Breaking

নতুন ৰুপত ৰাহুল গান্ধী! অৱশেষত দাড়ি, চুলি কটালে কংগ্ৰেছৰ নেতা গৰাকীয়ে…

0 108

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এসপ্তাহৰ ভ্ৰমণৰ বাবে মঙলবাৰে লণ্ডনত অৱতৰণ কৰে, য’ত তেওঁৰ আলমা মেটাৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত বক্তৃতা প্ৰদান কৰে। ভাৰত জোডো যাত্ৰাৰ পিছত প্ৰথমবাৰৰ বাবে চুলি আৰু দাড়ি কটালে গান্ধীয়ে। কেম্ব্ৰিজ জজ বিজনেছ স্কুলৰ (কেম্ব্ৰিজ জেবিএছ) ভিজিটিং ফেলোত ৰাহুল গান্ধীয়ে “এবিংশ শতিকাত শুনিবলৈ শিকা” বিষয়ত ভাষণ দিব।কংগ্ৰেছ সাংসদগৰাকীৰ চুলি কটা আৰু দাড়িৰ কটাৰ ছবি বহুতে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে।কেম্ব্ৰিজ জেবিএছে মঙলবাৰে টুইট কৰি কয় যে আমাৰ @CambridgeMBA কাৰ্যসূচীয়ে ভাৰতৰ আগশাৰীৰ বিৰোধী নেতা তথা ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীক আদৰণি জনাই আনন্দিত হৈছো।

কংগ্ৰেছ নেতাগৰাকীয়ে শেষবাৰৰ বাবে মে’ মাহত ব্ৰিটেইন ভ্ৰমণৰ সময়ত কৰ্পাছ ক্ৰীষ্টি কলেজত অনুষ্ঠিত হোৱা “ইণ্ডিয়া এট ৭৫” শীৰ্ষক এক অনুষ্ঠানত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ক সম্বোধন কৰিছিল।

ছত্তীশগড়ৰ ৰায়পুৰত কংগ্ৰেছৰ তিনিদিনীয়া নেতৃত্বৰ বৈঠকৰ পাছতে ৰাহুল গান্ধীয়ে ব্ৰিটেইনলৈ ৰাওনা হয়।
কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত ৰাহুল গান্ধীৰ নতুন ৰূপ; যোৱা বছৰৰ ছেপ্টেম্বৰৰ পৰা ২০২৩ চনৰ জানুৱাৰীলৈকে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ খোজ কাঢ়ি যোৱাৰ সময়ত ৰাহুল গান্ধীয়ে দাড়ি কটা নাছিল।

Leave A Reply