Benjamin Netanyahu speaks during a ceremony where Israel President Isaac Herzog hands him the mandate to form a new government following the victory of the former premier's right-wing alliance in this month's election at the President's residency in Jerusalem November 13, 2022. REUTERS/ Ronen Zvulun
ইজৰাইলত যোৱা ১ নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হৈছিল। সেই নিৰ্বাচনত সোঁপন্থী লিকুড দলে ১২০ খন আসনৰ ভিতৰত ৩২ খন আসন লাভ কৰিছিল। য়াইৰ লাপিদৰ দল য়েশ আতিদে ২৪ খন আসন লাভ কৰিছিল। অন্যান্য সোঁপন্থী আৰু মধ্যমপন্থী দলসমূহে নেতান্যহুক সমৰ্থন কৰিছিল।
১২ বছৰ শাসনত থকাৰ পিছত ২০২১ চনৰ জুন মাহত বেঞ্জামিন নেতান্যহুৰ ঠাইত এখন নতুন চৰকাৰ ক্ষমতালৈ আহে। য়াইৰ লাপিদ প্ৰধানমন্ত্ৰী হয়। কিন্তু ডেৰ বছৰৰ ভিতৰতে শাসনাধিষ্ঠিত মধ্যমপন্থী মিত্ৰজোঁটৰ অন্তৰ্দ্বন্দ্বৰ বাবে ইজৰাইলত পুনৰ নিৰ্বাচন অনুষ্ঠিত হয়।
৩০ ডিচেম্বৰ ২০২২ ইং তাৰিখে নাৰী শিক্ষাৰ প্ৰাণকেন্দ্ৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা বিদ্যাপীঠ, নলবাৰী আৰু শিক্ষক শিক্ষা সংসদ(CTEF),নলবাৰী ৰ সহযোগত জিলা ভিত্তিক এখন আলোচনা চক্ৰ আয়োজিত কৰা হয় । উক্ত সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিক্ষাবিদ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপিকা ( Prof. EMERITUS), আন্তৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সংগঠন শিক্ষক শিক্ষা সংসদৰ সচিব প্ৰধান ড: নীলিমা ভাগৱতী বাইদেউএ ।
তিনি শতাধিক ছাত্ৰী , শিক্ষক শিক্ষয়িত্ৰী তথা অভিভাৱক সকলক উদ্দেশ্যি তেখেতে কয় যে ঋণাত্মক চিন্তাই আমাৰ জীৱনত অত্যন্ত বিৰূপ প্ৰভাৱ পেলায়। আমি প্ৰতিজনে ধনাত্মক হৈ আগবাঢ়িব লাগিব । ঋনাত্মক চিন্তা ই অকল শৈক্ষিক ক্ষেত্ৰ ত নহয় , শাৰীৰিক, মানসিক আৰু বৌদ্ধিক ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলায়।আমি প্ৰতিজনে যোগ তথা প্ৰাণায়ামত গুৰুত্ব দিব লাগে। মানসিক ভাৱে শক্তিশালী আৰু ধনাত্মক চিন্তা অবিহনে বৰ্তমান সমাজত সুস্হ সবল ভাবে বৰ্তি থকা অত্যন্ত কঠিন ।
উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক বঁটা আৰু এককালীন আর্থিক সাহাৰ্য বিতৰণৰ এই কাৰ্যসূচীত মুঠ প্ৰায় ২ কোটি ৭০ লাখ টকা কৃতিমান ছাত্র ছাত্ৰী সকললৈ প্ৰদান কৰা হয়।
জলপানি বিতৰণ কাৰ্যসূচীত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ সোনোৱাল, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন সহ অন্যান্য সকল উপস্থিত থকা লগতে ৰাজ্যৰ প্ৰতিখন জিলা পৰা সোণোৱাল কছাৰী জনগোষ্ঠীয় ছাত্ৰ ছাত্ৰী সকল উপস্থিত থাকে।