মেঘালয়ত অসমীয়াক নৃশংস হত্যা।(Meghalaya News)
মেঘালয়ত অসমৰ এজন লোকক নৃশংসভাৱে হত্যা।
অসমৰ এজন লোকক মাৰি ওলমাই থ’লে ঘন অৰণ্যত।
বশিষ্ঠৰ তপন দে’ নামৰ লোকজনক নৃশংস হত্যা।
মেঘালয়ৰ ডাউকীত উদ্ধাৰ গুৱাহাটীৰ লোকজনৰ মৃতদেহ।
ডাউকীৰ পেঙ্গুলা নামৰ ঠাইত ভয়ংকৰভাৱে বশিষ্ঠৰ তপন দে’ নামৰ লোকজনক হত্যা কৰে।
শনিবাৰে গুৱাহাটীৰ পৰা মেঘালয়লৈ গৈছিল তপন দে’।
তপন দে’ৰ পৰা বাহনখন লুটি নিয়ে দুর্বৃত্তৰ দলে।
বুধবাৰে নিশা উদ্ধাৰ হয় তপন দে’ৰ মৃতদেহ।
Meghalaya News: মেঘালয়ত অসমৰ এজন লোকক নৃশংসভাৱে হত্যা!
Birsa Munda: বীৰছা মুণ্ডাৰ জন্ম-জয়ন্তী উপলক্ষে বৰক্ষেত্ৰীত সজাগতা সভা
বীৰছা (Birsa Munda) মুণ্ডাৰ জন্ম জয়ন্তী উপলক্ষে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত নাৰুৱাত আজি এখন গুৰুত্বপূৰ্ণ সজাগতা সভা অনুষ্ঠিত হয়। উল্লেখ্য যে বীৰছা মুণ্ডাৰ জন্ম জয়ন্তী উপলক্ষে ২০২৪ চনৰ নৱেম্বৰ মাহৰ পৰা প্ৰতি বছৰে অনুষ্ঠিত হৈ আহিছে এই সজাগতা সভাখন। সজাগতা সভাখনৰ মূল উদ্দেশ্যে হৈছে জনজাতীয় লোকসকলক চৰকাৰী আঁচনি লাভ কৰাৰ ক্ষেত্ৰত সকলো প্ৰকাৰৰ সা-সুবিধা প্ৰদান কৰা।
ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰৰ বিভিন্ন বিভাগৰ অধীনত আঁচনি আৰু বিভিন্ন সা-সুবিধা কেনেকৈ লাভ কৰিব পাৰি সেই সম্পৰ্কে ৰাইজক সজাগ-সচেতন কৰাৰ উদ্দেশ্যে আয়োজিত সভাখনত উপস্থিত থাকে বৰক্ষেত্ৰী খণ্ড উন্নয়ন বিষয়া নিশি নাথ শৰ্মা, নলবাৰী জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সম্প্ৰসাৰণ বিষয়া দ্বীপেন মেনা, বৰক্ষেত্ৰীৰ ৰামপুৰ কৃষি উন্নয়ন বিষয়া জ্যোতিস্মান শৰ্মা, স্বাস্থ্য আৰু সমাজ কল্যাণ বিভাগৰ নাৰুৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক মনোৱাৰা খাতুন, ৰেচম বিভাগৰ থানেশ্বৰ ডেকা, ৫৩ নং জয়সাগৰ- কেকানকুছি গাওঁ পঞ্চায়তৰ সভানেত্ৰী নন্দিতা বৰ্মণ বৈশ্য, ৫৩ নং জয়সাগৰ- কেকানকুছি গাওঁ পঞ্চায়তৰ সচিব নুৰুল ইছলাম, পঞ্চায়তখনৰ এম.টি.এচ হৃষীকেশ ভট্টাচাৰ্য, সুৰজিৎ ৰাজবংশী প্ৰমুখ্যে ভালেমান জনজাতীয় মহিলাৰ লগতে স্থানীয় লোক উপস্থিত থাকে।
Zubeen Garg: জুবিন গাৰ্গক জীয়াই ৰাখিব অসমীয়াই, সন্দেহযুক্ত লোকে নহয়ঃ মুখ্যমন্ত্ৰী
অসমবাসীৰ হিয়াৰ (Zubeen Garg) আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ পিছৰে পৰা ৰাজ্যবাসী শোক সাগৰত ডুব গৈ আছে৷ এতিয়াও যেন ৰাজ্যখনৰ পৰিবেশ গোমা হৈয়েই আছে, কোনেও ভালদৰে যেন কোনো কামতে মন বহুৱাব পৰা নাই৷ এনে সময়তে জুবিন গাৰ্গৰ অনুৰাগীৰ প্ৰসংগত পুনৰ এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷
মুখ্যমন্ত্ৰী শৰ্মাই কয় যে জুবিন গাৰ্গক জীয়াই ৰাখিব অসমীয়াই, সন্দেহযুক্ত লোকে নহয়৷ এনেদৰে মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ সত্বাক জীয়াই ৰাখিবলৈ অসমীয়া ৰাইজক আহ৩ান জনায়৷ মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘যেতিয়া জুবিন গাৰ্গৰ মৃত্যু হ’ল তাৰ পিছত দুৰ্গা পূজা, লক্ষ্মী পূজা আৰু ৰাস আহিল৷ এই সময়ত সমগ্ৰ অসমৰ প্ৰতিটো হিন্দু পৰিয়ালসমূহে জুবিনৰ ফটোখন সকলোতে ব্যৱহাৰ কৰিছিল আৰু আন্তৰিক শ্ৰদ্ধাঞ্জলি জনাইছিল৷ কিন্তু ইজতেমাৰ দৰে মুছলমানৰ ধৰ্মীয় সমাৱেশৰ সময়ত জুবিনৰ ফটো দেখা নাই৷ যিবোৰক তেওঁলোকৰ ‘ধৰ্ম সভা’ বুলিও বৰ্ণনা কৰা হয়৷ আমি এখনো সভাত জুবিন গাৰ্গৰ ফটো দেখা নাই৷ ইয়াৰ অৰ্থ এয়াই যে, সন্দেহযুক্ত মানুহে জুবিনক জীয়াই নাৰাখে, জুবিনক মাথোঁ অসমীয়াইহে জীয়াই ৰাখিব লাগিব৷ চাউল-দালি নালাগে বুলি কোৱা লোকে জুবিনক জীয়াই নাৰাখে’৷
ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে কয়, ‘যিসকলে সামাজিক মাধ্যমত দিল্লীৰ বিস্ফোৰণক সমৰ্থন জনাইছে তেওঁলোকক চৰকাৰে গ্ৰেপ্তাৰ কৰিব৷ তেওঁলোকৰ লিংকবোৰ চাব আৰু কাৰোবাৰ যদি লিংক বাংলাদেশৰ লগত পাও বা অন্যলোকৰ লগত পাও তেওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱা হ’ব৷ এতিয়া বহুতে ডিলিট কৰিছে, কিন্তু ¦ স্ক্ৰীণশ্বট চেভ কৰা হৈছে৷ তেওঁলোকক চৰকাৰে কঠোৰ সতৰ্কবাণী জাৰি কৰিছে৷’
Delhi blast: দিল্লীৰ বিস্ফোৰণ কাণ্ডৰ সন্দৰ্ভত কোতৱালি থানাত গোচৰ ৰুজু কৰিলে নিয়াইঃ দেশৰ কেইবাটাও স্থানত তালাচী অভিযান অব্যাহত
দিল্লীৰ (Delhi blast) বিস্ফোৰণক লৈ অব্যাহত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা নিয়াই জোৰদাৰ তদন্ত চলাই গৈছে৷ নিয়াৰ তদন্তত পোহৰলৈ আহিছে বহু ভয়ংকৰ তথ্য৷ জানিব পৰা মতে বিস্ফোৰণৰ পূৰ্বে দিল্লীৰ বিভিন্ন স্থানত ঘূৰি ফুৰিছিল সন্ত্ৰাসবাদীয়ে ব্যৱহাৰ কৰা আই-২০ বাহনখনে৷ ইতিমধ্যে চিচিটিভিৰ দৃশ্যত সেই কথা ধৰা পৰিছে৷ ইপিনে তদন্তত ওলাই পৰিছে যে সন্ত্ৰাসবাদীৰ লক্ষ্য আছিল অযোধ্যা, বাৰাণসী৷ অৱশ্যে চোৰাংচোৱাই সঠিক সময়ত সেই ষড়যন্ত্ৰৰ কথা ধৰা পেলাবলৈ সক্ষম হয়৷ ইপিনে আজি দিল্লীত সন্ত্ৰীসবাদীয়ে সংঘটিত কৰা কূটাঘাতৰ উত্তেজনাৰ মাজতে বুধবাৰে প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত চিচিএছৰ বৈঠক অনুষ্ঠিত হয়৷ উল্লেখ্য দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত এক শক্তিশালী বিস্ফোৰণত ১০জন লোক নিহত হোৱাৰ লগতে ডজনৰো অধিক আহত হোৱাৰ দুদিন পিছত বুধবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ বাসগৃহত উচ্ছ পৰ্যায়ৰ নিৰাপত্তা বৈঠক অনুষ্ঠিত কৰে৷ আহ৩ান কৰে৷ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও বৈঠকত ভাগ লোৱাৰ বাবে লোক কল্যাণ মাৰ্গত থকা মোদীৰ বাসভৱনত উপস্থিত হয়৷ বৈঠকত প্ৰধানমন্ত্ৰীয়ে নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীৰ বৈঠকত অধ্যক্ষতা কৰি পৰিস্থিতিৰ বুজ লয়৷ সোমবাৰৰ বিস্ফোৰণত আহতসকলক সাক্ষাৎ কৰিবলৈ মধ্য দিল্লীৰ চিকিৎসালয়লৈ যায় মোদীয়ে৷ ছ’চিয়েল মিডিয়াত এটা পোষ্টত মোদীয়ে কয়, ‘এলএনজেপি হাস্পতাললৈ গৈ দিল্লীত বিস্ফোৰণৰ সময়ত আহতসকলক লগ পাইছিলোঁ৷ সকলোৰে শীঘ্ৰে আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা কৰিছো৷ ষড়যন্ত্ৰৰ আঁৰৰ লোকসকলক আইনৰ গণ্ডীলৈ অনা হ’ব’ চিকিৎসালয়ত প্ৰধানমন্ত্ৰীক চিকিৎসক আৰু নিৰাপত্তাৰক্ষীয়ে নিহতসকলৰ অৱস্থাৰ বিষয়ে অৱগত কৰে৷ মঙলবাৰে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে সন্ত্ৰাসবাদী ষড়যন্ত্ৰৰ প্ৰমাণ দি ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাক তদন্ত অৰ্পণ কৰে৷ ইয়াৰ পিছত এন আই এয়ে আৰক্ষী অধীক্ষক পদবী আৰু তাৰ ওপৰৰ জ্যেষ্ঠ বিষয়াৰ নেতৃত্বত এটা দল গঠন কৰে৷ সূত্ৰ অনুসৰি, জইছ-ই-মহম্মদৰ সমৰ্থিত গোটে ২০০৮ চনৰ চ্ছযৰৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ দৰেই সমগ্ৰ দিল্লী, গুৰুগ্ৰাম আৰু ফৰিদাবাদত ধাৰাবাহিকভাৱে সমন্বিত আক্ৰমণৰ পৰিকল্পনা কৰিছিল৷
আনহাতে দিল্লী বিস্ফোৰণৰ পাছতে চাঞ্চল্যকৰ তথ্য প্ৰকাশ। ৬ ডিচেম্বৰত ভয়াৱহ আক্ৰমণৰ পৰিকল্পনা আছিল সন্ত্ৰাসবাদীৰ। কুখ্যাত জইছ-ঈ-মহম্মদে ৰচিছিল বিস্ফোৰণৰ ভয়ংকৰ পৰিকল্পনা। বাবৰি মছজিদ ধ্বংসৰ প্ৰতিশোধৰ বাবে ধাৰাবাহিক বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল। প্রথম পর্যায়ত জইছ-ঈ-মহম্মদ, আনছাৰ গজবাট উল হিন্দৰে এটা টীম গঠন কৰিছিল। দ্বিতীয় পর্যায়ত বিস্ফোৰক সামগ্রী একত্ৰীকৰণ কৰা। তৃতীয় পর্যায়ত IED প্ৰস্তুত কৰি সংস্থাপনৰ স্থান পৰীক্ষণ কৰা। চতুর্থ পৰ্যায়ত কূটাঘাতকাৰীৰ হাতত বিস্ফোৰক সামগ্রী তুলি দিয়া। পঞ্চম পর্যায়ত বিস্ফোৰণ ঘটোৱা।NIAৰ তদন্তত উন্মোচিত কূটাঘাতকাৰীয়ে দিল্লী ধ্বংল কৰাৰ পৰিকল্পনা।
Delhi blast: দিল্লী বিস্ফোৰণৰ পাছতে চাঞ্চল্যকৰ তথ্য প্ৰকাশ!
দিল্লী বিস্ফোৰণৰ পাছতে চাঞ্চল্যকৰ তথ্য প্ৰকাশ!(Delhi blast)
৬ ডিচেম্বৰত ভয়াৱহ আক্ৰমণৰ পৰিকল্পনা আছিল সন্ত্ৰাসবাদীৰ।
কুখ্যাত জইছ-ঈ-মহম্মদে ৰচিছিল বিস্ফোৰণৰ ভয়ংকৰ পৰিকল্পনা।
বাবৰি মছজিদ ধ্বংসৰ প্ৰতিশোধৰ বাবে ধাৰাবাহিক বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল।
প্রথম পর্যায়ত জইছ-ঈ-মহম্মদ, আনছাৰ গজবাট উল হিন্দৰে এটা টীম গঠন কৰিছিল।
দ্বিতীয় পর্যায়ত বিস্ফোৰক সামগ্রী একত্ৰীকৰণ কৰা।
তৃতীয় পর্যায়ত IEDসমূহ প্ৰস্তুত কৰি সংস্থাপনৰ স্থান পৰীক্ষণ কৰা।
চতুর্থ পৰ্যায়ত কূটাঘাতকাৰীৰ হাতত বিস্ফোৰক সামগ্রী তুলি দিয়া।
পঞ্চম পর্যায়ত বিস্ফোৰণ ঘটোৱা।
NIAৰ তদন্তত উন্মোচিত হৈছে কূটাঘাতকাৰীয়ে দিল্লী ধ্বংল কৰাৰ পৰিকল্পনা।
পেহেলগামৰ ঘটনাৰ পিছতে আন এখ ডাঙৰ ঘটনাৰ সন্মুখীন ভাৰত।
Delhi Blast: ১৫জনক গ্ৰেপ্তাৰঃ দিল্লী ঘটনাক লৈ সামাজিক মাধ্যমত উল্লাস একাংশৰ
দিল্লীৰ ভয়াবহ বিস্ফোৰণৰ ঘটনাক লৈ একাংশই সামাজিক মাধ্যমত উল্লাসৰ সৃষ্টি কৰা পৰলক্ষিত।(Delhi Blast)
দিল্লী বিস্ফোৰণৰ ঘটনাক লৈ সামাজিক মাধ্যমত উল্লাস কৰি গ্ৰেপ্তাৰ হ’ল ১৫জন।
আনহাতে ৩৪জনক কৰা হৈছে চিনাক্ত।
এই কথা টুইট যোগে জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে দৰং-গোৱালপাৰা, চিৰাং, কামৰূপ আৰু বঙাইগাঁও, হাইলাকান্দিৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ১৫জন লোকক।
জিলাই জিলাই অব্যাহত এই অভিযান।
উত্তৰ গুৱাহাটী ভেটামুখ ডেম্পৰ পৰা বৃহৎ পৰিমাণৰ কাহ -পিতলৰ চুৰি সামগ্ৰী উদ্ধাৰ । North Guwahati
North Guwahati । উত্তৰ গুৱাহাটী ভেটামুখ ডেম্পৰ পৰা বৃহৎ পৰিমাণৰ কাহ -পিতলৰ চুৰি সামগ্ৰী উদ্ধাৰ । কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠক আৰু উত্তৰ গুৱাহাটী আৰক্ষী থানাৰ বিষয়া ৰাতুল কুমাৰ দাসৰ নেতৃত্বত আজি উত্তৰ গুৱাহাটী ভেটামুখ ( গৌৰীপুৰ) ৰ এটা ডেম্পত চলোৱা অতৰ্কিত অভিযানত বৃহৎ পৰিমাণৰ কাহ – পিতলৰ চুৰি সামগ্ৰী উদ্ধাৰ হয় ।
এই চুৰি সামগ্ৰী সমূহৰ ভিতৰত আছে শৰাই,ঘটি, টো,থালি,চাকি, টিলিঙাকে ধৰি বিভিন্ন ধৰণৰ সামগ্ৰী । সামগ্ৰী সমূহ উত্তৰ গুৱাহাটীৰ লগতে জিলা খনৰ বিভিন্ন স্থানৰ নামঘৰ, মন্দিৰ আৰু মানুহৰ ঘৰৰ পৰা চুৰি কৰি দেম্পটোত মজুত কৰি ৰখা হৈছিল । এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে এই বৃহৎ পৰিমাণৰ সামগ্ৰী খিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় । সামগ্ৰী খিনিৰ মূল্য কেইবা লাখ টকা হ’ব বুলি অনুমান কৰা হৈছে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে দুজন লোকক আটক কৰাৰ লগতে জোৰদাৰ তদন্ত আৰম্ভ কৰিছে । সন্দেহ কৰা মতে এই চুৰি কাৰ্যৰ লগত এটা বৃহৎ চক্ৰ জড়িত হৈ আছে ।
৭টা বিৰোধী দলৰ নেতৃবৃন্দৰে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ বৈঠক সম্পন্ন । ২০২৬ত বিজেপিক পৰাভূত কৰাৰ লক্ষ্য । Congress

Congress । ২০২৬ৰ বিধানসভা নিৰ্বাচনত বিজেপি দলৰ অপশাসনৰ ওৰ পেলাই হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰিত কৰিবলৈ কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃত্বই ৭টা বিৰোধী দলৰ নেতাসকলৰ সৈতে আজি এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। প্ৰায় ২ ঘণ্টাজোৰা বৈঠকৰ অন্তত নিখিল ভাৰত কংগ্ৰেছৰ অসমৰ দায়িত্বত থকা সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি সাংসদ গৌৰৱ গগৈয়ে এক সংবাদমেল সম্বোধন কৰে। সংবাদমেলত সভাপতি গৌৰৱ গগৈয়ে কয় যে কংগ্ৰেছ দলৰ আহ্বানক্ৰমে ৰাইজৰ দল, অসম জাতীয় পৰিষদ, আঞ্চলিক গণ মৰ্চা, চিপিএম, চিপিআই, চিপিআইএমএল আৰু এপিএইছএলচিৰ সভাপতি আৰু ৰাজ্যিক সম্পাদকসকলৰ লগত এলানি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বিজেপি দল আৰু চৰকাৰৰ অন্যায়-অত্যাচাৰৰ লগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি-অপশাসনৰ পৰা অসমবাসীক মুক্ত কৰিবলৈ বিজেপি বিৰোধী এখন চৰকাৰ গঠন কৰাৰ বাবে সকলোৱে ঐক্যমতত উপনীত হৈছে।
পৰৱৰ্তী সময়ত বিৰোধী দলসমূহৰ মাজত হোৱা আলোচনাৰ কথা অৱগত কৰা হ’ব বুলিও কয় গগৈয়ে। নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে কয় যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ অন্যায় আৰু অবিচাৰৰ বিৰুদ্ধে সকলো বিৰোধী দল একত্ৰিত হৈ অসমত এখন নতুন ৰাইজৰ চৰকাৰ গঠন কৰা হ’ব। আনহাতে, বিধায়ক মনোৰঞ্জন তালুকদাৰ, বিধায়ক অখিল গগৈ, সাংসদ অজিত কুমাৰ ভূঞা, অসম জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আজি গোট খোৱা আটাইকেইটা দলে একত্ৰিতভাৱে ২০২৬ৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা ঘোষণা কৰে। উল্লেখ্য যে, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ সঞ্চালনাত অসম বিধানসভাৰ কংগ্ৰেছ বিধায়িনী দলৰ সভাকক্ষত অনুষ্ঠিত বৈঠকখনত নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্ৱাৱধায়ক জিতেন্দ্ৰ সিং, সম্পাদক পৃথ্বিৰাজ সাথে, মনোজ চৌহান উপস্থিত থাকে। বৈঠকখনত অংশগ্ৰহণ কৰা বিৰোধী দলৰ নেতাসকল হৈছে সাংসদ অজিত কুমাৰ ভূঞা, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, চিপিএম দলৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ, চিপিআই দলৰ ৰাজ্যিক সম্পাদক কনক গগৈ, চিপিআইএম দলৰ ৰাজ্যিক সম্পাদক বিবেক দাস আৰু এপিএইছএলচি দলৰ বিক্ৰম হাঞ্চে। বৈঠকত অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, আৰু ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনেও অংশগ্ৰহণ কৰে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে আজি ৰাজীৱ ভৱনত দিনৰ প্ৰায় ১১ বজাত প্ৰদেশ কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ পৰিচালনাত অনুষ্ঠিত এই বৈঠকখনত একাধিক সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে এক সংবাদমেল অনুষ্ঠিত কৰি কেবাটাও সিদ্ধান্তৰ কথা সদৰী কৰে। গগৈয়ে সদৰী কৰা মতে আজিৰ বৈঠকত ৰাইজৰ সুখ-দুখৰ বুজ ল’বলৈ বুলি ‘ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ’ শীৰ্ষক এক অভিযান আৰম্ভ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ”অসমৰ চুকে-কোণে, গাঁৱে-ভূঞে গৈ কংগ্ৰেছে মানুহৰ সৈতে আলোচনা কৰিব। লগতে কংগ্ৰেছৰ শীৰ্ষৰ নেতাসকলে বাগানেই হওক বা চৰাঞ্চলেই হওক বা পাহাৰীয়া অঞ্চলেই হওক বা জনজাতি প্ৰধান অঞ্চলেই নহওক কিয় সকলো ঠাইলৈ গৈ সেই ঠাইসমূহৰ সাধাৰণ পৰিয়ালৰ ঘৰত নিশা কটাব।’’- গগৈয়ে কয়। তেওঁ আৰু কয় যে অসমৰ প্ৰতিটো অঞ্চলতে বিশেষ সভা অনুষ্ঠিত কৰা হ’ব। এই সভা কেৱল দলীয় সভা নহ’ব, তালৈ উদাৰমনৰ সমাজ সচেতক লোকসকলকো আমন্ত্ৰণ জনোৱা হ’ব বুলিও প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে। গগৈয়ে কয়, ”তেওঁলোকৰ পৰা আমি জানিব বিচাৰো যে অৰ্থনৈতিক ক্ষেত্ৰত, সাংস্কৃতিক ক্ষেত্ৰত কেনেধৰণৰ কাম কৰা দৰকাৰ? আমাৰ এই সভাসমূহক ৰাইজৰ বাবে এখন মঞ্চ কৰি তোলা হ’ব। সেই মঞ্চত স্থানীয় বুদ্ধিজীৱী, স্থানীয় সাহিত্যিক, স্থানীয় অৰ্থনীতিবিদসকলক আমন্ত্ৰণ জনাই তেওঁলোকৰ মনৰ কথা আমি শুনিম।’’ অসমত ভোট চুৰি ৰোধ কৰিবলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰা সম্পৰ্কে আজিৰ বৈঠকত আলোচনা হোৱা বুলিও জানিবলৈ দিয়ে গগৈয়ে। তেওঁ কয় যে অসমত প্ৰায় ২৯ হাজাৰ বুথত ৮০-৯০ শতাংশ বিএলএ নিযুক্তি দিয়া হৈছে। এতিয়া বুথ কমিটি গঠন কৰিবলৈ আৰম্ভ কৰা হৈছে বুলিও কয় গগৈয়ে। ”কামবোৰ খুব সুন্দৰকৈ চলি আছে। এই মাহৰ শেষৰ ফালে গোটেইখিনি বিএলএ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ আমি সংকল্প গ্ৰহণ কৰিছো।’’- প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ মন্তব্য। অনহাতে, অহা ১৮ নৱেম্বৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিনৰ সৈতে সংগতি ৰাখি এক বিশেষ সংগীতানুষ্ঠানৰ আয়োজন কৰিবলৈকো সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। এই সন্দৰ্ভত গগৈয়ে সংবাদমেলত কয়, ”অহা ১৮ নৱেম্বৰ,২০২৫ তাৰিখ হৈছে আমাৰ সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱৰ ওপজা দিন। তেখেতৰ অবৰ্তমানত উদযাপিত হ’বলগীয়া প্ৰথমটো ওপজা দিনত প্ৰাণৰ শিল্পীগৰাকীক কথা, সুৰ আৰু গীতৰ মাধ্যমেৰে স্মৰণ কৰিবৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে গুৱাহাটীত কেন্দ্ৰীয়ভাৱে “কাঞ্চনজংঘা – সংস্কৃতি হওক মৈত্ৰেয়ীৰ মন্ত্ৰ” শীৰ্ষক এক বিশেষ সংগীতানুষ্ঠানৰ আয়োজন কৰিছে। প্ৰকৃতিৰ প্ৰতি থকা জুবিন গাৰ্গদেৱৰ নিভাঁজ প্ৰেম,বিশেষকৈ নাহৰ গছৰ প্ৰতি থকা তেখেতৰ বিশেষ টানৰ প্ৰতি সন্মান জনাই সেইদিনা অসমৰ প্ৰতিটো বুথতে নাহৰ পুলি ৰোপণৰ এক কাৰ্যসূচীও গ্ৰহণ কৰা হৈছে।’’ বৈঠকত গ্ৰহণ কৰা বাকী সিদ্ধান্তসমূহৰ বিষয়ে পৰৱৰ্তী সময়ত সদৰী কৰা হ’ব বুলি কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।
বিধায়ক পৰমাৰ সাংগঠনিক অপৰিপক্কতা আৰু অকৰ্মণ্যতাৰ সুযোগ লৈ ছিপাঝাৰত কংগ্ৰছেৰ ভেটি মজবুত কৰিছে বিনন্দই । Paramananda Rajbanshi

Paramananda Rajbanshi । ২০২৬ ৰ বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ক্ৰমান্বয়ে গণ বিচ্ছিন্ন হব ধৰিছে অকৰ্মণ্য বিধায়ক হিচাপে ছিপাঝাৰত পৰিচিত হোৱা পৰমানন্দ ৰাজবংশী। ৰাজনৈতিক সংগঠনৰ অভিজ্ঞতা নথকা সাহিত্য সভাৰ মজিয়াত গতা খোৱা পৰমাই বিজেপিৰ সাংগঠনিক দিশটো নিয়ন্ত্ৰণত ৰাখিব নোৱাৰাটো ছিপাঝাৰ সমষ্টিৰ বিজেপি কাৰ্যকৰ্তাৰ বাবে চিন্তনীয় বিষয় হৈ পৰা পৰিলক্ষিত হৈছে। কথা আৰু কামৰ মাজত মিল নথকা তথা সস্তীয়া কথাৰে আভুৱাভৰা নীতিৰ আশ্ৰয় লোৱা বাবে ইতিমধ্যে সমষ্টিৰ জনসাধাৰণৰ মাজত এলাগী হৈ পৰিছে বিধায়ক ৰাজবংশী। একত্ৰিত হিন্দু সমাজৰ কথা কোৱা বিধায়ক গৰাকীয়ে সমষ্টিটোৰ কাম কাজত সততে এক বিশেষ সম্প্ৰদায়ৰ ব্যক্তিক প্ৰাধান্য দিয়াৰ ফলত নিষ্ঠাবান দলীয় কৰ্মীৰ লগতে সচেতন ৰাইজৰ মাজত বিৰূপ প্ৰভাৱ পৰিছে। তাৰ সমান্তৰালভাৱে কেইজনমান মুষ্টিমেয় পালিনেতাৰ আবেষ্টনীৰ মাজত থাকি দলীয় কৰ্মীক উপযুক্ত মৰ্য্যদা নিদিয়াৰ ফলত দলৰ কৰ্মী সকল ক্ষোভত ফাটি পৰা পৰিলক্ষিত হৈছে। নিৰ্বাচন চমু চাপি অহাৰ লগে লগে বিভিন্ন পৰ্যায়ৰ দলীয় কৰ্মী সকলে সামাজিক মাধ্যম যোগেও বিধায়ক গৰাকীৰ বিৰুদ্ধে ক্ষোভ আৰু অসন্তষ্টি প্ৰকাশ কৰি অহা কাৰ্যই বিজেপি শিবিৰক চিন্তাত পেলাইছে। তাৰ পিছতো স্বাৰ্থপৰ অহংকাৰী বিধায়ক গৰাকীয়ে কৰ্মীৰ কথাক গুৰুত্ব নিদি স্বয়ং মুখ্যমন্ত্ৰীয়ে তিনিটা কাৰ্যকাল বিধায়ক কৰাৰ প্ৰতিশ্ৰতি দিয়াৰ কথা কৈ ওভতগোৰে নাচি থকা দেখা গৈছে। ইফালে বিধায়কৰ এগৰাকী বদ মেজাজী শিষ্টাচাৰ নজনা ব্যক্তিগত সহায়কৰ কৰ্ম কাণ্ডতো ছিপাঝাৰৰ দলীয় কাৰ্যকৰ্তাৰ লগতে সাধাৰণ ৰাইজৰ চকু কপালত উঠিছে। বিধায়ক গৰাকীৰ সাংগঠনিক ক্ষেত্ৰৰ ওপৰত তৰল আৰু উদাসীন কৰ্ম কাণ্ডৰ বাবে দলীয় নিষ্ঠাবান কৰ্মী সকল আগন্তুক নিৰ্বাচনক লৈ একপ্ৰকাৰ সন্দিহান হোৱাৰ লগতে বহুতে ক্ষোভ অসন্তুষ্টিত দিন পাৰ কৰিছে আৰু আন একাংশ কৰ্মীয়ে বিজেপি বিধায়ক হৈ থকা সময়ত কৰ্মী সকলৰ সৈতে উঠা সু সম্পৰ্ক গঢ়ি তোলা বৰ্তমানৰ কংগ্ৰেছ নেতা বিনন্দৰ লগতো এক সম্পৰ্ক ৰক্ষা কৰি আছে। ইফালে সমষ্টিৰ জনসাধাৰণৰ লগত সদায় এক সৌহাদ্যপূৰ্ণ সম্পৰ্ক বজাই ৰখা প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াই সন্তপৰ্ণে বিধায়ক পৰমাৰ সাংগঠনিক দুৰ্বলতাৰ সুযোগ লৈ সমষ্টিৰ সক্ৰিয় ৰাজনৈতিক কৰ্মী সকলৰ লগতে নেতৃস্থানীয় সচেতন ব্যক্তি সকলৰ মাজত আস্থাভাজন হবলৈ সক্ষম হোৱাটো বিজেপিৰ বাবে এক ডাঙৰ প্ৰত্যাহবানৰ সৃষ্টি কৰিছে। ইতিমধ্যে সমষ্টিটোত জাতিগত ৰাজনীতিৰ বীজ ৰোপণ কৰি বিষবাস্প বিয়পোৱা বিধায়ক পৰমাৰ ওপৰত ক্ষুন্ন হৈ পৰা সাধাৰণ ভোটাৰ ৰাইজে সংগোপনে কংগ্ৰেছ নেতা বিনন্দ শইকীয়াক দলীয় ৰাজনীতিৰ উৰ্ধত গৈ আকোৱালি লোৱা বিষয়টোৱে আগন্তুক বিধানসভা নিৰ্বাচনত বিধায়ক পৰমাৰ লগতে বিজেপি দলক সলঠেকত পেলোৱাটো নিশ্চিত হৈ পৰিছে। বিধায়ক পৰমানন্দ ৰাজবংশীয়ে সমষ্টিত ৰাইজে বিচৰা ধৰণে বা ৰাইজক কথা আৰু কামেৰে আসস্ত আৰু সন্তুষ্ট কৰিব নোৱাৰা আৰু অত্যন্ত তৰল কথাৰ পৰিণতিত আচলতে প্ৰাক্তন বিধায়ক গৰাকীৰ আদৰ সমষ্টিত বৃদ্ধি হোৱা বুলি বিভিন্ন মহলে একেমুখে স্বীকাৰ কৰিছে। কংগ্ৰেছ নেতা হোৱাৰ পিছতো খিলঞ্জীয়া অধ্যুষিত সমষ্টিটোত প্ৰাক্তন বিধায়ক গৰাকীয়ে সামাজিক মাধ্যমত নিজৰ প্ৰচাৰ ব্যাপক হাৰত নচলাই দিন ৰাতি একাকাৰ কৰি প্ৰতি গৰাকী সচেতন ব্যক্তি তথা ৰাইজক ব্যক্তিগত ভাবে সাক্ষাৎ কৰি নিজৰ সমৰ্থন আদায় কৰাত ব্যস্ত হৈ পৰাত বিজেপিৰ নিষ্ঠাবান কৰ্মী সকলৰ মাজত দু:চিন্তা বাঢ়িব ধৰিছে। কিয়নো বিধায়ক পৰমাৰ সমান্তৰালভাৱে ছিপাঝাৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী কংগ্ৰেছৰ পৰা আহি গেৰুৱাবসন পিন্ধা সুবিধাবাদী নেতা কুলদীপ বৰুৱা, বিজেপি কিষাণ মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি নিপন নাথ, যোৱা বিধানসভা নিৰ্বাচনত বিধায়ক পৰমাৰ সহায়ক হিচাপে আত্মপ্ৰকাশ কৰি বৰ্তমান বিজেপি নেতা হোৱা ৰাণা বশিষ্ঠ, নিজকে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বুলি প্ৰতিটো নিৰ্বাচনৰ সময়ত ভূমুকি মৰা দলীয় সংগঠনৰ লগত কোনো সম্পৰ্ক নথকা বৰ্তমানৰ গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰী বনমালী শৰ্মাই সমষ্টিটোত নিজকে ভাবী প্ৰাৰ্থী বুলি প্ৰচাৰ চলায় আছে। লক্ষণীয় বিষয়টি হ’ল যে কংগ্ৰেছ নেতা বিনন্দ শইকীয়াক প্ৰত্যাহ্বান জনাব পৰাকৈ ৰাইজে শক্তিশালী বা সমকক্ষ বিজেপি নেতাৰ আত্মপ্ৰকাশ নোহোৱাৰ বাবে সমষ্টিৰ ভোটাৰ ৰাইজ বিজেপিৰ সম্ভাৱ্য প্ৰাৰ্থীক লৈ আসস্ত হব পৰা নাই। আনহাতে ২০১৬ চনৰ পৰা দলীয় কৰ্মীৰ লগত কোনো সম্পৰ্ক নথকা কেবল সুবিধাবাদী নেতাই বিজেপি বিধায়কৰ আসন দখল কৰাৰ পিছত দলীয় কৰ্মী সকল বঞ্চিত আৰু অবহেলিত হৈ অহাৰ লেখিয়াকৈ পুনৰ সুবিধাবাদী নেতাই ২৬ ৰ নিৰ্বাচনী টিকট পোৱাৰ সম্ভাৱনাই কৰ্মী সকলক অধিক সন্দিহান কৰি তুলিছে। কিয়নো ২০২১ চনত অগপৰ পৰা একেৰাতিয়ে বিজেপি নেতা হৈ দলীয় টিকট লাভ কৰি বিধায়ক হোৱা পৰমানন্দ ৰাজবংশীক দলীয় কৰ্মী সকলে অত্যন্ত মৰম আৰু বিস্বাসেৰে আদৰি লোৱাৰ পিছতো বিজেপি কৰ্মী সকলক বিশ্বাসত নলৈ নিৰ্বাচনৰ সময়ত দলীয় কাম কাজত দেখা নোপোৱা একাংশ সুবিধাবাদীক বিধায়ক গৰাকীয়ে সকলো ক্ষেত্ৰতে আগস্থান দিয়া কাৰ্যত নিষ্ঠাবান কৰ্মী সকল হতাশ হৈ পৰিছে। বৰ্তমানৰ বিজেপি প্ৰাৰ্থীত্ব প্ৰত্যাশীসকলৰো দলৰ লগতে কৰ্মী সকলৰ লগত এক গাঢ় সম্পৰ্ক নথকাৰ বাবে অনাগত দিনত ওপৰোক্ত নেতা সকলৰ পৰাও অনুৰূপ ধৰণৰ ফল ভূগিব লাগিব বুলি বিজেপি কৰ্মী সকল শংকিত হৈ পৰিছে।
আনহাতে প্ৰাক্তন মন্ত্ৰী অগপ নেতা জয়নাথ শৰ্মাই আজি এক বছৰ আগৰ পৰাই সমষ্টিত সক্ৰিয় হৈ অগপৰ সংগঠন পুনৰ গঠন কৰি ২০২৬ ত আসন খন মিত্ৰতাৰ ধৰ্মৰ দোহাই দি অগপক এৰি দিব লাগে বুলি সজোৰে দাবী উত্থাপন কৰি অহাই বিষয়টিয়ে বিধায়ক পৰমাৰ দু:চিন্তা বঢ়াইছে। বিভিন্ন সময়ত প্ৰাক্তন মন্ত্ৰী গৰাকীক সংবাদ মাধ্যমৰ জৰিয়তে বিধায়ক পৰমাই একপ্ৰকাৰৰ অপমান আৰি ইতিকিং কৰি অহাৰ বাবেও শৰ্মাই দুগুণ শক্তি প্ৰদৰ্শন কৰি বিধায়ক গৰাকীৰ সন্মুখত টিকট কেন্দিক বিষয়ত বাধাৰ প্ৰাচীৰ হিচাপে ঠিয় দিছে। কিন্তু দীৰ্ঘদিনীয়া বিৰতিৰ পিছত এসময়ৰ প্ৰতাপী নেতা জয়নাথ শৰ্মাই ছিপাঝাৰত নিৰ্বাচনী ৰাজনীতিত কুচ কাৱাজ চলালেও সমষ্টিৰ নতুন ভোটাৰৰ মাজত একেবাৰে আদৰ নোহোৱা বিষয়টিয়ে টিকটৰ যুয খনত আউল লগাব বুলি ধাৰণা কৰা হৈছে।
বিভিন্ন দিশৰ পৰা ছিপাঝাৰ সমষ্টিৰ বৰ্তমানৰ ৰাজনৈতিক ছবিখনত কংগ্ৰেছ সংগোপনে যথেষ্ট শক্তিশালী ৰূপত আগবাঢ়ি থকা দেখা গৈছে এই প্ৰক্ৰিয়াত শেহতীয়া জুবিন গাৰ্গৰ ঘটনাৱলীয়ে যথেষ্ট পৰিমাণে সাৰ পানী যোগোইছে। সমাগত বিধানসভা নিৰ্বাচনত বিৰোধী শিবিৰক শাসকীয় বিজেপিয়ে কিদৰে ভেটিব সেইটো ছিপাঝাৰ সমষ্টিৰ ৰাইজৰ মাজত এক অন্যতম চৰ্চাৰ বিষয় হৈ পৰিছে।
ঘৰতে অজ্ঞান হৈ ঢলি পৰিল ‘ৰাজা বাবু’; চিকিৎসকৰ নিৰীক্ষণত অভিনেতা গোবিন্দা । Govinda
Govinda । ঘৰতে অজ্ঞান হৈ ঢলি পৰিল ‘ৰাজা বাবু’; চিকিৎসকৰ নিৰীক্ষণত অভিনেতা গোবিন্দা
বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দা (৬১) আজি পুৱা নিজা বাসগৃহতেই আচমকা অজ্ঞান হৈ পৰে। পৰিস্থিতি গম্ভীৰ হৈ পৰাত তেওঁক ততাতৈয়াকৈ মুম্বাইৰ জুহুৰ ক্ৰিটিকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। বৰ্তমান অভিনেতাগৰাকীৰ স্বাস্থ্য অৱস্থা চিকিৎসকৰ পৰ্যবেক্ষণত আছে।
গোবিন্দাৰ বন্ধু তথা আইনী উপদেষ্টা ললিত বিন্দলে এই খবৰ নিশ্চিত কৰি কয়, “গোবিন্দাজন প্ৰথমে চিকিৎসকৰ পৰামৰ্শত ঘৰতে ঔষধ গ্ৰহণ কৰিছিল, কিন্তু অৱস্থা স্থিৰ নোহোৱাত প্ৰায় ১ বজাত তেওঁক জৰুৰীকালীনভাৱে চিকিৎসালয়লৈ লৈ যোৱা হয়।”
তেওঁ আৰু কয়, “নিজা ঘৰত অচেতন হৈ পৰাৰ পাছতে পৰিয়ালৰ সদস্যসকলে অভিনেতাগৰাকীক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায়। বৰ্তমান তেওঁ চিকিৎসকৰ তত্ত্বাবধানত স্থিৰ অৱস্থাত আছে।”
লক্ষ্যণীয় যে কেবল এদিন আগতে গোবিন্দাই ব্ৰীচ কেণ্ডি হাস্পতাললৈ গৈ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰক সাক্ষাৎ কৰিছিল। তাৰ পিছতেই তেওঁৰ অসুস্থতাৰ খবৰ আগবঢ়ে। সামাজিক মাধ্যমত ইতিমধ্যে প্ৰচাৰ পোৱা এখন ভিডিঅ’ত ‘ৰাজা বাবু’ অভিনেতাগৰাকীক ম্লান মুখে চিকিৎসালয়ৰ পৰা ওলাই আহি থকা দেখা গৈছে।
ইয়াৰ আগতে এই বছৰেই দ্বিতীয়বাৰৰ বাবে চিকিৎসালয়ত ভৰ্তি হ’ল গোবিন্দা। বিগত বছৰৰ অক্টোবৰ মাহত, ভুলবশতঃ বন্দুকৰ গুলীত ভৰি এখনত আঘাত পাই তেওঁ একেখন হাস্পতালতে ভৰ্তি হৈছিল। তেতিয়া আই চি ইউত অস্ত্ৰোপচাৰ কৰি সফলভাৱে গুলীটো আঁতৰাই দিয়া হৈছিল।
সেই সময়ত অভিনেতাগৰাকীয়ে সংবাদ মাধ্যমৰ সৈতে কথা পাতি কৈছিল,
“মই কলকাতালৈ এটা শ্ব’লৈ যাবলৈ সাজু হৈছিলো। ৰাতিপুৱা প্ৰায় ৫ বাজিছিল, বন্দুকটো পৰি যায় আৰু গুলী লাগে। তললৈ চাওঁতেই তেজ দেখা পালোঁ। তাৰ পিছত ভিডিঅ’ বনাই ডাক্তৰৰ সৈতে কথা পাতি ভৰ্তি হ’লোঁ।”
বৰ্তমান চিকিৎসালয়ৰ সূত্ৰই জানাইছে যে অভিনেতাজনৰ অৱস্থা স্থিৰ, যদিও পৰিপূৰ্ণ সুস্থতা আহিবলৈ কিছুমান দিন সময় লাগিব। গোবিন্দাৰ অনুৰাগীসকলে তেওঁৰ দ্ৰুত আৰোগ্য কামনা কৰি সামাজিক মাধ্যমত শুভকামনা জনাইছে।









