Home Blog Page 1476

“বিগ বছলৈ গ’লে নিৰ্বাচনত জয়ী হ’ব ৰাহুল গান্ধী” : ৰাখী সাৱন্ত…

“বিগ বছলৈ গ’লে নিৰ্বাচনত জয়ী হ’ব ৰাহুল গান্ধী” ৰাখী সাৱন্ত। ২০২৪ চনৰ লোকসভাত জয়ী হ’বলৈ ৰাখী সাৱন্তই ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী হ’বলৈ টিপচ দিয়ে। বলীউডত নিজৰ বক্তব্যৰ বাবে লাইমলাইটত থকা অভিনেত্ৰী ৰাখী সাৱন্তে প্ৰায়ে কিবা নহয় কিবা এটা বিষয়ত চৰ্চাত থাকে। বৰ্তমান ৰাহুল গান্ধীকলৈ ৰাখী সাৱন্তে কৰা মন্তব্যৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে। প্ৰথমে চাই লওক ভিডিঅ’টো…

ৰাখী সাৱন্তই ৰাহুল গান্ধীক নিৰ্বাচনত জয়ী হ’বলৈ দিয়া টিপচৰ এই ভিডিঅ’টো প্ৰকাশ পোৱাৰ পিছতে ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে। আচলতে এই ভিডিঅ’টোত ৰাখী সাৱন্তই ২০২৪ চনৰ লোকসভাত জয়ী হোৱাৰ মন্ত্ৰ দিছে ৰাহুল গান্ধীক। ৰাখী সাৱন্তই কয় যে ৰাহুল গান্ধী যদি বিগ বছত আহে তেন্তে পৰৱৰ্তী নিৰ্বাচনত তেওঁ জয়ী হ’ব। বিগ বছে সকলোৰে জীৱন গঢ়ি তোলে নহয়নে? ছচিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে ৰাখী সাৱন্তৰ এই ভিডিঅ’টো।

সাৱধান! খালী পেটৰে ৱৰ্কআউট কৰে নেকি?

খালী পেটত ৱৰ্কআউট কৰাটো শৰীৰৰ বাবে ক্ষতিকাৰক নেকি? এই সন্দৰ্ভত স্বাস্থ্য বিশেষজ্ঞসকলে কি কয় জানক।
আজিকালি বেছিভাগ মানুহেই ৱৰ্কআউট, ব্যায়াম, জিম, যোগাসনৰ জৰিয়তে নিজকে ফিট কৰি ৰাখিবলৈ চেষ্টা কৰে। এনে পৰিস্থিতিত প্ৰায়ে মনৰ মাজত ঘূৰি ফুৰা এটা প্ৰশ্ন হ’ল খালী পেটত ৱৰ্কআউট কৰাটো ভাল নে বেয়া? বেছিভাগ লোকেই ৰাতিপুৱা ব্ৰেকফাষ্ট কৰাৰ আগতে ব্যায়াম কৰে। বহু স্বাস্থ্য বিশেষজ্ঞৰ মতে যদি কোনো ব্যক্তিয়ে ওজন কমাব বিচাৰে তেন্তে খালী পেটেৰে ব্যায়াম কৰিব লাগে। আনহাতে খাদ্য খোৱাৰ পিছত ব্যায়াম কৰিলে অধিক শক্তি পোৱা যায় আৰু দীৰ্ঘ সময় ধৰি ব্যায়াম কৰিবলৈ সক্ষম হয়। আজি আমি খালী পেটত ব্যায়াম কৰাৰ অসুবিধাৰ বিষয়ে আপোনালোকক জনাম, লগতে ব্যায়ামৰ আগত আৰু পিছত কি কি খাব লাগে সেই বিষয়েও জনাম। খালী পেটত ৱৰ্কআউট কৰিলে আপোনাৰ ওজন কমোৱাত সহায় হয়নে-

খালী পেটত ব্যায়াম কৰিলে ‘ফেষ্টেড কাৰ্ডিঅ’’ বুলি কোৱা হয়। যাৰ ফলত শৰীৰত চৰ্বি কম হোৱাৰ অনুভৱ হয়।২০১৬ চনৰ গৱেষণাৰ মতে উপবাসে আমাৰ শৰীৰত যথেষ্ট প্ৰভাৱ পেলায়। এই গৱেষণাত প্ৰকাশ পাইছে যে ১২ জন পুৰুষৰ ওপৰত এটা গৱেষণা কৰা হৈছিল য’ত যিসকলে ব্যায়াম কৰাৰ আগতে ব্ৰেকফাষ্ট কৰা নাছিল। তেওঁলোকৰ সহজে চৰ্বি কম হৈছিল। একে সময়তে কিছুমান গৱেষণাই এই গৱেষণাক নাকচ কৰে। ২০১৪ চনত ২০ গৰাকী মহিলাৰ ওপৰত গৱেষণা কৰা হৈছিল। য’ত দেখা গৈছিল যে যিসকলে ৱৰ্কআউটৰ আগতে খাদ্য খাইছিল তেওঁলোকৰ ৪ সপ্তাহৰ ভিতৰত বহু ওজন নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছিল। খালী পেটত ৱৰ্কআউট কৰিলে আপোনাৰ শৰীৰে প্ৰটিনক ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ শৰীৰত প্ৰটিন কম থাকে, যিটো ব্যায়ামৰ পিছত পেশী গঠনৰ বাবে অতি প্ৰয়োজনীয়।

যদিও খালী পেটত ৱৰ্কআউট কৰাৰ সমৰ্থনত কিছু গৱেষণা কৰা হৈছে, তথাপিও ইয়াৰ অৰ্থ এইটো নহয় যে ই শুদ্ধ। খালী পেটেৰে ব্যায়াম কৰিলে শৰীৰৰ প্ৰয়োজনীয় প্ৰটিন আৰু চৰ্বিও নাইকিয়া হৈ যাব পাৰে পাৰে। তেজত চুগাৰৰ মাত্ৰা কম হোৱাৰ বাবে ব্যায়ামৰ সময়ত মূৰ ঘূৰোৱা, বমি, কঁপনি আদি অনুভৱ হ’ব পাৰে। আনহাতে ৱৰ্কআউট, জিম ট্ৰেইনিং, বেডমিণ্টন, যোগাসন, খোজ কঢ়া, গলফ খেলা, দৌৰা, টেনিছ, ক্ৰিকেট এই সকলোবোৰ কৰাৰ পিছত আপোনাক বহুত শক্তিৰ প্ৰয়োজন। শক্তিৰ বাবে শৰীৰক স্বাস্থ্যসন্মত খাদ্য খুৱাব লাগিব। অৱশ্যে ব্যায়ামৰ আগতে খাদ্য গ্ৰহণ কৰিব লাগে, যাতে প্ৰচুৰ শক্তি আৰু শক্তি লাভ কৰে। বিশেষকৈ যদি আপুনি এঘণ্টাৰো অধিক সময় ৱৰ্কআউট কৰাৰ পৰিকল্পনা কৰিছে তেন্তে খাদ্য গুৰুত্বপূৰ্ণ।

দক্ষিণপাট-শিয়ালমাৰী পথৰ আধাৰশিলা স্থাপন বিধায়ক ৰূপক শৰ্মাৰ


নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত দক্ষিণপাট-ডাকৰঘাট-শিয়ালমাৰী সংযোগী পথটিৰ বহলিকৰণ আৰু মেৰামতিৰ আধাৰশিলা অনুষ্ঠান মঙলবাৰে বিয়লি সম্পন্ন হয় ৷

এই উপলক্ষে আধাৰশিলাৰ শুভ উদ্বোধন কৰি বিধায়ক ৰূপক শৰ্মাই ৰাইজক উদেশ্যি কয় যে, “চহৰাঞ্চলৰ লগতে গ্ৰামাঞ্চলৰ বাট পথ সমূহৰ উন্নয়নৰ তৰান্বিত কৰাই হল আমাৰ প্ৰধান লক্ষ্য। ৰাইজে যান-যঁটৰ সমস্যা দূৰিকৰণৰ বাবেই দক্ষিণপাটৰ পৰা শিয়ালমাৰীলৈকে প্ৰায় ১২কোটি টকা ব্যয় সাপেক্ষে এই পথচোৱাৰ আধাৰশিলাৰ শুভ উদ্বোধন কৰা হয়। বিগত বিজেপি চৰকাৰৰ কাৰ্যকালত সমগ্ৰ পাখিমৰীয়া মৌজাৰ অভিলেখ সংখ্যক পথ নিৰ্মাণ আৰু মেৰামতি কৰা হৈছে”।

বিধায়ক গৰাকীয়ে লগতে কয় কয় যে “সমষ্টি পুনৰ নিৰ্ধাৰণ হ’লেও অনাগত দিনতো মই পাখিমৰীয়া মৌজা বাসী ৰাইজৰ লগত চিৰদিন আছো”।

পাখিমৰীয়া মণ্ডল বিজেপিৰ সভাপতি নৰেন চন্দ্ৰ দাসে অনুষ্ঠানটিত দক্ষিণপাট গাঁও পঞ্চায়তৰ সভাপতি যুগপ্ৰসাদ বৰদলৈ,তুলসীদেউৰী পঞ্চায়তৰ সভাপতি ভদ্ৰ দাস,আঞ্চলিক পঞ্চায়তৰ সদস্যা অনিতা বৰা, দক্ষিণপাট সমবায় সমিতিৰ সভাপতি ঘন দাস,সহকাৰী কাৰ্যবাহী অভিযন্তা মৃনাল বৰা,কনিষ্ঠ অভিযন্তা হেমন্ত গিৰী বৰা, যুৱ নেতা অনৱ দাস , ঠিকাদাৰ মোহিত নাহাতাৰ লগতে অন্যান্য সকল উপস্থিত থাকে।

উল্লেখ যে এই পথচোৱাৰ সৰ্ব্বমুঠ ১৩ কিলোমিটাৰ দৈৰ্ঘ্য হোৱাৰ লগতে পথচোৱাৰ বহল হ’ব প্ৰায় চাৰে পাঁচ মিটাৰ ৷ অনুষ্ঠানত প্ৰায় পাঁচ শতাধিক স্থানীয় লোক উপস্থিত থাকে ৷

মণিপুৰৰ কুকি জনজাতিক সেনাৰ দ্বাৰা সুৰক্ষা প্ৰদানৰ আবেদনৰ শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সেনাবাহিনীয়ে কুকী জনজাতিটোক সুৰক্ষা প্ৰদানৰ বাবে মণিপুৰৰ জনজাতীয় মঞ্চই দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণৰ বাবে অস্বীকাৰ কৰে ভাৰতৰ উচ্চতম ন্যায়ালয়ে।

মঙলবাৰে প্ৰকাশিত বাতৰি অনুসৰি, উচ্চতম ন্যায়ালয়ে কয় যে আদালতে সেনা আৰু অৰ্ধসামৰিক বাহিনীক এনে নিৰ্দেশনা দিয়াটো উপযুক্ত নহ’ব।

উচ্চতম ন্যায়ালয়ে এই আবেদন খাৰিজ কৰি কয় যে সাধাৰণ জনতাৰ জীৱন সুৰক্ষিত কৰাৰ ব্যৱস্থা নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় আৰু মণিপুৰ চৰকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।

বাতৰি অনুসৰি ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে এই আবেদন নাকচ কৰে। লগতে মুখ্য ন্যয়াধীশ গৰাকীয়ে সকলো পক্ষকে ভাৰসাম্যবোধ বজাই ৰাখি কোনো ধৰণৰ ঘৃণামূলক ভাষণ প্ৰদান নকৰিবলৈ আহ্বান জনায়৷

ধেমাজি অংকন কলা নিকেতনৰ উদ্যোগত হস্তশিল্প আৰু মৃৎকলা কৰ্মশালা

যি সময়ত নৱপ্ৰজন্ম‌ই যান্ত্ৰিক পৰিৱেশৰ প্ৰতি অতি আগ্ৰহ প্ৰকাশ কৰি আহিছে, সেই সময়ত এজাক শিশুক কলা সাধনাৰ প্ৰতি মনোনিবেশ ঘটোৱাৰ প্ৰচেষ্টা  হাতত লৈছে ধেমাজিৰ চিত্ৰকলাৰ অগ্ৰনী অনুষ্ঠান অংকন কলা নিকেতনে।

৯ জুলাইৰ পৰা ১১ জুলাইলৈ ধেমাজিৰ অংকন কলা নিকেতনে শিশুৰ মানসিক বৌদ্ধিক বিকাশৰ বাবে তিনিদিনিয়াকৈ আয়োজন কৰিছিল গ্ৰীষ্মকালীন বিনামূলীয়া সৃষ্টিশীল হস্তকলা আৰু মৃৎশিল্প কৰ্মশালা।

২০০৯ চনতে প্ৰতিষ্ঠা লাভ কৰা অংকন কলা নিকেতনে ইতিমধ্যেই জিলাখনৰ বিভিন্ন ঠাইৰ শিশুসকলক লৈ বিভিন্ন সময়ত শিশুৰ লগতে  শিল্পচৰ্চা কৰা ব্যক্তিসকলকলৈ ধেমাজিৰ দৰে চহৰত শিল্পকলাৰ এক জাগৰণ সৃষ্টি কৰিছে।

অংকন কলা নিকেতনৰ প্ৰতিস্থাপক অধ্যক্ষ হোমেন শইকীয়াৰ তত্বাৱধানত অনুষ্ঠিত হোৱা উক্ত কৰ্মশালাত মুঠ ২১১ জন শিশু কিশোৰৰ লগতে একাংশ আগ্ৰহী অভিভাৱকেও অংশগ্ৰহণ কৰে।

কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰে অংকন কলা নিকেতনৰ অধ্যক্ষ হোমেন শইকীয়া অংকন কলা নিকেতনৰ সভাপতি প্ৰনৱ চুতীয়া, চিত্ৰশিল্পী নিৰ্মালী বৰশইকীয়া,জিতু গগৈ,চিৰঞ্জীৱ গোহাঁই আৰু ডেইজী বৰশইকীয়াই।

নৱপ্ৰজন্মক শিল্পকলাৰ শিক্ষা প্ৰদান কৰি অহা অংকন কলা নিকেতনে গত সময়তো এনে প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত কৰি আহিছে। এইক্ষেত্ৰত আগন্তুক সময়তো শিশুসকলৰ বৌদ্ধিক- মানসিক-শৈল্পিক বিকাশৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে।

চিচিবৰগাঁৱত আছুৰ বিশেষ অভিনন্দন

প্ৰত্যেক বছৰৰ দৰে এইবাৰো চিচিবৰগাওঁ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত চিচিবৰগাওঁ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত মঙলবাৰে অনুষ্ঠিত কৰে বিশেষ অভিনন্দন অনুষ্ঠান।

চিচিবৰগাও আঞ্চলিক ছাত্র সন্থাৰ সভাপতি পবিত্ৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে কাৰ্যনিৰ্বাহক সদস্য ৰবি কছাৰীয়ে।

উল্লেখ যে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে কলা, বিজ্ঞান, বানিজ্যি শাখাত ৭৫ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈ অঞ্চললৈ গৌৰৱ অৰ্জন কৰা বহু সংখ্যক কৃতী ছাত্ৰ-ছাত্ৰীক এই বিশেষ অভিনন্দন জনোৱা হয়।

অনুষ্ঠানত আছুৰ তথ্য সম্পাদক মন্টুৰাজ বৰুৱা, কাৰ্যনিৰ্বাহক সদস্য ৰাজীৱ গগৈ, ধেমাজি জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা দীপক গগৈ, সভাপতি সঞ্জীৱ দাস, সম্পাদক জয়ন্ত বৰগোহাঁই, জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক দেবেন ডেকা, সহকাৰী সাধাৰণ সম্পাদক উজ্জ্বল শইকীয়া, মুখ্য সাংগঠনিক সম্পাদক জিন্তূ ভূঞা, প্ৰচাৰ সম্পাদক মেদিনী দলে, চিচিবৰগাওঁ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অংকুৰ শইকীয়া, অভিভাৱক আদিকে ধৰি বহু লোক উপস্থিত থাকি গঠনমূলক বক্তব্য প্ৰদান কৰে।

ইফালে অতিথি হিচাপে উপস্থিত থাকি চিচিবৰগাও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কুলেশজ্যোতি ভূঞা, বৃহত্তৰ চিচিবৰগাওঁ প্ৰেছ ক্লাবৰ সভাপতি বনমালী মহন্ত, সাংবাদিক নয়নমনি মহন্ত আদিয়েও ছাত্র-ছাত্ৰী সকলক কেন্দৰ কৰি গঠনমূলক পৰামৰ্শ আগবঢ়ায়।

অনুষ্ঠানত উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল পৰীক্ষাত উত্তীৰ্ণ প্ৰায় ৫০ গৰাকী কৃৰ্তী ছাত্ৰ-ছাত্ৰীৰ লগতে ধূনাগুৰি কলিতা গাওঁৰ নে’টত উত্তীৰ্ণ মনজিৎ কলিতাকো এখন মানপত্ৰ ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

মানালীৰ হৰপাৰ বানে উটুৱাই লৈ গ’ল ‘তাচ পাত’ৰ দৰে পাঁচ মহলীয়া হোটেল

মাত্ৰ কেইছেকেণ্ডমানৰ ভিতৰতে এখন সম্পূৰ্ণ পাঁচ মহলীয়া হোটেল হৰপা বানে উটুৱাই লৈ গ’ল। পোহৰলৈ আহিছে ভয়ংকৰ ভিডিঅ’টো।

ভিডিঅ’টোত হোটেলখনৰ কাষেৰে বৈ গৈছে বিপুল পৰিমাণৰ পানী। হৰপা বানৰ বিশাল পানীৰ হেঁচাত তাচঘৰৰ দৰে ভাঙি পৰিল হোটেলখন। স্থানীয় একাংশ সংবাদ মাধ্যমৰ খবৰ অনুসৰি হোটেলখন ভাঙি পৰাৰ সময়ত হোটেলখনত কোনো নাছিল। ফলত কোনো লোকৰ প্ৰাণ হেৰুৱাবলগীয়া হোৱা নাছিল। মনালীত সংঘটিত হৈছে এই ঘটনা।

বিগত কিছুদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ বাবে হিমাচল প্ৰদেশ সংকটত। ক’ৰবাত ভাঙি ভূমিস্খলন, ক’ৰবাত বিপদ ৰেখাৰ ওপৰেৰে পানী বৈ আছে। ক’ৰবাত বান পৰিস্থিতিৰ সৃষ্টি হৈছে। বহু ঠাইত ভাঙি গৈছে ঘৰ।

ইতিমধ্যে সেই ৰাজ্যত বৰষুণৰ বাবে ৩০ জন লোকৰ মৃত্যু হৈছে। ৩ হাজাৰ কোটি মূল্যৰ সা-সম্পত্তি ধ্বংস হয়। প্ৰশাসনৰ সূত্ৰৰ মতে, ৰাজধানী শিমলাত সৰ্বাধিক মৃত্যু হৈছে। মৃত্যু হৈছে ১১ জন। আৰক্ষীয়ে জনোৱা মতে, মৃত্যু হোৱা ৩০ জন লোকৰ ভিতৰত ২৯ জন লোকক চিনাক্ত কৰা হৈছে।

বতৰ বিজ্ঞান কেন্দ্ৰই বুধবাৰৰ পৰা পৰিস্থিতি কিছু উন্নত হ’ব বুলি জানিবলৈ দিয়ে। তেওঁলোকৰ ভাষাত “হিমাচল প্ৰদেশত প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে। কিন্তু কাইলৈৰ পৰা পৰিস্থিতি সামান্য উন্নত হ’ব। বৰষুণৰ পৰিমাণ কমি যাব।”

উত্তৰাখণ্ডত অহা তিনিদিনলৈ বৰষুণ হ্ৰাস পোৱাৰ সম্ভাৱনা। অৱশ্যে পূব পঞ্জাৱ, হাৰিয়ানা, পশ্চিম উত্তৰ প্ৰদেশ আৰু দক্ষিণ ৰাজস্থানৰ ওপৰত বৰষুণ বৃদ্ধি পাব।

অৱশেষত সন্ধান ওলাল হিমাচলত সন্ধানহীন হৈ থকা শিৱসাগৰৰ নৱদম্পত্তিৰ

সন্ধান ওলাল হিমাচলত সন্ধানহীন হৈ থকা শিৱসাগৰৰ নৱদম্পত্তিৰ।

হিমাচল প্ৰদেশৰ থালৌটত ফুৰিবলৈ গৈ বিগত চাৰি দিন সন্ধানহীন হৈ থকা দেৱাশীষ ৰাজখোৱা আৰু পত্নী শিখা ফুকন সম্প্ৰতি আশ্ৰয় শিবিৰৰ থকা বুলি সদৰি কৰিছে চৰাইদেউৰ উপায়ুক্তই।

উল্লেখযোগ্য যে গুৱাহাটীত কৰ্মৰত অতিৰিক্ত আৰক্ষী অধীক্ষক পৃথিৱী ৰাজখোৱাৰ ভাতৃ দেৱাশীষ ৰাজখোৱা।

৪ দিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত হিমাচলৰ বিভিন্ন স্থানত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। চাৰিওফালে কেৱল ধ্বংসলীলা। সকলো উটি-ভাহি গৈছে কৃত্ৰিম বানত।

সন্ধানহীন হৈ আছে বহু লোক। মৃত্যুক সাৱটিছে ৩০ গৰাকীৰো অধিক লোকে। উল্লেখ্য যে, এই প্ৰাকৃতিক দুৰ্যোগৰ পিছৰে পৰা সন্ধানহীন হৈ আছিল অসমৰ এই দম্পতীও।

ধন কাঢ়ি নিয়াৰ পিছত পলাবলৈ চেষ্টা কৰি থকা অৱস্থাত ৰাইজৰ হাতত ধৰা পৰিল ডকাইত

মঙলবাৰে ৰঙিয়াত সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা।

সূত্ৰ অনুসৰি, মানস কলিতা নামৰ ডকাইতটোৱে কেছ ডিপ’জিট মেচিন (চিডিএম)ত ধন ভৰোৱাৰ সময়তে এজন হোমগাৰ্ড জোৱানৰ পৰা ৯ হাজাৰ টকাৰ ধন কাঢ়ি লৈ যায়।

গৃহৰক্ষী জোৱানজনৰ নাম সানোৱাৰ হুছেইন।

ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ গৈ থকা অৱস্থাত অঞ্চলটোৰ ৰাইজে খেদি খেদি ধৰে ডকাইতটোক।

৫ হাজাৰ টকা উৎকোচ লৈ হাত দাঙিলে নগাঁৱৰ সহকাৰী বন সংৰক্ষক নেপাল মণ্ডলে…

কলিয়াবৰৰ শালনা বন বিভাগৰ কাৰ্যালয়ত দূৰ্নীতিনিবাৰক আৰু তদাৰকী শাখাৰ অভিযান।

দূৰ্নীতিনিবাৰকৰ জালত উচ্চপদস্থ বন বিষয়া।

নগাঁৱৰ সহকাৰী বন সংৰক্ষক নেপাল মণ্ডলক গ্ৰেপ্তাৰ।

৫হাজাৰ টকা উৎকোছ লৈ গ্ৰেপ্তাৰ হ’ল মণ্ডল।

শালনা বনাঞ্চলিক বিষয়াৰ দায়িত্বতো আছিল মণ্ডল।

দীৰ্ঘদিনে শালনাত কাৰ্যনিৰ্বাহ কৰিছিল মণ্ডলে।