২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ দিন চমুকৈ হোৱাৰ লগে লগে ৰাজ্য ৰাজনীতিত যি বিষয়টো অধিক গুৰুত্বসহকাৰে আলোচিত হ’বলগীয়া হৈছে, সেয়া হৈছে—এআইইউডিএফৰ বিধায়কসকলৰ ভবিষ্যৎ। একসময় সংখ্যালঘু সমাজই ‘নিজৰ দল’ বুলি আঁকোৱালি ধৰা এআইইউডিএফক লৈ সেই একেটা সমাজেই আজিৰ দিনত গভীৰ সন্দেহ, অবিশ্বাস আৰু আতঙ্কৰ দৃষ্টিৰে চাবলৈ আৰম্ভ কৰিছে। দলটো গঠনৰ পিছত এই প্রথম জটিল পৰিস্থিতিৰ মুখামুখি হৈছে দলটোৰ বিধায়কসকল। যি আবেগ, যি ভৰসা বহু বছৰ ধৰি দলটোক আগুৱাই লৈ গৈছিল—আজিৰ পৰিস্থিতিত সেই আবেগ যেন নীৰৱে অস্তমিত হোৱাৰ পথলৈ আগবাঢ়িছে। বিশেষকৈ বিজেপিৰ সৈতে একাংশ এআইইউডিএফ বিধায়কৰ গোপন মিতিৰালি , ভোট-সমীকৰণৰ সময়ত সন্দেহজনক ভঙ্গিমা আৰু গোপন সমৰ্থন —এই সকলো মিলি সংখ্যালঘু সমাজে কোনোবাবেই গ্ৰহণ কৰিব পৰা নাই। কেৱল গ্ৰহণ কৰিব পৰা নাই বুলি নহয়, ভোটাৰসকলৰ মনত দলটোক লৈ এক গভীৰ আশংকা সৃষ্টি হৈছে । দলটোৰ নেতৃত্ব কোন অভিমুখে আগুৱাই গৈছে আৰু সংখ্যালঘু ৰাইজৰ স্বার্থ আগত ৰাখা হৈছে নে নাই, সেই প্ৰশ্ন বাৰুকৈ উত্থাপন হৈছে। সেয়েহে
এই প্ৰশ্নবোৰৰ কোনো স্পষ্ট উত্তৰ বিধায়কসকলৰ হাতত নাথাকাত, জনসন্মুখত তেওঁলোকে প্ৰবল সমালোচনাৰ তীব্ৰ ঢৌৰ মুখামুখি হ’ব লগা হৈছে। বিগত কেইবাবছৰত কংগ্ৰেছ–এআইইউডিএফ মিত্ৰতা বহুবাৰ হৈছিল, কিন্তু বৰ্তমানৰ পৰিপ্ৰেক্ষিত সম্পূৰ্ণ ভিন্ন। বিজেপিৰ বিৰুদ্ধে শক্তিশালী বিকল্প মঞ্চ গঠনই কংগ্ৰেছৰ প্ৰধান লক্ষ্য, আৰু সেই বৃহৎ সমীকৰণত এআইইউডিএফক স্থান দিবলৈ দলটোৰ নেতৃত্ব একেবাৰে অনিচ্ছুক। বহু এআইইউডিএফ বিধায়কে গোপনে কংগ্ৰেছৰ সৈতে যোগাযোগ স্থাপনৰ চেষ্টা কৰিছে বুলি সূত্রৰ পৰা জানিব পৰা গৈছে । কংগ্ৰেছ নেতৃত্বে সেই দুৱাৰসমূহ বন্ধ কৰি ৰখাৰ সিদ্ধান্ত লৈছে। আজমল দলটোৰ দৰে ‘অসমৰ সংখ্যালঘু ভোঁট বিভাজন কৰা’ বুলি অভিযোগ থকা বিষয়টোৱেই এই দূৰত্বৰ মুখ্য কাৰণ বুলি কংগ্ৰেছৰ এক সূত্ৰই জনায়। ইপিনে,অসম গণ পৰিষদ (এজিপি)-ৰ ক্ষেত্ৰতো একেধৰণৰ অনিচ্ছা দেখা গৈছে। যদিও এজিপি–এআইইউডিএফৰ মাজত কোনো সহমত নাই, তথাপিও বাস্তৱিক দিশত এজিপিয়ে এআইইউডিএফ বিধায়কসকলক আঁকোৱালি ল’বলৈ আগ্ৰহ প্ৰদৰ্শন কৰা নাই। তথাপিও বিশেষ সূত্ৰৰ তথ্য অনুসৰি ইতিমধ্যে কেইবাজনমান এআইইউডিএফ বিধায়কে এজিপিৰ সৈতে গোপনভাৱে যোগাযোগ স্থাপন কৰিছে। এই তালিকাত আছে—বিধায়ক সুজাম উদ্দিন লস্কৰ, বিধায়ক নিজাম উদ্দিন চৌধুৰী, বিধায়ক (ধিঙ )আমিনুল ইছলামসহ আন ৩ জন বিধায়ক। যদিও এজিপিৰ ভিতৰৰ একাংশ নেতা এই যোগাযোগক গুৰুত্ব নিদিয়াৰ মূল কাৰণ হৈছে এআইইউডিএফৰ বিধায়কক আঁকোৱালি লোৱাই সংগঠন দুৰ্বল হব পাৰে অনেতিবাচক প্ৰভাৱ পৰিব পাৰে ভোটত।
উল্লেখযোগ্য তথ্য হ’ল—দলটোৰ প্রতিষ্ঠাতা তথা সভাপতি মৌলানা বদৰুদ্দিন আজমলৰ দলটোক বিভিন্ন মহলত সমালোচনা কৰা দেখা গৈছে। বিশেষকৈ দলটোৰ ভিতৰৰ একাংশ মানুহে অভিযোগ কৰিছে—আজমলৰ দুৰ্বল নেতৃত্বৰ সুযোগ লৈ কেইবাজন বিধায়ক ইতিমধ্যে গোপনে অন্য দলে লগত যোগাযোগ আৰম্ভ কৰিছে। দলীয় শৃঙ্খলাৰ দিশবোৰই আজমল নেতৃত্বক অধিক প্রশ্নৰ মুখামুখি কৰি তুলিছে। ফলত, এআইইউডিএফ বিধায়কসকলৰ আগলৈ সময় কঠিন আৰু অনিশ্চয়তাৰ দিশে আগবাঢ়িছে।
এআইইউডিএফ বিধায়কসকলৰ ভৱিষ্যৎ অনিশ্চয়তাত…
ইয়াতে মাৰিলো টিপা, গড়গাঁও পালেগৈ শিপা…
বিহাৰৰ শেহতীয়া নিৰ্বাচনী ফলাফলত বিজেপি নেতৃত্বাধীন এনডিএই অভূতপূৰ্ব সফলতা লাভ কৰিছে। এনে সময়তে অসমৰ লগতে সমগ্ৰ দেশতে গেৰুৱা শিৱিৰত আন্দৰ লহৰ উঠিছে । অসমত বিহাৰৰ নিৰ্বাচনকলৈ সমালোচিত হৈছে কংগ্ৰেছ। বিহাৰ নিৰ্বাচনৰ ফলাফলৰ পাছত হঠাৎ অসমত কংগ্ৰেছ নেতাসকলক বৃহৎ আক্ৰমণৰ লক্ষ্য কৰি লয় সামাজিক মাধ্যমত একাংশই। প্ৰাথমিক ফলাফলৰ সময়ত ট্ৰেণ্ড দেখা পোৱাৰ কিছু সময়ৰ পাছতেই সামাজিক মাধ্যমত সুন্দৰকৈ ডিজাইন কৰা মীম, পষ্টাৰ আদি ভৰি পৰে।
বিশ্লেষক সকলে মতে ইমান পৰিকল্পিত ধৰণেৰে আৰু বৃহৎ আক্ৰমণ কৰাসকলক কেতিয়াও সাধাৰণ ব্যক্তি নহয়। এওঁলোক হয়তো বিজেপি আই টি চেলৰ কৰ্মী।বিজেপি আই টি চেলৰ এই বৃহৎ আক্ৰমণৰ বিৰুদ্ধে বহুকেইজন বিৰোধী নেতাই অভিযোগ উত্থাপন কৰিছে। কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে ইয়াক অঘোষিত ধৰ্ষণ বুলি ঘোষণা কৰিছে। এক ফেচবুক লাইভত বিহাৰৰ পৰাজয়ৰ পাছত এনেধৰণেৰে অপমানসূচক আক্ৰমণ কৰাৰ বাবে বিজেপি আইটি চেলক কঠোৰ সমালোচনা কৰে।
এই ট্ৰলিং আনকি এনে পৰ্যায় পাইছেগৈ যে বহু নেতাৰ ব্যক্তিগত জীৱনৰ কথাও সামাজিক মাধ্যমত ৰাজনীতিৰ সৈতে সংযুক্ত কৰা হৈছে।
আনকি দেৱব্ৰত শইকীয়া আৰু ৰূপা কলিতা আদিকো এইকেইদিন বিজেপি আই টি চেলৰ সমলোচনা কৰা দেখা গৈছে।অৱশ্যে যদি এটা সঁচাকৈ আইটি চেল হয় তেন্তে তেওঁলোক নেৰেটিভ নিৰ্মাণত সফল হৈছে আৰু বিৰোধীয়ে ইয়াৰ প্ৰত্যুত্তৰ কেনেদৰে দিয়ে লক্ষ্যণীয় হব।
কোন হ’ব বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী? X হেণ্ডেলৰ পৰা ডিলিট নীতিশ কুমাৰৰ প’ষ্ট…
বিহাৰ বিধানসভা নিৰ্বাচনত নীতিশ কুমাৰ নেতৃত্বাধীন এনডিএৰ বৃহৎ বিজয়ৰ পিছতো পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব তাক লৈ ৰাজ্যৰ ৰাজনীতিত উত্তেজনা অব্যাহত আছে। বিজেপিৰ জ্যেষ্ঠ নেতা, যেনে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে নীতিশ কুমাৰেই মুখ্যমন্ত্ৰী হৈ থাকিব বুলি বাৰে বাৰে আশ্বাস দি আহিছে যদিও মহাজোঁটে মুখ্যমন্ত্ৰীৰ নাম আগতীয়াকৈ ঘোষণা নকৰাৰ বাবে একাংশই এনডিএক সমালোচনা কৰিছে।

এই জল্পনা-কল্পনাৰ মাজতে, জেডিইউ ৰ নিজ এক্স হেণ্ডেলৰ পৰা এটা পুৰণি পোষ্ট ডিলিট হোৱাক লৈ নতুন বিতৰ্কৰ সৃষ্টি হৈছে। শুকুৰবাৰে জেডিইউ য়ে নিজ এক্সত লিখে যে, “অতীত নহয় ভৱিষ্যত। নীতিশ কুমাৰ বিহাৰৰ মুখ্যমন্ত্ৰী আছিল, আছে আৰু থাকিব।”
লক্ষ্যণীয় যে, প্ৰকাশ পোৱাৰ কিছু সময়ৰ পিছতে এই পোষ্টটো ডিলিট কৰা হয়। এতিয়া সকলোৰে দৃষ্টি ৰাজ্যৰ অন্যতম দীৰ্ঘদিনীয়া মুখ্যমন্ত্ৰী তথা ৰাজ্যৰ ৰাজনীতিৰ এগৰাকী গুৰুত্বপূৰ্ণ ব্যক্তি নীতিশ কুমাৰৰ ওপৰত। যোৱা দুটা দশকৰ বেছিভাগ সময়ৰ বাবে, মিত্ৰজোঁট যিয়েই নহওঁক কিয়, জেডি(ইউ) নেতাগৰাকীয়েই শাসনৰ মূল কেন্দ্ৰত আছে।

তাৰোপৰি, ফলাফল ঘোষণাৰ পূৰ্বেও নীতিশ কুমাৰৰ সমৰ্থনত পাটনাত কেইবাখনো পোষ্টাৰ লগোৱা হৈছিল। ৰাজ্যখনৰ ৰাজধানীত “টাইগাৰ অভি জিন্দা হায়” আৰু “পছিশ ছে তিশ, ফিৰ ছে নীতিশ” বাৰ্তা থকা জেডি(ইউ)ৰ পোষ্টাৰ সমূহ। এই পোষ্টাৰসমূহ নিৰ্বাচনৰ অন্যতম আকৰ্ষণ হৈ পৰিছিল।
‘ভাৰত নেপাল নহয়, ইয়াত জেন জেডৰ প্ৰতিবাদ হ’ব নোৱাৰে’ :- অমিত শ্বাহ
ভাৰততো নেপালৰ দৰে পৰিস্থিতিৰ সৃষ্টি হব পাৰে বুলি একাংশ লোকে কৰি থকা আশংকাৰ মাজতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এইবুলি ঘোষণা কৰিছে- ‘ভাৰত নেপাল নহয়, ইয়াত জেন জেডৰ প্ৰতিবাদ হ’ব নোৱাৰে’।শ্বাহে কয় যে, ভাৰতৰ গণতন্ত্ৰ ইমানেই গভীৰভাৱে শিপাইছে যে নেপালৰ দৰে বিদ্ৰোহ অসম্ভৱ। ছেপ্টেম্বৰ মাহত নেপালত প্ৰতিবাদত ৭৩ জনতকৈ অধিক লোকৰ মৃত্যু হৈছিল।
বিহাৰৰ নিৰ্বাচনী পৰিৱেশৰ মাজতে অমিত শ্বাহে নেপালত জেন জেড প্ৰতিবাদ সন্দৰ্ভত নিজৰ মতামত ব্যক্ত কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এটা ব্যক্তিগত চেনেলৰ আগত কয় যে, নেপালত যি ধৰণৰ ব্যৱস্থাৰ বিৰুদ্ধে যুৱক-যুৱতীয়ে বিদ্ৰোহ কৰিছে, ভাৰতত সম্ভৱ নহয়।

শ্বাহে যুক্তি দিছিল যে, ইয়াৰ কাৰণ হ’ল ভাৰতৰ গণতন্ত্ৰ গভীৰভাৱে শিপাই আছে আৰু ই যথেষ্ঠ শক্তিশালী।গৃহমন্ত্ৰীগৰাকীয়ে কয়, “ভাৰত নেপাল নহয়! আমাৰ গণতান্ত্ৰিক শিপা অতি শক্তিশালী। ইয়াত জেন জেডৰ প্ৰতিবাদ সম্ভৱ বুলি মই নাভাবো। আমাৰ দেশৰ যুৱক-যুৱতীসকলে কঠোৰ পৰিশ্ৰম কৰি দেশৰ উন্নয়নত অৰিহণা যোগায়।”শ্বাহে লগতে কয় যে, একমাত্ৰ নিশ্চয়তা হ’ল যে যদি মানুহে মহাজোঁট বাছি লোৱাৰ ভুল কৰে, তেন্তে জংগল ৰাজ বিহাৰলৈ ঘূৰি আহিব। বিহাৰৰ নিৰ্বাচনত এন ডি এৰ জয় নিশ্চিত কৰিবলৈ ৰাইজক আহ্বান শ্বাহৰ। নেপালৰ উপৰিও অমিত শ্বাহে বিহাৰ নিৰ্বাচনৰ সৈতে জড়িত আন কেইবাটাও বিষয়ৰ ওপৰতো আলোচনা কৰে।
Amingaon news: ৰং-তুলিকাৰ বিচিত্ৰ সমাহাৰ এখন বিদ্যালয়ত
ৰং-তুলিকাৰ বিচিত্ৰ সমাহাৰ এখন বিদ্যালয়ত।(Amingaon news)
চিত্ৰ কলা বিদ্যাৰে উজ্জ্বলিছে বিদ্যালয়খন।
বিদ্যালয় খনৰ প্ৰতিটো কোঠালি সজোৱা হৈছে সুন্দৰ সুন্দৰ চিত্ৰৰে।
এই চিত্ৰ সমূহ নিজেই অংকন কৰিছে ছাত্ৰ-ছাত্ৰী সকলে।
আমিনগাঁৱৰ শংকৰদেৱ জাতীয় বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীৰ চিত্ৰ কলাৰ প্ৰতিভা চাবলৈ বিদ্যালয়ত সমাগম ঘটিছে অভিভাৱক সকলৰ।
চিত্ৰকলা বিষয়ৰ শিক্ষক প্ৰসেন গগৈয়েও বিশিষ্ট শিল্পী, ৰাজনীতিকৰ ছবি অংকনেৰে আদৰ বুটলিছে সকলোৰে।
ৰবিন্দ্ৰ নাথ ঠাকুৰ, স্বামী বিবেকানন্দ, লক্ষ্মীনাথ বেজবৰুৱা, ভূপেন হাজৰিকা, ৰাজীৱ শদিয়াকে ধৰি মহাত্মা গান্ধী, ইন্দিৰা গান্ধী, সুভাষ চন্দ্ৰ বসুৰ দৰে বিশিষ্ট লোক সকলৰ চিত্ৰ অংকন কৰিছে প্ৰসেন গগৈয়ে।
ছাত্ৰ-ছাত্ৰী সকলকো প্ৰয়াত বিশিষ্ট চিত্ৰ শিল্পী নিলপৱণ বৰুৱাৰ বাতেৰেই বাট বুলাৰ আদৰ্শ দেখুৱাইছে চিত্ৰ শিল্পী প্ৰসেন গগৈয়ে।
Prashant Kishor: বিহাৰ বিধানসভা নিৰ্বাচনত ব্যৰ্থ প্ৰশান্ত কিশোৰ
বিহাৰ (Prashant Kishor) বিধানসভা নিৰ্বাচনত ব্যৰ্থ প্ৰশান্ত কিশোৰ। কেন্দ্ৰত চৰকাৰ গঠনত সহায় কৰা জন আজি অসহায়। প্ৰশান্ত কিশোৰৰ নেতৃত্বত গঠিত ৰাজনৈতিক সংগঠন জন সূৰজ পাৰ্টিৰ দুৰ্বল প্ৰদৰ্শনে লোক এজন যে পৰামৰ্শদাতা হব পাৰে কিন্তু দল এটাৰ নেতৃত্ব বহন কৰিব পৰা হব নোৱাৰে তাকেই প্ৰমাণ কৰিলে।
প্ৰশান্ত কিশোৰৰ জন সূৰজ পাৰ্টিয়ে এইবেলি বিহাৰত এখনো আসন লআব কৰিবলৈ স৭ম হোৱা নাই। এই কথাই নিঃসন্দেহে দলটোৱে কাক আঘাত হানিব। ২৪৩ জনীয়া বিহাৰ বিধানসভাৰ বাবে জে এছ পিয়ে ২৩৪ জন প্ৰাৰ্থী প্ৰক্ষেপ কৰি কিশোৰে পিছে নিজেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাছিল ।
Anand Mishra: কংগ্ৰেছৰ দুৰ্গ খহাই বক্সাৰত বিজয় ধ্বজা প্ৰাক্তন IPS বিষয়া আনন্দ মিশ্ৰৰ
আৰক্ষী বিষয়াৰ (Anand Mishra) পৰা ৰাজনীতিকলৈ এক বৰ্ণাঢ্য যাত্ৰা। কংগ্ৰেছৰ দুৰ্গ হিচাবে পৰকিচিত বক্সাৰত বিজয় ধ্বজা উৰৱালে প্ৰাক্তন আই পি এছ বিষয়া তথা বিজেপিৰ প্ৰাৰ্থী আনন্দ মিশ্ৰই। হয়, অৱশেষত সপোন পূৰণ কৰিলে প্ৰাক্তন আই পি এছ বিষয়া আনন্দ মিশ্ৰই। অসমত কাৰ্যনিৰ্বাহ কৰা আনন্দ মিশ্ৰই আই পি এছৰ চাকৰিৰ পৰা ভি আৰ এছ লৈছিল অৱশেষত সেই লক্ষ্যত উপনীত হ’ল।
বিহাৰৰ নিৰ্বাচনত আজি ভাগ্য উদয় হ’ল আনন্দ মিশ্ৰৰ । বিহাৰৰ বক্সাৰ সমষ্টিৰ পৰা জয়ী হ’ল প্ৰাক্তন আই পি এছ বিষয়া আনন্দ মিশ্ৰ । কংগ্ৰেছ প্ৰাৰ্থী সঞ্জয় কুমাৰ তিৱাৰীৰ বিৰুদ্ধে বিজেপি প্ৰাৰ্থী আনন্দ মিশ্ৰই জয়লাভ কৰে ।আৰক্ষী অধীক্ষক হিচাপে অসমত বিশেষ খ্যাতি লাভ কৰিবলৈ সক্ষম হোৱা আই পি এছ বিষয়া আনন্দ মিশ্ৰই ৰাজনীতিৰ পথাৰত খোজ দিয়াৰ বাবেই ত্যাগ কৰিছিল চাকৰি । আনন্দ মিশ্ৰই অৱশেষত গেৰুৱা বসন পৰিধান কৰিছিল । নিজা গৃহৰাজ্য বিহাৰত চলিত বৰ্ষৰ ১৯ আগষ্টত আনুষ্ঠানিকভাৱে বিজেপি দলত যোগ দিছিল আনন্দ মিশ্ৰই ।
লক্ষণীয় বিষয় যে আনন্দ মিশ্ৰই পূৰ্বে প্ৰশান্ত কিশোৰৰ দল জন স্বৰাজ পাৰ্টীত সক্ৰিয় হৈ আছিল আৰু যুৱ শাখাৰ সভাপতিৰ দায়িত্বও চম্ভালিছিল । কিন্তু সন্তুষ্টি নাপাই এবছৰৰ ভিতৰতে আনন্দ মিশ্ৰই দল সলনি কৰি বিজেপিত যোগ দিছিল । প্ৰাক্তন আই পি এছ বিষয়া আনন্দ মিশ্ৰৰ ৰাজনীতিৰ যাত্ৰাত আছে বহু উত্থান-পতনৰ কাহিনী । ৰাজনীতিত কেৰিয়াৰ গঢ়াৰ বাবে আনন্দ মিশ্ৰই অসমত আই পি এছৰ লোভনীয় চাকৰিৰ পৰা স্বেচ্ছামূলক অৱসৰ লৈ ৰাজনীতিৰ পথাৰত খোজ দিছিল । ২০২৪ চনৰ লোকসভা নিৰ্বাচনতো আনন্দ মিশ্ৰই নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল ।
জন স্বৰাজ পাৰ্টীত যোগদান কৰিছিল আনন্দ মিশ্ৰই ।বিহাৰৰ ৰাজনীতিত বিকল্প দাঙি ধৰিবলৈ জন স্বৰাজ দলত যোগদান কৰাৰ পিছত আনন্দ মিশ্ৰই যুৱক-যুৱতীসকলৰ মাজতো ক্ৰমান্বয়ে জনপ্ৰিয়তা লাভ কৰিছিল । লক্ষণীয় বিষয় যে লখিমপুৰৰ আৰক্ষী অধীক্ষক হৈ থকা সময়তে চাকৰিৰ পৰা স্বেচ্ছামূলকভাৱে অৱসৰ লৈ বিহাৰৰ স্বগৃহলৈ উভতি গৈছিল আনন্দ মিশ্ৰ । বক্সাৰ লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হোৱাৰ হাবিয়াস কৰিছিল আনন্দ মিশ্ৰই ।
পৰৱৰ্তী সময়ত আনন্দ মিশ্ৰৰ সলনি বিজেপিয়ে বক্সাৰত প্ৰক্ষেপ কৰিছিল মিথিলেশ তিৱাৰীক । বিজেপিৰ পৰা টিকট নাপালেও তেওঁ সমষ্টিটোৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছিল । বিহাৰৰ বক্সাৰ লোকসভা সমষ্টিত শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছিল । কিন্তু তথাপিও থমকি ৰোৱা নাছিল । কিন্তু বিধানসভা নিৰ্বাচনত জয়ী হল ানন্দ মিশ্ৰ।
Zubeen Garg: ‘আল্লাইহে জুবিন গাৰ্গৰ ন্যায় প্ৰদান কৰিব পাৰিব’
আল্লাইহে জুবিন গাৰ্গৰ ন্যায় প্ৰদান কৰিব পাৰিব।(Zubeen Garg)
জুবিন ক্ষেত্ৰত দোৱা মুছলমান মৌলানাৰ।
জুবিন গাৰ্গৰ ন্যায় বিচাৰি চৰকাৰক সমলোচনা।
দোৱা বিচাৰি ৰাজ্যৰ বহু কেইজন মৌলানা উপস্থিত হয় জুবিন ক্ষেত্ৰত।
চৰকাৰে জুবিন গাৰ্গক ন্যায় নিদিয়াৰ বাবে, জুবিনৰ জন্নত নাচিব হোৱাৰ বাবে দোৱা কৰে।
কেৱল আল্লাইহে জুবিন গাৰ্গৰ ন্যায় প্ৰদান কৰিব পাৰিব বুলি উল্লেখ।
আল্লাৰ ওচৰত চৰকাৰখনক সুমতি প্ৰদান কৰিবলৈ দোৱা কৰে।
তেওঁলোকৰ দোৱাৰ পৰা স্পষ্ট ৰূপত চৰকাৰৰ প্ৰতি অনাস্থা প্ৰকাশ পাইছে।
Vrindavani vastra: লণ্ডনলৈ ৰাওনা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
লণ্ডনলৈ ৰাওনা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।(Vrindavani vastra)
বৃন্দাবনী বস্ত্ৰ অসমলৈ অনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ লণ্ডন যাত্ৰা।
‘লণ্ডন মিউজিয়ামৰ সৈতে স্বাক্ষৰ হ’ব অসমৰ বুজাবুজি চুক্তি’।
‘দুবছৰৰ ভিতৰত অসমত মিউজিয়াম নিৰ্মাণ কৰিব জিন্দাল গ্ৰুপে’।
মহাপুৰুষ শংকৰদেৱৰ অমৰ সৃষ্টি বৃন্দাবনী বস্ত্ৰৰ কিছু অংশ আছে লণ্ডন মিউজিয়ামত।
ছমাহৰ বাবে বৃন্দাবনী বস্ত্র অসমলৈ অনাৰ পদক্ষেপ লৈছে চৰকাৰে।
সামাজিক মাধ্যমযোগে সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
পেৰিছ মিউজিয়ামতো আছে বৃন্দাবনী বস্ত্ৰৰ আন কিছু অংশ।
কিছু অংশ আছে আমেৰিকাৰ বষ্টনৰ মিউজিয়ামতো।
rahul gandhi vs himanta biswa sarma: ৰাহুল গান্ধী য’তে যাব তাতেই কংগ্ৰেছ হাৰিব: হিমন্ত বিশ্ব শৰ্মা
বিহাৰ (rahul gandhi vs himanta biswa sarma) বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এনডিএই বিশাল সফলতা অৰ্জন কৰিছে। কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ লগতে দলটোৰ বহু প্ৰভাৱশালী নেতাই বিহাৰত প্ৰচাৰ চলায়ো কংগ্ৰেছৰ ভাগ্য উদয় কৰিব নোৱাৰিলে। এনে সময়তে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।
মুখ্যমন্ত্ৰী শৰ্মাই কয় যে – ৰাহুল গান্ধী য’তে যাব তাতেই কংগ্ৰেছ হাৰিব।বিহাৰ নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক কটাক্ষ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে ৰাহুল গান্ধী য’তেই যাব, তাতেই কংগ্ৰেছ হাৰিব। ৰাহুলক বিজেপিৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ আখ্যা হিমন্ত বিশ্ব শৰ্মাৰ।











