Home Blog Page 1477

মায়ঙত আঢ়ৈ বছৰীয়া পুত্ৰসহ মাতৃ নিৰুদ্দেশ

মৰিগাঁও জিলাৰ মায়ং থানাৰ অন্তৰ্গত গৰুমাৰা দলনি গাঁৱৰ ২২ বছৰীয়া এক সন্তানৰ মাতৃ নিৰুদেশ হৈ আছে।

গৰুমাৰা দলনী গাঁৱৰ মতিবুৰ ৰহমানৰ পত্নী ৰমিছা খাতুনে ১ জুলাই তাৰিখে স্বামীৰ ঘৰৰ পৰা নিজ মাতৃৰ ঘৰলৈ যাম বুলি দিনৰ ১০ বজাত আঢ়ৈ বছৰীয়া পুত্ৰক লগত লৈ ওলাই যায়।

আবেলি স্বামীৰ ঘৰৰ পৰা ৰমিছা খাতুনৰ ঘৰলৈ ফোন কৰাত ৰমিছা খাতুন মাতৃ ঘৰলৈ যোৱা নাই বুলি জনাই।

লগে লগে স্বামীৰ ঘৰৰ পৰিয়ালে বহু ঠাইলৈ যোগাযোগ কৰিছে যদিও এতিয়ালৈ বোৱাৰী গৰাকীৰ সন্ধান পোৱা নাই। স্বামীৰ পৰিয়ালে মায়ং থানাত এখন এজাহাৰ দাখিল কৰিছে।

কোনো সদাশয় ব্যাক্তিয়ে বোৱাৰী গৰাকীৰ সন্ধান পালে 7576939879 /8486535296 এই নাম্বাৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতাৰে কঁপিল মুকালমুৱা ৷ বৰক্ষেত্ৰী এৰি অইন সমষ্টিত চামিল নোহোৱাৰ হুংকাৰ…

নিৰ্বাচন আয়োগে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত প্ৰকাশ কৰা খচৰাক লৈ উত্তপ্ত হৈ আছে নলবাৰীৰ মুকালমুৱা ৷ নিৰ্বাচন আয়োগে ৬০নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিটোৰ পৰা জধে মধে গাঁও কৰ্তন কৰি অইন সমষ্টিত চামিল কৰাত প্ৰতিবাদ অব্যাহত আছে মুকালমুৱাত ৷ বৰক্ষেত্ৰীৰ চাৰি মৌজাৰে গঠিত “বৰক্ষেত্ৰী মৌজা সন্মিলনী”য়ে আজি নিৰ্বাচন আয়োগৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধীতা কৰি মুকালমুৱাত সাৱ্যস্ত কৰে প্ৰতিবাদ ৷ বৰক্ষেত্ৰী মৌজা সন্মিলনীৰ উদ্যোগত বৰক্ষেত্ৰীৰ বিভিন্ন গাঁৱৰ শ শ লোকে ৰাজপথলৈ ওলাই আহি প্ৰৱল প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ বৰক্ষেত্ৰী মৌজা সন্মিলনীয়ে মুকালমুৱা ৰাজহুৱা মঞ্চৰ পৰা প্ৰতিবাদী সমদল উলিয়াই বিভিন্ন শ্লোগান প্ৰদান কৰি বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হয় ৷

চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদকাৰীসকলে সমষ্টি পুনৰ নিৰ্ধাৰণ আমি কোনোপধ্যেই নামানো, চাৰি মৌজাৰ এক অংশও এৰি দিয়া নহব, বৰক্ষেত্ৰীৰ সৰ্বস্তৰৰ লোক এক হওক, আমাৰ দাবী নায্য দাবী, তেজ দিম বৰক্ষেত্ৰী সমষ্টি কৰ্তন কৰিবলৈ দিয়া নহব, we want justice ইত্যাদি ধ্বনি প্ৰদান কৰি উত্তাল কৰি তোলে পৰিৱেশ ৷ মৌজা সন্মিলনীয়ে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা কৰি বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়া কৌস্তভ ৰয়ৰ জড়িয়তে অসমৰ নিৰ্বাচনী বিষয়ালৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷

প্ৰতিবাদী কাৰ্যসূচীত বৰক্ষেত্ৰী মৌজা সন্মিলনীৰ গুঢ়ি ধৰোঁতা শ্বেইখ মোৱাৰক হুছেইন, মৌজা সন্মিলনীৰ সাধাৰণ সম্পাদক খাইৰুল হক চৌধুৰী, সম্পাদক জাকিৰ হুছেইন শইকীয়া, সমাজকৰ্মী জগদাচৰণ তালুকদাৰ, বসন্ত মেধি, শান্তনু কলিতা, চালেহা বেগমকে ধৰি নিৰ্বাচন আয়োগৰ খচৰাত বৰক্ষেত্ৰী সমষ্টিৰ পৰা কৰ্তন হোৱা ভালে কেইখন গাঁৱৰ পাঁচ শতাধিক লোকে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে ১৯৭৮ চনত গঠিত ৬০নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিটোৰ পৰা নিৰ্বাচন আয়োগে কে’বাখনো গাঁও কৰ্তন কৰি নলবাৰী আৰু নতুনকৈ গঠিত টিহু সমষ্টিত সংলগ্ন কৰাৰ কথা খচৰাত উল্লেখ কৰি প্ৰকাশ কৰিছে ৷

পিঠিত ওলোৱা ফোঁহা, খজুৱতিৰ বাবে বেকলেছ পোছাক পৰিধানত কৰাত অসুবিধাৰ সন্মুখীন হৈছে নেকি? ব্যৱহাৰ কৰক এই কেইটা বস্তু…

পিঠিত ওলোৱা ফোহা, খজুৱতিৰ বাবে বেকলেছ পোছাক পৰিধানত কৰাত অসুবিধাৰ সন্মুখীন হৈছে নেকি? ব্যৱহাৰ কৰক এই কেইটা বস্তু। ইয়াৰ সহায়ত নোহোৱা হ’ব পিম্পল নাইবা ফোঁহা, খজুৱতি আদিৰ দৰে ব্ৰণ। প্ৰায়ে বহু লোকৰ পিঠিত কিছু ফোহা ওলায়, যাৰ বাবে যথেষ্ট খজুৱতি হয়। আমি যদি কিছুমান ঘৰুৱা উপায় ব্যৱহাৰ কৰো তেন্তে সোনকালে তাৰ পৰা পৰিত্ৰাণ পাব। যেতিয়া মুখত পিম্পলছ দেখা দিবলৈ আৰম্ভ কৰে, তেতিয়া মুখৰ সৌন্দৰ্য্যত প্ৰভাৱ পৰে, কিন্তু কেতিয়াবা ফোহা আৰু পিম্পল পিঠিতো দেখা দিয়ে, যিটো আমি প্ৰায়ে আওকাণ কৰো। কিন্তু বেকলেছ ড্ৰেছ পিন্ধি ভাল পোৱা মহিলাসকলৰ বহু অসুবিধা হয়। এই পিম্পলবোৰে পিঠিৰ সৌন্দৰ্য্য নষ্ট কৰে যাৰ বাবে বিবাহ আৰু পাৰ্টিৰ সময়ত পিঠিখন ঢাকি ৰাখিবলগীয়া হয়।

পিঠিৰ পিম্পলছৰ পৰা মুক্তি পোৱাৰ সহজ উপায়-

পিঠিৰ পিম্পলে কেৱল ছালৰ সৌন্দৰ্য্যৰ ক্ষতি কৰাই নহয়, এই ফোঁহাবোৰে সঘনাই খজুৱতিৰ সৃষ্টি কৰে। আজি আমি সেই ঘৰুৱা প্ৰতিকাৰৰ বিষয়ে আপোনালোকক জনাম।

১/ এলোভেৰা জেল

আমি সকলোৱে জানো যে এলোভেৰা জেল ছালৰ বাবে অতি উপকাৰী, যাৰ বাবে ইয়াক বহুতো সৌন্দৰ্য্য সামগ্ৰীত ব্যৱহাৰ কৰা হয়। পিঠিৰ পিম্পল আঁতৰাবলৈ এলোভেৰাৰ পাত ভাঙি তাৰ বীজ উলিয়াই ফ্ৰীজত কিছু সময় ৰাখিব। এতিয়া ফোঁহা বা খজুৱতি হোৱা ঠাই সমূহত ঠাণ্ডা জেল লগাই প্ৰায় আধা ঘণ্টা ৰাখিব। শেষত পৰিষ্কাৰ পানীৰে ধুই দিব।

২) মৌ আৰু দালচেনি

মৌ আৰু দালচেনি মিহলাই ফেচ পেক প্ৰস্তুত কৰক। ইয়াৰ এন্টিবেক্টেৰিয়েল গুণ আছে যিয়ে ফোঁহা আঁতৰোৱাত সহায় কৰে। ইয়াৰ বাবে এক চামুচকৈ মৌ আৰু দালচেনিৰ গুৰি মিহলাই পিঠিত ১৫ মিনিট ৰাখিব।

৩/ গ্ৰীণ টি

গ্ৰীণ টি প্ৰায়ে ওজন কমোৱাৰ বাবে ব্যৱহাৰ কৰা হয়, কিন্তু আপুনি জানেনে যে ই ছালৰ যত্নৰ বাবে এক উৎকৃষ্ট চিকিৎসা। ইয়াৰ বাবে একাপ গ্ৰীণ টি প্ৰস্তুত কৰি লওক, এতিয়া তাত কপাহী বা কপাহ ডুবাই পিঠিত লগাওক আৰু শুকোৱাৰ পিছত পিঠিখন ধুই দিব।

যমজ সন্তান জয় আৰু জিয়াৰ চূড়াকৰণ অনুষ্ঠান অনুষ্ঠিত কৰিলে অভিনেত্ৰী প্ৰীতিয়ে…

প্ৰীতি জিন্তাৰ যমজ সন্তান জয় আৰু জিয়াৰ চূড়াকৰণ অনুষ্ঠান। শেহতীয়াকৈ বলীউডৰ অভিনেত্ৰী প্ৰীতি জিন্তাৰ সন্তান জয় আৰু জিয়াৰ মুণ্ডন অনুষ্ঠান অনুষ্ঠিত হয়। অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত শিশুকেইটাৰ ছবি শ্বেয়াৰ কৰে। ২০২১ চনত প্ৰীতি জিন্তাই চেৰ’গেচিৰ জৰিয়তে যমজ সন্তান জয় আৰু জিয়াৰ জন্ম দিয়ে। এতিয়া তেওঁলোকে সন্তানৰ চূড়াকৰণ অনুষ্ঠান অনুষ্ঠিত কৰিছে।

বহুদিন প্ৰীতি ভাৰতত আছিল। ইয়াৰ পিছত তেওঁ স্বামী ঘৰলৈ গৈছে। তাৰ পিছতে স্বামীয়ে লিখিছে – ইমান দিনৰ মূৰত ঘৰলৈ অহাতো এক ভাল অনুভৱ।

২০১৬ চনত প্ৰিটি জিণ্টাই আমেৰিকাৰ ব্যৱসায়ী জেন গুডেনাফৰ সৈতে বিবাহপাশত আবদ্ধ হয়। মুম্বাইত থকা বন্ধু-বান্ধৱীৰ বাবে ৰিচেপচন পাৰ্টিও দিছিল প্ৰীতিয়ে। বিয়াৰ আগতে দুয়োজনে প্ৰায় ৬ বছৰ ধৰি ডেটিং কৰিছিল। বিয়াৰ পিছত প্ৰীতি স্বামীৰ সৈতে এল এলৈ স্থানান্তৰিত হয়।

মাউণ্ট এভাৰেষ্টত দুৰ্ঘটনাত পতিত এখন হেলিকপ্টাৰ। ৬ জন লোকৰ মৃত্যু…

মাউণ্ট এভাৰেষ্টত নেপালৰ হেলিকপ্টাৰ দুৰ্ঘটনা। ৬ জন লোকৰ মৃত্যু। মাউণ্ট এভাৰেষ্টৰ সমীপত নেপালৰ এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছত হেলিকপ্টাৰ খনত থকা ৬ জন লোকৰ আটাইকেইজনৰে মৃত্যু হয়। বিমান পৰিবহণৰ বিষয়াসকলে জনোৱা মতে, এই ব্যক্তিগত বাণিজ্যিক হেলিকপ্টাৰ খনত ৫ জন মেক্সিকান নাগৰিক আছিল। ঘটনাৰ সন্দৰ্ভত নেপাল আৰক্ষীয়ে জনোৱা মতে, তদন্তকাৰী দলে নিৰুদ্দেশ হোৱা হেলিকপ্টাৰখনৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰিছে। ইয়াৰ লগতে ৫টা মৃতদেহও উদ্ধাৰ কৰা হৈছে। আৰক্ষীৰ মতে, হেলিকপ্টাৰখন পাহাৰৰ শিখৰত থকা গছৰ সৈতে খুন্দা মৰা যেন লাগে। ডি আই জি ৰাজেশনাথ বস্তোলাই কয় যে উদ্ধাৰ হোৱা মৃতদেহ এতিয়াও চিনাক্ত হোৱা নাই। তথ্য অনুসৰি হেলিকপ্টাৰ উৰণৰ কেইমিনিটমান পিছতে হেলিকপ্টাৰখনৰ সংস্পৰ্শ হেৰাই যায়। ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰিচালক প্ৰতাপ বাবু তিৱাৰীয়ে জনোৱা মতে, ৯এন-এএমভি হেলিকপ্টাৰখন উৰণৰ মাত্ৰ ১৫ মিনিটৰ পিছতেই যোগাযোগ হেৰুৱাইছিল।

‘কাঠমাণ্ডু পোষ্ট’ৰ তথ্য অনুসৰি নেপালৰ অসামৰিক বিমান পৰিবহণ প্ৰাধিকৰণৰ তথ্য বিষয়া জ্ঞানেন্দ্ৰ ভূলে জনোৱা মতে, সোলুখুম্বু জিলাৰ চুৰ্কে বিমানবন্দৰৰ পৰা পুৱা ১০:০৪ বজাত ৰাজধানী কাঠমাণ্ডুলৈ উৰা মাৰিছিল।পুৱা ১০:১৩ বজাত ১২ হাজাৰ ফুটতকৈও অধিক উচ্চতাত হঠাতে ইয়াৰ সংস্পৰ্শ হেৰুৱাই পেলায়। এই হেলিকপ্টাৰখন উৰুৱাইছিল জ্যেষ্ঠ পাইলট কেপ্তেইন চেট বি গুৰুঙে।

ফিট হৈ থাকিবলৈ আইতাকৰ ৰেচিপি গ্ৰহণ কৰে কৰীনা কাপুৰে। ৰাতি গৰম গাখীৰৰ সৈতে সেৱন কৰে এক বিশেষ বস্তু…

কৰীনা কাপুৰে ফিট হৈ থাকিবলৈ আইতাকৰ ৰেচিপি গ্ৰহণ কৰে। যদি আপুনি গৰম গাখীৰত আৰু এটা বস্তু মিহলাই লয়, তেন্তে ই স্বাস্থ্যৰ বহুগুণে উপকাৰ কৰিব পাৰে। কৰীনা কাপুৰেও ৰাতি গাখীৰৰ লগত মিহলি কৰি খাএ এটা বিশেষ বস্তু। কৰীনা কাপুৰ খান ফিটনেছকলৈ সদায় সচেতন। গৰ্ভাৱস্থাৰ পিছত ওজন কমোৱা আৰু নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো এক প্ৰত্যাহ্বানমূলক কাম বুলি গণ্য কৰে কৰীনাই। কৰীনাই গৰ্ভাৱস্থাৰ পিছত ২ ঘণ্টাৰ মূৰে মূৰে খাদ্য খাইছিল। কেৱল এয়াই নহয়, কৰীনাই শুই উঠাৰ আগতে জাইফল(myristica fragrans)মিহলাই গাখীৰৰ সৈতে খাইছিল। ইয়াৰ ফলত তেওঁলোকৰ স্নায়ুতন্ত্ৰ শিথিল হয় আৰু টোপনিৰ ক্ষেত্ৰতো যথেষ্ট সহায় কৰে। গাখীৰত জাইফল যোগ কৰিলে কি কি উপকাৰ হয় সেই বিষয়ে জানক-

গাখীৰত জাইফল কেনেকৈ মিহলাব লাগে-
গাখীৰ – ১ কাপ
জাইফল – ১/২ চামুচ পিহি লোৱা
দালচেনি – এক চামুচ
মৌ – এক চামুচ

জাইফল আয়ুৰ্বেদত অতি উপকাৰী বুলি বিবেচিত হৈছে। শীতকালত বেছি ব্যৱহাৰ কৰা হয় জাইফলক। জাইফলৰ গুণে স্নায়ুতন্ত্ৰক ভাৰসাম্য ৰক্ষা কৰি ইয়াক শান্ত কৰি তোলে। ইয়াৰ ফলত মানসিক চাপ কমি যায় আৰু পাচনতন্ত্ৰ শক্তিশালী হয়। জাইফলৰ উপকাৰিতাৰ বিষয়ে জানক-

আয়ুৰ্বেদত কোৱা হৈছে যে জাইফলে টোপনি ভাল কৰে। মন আৰু শৰীৰক শান্ত কৰাত সহায় কৰে। যদি আপুনি শান্তিৰে শুব বিচাৰে তেন্তে জাইফল ব্যৱহাৰ কৰিব পাৰে। ইয়াত আমলখি আৰু অলপ ইলাচি মিহলাই দিলে ইয়াৰ সুফল বৃদ্ধি পায়।

বহু গৱেষণাত দেখা গৈছে যে জাইফল সেৱন কৰিলে হতাশাৰ সমস্যা বহু পৰিমাণে হ্ৰাস পাব পাৰি। মানসিক চাপ নাইকিয়া হয় আৰু মন শান্ত হৈ পৰে।

জাইফল এবিধ শক্তিশালী আৰু সুগন্ধি মছলা। ই খাদ্যৰ সোৱাদ বহুগুণ বৃদ্ধি কৰিব পাৰে। যদিও ই উপকাৰী, কিন্তু ইয়াক কম পৰিমাণ শুদ্ধ বুলি গণ্য কৰা হয়। জাইফলত মাইৰিষ্টিচিন নামৰ ৰাসায়নিক পদাৰ্থ পোৱা যায়, যাৰ ফলত বমি আৰু মূৰ ঘূৰোৱা হ’ব পাৰে। এক গৱেষণাৰ মতে জাইফল ৫ গ্ৰামতকৈ কম পৰিমাণে সেৱন কৰিব লাগে। অন্যথা স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে।

১০ বছৰীয়া কণমানিৰ হাতত পৰাস্ত দীপিকা-কেটৰিনা! ব্ৰেণ্ড প্ৰচাৰৰ বাবে ১ কোটি ল’লে মহেশ বাবুৰ কন্যাই…

এজনী ১০ বছৰীয়া ছোৱালীৰ হাতত পৰাস্ত হ’ল দীপিকা-কেটৰিনা! ব্ৰেণ্ড প্ৰচাৰৰ বাবে লাগে ১ কোটি টকা। এগৰাকীয়ে ১০ বছৰীয়া ছোৱালীয়ে বিজ্ঞাপনৰ বাবে লোৱা মাচুলৰ বাবে ছ’চিয়েল মিডিয়াত শিৰোনাম দখল কৰিছে। এই ছোৱালীজনীক লৈ পিতৃ-মাতৃও নেটিজেনৰ দৃষ্টিত পৰিছে। কামৰ বিনিময়ত বলীউডত অভিনেতা-অভিনেত্ৰী সকলৰ মাচুলৰ বিষয়ে প্ৰায়ে চৰ্চাত আহে। এইবাৰ মাচুলক লৈ পুনৰ চৰ্চা।

কাৰণ এজনী ১০ বছৰীয়া কিশোৰীয়ে কেইমিনিটমানৰ বিজ্ঞাপনৰ বাবে ১ কোটি টকাৰ মাচুল লাভ কৰিছে। এই ছোৱালীজনী আন কোনো নহয় মহেশ বাবুৰ কন্যা সীতাৰা। সীতাৰাৰ বিজ্ঞাপনৰ মাচুল চৰ্চালৈ অহাৰ লগে লগে নেটিজেনৰ ৰোষত পৰিছে মহেশ বাবু আৰু নম্ৰতা শিৰোডকাৰ।

কেইমিনিটমানৰ বিজ্ঞাপনৰ বাবে ১ কোটি টকা লৈ লাইমলাইটলৈ আহিছে মহেশ বাবুৰ কন্যা সীতাৰা। সীতাৰা কম বয়সীয়া হ’ব পাৰে কিন্তু ইনষ্টাগ্ৰামত ১৩ লাখ ফ’ল’ৱাৰ আছে। ১০ বছৰীয়া তাৰকাগৰাকীয়ে বহু চেলিব্ৰিটিৰ সৈতে প্ৰতিযোগিতাত নামি পৰিছে।

বৃদ্ধি পাইছে বিলাহীৰ মূল্য। আপোনাৰ বহুমূলীয়া বিলাহীকেইটা পচি নোযোৱাকৈ ৰাখিব কেনেকৈ…

বৰ্তমান বাৰিষা। অবিৰত বৰষুণে তীব্ৰ গৰমৰ পৰা ৰেহাই দিছে যদিও একে সময়তে বোকা আৰু পানী জমা হোৱাৰ দৰে আন বহু সমস্যাও আৰম্ভ হৈছে। বাৰিষাৰ সময়ত মানুহে প্ৰায়ে কেইবাদিনো ফল-মূল কিনি মজুত কৰি ৰাখে, যাতে প্ৰতিদিনে বাহিৰলৈ ওলাই যাব নালাগে। যদি এই ফলমূল আৰু শাক-পাচলিবোৰ ভালদৰে ৰখা নহয়, তেন্তে এইবোৰ নষ্ট হ’বলৈ বেছি সময় নালাগে। আজি আমি আপোনালোকক বহুদিনৰ বাবে সুৰক্ষিত ৰাখিব পৰা কিছু বিশেষ টিপছ জনাম। বাৰিষাত খাদ্য সংৰক্ষণ কৰাৰ টিপছ-

কল এবিধ চিৰসেউজ ফল, যি বছৰৰ ১২ মাহতে পোৱা যায়। কিন্তু বাৰিষাৰ সময়ত কল ভালে ৰখাটো অতি প্ৰয়োজনীয়, নহ’লে ২ দিনৰ ভিতৰত পচি যায়। এনে ক্ষেত্ৰত কল ভালে ৰখাৰ আগতে ভালদৰে ধুব লাগে। ইয়াৰ পিছত টাৱেল বা টিছু পেপাৰ লৈ তিয়াই লওক। ইয়াৰ পিছত সেই কাগজখন কলৰ চাৰিওফালে মেৰিয়াই লওক। এনে কৰিলে কলবোৰ কেইবাদিনো ৰখাৰ পিছত পচি নাযায়।

বৰষুণৰ দিনত পিয়াঁজ সুৰক্ষিত ৰখাটোও এটা সমস্যা। এই সমস্যা সমাধানৰ বাবে টিছু পেপাৰো ব্যৱহাৰ কৰিব পাৰে। আপুনি পিঁয়াজৰ চাৰিওফালে টিছু পেপাৰ মেৰিয়াই তাৰ ওপৰত অলপ পানী ছটিয়াই দিয়ে। ইয়াৰ পিছত টিছু পেপাৰৰ লগতে ফ্ৰীজত ৰাখিব। এনে কৰিলে আপোনাৰ পিয়াঁজ বহুদিন খাব পৰা হৈ থাকে।

বৰষুণৰ সময়ত ধনীয়া খুব কমেইহে পোৱা যায়। কিনি অনাৰ অলপ পিছতে ক’লা হৈ পৰে ধনীয়া। ধনীয়া সুৰক্ষিত ৰক্ষাটো এক প্ৰত্যাহ্বানমূলক কাম। আপুনি ধনীয়াৰ ঠাৰিডালত টিছু পেপাৰ মেৰিয়াই লওক আৰু তাৰ পিছত অলপ তিয়াই ল’ব তাৰ পিছত কাঁচৰ গিলাচ এটা লৈ ধনীয়াৰ টিছু পেপাৰৰ সৈতে তাত থিয় কৰাই ৰাখিব। এনেকে ৰাখিলে ধনীয়া পাত সতেজ সেউজীয়া হৈ থাকিব।

বাৰিষা কালত বিলাহী পাবলৈ টান। বৰ্তমান বিলাহী মূল্য দ্ৰুত গতিত বৃদ্ধি পাইছে। এনে পৰিস্থিতিত আপোনাৰ বহুমূলীয়া বিলাহীকেইটা যাতে পচি নাযায় তাৰ বাবে লওক বিশেষ ব্যৱস্থা। ইয়াৰ বাবে বিলাহীৰ সেউজীয়া অংশত (গছজোপাৰ পৰা ছিঙি অনা অংশ) টেপ লগাই ফ্ৰীজত ৰাখিব। এনে কৰিলে বিলাহী বহুদিনলৈকে সতেজ হৈ থাকে।

শ্ৰীলংকাৰ দুই কোটি জনসাধাৰণক আশ্বাস প্ৰদান ভাৰতৰ…

শ্ৰীলংকাৰ দুই কোটি জনসাধাৰণক আশ্বাস প্ৰদান ভাৰতৰ। যোৱা বছৰ শ্ৰীলংকাৰ অৱস্থা অতি দুৰ্দশা হৈছিল। খাদ্য-সামগ্ৰীৰ ব্যাপক নাটনি হৈছিল। তেওঁলোকৰ ৰাজনীতিবিদ সকলৰ ব্যৰ্থতাত ক্ষুব্ধ হৈ জনসাধাৰণে ৰাষ্ট্ৰপতি ভৱনত প্ৰৱেশ কৰিছিল। তেতিয়া ভাৰতে শ্ৰীলংকাক সকলো দিশতে সহায় কৰিছিল। ভাৰতে পুনৰবাৰ ঘোষণা কৰিছে যে এজন জ্যেষ্ঠ ভাতৃৰ দৰে সদায় সহায় কৰিব প্ৰতিবেশী ৰাষ্ট্ৰ শ্ৰীলংকাক। দৰাচলতে ভাৰতে ইতিহাসৰ বৃহত্তম অৰ্থনৈতিক সংকট দূৰ কৰাৰ বাবে শ্ৰীলংকাৰ প্ৰচেষ্টাক সমৰ্থন কৰাৰ ক্ষেত্ৰত ‘গঠনমূলক ভূমিকা’ গ্ৰহণ কৰাৰ ইচ্ছা পুনৰবাৰ প্ৰকাশ কৰাৰ সমান্তৰালভাৱে সকলো ধৰণৰ সহযোগিতা ঘোষণা কৰিছে। কলম্বোত অনুষ্ঠিত হোৱা কনষ্ট্ৰাকচন, পাৱাৰ এণ্ড এনাৰ্জি এক্সপ’ ২০২৩ৰ মুকলি সভাত ভাষণ দি ভাৰতৰ উপ-উচ্চায়ুক্ত বিনোদ কে জেকবে কয় যে শেহতীয়াকৈ ভাৰত আৰু শ্ৰীলংকাৰ মাজত গভীৰ সম্পৰ্কই বন্ধুত্ব আৰু সৰ্বাংগীন সহযোগিতা সুদৃঢ় কৰিছে।

ভাৰত হৈ পৰিল শ্ৰীলংকাৰ দুই কোটি জনসাধাৰণৰ আশা। ভাৰতীয় বিষয়াগৰাকীয়ে লগতে কয় ‘চলিত বৰ্ষৰ জানুৱাৰী মাহত আই এম এফৰ ঋণ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ প্ৰয়োজনীয় পুঁজিৰ সন্দৰ্ভত শ্ৰীলংকাক আশ্বাস দিয়া আমি প্ৰথমখন দেশ আছিলো’। জাপান আৰু পেৰিছ ক্লাবৰ সৈতে ঋণদাতা সমিতিৰ সহ-সভাপতি হিচাপে ভাৰতে গঠনমূলক ভূমিকা পালন কৰি যাব বুলিও মন্তব্য কৰে। ২০২২ চনত বৈদেশিক মুদ্ৰাৰ তীব্ৰ নাটনিৰ বাবে শ্ৰীলংকা আৰ্থিক সংকটৰ সন্মুখীন হৈছিল, যাৰ ফলত ১৯৪৮ চনত ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতাৰ পিছত দ্বীপ ৰাষ্ট্ৰখনৰ আটাইতকৈ ডাঙৰ অৰ্থনৈতিক সংকটৰ সৃষ্টি হৈছিল।

হিমাচল প্ৰদেশত সন্ধানহীন অসমৰ দেৱাশীষ ৰাজখোৱা আৰু শিখা ফুকন…

উত্তৰ ভাৰতৰ প্ৰবল বৃষ্টিপাতৰ মাজতে হিমাচল প্ৰদেশত সন্ধানহীন অসমৰ দম্পতী।
৪৮ ঘণ্টা ধৰি পৰিয়ালে খবৰ লাভ কৰা নাই দেৱাশীষ ৰাজখোৱা আৰু শিখা ফুকনৰ।
প্ৰাকৃতিক দুৰ্যোগৰ পিছৰে পৰা সন্ধানহীন হৈ আছে দম্পতীহাল।


দেৱাশীষ ৰাজখোৱা আৰু শিখা ফুকন চৰাইদেউৰ সোণাৰি পাৰ্বতীপুৰৰ নিবাসী।
দম্পতীহালক উদ্ধাৰৰ বাবে মুখ্যমন্ত্ৰীলৈ আহৱান জনাইছে পৰিয়ালৰ লোকে।
আনহাতে প্ৰবল বৃষ্টিপাতে হিমাচল প্ৰদেশত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে।
ধাৰাসাৰ বৰষুণৰ ফলত হিমাচলৰ বহুলোকৰ ক্ষতি হৈছে।