সমগ্ৰ দেশৰ লগতে অসমতো আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হৈছে । এই দিৱসটোত চৰকাৰী পক্ষৰ লগতে বিভিন্নজনে সাংবাদিকৰ লগতে সংবাদকৰ্মীসকলক শুভেচ্ছা জ্ঞাপন কৰিছে । কিন্তু এইখিনিতে প্ৰশ্ন উত্থাপন হয় যে সাংবাদিকসকল কিমান সুৰক্ষিত । কাৰণ সময়ে সময়ে বিভিন্ন ধৰণে সাংবাদিকসকল নিৰ্যাতনৰ সন্মুখীন হৈ আহিছে । অসমতো সাংবাদিক নিৰ্যাতনৰ অলেখ ঘটনা সংঘটিত হৈছে ।
কি কংগ্ৰেছ, কি বিজেপি সকলোৰে আমোলত বিভিন্ন সময়ত লক্ষ্য হৈ আহিছে সাংবাদিকসকল । চৰকাৰে সাংবাদিকৰ কল্যাণ, সাংবাদিকৰ নিৰাপত্তা আদি বিষয়বোৰ সততে কৈ আহে যদিও বাস্তৱত কেৱল শ্লোগানতেহে পৰিণত হৈছে । লক্ষণীয় বিষয় যে সাংবাদিক নিৰ্যাতনৰ ঘটনা বহু পৰিমাণে বৃদ্ধি পাইছে। বিগত সময়ছোৱাত সত্য দাঙি ধৰিবলৈ গৈ চৰকাৰখনৰ লগতে উগ্ৰপন্থী সংগঠন, ভূ-মাফিয়া তথা বিভিন্ন দুষ্টচক্ৰৰ জিঘাংসাৰ বলি হৈ আহিছে সাংবাদিকসকল ।
উল্লেখ্য যে কিছুদিন পূৰ্বে কাকপথাৰৰ জ্যেষ্ঠ সাংবাদিক পৰাগ ভূঞাৰ এক দুৰ্ঘটনাত মৃত্যু হৈছিল । কিন্তু তেওঁৰ এই মৃত্যুক সাধাৰণ দুৰ্ঘটনা বুলি কোনেও মানি লোৱা নাছিল । কাৰণ তেওঁ বহু প্ৰভাৱশালী ব্যক্তিৰ বাবে চকুৰ কুটা হৈ পৰিছিল । কাঠ, কয়লা মাফিয়াৰ ভিতৰুৱা খবৰ উলিয়াই আনিছিল তেওঁ । যাৰ বাবে তেওঁক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল ।
এক শক্তিশালী বিস্ফোৰণে কঁপাই তুলিলে কাশ্মীৰক। কাশ্মীৰৰ নৌগাম থানা চৌহদত সংঘটিত শক্তিশালী বিস্ফোৰণত এতিয়ালৈকে ৯ জন লোক নিহত হোৱাৰ লগতে আন বহু লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। প্ৰাপ্ত খবৰ অনুসৰি শুকুৰবাৰে গভীৰ নিশা আন এক প্ৰবল বিস্ফোৰণত কঁপি উঠিল জম্মু–কাশ্মীৰ। উপত্যকাটোৰ গ্ৰীষ্মকালীন ৰাজধানী শ্ৰীনগৰৰ নৌগাম থানাৰ চৌহদত যোৱা নিশা সংঘটিত হয় এক ভয়ানক বিস্ফোৰণ।
সূত্ৰ অনুসৰি, ফৰিদাবাদত জব্দ কৰা বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰীৰ নমুনা সংগ্ৰহ কৰি থকা অৱস্থাত আকস্মিকভাৱে এই বিস্ফোৰণ সংঘটিত হয় আৰু ইয়াৰ ফলস্বৰূপে ৯ জন আৰক্ষী নিহত হয়। ইপিনে কাশ্মীৰ আৰক্ষীৰ উচ্চ পদস্থ বিষয়াই এই ঘটনাৰ সৈতে সন্ত্ৰাসবাদীৰ কোনো হাত নাই বুলি প্ৰকাশ কৰিছে।
এয়া এক দুৰ্ঘটনা বুলিহে আৰক্ষীয়ে কৈছে। এই বিস্ফোৰণত আৰক্ষী আৰু সাধাৰণ লোকসহ ২৭ জন ব্যক্তি আহত হৈছে। ঘটনা সংঘটিত হোৱাৰ পিছতে আহতসকলক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।শেহতীয়াকৈ সন্ত্ৰাসবাদী মডিউলৰ গোচৰৰ সৈতে জড়িত হাৰিয়ানাৰ ফৰিদাবাদৰ পৰা উদ্ধাৰ কৰা বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰীৰ নমুনা সংগ্ৰহ কৰি থকাৰ সময়তে এই বিস্ফোৰণ সংঘটিত হয়। বিস্ফোৰণত আহতসকলৰ ভিতৰত অধিকাংশই আৰক্ষী আৰু ফৰেনছিক বিষয়া বুলি তেওঁলোকে সদৰী কৰিছে। বিস্ফোৰণস্থলীৰ পৰা নটা মৃতদেহ উদ্ধাৰ কৰা হৈছে।
New Delhi: Congress MP Gaurav Gogoi addresses the media after opposition members walked out of the Lok Sabha during Prime Minister's reply to the Motion of No-Confidence, near Parliament complex, in New Delhi, Thursday, Aug. 10, 2023. (PTI Photo/Ravi Choudhary) (PTI08_10_2023_000269B)