Home Blog Page 162

New GST:  GSTক লৈ কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত, বহু সামগ্ৰীৰ দাম কমিছে!

GSTক লৈ কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
GSTক লৈ কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

GSTক লৈ কেন্দ্ৰীয় (New GST) চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। GST পৰিষদৰ ৫৬ সংখ্যক বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। এতিয়াৰ পৰা স্বাস্থ্য আৰু জীৱন বীমাত নাথাকিব কোনো GST, বিলাসী সামগ্ৰীক ৪০%ৰ GST শ্লেবত অন্তৰ্ভুক্ত, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা।২২ ছেপ্টেম্বৰৰ পৰা দেশত কাৰ্যকৰী হ’ব GSTৰ এই নতুন নিৰিখ। কি কি সামগ্ৰীত দাম কমিব-

টুথপেষ্টৰ ক্ষেত্ৰত GSTৰ হাৰ ১৮%ৰ পৰা ১২%লৈ হ্রাস পোৱাৰ সম্ভাৱনা

চাবোন, চেম্পু, তেলৰ ক্ষেত্ৰত GSTৰ হাৰ ১৮%ৰ পৰা ৫%লৈ হ্ৰাসৰ সম্ভাৱনা

হোটেল আৰু চিনেমা টিকটৰ ক্ষেত্ৰত কৰ হ্রাস পাব ১২%ৰ পৰা ৫%লৈ

বিভিন্ন বস্ত্র সামগ্ৰীৰ ক্ষেত্ৰত GST ৫%ৰ পৰা ১২%লৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা

ছ’লাৰ কুকাৰৰ ক্ষেত্ৰত GST হ্রাস পাব ১২%ৰ পৰা ৫% লৈ

কৃষি আৰু সাৰৰ ক্ষেত্ৰতো হ্রাস পাব GSTৰ হাৰ

৩৩বিধ ঔষধৰ GST ১২%ৰ পৰা শূন্যলৈ হ্ৰাস

চিমেণ্টৰ ওপৰত কৰ ২৮%ৰ পৰা ১৮%লৈ হ্ৰাস কৰা হৈছে

আনহাতে GST শূন্য হৈছে পাউদাৰ গাখীৰ, পিজ্জাত

গুটখা, পান মচলা, চিগাৰেটত প্ৰযোজ্য হ’ব ৪০ শতাংশ GST

১০০-১৫০ CC বাইকত ২০ হাজাৰ টকালৈ হ্ৰাস পোৱাৰ সম্ভাৱনা

হ্ৰাস পাব মবাইলৰ ফোনৰ দাম

Black Tea: চেনি নিদিয়াকৈ খাব চাহ, বহু ৰোগৰ পৰা পাব সকাহ; গৱেষণাত প্ৰকাশ পাইছে এই তথ্য!

Black Tea: চেনি নিদিয়াকৈ খাব চাহ, বহু ৰোগৰ পৰা পাব সকাহ
Black Tea: চেনি নিদিয়াকৈ খাব চাহ, বহু ৰোগৰ পৰা পাব সকাহ

বেছিভাগ ভাৰতীয় (Black Tea) মানুহেই দিনটোত বহুত কেই কাপ চাহ খাই। চেনিযুক্ত চাহ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি গণ্য কৰা হয় কিন্তু আপুনি জানেনে যে চেনিবিহীন চাহ খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী হ’ব পাৰে।

শেহতীয়াকৈ এক গৱেষণাৰ পৰা দেখা গৈছে যে চাহ, বিশেষকৈ গ্ৰীণ টি আৰু ক’লা চাহে কেন্সাৰৰ দৰে গুৰুতৰ ৰোগৰ সম্ভাৱনা হ্ৰাস কৰাই নহয়, হৃদযন্ত্ৰ, ডায়েবেটিছ, বাতবিষ আৰু মগজুৰ লগত জড়িত ৰোগতো উপকৃত হ’ব পাৰে।

চাহ শৰীৰৰ বাবে উপকাৰী-

আমেৰিকান নেচনেল লাইব্ৰেৰী অৱ মেডিচিনৰ তথ্য অনুসৰি চাহপাতত বিশেষকৈ ইজিচিডি নামৰ মৌল এটাত পোৱা পলিফিনলে শৰীৰৰ প্ৰদাহ কমায়, কোষবোৰ ভাঙি যোৱাত বাধা দিয়ে আৰু বিপজ্জনক উপাদানৰ বিৰুদ্ধে যুঁজ দিয়ে।

ক’লা চাহ খোৱাৰ উপকাৰিতা-
গৱেষণাৰ দাবী যে দৈনিক ৩ৰ পৰা ৫ কাপ গ্ৰীণ টি বা ক’লা চাহ খোৱা লোকৰ কৰ্কট ৰোগৰ সম্ভাৱনা কম। ছালৰ কৰ্কট ৰোগ, প্ৰষ্টেট কেন্সাৰ, হাওঁফাওঁৰ কৰ্কট ৰোগ আনকি স্তন কেন্সাৰতো চাহ ফলপ্ৰসূ বুলি প্ৰমাণিত হৈছে। কিন্তু, অতি গৰম চাহ খালে উপকাৰতকৈ ক্ষতি বেছি হয়। কেৱল কেন্সাৰেই নহয়, চাহ হৃদৰোগতো উপকাৰী। গ্ৰীণ টিয়ে শৰীৰৰ বেয়া কলেষ্টেৰল হ্ৰাস কৰে, চৰ্বি ফ্লাছ আউট কৰাত সহায় কৰে, হৃদযন্ত্ৰৰ নলী পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে। ডায়েবেটিছ ৰোগীৰ বাবেও গ্ৰীণ টি ভাল বিকল্প হ’ব পাৰে, কিয়নো ই ব্লাড চুগাৰ নিয়ন্ত্ৰণত সহায় কৰে।

চেনিৰ সৈতে চাহ খোৱাটো ক্ষতিকাৰক-

খালী পেটত বা অতিৰিক্ত চেনিৰ সৈতে বেছিকৈ চাহ খোৱাতো শৰীৰৰ ক্ষতি হ’ব পাৰে। যদি সঠিকভাৱে, ভাৰসাম্য ৰক্ষা কৰি খোৱা হয়, তেন্তে চাহে কেৱল দিনটো আৰম্ভ কৰাই নহয়, আপোনাৰ জীৱনটোও ভাল কৰি তুলিব পাৰে।

Punakonor Hopun: প্ৰকাশৰ পথত পাৰিপাৰ্শ্বিক শিশু-গল্প সংকলন পোনাকণৰ সপোনঃ শিশু মনত পৰিৱেশ সচেতনতা জগাই তুলিবলৈ এখন অনন্য গ্ৰন্থ

প্ৰকাশৰ পথত পাৰিপাৰ্শ্বিক শিশু-গল্প সংকলন পোনাকণৰ সপোনঃ
প্ৰকাশৰ পথত পাৰিপাৰ্শ্বিক শিশু-গল্প সংকলন পোনাকণৰ সপোনঃ

পাঞ্চজন্য বুকছে (Punakonor Hopun) গ্ৰন্থমেলাৰ বতৰতে মানস প্ৰতিম দত্তৰ এখন মনোমোহা পাৰিপাৰ্শ্বিক গল্প সংকলন ‘পোনাকণৰ সপোন’ প্ৰকাশৰ যো-জা চলাইছে। শিশু আৰু চেমনীয়াসকলক আকৰ্ষণ কৰিবৰ পৰা মনোৰম গল্পৰে সজোৱা গ্ৰন্থখনৰ আকৰ্ষণীয় কাহিনী আৰু জীপাল ছবিয়ে যুৱ মনত সেউজীয়া ভৱিষ্যত গঢ়ি তোলাৰ দায়িত্বশীল ভূমিকা গ্ৰহণ কৰিবলৈ প্ৰেৰণা যোগাব।


ধেমাজি জিলাৰ এগৰাকী অন্যতম যুৱ লেখক তথা পৰিৱেশ সংৰক্ষণৰ প্ৰতি নিষ্ঠাবান সমৰ্থক মানস প্ৰতিম দত্তই তেওঁৰ শিশু গ্ৰন্থখনত নিজৰ দৃষ্টিভংগী জীৱন্ত কৰি তুলিবলৈ যত্ন কৰিছে। অসমৰ বিভিন্ন স্থানত সম্প্ৰদায়-চালিত পৰিৱেশ সংৰক্ষণৰ লগতে সক্ৰিয়ভাৱে পৰিৱেশ সুৰক্ষা, জলবায়ু সুৰক্ষা আৰু বহনক্ষম জীৱনশৈলীৰ প্ৰচাৰ আৰু প্ৰসাৰত জড়িত হৈ আছে। এজন লেখক, কবি, অনুবাদক হিচাপে সুপৰিচিত মানসৰ ইতিপূৰ্বে প্ৰকাশিত পৰিৱেশ বিষয়ক গ্ৰন্থ সংকট-সম্ভাৱনাৰ আলিবাটেৰে মানুহ আৰু প্ৰকৃতি, কোলাহল আৰু নীৰৱতাৰ সিপাৰে, সেউজীয়া দিনৰ নৈসৰ্গিক খোজ, চিনাকি প্ৰকৃতিৰ অচিনাকি সাধু, প্ৰকৃতিৰ জমাদাৰ, নেশ্যনেল বুক ট্ৰাষ্টৰ দ্বাৰা প্ৰকাশিত অনুবাদ গ্ৰন্থ কেনেকৈ এইবোৰৰ বিকাশ ঘটে, পৰ্বতত এভুমুকি, হাড় গৈ শিল হ’ল, যেতিয়া ক্রীড়াসুলভ মানসিকতাই দৌৰত জয়লাভ কৰে আৰু কবিতা সংকলন মাৰ বাবে লিখিব নোৱৰা কবিতাবোৰৰ কবিতা, কুৱঁলীৰ আখৰ এথুপি, তেজত গজা দুপৰীয়াটো, তুমি ৰ’দ হোৱা মই বৰষুণ হ’ম, এই সময় আমাৰ আৰু তোমাক ভালপাওঁ বাবেই শীৰ্ষক গ্ৰন্থকেইখনে ইতিমধ্যে পাঠক ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছ।


হাতে-কামে পৰিৱেশ সুৰক্ষাৰ বাবে নিঃস্বাৰ্থভাৱে কাম কৰি মানসৰ কাহিনী ইতিমধ্যে দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছ কাকততো প্ৰকাশ পাইছে। শিশুসকল স্বাভাৱিকতে কাহিনীৰ প্ৰতি আকৰ্ষিত হয়, আৰু তেওঁলোকৰ হাতত আছে বহনক্ষম পৃথিৱী গঢ়ি তোলাৰ মূল চাবিকাঠি। ‘পোনাকণৰ সপোন’ৰ জৰিয়তে লেখকে পৰিৱেশ সুৰক্ষাক সৰল তথা আকৰ্ষণীয়ভাৱে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ। প্ৰতিটো কাহিনীৰ সৈতে আকৰ্ষণীয়কৈ বিভিন্ন ছবি সংযোজন কৰা হৈছে। শিশুসকলক গল্পৰ জৰিতে প্ৰকৃতিৰ সৈতে একাত্ম মনোভাৱ স্থাপন কৰাৰ লগতে সংৰক্ষণৰ গুৰুত্ব বুজাত গ্ৰন্থখনে সহায় কৰিব বুলি লেখক দত্তই জনাইছে।


পাঞ্চজন্য বুকছৰ দ্বাৰা প্ৰকাশ পাবলগীয়া এই গ্ৰন্থখনৰ কল্পনাপ্ৰসূত কাহিনীৰ সৈতে পৰিৱেশ সুৰক্ষাৰ বাৰ্তাক যুৱ পাঠক আৰু শিক্ষকসকলৰ মাজলৈ সুপৰিকল্পিতভাৱে লৈ যাব বুলি আশা কৰিব পাৰি। সম্ভ্ৰান্ত প্ৰকাশনগোষ্ঠী পাঞ্চজন্য বুকছে প্ৰকাশ কৰিবলগীয়া গ্ৰন্থখনে অভিভাৱক, শিক্ষক আৰু যুৱ পাঠকসকলৰ মাজত পৰিৱেশ বিষয়ক অৰ্থপূৰ্ণ আলোচনাৰ সূচনা কৰিব।

GMCHৰ নৱজাতকৰ মৃত্যুৰ ঘটনাত নিলম্বন হ’ল চিকিৎসক, নাৰ্ছসহ কেইবাজনো

GMCHৰ নৱজাতকৰ মৃত্যুৰ ঘটনাত নিলম্বন হ'ল চিকিৎসক নাৰ্ছসহ কেইবাজনো
GMCHৰ নৱজাতকৰ মৃত্যুৰ ঘটনাত নিলম্বন হ'ল চিকিৎসক নাৰ্ছসহ কেইবাজনো

অৱশেষত GMCHৰ নৱজাতকৰ মৃত্যুৰ ঘটনাত নিলম্বন হ’ল চিকিৎসক নাৰ্ছসহ কেইবাজনো। GMCHত নৱজাতকৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত দুই চিকিৎসকক বহিষ্কাৰ কৰা হৈছে। ডাঃ ঋষিকেশ ঠাকুৰীয়া আৰু ডাঃ পূজাক ছমাহৰ বাবে বহিষ্কাৰ কৰা হৈছে। দুই চিকিৎসকে তদন্ত কমিটীক বিপথে পৰিচালিত কৰাৰ লগতে হেৰফেৰ কৰিছিল চিকিৎসালয়ৰ তথ্য।

GMCHৰ নৱজাতকৰ মৃত্যুৰ তদন্তৰ পাছত ব্যৱস্থা গ্রহণ কৰা হৈছিল। তিনিজনীয়া তদন্ত কমিটীৰ অন্তত ডাঃ অনুপমা ডেকা, ডাঃ দীপাংকৰ হাজৰিকাক নিলম্বন। ডাঃ ঋষিকেশ ঠাকুৰীয়া আৰু ডাঃ পূজাক ছমাহৰ বাবে বহিষ্কাৰ। দুই চিকিৎসকে বিপথে পৰিচালিত কৰিছিল তদন্ত কমিটীক লগতে হেৰফেৰ কৰিছিল। চিকিৎসালয়ৰ তথ্যও ডাঃ ঋষিকেশ ঠাকুৰীয়া PG দ্বিতীয় বৰ্ষৰ শিক্ষার্থী ডাঃ পূজা PG প্ৰথম বৰ্ষৰ শিক্ষার্থী। চিকিৎসা মহাবিদ্যালয়খনৰ অনুশাসন ভংগৰ বাবে ২ চিকিৎসকক শাস্তি। ICU টেকনিচিয়ান ঈশানজ্যোতি তালুকদাৰক নিলম্বন কৰা হৈছে লগতে নাৰ্ছ ইনচার্জ গোমতী দেৱী, চন্দনা নাথক নিলম্বন কৰা হৈছে।

১৭ আগষ্টত সংঘটিত হৈছিল GMCHত নৱজাতকৰ মৃত্যুৰ সেই চাঞ্চল্যকৰ কাণ্ড।

India-China: ‘চীন আমাৰ শত্ৰু নহয়, অংশীদাৰহে’ ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ ইতিবাচক বাৰ্তা

‘চীন আমাৰ শত্ৰু নহয়, অংশীদাৰহে’
‘চীন আমাৰ শত্ৰু নহয়, অংশীদাৰহে’

শত্ৰু নহয়, অংশীদাৰ। (India-China) ভাৰত আৰু চীনৰ সাম্প্ৰতিক দ্বিপাক্ষিক পৰিস্থিতিৰ বিষয়ে ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে এইদৰে বৰ্ণনা কৰে। এছচিঅ শীৰ্ষ সন্মিলনৰ পূৰ্বে দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ বৈঠক। দুয়োজনে সেই বৈঠকৰ পৰাই এক আন্তৰিকতাৰ বাৰ্তা প্ৰেৰণ কৰে। তাৰ পাছত সাংবাদিকসকলৰ সন্মুখত মিশ্ৰীৰ কণ্ঠত প্ৰতিধ্বনিত হ’ল ভাৰত-চীনৰ বন্ধুত্বৰ সুৰ।

কাজানত অনুষ্ঠিত মোডী-জিনপিং বৈঠকৰ পিছত ভাৰত-চীনৰ দ্বিপাক্ষিক সম্পৰ্ক উন্নত হোৱা বুলি সোঁৱৰাই দিয়ে বৈদেশিক সচিবগৰাকীয়ে। সংবাদমেলত ভাষণ দি তেওঁ কয়, “দুয়োখন দেশত ২.৮ বিলিয়ন লোকৰ বাসস্থান। ভাৰত আৰু চীনৰ মাজত যদি সুস্থিৰ সম্প্ৰীতি থাকে, তেন্তে ই দুয়োখন দেশৰ জনসাধাৰণৰ বাবে উপকাৰী, আৰু ভাৰত আৰু চীনৰ ৰাষ্ট্ৰপতিসকলে এই কথা বুজি পাইছে। তেওঁলোকে এইটোও বুজি পাইছে যে মতানৈক্য থাকিলেও ইয়াক সংঘাতলৈ বৃদ্ধি কৰা উচিত নহয়। বৰঞ্চ ভাৰত আৰু চীনে ‘এছিয়ান’ গঢ়াৰ অংশীদাৰ হ’ব লাগে।’


সীমান্তত উত্তেজনা লাঘৱ কৰাৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত ফলপ্ৰসূ আলোচনা হোৱা বুলিও মিশ্ৰীয়ে কয়। জিনপিঙে সৈন্য প্ৰত্যাহাৰ সন্দৰ্ভত চাৰি দফীয়া প্ৰস্তাৱ আগবঢ়াইছিল, যাৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে ইতিবাচক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। ইয়াৰ উপৰিও দ্বিপাক্ষিক বাণিজ্য, সন্ত্ৰাসবাদ বিৰোধী, সীমান্তৱৰ্তী অঞ্চলৰ নদীৰ ক্ষেত্ৰত সহযোগিতাৰ ক্ষেত্ৰত ভাৰসাম্য বজাই ৰখাৰ ওপৰত দুয়োখন দেশৰ মাজত আলোচনা হয়। মোদী আৰু জিনপিঙৰ মতে ভাৰত আৰু চীনৰ অৰ্থনীতিয়ে বিশ্ব বাণিজ্যত স্থিতিশীলতা আনিব পাৰে।

চীনৰ ৰাষ্ট্ৰপতিৰ পিছত মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিবলৈ ওলাইছে। সংবাদমেলত মিশ্ৰীয়ে কয় যে সোমবাৰে ভ্লাদিমিৰ পুটিনৰ সৈতে মোদীৰ বৈঠক আছে। সেই আলোচনাৰ অন্তত ভাৰতলৈ উভতি আহিব প্ৰধানমন্ত্ৰী। অৱশ্যে পুটিনৰ সৈতে হোৱা বৈঠকৰ পূৰ্বে মোদীয়ে এছচিঅ’ শীৰ্ষ সন্মিলনৰ পূৰ্ণাংগ অধিবেশনত ভাষণ দিব। এছ চি অ’ৰ অধীনত আঞ্চলিক সহযোগিতা বৃদ্ধিৰ বাবে ভাৰতে কেনেদৰে উদ্যোগ লৈছে তাক পূৰ্ণাংগ বৈঠকত মোদীয়ে আলোকপাত কৰিব।

The Calm Nature: নিৰ্বাক প্রকৃতিঃ পৰিৱেশ সজাগতাৰ বাবে মাইম আৰু বৃক্ষ ৰোপণ

The Calm Nature: নিৰ্বাক প্রকৃতিঃ পৰিৱেশ সজাগতাৰ বাবে মাইম আৰু বৃক্ষ ৰোপণ
The Calm Nature: নিৰ্বাক প্রকৃতিঃ পৰিৱেশ সজাগতাৰ বাবে মাইম আৰু বৃক্ষ ৰোপণ

নিৰ্বাক গোষ্ঠীয়ে (The Calm Nature) আজি আমচং টি এইষ্টেট মডেল স্কুল, বামুনখাট, ডিগাৰু তেওঁৰ বিশেষ উদ্যোগ “নিৰ্বাক প্রকৃতি” শীৰ্ষক এক বিশেষ অনুষ্ঠান সফলভাৱে আয়োজন কৰে। এই অনুষ্ঠানটো আমচং ৱাইল্ডলাইফ ৰেঞ্জ, বোন্দা (গুৱাহাটী ৱাইল্ডলাইফ ডিভিছন)ৰ সহযোগত অনুষ্ঠিত হয়।

নিৰ্বাক গোষ্ঠীৰ নিৰ্বাক প্ৰকৃতি শীৰ্ষক এই প্ৰকল্পত অধীনত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক পাঁচদিনীয়া বিনামূলীয়াকৈ মুকাভিনয় কৰ্মশালা আয়োজন কৰা হয়। কৰ্মশালাৰ অন্তত আজি “প্ৰকৃতি সংৰক্ষণ কৰক, জীৱন সংৰক্ষণ কৰক” শীৰ্ষকত শিক্ষাৰ্থীসকলে মনোগ্ৰাহী মুকাভিনয় প্ৰদৰ্শন কৰি পৰিৱেশ সংৰক্ষণৰ গুৰুত্ব প্ৰতিফলিত কৰে। এই মূকাভিন়য়ৰ প্ৰশিক্ষণ প্ৰদান কৰে যুৱ মুকাভিনয় শিল্পী মিনাংক ডেকাৰ লগতে নিৰ্বাক গোষ্ঠীৰ সদস্য সকলে।

কাৰ্যসূচীৰ অন্তত বিদ্যালয় পৰিসৰত বৃক্ষ ৰোপণ কর্মসূচী অনুষ্ঠিত হয়, য’ত শিক্ষাৰ্থীসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।

অনুষ্ঠানত উপস্থিত আছিল বিদ্যালয়ৰ অধ্যক্ষ উপেন গোস্বামী আৰু ৰেঞ্জাৰ পৰিনিতা সিং, ধ্ৰুবজ্যোতি শর্মা, আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মথুৰামোহন নাথ যিয়ে শিক্ষাৰ্থীসকলক প্ৰশংসা কৰি প্ৰকৃতি সংৰক্ষণৰ কামত আগবাঢ়ি যাবলৈ উৎসাহিত কৰে।

অনুষ্ঠানত টিম নিৰ্বাকৰ সঞ্চালক মিনাংক ডেকাই কয় যে — “নিৰ্বাক প্রকৃতি কেৱল সচেতনতা সৃষ্টিৰ বাবে নহয়, বৰং কাৰ্যত পৰিণত কৰাৰ এক প্ৰচেষ্টা। Mime for the Earth, Silence for Change.”

নিৰ্বাক প্রকৃতিয়ে পুনৰ প্ৰমাণ দিলে যে শিল্প আৰু কাৰ্য একেলগে আগবাঢ়িলে পৰিৱেশ সংৰক্ষণৰ অভিযান অধিক ফলপ্ৰসূ হব পাৰে।

India-China: হাতী-ড্ৰেগনৰ সম্পৰ্ক মজবুত হ’বঃ মোদীৰ সৈতে এঘণ্টাৰ বৈঠকৰ অন্তত জিনপিঙৰ বাৰ্তা

মোদী-জিনপিং
মোদী-জিনপিং

দ্ৰুতগতিত পৰিৱৰ্তিত বিশ্ব India-China কূটনীতিৰ এক নতুন মাইলৰ খুঁটি স্বৰেপে দেওবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনাত মিলিত হয় চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং। দীৰ্ঘ ৭ বছৰৰ অন্তত চীন ভ্ৰমণৰ বাবে দেওবাৰে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৫০ মিনিটৰ বৈঠকৰ অন্তত জিনপিঙৰ বাৰ্তা আছিল, ‘বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত আৰু চীনৰ মাজত বন্ধুত্বৰ গুৰুত্ব সৰ্বোচ্চ।’ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শুল্ক আগ্ৰাসনৰ মাজতে জিনপিঙৰ হাতী আৰু অজগৰৰ মাজত বন্ধুত্বৰ এই বাৰ্তাটোক কূটনৈতিক মহলে তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰে। মোদী আৰু ঝিৰ এই বৈঠকত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালো উপস্থিত আছিল।


আজিৰ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনাই চীনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, “যোৱা বছৰ কাজানত আমাৰ সফল বৈঠকৰ পিছত আপোনাক পুনৰ লগ পাই আনন্দিত হৈছো। চীনে এছচিঅ’ শীৰ্ষ সন্মিলনৰ বাবে আপোনাক আদৰণি জনাইছে।” ইয়াৰ সমান্তৰালকৈ এই বৈঠকক ঐতিহাসিক আখ্যা দি জিনপিঙে কয় যে এই পৃথিৱীখন সম্প্ৰতি বৃহৎ পৰিৱৰ্তন ঘটিছে। আমি পাহৰি যোৱা উচিত নহয় যে আমাৰ সভ্যতাই আটাইতকৈ পুৰণি। আৰু বৃহৎ জনসংখ্যাৰ বাবে আমি গ্ল’বেল চাউথৰ এক গুৰুত্বপূৰ্ণ অংশ। গতিকে সাম্প্ৰতিক পৰিস্থিতিত বন্ধু-বান্ধৱী আৰু ভাল ওচৰ-চুবুৰীয়া হিচাপে আমাৰ কৰ্তব্য পালন কৰাটো অতি প্ৰয়োজনীয়।ইয়াৰ সমান্তৰালভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, “যোৱা বছৰ কাজানত আমি অতি ফলপ্ৰসূ আলোচনা কৰিছিলো যিয়ে আমাৰ সম্পৰ্কক ইতিবাচক দিশত আগুৱাই লৈ গৈছে। সীমান্তৰ পৰা সৈন্য প্ৰত্যাহাৰৰ পিছত শান্তি আৰু স্থিতিশীলতাৰ পৰিৱেশৰ সৃষ্টি হৈছে।” মোদীয়ে লগতে কয়, ‘সীমান্ত বিষয়ত আমাৰ বিশেষ প্ৰতিনিধিৰ মাজত এক চুক্তি হৈছে।কৈলাশ মানসৰোৱৰ যাত্ৰা পুনৰ আৰম্ভ হৈছে।দুয়োখন দেশৰ মাজত প্ৰত্যক্ষ বিমান যাত্ৰাও আৰম্ভ কৰা হৈছে।আমাৰ সহযোগিতাৰ সৈতে দুয়োখন দেশৰ ২৮ কোটি জনসাধাৰণৰ স্বাৰ্থ জড়িত হৈ আছে।ইয়াৰ ফলত সমগ্ৰ মানৱতাৰ কল্যাণৰ পথ প্ৰশস্ত হ’ব পাৰস্পৰিক বিশ্বাস, সন্মান আৰু সংবেদনশীলতা।”

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাত বছৰৰ মূৰত ড্ৰেগনৰ ভূমিত ভৰি দিছে । মোদী জিনপিং আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সম্ভাৱ্য বৈঠকক কেন্দ্ৰ কৰি চীনৰ এই বন্দৰ চহৰখনত উত্তেজনা বৃদ্ধি পাইছিল । ট্ৰাম্পৰ শুল্ক বোমাৰ মাজত এই নতুন বন্ধুত্বই আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক মহলত পাৰা বৃদ্ধি কৰিছে। মন কৰিবলগীয়া যে দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ অহাৰ পাছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শুল্কক লৈ যুদ্ধ চলাবলৈ আৰম্ভ কৰিছে। ৰাছিয়াৰ তেলৰ অজুহাতত তেওঁ ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছে। ইউক্ৰেইন যুদ্ধৰ বাবে ৰাছিয়াকো অহৰহ ভাবুকি দিয়া হৈছে। আনকি এককালীন শুল্ক যুদ্ধৰ পিছত চীনে আপুৰুগীয়া খনিজ পদাৰ্থ ৰপ্তানি নকৰিলে চীনৰ ওপৰত ২০০ শতাংশ শুল্ক আৰোপ কৰাৰ হুংকাৰো দিছে ট্ৰাম্পে। এছিয়াৰ দেশসমূহে ট্ৰাম্পৰ স্বেচ্ছাচাৰী নিষেধাজ্ঞা আৰু শুল্ক হুইমৰ বাবে বিতৃষ্ণা প্ৰকাশ কৰিছে। বাণিজ্যৰ ক্ষেত্ৰত আমেৰিকাৰ আধিপত্যক প্ৰত্যাহ্বান জনোৱাত গ্ল’বেল চাউথে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলি বিশ্বাস কৰা হয়। ইয়াৰ মাজতে মোদী আৰু জিনপিঙৰ বন্ধুত্বৰ এই বাৰ্তাই আমেৰিকাৰ মনত উদ্বেগৰ ঢৌ তুলিছে। ইপিনে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হোটেলত সাংস্কৃতিক কৰ্মীৰ এটা দলে ভাৰতীয় শাস্ত্ৰীয় সংগীতআৰু নৃত্যৰে উষ্ম আদৰণি জনায় । এছ চি অ’ শিখৰ সন্মিলনত মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন তথা অন্য কেইবাগৰাকীও নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।

Thyroid: থাইৰইয়ড আৰু ইয়াৰ চিকিৎসা…

Thyroid: থাইৰইয়ড আৰু ইয়াৰ চিকিৎসা...
Thyroid: থাইৰইয়ড আৰু ইয়াৰ চিকিৎসা...

আজিৰ সময়ত থাইৰয়ডৰ (Thyroid) অসুখ এক প্ৰকাৰ তেনেই সাধাৰণ ৰোগত পৰিণত হৈছে৷ কাৰণ প্ৰতি দহজন মানুহৰ ভিতৰত দুজনেই ইয়াৰ দ্বাৰা আক্ৰান্ত৷ অৱশ্যে প্ৰায়ভাগ মানুহ এই সমস্যাৰ বিষয়ে কিছু সজাগ হ’বলৈ আৰম্ভ কৰিছে যদিও অজ্ঞাতে বহু ল’ৰা-ছোৱালীয়ো এই ৰোগৰ চিকাৰ হ’ব লগা হয়৷ ফলত তেওঁলোকৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক দিশত বাধাগ্ৰস্থ হয়৷ সেয়ে সঠিক সময়ত চিকিৎসা নকৰিলে ই পিছলৈ মানুহক বিপদত পেলাব পাৰে৷ আচলতে থাইৰয়ড এক প্ৰকাৰৰ অন্তঃক্ষৰা গ্ৰন্থি যি ডিঙিৰ সন্মুখৰ ফালে স্বৰযন্ত্ৰ [লেৰিংক্স] ৰ তলৰ অংশ আৰু শ্বাসনলী [ট্ৰেকিয়া] ওপৰৰ ফালে অৱস্থিত৷ আনহাতে, ক্ষুদ্ৰ অংশৰে দুকাষৰ দুডোখৰ বহল অংশক সংলগ্ন কৰা পখিলা সদৃশ আকৃতিৰ এই গ্ৰন্থি আকাৰত তেনেই সৰু৷ একেদৰে পাখিৰ দৰে দুকাষৰ অংশ দুটাৰ দৈৰ্ঘ্য প্ৰায় চ্ছ্ৰ ছেঃমিঃ আৰু বহলে ৰ-২ ছেঃমিঃৰ এই গ্ৰন্থিটোৱে কেইবাবিধো হৰমন ক্ষৰণ কৰে৷ তাৰ ভিতৰত টি-৩, টি-চ্ছ্ৰ অন্যতম৷


দৰাচলতে, থাইৰয়ড গ্ৰন্থিৰ পৰা হ’ব পৰা সমস্যাবিলাক দুই ধৰণে বিভক্ত কৰা যায়৷ ইয়াৰে গ্ৰন্থিটোৱে যদি বেছি পৰিমাণৰ হৰমন নিঃসৰণ কৰে, তেনেহ’লে তাক চিকিৎসা বিজ্ঞানৰ ভাষাত হাইপাৰ থাইৰয়ডিজম বুলি কোৱা হয় আৰু শৰীৰত দেখা দিয়া উপসৰ্গবোৰ এনে ধৰণৰ–
– সামন্য পৰিশ্ৰমত ভাগৰি যোৱা৷
– যিকোনো সময়ত অসহ্য মূৰৰ বিষ হোৱা৷
– আহাৰ যিমানেই নাখালেও ওজন কমি যোৱা৷
– হৃদযন্ত্ৰৰ গতি বৃদ্ধি আৰু মহিলাৰ ঋতুচক্ৰ অনিয়মীয়া৷
– কোনো কথাত মনোযোগ দিব অথবা স্থিৰতা হ্ৰাস৷
– অনিদ্ৰা আৰু অনাহকত হাত বা শৰীৰ কঁপিব ধৰা ইত্যাদি৷


সেইধৰণে, এই গ্ৰন্থিটোৱে কোনো কাৰণত থাইৰয়ড হৰমণৰ নিঃসৰণ কমকৈ কৰিলে এনে অৱস্থাক হাইপোথাইৰয়ডিজম বুলি কোৱা হয়৷ যিয়ে শৰীৰৰ মেটাবলিজিম [বিপাকীয় ক্ৰিয়া] বাধাপ্ৰাপ্ত কৰি স্থান পোৱা উপসৰ্গবোৰ হৈছে –
– সামন্য শীতল পৰিৱেশত ঠাণ্ডা অনুভৱ কৰা৷
– কণ্ঠস্বৰ পৰিৱৰ্তন আৰু কাণেৰে কম শুনা৷
– ছাল আৰু নখ শুকান হোৱা৷
– পেশী আৰু হাড়ৰ সন্ধিত বিষ৷
– দেহত এলাৰ্জি, খজুৱতি তথা ঘামচি বেছিকৈ হোৱা৷
– খিংখিঙীয়া স্বভাৱ আৰু স্মৃতিভ্ৰম হৈ পৰা৷


প্ৰকৃততে, থাইৰয়ডৰ অসুখ বিভিন্ন কাৰণত হ’লেও বিভিন্ন পৰীক্ষণৰ নিৰীক্ষণৰ দ্বাৰা বিচাৰ কৰিলে ইয়াৰ অন্তঃনিহিত কাৰক সমূহ হ’ল –
– আয়োডিনৰ অভাৱ৷
– দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা৷
– জন্মগত ত্ৰুটি৷
– সেইদৰে গ্ৰন্থিৰ আকাৰ পৰিৱৰ্তন বা নিৰ্গত হোৱা হৰমণত পৰিবৰ্তন৷


ৰোগ নিৰ্ণয় আৰু চিকিৎসা ঃ
বৰ্তমান সমাজত থাইৰয়ডৰ ৰোগ ঠিক নহয় বুলি ভ্ৰান্ত ধাৰণা আছে যদিও সাধাৰণ লক্ষণবোৰ দেখা মাত্ৰকে এজন অভিজ্ঞ চিকিৎসৰ দ্বাৰা পৰীক্ষণ কৰি চিনাক্ত কৰিব পাৰে৷ সেই সূত্ৰে, চিকিৎসা কম¹য়ে দিয়া ৰক্ত পৰীক্ষণত যদি টি এছ এইচৰ পৰিমাণ ৬তকৈ বেছি থাকে তেন্তে ব্যক্তিজনক হাইপোথাইৰয়ড বুলি জানিব পাৰিলেও ব্যক্তি ভেদে ইয়াৰ তাৰতম্য হয়৷ একেদৰে হাইপাৰ থাইৰয়ডৰ ক্ষেত্ৰতো আনুশংগিক ৰোগৰ দ্বাৰা মহিলা সকল বেছিকৈ আক্ৰান্ত হয়৷ ইয়াৰ বাহিৰেও অন্যান্য কাৰণবোৰ ঠিৰাং কৰাৰ বাবে এণ্টিবডি, এণ্টি টি.পি.অ, ৰেডিঅ’ আইচোটোপ, ইমেজিং আŒট্ৰাচাউণ্ড, FNAC আদি কৰি হৰমণ গঠনৰ প্ৰক্ৰিয়াৰ গতি [হাইপাৰ] কমাবলৈ এণ্টি থাইৰয়ড দৰৱ [কাৰ বিমাজল, মেথিমাজল], বিটা ব্লকাৰ ঔষধ প্ৰয়োগ কৰা হয়৷ এইক্ষেত্ৰত হাইপোথাইৰয়ডৰ বাবে বাহিৰৰ পৰা থাইৰয়ড হৰমণ যোগান ধৰিবলৈ থাইৰোনৰ্ম, এলট্ৰস্কিন ঔষধ সমান্তৰালকৈ দিয়া গ’লেও খোৱা বোৱাত সাৱধানতা অৱলম্বন কৰাতোও প্ৰয়োজনীয়৷ যাৰ বাবে হাইপোথাইৰিজিমৰ কাৰণে ভিটামিন, এণ্টি অক্সিডেণ্ট [হালধি, আদা, জামু আৰু পুষ্টিকৰ] খাদ্য খাব লাগে৷ একেধৰণে হাইপাৰ থাইৰয়ড অৱস্থাত বন্ধাকৱি, ফুলকবি, ব্ৰুকলি, বীন, মটৰ, ছয়াবিনৰ সহায় লৈ কেতিয়াবা আয়ডিনযুক্ত টেবুল ছল্ট বা আয়ডিন সমৃদ্ধ খাদ্য ল’লে যিকোনো ব্যক্তিয়ে সুস্থ আৰু সুন্দৰ জীৱন যাপন কৰিবলৈ সক্ষম হয়৷

লেখকঃ ডাঃ দ্বীপজ্যোতি শৰ্মা
ফোন নং – ৬০০০৩৪২৩৫৩

My Abacus: গণনাৰ পৰা জীৱনৰ শৃংখলালৈঃ সংস্কৃতত কোৱা হৈছে—“विद्यया अमृतमश्नुते”

সংস্কৃতত কোৱা হৈছে—“विद्यया अमृतमश्नुते”
সংস্কৃতত কোৱা হৈছে—“विद्यया अमृतमश्नुते”


সংস্কৃতত কোৱা হৈছে—“विद्यया अमृतमश्नुते।” অৰ্থাৎ—বিদ্যাৰ (My Abacus) জৰিয়তে মানুহে অমৃত লাভ কৰে৷ এই ধাৰণাই যুগে যুগে মানুহৰ মনক উদ্ভাসিত কৰি আহিছে। শিক্ষা মাথোঁ তথ্যৰ আহৰণ নহয়, শিক্ষা হৈছে আত্ম-উন্মোচন, জ্ঞানৰ গহীনতালৈ যাত্ৰা। মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ—শিক্ষা মানেই কেৱল একাডেমিক সাফল্যৰ সঁজুলি নহয়; ই হৈছে এক জীৱন দৰ্শন, যাৰ দ্বাৰা আমি আমাৰ ভিতৰৰ আত্মাক, চিন্তাক আৰু কৰ্মক এক নতুন দিশত গঢ়ি তুলোঁ। মই যি শিকো, তাক নিজৰ ভিতৰত ৰাখি থোৱা নহয়, বৰং তাক সমাজত ওভোটাই দিয়াটো হৈছে মোৰ এক নৈতিক দায়িত্ব। এই দৰ্শনৰে মই আগবাঢ়িছোঁ Sanjib Baishya দাদাৰ সৈতে, তেওঁ My Abacus – Sorbhog-ৰ প্ৰতিষ্ঠাপক আৰু পৰিচালক। তেওঁ শিক্ষাৰ প্ৰতি এটা গুৰুত্বপূৰ্ণ দৃষ্টিভংগী লৈ আগবাঢ়িছে—য’ত শিক্ষা হৈছে আত্মবিকাশৰ এক প্ৰক্ৰিয়া, য’ত গণিত, যুক্তি আৰু আত্মবিশ্বাস একে সুৰত বাজে। আমাৰ এই যাত্ৰা—এটি সৰু প্ৰয়াস—কিন্তু গভীৰ অৰ্থে গঢ়ি তোলা এটি বীজ, যি সময়ৰ লগে লগে এটি মহীৰুহ ৰূপে সমাজত দীপ্তিময় হ’ব।


My Abacus – Sorbhog: এটি অন্তৰ্দৃষ্টিসম্পন্ন শিক্ষামঞ্চ৷ ইয়াকলৈ সমাজত ভিন্ন সময়ত বহু ধৰণৰ প্ৰশ্ন উঠে, বিশেষকৈ যেতিয়া এটা শিক্ষাকেন্দ্ৰ নতুন দৃষ্টিভংগীৰে কাম কৰি থাকে— My abacus sorbhog ত শিকায় কি? কোনে শিকায় ? বা Abacus অংক শিক্ষাৰ পৰা ছাত্ৰ-ছাত্ৰী সকলৰ কি লাভ হ’ব ? এই সকলো প্ৰশ্নৰ উত্তৰ এক গভীৰ সত্যত নিহিত আছে—
My Abacus Sorbhog মাথোঁ অংকৰ পাঠদান কেন্দ্ৰ নহয়; ই হৈছে এটি মানৱিয়তা, এটি আত্মিকতা আৰু এটি দায়িত্ববোধৰ সংহতি। ইয়াত গণিত মাথোঁ এটি বাহ্যিক উপাদান। প্ৰকৃত শিক্ষা হয় অন্তৰ-জগতৰ বিকাশত। Abacus পদ্ধতিত শিক্ষাৰ্থীসকলে মাথোঁ দ্রুত গণনাৰ কৌশল শিকি থকাত সীমাবদ্ধ নহয়; তেওঁলোকে শিকে ধৈৰ্য, মনসংযোগ আৰু চিন্তনক্ষমতা। ইয়াত গণনাৰ দৰ্শনৰ সৈতে আত্মবিশ্বাসৰ দৰ্শন আৰু গণিতৰ যুক্তিৰ সৈতে নেতৃত্বগুণৰ বিকাশ একত্ৰ হয়।
Abacus পদ্ধতিটো যেনে এক সংখ্যাগত শৃংখলা, তেনে জীৱনৰো এক শৃংখলাৰ প্ৰতীক। “গণনা শুদ্ধ হ’লে, চিন্তা শুদ্ধ হয়; চিন্তা শুদ্ধ হ’লে কৰ্ম শুদ্ধ হয়; আৰু কৰ্ম শুদ্ধ হ’লে জীৱনো সুশৃংখল হয়”—এয়াই হৈছে আমাৰ শিক্ষা-দৰ্শনৰ মূল আধাৰ।


My Abacus-ৰ পাঠদান পদ্ধতি গঢ়ি তোলা হৈছে সকলোৰে সহযোগিতাৰে। ইয়াত শিক্ষাৰ্থীসকলে ইজনে সিজনক বুজাই দিয়ে, সহায় কৰে—এইটো মাথোঁ শিক্ষাৰ পদ্ধতি নহয়; ই হৈছে জীৱনৰ প্ৰশিক্ষণ। জীৱনত একেলগে আগবাঢ়ি যোৱাৰ এক যাত্ৰা, য’ত নেতৃত্ব মানেই অগ্ৰগামী নহয়, নেতৃত্ব মানেই হ’ল পিছ পৰি থকা সহযাত্ৰীক আগলৈ নিয়াত সহায় কৰা। আমাৰ দৃষ্টিত, প্ৰতিটো শিশুৰ ভিতৰত থাকে এক অনন্য দীপ্তি—এটি বিশেষ ক্ষমতা, যি হয়তো সমাজৰ চাপত, অনুপ্ৰেৰণাৰ অভাৱত, অথবা আত্মবিশ্বাসৰ ঘাটত অলক্ষিতে থমকি যায়। সেয়েহে, My Abacus Sorbhog-ত আমি সেই দীপ্তিটোক উজাগৰ কৰো, আগবঢ়াও আৰু তেওঁৰ ভিতৰৰ নেতা হিচাপে তেওঁক গঢ়ি তোলাৰ চেষ্টা কৰো। আমাৰ পথ সদায় সুগম নহয়। আমি জানো—যি কোনো সজাগ প্ৰচেষ্টাৰ দৰে, ইয়াতো ভুল হ’ব পাৰে। হয়তো চিন্তা-চেতনাত ক্ৰুটি থাকিব পাৰে। কিন্তু আমি সদায় আত্মসমালোচনাৰ বাবে আগ্ৰহী। আমি ভুলৰ স্বীকাৰোক্তি কৰো আৰু সেই ভুলৰ পৰা শিকো—কাৰণ শিক্ষা মানেই হ’ল আজীৱন শিকি থাকিব পৰা এক অদম্য প্ৰয়াস।
My Abacus Sorbhog মাথোঁ এটি সংস্থা নহয়—এইটো হৈছে এক দায়িত্বশীল পৰিয়াল। ইয়াত ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শিক্ষকসকলে একে পংক্তিত বহি, একেটি লক্ষ্য লৈ আগবাঢ়ি যায়—শিক্ষাৰ জৰিয়তে মানৱতাৰ এক দীপ্তিময় পৰিচয় গঢ়ি তোলে।


My Abacus Sorbhog-ৰ পৰিয়ালৰ পৰা আমি সকলো সদাশয় ৰাইজ, উৎসাহী অভিভাৱক/ অভিভাৱিকা আৰু জ্ঞানৰ সন্ধানত থকাৰ শিক্ষাৰ্থীসকলক আন্তৰিক স্বাগতম জনাইছোঁ। আপোনালোকৰ অকণমান সময়, এটি অন্তৰ্নিহিত পৰামৰ্শ, অথবা এটি সহানুভূতিক উক্তিয়ে আমাৰ এই ক্ষুদ্ৰ প্ৰচেষ্টাটোক এটি বৃহৎ শিক্ষা কেন্দ্ৰত পৰিণত কৰিব পাৰে বুলি আমি গভীৰ বিশ্বাস ৰাখোঁ।
আমাৰ লক্ষ্য— শিক্ষাৰ জৰিয়তে আত্মবিশ্বাসী, নৈতিকতাৰ ভিত্তিত দৃঢ়, চিন্তাশীল আৰু সুশৃংখল এটি নতুন প্ৰজন্ম গঢ়ি তোলা; যিটো মাথোঁ নিজৰ বাবে নহয়, সমাজৰ বাবে, দেশৰ বাবে আৰু মানৱতাৰ বাবে এক আলোকবাহী পথিক হ’ব।

লেখকঃ আকাশ সাহা

Lawn Balls: লন বল বিশ্বকাপৰ বাবে ভাৰতীয় দলত স্থান লাভ নয়নমণি শইকীয়া আৰু পুতুল সোণোৱালৰ

নয়নমণি শইকীয়া আৰু পুতুল সোণোৱালৰ
নয়নমণি শইকীয়া আৰু পুতুল সোণোৱালৰ

ইংৰাজী ২৬ আগষ্ট (Lawn Balls) পৰা ৩১ আগষ্টলৈকে দিল্লীত অনুষ্ঠিত হোৱা ভাৰতীয় লন বল দলৰ বাচনিত শিবিৰত অসমৰ অৰ্জুন নয়নমনি শইকীয়া আৰু পুতুল সোনোৱালে অহা ইংৰাজী ৪ নবেম্বৰৰ পৰা ৮ নবেম্বৰ ২০২৫ লৈকে মালয়েছিয়াত অনুষ্ঠিত হ’বলগীয়া প্ৰথম বিশ্ব কাপ লন বল প্ৰতিযোগিতাত ভাৰতীয় দলত স্থান লাভ কৰি প্ৰথম ভাৰতীয় বিশ্ব কাপ খেলুৱৈত নিজৰ নাম অন্তৰ্ভূক্ত কৰাবলৈ সক্ষম হৈছে।

ভাৰতীয় দলত স্থান লাভ কৰা আন দুজন খেলুৱৈ ঝাৰখণ্ডৰ দীনেশ কুমাৰ আৰু ৰূপা ৰানী তিকী। অসম লন বল সন্থাই আটাইকেগৰাকী খেলুৱৈকে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে পদক লাভ কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশা কৰিছে।