Home Blog Page 153

NDA: বিহাৰত ২০০ৰো অধিক আসনেৰে এনডিএৰ বিশাল জয়ঃ বিজয়ৰ বাবে বিহাৰৰ জনতাক কৃতজ্ঞতা জনালে মোদী-শ্বাহে

বিহাৰত ২০০ৰো অধিক আসনেৰে এনডিএৰ বিশাল জয়
বিহাৰত ২০০ৰো অধিক আসনেৰে এনডিএৰ বিশাল জয়

বিহাৰত (NDA) বিজয়যাত্ৰা এনডিএৰ, ২০০ ৰো অধিক আসনত বিজয় সাৱস্ত্য কৰিছে এনডিএই। এনে শেহতীয়া তথ্য অনুসৰি ২০০খনতকৈও অধিক লাভ কৰিছে এনডিএই । ইয়াৰ পিছতে বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় শ্বাহ-নাড্ডা।বিহাৰ নিৰ্বাচনত এনডিএ আৰু ব্যক্তিগতভাৱে বিজেপি দলে চমকপ্ৰদ প্ৰদৰ্শন কৰাত আনন্দিত দলটোৰ নেতাসকল। ইতিমধ্যে বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈছেগৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা আৰু বিহাৰ নিৰ্বাচনৰ প্ৰভাৰী ধৰ্মেন্দ্ৰ প্ৰধান। বাক্সাৰত জয়ী হৈছে আনন্দ মিশ্ৰ।তেজ প্ৰতাপ যাদৱ বিহাৰৰ নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত জনশক্তি জনতা দলৰ মুৰব্বী তেজ প্ৰতাপ যাদৱে প্ৰকাশ কৰিছে এক বিবৃতি। তেওঁ উল্লেখ কৰিছে, “আমাৰ পৰাজয়তো ৰাইজৰ জয় লুকাই আছে। আজিৰ ফলাফলক মই জনাদেশ হিচাপে মানি লওঁ।

পৰাজয়তো আমি জয়ী হৈছো, কাৰণ বিহাৰে স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে যে ৰাজনীতি আৰু নেপটিজিমৰ বিষয় নহয়, বৰঞ্চ সুশাসন আৰু শিক্ষাৰ বিষয় হ’ব।”ওঁ কয়, “এয়া জয়চান্দৰ বাবে এক সুন্দৰ পৰাজয়। আমি ইতিমধ্যে কৈছিলোঁ যে এই নিৰ্বাচনৰ পিছত বিহাৰত কংগ্ৰেছ শেষ হ’ব আৰু আজি কেৱল কোৱা নহয়, স্পষ্টকৈ দেখা গৈছে! ৰাইজৰ মৰম, বিশ্বাস, আশীৰ্বাদ মোৰ লগত আছে বাবে হাৰি যোৱাৰ পিছতো মই জয়ী হৈছো। কিন্তু সত্যটো তিক্ত। এই জয়চান্দসকলে আৰজেডিক ভিতৰৰ পৰা নষ্ট কৰি পেলাইছে। সেইবাবেই তেজস্বী আজি বিফল হৈছে!”“ভাৰতৰ নিৰাপত্তা আৰু সম্পদ শোষণ কৰা অনুপ্ৰৱেশকাৰী আৰু তেওঁলোকৰ সমৰ্থকসকলৰ বিৰুদ্ধে মোদী চৰকাৰৰ নীতিৰ প্ৰতি বিহাৰৰ জনসাধাৰণৰ প্ৰতিটো ভোট বিশ্বাসৰ প্ৰতীক। ভোট বেংকৰ স্বাৰ্থৰ বাবে অনুপ্ৰৱেশকাৰীক সুৰক্ষা দিয়াসকলক জনসাধাৰণে উপযুক্ত উত্তৰ দিছে। বিহাৰৰ জনসাধাৰণে সমগ্ৰ দেশৰ আৱেগ প্ৰতিফলিত কৰিছে: ভোটাৰ তালিকা শুদ্ধিকৰণ অতি প্ৰয়োজনীয়, আৰু ইয়াৰ বিৰুদ্ধে ৰাজনীতিৰ কোনো স্থান নাই। সেইবাবেই ৰাহুল গান্ধীৰ নেতৃত্বত গঠিত কংগ্ৰেছ দল আজি বিহাৰত শেষ স্থানলৈ নামি আহিছে।” কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া।


তেওঁ আৰু কয়, “জ্ঞান, কঠোৰ পৰিশ্ৰম, গণতন্ত্ৰৰ ৰক্ষক বিহাৰৰ জনসাধাৰণলৈ লাখ লাখ প্ৰণাম। বিহাৰৰ জনসাধাৰণৰ পৰা এন ডি এলৈ এই জনাদেশ হৈছে এন ডি এৰ উন্নয়ন, মহিলাৰ সুৰক্ষা, সুশাসন, আৰু বিহাৰৰ দৰিদ্ৰ লোকৰ কল্যাণৰ প্ৰতি থকা দায়বদ্ধতাৰ ৰাজহুৱা সমৰ্থন। বিগত ১১ বছৰত প্ৰধানমন্ত্ৰী মোদীয়ে বিহাৰৰ বাবে উদাৰতাৰে কাম কৰি আহিছে, আৰু নীতিশ কুমাৰে বিহাৰক জংঘলৰাজৰ অন্ধকাৰৰ পৰা উলিয়াই আনিবলৈ কাম কৰিছে। এই জনাআদেশ ‘উন্নত বিহাৰ’ৰ প্ৰতি দায়বদ্ধতাৰ বাবে।”

আনহাতে শুকুৰবাৰে ভোটগণনাৰ প্ৰাকক্ষণত এখন বিশেষ পোষ্টাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে । এই পোষ্টাৰখনত লিখা আছিল “টাইগাৰ অভি জিন্দা হ্য়ায়” অৰ্থাৎ বাঘ এতিয়াও জীয়াই আছে ।ইয়াৰ পিছতেই চৰ্চালৈ অহা এই পোষ্টাৰখন আঁৰি দিয়া লোকজনৰ প্ৰশংসাৰ কৰিছে বহুতে । লোকজনে শুকুৰবাৰে ভোট গণনা আৰম্ভ হোৱাৰ দুঘণ্টামানৰ ভিতৰতে এই পোষ্টাৰখন জনতা দল ইউনাইটেডৰ মুখ্য কাৰ্যালয়ত আঁৰিছিল । মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ ফটোসহ পোষ্টাৰখনত “টাইগাৰ অভি জিন্দা হ্য়ায়” ।

Jammu and Kashmir blast: ভয়ংকৰ বিস্ফোৰণত কঁপিল জম্মু-কাশ্মীৰৰ শ্ৰীনগৰ

ভয়ংকৰ বিস্ফোৰণত কঁপিল জম্মু-কাশ্মীৰৰ শ্ৰীনগৰ
ভয়ংকৰ বিস্ফোৰণত কঁপিল জম্মু-কাশ্মীৰৰ শ্ৰীনগৰ

মাজনিশা জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত ভয়ংকৰ বিস্ফোৰণ। (Jammu and Kashmir blast)

জম্মু-কাশ্মীৰৰ এখন থানাত ভয়ংকৰ বিস্ফোৰণ।

নিহত ৯ গৰাকীকৈ লোক।

বিস্ফোৰণত গুৰুতৰভাৱে আহত ২৯গৰাকী লোক।

গুৰুতৰভাৱে আহত ৩০ৰো অধিক লোক।

আহতসকলক শ্ৰীনগৰৰ হাস্পতালত ভৰ্তি।

বিস্ফোৰণত ৩০০ ফুট দূৰৈত ছিটিকি পৰে মানৱ দেহৰ অংগ।

বিস্ফোৰণৰ পাছতে জুয়ে আৱৰি ধৰে বৃহৎ এলেকা।

ফৰিদাবাদত জব্দ কৰা এম ‘নিয়াম নাইট্রেট্ৰটৰ বিস্ফোৰণ।

থানাখনত মজুত ৰখা হৈছিল এম ‘নিয়াম নাইট্রেটখিনি।

শুকুৰবাৰে নিশা শ্রীনগৰৰ নাওগাম থানাত এই বিস্ফোৰণ ঘটে।

Maithili Thakur: মই জয়ী হ’লে আলিনগৰ হ’ব সীতানগৰঃ বিহাৰৰ কনিষ্ঠতম বিধায়িকা

মই জয়ী হ'লে আলিনগৰ হ'ব সীতানগৰঃ বিহাৰৰ কনিষ্ঠতম বিধায়িকা
মই জয়ী হ'লে আলিনগৰ হ'ব সীতানগৰঃ বিহাৰৰ কনিষ্ঠতম বিধায়িকা

সলনি হ’ব (Maithili Thakur) বিহাৰৰ ‘আলিনগৰ’ বিধানসভা সমষ্টিৰ নাম। আলিনগৰ সমষ্টিৰ নতুন নাম হ’ব সীতানগৰ। বিধায়িকা হিচাপে নিৰ্বাচিত হ’লেই সমষ্টিৰ নাম সলনিৰ প্ৰতিশ্ৰুতি দিছিল বিহাৰৰ কনিষ্ঠতম বিধায়িকা মৈথিলী ঠাকুৰে। ৬৩ বছৰীয়া RJD ৰ প্ৰাৰ্থী বিনোদ মিশ্ৰক পৰাস্ত কৰি আলিনগৰ সমষ্টিৰ পৰা ২৫ বছৰ বয়সত বিহাৰৰ সৰ্বকনিষ্ঠ বিধায়িকা হিচাপে নিৰ্বাচিত হ’ল মৈথিলী ঠাকুৰ।

এতিয়া জনতাৰ মনত প্ৰশ্ন, বিজয়ৰ পিছত সলনি কৰিব নে আলিনগৰৰ নাম মৈথিলী ঠাকুৰে? বিজেপিৰ প্ৰাৰ্থী তথা কণ্ঠশিল্পী মৈথিলী ঠাকুৰে কয় যে তেওঁ আলিনগৰৰ নাম সীতানগৰলৈ সলনি কৰিব। আলিনগৰ সমষ্টিৰ পৰা বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰা ২৫ বছৰীয়া কণ্ঠশিল্পী মৈথিলী ঠাকুৰে কম বয়সীয়া বিধায়িকা হোৱাৰ অভিলেখ গঢ়ে। নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত সাংবাদিকৰ আগত ভাষণ দি মৈথিলীয়ে কয়, “এয়া কেৱল মোৰ জয় নহয়, বিহাৰৰ ৰাইজৰ জয়। মহিলাৰ বাবে নীতিশ কুমাৰে ৰূপায়ণ কৰা কল্যাণমূলক আঁচনিসমূহ মোৰ যাত্ৰাত অতি গুৰুত্বপূৰ্ণ আছিল। বিহাৰৰ জনসাধাৰণে মোডীক ভাল পায় আৰু ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰতা বিচাৰে। আলিনগৰ নিশ্চিতভাৱে সীতানগৰ হ’ব।”

Anand Mishra : বিহাৰৰ নতুন বিধায়ক হিচাপে জয়ী আনন্দ মিশ্ৰ

Anand Mishra : বিহাৰৰ নতুন বিধায়ক হিচাপে জয়ী আনন্দ মিশ্ৰ
Anand Mishra : বিহাৰৰ নতুন বিধায়ক হিচাপে জয়ী আনন্দ মিশ্ৰ

আৰক্ষীৰ বিষয়াৰ‌ পৰা বিধায়কৰ যাত্ৰা আনন্দ মিশ্ৰ।(Anand Mishra)

বিধায়ক হ’ল আনন্দ মিশ্ৰ।

বিহাৰৰ নতুন বিধায়ক হিচাপে জয়ী আনন্দ মিশ্ৰ।

২৪,২৪৬ হাজাৰ ভোটত পৰাস্ত কৰিলে কংগ্ৰেছৰ প্ৰাৰ্থী সঞ্জয় কুমাৰ তিৱাৰীক।

বিপুল ভোটত জয়লাভ কৰিলে প্ৰাক্তন IPS আনন্দ মিশ্ৰই।

IPSৰ চাকৰি এৰি ৰাজনীতিত যোগদান কৰিছিল আনন্দ মিশ্ৰই।

১০ বছৰ ধৰি বিহাৰৰ বক্সাৰ সমষ্টিতো কংগ্ৰেছৰ দখলত আছিল।





Children’s Day: শিশু দিৱস উপলক্ষে দীনজ্যোতি ফাউণ্ডেশ্যনৰ বিশেষ কাৰ্যসূচী

Children's Day: শিশু দিৱস উপলক্ষে দীনজ্যোতি ফাউণ্ডেশ্যনৰ বিশেষ কাৰ্যসূচী
Children's Day: শিশু দিৱস উপলক্ষে দীনজ্যোতি ফাউণ্ডেশ্যনৰ বিশেষ কাৰ্যসূচী

শিশু দিৱস উপলক্ষে (Children’s Day) গুৱাহাটীৰ পামহীস্থিত অক্ষৰ ফ’ৰামত আজি দীনজ্যোতি ফাউণ্ডেশ্যনৰ তৰফৰ পৰা দিনযোৰা কাৰ্যসূচীৰে শিশুসকলৰ মাজত এক অনুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে শিশু সকলক উৎসাহ দিয়াৰ বাবে বঁটা বিতৰণ আৰু শিশু সকলৰ বাবে লঘু আহাৰৰ ব্যৱস্থাও কৰা হয়।

শিশু সকলৰ মাজত কেক কাটি শিশু দিৱস উদযাপন কৰা অনুষ্ঠানটোত দীনজ্যোতি ফাউণ্ডেশ্যনৰ সঞ্চালিকা চুমি ৰহমান, সম্পাদক মধুস্মিতা বৰা দাস , উপ-সভাপতি চৈয়দা আঞ্জুৱাৰা বেগম, প্ৰণামিকা শইকীয়া, নীলম কাপুৰ, লায়ঞ্চ ক্লাব গুৱাহাটী চাউথৰ শ্যামলী বৰুৱা সভানেত্ৰী, নীলম গোস্বামী আৰু অক্ষৰ ফ’ৰামৰ প্ৰতিস্থাপক অলকা দেশাই, প্ৰিঞ্চিপাল আকাংক্ষা ডুবে লগতে অন্যান্য শিক্ষক-শিক্ষয়ত্ৰী সকল উপস্থিত থাকে।


অক্ষৰ ফাউণ্ডেশ্যনৰ প্ৰচেষ্টাক শলাগ জনাই দীনজ্যোতি ফাউণ্ডেশ্যনৰ সঞ্চালিকা চুমি ৰহমানে কয় অক্ষৰ ফ’ৰামৰ প্লাস্তিক পুনৰ ব্যৱহাৰ(ৰিচাৰ্কল)কৰাৰ প্ৰযুক্তি বা কৌশল শলাগিব লগীয়া। পৃথিৱী খন সেউজীয়া কৰাৰ ক্ষেত্ৰত অক্ষৰ ফ’ৰামৰ প্ৰচেষ্টাত দহৰ বাবে অনুপ্ৰেৰণা হোৱাৰ লগতে কণ কণ শিশু সকলৰ শাৰীৰিক মানসিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি এটা বিশেষ দিন সিহঁতৰ লগত উয্যাপন কৰাৰ লক্ষ্যৰে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

তেখেতে কয় যে অনাগত দিনতো শিশু সকলৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে।

Koliyabor News: কলিয়াবৰত চিলনী চোৰৰ সন্ত্ৰাস

Koliyabor News: কলিয়াবৰত চিলনী চোৰৰ সন্ত্ৰাস
Koliyabor News: কলিয়াবৰত চিলনী চোৰৰ সন্ত্ৰাস

কলিয়াবৰত চিলনী চোৰৰ সন্ত্ৰাস। (Koliyabor News)

মহিলাৰ ডিঙিৰ পৰা কাঢ়িলে সোণৰ চেইন।

কলিয়াবৰৰ আৰক্ষী নিৱেশৰ পৰা নাতিদূৰৰ কুঁৱৰীটোলত সংঘটিত হয় ঘটনাটো।

টেম্পোত জখলাবন্ধাৰ পৰা ঘৰলৈ আহি থকা প্ৰভা বৰুৱা নামৰ মহিলাগৰাকীৰ ডিঙিৰ পৰা টানি লৈ যায় সোণৰ চেইনডাল।

দুই বাইকত অহা চিলনী চোৰে মহিলাগৰাকীৰ চেইন লৈ যোৱাৰ পিছতে কুঁৱৰীটোলত হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয়।

কলিয়াবৰ আৰক্ষীয়ৈ ইতিমধ্যে অভিযান আৰম্ভ কৰিছে যদিও কাকো কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।

Anand Mishra: বিধায়ক হোৱাৰ সপোন পূৰণ হ’ব আনন্দ মিশ্ৰৰ!

Anand Mishra: বিধায়ক হোৱাৰ সপোন পূৰণ হ'ব আনন্দ মিশ্ৰৰ!
Anand Mishra: বিধায়ক হোৱাৰ সপোন পূৰণ হ'ব আনন্দ মিশ্ৰৰ!

বিধায়ক হোৱাৰ সপোন পূৰণ হ’ব আনন্দ মিশ্ৰৰ!(Anand Mishra)

বক্সাৰ সমষ্টিত আগবাঢ়ি আছে আনন্দ মিশ্ৰ।

এইবাৰ হয়টো ভাগ্য ফুলিব নেকি আনন্দ মিশ্ৰৰ।

বক্সাৰ সমষ্টিত আনন্দ মিশ্ৰৰ অগ্ৰগতি।

২,৮৩৯টা ভোটত অগ্ৰগতি আনন্দ মিশ্ৰৰ।

যোৱা ১০ বছৰে কংগ্ৰেছৰ দখলত আছিল বিহাৰৰ বাক্সাৰ সমষ্টি।

বিজেপিত যোগদান কৰিয়ে বাক্সাৰ সমষ্টিৰ পৰা টিকট লাভ কৰিছিল আনন্দ মিশ্ৰই।

Tanzil Hussain: শ্বিলঙত ছাইৰেণ বজাই আৰক্ষীৰ ৰোষত সাংসদ ৰকিবুলৰ পুত্ৰ তাঞ্জিল

Tanzil Hussain: শ্বিলঙত ছাইৰেণ বজাই আৰক্ষীৰ ৰোষত সাংসদ ৰকিবুলৰ পুত্ৰ তাঞ্জিল
Tanzil Hussain: শ্বিলঙত ছাইৰেণ বজাই আৰক্ষীৰ ৰোষত সাংসদ ৰকিবুলৰ পুত্ৰ তাঞ্জিল

মেঘালয় আৰক্ষীৰ ৰোষত সাংসদ ৰকিবুলৰ পুত্ৰ তাঞ্জিল।(Tanzil Hussain)
তাঞ্জিল হুছেইনে ৰাজপথত ছাইৰেণ বজাই ঘূৰিছিল মেঘালয়ত।
মেঘালয় ৰিভয় জিলাৰ উমলিঙত আৰক্ষীৰ ৰোষত সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ।
সাংসদ পিতৃৰ বাহন ব্যৱহাৰ কৰি ৰাজপথত ছাইৰেণ বজাই চলাইছিল তাণ্ডৱ।
তাঞ্জিলৰ এই কাৰ্যত ক্ষোভিত হৈ পৰে মেঘালয় আৰক্ষী।
আৰক্ষীয়ে জব্দ কৰে তাঞ্জিলে ব্যৱহাৰ কৰা বাহন।
মেঘালয় আৰক্ষীয়ে জৰিমনা বিহিলে তাঞ্জিল হুছেইনক।

Bihar Election Results 2025: কাৰ হাতলৈ যাব বিহাৰঃ আজি বিহাৰ নিৰ্বাচনৰ ভোটগণনা

Bihar Election Results 2025: কাৰ হাতলৈ যাব বিহাৰঃ আজি বিহাৰ নিৰ্বাচনৰ ভোটগণনা
Bihar Election Results 2025: কাৰ হাতলৈ যাব বিহাৰঃ আজি বিহাৰ নিৰ্বাচনৰ ভোটগণনা

কাৰ হাতলৈ যাব বিহাৰৰ?(Bihar Election Results 2025)

আজি বিহাৰ নিৰ্বাচনৰ ভোটগণনা।

৮ বজাৰ পৰা বিহাৰৰ ২৪৩ খন বিধানসভা আসনৰ ভোটগণনা।

আজি নির্ণয় হ’ব ২,৬১৬ গৰাকী প্ৰাৰ্থীৰ ভাগ্য।

৬ আৰু ১১ নৱেম্বৰত দুটা পৰ্যায়ত সম্পন্ন হৈছিল নির্বাচন।

পুৱাই NDA আৰু মহাগঠবন্ধৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা।

NDAৰ দুই শতাধিক আসন লাভ কৰাৰ দাবী।

তেজস্বী যাদৱক মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ কৰাবলৈ সাজু মহাগঠবন্ধন।

Cultural Tourism: জাৰ্ণি ফৰ লাৰ্ণিংঃ কাজিৰঙা আৰু কাৰ্বি আংলঙত পৰিবেশ সাংস্কৃতিক পৰ্যটনৰ প্ৰভাৱ

জাৰ্ণি ফৰ লাৰ্ণিংঃ কাজিৰঙা আৰু কাৰ্বি আংলঙত পৰিবেশ সাংস্কৃতিক পৰ্যটনৰ প্ৰভাৱ
জাৰ্ণি ফৰ লাৰ্ণিংঃ কাজিৰঙা আৰু কাৰ্বি আংলঙত পৰিবেশ সাংস্কৃতিক পৰ্যটনৰ প্ৰভাৱ

কাজিৰঙা (Cultural Tourism) ৰাষ্ট্ৰীয় উদ্যান হৈছে অসমৰ এক বিশ্ব ঐতিহ্যপূৰ্ণ উদ্যান। এই উদ্যান খন বিশেষত্ব এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত। ১৯৭৪ চনত ইয়াক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হিচাপে নামাকৰণ কৰা হয়। দেশৰ পৰ্যটনৰ উদ্যোগত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা কাজিৰঙা ৰাষ্ট্রীয় উদ্যান। প্ৰকৃতি সুৰক্ষাৰ বাবে ধাৰাবাহিক ভাবে কাম কৰি অহা বেচৰকাৰী সংগঠন “আৰণ্যকে” কাজিৰঙাৰ কহৰা কাৰ্বি আংলংত বিশেষ ভূমিকা গ্ৰহণ কৰিছে। আৰণ্যকৰ এটা অংশ জার্নী ফৰ লাৰ্ণিংয়ে কাৰ্বি আংলংৰ ভিতৰুৱা বিভিন্ন ঠাইত গাঁও বিলাকৰ স্থানীয় সম্প্ৰদায়ৰ সৈতে কাম কৰি আহিছে। জাৰ্ণি ফৰ লাৰ্ণিংৰ বিভিন্ন কামৰ ভিতৰত ইক’ ৰেষ্টুৰেচন, ঝুমখেতি পৰিদৰ্শন, ৰাবাৰ নিষ্কাষণ, এৰি সূতা নিৰ্মাণ, চৰাই পৰ্যবেক্ষণ, হাবিত খোজ কঢ়া, কাৰ্বি গাঁও পৰ্যবেক্ষণ এইখিনি প্ৰধান।
ইয়াৰোপৰি পৰ্যটক সকলক গাঁৱৰ হমষ্টে থকাৰ এক বিশেষ সুবিধা দিয়ে। ২০১৮ চনত জাৰ্ণি ফৰ লাৰ্ণিংয়ে গাঁৱৰ মানুহৰ লগত কথা পাতি পৰ্যটনৰ ক্ষেত্ৰত আৰু অধিক ভূমিকা লবলৈ হমষ্টে আৰম্ভ কৰে। কাৰ্বি গাঁও বিলাকত কৰা হমষ্টে প্ৰত্যেকটো সমষ্টেৰ মালিকীস্বত মহিলাসকলৰ হাতত থাকে আৰু হমষ্টে বিলাকৰ নাম মহিলাসকলৰ নামেৰে নামাকৰণ কৰে যেনে-পাৰ্বতী হমষ্টে, প্ৰীতি হমষ্টে, কাৰেং হমষ্টে ইত্যাদি। বৰ্তমান মুঠ দহটা হমষ্টে আছে। ইয়াত তেওঁলোকে পৰ্যটসকলক কাৰ্বি সকলৰ থলুৱা খাদ্য দিয়ে। ইয়াৰোপৰি কাৰ্বি সকলৰ সাজ-পোছাকসমূহ পৰ্যটকক চিনাকি কৰি দিয়ে। তেওঁলোকে তাঁতশাল ‘পে থেৰাং’ খনৰ সা-সঁজুলিবোৰ যোগেদি প্ৰয়োজনীয় সাজ-পোছাক তৈয়াৰ কৰি উলিয়াই। কাৰ্বি লোকসকলে মেখেলাখনক ‘পিনী’ বুলি কয়। কাৰ্বি নাৰীসকলৰ মাজত ‘মাৰবং হমক্ৰি আপিনী’ৰ আদৰ বেছি। পিনীখন আটকৈ ৰাখিবৰ কাৰণে কঁকালত ‘ৱামকক’ নামৰ এক ডেৰ আঙুল বহলৰ ফিতা বন্ধা হয়। দেখাত সৰু হ’লেও এই ৱামকক কাপোৰত বিভিন্ন ফুলৰ চানেকি পোৱা যায়। তেওঁলোকে ‘জী পীবা’ নামৰ এখন প্ৰায় এক ডেৰ হাত প্ৰস্থ আৰু আঠ সাত দৈৰ্ঘ্যৰ কলা সূতাৰ দীঘেৰে বোৱা এখন কাপোৰ সকলোৱে ব্যৱহাৰ কৰে-কেচুঁৱাক বোকোচাত বান্ধি ল’বৰ বাবে,গাভৰু আৰু মহিলাই বুকুত বান্ধি ল’বৰ বাবে,চমাংকান অসমীয়া ‘দহা’ আৰু ‘নিমছ ফেৰুং’ নাচত ছোৱালীয়ে মুখঢকা আৱৰণ হিচাপে আৰু মৃতকৰ অস্থি কঢ়িয়াই নিয়াত এই পীবা ব্যৱহাৰ কৰা হয়।
জাৰ্ণি ফৰ লাৰ্ণিংৰ আন এটা উল্লেখযোগ্য কাৰ্যসূচী হৈছে হাবিত খোজ কঢ়া। কাৰ্বি পাহাৰৰ ওপৰৰ এলেকাত কঁহৰা নদীৰ কাষত হাবিত খোজ কাঢ়িবলৈ পৰ্যটকক নিয়া হয়। এই বাটটো প্ৰায় ৬ কিলোমিটাৰ দীঘল। এই পাহাৰীয়া বাটটোৰে আগবঢ়াটো যথেষ্ট প্ৰত্যাহ্বানজনক আৰু ওখোৰা-মোখোৰা বাটটোৰে গৈ গভীৰ অৰণ্যৰ মাজত সোমাবৰ বাবে সাহসী আৰু শাৰীৰিক ভাব সবল হোৱা প্ৰয়োজন। ইয়াৰোপৰি এই ঘন অৰণ্যৰ মাজত বন্যপ্ৰাণী অহাৰো সম্ভাৱনা থাকে। এনেধৰণৰ সংঘাত বা সমস্যাৰ বাবে জাৰ্ণি ফৰ লাৰ্ণিংয়ে একোজন বিশেষজ্ঞ আৰু স্থানীয় ব্যক্তিক পৰ্যটকৰ লগত পঠিয়ায়। হাবিত খোজকঢ়াৰ সময়ত কিছুমান জন্তু আৰু জন্তুৰ চিহ্ন দেখা গৈছিল যিবিলাক দেখি পৰ্যটকে যথেষ্ট আনন্দিত হৈছিল। এই পাহাৰত উঠি যোৱাৰ লগে লগে প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য আৰু কহৰা নদীৰ পানীৰ জিৰ জিৰ শব্দই মন মোহিত কৰিব।
জাৰ্ণি ফৰ লাৰ্ণিংয়ে আন কাৰ্যসূচীৰ ভিতৰত ছাত্ৰ-ছাত্ৰী সকলক গাঁও পৰিভ্ৰমণ কাৰ্যসূচী হাতত লৈছে। গাওঁ পৰিভ্ৰমণ কাৰ্যসূচীৰ লগতে আন এক উল্লেখনীয় কাৰ্য হৈছে শিক্ষাৰ্থীসকলে যিবোৰ গাওঁ ভ্ৰমণ কৰে সেই গাঁৱৰ গাওঁবোৰৰ মূল্যায়ন কৰা। মুল্যায়নৰ পাছতে শিক্ষাৰ্থীসকলক সেই ঠাইৰ ৰাজনৈতিক ব্যৱস্থা, ভৌগোলিক বৈশিষ্ট্য, অৰ্থনীতি, ঋতু, জীৱিকা আদিৰ দৰে দিশত গাওঁবোৰ সম্পৰ্কে এক স্পষ্ট ধাৰণা প্ৰদান কৰিছিল। ইয়াৰোপৰি ঝুম খেতি, গছ-পুলি সংৰক্ষণৰ পদ্ধতি, ৰাবাৰ সংৰক্ষণ ইত্যাদি কাৰ্যসূচী সমূহ ছাত্ৰ-ছাত্ৰী সকলে পৰ্যবেক্ষণ কৰিবৰ বাবে সুবিধা পাইছে।
আৰণ্যকৰ এটা অংশ জাৰ্নিং ফৰ লাৰ্ণিংয়ে পৰিবেশ সাংস্কৃতিক পৰ্যটনৰ ক্ষেত্ৰত স্থানীয় কাৰ্বি গাঁওবাসীৰ সহযোগিতাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। এনেধৰণৰ কাৰ্যসূচীয়ে কহৰা কাৰ্বি আঙলঙৰ পৰ্যটনৰ ক্ষেত্ৰ আগুৱাই নিয়াত সহায় কৰিছে আৰু কাৰ্বি গাঁও সমূহ উন্নতিৰ লগতে মহিলাসকলৰ স্বাৱলম্বীতাৰ ক্ষেত্ৰতো যথেষ্ট সহায় কৰিছে।