Home Blog Page 1777

দৰং জিলা সাহিত্য সভাৰ ৪৭ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশনৰ লাইখুঁটা স্থাপন

দৰং জিলাৰ ঐতিহ্যমণ্ডিত সৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত আজি উদুলি-মুদুলি পৰিবেশত দৰং জিলা সাহিত্য সভাৰ ৪৭ তম দ্বি-বাৰ্ষিক অধিবেশনৰ লাইখুঁটা স্থাপন কৰা হয়।

লাইখুঁটা স্থাপন কৰে বুঢ়ীনগৰ কণিষ্ঠ মহাবিদ্যালয়ৰ প্ৰৱক্তা জীতেন হাজৰিকাই। তেওঁ আগন্তুক অধিবেশন সৰ্বতোপ্ৰকাৰে সাফল্য মণ্ডিত কৰি তুলিবলৈ আঞ্চলিক ৰাইজক আহ্বান জনায়। অনুষ্ঠানটোত উপস্থিত থাকি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশীয়ে অসম সাহিত্য সভা ৰাইজৰ প্ৰাণৰ অনুষ্ঠান বুলি অভিহিত কৰি কয়- দৰঙী ৰাইজৰ সহায় সহযোগিতাত ৪৭ তম সৰাবাৰী অধিবেশন জাকজমকতাৰে অনুষ্ঠিত হ’ব।

লাইখুঁটা স্থাপনৰ পিচত শাখা সাহিত্য সভাৰ সম্পাদক ভদ্ৰকান্ত কলিতাই আত ধৰা এখন সভাত দৰং জিলা সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি বৰোদা শইকীয়া গৌতমানন্দ্ৰ গোস্বামীকে ধৰি কেবাজনো বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে, অহা জানুৱাৰী মাহৰ ৭ আৰু ৮ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে হ’বলগীয়া অধিবেশনৰ বাবে ইতিমধ্যে বিধায়ক পৰমানন্দ ৰাজবংশীক সভাপতি , অৱসৰপ্ৰাপ্ত শিক্ষক লংকেশ্বৰ হাজৰিকাক কাৰ্যকৰী সভাপতি,দিপক ৰাই বৰুৱা আৰু হেমন্ত চহৰীয়াক সম্পাদক হিচাপে লৈ ৭ খন উপসমিতি  উদযাপন সমিতি খন গঠন কৰা হৈছে বুলি শাখাৰ সভাপতি নাৰায়ণ শৰ্মাই জানিব দিয়ে ৷ 

-দ্বীপেন ডেকা 

নলবাৰী ৰাজেন্দ্ৰ চৌধুৰী ভৱনত বিজেপি নলবাৰী সংখ্যালঘু মৰ্চা নলবাৰী টাউন মণ্ডল সমিতিৰ দ্বিতীয় কাৰ্যনিৰ্বাহক সভা

নলবাৰীত আজি ভাৰতীয় জনতা পাৰ্টী সংখ্যালঘু মৰ্চা নলবাৰী টাউন মণ্ডল সমিতিৰ দ্বিতীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয়।

নলবাৰী চহৰৰ ৰাজেন্দ্ৰ চৌধুৰী ভৱনত এই ভাৰতীয় জনতা পাৰ্টী সংখ্যালঘু মৰ্চা নলবাৰী টাউন মণ্ডল সমিতিৰ দ্বিতীয় কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত কৰা হয় । এই কাৰ্যনিৰ্বাহক সভাত সংখ্যালঘু মৰ্চাৰ বিভিন্ন দিশ সন্দৰ্ভৰ লগতে অনাগত দিনৰ কাৰ্যপন্থা সমূহত বিষদ ভাৱে আলোচনা কৰা হয় ।

আজিৰ এই সংখ্যালঘু মৰ্চা নলবাৰী টাউন মণ্ডলৰ দ্বিতীয়  কাৰ্যনিৰ্বাহক সভাত ভাৰতীয় জনতা পাৰ্টী নলবাৰী টাউন মণ্ডলৰ সমিতিৰ সভানেত্ৰী অজিতা বৰ্মন,নলবাৰী পৌৰসভাৰ অধ্যক্ষ জয়শ্ৰী তালুকদাৰ,বিজেপি নলবাৰী সংখ্যালঘু মৰ্চাৰ সম্পাদিকা ৰুবী বেগন সহ ভালেকেইগৰাকী বিষয়ববীয়া আৰু কৰ্মী উপস্থিত থাকে৷

নগাঁৱত “এইম” ৰ উদ্যোগত কেৰিয়াৰ কাউনচেলিংৰ প্ৰশিক্ষণ শিৱিৰ সম্পন্ন…

নৱপ্ৰজন্মৰ শিক্ষিত যুৱক যুৱতী সকলক এক নতুন পথৰ সন্ধান দিয়াৰ উদ্দেশ্যে আজি নগাঁও খগেন মহন্ত প্ৰেক্ষাগৃহত দিনযোৰা এক সজাগতা প্ৰশিক্ষণ শিৱিৰ সম্পন্ন হৈ যায়।

কেৰিয়াৰ কাউনচেলিঙৰ এই প্ৰশিক্ষণ শিৱিৰটো ভাৰতবৰ্ষৰ বহুকেইজন বিশিষ্ট কেৰিয়াৰ কাউনচেলে উপস্থিত ছাত্ৰছাত্ৰী সকলক বিভিন্ন বিষয়ত কাউনচেলিং কৰে ৷

গুৱাহাটীৰ প্ৰতিস্থিত “এইম” প্ৰতিষ্ঠানৰ উদ্যোগত আয়োজিত কেৰিয়াৰ কাউইচেলিংৰ এই প্ৰশিক্ষণ শিৱিৰটো নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে এ.বি.বি. এছ বাংগালোৰৰ বিষয়া শংকৰ মুৰুলীধৰণ,ব্যক্তিগত খণ্ডৰ চিৎকাৰা বিশ্ববিদ্যালয়ৰ উপ প্ৰৱন্ধক

অক্ষয় কুমাৰ,এমবিচন ইন মাইণ্ডৰ প্ৰতিষ্ঠাতা তথা উত পূৱ ভাৰতৰ দায়িত্বৰত বিষয়া চেলিমা জুলফিকৰ লস্কৰ,ডাঃ কিৰণ জি ৰেড্ডী,শংকৰ দেৱদত্ত,অৰিন্দম মুদক,টিংকুমনি বৰা,ডাঃ ৰঞ্জিত সিংৰ লগতে অন্যান্য বহু কেইজনে কেৰিয়াৰ কাউইচেলিংৰ ওপৰত বিষদভাৱে বক্তব্য প্ৰদান কৰে ৷

আজিৰ এই কেৰিয়াৰ কাউইচেলিং প্ৰশিক্ষণ শিৱিৰত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক ছাত্ৰছাত্ৰীয়ে অংশগ্ৰহণ কৰাৰ লগতে দেশৰ বহুকেইখন উচ্চ মানবিশিষ্ট ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ৰ কাউনচেলিঙ সকলে অংশগ্ৰহণ কৰে ৷

দিনযোৰা অনুষ্ঠানটিৰ আতঁধৰে নগাঁৱৰ উদীয়মান যুৱতী বৰষা বৰাই ৷ দেশৰ সৰ্ব্বমুঠ ১৫ খনকৈ ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে আজিৰ এই কেৰিয়াৰ কাউনচেলিঙ প্ৰশিক্ষণ শিৱিৰত ৷

বিলাসীপাৰাত আৰম্ভ অসম প্ৰিমিয়াৰ ক্লাৱ চেম্পিয়নশ্বিপ

বিলাসীপাৰাত আৰম্ভ হয় পঞ্চম সংখ্যক অসম প্ৰিমিয়াৰ ক্লাৱ চেম্পিয়নশ্বিপত ২০২২-২৩ বৰ্ষৰ ক্ৰিকেট প্ৰতিযোগিতা।


বিলাসীপাৰা জিলা ক্ৰিকেট সন্থাৰ সহযোগত ৰোকাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল-পথাৰত আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়।মহকুমাধিপতিয়ে মুকলি কৰা প্ৰতিযোগিতা খনত মুঠ ৯খন ক্ৰিকেট দলে অংশগ্ৰহণ কৰিব।


আজিৰ পৰা ৮ জানুৱাৰী ২০২৩ তাৰিখলৈ চলিব এই প্ৰতিযোগিতা।

উল্লেখযোগ্য যে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে- মহকুমাটোৰ মুঠ ৯টা ক্ৰিকেট দলে।

আজি এই অনুষ্ঠানত জিলা ক্ৰিকেট সন্থাৰ সভাপতি, সম্পাদক আৰু গুণ্য মান্য ব্যক্তিসকল উপস্থিত থাকে।

-জহিৰুল ইছলামৰ

দৈনন্দিন বাৰ্তা কাকতৰ জ্যেষ্ঠ সাংবাদিক জয়দেৱ ডেকালৈ মুক্ত কবি কন্ঠ যুৱ সাংবাদিকতা বঁটা ২০২২

দৈনন্দিন বাৰ্তা কাকতৰ দিপীলাৰ জ্যেষ্ঠ সাংবাদিক জয়দেৱ ডেকাক মুক্ত কবি আন্তৰ্জাতিক মঞ্চই প্ৰদান কৰিলে মুক্ত কবি কন্ঠ যুৱ সাংবাদিকতা বঁটা ২০২২ ৷

টেঙাখাত গ্ৰাম্য পৰ্যটন মেলাৰ স্থলিত উখল মাখল পৰিবেশ

ন-খঙীয়া গাওঁ সুৰক্ষা উন্নয়ন সমিতিৰ উদ্যোগ তথা টেঙাখাতবাসী ৰাইজৰ সহযোগত ন-খঙীয়া বীৰ লাচিত বৰফুকন খেলপথাৰত আগন্তুক ৬-৭ আৰু ৮ জানুৱাৰীত অনুষ্ঠিত হব লগা টেঙাখাত গ্ৰাম্য পৰ্যটন মেলাৰ বাবে ইতিমধ্যে গঠন হোৱা উদযাপন সমিতিয়ে ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে ।

আজি উদযাপন সমিতিৰ তৎপৰতাত গাৰ্গী চেতিয়াৰ নতৃত্বত গামখাৰু নৃত্য দল ,কল্যাণ বৰবড়াৰ নেতৃত্বত পশ্চিম পানধোৱা সোনোৱাল হুঁচৰী দল ,তুফান সিং ভূমিজৰ নেতৃত্বত পৃথুনগৰ ঝুমুৰ দল ,

কিৰণ সন্দিকৈৰ নেতৃত্বত ন-খঙীয়া ভক্তি প্ৰেৰক দিহানাম দল ,হিমাদ্ৰী সোনোৱালৰ নতৃত্বত দক্ষিণ কপহুৱা গাভৰু লেচেৰী দল ,

ৰিঞ্জুৱানা ৰহমানৰ নেতৃত্বত ভেৰেকীবাম জিকিৰ দল তথা বড়ো মিচিং বিহু দল আদিয়ে অভ্যৰ্থনা সমিতি তথা বহু শুভাকাংক্ষী ৰাইজৰ উপস্থিতিত উৎসৱমুখৰ পৰিবেশত অনুশীলন কৰা পৰিলক্ষিত হয় ।

– ব্ৰজেন গগৈ

দেৰগাঁৱৰ বাঁহগুৰি উদয়ন জনজাতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী সামৰণি অনুষ্ঠান…

১৬ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ বাঁহগুৰি উদয়ন জনজাতি উচ্চতৰ মাধ্যমিক বিদ্যলয়ৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়।

১৬,১৭ ডিচেম্বৰৰ বিভিন্ন কাৰ্য্যসূচীৰ সফল সামৰণিৰ পাছত আজি অথাৎ ১৮ ডিচেম্বৰত অনুষ্ঠিত মুকলি সভাত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য পুৰুষোত্তম দলেকে আদিকৰি বহু সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

আজি এই মুকলি সভাতে বিদ্যালয় খনৰ লগত ওতপ্ৰোত ভাবে জড়িত কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰে।

দিব্য জ্যোতি কাকতি

পদিনাৰ উপকাৰিতাৰ বিষয়ে জানো আহক…

পদিনাৰ উপকাৰিতা :

সাধাৰণতে চাহ,চাটনী বা অন্য ৰন্ধন প্ৰকৰণত প্ৰয়োগ কৰা পদিনা এবিধ বাৰমহীয়া সুগন্ধিযুক্ত বনৌষধি । কেইবাটাও বৰ্ণসংকৰ প্ৰজাতিত উপলব্ধ এই চিৰসেউজ তৃণজাতীয় গছবিধ ভাৰতবৰ্ষৰ লগতে পৃথিৱীৰ প্ৰায়বোৰ দেশতে পোৱা যায় । পদিনাৰ সুগন্ধি আয়ুৰ্ৱেদিক ঔষধ হিচাপে ব্যৱহাৰ কৰা হয় । সুস্বাস্থ্যৰ বাবে বিভিন্ন প্ৰকাৰে উপকাৰী পদিনাৰ কেইটামান বিশেষ প্ৰয়োগৰ বিষয়ে জানো আহক-

(১) চালাডত পদিনাৰ পাতৰ প্ৰয়োগ কৰাটো স্বাস্থ্যবৰ্ধক । যদি সদায় পদিনাৰ কেইটামান পাত চোবাই খাব পৰা যায়,তেন্তে দাঁতৰ বিষ, দাঁতৰ আলুৰ পৰা তেজ ওলোৱা, পায়ৰিয়া আদি ৰোগৰ পৰা হাত হাৰিব পাৰি ।

(২) পদিনাৰ ৪-৫ টা পাত লৈ পানীত উতলাৱক আৰু পানীখিনি ঠাণ্ডা হোৱাৰ পাছত ফ্ৰিজত ৰাখক । সেই পানী মুখত লৈ কুলকুলি কৰিলে মুখৰ দূৰ্গন্ধ আঁতৰ হয় ।

(৩) পদিনাৰ পাত মিহলাই তৈয়াৰ কৰা চাহ খালে ছালৰ বিকাৰ আৰু পেটৰ সকলো সমস্যা নাশ হয় ।

(৪) পদিনাৰ পাতৰ পৰা প্ৰস্তুত কৰা তেল কীটনাশক হয় । এই তেল ঘৰৰ চাৰিওফালে ছটিয়ালে মহ, মাখি, পৰুৱা আদি পলাই যায় ।

(৫) এটা গামলাত পানী লৈ সেই পানীত কেইটোপালমান পদিনাৰ তেল মিহলাই তাত ভৰিকেইটা ৰাখি থলে ভাগৰ নোহোৱা হয় ।

(৬) পদিনাৰ পাত পিহি তাৰ প্ৰলেপ মুখত লগালে বা তাৰ ভাপ ললে শালমইনা, বিভিন্ন দাগ,মুখত পৰা বৰ্ধিত বয়সৰ চাপ আদি নোহোৱা হয় ।

(৭) হঠাতে পেট বিষ হলে পদিনাৰ সজীৱ ৰসৰ লগত আদা আৰু সৈন্ধৱ লৱণ মিহলাই সেৱন কৰিলে লাভ হয় ।

(৮) যদি কাহ হয়,তেন্তে পদিনা মিহলাই তৈয়াৰ কৰা চাহৰ লগত অকণমান নিমখ দি খালে আৰাম পোৱা যায় ।

(৯) পদিনাৰ পাতৰ সজীৱ ৰস ক্ষয়ৰোগ,অষ্টমা আৰু শ্বাস-প্ৰশ্বাস সম্বন্ধীয় ৰোগত উপকাৰী ।

(১০) পদিনাৰ ৰসৰ সৈতে মৌজোল মিহলাই সেৱন কৰিলে চৰ্দি,পানীলগা,জ্বৰ আদি ৰোগ উপশম হয় । লগতে নিমুনিয়াৰ দ্বাৰা দেখা দিয়া লক্ষণসমূহো নষ্ট হৈ যায় ।

লেখক : ৰিদিপৰঞ্জন চেতিয়া

গাঁঠিৰ বিষৰ সমস্যাত ভুগিছে নেকি? কিছুমান বিশেষ যোগাসন কৰাৰ অভ্য়াস গঢ়ি তোলক

বাতবিষ বা বাতবিষৰ বাবে গাঁঠিৰ তীব্ৰ বিষৰ সমস্যা। ঠাণ্ডাৰ দিনত এই বিষ বেছিকৈ বাঢ়ে। বিশেষকৈ যদি আপোনাৰ বয়স বা ওজন বেছি হয়, তেতিয়া হাড়বোৰ দুৰ্বল হৈ পৰে আৰু বিষৰ সমস্যা বাঢ়ি যায়। যদি আপুনি শীতৰ দিনত এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব বিচাৰে, তেন্তে দৈনিক কিছুমান বিশেষ যোগাসন কৰাটো অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে।

  • পোনে পোনে থিয় হওক। সোঁ ভৰিখন বাওঁফালে বেঁকা কৰি বাওঁ উৰুত ৰাখক।

এতিয়া উশাহ লোৱাৰ সময়ত দুয়োখন হাত ওপৰলৈ তুলি মূৰৰ ওপৰত দুয়োখন হাতৰ তলুৱা সংযোগ কৰি নমস্তে অৱস্থান কৰক।

লাহে লাহে উশাহ এৰি হাত দুখন তললৈ নমাই আনিব। এতিয়া ভৰিখন আঁঠুৰ পৰা আঁতৰাই তললৈ নমাই ৰাখক।

পশ্চিম দিশলৈ গতি

এই যোগাসন কৰিবলৈ পিঠিখন পোন হৈ ভৰি দুখন আগফালৰ ফালে ৰাখি বহিব লাগে।

এতিয়া হাত দুখন ওপৰলৈ তুলি একেলগে উশাহ লওক।

উশাহ এৰি দিওঁতে লাহে লাহে আগলৈ বেঁকা হ’ব।

ডিঙি তললৈ নমাই ভৰি চুবলৈ চেষ্টা কৰক। তাৰ পিছত সাধাৰণ অৱস্থালৈ উভতি যাওক।

ত্ৰিকোনাসন

  • ভৰি দুখন পৃথক কৰি পোনে পোনে থিয় হওক।

লাহে লাহে উশাহ লওক আৰু উশাহ এৰি দিওঁতে শৰীৰটো সোঁফালে হেলনীয়া কৰক। এতিয়া বাওঁহাতখন ওপৰলৈ তুলি পোন কৰি লওক।

  • সোঁহাতখন আঁঠু বা মজিয়াত ৰাখক, থিয় হ’লে সহায় কৰিব।

কিছু সময়ৰ পাছত স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব। তাৰ পিছত আনফালে এই যোগাসন পুনৰাবৃত্তি কৰক।লওক, তাৰ পিছত হাত দুখন আগলৈ লৈ যাওক, আৰু তাৰ পিছত মেৰুদণ্ড বেঁকা কৰি পোন কৰক।হাত আৰু আঁঠু মাটিত ৰাখিব। লাহে লাহে উশাহ লৈ গৰুৰ ভংগীমালৈ আহক।

তাৰ পিছত উশাহ এটা লৈ পুনৰ এই কাৰ্য্য পুনৰাবৃত্তি কৰক।


নগাঁৱত “এইম” ৰ উদ্যোগত কেৰিয়াৰ কাউনচেলিঙৰ প্ৰশিক্ষণ শিৱিৰ সম্পন্ন

নৱপ্ৰজন্মৰ শিক্ষিত যুৱক যুৱতী সকলক এক নতুন পথৰ সন্ধান দিয়াৰ উদ্দেশ্যে নগাঁও খগেন মহন্ত প্ৰেক্ষাগৃহত দিনযোৰা এক সজাগতা প্ৰশিক্ষণ শিৱিৰ সম্পন্ন হৈ যায়। কেৰিয়াৰ কাউনচেলিঙৰ এই প্ৰশিক্ষণ শিৱিৰটো ভাৰতবৰ্ষৰ বহুকেইজন বিশিষ্ট কেৰিয়াৰ কাউনচেলে উপস্থিত ছাত্ৰছাত্ৰী সকলক বিভিন্ন বিষয়ত কাউনচেলিং কৰে ৷ গুৱাহাটীৰ প্ৰতিস্থিত “এইম” প্ৰতিষ্ঠানৰ উদ্যোগত আয়োজিত কেৰিয়াৰ কাউইচেলিংৰ এই প্ৰশিক্ষণ শিৱিৰটো নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে এ.বি.বি. এছ বাংগালোৰৰ বিষয়া শংকৰ মুৰুলীধৰণ,ব্যক্তিগত খণ্ডৰ চিৎকাৰা বিশ্ববিদ্যালয়ৰ উপ প্ৰৱন্ধক অক্ষয় কুমাৰ,এমবিচন ইন মাইণ্ডৰ প্ৰতিষ্ঠাতা তথা উত পূৱ ভাৰতৰ দায়িত্বৰত বিষয়া চেলিমা জুলফিকৰ লস্কৰ,ডাঃ কিৰণ জি ৰেড্ডী,শংকৰ দেৱদত্ত,অৰিন্দম মুদক,টিংকুমনি বৰা,ডাঃ ৰঞ্জিত সিংৰ লগতে অন্যান্য বহু কেইজনে কেৰিয়াৰ কাউইচেলিংৰ ওপৰত বিষদভাৱে বক্তব্য প্ৰদান কৰে ৷

এই কেৰিয়াৰ কাউইচেলিং প্ৰশিক্ষণ শিৱিৰত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক ছাত্ৰছাত্ৰীয়ে অংশগ্ৰহণ কৰাৰ লগতে দেশৰ বহুকেইখন উচ্চ মানবিশিষ্ট ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ৰ কাউনচেলিঙ সকলে অংশগ্ৰহণ কৰে ৷ দিনযোৰা অনুষ্ঠানটিৰ আতঁধৰে নগাঁৱৰ উদীয়মান যুৱতী বৰষা বৰাই ৷ দেশৰ সৰ্ব্বমুঠ ১৫ খনকৈ ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে আজিৰ এই কেৰিয়াৰ কাউনচেলিঙ প্ৰশিক্ষণ শিৱিৰত ৷