Breaking

চিচিবৰগাঁৱত আছুৰ বিশেষ অভিনন্দন

0 59

প্ৰত্যেক বছৰৰ দৰে এইবাৰো চিচিবৰগাওঁ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত চিচিবৰগাওঁ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত মঙলবাৰে অনুষ্ঠিত কৰে বিশেষ অভিনন্দন অনুষ্ঠান।

চিচিবৰগাও আঞ্চলিক ছাত্র সন্থাৰ সভাপতি পবিত্ৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে কাৰ্যনিৰ্বাহক সদস্য ৰবি কছাৰীয়ে।

উল্লেখ যে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে কলা, বিজ্ঞান, বানিজ্যি শাখাত ৭৫ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈ অঞ্চললৈ গৌৰৱ অৰ্জন কৰা বহু সংখ্যক কৃতী ছাত্ৰ-ছাত্ৰীক এই বিশেষ অভিনন্দন জনোৱা হয়।

অনুষ্ঠানত আছুৰ তথ্য সম্পাদক মন্টুৰাজ বৰুৱা, কাৰ্যনিৰ্বাহক সদস্য ৰাজীৱ গগৈ, ধেমাজি জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা দীপক গগৈ, সভাপতি সঞ্জীৱ দাস, সম্পাদক জয়ন্ত বৰগোহাঁই, জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক দেবেন ডেকা, সহকাৰী সাধাৰণ সম্পাদক উজ্জ্বল শইকীয়া, মুখ্য সাংগঠনিক সম্পাদক জিন্তূ ভূঞা, প্ৰচাৰ সম্পাদক মেদিনী দলে, চিচিবৰগাওঁ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অংকুৰ শইকীয়া, অভিভাৱক আদিকে ধৰি বহু লোক উপস্থিত থাকি গঠনমূলক বক্তব্য প্ৰদান কৰে।

ইফালে অতিথি হিচাপে উপস্থিত থাকি চিচিবৰগাও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কুলেশজ্যোতি ভূঞা, বৃহত্তৰ চিচিবৰগাওঁ প্ৰেছ ক্লাবৰ সভাপতি বনমালী মহন্ত, সাংবাদিক নয়নমনি মহন্ত আদিয়েও ছাত্র-ছাত্ৰী সকলক কেন্দৰ কৰি গঠনমূলক পৰামৰ্শ আগবঢ়ায়।

অনুষ্ঠানত উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল পৰীক্ষাত উত্তীৰ্ণ প্ৰায় ৫০ গৰাকী কৃৰ্তী ছাত্ৰ-ছাত্ৰীৰ লগতে ধূনাগুৰি কলিতা গাওঁৰ নে’টত উত্তীৰ্ণ মনজিৎ কলিতাকো এখন মানপত্ৰ ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

Leave A Reply