Breaking

মণিপুৰৰ কুকি জনজাতিক সেনাৰ দ্বাৰা সুৰক্ষা প্ৰদানৰ আবেদনৰ শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

0 72

সেনাবাহিনীয়ে কুকী জনজাতিটোক সুৰক্ষা প্ৰদানৰ বাবে মণিপুৰৰ জনজাতীয় মঞ্চই দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণৰ বাবে অস্বীকাৰ কৰে ভাৰতৰ উচ্চতম ন্যায়ালয়ে।

মঙলবাৰে প্ৰকাশিত বাতৰি অনুসৰি, উচ্চতম ন্যায়ালয়ে কয় যে আদালতে সেনা আৰু অৰ্ধসামৰিক বাহিনীক এনে নিৰ্দেশনা দিয়াটো উপযুক্ত নহ’ব।

উচ্চতম ন্যায়ালয়ে এই আবেদন খাৰিজ কৰি কয় যে সাধাৰণ জনতাৰ জীৱন সুৰক্ষিত কৰাৰ ব্যৱস্থা নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় আৰু মণিপুৰ চৰকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।

বাতৰি অনুসৰি ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে এই আবেদন নাকচ কৰে। লগতে মুখ্য ন্যয়াধীশ গৰাকীয়ে সকলো পক্ষকে ভাৰসাম্যবোধ বজাই ৰাখি কোনো ধৰণৰ ঘৃণামূলক ভাষণ প্ৰদান নকৰিবলৈ আহ্বান জনায়৷

Leave A Reply