Home Blog Page 1854

কাটাৰত ফুটবলৰ মহাৰণ-ফিফা বিশ্বকাপ ২০২২। মৰুৰ দেশ কাটাৰ পৰিণত হৈছে ৰণাংগনলৈ… 

অহা ২০ নৱেম্বৰ ২০২২ তাৰিখৰ পৰা ১৮ ডিচেম্বৰলৈ কাটাৰত অনুষ্ঠিত হব বিশ্বৰ আটাইতকৈ জনপ্ৰিয় ফুটবলৰ প্ৰতিযোগিতা ফিফা বিশ্বকাপ। বিশ্বৰ সমাজ, সংস্কৃতি, শিক্ষা ৰাজনীতি, অৰ্থনীতি সৰ্বদিশত বিৰূপ পেলোৱা ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ মাজতেই আন এখন যুদ্ধৰ বাবে সাজু হৈছে সমগ্ৰ বিশ্ব। কাটাৰত লাহে লাহে ভিৰ কৰিছেহি ফুটবলৰ মহাযুদ্ধাসকলে। উল্লেখযোগ্য যে ইয়াৰ আগতে কেতিয়াও আৰৱত ফিফা বিশ্বকাপ অনুষ্ঠিত হোৱা নাছিল আৰু গোটেই  এছিয়া মহাদেশতো কেৱল এবাৰেই  ২০০২ চনত  জাপান আৰু দক্ষিণ কোৰিয়াত অনুষ্ঠিত হৈছিল।

বিশ্বৰ মুঠ ৩২ খন দেশে এই মহা আয়োজনত অংশগ্ৰহণ কৰিব। মুঠ ৮টা গ্ৰুপত বিভক্ত প্ৰথম খেলখন   অহা ২০নম্বেবৰত নিশা ৯ বজাৰ পৰা আৰম্ভ হ’ব আয়োজিত  দেশ কাটাৰ আৰু ইকোৱেদৰ মাজত। উল্লেখযোগ্য যে বিশ্বৰ আটাইতকৈ দামী ট্ৰফী ফিফা বিশ্বকাপৰ ধনৰ মূল্য হৈছে ৩৪৪কোটি; কিন্তু বেয়া লগা কথাতো হ’ল আমাৰ দেশে আজিলৈকে এই মহাৰণৰত অংশীদাৰ হব পৰা নাই । সকলোৰে আশা-অতি সোনকালে ভাৰতবৰ্ষই এই খেলত অংশগ্ৰহণ কৰিব।

২০ নৱেম্বৰ (দেওবাৰ) কাটাৰত অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপ ২০২২ৰ উদ্যোগত ৩২টা দলে ফুটবলৰ আটাইতকৈ সন্মানীয় ট্ৰফী লাভৰ বাবে নিজৰ সকলোখিনি দিবলৈ সাজু হৈছে। বৃহত্তম ফুটবল প্ৰতিযোগিতাখনত ২০২২ চনৰ নৱেম্বৰ আৰু ডিচেম্বৰ মাহত কিছুমান ডাঙৰ তাৰকাই অংশগ্ৰহণ কৰিব।অৱশ্যে ক্রিষ্টিয়ানো ৰোনাল্ডো (পৰ্তুগাল), নেইমাৰ (ব্ৰাজিল), কাইলিয়ান এমবাপে (ফ্ৰান্স), ৰবাৰ্ট লেৱাণ্ডোস্কি (পোলেণ্ড) আৰু কেভিন ডিৰ দৰে ডাঙৰ নামৰ বাহিৰেও ব্ৰুইন (বেলজিয়াম), আৰু অধিক বিখ্যাত মুখ আছে যিয়ে এই বিশাল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে।

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে কাটাৰ বিশ্বকাপত। কিয়নো এইবাৰ কাটাৰ বিশ্বকাপত দেখা নাযাব ৰাছিয়াৰ ফুটবল দল। কিয়নো পুটিনৰ নিৰ্দেশত ৰাছিয়ান সেনাই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছতে এই আক্ৰমণ তথা যুদ্ধৰ বিৰোধিতাৰে ফিফাই গ্ৰহণ কৰিছে এক সিদ্ধান্ত। ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ বন্ধ নকৰিলে ফিফাত নিষিদ্ধ ৰাছিয়ান ফুটবল। সেই সিদ্ধান্ত অনুসৰিয়েই ৰাছিয়ান ফুটবল দলটো ফিফা বিশ্বকাপত অংশগ্ৰহণৰ পৰা বিৰত থাকিবলগীয়া হৈছে। ফিফাই এক বিবৃতিৰ জৰিয়তে উল্লেখ কৰিছিল- “আমি ইউক্ৰেইনত ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে একত্ৰিত হৈছো আৰু আমি তেওঁলোকৰ সৈতে আছো। আমি আশা কৰোঁ যে, ইউক্ৰেইনৰ পৰিস্থিতি সোনকালেই উন্নত হ’ব আৰু ফুটবলে আকৌ এবাৰ জনসাধাৰণৰ মাজত শান্তি আৰু সংহতিৰ সৃষ্টি কৰিব।”ফিফাৰ উপৰিও, ইউৰোপীয় ফুটবল সংস্থা চমুকৈ উৱেফায়ো ৰাছিয়াকো নিষিদ্ধ কৰিছে। ৰাছিয়াৰ ফুটবল ক্লাবসমূহক বিশ্বৰ প্ৰতিটো প্ৰতিযোগিতা আৰু চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ নিষিদ্ধ কৰা হৈছে। একে সময়তে, ৰাছিয়ান ক্লাব স্পৰ্টছ মস্কো ইউৰোপীয় লীগৰ পৰা বাদ পৰিছে।

উল্লেখ্য যে কাটাৰ বিশ্বকাপ ২০২২ৰগ্ৰুপ ‘এ’ত আছে- কাটাৰ, ইকুৱেডৰ, ছেনেগাল, নেডাৰলেণ্ড। গ্ৰুপ ‘বি’ত আছে- গ্ৰুপ বি: ইংলেণ্ড, ইৰাণ, আমেৰিকা যুক্তৰাষ্ট্ৰ, ৱেলচ। একেদৰে গ্ৰুপ ‘চি’ত আছে- আৰ্জেণ্টিনা, চৌদি আৰৱ, মেক্সিকো, পোলেণ্ড।গ্ৰুপ ‘ডি’ত- ফ্ৰান্স, অষ্ট্ৰেলিয়া, ডেনমাৰ্ক, টিউনিচিয়া। গ্ৰুপ ‘ই’ত- স্পেইন, কোষ্টা ৰিকা, জাৰ্মানী, জাপান। গ্ৰুপ ‘এফ’- বেলজিয়াম, কানাডা, মৰক্কো, ক্ৰোৱেছিয়া। গ্ৰুপ ‘জি’ত- ব্ৰাজিল, ছাৰ্বিয়া, চুইজাৰলেণ্ড, কেমেৰুন আৰু গ্ৰুপ ‘এইচ’ত আছে পৰ্তুগাল, ঘানা, উৰুগুৱে, কোৰিয়া।

হিমাচল প্ৰদেশৰ চোলান জিলাত সংঘটিত এক ভয়াৱহ ভূমিস্খলন…

হিমাচল প্ৰদেশৰ চোলান জিলাত বুধবাৰে সংঘটিত হয় এক ভয়াৱহ ভূমিস্খলন। জিলাখনৰ ভেৰে কা খেচ নামৰ এখন গাঁৱত সংঘটিত হোৱা এই ভূমিস্খলনৰ ফলত তিনিগৰাকী শ্ৰমিকৰ মৃত্যু হয়।

এই ভয়াৱহ ভূমিস্খলন গাঁওখনত চলি থকা এক নিৰ্মাণ খণ্ডত সংঘটিত হয়। ভূমিস্খলনত খহি পৰা মাটিৰ তলত পোঁত যোৱাৰ ফলত শ্ৰমিক তিনিগৰাকীৰ মৃত্যু হয়।

ভূমিস্খলনৰ বিষয়ে খবৰ লাভ কৰাৰ পিছতে স্থানীয় আৰক্ষীসহ উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। স্থানীয় বাসিন্দাসকলেও আৰক্ষীক উদ্ধাৰ অভিযানত সহায় আগবঢ়ায়।

ইতিমধ্যে নিহত শ্ৰমিক তিনিগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিছে অভিযানকাৰী দলটোৱে। নিহত শ্ৰমিক তিনিগৰাকীক ক্ৰমে খেম বাহাদুৰ, মহিন্দৰ আৰু মন বাহাদুৰ বুলি চিনাক্ত কৰা হৈছে।

কেজৰিৱালৰ মন্তব্য – গুজৰাটৰ ৫৮ শতাংশ ভোট মুছলমানৰ লাভ কৰিব পাৰে…

২০২২ চনৰ গুজৰাট বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ আৰু বিজেপিৰ আটাইতকৈ ডাঙৰ চিন্তা হৈছে আম আদমী পাৰ্টিয়ে ৰাজ্যত প্ৰথমবাৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা।

গুজৰাটত সৰ্বাধিক আসন লাভ কৰাৰ দাবী আপে। বিভিন্ন সমীক্ষাতো ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীৰ সমৰ্থন পোৱা যেন লাগে। অ’বিচি, মুছলিম, পাটিদাৰকে ধৰি বহু সম্প্ৰদায়ৰ ভোটাৰে ৰাজ্যৰ তৃতীয় বিকল্প হিচাপে আপৰ প্ৰতি লক্ষ্য ৰাখিছে।

গুজৰাট বিধানসভা নিৰ্বাচনত মুছলমান ভোটাৰৰ মাজত সৰ্বাধিক চৰ্চিত হৈয়ে আছে। কংগ্ৰেছৰ এই ভোট বেংকটো বিবেচনা কৰা হৈছে। একে সময়তে গুজৰাটৰ একাংশ অঞ্চলত মুছলমান ভোটাৰে এতিয়া কংগ্ৰেছ এৰি আন দলৰ প্ৰাৰ্থীক ভোট দি আহিছে। এইবাৰ তেওঁলোকৰ হাতত আপ আৰু AIMIMৰ দৰে বিকল্প আছে, গতিকে মুছলমান ভোটাৰে এইবাৰ গুজৰাটত বিজেপি আৰু কংগ্ৰেছৰ খেল নষ্ট কৰিব পাৰিবনে?

প্ৰাতঃভ্ৰমণলৈ গৈ উভতি নাহিল পিংকী…

ৰহাত আজি পুৱাই  সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। ৰহাৰ বাৰপূজীয়া নিজ মিকিৰ গাঁৱৰ ৰাজপথত অচিনাক্ত বাহনৰ খুন্দাত মৃত্যু হয় বাৰপূজীয়াৰ চলহবড়ীৰ এগৰাকী মহিলাৰ। ৩১ বছৰীয়া মহিলাগৰাকীৰ নাম পিংকী বৰা ডেকা বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে আনদিনাৰ দৰে বৃহস্পতিবাৰেও নিজ স্বামীৰ সৈতে প্ৰাতঃভ্ৰমণ আহিছিল পিংকী। পিংকীয়ে ৰাজপথত প্ৰাতঃভ্ৰমণ কৰিব আহিয়েই এখন তীব্ৰ বেগী বলেৰ পিক‌আপ বাহনৰ খুন্দাত কৰুণ মৃত্যুক সাবটিব লগা হয় ।দুৰ্ঘটনা সংঘটিত কৰিয়েই বাহনখন সেই ঠাইৰ পৰা পলায়ন কৰে। পৰৱৰ্তী সময়ত ৰাজপথতে পৰি থকা পিংকীৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

ৰাসৰ মাজতে নলবাৰীত দুটাকৈ দুৰ্ঘটনাতঃ৫জনৰ মৃত্যু, কেইবাজনো আহত…

ৰাসৰ আনন্দৰ মাজতে নলবাৰীত ভয়ংকৰ দুৰ্ঘটনা। দুটাকৈ দুৰ্ঘটনাত ৫জন লোকৰ মৃত্যু হৈছে। বানেকুছি আৰু ঘগ্ৰাপাৰত সংঘটিত হয় এই দুৰ্ঘটনা। বানেকুছিত সংঘটিত দুৰ্ঘটনাত নিহত হয় ৪জন লোক।

আনহাতে, এজন লোক নিহত হয় ঘগ্ৰাপাৰত সংঘটিত দুৰ্ঘটনাত । দুয়োটা দুৰ্ঘটনাৰ কেইবাজনকো হাস্পতালত ভৰ্তি কৰোৱা হৈছে। হাউলীৰ পৰা ৰাস চাই উভতি অহাৰ পথতে বানেকুছিত সংঘটিত হয় এক দুৰ্ঘটনা। ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত খুন্দা মৰাৰ ফলত সংঘটিত হোৱা দুৰ্ঘটনাত দুজন লোক থিতাতে নিহত হয়।

চিকিৎসালয়ত মৃত্যু হয় আন দুজনৰ। দুৰ্ঘটনাত পতিত গাড়ীখনৰ নম্বৰ AS 01 BG 5995। নিহতসকল জাহেদুল ৰহমান,অজিত চহৰীয়া,ৰাহুল আলী আৰু প্ৰণৱ হালৈ বুলি জানিব পৰা গৈছে। এই দুৰ্ঘটনাত আহতসকল হ’ল অভিজিৎ,সীমান্ত,শংকৰ আৰু জাহিদুৰ ৰহমান।

১২ বছৰ ধৰি চলি থকা ন্যায়িক যুঁজৰ অন্তত নৈতিক বিজয় সাব্যস্ত কৰিছে বায়ু সেনাৰ ৩২ গৰাকী মহিলা বিষয়াই…

অৱশেষত ১২ বছৰ ধৰি চলি থকা ন্যায়িক যুঁজৰ অন্তত বুধবাৰে নৈতিক বিজয় সাব্যস্ত কৰিছে বায়ু সেনাৰ ৩২ গৰাকী মহিলা বিষয়াই। বুধবাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ এক গুৰুত্বপূৰ্ণ ৰায়ে প্ৰাক্তন মহিলা বিষয়া কেইগৰাকীৰ দাবীক স্বীকৃতি প্ৰদান কৰিছে। গোচৰৰ ৰায় প্ৰদান কৰি উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে কয় যে যদিও এই মহিলা বিষয়াসকলে ৫ বছৰৰ বাবে বায়ু সেনাত সেৱা আগবঢ়াইছে, তেওঁলোক সম্পূৰ্ণ পেঞ্চনৰ অধিকাৰী। আদালতে লগতে উল্লেখ কৰে যে এই মহিলা বিষয়াসকলৰ সেৱা ২০ বছৰৰ সেৱাৰ সমপৰ্যায়ৰ আৰু সেয়ে তেওঁলোকক সম্পূৰ্ণ পেঞ্চন দিয়া উচিত।

আদালতে মহিলা বিষয়াসকলে দীৰ্ঘদিন ধৰি চলাই অহা ন্যায়িক যুঁজক যুক্তিসংগত আৰু ন্যায়সঙ্গত আখ্যা দিয়ে আৰু কয় যে বয়স সীমা অতিক্ৰম কৰাৰ বাবে অৱসৰপ্ৰাপ্ত মহিলা বিষয়াসকলক পুনৰ সেৱাত নিযুক্তি দিব নোৱাৰি, কিন্তু তেওঁলোকক সম্পূৰ্ণ পেঞ্চন দিয়া উচিত।উল্লেখ্য যে এই মহিলা বিষয়াসকলক বায়ু সেনাত পাঁচ বছৰীয়া চমু সেৱা আয়োগৰ অধীনত বাছনি কৰা হৈছিল। কিন্তু বিষয়াসকলে তেওঁলোকৰ সেৱাৰ ম্যাদ বৃদ্ধি কৰিবলৈ দাবী জনাইছিল।

কিন্তু তেওঁলোকৰ এই দাবীৰ পিছতো সেৱাৰ ম্যাদ সম্প্ৰসাৰিত কৰা হোৱা নাছিল আৰু অৱসৰ গ্ৰহণ কৰিবলগীয়া হৈছিল। ইয়াৰ বিৰুদ্ধাচৰণ কৰি মহিলা বিষয়া কেইগৰাকী দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল।অৱশেষত ১২ বছৰ ধৰি চলি থকা আইনী যুঁজৰ অন্তত কালি আদালতে মহিলা বিষয়া কেইগৰাকীৰ পক্ষত গোচৰৰ ৰায় প্ৰদান কৰে। ৰায় প্ৰদানৰ সময়ত উচ্চ ন্যায়ালয়ে উচ্চতম ন্যায়ালয়ৰ ২০২০ বৰ্ষৰ ববিতা পুনিয়াৰ আদেশৰ কথা উল্লেখ কৰে।

উল্লেখ্য যে ২০২২ বৰ্ষৰ এই ববিতা পুনিয়াৰ আদেশে সেনাবাহিনীত মহিলাসকলৰ বাবে বৈষম্যমূলক নিযুক্তি প্ৰথাৰ দিশটোক আঙুলিয়াই দিছিল। সেনাবাহিনীৰ মহিলাসকলক তেওঁলোকৰ প্ৰাপ্য পদৰ পৰা বাদ বঞ্চিত কৰা হৈছে বুলি এই আদেশে কঠোৰ সমালোচনা কৰিছিল।

গৰম পানীৰে ভৰি ধোৱাৰ উপকাৰিতাৰ বিষয়ে জানো আহক….

গৰম পানীৰে ভৰি ধোৱাৰ উপকাৰিতাৰ কথা।  গৰম পানীৰে ভৰি ধোৱাৰ আটাইতকৈ ডাঙৰ উপকাৰিতা হ’ল দেহৰ ৰক্ত সঞ্চালন। উচ্চ ৰক্তচাপজনিত ৰোগ থকা লোক সকলে গৰম পানীৰে ভৰি ধুলে যথেষ্ট উপকাৰিতা লাভ কৰিব।


গৰম পানীৰে ভৰি ধুলে মাংসপেশী আৰু মস্তিষ্কই আৰাম লাভ কৰে। আপুনি কেতিয়াবা বহু কষ্ট কৰাৰ ফলত ৰাতি টোপনি নাহে, তেতিয়া আপুনি গৰম পানীৰে ভৰি ধুলে অনিদ্ৰা দূৰ হ’ব। অনিদ্ৰাৰ বাবে গৰম পানীৰে ভৰি ধুৱাতো এটা ভাল থেৰাপী। 
গ্লুক’জ আৰু শৰ্কৰা হৈছে মধুমেহ ৰোগৰ মুখ্য কাৰন।  

প্ৰতিদিনে গৰম পানীৰে ভৰি ধুলে শৰীৰৰ পৰা গ্লুক’জ আৰু শৰ্কৰাৰ পৰিমান কমি যায়। গৱেষনাত পোৱা গৈছে মধুমেহ ৰোগত আক্ৰান্ত সকলৰ বাবে গৰম পানীৰে ভৰি ধোৱা যথেষ্ট লাভজনক। 
যিসকল লোকৰ মাইগ্ৰেনৰ সমস্যা আছে, তেওঁলোকৰ বাবে গৰম পানী মহৌষধ। গৰম পানীৰে ভৰি ধুলে মাইগ্ৰেনৰ সমস্যা দূৰ হয় । 


গাঠিৰ বিষ থকাসকলেও গৰম পানীৰে ভৰি ধুলে যথেষ্ট সুফল লাভ কৰিব। জালুক, দালচেনী আৰু গৰম পানীৰ সংমিশ্ৰণেৰে ভৰি ধুলে গাঠিৰ বিষ ভাল হয়

সীমান্তত উত্তেজনা বৃদ্ধি পাই থকাৰ সময়তে ভাৰতীয় সেনাই লাডাখ খণ্ডত চীনৰ সৈতে থকা  দেশৰ সীমান্তত  উন্নত সুৰক্ষা নিশ্চিত কৰাৰ বাবে এক বিশেষ ধৰণৰ বংকাৰ সজাৰ পৰিকল্পনা…

সীমান্তত উত্তেজনা বৃদ্ধি পাই থকাৰ সময়তে ভাৰতীয় সেনাই লাডাখ খণ্ডত চীনৰ সৈতে থকা  দেশৰ সীমান্তত  উন্নত সুৰক্ষা নিশ্চিত কৰাৰ বাবে এক বিশেষ ধৰণৰ বংকাৰ সজাৰ পৰিকল্পনা কৰিছে। মডুলাৰ, ত্ৰিমাত্ৰিক মুদ্ৰিত, পৰৱৰ্তী প্ৰজন্মৰ এই বাংকাৰসমূহ  প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (এলএচি) সীপতে নিৰ্মাণ কৰা হ’ব আৰু ইয়াত গোলাবাৰুদ সংৰক্ষণৰ বাবে ভূগৰ্ভস্থ সুবিধা থাকিব।


এনে বংকাৰ অতি  সংবেদনশীল আৰু অনে বাংকাৰৰ সহায়ত গোলাবাৰুদসমূহ সহজে ধ্বংস নোহোৱাকৈ ৰাখিব পৰা যাব।সেনাই লগতে সীমান্তত নতুন পথ, দলং আৰু সুৰংগও নিৰ্মাণ কৰিব।সেনাই এনে থ্ৰি ডি  বাংকাৰসমূহ  অহা বছৰৰ পৰা নিৰ্মাণ কৰিব।এনে বাংকাৰে যিকোনো আক্ৰমণ সহজে সহ্য কৰিব পৰা ধৰণৰ হ’ব।

উল্লেখ্য কেইবছৰমানৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাই বাংকাৰ সৃষ্টি কৰিবলৈ ত্ৰিমাত্ৰিক প্ৰিণ্টাৰ ব্যৱহাৰ কৰি আহিছে।ভাৰতীয় সেনাৰ এগৰাকী বিষয়াই কয় ” এই প্ৰতিৰক্ষা ব্যৱস্থা  যথেষ্ট শক্তিশালী আৰু টি-৯০ টেংকৰ পোনপটীয়া আঘাতৰ পৰাও নিজকে ৰক্ষা কৰিব পাৰে।” 

ফ্লপৰ উপৰি ফ্লপ। অতিষ্ঠ হৈছে আমিৰ খান। ল’ব বিচাৰিছে ডাঙৰ সিদ্ধান্ত। এৰি পেলাব নেকি অভিনয়?

বিগত সময়ত তেওঁৰ ছবি ‘লাল সিং চদ্দা’ৰ বাবে প্ৰচণ্ডভাৱে শিৰোনাম দখল কৰিছিল আমিৰ খানে। মুক্তিৰ পূৰ্বে এই ছবিখনক লৈ বহু আলোচনা হৈছিল একে সময়তে ছবিখনৰ অৱস্থাক বিশ্বাস কৰিব পৰা নাই ছবি নিৰ্মাতাসকলে। ইফালে আমিৰ খানে নিজৰ কেৰিয়াৰ সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত লৈছে। আমিৰৰ এই সিদ্ধান্তক ‘লাল সিং চদ্দা’ৰ শোচনীয় অৱস্থাৰ সৈতে জড়িত কৰা হৈছে। আমিৰে সিদ্ধান্ত লৈছে যে তেওঁক আৰু ছবিত দেখা নাযায়। যদিও, এয়া কিছুদিনৰ বাবেহে কিন্তু তেওঁৰ এই ঘোষণাই অনুৰাগীৰ হৃদয় ভাঙি পেলাইছে।

শেহতীয়াকৈ অভিনেতা আমিৰ খানে তেওঁৰ সাক্ষাৎকাৰত ঘোষণা কৰিছে যে তেওঁ কিছুদিন ছবিত অভিনয় নকৰে। ইয়াৰ আঁৰৰ কাৰণ তেওঁ নিজৰ ব্যক্তিগত জীৱনলৈ কৈছে। আমিৰে কয় যে তেওঁ এতিয়া পৰিয়ালৰ সৈতে সময় কটাব বিচাৰে। কিন্তু বহু সংবাদ মাধ্যমত দাবী কৰা হৈছে যে ‘লাল সিং চদ্দা’ৰ দুৰ্বল প্ৰদৰ্শনৰ বাবেই তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
আমিৰ খানে কয়- ‘মই ছবি এখন কৰোতে অভিনেতা হিচাপে তাত হেৰাই যাওঁ… ইয়াৰ বাহিৰেও মই জীৱনত একো দেখা নাপাওঁ। গতিকে কিছুদিন ইয়াৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত লৈছো। ‘লাল সিং চদ্ধৰ পাছত চেম্পিয়ন’ শীৰ্ষক এখন ছবিৰ কাম আৰম্ভ কৰাৰ কথা আছিল। এই ছবিখনৰ কাহিনী অতি উত্তম। হৃদয়স্পৰ্শী ছবি যদিও কিছু জিৰণি লোৱা উচিত বুলি ভাবো।
আমিৰে কৈছিল যে ‘মই মোৰ পৰিয়ালৰ সৈতে, মোৰ মা আৰু মোৰ সন্তানৰ সৈতে সময় কটাব বিচাৰো। মই অনুভৱ কৰোঁ যে মই যোৱা ৩৫ বছৰে কাম কৰি আছো আৰু কেৱল কামত মনোনিৱেশ কৰিছো… মই ভাবো এয়া মোৰ ওচৰৰ মানুহবোৰৰ বাবে ই ভাল নহয়। অহা ডেৰ বছৰলৈকে মই প্ৰথমবাৰৰ বাবে অভিনেতা হিচাপে কোনো কাম নকৰো’।
তেওঁৰ ‘লাল সিং চদ্ধা’ ছবিৰ পূৰ্বে ‘থাগছ অৱ হিন্দোস্তান’ ছবিখনো দৰ্শকে নাকচ কৰিছিল। ‘চেম্পিয়ন’ ছবিখনত তেওঁ চলচ্চিত্ৰ নিৰ্মাতা হিচাপে যোগদান কৰিব আৰু কাজলৰ ছবি ‘ছালাম ভেংকি’ত অতিথি শিল্পী হিচাপে অভিনয় কৰা দেখা যাব।

‘অভিনন্দন থিয়েটাৰ’ৰ বিশেষ নাটক পল্লৱ পৱন ৰচিত ‘হীৰা চন্দাল’ৰ প্ৰ’মো মুকলি। বৰ্ণাঢ্য আয়োজনেৰে ২০২৩-২৪ বৰ্ষৰ বাবে সাজু হৈছে নাট্যদলটো।

আগন্তুক নাট্যবৰ্ষৰ বাবে আড়ম্বৰপূৰ্ণভাৱে সাজু হৈছে অভিনন্দন থিয়েটাৰ।
তিনিজন চৰ্চিত আৰু জনপ্ৰিয় যুৱ নাট্যকাৰৰ তিনিখন ভিন্নস্বাসদৰ নাটক লৈ ৰাইজৰ মাজলৈ ওলাব থিয়েটাৰখন।
ৰাজদ্বীপৰ ‘বেনামী প্ৰিয়া’,পল্লৱ পৱনৰ ‘হীৰা চন্দাল’ আৰু প্ৰনব বৰুৱাৰ ‘নৰ্তকী নন্দিতা’।


মূল নায়ক নায়িকা হিচাপে চুক্তিবদ্ধ হৈছে জনপ্ৰিয় সুদৰ্শন অভিনেতা ৰাজকুমাৰ আৰু মোহময়ী অভিনেত্ৰী প্ৰিয়ম পল্লবী।
তদুপৰি ভ্ৰাম্যমাণ থিয়েটাৰৰ অতিকৈ দক্ষ আৰু অভিজ্ঞ অভিনেতা অভিনেত্ৰী ভাস্কৰ বৰ্মন, নিৰঞ্জন দাস ,শংকৰজ্যোতি ৰাজখোৱা, দেবজিৎ বৰা,বৰ্ণালী বৰুৱাৰ লগতে ত্ৰিদিপ ৰয়,সাগৰিকা বৰ্মন আৰু নৱাগতা আটলাণ্টা শৰ্মাও চুক্তিবদ্ধ হৈছে।


এক বৰ্ণাঢ্য আয়োজন হ’ব অভিনন্দন থিয়েটাৰ।