

সমগ্ৰ দেশৰ লাখ লাখ লোকৰ হৃদয় দখল কৰিছে পানী পুৰীয়ে। সমগ্ৰ ভাৰততে জনপ্ৰিয় ই হৈছে পদপথৰ জলপান৷ প্ৰতিটো অঞ্চলে ৰান্ধনীশালৰ নিজৰ অনন্য বৈশিষ্ট যোগ কৰে। আপুনি ইয়াক পুচকা, গল গাপ্পে, পানী কে বাটাশ্বে, ফুলকি, বা পুস্কা বুলি কওক, সাৰমৰ্ম একেই থাকে – আপোনাৰ ৰুচিবোধক আন কোনো ৰাস্তাৰ জলপানৰ দৰে ব্যৱহাৰ কৰা সোৱাদৰ বিস্ফোৰণ। কিন্তু এতিয়া আপোনাৰ প্ৰিয় পানী পুৰি বিশ্ব চৰ্চাত। কেনেকৈ বাৰু আজিৰ গুগল ডুডলে পানী পুৰীক সন্মান জনাইছে, ইয়াক সঁচাকৈয়ে প্ৰাপ্য স্বীকৃতি দিছে বুলিব পাৰি! কিয়নো এই গৰমত পানী পুৰি কোনেনো বেয়া পায়?

এটা টোকাত গুগল ডুডলে শ্বেয়াৰ কৰিছে যে ২০১৫ চনৰ আজিৰ দিনটোতে ইন্দোৰৰ এখন ৰেষ্টুৰেণ্টে মুঠ ৫১টা বিকল্পৰে পানী পুৰিৰ সৰ্বাধিক সোৱাদ পৰিবেশন কৰাৰ বাবে বিশ্ব অভিলেখ অৰ্জন কৰিছিল।

আলু, চজিনা, মছলা, বা মৰিচা আৰু সোৱাদযুক্ত পানীৰে ভৰাই খৰখৰীয়া খোলাৰে তৈয়াৰী জনপ্ৰিয় দক্ষিণ এছিয়াৰ ৰাজপথৰ খাদ্য। আৰু সকলোৰে ৰুচিবোধৰ বাবে বিভিন্ন ধৰণৰ পানী পুৰী!

বাৰু, এই সুস্বাদু খাদ্য দক্ষিণ এছিয়াৰ মানুহৰ অন্যতম প্ৰিয় জলপান আৰু ইয়াৰ নাম বেলেগ বেলেগ। ভাৰতবৰ্ষত মুঠ ১০টা ভিন্ন নাম আছে পানী পুৰীৰ।

দেশৰ বিভিন্ন প্ৰান্তৰ মানুহে পানী পুৰীক বিভিন্ন নামেৰে কয়-

পানী পুৰী- গুজৰাট, মধ্যপ্ৰদেশ, কৰ্ণাটক, মহাৰাষ্ট্ৰ, আৰু তামিলনাডু

গোল গাপ্পে- নতুন দিল্লী, পঞ্জাৱ, জম্মু আৰু কাশ্মীৰ, হাৰিয়ানা, মধ্যপ্ৰদেশ, উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশ

পুচকা- বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিমবংগ

পাকোডি- গুজৰাট আৰু মধ্যপ্ৰদেশৰ অভ্যন্তৰীণ অংশ

গুপ চুপ- ওড়িশা, বিহাৰ, ঝাৰখণ্ড, ছত্তীশগড়, হায়দৰাবাদ, আৰু তেলেংগানাৰ কিছু অংশ

পদকা- আলিগড়, ইউ পি

পানী কে বটাশ্বে- মধ্য ভাৰত, ইউ পি আৰু ৰাজস্থানৰ কিছু অংশ

টিকি- মধ্যপ্ৰদেশৰ হোছাংগাবাদ

পানি কে পতাশে- উত্তৰ প্ৰদেশৰ কিছু অংশ

গুগল ডুডলৰ তথ্য অনুসৰি এই ৰাজপথৰ জলপানৰ উৎপত্তি মহাভাৰতৰ পৰাই হৈছে। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে দ্ৰৌপদীয়েই পানী পুৰী আৱিষ্কাৰ কৰিছিল যেতিয়া তেওঁৰ এটা কাম আছিল, সীমিত উপাদান ব্যৱহাৰ কৰি পাঁচজন পুৰুষক খুৱাব । তাই বাকী থকা আলু ছাবজি (আলু আৰু শাক-পাচলিৰ তৰকাৰী) আৰু ঘেঁহুৰ পিঠাগুৰিৰ সৰু অংশ ব্যৱহাৰ কৰিছিল। আলু আৰু শাক-পাচলিৰ মিশ্ৰণেৰে সৰু সৰু ভজা পিঠাগুৰিৰ টুকুৰা ভৰাই দ্ৰৌপদীয়ে জন্ম দিলে সেই মনোমোহা আনন্দ, যিটো আমি এতিয়া পানী পুৰী বুলি জানো।

ওজন হ্ৰাস কৰিবলৈ কুমলীয়া ৰঙালাওৰ ৰস সেৱন কৰক…

কুমলীয়া ৰঙালাওত বহুতো পুষ্টিকৰ উপাদান থাকে। কুমলীয়া ৰঙালাওৰ দ্বাৰা আপোনাৰ ওজন কমাবলৈ সহজ হ’ব। আজি আমি আপোনালোকক কম কেনেকৈ কুমলীয়া ৰঙালাওৰ সহায়ত কেনেকৈ ওজন কমাব পাৰি। ৰঙালাওত ভিটামিন এ, ভিটামিন বি, ভিটামিন ডি পোৱা যায়। যিয়ে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ কাম কৰে।আনহাতে যদি আপুনি আপোনাৰ ওজন কমাব বিচাৰে তেন্তে আপুনি কুমলীয়া ৰঙালাও খাব পাৰে-
কুমলীয়া ডালিমৰ ৰস

ওজন কমাবলৈ কুমলীয়া ৰঙালাও ৰস খাব পাৰি। ইয়াৰ বাবে কুমলীয়া কুমলীয়া ৰঙালাওৰ সৰু সৰুকৈ কাটি লওক। এতিয়া মিক্সিত দি পিহি লওক। তাৰ পিছত সেইখিনি ফিল্টাৰ কৰি গিলাচ এটাত উলিয়াই জালুক আৰু নিমখ দি পান কৰক। যদি আপুনি দৈনিক ৰাতি কুমলীয়া ৰঙালাও ৰস সেৱন কৰে তেতিয়া ওজন কমাব পাৰিব।

ওজন কমাবলৈ কুমলীয়া ৰঙালাওৰ চুপ খাব পাৰে। এই চুপ বনাবলৈ প্ৰথমে কুমলীয়া ৰঙালাওখিনি সৰু সৰুকৈ কাটি লওক। এতিয়া প্ৰেচাৰ কুকাৰত লৈ হুইচেল মাৰিব। এতিয়া ব্লেণ্ডাৰৰ সহায়ত মিহলাই লওক। এতিয়া কেৰাহীত ঘিউ দি অলপ গৰম কৰক আৰু তাত জিৰা আৰু সৰিয়হৰ দিয়ক মিহলাওক। এতিয়া তাত নিমখ দি সেৱন কৰক।

ব্ৰাজিলৰ কফি, দামী সুৰা, চিগাৰেট, বিদেশী মাংসৰ প্ৰয়োজন কিম জং উনক…

উত্তৰ কোৰিয়াৰ নেতা কিম জং উনে ব্লেক লেবেল স্কচ হুইস্কি আৰু হেনেছি ব্ৰেণ্ড আদি বিলাসী সুৰা আৰু চিগাৰেট সেৱন কৰি ভাল পাই বুলি প্ৰতিৰক্ষা বিশেষজ্ঞই দাবী কৰিছে । দেশৰ জনসাধাৰণ অনাহাৰৰ ভুগিলেও, কিম জং উনক যিকোনো মূল্যৰ বিনিময়ত দামী সুৰা, বিশেষ চিগাৰেট আৰু বিদেশী মাংসৰ প্ৰয়োজন। এক বাৰ্তালাপত ব্ৰিটিছ প্ৰতিৰক্ষা বিশেষজ্ঞই দাবী কৰিছে যে একনায়কত্ববাদী কিম জং উন এজন মদ্যপায়ী, যিয়ে ক’লা লেবেলৰ স্কচ হুইস্কি আৰু হেনেছি ব্ৰেণ্ডী খাই ভাল পায়, যাৰ এটা বটলৰ দাম ৭,০০০ ডলাৰ পৰ্যন্ত। এক পৰিসংখ্যা অনুসৰি কিম জং উনে উত্তৰ কোৰিয়ালৈ উচ্চমানৰ সুৰা আমদানি কৰাত বছৰি ৩ কোটি ডলাৰ ব্যয় কৰে।

কেৱল এয়াই নহয়, একনায়কত্ববাদী নেতা জনে ব্ৰাজিলৰ কফি ভাল পায়। যাৰ বাবে তেওঁ এবছৰত প্ৰায় ৯,৬৭,০৫১ ডলাৰ খৰচ কৰে। ইয়াৰ লগতে কিমে এক বিশেষ ধৰণৰ চিগাৰেট খায়, যাৰ ছবি বিগত সময়তো ভাইৰেল হৈছিল। ২০১৪ চনৰ এক প্ৰতিবেদনত কোৱা হৈছিল যে কিমে নিয়মিতভাৱে “সাপৰ মদ” সেৱন কৰিছিল, যাৰ ফলত পুৰুষত্ব বৃদ্ধি পায় বুলি এক উৰাবাতৰি প্ৰচাৰ হৈছিল।

মিছ নেদাৰলেণ্ডৰ খিতাপ দখল কৰিলে কিন্নৰ মডেল ৰিকি ভেলেৰীয়ে…

কিন্নৰ মডেলে খিতাপ জয় কৰি সৃষ্টি কৰিলে ইতিহাস, অংশগ্ৰহণ কৰিব মিছ ইউনিভাৰ্ছত! ২০২৩ চনৰ মিছ নেদাৰলেণ্ডৰ খিতাপ লাভ কৰি মডেল ৰিকি ভেলেৰী কলেই ৭২ সংখ্যক মিছ ইউনিভাৰ্ছৰ প্ৰতিযোগী হিচাপে নিজৰ স্থান নিশ্চিত কৰিছে। ৰিকি হৈছে এই খিতাপ দখল কৰা প্ৰথমগৰাকী কিন্নৰ মডেল। ইতিহাসত এইবাৰ প্ৰথমবাৰৰ বাবে কিন্নৰ মহিলাক পিন্ধোৱা হৈছে বিজয়ৰ মুকুট। ৰিকিৰ বয়স হৈছে ২২ বছৰ। ৰিকিয়ে ইনষ্টাগ্ৰাম পোষ্টত লিখিছে, “মই কৰিলোঁ! মই কিমান সুখী আৰু গৌৰৱান্বিত সেই কথা প্ৰকাশ কৰিব নোৱাৰো। হয়, মই এজন ট্ৰেন্সজেন্ডাৰ আৰু মোৰ কাহিনীটো সকলোৰে সৈতে শ্বেয়াৰ কৰিব বিচাৰো, মই ৰিকি। খিতাপ জয় কৰা এই মূহুৰ্তটো মোৰ বাবে বহুত।” এনে খিতাপ দখল কৰা বিশ্বৰ দ্বিতীয়জন ট্ৰেন্স হৈ পৰিল ৰিকি।

মডেল ৰিকি ভেলেৰী ক’লেইয়ে ইনষ্টাগ্ৰামত এই অনুষ্ঠানটোৰ ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত আন মডেলৰ সৈতে দেকা গৈছে ৰিকিক। ৰিকি ৰাষ্ট্ৰীয় সৌন্দৰ্য্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দ্বিতীয়গৰাকী ট্ৰেন্স মহিলা। ২০১৮ চনত এঞ্জেলা পন্সে মিছ স্পেইনৰ মুকুট পিন্ধি ইতিহাসৰ সৃষ্টি কৰিছিল।ৰিকি আন আন কিন্নৰ বাবে আদৰ্শ হৈ ৰ’ব। কেৱল এয়াই নহয়, মঞ্চ ব্যৱহাৰ সামাজিক বৈষম্যৰ বিৰুদ্ধে যুঁজিবলৈ শিকাব বিচাৰে ৰিকিয়ে।

শাওণ মাহত উপবাসে থকাৰ সময়ত কোনবোৰ ফল সেৱন কৰিব লাগে জানেনে…

Close-up of fruits - papaya, bananas and apple.

বৰ্তমান শাওণ মাহ চলি আছে। হিন্দু ধৰ্মত এই মাহৰ এক অতি বিশেষ তাৎপৰ্য আছে। শাওণ মাহত শিৱ ভক্ত সকলে উপবাসে থাকে। আজি আমি আপোনালোকক জনাম, শাওণ মাহত আপুনি উপবাসে থকাৰ সময়ত কোনবোৰ ফল সেৱন কৰিব-


কল-

কল এনেকুৱা এবিধ ফল,যিয়ে শৰীৰক শক্তি লাভ কৰে। কলত বহুতো পুষ্টিকৰ উপাদান পোৱা যায়। গতিকে উপবাসে থকাৰ সময়ত কল সেৱন কৰিব পাৰে।


অমিতা

অমিতা খাবলৈ বৰ সোৱাদ। কাৰণ অমিতা পুষ্টিকৰ উপাদানৰে ভৰপূৰ। যদি আপুনি উপবাসে থকাৰ সময়ত অমিতা সেৱন কৰে তেন্তে ই আপোনাৰ স্বাস্থ্য সুস্থ কৰি ৰাখিব। গতিকে পাচনতন্ত্ৰ সবল কৰি ৰাখিবলৈ অমিতা খাব পাৰে।
আপেল-
উপবাসৰ সময়ত আপেল খোৱাটো স্বাস্থ্য বাবে উপকাৰী। আপেলত বহুতো পুষ্টিকৰ উপাদান থাকে, যিয়ে আপোনাক গোটেই দিনটোলৈ শক্তি প্ৰদান কৰিব। গতিকে উপবাসৰ সময়ত আপেল খোৱাৰ আৰম্ভ কৰক।
কমলা-
উপবাসে থকাৰ সময়ত কমলা খাব পাৰে। কাৰণ কমলাত ভিটামিন আৰু পানী প্ৰচুৰ পৰিমাণে থাকে। যাৰ বাবে আপোনাৰ শৰীৰটো হাইড্ৰেটেড হৈ থাকিব।

‘মই এগৰাকী অবিবাহিত মহিলা, মোৰ ঘৰ চলাবলৈ কোনো নাই’; বিবাহ বিচ্ছেদৰ যন্ত্ৰণাত ভুগিছে পূজা ভাট…

‘মই অবিবাহিত মহিলা, মোৰ ঘৰ চলাবলৈ কোনো নাই’; বিবাহ বিচ্ছেদ যন্ত্ৰণাত ভুগিছে পূজা ভাট। শেহতীয়াকৈ পূজা ভাটে বিগ বছত নিজৰ দুৰ্দশা অৱস্থাৰ বিষয়ে ক’লে। অভিনেত্ৰীগৰাকীয়ে কেৱল পৰিয়ালৰ লোকৰ সন্মুখত নিজৰ দুখৰ কথা কোৱাই নহয়, ঘৰখন চলাবলৈ কোনো নাই বুলিও কয়। এতিয়া পূজা ভাটৰ এই বক্তব্য ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে। বৰ্তমান ‘বিগ বছ অ’টিটি ২’লৈ আহিছে অভিনেত্ৰী পূজা ভাট। বিগ বছে হাউচমেটসকলক এটা স্নেট টাস্ক দিয়া হৈছিল। ইয়াত সকলো প্ৰতিযোগীয়ে পৰিয়ালৰ সদস্যসকলৰ বিষয়ে নিজৰ মতামত প্ৰকাশ কৰিব লগা হৈছিল। এই কামৰ সময়ত বিগ বছে এজন এজনকৈ প্ৰতিযোগীসকলক ফোন কৰি আছিল। ইফালে বিগ বছে পূজা ভাটক ফোন কৰাত পূজা ভাটে নিজৰ দুখৰ কথা ক’লে।

প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পূজা ভাটে কয়- ‘আমি সকলোৱে আমাৰ পৰিয়ালক হেৰুৱাইছো আৰু কোনোবাই কাৰোবাৰ বাবে অপেক্ষা কৰি আছে।’ কিন্তু মই এগৰাকী অবিবাহিত মহিলা, মোৰ ঘৰখন চলাবলৈ কোনো নাই। ইয়াৰ লগতে পূজাই ক’লে যে এইবাৰ প্ৰথমবাৰৰ বাবে মই দেউতাক হেৰুৱাইছো। আনৰ মতামতৰ সৈতে মোৰ কোনো গুৰুত্ব নাই কিন্তু দেউতাই কোৱা কথাবোৰলৈ মন দিওঁ। পূজা ভাটে ‘বিগ বছ অ’টিটি ২’ই নিজৰ প্ৰদৰ্শনেৰে মানুহৰ হৃদয় জয় কৰিছে।

যমুনাৰ উগ্ৰ ৰূপ! হিমাচলত বান আৰু বৰষুণৰ ফলত শোকাৱহ পৰিস্থিতি, প্ৰবল বৰষুণৰ বাবে ৰেড এলাৰ্ট জাৰি উত্তৰাখণ্ডত…

যমুনাৰ উগ্ৰ ৰূপ! হিমাচলত বান আৰু বৰষুণৰ ফলত শোকাৱহ পৰিস্থিতি, প্ৰবল বৰষুণৰ বাবে ৰেড এলাৰ্ট জাৰি উত্তৰাখণ্ডত। বৰ্তমান সমগ্ৰ দেশত প্ৰবণ্ড বৰষুণ। বান-বৰষুণে উত্তৰ ভাৰতৰ বহু ৰাজ্যত বিধ্বংসী পৰিস্থিতিৰ সৃষ্টি কৰিছে। হিমাচল প্ৰদেশত ৩ দিনীয়া মুষলধাৰ বৰষুণৰ পিছত মঙলবাৰে কিছু সকাহ পাইছিল যদিও পাহাৰৰ ভূমিস্খলন এতিয়াও বন্ধ হোৱা নাই। ভূমিস্খলনৰ বাবে বন্ধ হৈ আছে মাণ্ডীৰ চণ্ডীগড়-মানালী ৰাষ্ট্ৰীয় ঘাইপথ। যোৱা ৩ দিনত হিমাচল প্ৰদেশত বিধ্বংসী বৰষুণ। যাৰ বাবে ৰাজ্যত কোটি কোটি লোকৰ লোকচান হৈছে আৰু বিভিন্ন স্থানত সংঘটিত ভূমিস্খলনৰ ফলত মানুহ আবদ্ধ হৈ পৰিছে।

বৰ্তমান হিমাচল প্ৰদেশত ১২৩৯ টা পথ আৰু ৩ টা ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ আছে। ৰাজ্যত ২৫৭৭ টা বিদ্যুৎ ট্ৰেন্সফৰ্মাৰ ব্যাহত হোৱাৰ লগতে ১৪১৮ টা স্থানত পানী যোগান আঁচনি ব্যাহত। ইফালে ৰাজ্যৰ শিক্ষা বিভাগে ধাৰাসাৰ বৰষুণে ব্যাপক ক্ষতিসাধন কৰাৰ পাছত বাৰিষা আৰু গ্ৰীষ্মকালীন ছুটীৰ সময়সীমা পুনৰ নিৰ্ধাৰণ কৰাৰ সিদ্ধান্ত লৈছে। এই নিৰ্দেশ অনুসৰি কুল্লু জিলাত ২৩ দিনীয়া বাৰিষা বন্ধৰ দিন ২৩ জুলাইৰ পৰিৱৰ্তে ১৪ আগষ্টলৈ সলনি কৰা হৈছে। হিমাচল প্ৰদেশত হোৱা প্ৰচণ্ড বৰষুণৰ প্ৰভাৱ পঞ্জাৱতো পৰিছে। বহু লোকে নিজৰ জীৱন ৰক্ষাৰ বাবে ঘৰৰ চাদলৈ গৈছিল। এনে পৰিস্থিতিত উদ্ধাৰ অভিযান আৰম্ভ কৰে প্ৰশাসনে। এই সময়ছোৱাত কেবিনেট মন্ত্ৰী লালজিৎ সিং ভুল্লাৰ আৰু তৰ্ণ তৰণৰ এছ এছ পি গুৰমীত সিং চৌহানে নিজে নাও চলোৱা দেখা গৈছিল।

উত্তৰাখণ্ডত বতৰ বিজ্ঞান বিভাগে আজিৰে পৰা প্ৰচণ্ড বৰষুণৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে। কুমাওঁৰ পৰা গড়ৱাললৈ হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ভূমিস্খলন সংঘটিত হৈছে, যাৰ বাবে বহু ঠাইত পথ বন্ধ হৈ আছে। উত্তৰকাশীত ৩ খন বাহন ভূমিস্খলনৰ কবলত পৰে, যাৰ ফলত ৪ জন লোকৰ মৃত্যু হয়। ধাৰাসাৰ বৰষুণ আৰু বানপানীৰ বাবে দিল্লী-হাৰিয়ানা আৰু পঞ্জাৱৰ পৰিস্থিতি ভয়াৱহ হৈয়েই আছে। হাৰিয়ানাৰ হাতীকুণ্ড বেৰেজৰ পৰা পানী এৰি দিয়াৰ পাছত দিল্লীত বৃদ্ধি পাইছে যমুনাৰ মাত্ৰা। ইতিমধ্যে দিল্লীৰ পুৰণি লোহাৰ দলঙৰ পৰা যান-বাহনৰ চলাচল নিষিদ্ধ কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ এই দলঙৰ পৰা ৰে’ল পাৰ হোৱাতো নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। দিল্লীৰ বানাক্ৰান্ত অঞ্চলৰ পৰা মানুহক উদ্ধাৰ কৰা হৈছে।

বিৰোধীক অমিত শ্বাহৰ সকিয়নীঃ ইডিৰ মুৰব্বী যিয়েই নহওক, অভিযান চলি থাকিব…

বিৰোধীক অমিত শ্বাহৰ সকিয়নীঃ ইডিৰ মুৰব্বী যিয়েই নহওক, অভিযান চলি থাকিব। উচ্চতম ন্যায়ালয়ে ইডিৰ মুৰব্বীৰ কাৰ্যকাল বৃদ্ধি নাকচ কৰাৰ পিছতে কেন্দ্ৰীয় গৃমন্ত্ৰী অমিত শ্বাহে বিৰোধীক এইবুলি সকিয়নী দিয়ে যে ইডিৰ মুৰব্বী যিয়েই নহওঁক, অভিযান বন্ধ নহ‘ব৷ উল্লেখ্য ইডিৰ সঞ্চালকৰ কাৰ্যকাল বৃদ্ধিৰ বাবে কেন্দ্ৰই গ্ৰহণ কৰা সিদ্ধান্ত খাৰিজ কৰিছিল উচ্চতম ন্যায়ালয়ে৷ ন্যায়ালয়ৰ এনে পদক্ষেপৰ পিছতে শ্বাহে বিৰোধীক এনেদৰে ভাবুকি দিয়ে৷ তেওঁ কয় যে কোনো কাৰণতে ইডিৰ অভিযান বন্ধ কৰা নহ‘ব৷ বিৰোধীয়ে চৰকাৰে বিৰোধী নেতাৰ বিৰুদ্ধে ইডিক ব্যৱহাৰ কৰি আহিছে বুলি কৰি অহা অভিযোগৰ মাজতে উচ্চতম ন্যায়ালয়ৰ শেহতীয়া ৰায়্যো গুৰুত্বপূৰ্ণ বিবেচিত হৈছিল৷ ইয়াৰ মাজতে অমিত শ্বাহে বিষয়টোকলৈ বিৰোধীক সকিয়নী দিয়ে৷ উচ্চতম ন্যায়ালয়ে ইডি সঞ্চালকৰ কাৰ্যকাল বৃদ্ধিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি কয় যে সঞ্চালক সঞ্জয় কুমাৰ মিশ্ৰৰ কাৰ্যকাল বৃদ্ধি কৰা উচিত নহয়। উচ্চতম ন্যায়ালয়ে প্ৰৱৰ্তন সঞ্চালকালয়ৰ (ইডি) সঞ্চালক সঞ্জয় কুমাৰ মিশ্ৰৰ কাৰ্যকাল বৃদ্ধিক অবৈধ বুলিও অভিহিত কৰে। ন্যায়ালয়ে মিশ্ৰৰ কাৰ্যকালৰ সম্প্ৰসাৰণক অবৈধ বুলি অভিহিত কৰাৰ পাছতো কয় যে ইডিৰ সঞ্চালকে ৩১ জুলাই, ২০২৩ লৈকে এই পদত অব্যাহত থাকিব পাৰিব।

ন্যায়াধীশ বি আৰ গাভাই, বিক্ৰম নাথ আৰু সঞ্জয়ৰ বিচাৰপীঠে কয় যে মিশ্ৰাৰ সম্প্ৰসাৰণ উচ্চতম ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠৰ ২০২১ চনৰ সিদ্ধান্তৰ বিৰুদ্ধে আছিল। আদালতে পূৰ্বে ২০২১ চনৰ নৱেম্বৰৰ পিছত তেওঁৰ কাৰ্যকাল বৃদ্ধি নকৰিবলৈ কৈছিল।আদালতে কয় যে সংসদৰ ইডি সঞ্চালকৰ কাৰ্যকাল বৃদ্ধি কৰাৰ ক্ষমতা আছে। আইনসভাই এখন আদালতৰ সিদ্ধান্ত সলনি কৰাৰ কাৰণ থাকিব লাগিব। মিশ্ৰক প্ৰদান কৰা কাৰ্যকালৰ সম্প্ৰসাৰণ আইনৰ দৃষ্টিত ভুল আছিল। মিশ্ৰক ২০১৮ চনৰ নৱেম্বৰত ইডিৰ সঞ্চালকৰ হিচাপে নিযুক্ত কৰা হৈছিল। তেওঁৰ কাৰ্যকাল ২০২০ চনৰ নৱেম্বৰত সমাপ্ত হৈছিল। ২০২০ চনৰ মে’ মাহত তেওঁ অৱসৰৰ বয়স ৬০ বছৰ অতিক্ৰম কৰে। অৱশ্যে, ২০২০ চনৰ ১৩ নৱেম্বৰত কেন্দ্ৰীয় চৰকাৰে এক নিৰ্দেশনা জাৰি কৰি কয় যে ৰাষ্ট্ৰপতিয়ে দুবছৰীয়া কাৰ্যকাল তিনি বছৰলৈ সলনি কৰাৰ বাবে ২০১৮ চনৰ আদেশ সংশোধন কৰিছে। চৰকাৰৰ এনে সিদ্ধান্তক এনজিঅ’ কমন কজৰ দ্বাৰা উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱা হৈছিল। শ্বাহে কয় দুৰ্নীতিৰ বিৰুদ্ধে অভিযান চলি থাকিব৷ কাকো আইনৰ বাহিৰত কাম কৰিবলৈ দিয়া নহ‘ব৷ ধনৰ অবৈধ সৰবৰাহ বন্ধ কৰা হ‘ব আৰু এনে কামত জড়িতসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ‘ব৷

মহিলা সুৰক্ষাৰ ওপৰত গুৰুত্ব মুখ্যমন্ত্ৰী যোগীৰ। ১৮খন ‘সুৰক্ষিত চহৰ’ থকা প্ৰথমখন ৰাজ্য হ’ব উত্তৰ প্ৰদেশ…

মহিলা সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ, ইউ পি ১৮খন ‘সুৰক্ষিত চহৰ’ থকা প্ৰথম ৰাজ্য হ’ব: যোগী আদিত্যনাথ!
ৰাজ্যৰ এই প্ৰকল্পৰ জৰিয়তে লক্ষ্ণৌ আৰক্ষী আয়ুক্তৰ অধীনত আধুনিক নিয়ন্ত্ৰণ কক্ষ, গোলাপী ৰঙৰ আৰক্ষী বুথ, আশা জ্যোতি কেন্দ্ৰ, চিচিটিভি কেমেৰা, মহিলা আৰক্ষী থানাত পৰামৰ্শদাতাৰ বাবে হেল্প ডেস্ক, বাছত পেনিক বুটাম, আৰু অন্যান্য নিৰাপত্তা ব্যৱস্থা ৰূপায়ণ কৰা হয়। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মঙলবাৰে কয় যে উত্তৰ প্ৰদেশ দেশৰ প্ৰথমখন ৰাজ্য হ’ব য’ত ১৮খন ‘সুৰক্ষিত চহৰ’ থাকিব। যিয়ে ৰাজ্যখনৰ প্ৰতিজন বাসিন্দাৰ সুৰক্ষা আৰু উন্নয়নৰ বাবে এক অনুকূল পৰিৱেশৰ সৃষ্টি কৰিব। ইয়াত অনুষ্ঠিত এক পৰ্যালোচনা বৈঠকত আদিত্যনাথে কয় যে অহা তিনিমাহৰ ভিতৰত ১৭ টা পৌৰ নিগম আৰু গৌতম বুধ নগৰৰ আটাইকেইটা স্থানকে ‘সুৰক্ষিত চহৰ’ হিচাপে প্ৰথম পৰ্যায়ত গঢ়ি তোলা উচিত হ’ব।

মহিলাৰ সুৰক্ষাৰ লগতে এতিয়া এই প্ৰকল্পত বৃদ্ধ, শিশু আৰু দিব্যাংগ সকলৰ সুৰক্ষাও অন্তৰ্ভুক্ত কৰা হ’ব বুলিও মুখ্যমন্ত্ৰী যোগীয়ে কয়। ৰাজ্যৰ এই প্ৰকল্পৰ জৰিয়তে লক্ষ্ণৌ আৰক্ষী আয়ুক্তৰ অধীনত আধুনিক নিয়ন্ত্ৰণ কক্ষ, গোলাপী ৰঙৰ আৰক্ষী বুথ, আশা জ্যোতি কেন্দ্ৰ, চিচিটিভি কেমেৰা, মহিলা আৰক্ষী থানাত পৰামৰ্শদাতাসকলৰ বাবে হেল্প ডেস্ক, বাছত আতংকৰ বুটাম আৰু অন্যান্য নিৰাপত্তা ব্যৱস্থা ৰূপায়ণ কৰা হ’ব বুলিও কয়।