Home Blog Page 1686

চাৰিখন বিশ্ববিদ্যালয়ত সংঘটিত বিত্তীয় কেলেংকাৰীৰ তদন্তৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ…

এক বৃহৎ পৰিঘটনাত গুৱাহাটী উচ্চ ন্যায়ালয়ে অসমৰ চাৰিখন বিশ্ববিদ্যালয়ত সংঘটিত বিত্তীয় কেলেংকাৰীৰ তদন্তৰ নিৰ্দেশ দিছে। ডিব্ৰুগড়, গুৱাহাটী, তেজপুৰ, আৰু অসম কৃষি বিশ্ববিদ্যালয়ত এই তদন্তৰ নিৰ্দেশ দিয়া হৈছে। উচচ ন্যায়ালয়ে দুৰ্নীতি বিৰোধী আৰু নিৰীক্ষণ শাখাক বিষয়টোৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছে।খবৰ অনুসৰি এই বিশ্ববিদ্যালয়সমূহত সংঘটিত বিত্তীয় কেলেংকাৰীৰ পৰিমাণ ২০০ কোটি টকা। আমগুৰি নৱনিৰ্মান সমিতিয়ে উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থৰ মামলা (পিআইএল) দাখিল কৰাৰ পিছতে তদন্ত আৰম্ভ হয়।

ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহত বিত্তীয় কেলেংকাৰী সংঘটিত হোৱাটো প্ৰথম নহয়। ২০২১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট অৱ ডিষ্টেন্স এণ্ড অ’পেন লাৰ্নিং (আই ডি অ’ এল)ত ৪০ কোটি টকাৰ বৃহৎ আৰ্থিক কেলেংকাৰী সংঘটিত হৈছিল। ৪০ কোটি টকাৰ বিত্তীয় কেলেংকাৰিৰ প্ৰতিবেদন শনিবাৰে দাখিল কৰে অনুশাসনমূলক শাস্তি আয়োগে।

আই ডি অ’ এলৰ প্ৰাক্তন সঞ্চালক কন্দৰ্পা দাসৰ বিৰুদ্ধে ৫০ লাখ টকাৰ বিত্তীয় কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছিল। ৪০ কোটি টকা। প্রতিবেদন দাখিল কৰাৰ পাছত বিশ্ববিদ্যালয়খনৰ কার্যবাহী পৰিষদৰ মাজত এই সন্দর্ভত আলোচনাৰ বাবে এখন বৈঠকৰ দিন ধাৰ্য কৰা হয়৷

শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে চাৰিখন বিশ্ববিদ্যালয়ত সংঘটিত বিত্তীয় কেলেংকাৰীৰ তদন্তৰ নিৰ্দেশত শিক্ষানুষ্ঠানসমূহত সংঘটিত দুৰ্নীতি ৰোধৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰা হৈছে। তদন্তৰ জৰিয়তে সত্য উন্মোচিত হ’ব আৰু দোষী সাব্যস্ত হোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জনসাধাৰণে আশা কৰিছে।

নতুন ৰুপত ৰাহুল গান্ধী! অৱশেষত দাড়ি, চুলি কটালে কংগ্ৰেছৰ নেতা গৰাকীয়ে…

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এসপ্তাহৰ ভ্ৰমণৰ বাবে মঙলবাৰে লণ্ডনত অৱতৰণ কৰে, য’ত তেওঁৰ আলমা মেটাৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত বক্তৃতা প্ৰদান কৰে। ভাৰত জোডো যাত্ৰাৰ পিছত প্ৰথমবাৰৰ বাবে চুলি আৰু দাড়ি কটালে গান্ধীয়ে। কেম্ব্ৰিজ জজ বিজনেছ স্কুলৰ (কেম্ব্ৰিজ জেবিএছ) ভিজিটিং ফেলোত ৰাহুল গান্ধীয়ে “এবিংশ শতিকাত শুনিবলৈ শিকা” বিষয়ত ভাষণ দিব।কংগ্ৰেছ সাংসদগৰাকীৰ চুলি কটা আৰু দাড়িৰ কটাৰ ছবি বহুতে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে।কেম্ব্ৰিজ জেবিএছে মঙলবাৰে টুইট কৰি কয় যে আমাৰ @CambridgeMBA কাৰ্যসূচীয়ে ভাৰতৰ আগশাৰীৰ বিৰোধী নেতা তথা ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীক আদৰণি জনাই আনন্দিত হৈছো।

কংগ্ৰেছ নেতাগৰাকীয়ে শেষবাৰৰ বাবে মে’ মাহত ব্ৰিটেইন ভ্ৰমণৰ সময়ত কৰ্পাছ ক্ৰীষ্টি কলেজত অনুষ্ঠিত হোৱা “ইণ্ডিয়া এট ৭৫” শীৰ্ষক এক অনুষ্ঠানত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ক সম্বোধন কৰিছিল।

ছত্তীশগড়ৰ ৰায়পুৰত কংগ্ৰেছৰ তিনিদিনীয়া নেতৃত্বৰ বৈঠকৰ পাছতে ৰাহুল গান্ধীয়ে ব্ৰিটেইনলৈ ৰাওনা হয়।
কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত ৰাহুল গান্ধীৰ নতুন ৰূপ; যোৱা বছৰৰ ছেপ্টেম্বৰৰ পৰা ২০২৩ চনৰ জানুৱাৰীলৈকে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ খোজ কাঢ়ি যোৱাৰ সময়ত ৰাহুল গান্ধীয়ে দাড়ি কটা নাছিল।

মধ্যপ্ৰদেশ চৰকাৰৰ ২০২৩-২৪ বৰ্ষৰ ৩.১৪ লাখ কোটি টকাৰ বাজেট দাখিল! এল পি জিৰ মূল্য বৃদ্ধিক লৈ কংগ্ৰেছৰ তীব্ৰ প্ৰতিক্ৰিয়া…

প্ৰাক্তন মন্ত্ৰী তৰুণ ভানোট, বিজয় লক্ষ্মী সাধো, জিতু পাটোৱাৰীকে ধৰি কংগ্ৰেছৰ সদস্যই এল পি জিৰ মূল্যবৃদ্ধিৰ বাবে সদনত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মধ্য প্ৰদেশ চৰকাৰে ২০২৩-২৪ বৰ্ষৰ বাবে ৩.১৪ লাখ কোটি টকাৰ ৰাজ্যিক বাজেট দাখিল কৰে, আনকি বিৰোধীয়ে এল পি জি চিলিণ্ডাৰৰ মূল্য বৃদ্ধিৰ বিষয়টোক লৈ কংগ্ৰেছে বিধানসভাৰ পৰা ৱৰ্কআউট কৰে।ৰাজ্যৰ বিত্তমন্ত্ৰী জগদীশ দেৱদাই বাজেট প্ৰস্তাৱ পঢ়িবলৈ আৰম্ভ কৰাৰ মুহূৰ্ততে প্ৰাক্তন মন্ত্ৰী তৰুণ ভানোট, বিজয় লক্ষ্মী সাধো, জিতু পাটোৱাৰীকে ধৰি কংগ্ৰেছৰ সদস্যসকলে এল পি জিৰ মূল্য বৃদ্ধিৰ বিষয়টোক লৈ সদনত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

পিছত প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথৰ নেতৃত্বত কংগ্ৰেছৰ সদস্যসকলে সদনৰ পৰা ৱাকআউট কৰে।মিষ্টাৰ ভানোটে সংবাদ মাধ্যমৰ আগত কয় যে কেন্দ্ৰীয় চৰকাৰে এটা এল পি জি চিলিণ্ডাৰৰ মূল্য ৫০, বাণিজ্যিক চিলিণ্ডাৰত ৩০০ বৃদ্ধি কৰিছে, যাৰ ফলত জনসাধাৰণৰ বহুত কষ্ট হৈছে।

ৰাজস্থান চৰকাৰৰ দৰে মধ্যপ্ৰদেশৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰেও ৫০০ টকাকৈ (দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকক) এল পি জি চিলিণ্ডাৰ প্ৰদান কৰিবলৈ দাবী জনায়। ইয়াৰ পূৰ্বে পুৱা এল পি জি চিলিণ্ডাৰৰ মূল্য বৃদ্ধিৰ বিষয়টোক লৈ বিধানসভা চৌহদত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত কংগ্ৰেছৰ সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰে।

নতুন দিল্লীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ ডেনমাৰ্কৰ ক্ৰাউন প্ৰিন্স ফ্ৰেডেৰিক আৰু ক্ৰাউন প্ৰিন্সেছ মেৰীক…

ডেনমাৰ্কৰ ক্ৰাউন প্ৰিন্স ফ্ৰেডেৰিক আৰু ক্ৰাউন প্ৰিন্সেছ মেৰীয়ে নতুন দিল্লীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে।তেওঁলোকক স্বাগতম জনাই জনাই ৰাষ্ট্ৰপতিয়ে কয় যে যোৱা কেইবছৰমানৰ পৰা ভাৰত-ডেনমাৰ্কৰ সম্পৰ্ক গভীৰ আৰু বিস্তৃত দুয়োটা দিশতে বৃদ্ধি পাইছে। দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগৰ ক্ষেত্ৰত দুয়োখন দেশে উৰ্ধমুখী ট্ৰেজেক্টৰী দেখা পাব বুলি আস্থা প্ৰকাশ কৰে।


ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় যে জলবায়ু পৰিৱৰ্তন এনে এক ক্ষেত্ৰ যাৰ ওপৰত ভাৰত আৰু ডেনমাৰ্কৰ মতামত আৰু স্বাৰ্থৰ অভিসৰণ আছে। তেওঁ কয়, ভাৰতে নিজকে জলবায়ুৰ প্ৰতি সঁহাৰি জনোৱা উন্নয়নৰ পথত সুগম কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতে বহনক্ষম জীৱনশৈলী আৰু প্ৰকৃতিক সন্মানৰ বাবে ‘LiFE – Lifestyles For Sustainable Environment’ নামৰ এক নতুন মিছন আৰম্ভ কৰিছে। জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজে বিশ্বক এক পৰিয়াল হিচাপে একত্ৰিত কৰিব বুলি আত্মবিশ্বাস প্ৰকাশ কৰে।

ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম পুনৰ বাঢ়িল

পুনৰ বাঢ়িল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। ১৪.২ কিলোগ্ৰামৰ ঘৰুৱা চিলিণ্ডাৰৰ দাম ৫০ টকাকৈ বৃদ্ধি। দিল্লীত আজিৰে পৰা প্ৰতিটো ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰৰ দাম হ’ব ১১০৩ টকা।

আনহাতে, ১৯ কিলোগ্ৰামৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰা হৈছে ৩৫০.৫০ টকাকৈ। দিল্লীত এতিয়াৰে পৰা প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ’ব ২১১৯.৫০ টকা।

আজিৰে পৰা গুৱাহাটীত প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ মূল্য হ’ব ১১৫২ টকা আৰু প্ৰতিটো ব্যৱসায়িক চিলিণ্ডাৰৰ দাম হ’ব ২৩৬০ টকা। আজিৰে পৰা কাৰ্যকৰী হ’ব ৰন্ধন গেছৰ চিলিণ্ডাৰৰ এই নতুন নিৰিখ।

চলিত বৰ্ষত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য দ্বিতীয়বাৰৰ বাবে বৃদ্ধি পালে। জানুৱাৰীত প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি পাইছিল ২৫ টকাকৈ। উল্লেখযোগ্য যে প্ৰতি মাহৰ প্ৰথমটো দিনত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম সলনি হয়।

এই ৫ টা স্বাস্থ্যকৰ খাদ্য ৰাতি তিয়াই ৰাতিপুৱা খাব লাগে…

আজি আমি আপোনালোকক ক’ম কোনবোৰ খাদ্য তিয়াই খালে স্বাস্থ্যৰ বাবে ভাল, শিশুৰ বাবে কোনবোৰ খাদ্য উপযোগী জানেনে? বৰ্তমান সময়ৰ শিশু শৈশৱ কালটো অতি ব্যস্ত। ইয়াৰ বাবেই শিশুৱে কম বয়সৰ পৰাই মানসিক চাপ আৰু উদ্বেগৰ সৈতে যুঁজিবলৈ আৰম্ভ কৰে। বিশেষকৈ পৰীক্ষাৰ সময়ত ল’ৰা-ছোৱালীৰ ওপৰত চাপ আৰু বাঢ়ি যায়। শিশুসকলৰ ওপৰত প্ৰদৰ্শনৰ চাপ আৰু অধিক বৃদ্ধি পোৱাৰ লগে লগে কিশোৰ শিশুৱে যথেষ্ট মানসিক চাপৰ সন্মুখীন হয়। যদি আপুনি বিচাৰে যে পৰীক্ষাৰ চাপ আৰু প্ৰদৰ্শনৰ চাপৰ বাবে আপোনাৰ সন্তানে মানসিক চাপত নপৰে, তেন্তে ইয়াৰ বাবে আপুনি তেওঁৰ জীৱনশৈলীত কিছু পৰিৱৰ্তন কৰি এটা সুস্থ জীৱন-শৈলী নিৰ্ধাৰণ কৰিব লাগে…

ল’ৰা-ছোৱালীৰ শুই উঠা আৰু সাৰ পোৱাৰ সময় নিশ্চিতভাৱে ঠিক কৰি ল’ব। ইয়াৰ ফলত তেওঁলোকৰ এলাহ বা ৰোগ আঁতৰে।

খাদ্য তালিকাত এটা কথা মনত ৰাখিব-
শিশুৰ খোৱা-বোৱাৰ সময়ো নিৰ্ধাৰণ কৰিব লাগে। লগতে তেওঁলোকৰ খাদ্যত এনে খাদ্য অন্তৰ্ভুক্ত কৰিব লাগে, যিয়ে অধিক শক্তি আৰু পুষ্টি প্ৰদান কৰে। যেনে- বাদাম, মগু, ফল-মূল, গাখীৰ, শাক-পাচলি আদি।

পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন লওক
এই প্ৰশ্নটো হয়তো আপোনাৰ মনলৈও আহিছে যে মানসিক চাপৰ পৰা ৰক্ষা কৰাত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ কি কাম… আপুনি শিশুৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভ্যাস গঢ়ি তোলক, তেতিয়া পৰিষ্কাৰ-পৰিচ্ছন্নতাই সতেজতাৰ অভিজ্ঞতাও দিয়ে আৰু ৰোগৰ পৰাও সুৰক্ষা দিয়ে। গতিকে দুয়োটা সময়তে দাঁত ব্ৰাছ কৰা, ৰাতি হাত-ভৰি ধুই শুই থকা, নখ পৰিষ্কাৰ কৰি ৰখা আৰু খাদ্য খোৱাৰ আগতে হাত ধোৱা আদি বিষয়বোৰ শিকাব লাগে।

পানী খাব লাগে-
শিশুটিৰ বয়স আৰু প্ৰয়োজন অনুযায়ী পৰ্যাপ্ত পৰিমাণৰ পানী নিশ্চিতভাৱে দিব লাগে। এনে কৰিলে শিশুৰ শৰীৰ জলসিঞ্চিত হৈ থাকে আৰু শক্তি থাকে।

শিশুটিৰ মনত প্ৰতিদিনে কিছু সময়ৰ বাবে ব্যায়াম কৰাৰ অভ্যাস গঢ়ি তুলিব লাগে। এনে কৰিলে শিশুটিৰ মনোযোগ বৃদ্ধি পাব আৰু তেওঁ অধিক সক্ৰিয় হৈ থাকিব পাৰিব। দৈনিক ব্যায়ামৰ অভ্যাসে শিশুৰ শৰীৰ সবল কৰি তোলে আৰু তেওঁলোকৰ উচ্চতা আৰু স্বাস্থ্যৰ উন্নতি সাধন কৰে। অৰ্থাৎ এই ভাল অভ্যাসৰ দ্বাৰা শিশুৱে পঢ়া-শুনা আৰু জীৱনটো সৰ্বোত্তম ৰূপত প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়।

বিহু সম্পৰ্কে শীঘ্ৰেই আহিব এছ অ’ পি ! চান্দা সংগ্ৰহত কঠোৰ চৰকাৰ

বাপতি সাহোন বিহুটিলৈ মাজত প্ৰায় ডেৰ মাহ বাকী। চৰকাৰে ইতিমধ্যে বিহুৰ ক্ষেত্ৰত গ্ৰহণ কৰিছে কঠোৰ স্হিতি। সেইমৰ্মে কোনো বিহু কমিটি বা উদ্যোক্তা সকলে কোনো কাৰণত চান্দা সংগ্ৰহ কৰিব নোৱাৰিব।

চৰকাৰে কমিটিক ডেৰ লাখ টকাকৈ আগবঢ়াব। আনহাতে ১৫ মে’ত আয়োজিত বিহুক চৰকাৰে এই ধনৰাশি যোগান নধৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অতি শীঘ্ৰে যাৱতীয় এছ অ’ পি প্ৰকাশ পাব বুলি সদৰি কৰে।

অনুষ্কা শৰ্মাক নিজৰ প্ৰেৰণা হিচাপে গণ্য কৰে বিৰাট কোহলীয়ে…

ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীয়ে তেওঁৰ পত্নী তথা অভিনেত্ৰী অনুষ্কা শৰ্মাক প্ৰেৰণা হিচাপে গণ্য কৰে। এক সাক্ষাৎকাৰত ক্ৰিকেটাৰগৰাকীয়ে কয় যে তেওঁৰ পত্নীয়ে বহু ত্যাগ কৰিছে। বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মা আৰু ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীৰ আটাইতকৈ জনপ্ৰিয় দম্পতী। ২০১৭ চনৰ ১১ ডিচেম্বৰত ইটালীৰ টাস্কানীৰ বৰ্গো ফিনোচিয়াটোত দুয়োৰে এক গ্ৰেণ্ড বিবাহ হৈছিল। ৫ বছৰতকৈও অধিক সময় বিবাহিত দম্পতী আৰু তেওঁলোকৰ কন্যা ভামিকাৰো গৌৰৱময় পিতৃ-মাতৃ। বছৰ বছৰ ধৰি অনুষ্কা আৰু বিৰাটৰ সম্পৰ্ক পূৰ্বতকৈ অধিক দৃঢ় হৈ পৰিছে। একে সময়তে শেহতীয়া সাক্ষাৎকাৰৰ সময়ত বিৰাটে তেওঁৰ প্ৰিয় পত্নী অনুষ্কাৰ বিষয়ে ক’লে। বিৰাটে কয় যে অনুষ্কাই বহু ত্যাগ কৰিছে আৰু তেওঁৰ পত্নীক তেওঁৰ প্ৰেৰণা হিচাপে গণ্য কৰে।

অনুষ্কাই মাতৃ হিচাপে বহু ত্যাগ কৰিছিল
শেহতীয়াকৈ আৰ চি বিৰ প’ডকাষ্টৰ সময়ত বিৰাটে কয়, “যোৱা দুবছৰত সন্তান আৰু মাতৃ হিচাপে তাই যি ত্যাগ কৰিছে সেয়া বহু। অনুষ্কাক দেখি মই উপলব্ধি কৰিলোঁ যে মোৰ যি সমস্যা আছে সেয়া একোৱেই নহয়।”

বিৰাট কোহলীয়ে অনুষ্কাক প্ৰেৰণা বুলি গণ্য কৰে
তেওঁ আৰু কয়, “যেতিয়া আপুনি প্ৰেৰণা বিচাৰে তেতিয়া আপুনি ঘৰৰ পৰাই আৰম্ভ কৰে আৰু স্পষ্টভাৱে অনুষ্কা মোৰ বাবে এক প্ৰেৰণা , জীৱনৰ প্ৰতি মোৰ দৃষ্টিভংগী আছিল সম্পূৰ্ণ বেলেগ।

অভিনেত্ৰী অনুষ্কা শৰ্মাই মাতৃ হোৱাৰ পিছৰে পৰা ছবিৰ পৰা বিৰতি লৈছিল। কিন্তু এতিয়া আকৌ কামত লাগিছে। অতি সোনকালেই অনুষ্কাক দেখা যাব ‘চাকদা এক্সপ্ৰেছ’ত। শ্বাহৰুখ খানৰ ছবি ৰাব নে বানা দি জোডিৰ জৰিয়তে অনুষ্কাই অভিনয় জীৱন আৰম্ভ কৰিছিল। ইয়াৰ পিছত তেওঁ ‘বদমাছ কোম্পানী’, ‘বেণ্ড বাজা বাৰাত’, ‘পি কে’, ‘এন এইচ ১০’, ‘বম্বে ভেলভেট’, ‘চুলতান’, ‘এ দিল হায় মুছকিল’, ‘ফিলৌৰী’ আদি ছবিত কাম কৰিছিল।

শিলসাঁকোত অঘটন ! মহিলাই ল’লে চৰম সিদ্ধান্ত

গুৱাহাটীৰ শিলসাঁকোত চলি আছে উচ্ছেদ অভিযান। শিলসাঁকো বিল মুক্ত কৰাৰ পন প্ৰশাসনৰ। আজি দ্বিতীয় দিনাও প্ৰশাসনৰ বুলড’জাৰ চলিছে অবৈধ অট্টালিকাৰ ওপৰত। উচ্ছেদ চলি থকা সময়তেই আজি এটা অট্টালিকাৰ পৰা জপিয়াই এগৰাকী মহিলাই আত্মহত্যাৰ পথ বাচি লোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বৃহৎত নিৰাপত্তাবেহু ফালি মহিলা গৰাকী কেনেদৰে অট্টালিকাৰ ওপৰলৈ গ’ল তাক লৈও চলিছে চৰ্চা। কাইলৈ মৃত্যুক আকোৱালি লোৱা মহিলাগৰাকীৰ গৃহটো উচ্ছেদ কৰাৰ কথা আছিল বুলি উচ্ছেদিত জনতাই জানিবলৈ দিয়ে।

আৰক্ষীৰ জালত ইউটিউবাৰ মোস্তাফিজুৰ ৰহমান…

আৰক্ষীৰ জালত অসমৰ আটাইটকৈ ধনী ইউটিউবাৰ বুলি দাবী কৰা ইউটিউবাৰ মোস্তাফিজুৰ ৰহমান ৷ অনুমতিবিহীনভাৱে শিশুৰ ভিডিও প্ৰস্তুত কৰাৰ লগতে ভিডিঅ’ত ব্যৱহৃত বাহনৰো নাই কোনো নথিপত্ৰ ৷

বঙাইগাঁও জিলা শিশু সুৰক্ষা বিষয়াৰ এজাহাৰমৰ্মে যোগীঘোপা আৰক্ষীয়ে আটক কৰে ইউটিউবাৰগৰাকীক