Home Blog Page 1688

পানীখাইতি অঞ্চলৰ হাতীশিলা মন্দিৰৰ দাঁতিকাষৰীয়া অঞ্চল সমূহক ব্ৰহ্মপুত্ৰ খহনীয়াৰ পৰা ৰক্ষাৰ চেষ্টা…

দিছপুৰ সমষ্টিৰ অন্তৰ্গত পানীখাইতি অঞ্চলৰ হাতীশিলা মন্দিৰৰ দাঁতিকাষৰীয়া অঞ্চলত ব্ৰহ্মপুত্ৰ নদীয়ে বিগত কিছু সময় ধৰি ভয়াবহ খহনীয়াৰ সৃষ্টি কৰি আহিছিল। যোৱা জানুৱাৰী মাহৰ ২৮ তাৰিখে জলসম্পদ বিভাগৰ অভিযন্তা তথা বিষয়া সকলৰ সৈতে এই পৰিদৰ্শন কৰি শীঘ্ৰে এই খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জলসম্পদ বিভাগক নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই।

আজি পুনৰ এই স্থানত উপস্থিত হৈ পৰ্যবেক্ষণ কৰে মন্ত্ৰীগৰাকীয়ে। জলসম্পদ বিভাগৰ তৎপৰতাত এই স্থানত বৰ্তমান খহনীয়া ৰোধ কৰিবলৈ সক্ষম হৈছোঁ বুলিও মন্তব্য কৰে পীয়ূষ হাজৰিকাই। প্ৰায় ১৪.৫ কোটি টকা ব্যয়েৰে SOPD – G আঁচনিৰ অধীনত নিৰ্মিত এই বান্ধৰ ফলত নাৰেঙ্গী-পবিতৰা সংযোগী পথটোয়ো সুৰক্ষিত হৈ পৰিছে কয় মন্ত্ৰাগৰাকীয়ে।

সুখবৰ ! মুকলি হ’ল এইমছৰ বহিঃ বিভাগ…

দীৰ্ঘদিনীয়া জল্পনা কল্পনাৰ অন্ত পেলাই উত্তৰ গুৱাহাটীস্হিত এইমছৰ বহিঃবিভাগ মুকলি কৰা হয় ৰোগী সকলৰ বাবে। এই বিষয়ে চিকিৎসালয়খনৰ কৰ্তৃপক্ষই সদৰি কৰি কয় যে হৃদৰোগৰ পৰা আৰম্ভ কৰি শিশু, স্নায়ু, চৰ্ম, মেডিচিনকে ধৰি সকলো বিভাগৰ বহিঃবিভাগ মুকলি কৰা হৈছে ৰোগী সকলে আহি চিকিৎসকৰ পৰামৰ্শ গ্ৰহন কৰিব পাৰিব বুলি উল্লেখ কৰি এই পৰ্যন্ত কোনো ধৰণৰ নিয়ম অবিহনে সেৱা উপলব্দ্ধ চিকিৎসালয়খন।

পৰবৰ্তীকালত ডিজিটেল মাধ্যমত চিকিৎসকৰ পৰামৰ্শ গ্ৰহন কৰিব লাগিব বুলি উল্লেখ কৰি তেতিয়া ৰোগীৰ আধাৰ কাৰ্ডৰ প্ৰয়োজন হব বুলি জানিবলৈ দিয়ে। বৰ্তমান সকলো বিভাগৰ বিশেষজ্ঞ চিকিৎসক চিকিৎসালয়খনত উপলব্দ্ধ বুলিও সদৰি কৰে। অসমবাসীৰ দীৰ্ঘদিনীয়া সপোন পূৰণৰ দিশে আগবঢ়াত স্বাভাবিকতে আনন্দিত নামি অহা পৰিলক্ষিত জনসাধাৰণৰ মাজত ।

আঘাতপ্ৰাপ্ত হাত দুখনেৰে ফটো শ্বেয়াৰ কৰিলে সামান্থাই ! অনুৰাগীয়ে সুধিলে দুৰ্ঘটনা পতিত হ’ল নেকি?

বৰ্তমান বৰুণ ধাৱনৰ সৈতে ‘চিটাডেল’ৰ শ্বুটিঙত ব্যস্ত সামান্থা ৰুথ প্ৰভু। বৰ্তমান অভিনেত্ৰীগৰাকীয়ে এখন ফটো শ্বেয়াৰ কৰিছে, ফটোখন দেখাৰ পিছত অনুৰাগীৰ চিন্তা বৃদ্ধি পাইছে । এই ফটোখনত সামান্থাই তেওঁৰ আঘাতপ্ৰাপ্ত হাতৰ এখন ফটো শ্বেয়াৰ কৰিছে, ‘চিটাডেল’ৰ একচন ছিকুৱেন্সৰ শ্বুটিঙৰ সময়ত আঘাতপ্ৰাপ্ত হৈছিল অভিনেত্ৰীগৰাকী।

সামান্থা ৰুথ প্ৰভুৱে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা আঘাতপ্ৰাপ্ত হাতৰ এই ফটোখন শ্বেয়াৰ কৰিছে, লগতে কেপচন দিছে, ‘Pearks Of Action’। কিছুদিন পূৰ্বে বৰুণ ধাৱনে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত তেজেৰে তিতি থকা কপালৰ এখন ফটো শ্বেয়াৰ কৰি কৈছিল, ‘কিছি না কিছি ৰাত’। সামন্তৰ লগতে বৰুণ ধাৱনেও এইকেইদিন ‘চিটাডেল’ৰ শ্বুটিঙত ব্যস্ত।খবৰ ওলাইছিল যে সামান্থা অটোইম্যুন ডিজিজ মাইঅ’চাইটিছৰ চিকিৎসা চলি থকাৰ বাবে ‘চিটাডেট’ৰ অংশ নহয়। অসুস্থতাৰ বাবে বহু ছবি তেওঁৰ হাতৰ পৰা ওলাই যোৱাৰ খবৰ আহিছিল যদিও সেয়া নহ’ল। সামান্থাই এটা এটাকৈ নিজৰ সকলো প্ৰজেক্টৰ শ্বুটিং শেষ কৰাত ব্যস্ত। বৰ্তমান সামান্থা বহু পৰিমাণে মাই’চাইটিছ ৰোগৰ পৰা সুস্থ হৈ উঠিছে।

‘চিটাডেল’ৰ উপৰিও অতি সোনকালে ‘শকুন্তলাম’ ছবিত দেখা যাব সামান্থা ৰুথ প্ৰভুক। ইয়াৰ উপৰিও অনুৰাগীসকলে তেওঁৰ ছবি ‘কুছি’ৰ বাবেও অপেক্ষা কৰি আছে, য’ত তেওঁক বিজয় দেৱেৰাকোণ্ডাৰ সৈতে দেখা যাব।

কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ! ৫০০খন চাহ বাগিচাত গ্ৰহণ কৰিব চৰকাৰী অভিলাষী আঁচনি

জনতা ভৱনত সংবাদ মেল। কেবিনেটত লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ প্ৰকাশ কেশৱ মহন্তৰ-


চাহ শিল্পৰ ২০০ বছৰ উপলক্ষে বিভিন্ন কাৰ্যসূচী


৫০০খন চাহ বাগিচাত গ্ৰহণ কৰিব চৰকাৰী অভিলাষি আঁচনি

৭৫০কোটি খৰছ কৰিব চৰকাৰে


আপোন ঘৰৰ বাবে ১.৪কোটি ৫৭লাখ নতুন কৈ নিৰ্ধাৰিত কৰা হৈছে।

জনতা ভৱনত অসম কেবিনেটৰ বৈঠক। বৈঠকত কি কি সিদ্ধান্ত লোৱা হয়…

আজি জনতা ভৱনত অসম কেবিনেটৰ বৈঠক অনুষ্ঠিত হয়। ৰাজ্যৰ প্ৰগতি আৰু উন্নয়নৰ বাটত সহায়ক হোৱাকৈ আজিৰ কেবিনেটত চাহ বাগিচা অঞ্চলত যুৱ দক্ষতা বৃদ্ধি, ‘আপোন ঘৰ’ আঁচনিৰ অধীনত ধন আবণ্টন আৰু ভূমি সংৰক্ষণ সেৱা নীতিৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হয়।

এই সিদ্ধান্তসমূহে অনাগত দিনত বিভিন্ন ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব বুলি দৃঢ় বিশ্বাসী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

মানুহ আৰু চৰাইৰ মাজত গভীৰ সম্পৰ্ক আছে ! আপোনাৰ আৰ্থিক সমস্য়াৰ কেনেদৰে সমাধান কৰে কপৌ চৰাইয়ে…

মানুহ আৰু চৰাইৰ মাজত গভীৰ সম্পৰ্ক আছে, যদি কোনোবাই এই সম্পৰ্ক ভালদৰে বুজি পায় আৰু পূৰণ কৰে, তেন্তে তেওঁৰ কেতিয়াও লক্ষ্মীৰ অভাৱ নহয়। আমাৰ জীৱনত পাৰ চৰাইৰো অতি গুৰুত্ব আছে। কিছুমান চৰাই আছে যিয়ে আপোনাক যিকোনো মুহূৰ্ততে ধনী কৰি তুলিব পাৰে। কপৌ এনেকুৱা এটা চৰাই, যিয়ে আপোনাৰ ভাগ্য সলনি কৰিব পাৰে। আজি আমি এই কপৌ চৰাইৰ বিষয়ে ক’ম-

ঘৰলৈ অহা

ঘৰত কপৌৰ আগমন অতি শুভ বুলি গণ্য কৰা হয়, গতিকে মানুহে ঘৰৰ চাল আৰু বেলকনিত কপৌৰ বাবে পানী আৰু শস্য থৈ দিয়ে, যাতে কপৌয়ে নিশ্চিতভাৱে দিনটোত এবাৰ ঘৰলৈ আহে। কপৌৰ আগমনে এক শুভ বাৰ্তা কঢ়িয়াই অনা বুলি ধৰা হয়। ছাদত বহি থকা কপৌৱে যদি চিঞৰে, তেন্তে সেয়া আৰু অধিক শুভ।

পাখি

কপৌৰ এটা পাখিয়ে আপোনাৰ জীৱন সলনি কৰিব পাৰে। কোৱা হয় যে কপৌৰ পাখি পালে বগা বা ৰঙা কাপোৰেৰে মেৰিয়াই তাৰ ওপৰত ৰঙা সূতা ৭ বাৰ মেৰিয়াই লওক, তাৰ পিছত ৰাখি থৈ দিব সেই পাখিটো। এনে কৰিলে আপুনি কেতিয়াও আৰ্থিক সংকটৰ সন্মুখীন হ’ব নালাগে।

চাকৰি

বৃহস্পতিবাৰে হালধীয়া কাপোৰত হালধীৰ এটুকুৰা সৈতে কপৌৰ পাখি ৰাখিলে ভাল চাকৰি পোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। যদি স্বামী-স্ত্ৰীৰ মাজত কাজিয়া হয়, তেন্তে কপৌৰ পাখি শোৱা কোঠাৰ পূব দিশত ৰাখক। ইয়াৰ ফলত দুয়োৰে মাজত হোৱা কাজিয়াৰ অন্ত পৰিব।

ঋণাত্মক শক্তি

বহা কোঠাৰ দক্ষিণ ফালৰ যিকোনো চুকত কপৌৰ পাখি ৰাখিব লাগে। ইয়াৰ ফলত ঘৰত থকা ঋণাত্মক শক্তি আঁতৰি যায় আৰু ধনাত্মক শক্তি ঘৰত প্ৰৱেশ কৰে।

জেটুলি পকাত থাকে বহুতো পুষ্টিকৰ উপাদান ! কি কি ৰোগৰ বাবে জেটুলি পকা উপকাৰী? জানক…

দেখাত সৰু সৰু এইবিধ ফলৰ নাম হৈছে জেটুলি পকা, ইয়াৰ ইংৰাজী নাম Raspberries। ঠাই ভেদে হয়তো ইয়াৰ নাম বেলেগ বেলেগ হ’বও পাৰে। জেটুলি পকা বহু গুণৰ খনি। দেখাত সৰু হ’ব পাৰে কিন্তু স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী জেটুলি পকা। এই ফলটোত ভিটামিন চি আৰু ই অতি প্ৰচুৰ পৰিমাণে থাকে। স্বাস্থ্যৱান হৈ থাকিবলৈ আপুনি নিশ্চয় বহু ধৰণৰ ফল আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰে। সেই ফলৰ প্লেটখনত ৰাস্পবেৰীৰ ঠাই আছে নে? এই সৰু ফলবিধ ক’লা, বেঙুনীয়া, হালধীয়া আৰু সোণালী ৰঙৰ। এই ফলবিধত ভিটামিন চি আৰু ই অতি প্ৰচুৰ পৰিমাণে থাকে।

মগজুৰ বাবে উপকাৰী-
ৰাস্পবেৰীত বহু প্ৰকাৰৰ এন্টিঅক্সিডেন্ট থাকে। এইফল বিধে মগজুয়ে কাম-কাজ মসৃণ কৰি ৰখাৰ লগতে মগজুৰ উন্নতি সাধন কৰে। ইয়াত থকা ভিটামিন ই আৰু চিয়েও স্মৃতি শক্তি বৃদ্ধি কৰে।

হৃদযন্ত্ৰ সুস্থ কৰি ৰাখক
জেটুলি পকাত থকা এন্টিঅক্সিডেন্ট কেৱল মগজুৰ বাবেই নহয় হৃদযন্ত্ৰৰ বাবেও উপকাৰী। জেটুলি পকাৰ লগত তেজৰ চলাচল ঠিকেই থাকে। নিয়মীয়াকৈ ৰাস্পবেৰী খোৱা লোকৰ ৰক্তচাপ বৃদ্ধিৰ অভিযোগো কম। যাৰ বাবে হৃদযন্ত্ৰৰ স্বাস্থ্য শক্তিশালী হৈ থাকে।

কৰ্কট ৰোগৰ আশংকা কম হ’ব
জেটুলি পকাত এনে উপাদানো থাকে যিবোৰ কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰাত ফলপ্ৰসূ। এই মৌলবোৰো এক প্ৰকাৰৰ এন্টিঅক্সিডেন্ট যিয়ে কেন্সাৰ কোষক হত্যা কৰে। বিশেষকৈ পেট আৰু স্তন কেন্সাৰ হোৱাৰ সম্ভাৱনা কম।

ডায়েবেটিছ নিয়ন্ত্ৰণ কৰা
যিসকলৰ চুগাৰৰ সমস্যা আছে তেওঁলোকেও আৰামত ৰাস্পবেৰী খাব পাৰে। ডায়েটাৰসকলক ওজন কমাবলৈ ৰাস্পবেৰী খাবলৈও পৰামৰ্শ দিয়া হয়।

হজমৰ বাবে উপকাৰী
ৰাস্পবেৰী খোৱা লোকৰ হজম শক্তিও শক্তিশালী হৈ থাকে। ৰাস্পবেৰী খালে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে। পেটৰ সমস্যা যেনে কোষ্ঠকাঠিন্য, গেছ বা এচিডিটি থকা লোকে ৰাস্পবেৰী খালে উপকৃত হ’ব পাৰে।

চকুৰ বাবে ভাল
বয়স বৃদ্ধিৰ লগতে ৰাস্পবেৰী খোৱাটো চকুৰ বাবে উপকাৰী।

গণেশগুৰিৰ গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ৰাজ্যিক পৰ্যায়ৰ ৰোমাঞ্চকৰ ভলীবল প্ৰতিযোগিতা

সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত, অসম ভলিবল সন্থাৰ তত্বাৱধানত, মটক যুৱ ছাত্ৰ পৰিষদ, গুৱাহাটী মহানগৰ সমিতি আৰু গনেশগুৰি যুৱ সংঘৰ সহযোগত একাদশ সংখ্যক ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ২০২৩ সফলভাৱে সামৰণি পৰে।

ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাখন দুদিনীয়া কাৰ্যসূচীৰে ২৬ আৰু ২৭ ফ্ৰেব্ৰুৱাৰী তাৰিখে গণেশগুৰিৰ গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয়।

দ্বিতীয়দিনাৰ কাৰ্যসূচী অনুসৰি ক্ৰীড়া আলোচনী “ক্ৰীড়ানুৰাগ” উন্মোচন কৰে দৈনন্দিন বাৰ্তা কাকতৰ সম্পাদক শংকৰ গোহাঞিয়ে।

আনহাতে নিশা ১০.১২বজাৰ পৰা আৰম্ভ হোৱা অসম ৰাজ্যিক ক্ৰিয়া সন্থা আৰু সৰভোগৰ মাজৰ উত্তেজনা পূৰ্ণ চূড়ান্ত খেলখন উদ্বোধন কৰে টাই আহোম যুৱ ছাত্ৰ পৰিষদৰ সভাপতি দিলিপ গগৈয়ে।

৫ শতাধিক দৰ্শকৰ উপৰিও অসম তথা গুৱাহাটীৰ কেইবাজনো গণ্য-মান্য ব্যক্তিয়ে উপস্থিত থাকি ৰোমাঞ্চকৰ খেল খন উপভোগ কৰে।খেলখনত জয়ী হয় সৰভোগ।

উল্লেখ্য যে বিজয়ী দলক ট্ৰফিসহ নগদ ৩০,০০০টকা আৰু বিজিত দলক ট্ৰফিসহ নগদ ১৫,০০০ নগদ ধনৰ পুৰস্কাৰ আগবঢ়োৱাৰ লগতে শ্ৰেষ্ঠ খেলুৱৈলৈ ট্ৰফিসহ নগদ ৫,০০০ টকা পুৰস্কাৰ প্ৰদান কৰা হয়।

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অজয় ফুকনৰ গীতেৰে জীপাল হৈ পৰে খেল পথাৰৰ বাকৰি। খেলুৱৈ সকলেও তেওঁৰ গীতত এপাক স্ফূৰ্তিতে নাচিলে।

দ্বিতীয়বাৰৰ বাবে ফিফাৰ ‘দ্য বেষ্ট প্লেয়াৰ’ বঁটা লাভ লিয়নেল মেছিৰ…

লিয়নেল মেছিয়ে ২০২৩ চনৰ ২৭ ফেব্ৰুৱাৰীত ফিফাৰ ‘শ্ৰেষ্ঠ পুৰুষ খেলুৱৈ’ বঁটা লাভ কৰে। দ্বিতীয়বাৰৰ বাবে এই বঁটা দখল কৰিলে মেছিয়ে।আৰ্জেণ্টিনাৰ অধিনায়ক তথা বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰ লিয়নেল মেছিয়ে পুনৰবাৰ ফিফা ২০২২ চনৰ ‘শ্ৰেষ্ঠ খেলুৱৈ’ বঁটা লাভ কৰিছে। শেহতীয়াকৈ খেলা ফিফা বিশ্বকাপত মেছিয়ে আৰ্জেণ্টিনাক খিতাপ দিছিল। নিজৰ প্ৰদৰ্শনেৰে বিশ্বকাপত সকলোৰে হৃদয় জয় কৰা মেছিয়ে তেওঁৰ নামত এই বঁটা লাভ কৰে। ইয়াৰ উপৰিও বিশ্বকাপ বিজয়ী দলৰ প্ৰশিক্ষক লিয়নেল স্কোলোনিয়ে শ্ৰেষ্ঠ প্ৰশিক্ষকৰ বঁটা লাভ কৰে।

২০১৬ চনৰ পৰা আৰম্ভ হোৱা এই বঁটা মেছিয়ে দুবাৰকৈ লাভ কৰিছে। ইয়াৰ উপৰিও ক্রিষ্টিয়ানো ৰোনাল্ডো আৰু ৰবাৰ্ট লেৱাণ্ডোস্কিয়েও ২-২ বাৰ এই বঁটা লাভ কৰিছে। একে সময়তে লুকা মাড্ৰিকেও এবাৰ এই বঁটা লাভ কৰিছে। এইবাৰ মেছিয়ে কাইলিয়ান এম্বাপে আৰু ফ্ৰান্সৰ কৰিম বেনজেমাক পৰাস্ত কৰি এই বঁটা লাভ কৰে। বঁটা লাভ কৰাৰ পিছত মেছিয়ে নিজৰ ছ’চিয়েল মিডিয়াৰ জৰিয়তে বঁটাৰ ছবি শ্বেয়াৰ কৰি অনুৰাগী আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

আৰ্জেণ্টিনাৰ অনুৰাগীয়ে লাভ কৰে শ্ৰেষ্ঠ অনুৰাগীৰ বঁটা

আৰ্জেণ্টিনাৰ নামত বঁটাৰ শৃংখলা ইয়াতেই শেষ নহ’ল। দলটোক সমৰ্থন কৰা অনুৰাগীসকলক ‘শ্ৰেষ্ঠ অনুৰাগী’ বঁটা প্ৰদান কৰা হয়। যোৱা বিশ্বকাপতো অনুৰাগীয়ে নিজৰ দলটোক এক সুন্দৰভাৱে সহায় কৰিছিল।তাৎপৰ্যপূৰ্ণভাৱে লিয়নেল মেছিৰ হাতত ৭ বাৰ বেলন ডি অৰ বঁটা লাভ কৰাৰ অভিলেখ আছে। কিন্তু যোৱা বছৰ এই বঁটা ফ্ৰান্সৰ কৰিম বেনজেমাৰ নামত আছিল। একে সময়তে ক্রিষ্টিয়ানো ৰোনাল্ডো এই বঁটাৰ বাবে সৰ্বাধিক বাৰ মনোনীত হৈছে।

ফিফা বঁটা বিজয়ী

শ্ৰেষ্ঠ পুৰুষ খেলুৱৈ – লিয়নেল মেছি (আৰ্জেন্টিনা)।
পশ্চিম মহিলাৰ খেল- এলেক্সিয়া পুটেলাছ (স্পেইন)।
শ্ৰেষ্ঠ পুৰুষৰ গ’লৰক্ষক – এমিলিয়ানো মাৰ্টিনেজ (আৰ্জেন্টিনা)।
শ্ৰেষ্ঠ মহিলা গ’লৰক্ষক – মেৰী ইয়াৰপছ (ইংলেণ্ড)।
শ্ৰেষ্ঠ পুৰুষ প্ৰশিক্ষক – লিয়নেল স্কোলোনি (আৰ্জেন্টিনা)।
শ্ৰেষ্ঠ মহিলা প্ৰশিক্ষক – ছাৰিনা উইগমেন (ইংলেণ্ড)।
ফিফা পুস্কাছ বঁটা – ছাৰিনা উইগমেন (পোলেণ্ড)।
ফিফা মেলা খেলুৱৈ বঁটা – লুকা লোচাছভিলি (জৰ্জিয়া)।
ফিফা অনুৰাগী বঁটা – আৰ্জেন্টিনা অনুৰাগী।

মেট্ৰিকেই অমানিশা নমালে শতাধিক বিদ্যালয়লৈ ! শিক্ষাৰ পৰীক্ষাগাৰত গিনিপিগ ছাত্ৰ-ছাত্ৰী…

এখন দুখন নহয়, এশ পাঁচ খন বিদ্যালয়ৰ স্বীকৃতি বাতিল কৰিব মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই। উদ্বিগ্ন চিন্তিত ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক সকল। মেট্ৰিকৰ ফলাফলেই যেন কাল অমানিশা নমাই আনিলে এই বিদ্যালয় কেইখনলৈ। মেট্ৰিকৰ ফলাফলৰ বাবে দায়ী কোন এই বিষয়টো চৰকাৰ তথা শিক্ষা বিভাগে পৰ্যালোচনা কৰিছেনে। ফলাফল ওলোৱাৰ পিছত দুৰ্বল বিদ্যালয় কেইখনৰ বিৰুদ্ধে কি ব্যৱস্হা গ্ৰহন কৰিছে বিভাগটোৱে। বহু বিদ্যালয়ৰ অবস্হা তথৈবচ। ভঙা ডেক্স বেঞ্চ, অনাময় ব্যৱস্থাৰ নাই সুবিধা, নাই খোৱা পানীৰ সুবিধা পৰ্যন্ত। আনকি বহু বিদ্যালয়ত নাই পৰ্যাপ্ত শিক্ষক শিক্ষয়ত্ৰী। আনহাতে শিক্ষক শিক্ষয়ত্ৰীৰ সমস্যাও অনেক। প্ৰায় বছৰটোৰ অৰ্ধেক দিন ৰাজপথত আন্দোলন কৰোতেই যায়।

একাংশ শিক্ষকৰ বিৰুদ্ধে আছে জলপানিৰ ধন আত্মসাতৰ অভিযোগ। এই সকল শিক্ষক শিক্ষয়ত্ৰীৰ এচাম চৰকাৰী চাকৰীত নিযুক্তিৰ পূৰ্বে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নিযুক্ত হৈ আছিল। সেই সময়ত তেওঁলোকে নিৰ্দিষ্ট সময়ত শ্ৰেনীত উপস্থিত থকাৰ বিপৰীতে চৰকাৰী চাকৰিত বহুতেই পাহৰি যায় নিয়মানুবৰ্তিতা। একেদৰে তাহানি স্কুল পৰিদৰ্শক সকলে চাডেন ভিজিট দি বিদ্যালয়ৰ বিষয়ে উমান লৈছিল। আজি কালি বাতানুকূল কোঠাৰ পৰা পৰিদৰ্শকে বিদ্যালয় পৰিদৰ্শন কৰিবলৈ নাযায়। চৰকাৰে এনে কেৰোণ সমূহ আতৰোৱাৰ বিপৰীতে কেতিয়াবা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম বুলি বিদ্যালয় বন্ধ কৰি আন বিদ্যালয়ৰ সৈতে সংলগ্ন কৰি আহিছে। শেহতীয়াকৈ নতুন শিক্ষা নীতি ৰূপায়ন কৰাৰ প্ৰাক্ মূহুৰ্তত মেট্ৰিকৰ ফলাফলৰ দোহাই দি বন্ধ কৰিবলৈ ওলাইছে শতাধিক বিদ্যালয়। এইয়া কিমান যুক্তিসংগত সেয়া অসমবাসীৰ বিচাৰ্যৰ বিষয়।