Home Blog Page 1706

কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ! ৫০০খন চাহ বাগিচাত গ্ৰহণ কৰিব চৰকাৰী অভিলাষী আঁচনি

জনতা ভৱনত সংবাদ মেল। কেবিনেটত লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ প্ৰকাশ কেশৱ মহন্তৰ-


চাহ শিল্পৰ ২০০ বছৰ উপলক্ষে বিভিন্ন কাৰ্যসূচী


৫০০খন চাহ বাগিচাত গ্ৰহণ কৰিব চৰকাৰী অভিলাষি আঁচনি

৭৫০কোটি খৰছ কৰিব চৰকাৰে


আপোন ঘৰৰ বাবে ১.৪কোটি ৫৭লাখ নতুন কৈ নিৰ্ধাৰিত কৰা হৈছে।

জনতা ভৱনত অসম কেবিনেটৰ বৈঠক। বৈঠকত কি কি সিদ্ধান্ত লোৱা হয়…

আজি জনতা ভৱনত অসম কেবিনেটৰ বৈঠক অনুষ্ঠিত হয়। ৰাজ্যৰ প্ৰগতি আৰু উন্নয়নৰ বাটত সহায়ক হোৱাকৈ আজিৰ কেবিনেটত চাহ বাগিচা অঞ্চলত যুৱ দক্ষতা বৃদ্ধি, ‘আপোন ঘৰ’ আঁচনিৰ অধীনত ধন আবণ্টন আৰু ভূমি সংৰক্ষণ সেৱা নীতিৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হয়।

এই সিদ্ধান্তসমূহে অনাগত দিনত বিভিন্ন ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব বুলি দৃঢ় বিশ্বাসী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

মানুহ আৰু চৰাইৰ মাজত গভীৰ সম্পৰ্ক আছে ! আপোনাৰ আৰ্থিক সমস্য়াৰ কেনেদৰে সমাধান কৰে কপৌ চৰাইয়ে…

মানুহ আৰু চৰাইৰ মাজত গভীৰ সম্পৰ্ক আছে, যদি কোনোবাই এই সম্পৰ্ক ভালদৰে বুজি পায় আৰু পূৰণ কৰে, তেন্তে তেওঁৰ কেতিয়াও লক্ষ্মীৰ অভাৱ নহয়। আমাৰ জীৱনত পাৰ চৰাইৰো অতি গুৰুত্ব আছে। কিছুমান চৰাই আছে যিয়ে আপোনাক যিকোনো মুহূৰ্ততে ধনী কৰি তুলিব পাৰে। কপৌ এনেকুৱা এটা চৰাই, যিয়ে আপোনাৰ ভাগ্য সলনি কৰিব পাৰে। আজি আমি এই কপৌ চৰাইৰ বিষয়ে ক’ম-

ঘৰলৈ অহা

ঘৰত কপৌৰ আগমন অতি শুভ বুলি গণ্য কৰা হয়, গতিকে মানুহে ঘৰৰ চাল আৰু বেলকনিত কপৌৰ বাবে পানী আৰু শস্য থৈ দিয়ে, যাতে কপৌয়ে নিশ্চিতভাৱে দিনটোত এবাৰ ঘৰলৈ আহে। কপৌৰ আগমনে এক শুভ বাৰ্তা কঢ়িয়াই অনা বুলি ধৰা হয়। ছাদত বহি থকা কপৌৱে যদি চিঞৰে, তেন্তে সেয়া আৰু অধিক শুভ।

পাখি

কপৌৰ এটা পাখিয়ে আপোনাৰ জীৱন সলনি কৰিব পাৰে। কোৱা হয় যে কপৌৰ পাখি পালে বগা বা ৰঙা কাপোৰেৰে মেৰিয়াই তাৰ ওপৰত ৰঙা সূতা ৭ বাৰ মেৰিয়াই লওক, তাৰ পিছত ৰাখি থৈ দিব সেই পাখিটো। এনে কৰিলে আপুনি কেতিয়াও আৰ্থিক সংকটৰ সন্মুখীন হ’ব নালাগে।

চাকৰি

বৃহস্পতিবাৰে হালধীয়া কাপোৰত হালধীৰ এটুকুৰা সৈতে কপৌৰ পাখি ৰাখিলে ভাল চাকৰি পোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। যদি স্বামী-স্ত্ৰীৰ মাজত কাজিয়া হয়, তেন্তে কপৌৰ পাখি শোৱা কোঠাৰ পূব দিশত ৰাখক। ইয়াৰ ফলত দুয়োৰে মাজত হোৱা কাজিয়াৰ অন্ত পৰিব।

ঋণাত্মক শক্তি

বহা কোঠাৰ দক্ষিণ ফালৰ যিকোনো চুকত কপৌৰ পাখি ৰাখিব লাগে। ইয়াৰ ফলত ঘৰত থকা ঋণাত্মক শক্তি আঁতৰি যায় আৰু ধনাত্মক শক্তি ঘৰত প্ৰৱেশ কৰে।

জেটুলি পকাত থাকে বহুতো পুষ্টিকৰ উপাদান ! কি কি ৰোগৰ বাবে জেটুলি পকা উপকাৰী? জানক…

দেখাত সৰু সৰু এইবিধ ফলৰ নাম হৈছে জেটুলি পকা, ইয়াৰ ইংৰাজী নাম Raspberries। ঠাই ভেদে হয়তো ইয়াৰ নাম বেলেগ বেলেগ হ’বও পাৰে। জেটুলি পকা বহু গুণৰ খনি। দেখাত সৰু হ’ব পাৰে কিন্তু স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী জেটুলি পকা। এই ফলটোত ভিটামিন চি আৰু ই অতি প্ৰচুৰ পৰিমাণে থাকে। স্বাস্থ্যৱান হৈ থাকিবলৈ আপুনি নিশ্চয় বহু ধৰণৰ ফল আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰে। সেই ফলৰ প্লেটখনত ৰাস্পবেৰীৰ ঠাই আছে নে? এই সৰু ফলবিধ ক’লা, বেঙুনীয়া, হালধীয়া আৰু সোণালী ৰঙৰ। এই ফলবিধত ভিটামিন চি আৰু ই অতি প্ৰচুৰ পৰিমাণে থাকে।

মগজুৰ বাবে উপকাৰী-
ৰাস্পবেৰীত বহু প্ৰকাৰৰ এন্টিঅক্সিডেন্ট থাকে। এইফল বিধে মগজুয়ে কাম-কাজ মসৃণ কৰি ৰখাৰ লগতে মগজুৰ উন্নতি সাধন কৰে। ইয়াত থকা ভিটামিন ই আৰু চিয়েও স্মৃতি শক্তি বৃদ্ধি কৰে।

হৃদযন্ত্ৰ সুস্থ কৰি ৰাখক
জেটুলি পকাত থকা এন্টিঅক্সিডেন্ট কেৱল মগজুৰ বাবেই নহয় হৃদযন্ত্ৰৰ বাবেও উপকাৰী। জেটুলি পকাৰ লগত তেজৰ চলাচল ঠিকেই থাকে। নিয়মীয়াকৈ ৰাস্পবেৰী খোৱা লোকৰ ৰক্তচাপ বৃদ্ধিৰ অভিযোগো কম। যাৰ বাবে হৃদযন্ত্ৰৰ স্বাস্থ্য শক্তিশালী হৈ থাকে।

কৰ্কট ৰোগৰ আশংকা কম হ’ব
জেটুলি পকাত এনে উপাদানো থাকে যিবোৰ কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰাত ফলপ্ৰসূ। এই মৌলবোৰো এক প্ৰকাৰৰ এন্টিঅক্সিডেন্ট যিয়ে কেন্সাৰ কোষক হত্যা কৰে। বিশেষকৈ পেট আৰু স্তন কেন্সাৰ হোৱাৰ সম্ভাৱনা কম।

ডায়েবেটিছ নিয়ন্ত্ৰণ কৰা
যিসকলৰ চুগাৰৰ সমস্যা আছে তেওঁলোকেও আৰামত ৰাস্পবেৰী খাব পাৰে। ডায়েটাৰসকলক ওজন কমাবলৈ ৰাস্পবেৰী খাবলৈও পৰামৰ্শ দিয়া হয়।

হজমৰ বাবে উপকাৰী
ৰাস্পবেৰী খোৱা লোকৰ হজম শক্তিও শক্তিশালী হৈ থাকে। ৰাস্পবেৰী খালে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে। পেটৰ সমস্যা যেনে কোষ্ঠকাঠিন্য, গেছ বা এচিডিটি থকা লোকে ৰাস্পবেৰী খালে উপকৃত হ’ব পাৰে।

চকুৰ বাবে ভাল
বয়স বৃদ্ধিৰ লগতে ৰাস্পবেৰী খোৱাটো চকুৰ বাবে উপকাৰী।

গণেশগুৰিৰ গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ৰাজ্যিক পৰ্যায়ৰ ৰোমাঞ্চকৰ ভলীবল প্ৰতিযোগিতা

সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত, অসম ভলিবল সন্থাৰ তত্বাৱধানত, মটক যুৱ ছাত্ৰ পৰিষদ, গুৱাহাটী মহানগৰ সমিতি আৰু গনেশগুৰি যুৱ সংঘৰ সহযোগত একাদশ সংখ্যক ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ২০২৩ সফলভাৱে সামৰণি পৰে।

ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাখন দুদিনীয়া কাৰ্যসূচীৰে ২৬ আৰু ২৭ ফ্ৰেব্ৰুৱাৰী তাৰিখে গণেশগুৰিৰ গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয়।

দ্বিতীয়দিনাৰ কাৰ্যসূচী অনুসৰি ক্ৰীড়া আলোচনী “ক্ৰীড়ানুৰাগ” উন্মোচন কৰে দৈনন্দিন বাৰ্তা কাকতৰ সম্পাদক শংকৰ গোহাঞিয়ে।

আনহাতে নিশা ১০.১২বজাৰ পৰা আৰম্ভ হোৱা অসম ৰাজ্যিক ক্ৰিয়া সন্থা আৰু সৰভোগৰ মাজৰ উত্তেজনা পূৰ্ণ চূড়ান্ত খেলখন উদ্বোধন কৰে টাই আহোম যুৱ ছাত্ৰ পৰিষদৰ সভাপতি দিলিপ গগৈয়ে।

৫ শতাধিক দৰ্শকৰ উপৰিও অসম তথা গুৱাহাটীৰ কেইবাজনো গণ্য-মান্য ব্যক্তিয়ে উপস্থিত থাকি ৰোমাঞ্চকৰ খেল খন উপভোগ কৰে।খেলখনত জয়ী হয় সৰভোগ।

উল্লেখ্য যে বিজয়ী দলক ট্ৰফিসহ নগদ ৩০,০০০টকা আৰু বিজিত দলক ট্ৰফিসহ নগদ ১৫,০০০ নগদ ধনৰ পুৰস্কাৰ আগবঢ়োৱাৰ লগতে শ্ৰেষ্ঠ খেলুৱৈলৈ ট্ৰফিসহ নগদ ৫,০০০ টকা পুৰস্কাৰ প্ৰদান কৰা হয়।

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অজয় ফুকনৰ গীতেৰে জীপাল হৈ পৰে খেল পথাৰৰ বাকৰি। খেলুৱৈ সকলেও তেওঁৰ গীতত এপাক স্ফূৰ্তিতে নাচিলে।

দ্বিতীয়বাৰৰ বাবে ফিফাৰ ‘দ্য বেষ্ট প্লেয়াৰ’ বঁটা লাভ লিয়নেল মেছিৰ…

লিয়নেল মেছিয়ে ২০২৩ চনৰ ২৭ ফেব্ৰুৱাৰীত ফিফাৰ ‘শ্ৰেষ্ঠ পুৰুষ খেলুৱৈ’ বঁটা লাভ কৰে। দ্বিতীয়বাৰৰ বাবে এই বঁটা দখল কৰিলে মেছিয়ে।আৰ্জেণ্টিনাৰ অধিনায়ক তথা বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰ লিয়নেল মেছিয়ে পুনৰবাৰ ফিফা ২০২২ চনৰ ‘শ্ৰেষ্ঠ খেলুৱৈ’ বঁটা লাভ কৰিছে। শেহতীয়াকৈ খেলা ফিফা বিশ্বকাপত মেছিয়ে আৰ্জেণ্টিনাক খিতাপ দিছিল। নিজৰ প্ৰদৰ্শনেৰে বিশ্বকাপত সকলোৰে হৃদয় জয় কৰা মেছিয়ে তেওঁৰ নামত এই বঁটা লাভ কৰে। ইয়াৰ উপৰিও বিশ্বকাপ বিজয়ী দলৰ প্ৰশিক্ষক লিয়নেল স্কোলোনিয়ে শ্ৰেষ্ঠ প্ৰশিক্ষকৰ বঁটা লাভ কৰে।

২০১৬ চনৰ পৰা আৰম্ভ হোৱা এই বঁটা মেছিয়ে দুবাৰকৈ লাভ কৰিছে। ইয়াৰ উপৰিও ক্রিষ্টিয়ানো ৰোনাল্ডো আৰু ৰবাৰ্ট লেৱাণ্ডোস্কিয়েও ২-২ বাৰ এই বঁটা লাভ কৰিছে। একে সময়তে লুকা মাড্ৰিকেও এবাৰ এই বঁটা লাভ কৰিছে। এইবাৰ মেছিয়ে কাইলিয়ান এম্বাপে আৰু ফ্ৰান্সৰ কৰিম বেনজেমাক পৰাস্ত কৰি এই বঁটা লাভ কৰে। বঁটা লাভ কৰাৰ পিছত মেছিয়ে নিজৰ ছ’চিয়েল মিডিয়াৰ জৰিয়তে বঁটাৰ ছবি শ্বেয়াৰ কৰি অনুৰাগী আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

আৰ্জেণ্টিনাৰ অনুৰাগীয়ে লাভ কৰে শ্ৰেষ্ঠ অনুৰাগীৰ বঁটা

আৰ্জেণ্টিনাৰ নামত বঁটাৰ শৃংখলা ইয়াতেই শেষ নহ’ল। দলটোক সমৰ্থন কৰা অনুৰাগীসকলক ‘শ্ৰেষ্ঠ অনুৰাগী’ বঁটা প্ৰদান কৰা হয়। যোৱা বিশ্বকাপতো অনুৰাগীয়ে নিজৰ দলটোক এক সুন্দৰভাৱে সহায় কৰিছিল।তাৎপৰ্যপূৰ্ণভাৱে লিয়নেল মেছিৰ হাতত ৭ বাৰ বেলন ডি অৰ বঁটা লাভ কৰাৰ অভিলেখ আছে। কিন্তু যোৱা বছৰ এই বঁটা ফ্ৰান্সৰ কৰিম বেনজেমাৰ নামত আছিল। একে সময়তে ক্রিষ্টিয়ানো ৰোনাল্ডো এই বঁটাৰ বাবে সৰ্বাধিক বাৰ মনোনীত হৈছে।

ফিফা বঁটা বিজয়ী

শ্ৰেষ্ঠ পুৰুষ খেলুৱৈ – লিয়নেল মেছি (আৰ্জেন্টিনা)।
পশ্চিম মহিলাৰ খেল- এলেক্সিয়া পুটেলাছ (স্পেইন)।
শ্ৰেষ্ঠ পুৰুষৰ গ’লৰক্ষক – এমিলিয়ানো মাৰ্টিনেজ (আৰ্জেন্টিনা)।
শ্ৰেষ্ঠ মহিলা গ’লৰক্ষক – মেৰী ইয়াৰপছ (ইংলেণ্ড)।
শ্ৰেষ্ঠ পুৰুষ প্ৰশিক্ষক – লিয়নেল স্কোলোনি (আৰ্জেন্টিনা)।
শ্ৰেষ্ঠ মহিলা প্ৰশিক্ষক – ছাৰিনা উইগমেন (ইংলেণ্ড)।
ফিফা পুস্কাছ বঁটা – ছাৰিনা উইগমেন (পোলেণ্ড)।
ফিফা মেলা খেলুৱৈ বঁটা – লুকা লোচাছভিলি (জৰ্জিয়া)।
ফিফা অনুৰাগী বঁটা – আৰ্জেন্টিনা অনুৰাগী।

মেট্ৰিকেই অমানিশা নমালে শতাধিক বিদ্যালয়লৈ ! শিক্ষাৰ পৰীক্ষাগাৰত গিনিপিগ ছাত্ৰ-ছাত্ৰী…

এখন দুখন নহয়, এশ পাঁচ খন বিদ্যালয়ৰ স্বীকৃতি বাতিল কৰিব মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই। উদ্বিগ্ন চিন্তিত ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক সকল। মেট্ৰিকৰ ফলাফলেই যেন কাল অমানিশা নমাই আনিলে এই বিদ্যালয় কেইখনলৈ। মেট্ৰিকৰ ফলাফলৰ বাবে দায়ী কোন এই বিষয়টো চৰকাৰ তথা শিক্ষা বিভাগে পৰ্যালোচনা কৰিছেনে। ফলাফল ওলোৱাৰ পিছত দুৰ্বল বিদ্যালয় কেইখনৰ বিৰুদ্ধে কি ব্যৱস্হা গ্ৰহন কৰিছে বিভাগটোৱে। বহু বিদ্যালয়ৰ অবস্হা তথৈবচ। ভঙা ডেক্স বেঞ্চ, অনাময় ব্যৱস্থাৰ নাই সুবিধা, নাই খোৱা পানীৰ সুবিধা পৰ্যন্ত। আনকি বহু বিদ্যালয়ত নাই পৰ্যাপ্ত শিক্ষক শিক্ষয়ত্ৰী। আনহাতে শিক্ষক শিক্ষয়ত্ৰীৰ সমস্যাও অনেক। প্ৰায় বছৰটোৰ অৰ্ধেক দিন ৰাজপথত আন্দোলন কৰোতেই যায়।

একাংশ শিক্ষকৰ বিৰুদ্ধে আছে জলপানিৰ ধন আত্মসাতৰ অভিযোগ। এই সকল শিক্ষক শিক্ষয়ত্ৰীৰ এচাম চৰকাৰী চাকৰীত নিযুক্তিৰ পূৰ্বে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নিযুক্ত হৈ আছিল। সেই সময়ত তেওঁলোকে নিৰ্দিষ্ট সময়ত শ্ৰেনীত উপস্থিত থকাৰ বিপৰীতে চৰকাৰী চাকৰিত বহুতেই পাহৰি যায় নিয়মানুবৰ্তিতা। একেদৰে তাহানি স্কুল পৰিদৰ্শক সকলে চাডেন ভিজিট দি বিদ্যালয়ৰ বিষয়ে উমান লৈছিল। আজি কালি বাতানুকূল কোঠাৰ পৰা পৰিদৰ্শকে বিদ্যালয় পৰিদৰ্শন কৰিবলৈ নাযায়। চৰকাৰে এনে কেৰোণ সমূহ আতৰোৱাৰ বিপৰীতে কেতিয়াবা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম বুলি বিদ্যালয় বন্ধ কৰি আন বিদ্যালয়ৰ সৈতে সংলগ্ন কৰি আহিছে। শেহতীয়াকৈ নতুন শিক্ষা নীতি ৰূপায়ন কৰাৰ প্ৰাক্ মূহুৰ্তত মেট্ৰিকৰ ফলাফলৰ দোহাই দি বন্ধ কৰিবলৈ ওলাইছে শতাধিক বিদ্যালয়। এইয়া কিমান যুক্তিসংগত সেয়া অসমবাসীৰ বিচাৰ্যৰ বিষয়।

বন্দনা কলিতা হত্যাকাৰী হৈছিল কিয়? অনাদৰ অৱহেলা নে নতুন চিত্ৰ নাট্য…

বন্দনা কলিতা হত্যাকাৰী হৈছিল কিয়? অনাদৰ অৱহেলা নে নতুন চিত্ৰ নাট্য! প্ৰেম হিংসাত পৰিণত হৈছিল কিয়?
ক্ষোভে জন্ম দিছিল নেকি লালসাৰ ! গুৱাহাটীৰ ডাবল মাৰ্ডাৰ খ্যাত ঘটনাৰ খলনায়িকা বন্দনা কলিতা জন্মগত ভাবে হত্যাকাৰী আছিল নেকি। আৰক্ষীক দিয়া স্বীকাৰোক্তিত কিমান সত্যতা আছে। নে চতুৰ বন্দিতাৰ এইয়া অনুকম্পা আদায়ৰ নতুন চিত্ৰনাট্য। কি কৈছিল আৰক্ষীক বন্দনাই-

বাৰ বছৰ পূৰ্বে নাৰেংগীৰ অমৰ দে’ ৰ সৈতে প্ৰেম বিবাহ হৈছিল বন্দনাৰ। বিয়াত দুয়োখন ঘৰৰ মত নথকাত কিছু সমস্যাত পৰিছিল নৱ বিবাহিতা দম্পতীয়ে। বন্দনাই কল চেন্টাৰত কাম কৰি ঘৰ চলাইছিল। আনহাতে অমৰ আছিল সুৰাপায়ী। পিছলৈ নিষিদ্ধ ড্ৰাগছ সেৱনত ধৰাৰ লগতে নাৰীৰ প্ৰতি গঢ়ি উঠিছিল আন এক আসক্তিয়ে। বন্দনাৰ মতে অমৰে মেঘালয়ৰ কোনোবা যুবতীক ভাল পাইছিল। এই লৈ দুয়োৰে মাজত সৃষ্টি হৈছিল বাক বিতণ্ডাৰ। ক্ৰমে অত্যাচাৰ বাঢ়ি দুয়োৰে মাজত ব্যৱধানো বৃদ্ধি হৈছিল। অমৰ ইমান তললৈ গৈছিল যে নিজৰ পত্নীৰ সম্মুখত আন যুৱতীৰ সৈতে অন্তৰংগ মূহুৰ্ত কটাবলৈ দ্বিধা কৰা নাছিল। উপায়হীন হৈ বন্দনাই শাহু শংকৰী দে’ক সকলো জনাইছিল যদিও পুত্ৰস্নেহৰ বাবে পোটছাটেই অগ্ৰাহ্য কৰিছিল বন্দনাৰ অভিযোগ। লাহে লাহে স্বামীৰ অবহেলা আৰু নষ্ট চৰিত্ৰৰ লগতে শাহুৱেকৰ কাৰ্যই ক্ষোভৰ জন্ম দিছিল বন্দনাৰ হৃদয়ত। বন্দনাৰ ভাষ্যমতে অমৰৰ অভিষাৰৰ দৃশ্য ৰেকৰ্ডিং কৰি মাকক দেখুৱাই দিয়াৰ পিছত বন্দনাক ধৈয্য ধৰিবলৈ দিয়া উপদেশে গুলী খোৱা বাঘল ৰূপান্তৰ কৰিছিল বন্দনাক। এই সময়ত বন্দনাৰ দুখৰ সমভাগী হৈছিল একালৰ কলেজীয়া সহপাঠী ধনটি ডেকা। দিনবোৰ পাৰ হৈ গৈছিল তেনেদৰে। ইফালে অবস্হা শোচনীয় হৈ আহিছিল অমৰৰ।

শংকৰী দে’ পুত্ৰৰ খাটিৰত বন্দনাক আকোৱালি লৈছিল যদিও বন্দনাই লব পৰা নাছিল। শাহুৱেকৰ দুৰ্বলতাৰ সুযোগ লৈ শংকৰী দে’ৰ পৰা ধন সৰকোৱাৰ নামি পৰিছিল বন্দনা। ইতিমধ্যে তেওঁলোকৰ লগ লাগিছিল অৰূপ ডেকা। ধনটিক গাড়ী কিনিবলৈ টকা দিয়াৰ লগতে ভনীয়েকৰ বিয়াৰ বাবেও দিছিল ধন। একেদৰে অৰূপৰ বিয়াৰ বাবেও দিছিল দুই লাখ টকা। ধনটিৰ ঘৰতেই এই হত্যাকাণ্ডৰ পৰিকল্পনা কৰিছিল বন্দনাই। বন্দনাৰ হত্যাকাণ্ডৰ আৰত প্ৰতিশোধ নে পৰকীয়া প্ৰেম সেয়া আৰক্ষীৰ তদন্ত পোহৰলৈ আহিব। এই হত্যাকাণ্ডত ধনৰ লালসা লুকাই আছিল নেকি সেইটোও নুই কৰিব নোৱাৰি। অবশ্যে এই সকলো জল্পনা কল্পনাৰ ওৰ পৰিব আৰক্ষীৰ নিৰপেক্ষ তদন্তত।

শিলসাঁকোত ছাত্ৰ ছাত্ৰীৰ আৰ্তনাদ ! বেদখলী মাটিত বিদ্যুৎ সংযোগ দিছিল শক্তি বিভাগে…

ৰাজ্যত চলি আছে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। আকৌ ৩ মাৰ্চৰ পৰা আৰম্ভ হব হাইস্কুল শিক্ষান্ত চূড়ান্ত পৰীক্ষা। শিলসাঁকোৰ বেদখল মুক্ত কৰিবলৈ পূৰ্বে সময় নোপোৱা মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ কৰ্তৃপক্ষই আজি বিশাল আৰক্ষী বাহিনী, বুলড’জাৰ লৈ এফালৰ পৰা ধ্বংস কৰি যায় বেদখলকাৰীৰ বাসগৃহ। উচ্ছেদিত জনতাৰ কৰুণ বিননী, ছাত্ৰ ছাত্ৰীৰ অনুৰোধেও তিলমাত্ৰ সহানুভূতি আদায় কৰিব নোৱাৰিলে। চৰকাৰে চৰকাৰী কাম কৰিছে।

কবলৈ একো নাই। কিন্তু প্ৰশ্ন হৈছে কিয় ইতিপূৰ্বেও শিলসাঁকোত উচ্ছেদ চলোৱাৰ সময়ত চৰকাৰে সংস্হাপন দিয়াৰ কথা কৈছিল উচ্ছেদিত সকলক। প্ৰশাসনে পূৰ্বে শিলসাঁকোত বেদখল হোৱা দৃষ্টি খোচৰ হোৱা নাছিল নেকি । একেদৰে চৰকাৰী ভূমিত কি আইনৰ অধীনত শক্তি বিভাগে বিদ্যুত সংযোগ কৰিছিল। অবৈধ দখলকাৰীক অবৈধ ভাবে বিদ্যুত যোগান দিয়া বাবে দোষী বিষয়া আমোলাৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্হা গ্ৰহন কৰিব। একেদৰে দীৰ্ঘদিন ধৰি শক্তি বিভাগে আদায় কৰি অহা মাচুল ওভোটাই দিবনে দুৰ্ভগীয়া সকলক। এইয়া সচেতন মহলৰ লগতে আজি সৰ্বত্ৰে চৰ্চিত হোৱা বিষয়। চৰকাৰ প্ৰশাসনে ৰাইজক উত্তৰ দিয়ে নে নাই সেয়া সময়ত পোহৰলৈ আহিব।

অখিল গগৈ আৰু পৱন খেড়ালৈ সকাহ আদালতৰ ! ৩ মাৰ্চলৈ গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে

শিৱসাগৰৰ বিধায়ক অখিল গগৈ আৰু কংগ্ৰেছ নেতা পৱন খেড়াক সাময়িক সকাহ উচ্চতম ন্যায়ালয়ৰ। বিধায়ক অখিল গগৈৰ “নিয়া” ৰ গোচৰ সম্পৰ্কীয় গোচৰৰ শুনানী ৩ মাৰ্চলৈ স্হগিত ৰখাৰ লগতে তেওঁৰ জামিনৰ ম্যাদো ৩ মাৰ্চলৈ বৃদ্ধি কৰে। একেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অপমানসূচক মন্তব্য কৰি অসম চৰকাৰৰ ৰোষত পৰা পৱন খেড়াৰ বিৰুদ্ধে হাফলং থানাত ৰুজু হৈছিল গোচৰ।

দিল্লীৰ বিমান বন্দৰত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল অসম আৰক্ষীৰ অনুৰোধ মৰ্মে দিল্লীৰ আৰক্ষীয়ে। কিন্তু উচ্চতম ন্যায়ালয়ে তেওঁক প্ৰদান কৰে জামিন। পৱন খেড়াকো অসম আৰক্ষীয়ে ৩ মাৰ্চ পৰ্যন্ত গ্ৰেপ্তাৰ কৰিব নোৱাৰিব। উচ্চতম ন্যায়ালয়ে এই গোচৰটোৰ শুনানী ৩ মাৰ্চত গ্ৰহন কৰিব। ন্যায়ালয়ে পৱন খেড়াৰ জামিনৰ ম্যাদ ৩ মাৰ্চলৈ বৃদ্ধি কৰে।