Home Blog Page 1687

অসমত ৬২ গৰাকীক হত্যা কৰিছে চৰকাৰে – অখিল গগৈ ! পুঁজিপতিৰ মাটিত নচলে বুলড’জাৰ…

আৰক্ষীৰ এনকাউন্টাৰক লৈ পুনৰ আক্ৰমনাত্মক হৈ পৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈ। অসমত ৬২ গৰাকী ব্যক্তিক পৰিকল্পিত ভাবে চৰকাৰে হত্যা কৰাৰ অভিযোগ তুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে গগৈয়ে। তেও শিলসাঁকোত প্ৰশাসনে চলোৱা উচ্ছেদক লৈও সমালোচনা কৰে। তেওঁ ডঃ হিমন্ত বিশ্ব শৰ্মাক খিলঞ্জীয়াৰ তেজ শুহি খোৱা বুলি মন্তব্য কৰাৰ লগতে এইখন চৰকাৰে খিলঞ্জীয়াৰ ভূমি কাঢ়ি পুঁজিপতিক গটাই দিয়াৰ বাহিৰে আন কোনো উদ্দেশ্য নাই বুলি মন্তব্য কৰে।

বিধায়ক গৰাকীয়ে আজমল, জিঞ্জাৰ হোটেলত বুলড’জাৰ কিয় নচলে বুলি প্ৰশ্ন কৰি খিলঞ্জীয়াৰ বাবে ১০০ মিটাৰ হোৱাৰ বিপৰীতে পূজিঁপতিৰ বিৰুদ্ধে জোখমাখ অমিল কিবুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। আনহাতে অসমত চলি থকা এনকাউন্টাৰ সম্পৰ্কে নিজৰ মত প্ৰকাশ কৰি ইতিহাসে এদিন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক উচিত শিক্ষা দিব বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে আজি নিয়াৰ আদালতত হাজিৰ হৈছিল বিধায়ক অখিল গগৈ।

প্ৰতিদিনে একে খাদ্য খোৱাটো স্বাস্থ্যৰ বাবে উপযুক্ত নহয়…

বেছিভাগ মানুহেই ব্যস্ত জীৱনশৈলীৰ বাবে দৈনিক একে খাদ্য খাবলৈ আৰম্ভ কৰে। আপোনাৰ এই অভ্যাসে আপোনাৰ বাবে সময় ৰাহি কৰিব পাৰে যদিও আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। কিয় দৈনিক একে খাদ্য নালাগে জানেনে? বহুতে দুপৰীয়া আৰু ৰাতিৰ আহাৰ একেদৰেই খায়, কিন্তু আপুনি জানেনে যে তেনে কৰিলে আপোনাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। প্ৰতিদিনে একেখিনি খাদ্য খালে আপোনাৰ স্বাস্থ্যৰ কি ক্ষতি হ’ব পাৰে? জানক-

একে খাদ্য খোৱাৰ ফলত স্বাস্থ্যৰ যথেষ্ট ক্ষতি হ’ব পাৰে-
পুষ্টিৰ অভাৱ
শৰীৰৰ বিকাশৰ বাবে আপোনাৰ খাদ্য তালিকাত সকলো ধৰণৰ বস্তু অন্তৰ্ভুক্ত হ’ব লাগে। যিবোৰ বিভিন্ন বস্তুৰ পৰা পোৱা যায়। কিন্তু দৈনিক একে ধৰণৰ ফলমূল আৰু শাক-পাচলি খালে আপুনি মাত্ৰ এটা প্ৰকাৰৰ পুষ্টিকৰ উপাদানহে পায়, যাৰ বাবে বাকী পুষ্টিকৰ উপাদানসমূহৰ শৰীৰত অভাৱ হ’বলৈ আৰম্ভ কৰে।
ওজন হ্ৰাসৰ যাত্ৰাত প্ৰভাৱ পৰে-
যদি আপোনাৰ ওজন কমিছে তেন্তে সদায় একে খাদ্য খোৱা উচিত নহয় কাৰণ যিসকল লোকে ওজন কমাবলৈ চিন্তা কৰিছে তেওঁলোকৰ খাদ্যত বেলেগ বেলেগ শাক-পাচলি থাকিব লাগে। কাৰণ একে খাদ্য খোৱা মানুহৰ ওজন কমি নাযায়, বৰঞ্চ একেই থাকে।


খাদ্যাভ্যাসৰ বিসংগতিৰ সৃষ্টি হয়-
খাদ্যাভ্যাসৰ বিকাৰ হৈছে অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ বাবে হোৱা এক মানসিক অৱস্থা। এনে পৰিস্থিতিত প্ৰতিদিনে একেখিনি খাদ্য খোৱাৰ ফলত এজন ব্যক্তিৰ নিৰ্বাচিত খাদ্যাভ্যাসৰ বিকাৰৰ সমস্যা হ’ব পাৰে। এনে অৱস্থাত ব্যক্তিজন পুষ্টিহীনতাৰ বলি হয় আৰু অস্বাস্থ্যকৰ ৰূপত তেওঁৰ ওজনো কমিবলৈ আৰম্ভ কৰে।

বকোৰ ছমৰীয়া সত্ৰত বিষ্ণু আতাৰ তিৰোভাৱ তিথিৰ মেলাত জুৱা; নিৰ্বিকাৰ জিলা প্ৰশাসন

দক্ষিণ কামৰূপ জিলাৰ বকোৰ ছমৰীয়া সত্ৰ এখন উল্লেখযোগ্য পীঠস্থান হিন্দু মুছলমানৰ মিলন ভূমি।

শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱৰ প্ৰধান শিষ্য, বৰ বিষ্ণু আতাৰ চাৰিখন মুখ্য সত্ৰৰ ভিতৰত তিনিখন উত্তৰ পাৰত অৱস্থিত, আৰু দ্বিতীয় বৈকুণ্ঠ সত্ৰ দক্ষিণ পাৰৰ, দক্ষিণ কামৰূপৰ ছমৰীয়াত অৱস্থিত, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ বাৰজন প্ৰধান শিষ্যৰ ভিতৰত শ্ৰী বৰবিষ্ণু আতা আছিল অন্যতম, বৰ বিষ্ণু আতাৰ তিৰোভাৱ তিথি মহোৎসৱ ছমৰীয়াত অৱস্থিত সত্ৰনগৰীৰ সত্ৰ খনত উৎযাপন হৈ আছে, বৰ বিষ্ণু আতাৰ তিৰোভাৱ তিথি মহোৎসৱ উপলক্ষে ছমৰীয়া এখন মেলা।

মেলা খনত উপস্থিত থকা শতকৰা নব্বৈ জন লোকেই হৈছে ইছলাম ধৰ্মৰ মুছলমান সম্প্ৰদায়ৰ লোক, এই সত্ৰত এই বেলিও অসমৰ বিভিন্ন ঠাইৰ পৰা বাপ বান্ধৱ আই মাতৃসৱৰ সমাগম ঘটিছিল।

মন কৰিবলগীয়া কথা হ’ল সত্ৰৰ পূণ্যভুমিত সত্ৰৰ পৰিচালনা কমিটিয়ে আয়োজন কৰা মেলা খনত অবাধে চলি আছে জুৱা খেলৰ আড্ডা, জানিব পৰা মতে কমিটিৰ পিষ্ঠ পোষতাতেই চলি আছে এই জুৱা।যত সৰ্বশ্ৰান্ত হৈ আছে উঠি অহা ল’ৰা ছোৱালীয়ে।

পৰিতাপৰ বিষয় যে এই জুৱা খেল দিন ৰাতি চলি আছে যদিও কামৰূপ প্ৰশাসন আৰু ছমৰীয়া পুলিচ প্ৰশাসনেও লৈছে চকুমুদা কুলিৰ ভাও। শূণ্য সহনশীলতা অসম চৰকাৰে কি ব্যৱস্থা ল’ব এই ক্ষেত্ৰত সেয়া হব আটাইতকৈ ডাঙৰ প্ৰশ্ন।

এইবাৰো বিহু কমিটীক ১,৫০,০০০ টকাকৈ প্ৰদান কৰিব ৰাজ্য চৰকাৰে, কিন্তু সকলোৱে নাপায়; কোনবোৰ বিহু কমিটীয়ে লাভ কৰিব এই সুবিধা?

সংবাদমেলত আগন্তুক বিহু সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

পূৰ্বৰ বাৰৰ দৰে এইবাৰো বিহু কমিটীক ১,৫০,০০০ টকাকৈ প্ৰদান কৰিব ৰাজ্য চৰকাৰে।

১০ বছৰ পুৰণি প্ৰতিখন বিহু কমিটীয়ে লাভ কৰিব ডেৰ লাখকৈ টকা।

এমাহৰ ভিতৰত বিহু পতা কমিটীয়ে লাভ কৰিব ৰাজ্য চৰকাৰৰ এই ধন।

১৪ মে’ৰ পাছত বিহুৰ অনুষ্ঠান পাতিলে এই ধন নাপাব বিহু কমিটীসমূহে।

এই ধন লাভৰ বাবে বিহু কমিটীসমূহে আবেদন কৰিব লাগিব জিলা উপায়ুক্তক।

লগতে এই সন্দৰ্ভত শীঘ্ৰেই নিৰ্দেশনা প্ৰকাশ পাব বুলিও মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।

সুৰা কেলেংকাৰী: দিল্লীৰ উপ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ মনীষ চিছ’দিয়াৰ, স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰো পদত্যাগ…

দিল্লীৰ সুৰা নীতিৰ গোচৰত চিবিআইয়ে গ্ৰেপ্তাৰ কৰা দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াই আজি দিল্লীৰ উপ-মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে। একেদৰে ৰাজ্য খনৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনেও তেওঁৰ পদৰ পৰা পদত্যাগ কৰে।

আজি মনীষ চিছোদিয়াক আদালতে জামিন প্ৰদানৰ পৰা বিৰত থাকে। ইয়াৰ পৰিৱৰ্তে তেওঁক পাঁচ দিনৰ চিবিআইৰ জিম্মালৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে। দিল্লীৰ ৰাউজ এভিনিউ আদালতে তেওঁক ৫ দিনৰ বাবে CBI ৰ জিম্মালৈ প্ৰেৰণ কৰাৰ লগতে জামিনৰ আবেদন সন্দৰ্ভত শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে।

উল্লেখ্য ২০২১-২২ বৰ্ষৰ আবকাৰী নীতিৰ বিভিন্ন দিশ সন্দৰ্ভত প্ৰায় ৮ ঘণ্টা ধৰি জেৰা কৰি দেওবাৰে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াক চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল। চিবিআইৰ এগৰাকী শীৰ্ষ বিষয়াই কয় যে আবকাৰী নীতি প্ৰস্তুত আৰু ৰূপায়ণ দুয়োটাতে অনিয়ম সংঘটিত হৈছিল।সেই অনিয়মৰ সৈতে মনীষ চিছ’দিয়া জড়িত থকাৰ প্ৰমাণ আছে বুলিও তেওঁ কয়।

উল্লেখযোগ্য যে, মনীষ ছিছ’দিয়াৰ অধিবক্তাৰ যুক্তিৰ বিৰোধিতা কৰি চিবিআইয়ে যিকোনো গোচৰৰে তদন্ত কৰিব পাৰে বুলি উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ কথা উল্লেখ কৰে।

ইপিনে মনীষ ছিছ’দিয়াৰ গ্ৰেপ্তাৰৰ বিৰোধিতা কৰি সোমবাৰে আম আদমী পাৰ্টীয়ে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰে। বিষয়াসকলে জনোৱা মতে, প্ৰায় ৮ ঘণ্টা ধৰি সোধা-পোছাৰ অন্তত ছিছ’দিয়াক গ্ৰেপ্তাৰ কৰা হয় । চিবিআইয়ে তেওঁৰ পৰা কেলেংকাৰি সম্পৰ্কীয় প্ৰশ্নৰ সঠিক উত্তৰ নোপোৱা বুলি মন্তব্য কৰে।

দ্বিতীয় ৰাউণ্ডৰ জেৰাৰ বাবে পুৱা প্ৰায় ১১.১২ বজাত ছিছ’দিয়াই চিবিআইৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয়। চিবিআইৰ এফআইআৰত এক নম্বৰ অভিযুক্ত হিচাপে নাম উল্লেখ কৰা ছিছ’দিয়াক ইয়াৰ পূৰ্বে যোৱা বছৰৰ ১৭ অক্টোবৰতো জেৰা কৰা হৈছিল। ইপিনে মনীষ চিছ’দিয়াৰ গ্ৰেপ্তাৰক ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি মন্তব্য কৰিছে আপে।

বিলাসী বাহনত অহা অভিজাত চোৰে চুৰি কৰি লৈ গ’ল জি-২০ সন্মিলনৰ বাবে সজাই থোৱা ফুলৰ টাব!

বিলাসী বাহনত ভৰাই দুই অভিজাত চোৰে চুৰি কৰি লৈ গ’ল ফুলৰ টাব।

সামাজিক মাধ্যমত এতিয়া ভাইৰেল হৈ পৰিছে এনে এটা ভিডিঅ’।

এই ভিডিঅ’টো হাৰিয়ানাৰ গুৰগাঁৱত আয়োজিত জি-২০ সন্মিলনৰ বুলি জানিব পৰা গৈছে।

৪০ লাখ টকাৰো অধিক মূল্যৰ KIA Carnival গাড়ীৰ মালিক এজনে কিয় ফুলৰ টাব চুৰি কৰিছে সেই কথা জানিবলৈ বহু ব্যৱহাৰকাৰীয়ে কৌতুহলী হৈ পৰিছে৷

আনহাতে আন কিছুমানে মন্তব্য কৰিছে যে ধনে আপোনাৰ বাবে শ্ৰেণী আৰু নৈতিকতা আনিব নোৱাৰে৷

জানিব পৰা মতে, ১ মাৰ্চৰ পৰা ৪ মাৰ্চলৈ আয়োজন হ’বলগীয়া জি-২০ সন্মিলনৰ বাবে ইতিমধ্যে আটক ধুনীয়াকৈ সজাই তোলা হৈছে গুৰগাঁও।

সন্মিলনথলীৰ চৌদিশে সুন্দৰকৈ সজাই থোৱা হৈছে ৰং বিৰঙৰ ফুলৰ টাব।

তেনে ফুলৰ টাবেই বিলাসী বাসনত ভৰাই দুজন লোকে চুৰি কৰি নিয়াৰ অভিযোগ উত্থাপন হৈছে।

এই চুৰিকাৰ্যৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

তিনি দিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে পছৰীয়াত শ্রী শ্রী লক্ষ্মী পূজা উৎযাপন

২৮ ফেব্ৰুৱাৰী, ১ আৰু ২ মার্চত তিনি দিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে পছৰীয়াত শ্রী শ্রী লক্ষ্মী পূজা কৰা হ’ব উৎযাপন৷


আজি ডেকা, গাভৰু, বৃদ্ধ সকলোৱে মিলি বিশাল শোভাযাত্রাৰে লক্ষ্মীদেৱীক আদৰি আনি বেদিত প্ৰতিষ্ঠা কৰে।

এই অনুষ্ঠানত শ্রী ৰিণিকী ভূঞা শর্মা,(পৰিচালন সঞ্চালিকা, নিউজ লাইভ) আৰু শ্রী ৰঞ্জিত ভট্টাচার্য, (মুখ্যমন্ত্রীৰ ব্যক্তিগত সহায়ক)ৰাইজৰ লগত সমাদলত উপস্থিত থাকি অনুষ্ঠানৰ শোভা বৃদ্ধি কৰে৷

টংলাৰ সন্তান হিমাংশু চহৰীয়াই চাইকেল চলাই ৪৮ ঘন্টাত সম্পূৰ্ণ কৰিলে ১৩শ কিলোমিটাৰ পথ

মাদক দ্ৰৱ্য নিৰ্মূলকৰণৰ জৰিয়তে এখন সুস্থিৰ সমাজ গঢ়াৰ লক্ষ্যৰে ওদালগুৰি জিলাৰ নিকটৱৰ্তী টংলাৰ বনগাঁও নিবাসী হিমাংশু চহৰীয়া নামৰ যুৱকজনে একক প্ৰচেষ্টাৰে এখন সাধাৰণ চাইকেলেৰে অসম অৰুণাচল সীমান্তৰ শান্তিপুৰ গেটৰ পৰা কোচবিহাৰৰ ঐতিহাসিক মধূপুৰ সত্রলৈ প্ৰায় ১৩শ কিলোমিটাৰ পথ অবিৰতভাৱে চাকেইল চলাই ৪৮ ঘন্টাত সম্পূৰ্ণ কৰি এক অভিলেখ সৃষ্টি কৰে৷

ওদালগুৰি জিলাৰ লগতে টংলাৰ গৌৰৱ হিমাংশু চহৰীয়া (পাপু)য়ে ২৫ ফেব্ৰুৱাৰীৰ পুৱতি নিশা ৪ বজাত অসম অৰুণাচল সীমান্তৰ শান্তিপুৰ গেটৰ পৰা যাত্ৰা আৰম্ভ কৰি কোচবিহাৰৰ ঐতিহাসিক মধূপুৰ সত্রলৈ অবিৰত চাকেইল চলাই ২৭ ফেব্ৰুৱাৰীৰ পুৱা ৬-২০ বজাত অবিৰত যাত্রাৰ সফল সামৰণি পৰে।

২৮ ফেব্ৰুৱাৰীত টংলাত উপস্থিত হোৱাত দু:সাহসিক ক্ৰীড়াৰ প্ৰতি প্ৰৱল ধাউতি থকা হিমাংশুক বিভিন্ন দল-সংগঠন আৰু সচেতন ৰাইজে আদৰণি জনায়৷

এই উদ্দেশ্যে হেমন্ত বড়া কোচৰ সঞ্চালনাত টংলা সাহিত্য সভা ভৱনত অনুষ্ঠিত অভিনন্দন সভাত চাইকেলিষ্ট হিমাংশু চহৰীয়াক টংলা সাহিত্য সভা, এবছু, আছু, আক্ৰাছু, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ ওদালগুৰি জিলা সমিতি, টংলা আঞ্চলিক সমিতি, বিশিষ্ট সাংস্কৃতিককৰ্মী পাৰ্থপ্ৰতিম পাঠক, জমনি ক্ৰিয়েচন, আক্ৰাছুৰ সাধাৰণ সম্পাদক হেমন্ত বড়া কোচ, জুবিন গাৰ্গ ফেণ্ডছ ক্লাৱ, অমিত লস্কৰ বাগলাৰী, কাঞ্চন-২০২৩ বোলছবিৰ পৰিয়ালবৰ্গ আদিয়ে ফুলাম গামোছা, আৰনাই, আংছা আৰু জাপিৰে অভিনন্দন জনায়৷

পিছত হিমাংশু চহৰীয়াক সংগ দি তেওঁৰ গুণমুগ্ধসকলে টংলা নগৰত এটি সমদলো উলিয়ায়৷

বাল্য বিবাহৰ বিৰুদ্ধে চলা অভিযানৰ দৰেই ৰঙালী বিহুৰ পূৰ্বে ৰাজ্যত চলিব পাৱাৰ লুমৰ গামোচাৰ বিৰুদ্ধে অভিযান!

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিলে-ৰঙালী বিহুৰ পূৰ্বে এইবাৰ ৰাজ্যত চলিব পাৱাৰ লুমৰ গামোচাৰ বিৰুদ্ধে অভিযান।

বাল্য বিবাহৰ বিৰুদ্ধে চলোৱা অভিযানৰ দৰেই ৰাজ্যত পাৱাৰ লুমৰ গামোচাৰ বিৰুদ্ধেও চৰকাৰে অভিযান চলাব।

অসমত পাৱাৰ লুমৰ গামোচা বিহুৰ সময়ত বিক্ৰী কৰিব নোৱাৰিব। জব্দ কৰা হ’ব এই ধৰণৰ সকলো গামোচা৷

পাৱাৰ লুমৰ গামোচা বিক্ৰেতাৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’ব চৰকাৰে।

উল্লেখ্য যে, অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ সময়ত বহিঃৰাজ্যত নিৰ্মিত গামোচাৰে অসমৰ বজাৰ ভৰি পৰে।

এনে পৰিপ্ৰেক্ষিতত অসমৰ থলুৱা শিপিনী সকলে তাঁতশালত বোৱা গামোচাৰ চাহিদা কম হৈ পৰা দেখা যায়।

যাৰ বাবে এই পাৱাৰ লুমৰ গামোচাৰ বিৰুদ্ধে অসম চৰকাৰে অভিযান ঘোষণা কৰিছে।

ডাবৰ পানীৰ বিভিন্ন ব্যৱহাৰসমূহ…

  • ডাবৰ পানীয়ে শৰীৰত পানীৰ পৰিমাণ সঠিক কৰি ৰাখে। ইয়াত থকা ছ’ডিয়াম, পটাছিয়াম আদি ইলেক্ট্ৰ’লাইটসমূহে ডিহাইড্ৰেচন ৰোধ কৰাত বিশেষ সহায় কৰে। গতিকে খুব গৰম দিনত ডাবৰ পানী খালে শৰীৰত ডিহাইড্ৰেচন হোৱাৰ পৰা হাত সাৰিব পাৰি। তাপমাত্ৰা বৃদ্ধিৰ বাবে শৰীৰৰ পৰা হ্ৰাস হোৱা পানীৰ পৰিমাণ (ডিহাইড্ৰেচন) সঠিক ৰখাৰ উপৰি বাৰে বাৰে পাতল শৌচ হোৱা, বমি হোৱা আৰু খুব বেছিকৈ ঘমা আদি স্থিতিত য’ত শৰীৰৰ পানীৰ পৰিমাণ দ্ৰুত গতিত হ্ৰাস পায়। ডাবৰ পানী পান কৰিলে সুফল পোৱা যায়। কিন্তু জটিল স্থিতিত চিকিৎসালয়ত চিকিৎসা লোৱাৰ একান্ত প্ৰয়োজন।

  • আজিকালি খেলুৱৈসকলৰ মাজত স্প’ৰ্ট ড্ৰিংকছ হিচাপে ডাবৰ পানীৰ চাহিদা খুব বৃদ্ধি পাইছে। ডাবৰ পানীত থকা ইলেক্ট্ৰ’লাইটসমূহে বিশেষকৈ পটাছিয়ামে খেলুৱৈসকলৰ ডিহাইড্ৰেচন প্ৰতিৰোধ কৰে। বজাৰত উপলব্ধ আন আন দামী স্প’ৰ্ট ড্ৰিংকছৰ তুলনাত ডাবৰ পানীত চেনিৰ পৰিমাণ কম থাকে বাবে ই খেলুৱৈসকলৰ মাজত বিশেষ সমাদৃত।
  • উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত ডাবৰ পানী বিশেষ উপযোগী। ইয়াত থকা খুব বেছি পৰিমাণৰ পটাছিয়াম আৰু কম পৰিমাণৰ ছ’ডিয়ামে উচ্চ ৰক্তচাপ হ্ৰাস কৰে বুলি প্ৰমাণিত হৈছে। উচ্চ ৰক্তচাপ হ্ৰাস কৰিবৰ বাবে দৈনিক দুকাপকৈ ডাবৰ পানী খোৱা প্ৰয়োজন।
  • যিহেতু ডাবৰ পানীত কেলৰিৰ পৰিমাণ খুব কম, সেইবাবে ই দেহৰ ওজন হ্ৰাস কৰাৰ বাবে এটা আদৰ্শ পানীয়। এবাৰত এগিলাচকৈ সপ্তাহত তিনি-চাৰিবাৰ খালেই যথেষ্ট।
  • অত্যধিক সুৰাপান কৰাৰ পাছত দেখা দিয়া মূৰ কামোৰণি আদি উপসৰ্গৰ (হেং অ’ভাৰ) বাবে ডাবৰ পানী এটা উৎকৃষ্ট প্ৰতিকাৰ। সুৰাপানৰ প্ৰভাৱত হোৱা ডিহাইড্ৰেচন ডাবৰ পানীয়ে দূৰ কৰে। তদুপৰি ইয়াত থকা বিভিন্ন এণ্টি-অক্সিডেণ্টসমূহে সুৰাপানে কৰা শৰীৰৰ বিভিন্ন ক্ষতিবোৰ প্ৰতিৰোধ কৰে।

  • নিয়মিত ডাবৰ পানী সেৱন কৰিলে শৰীৰত কলেষ্টেৰল, ট্ৰাইগ্লিচাৰাইড আৰু এল ডি এলৰ মাত্ৰা হ্ৰাস কৰে বুলি কোৱা হৈছে। অৱশ্যে এই বিষয়ে অধিক গৱেষণাৰ প্ৰয়োজন আছে।
  • ডাবৰ পানী এটা খুব বিশুদ্ধ পানীয়। খুব জৰুৰী আপদকালীন স্থিতিত ডাবৰ পানী শৰীৰৰ সিৰাত ছেলাইনৰ দৰে ব্যৱহাৰ কৰিব পাৰি। দ্বিতীয় মহাযুদ্ধৰ সময়ত যেতিয়া ছেলাইনৰ খুব নাটনি হৈছিল, সেই সময়ত ডাবৰ পানী ছেলাইনৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা হৈছিল। আফ্ৰিকা মহাদেশৰ কিছুমান খুব দুখীয়া দেশত এতিয়াও এই ধৰণৰ ব্যৱহাৰ আছে।
  • ডাবৰ পানীয়ে ছালৰ শালমন বা ব্ৰন ৰোগ (একনি) দূৰ কৰাত সহায় কৰে। ডাবৰ পানীয়ে ছালৰ আৰ্দ্ৰতা বৃদ্ধি কৰি ছালৰ উজ্জ্বলতা আনে। বহুতো প্ৰসাধন সামগ্ৰীত আজিকালি নাৰিকল ব্যৱহাৰ কৰা হয়।