Home Blog Page 1859

অসমত বলীউড তাৰকা হৃতিক ৰোশন, ছবিৰ শ্বুটিঙৰ বাবে তেজপুৰলৈ…

অসমত বলীউড তাৰকা হৃতিক ৰোশন। ছবিৰ শ্বুটিঙৰ বাবে তেজপুৰলৈ আহিছে অভিনেতাগৰাকী।

১০ দিন ধৰি তেজপুৰৰ সমীপৰ বিমান ঘাটীত চলিব শ্বুটিং।তেজপুৰ বায়ুসেনাৰ ঘাটিত বলিউডৰ তাৰকা অভিনেতা ঋত্বিক ৰোশন নিজৰ চাৰটাৰ বিমান যোগে উপস্থিতি হৈছে ফাইটাৰৰ দৃশ্য গ্ৰহণৰ বাবে ।

সাংবাদিকৰ প্ৰবেশ বন্ধ কৰিছে ।

ড: চন্দন হাজৰিকালৈ ভাৰতীয় কৃষি অৰ্থনীতি সংস্থাৰ সন্মানীয় ফে’ল সন্মান…

অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি অৰ্থনীতিবিদলৈ বিশেষ সন্মান ।

কৃষি অৰ্থনীতিৰ শিক্ষা, গৱেষণা আৰু সম্প্ৰসাৰণৰ দিশত আগবঢ়োৱা বিশেষ অৱদানৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি অৰ্থনীতিৰ গৱেষক বিজ্ঞানীক ভাৰতীয় কৃষি অৰ্থনীতি সংস্থাই বিশেষ সন্মান প্ৰদান কৰিছে । বিশিষ্ট কৃষি অৰ্থনীতিবিদ তথা অসম কৃষি বিশ্ববিদ্যালয় চীফ লাইব্ৰেৰীয়ান ড: চন্দন হাজৰিকাক ২০২২ বৰ্ষৰ সন্মানীয় ফেল সন্মান প্ৰদান কৰিছে ।

মণিপুৰৰ ইম্ফলত ১১ আৰু ১২ নবেম্বৰত অনুষ্ঠিত ভাৰতীয় কৃষি অৰ্থনীতি সংস্থাৰ ৮২ সংখ্যক অধিবেশনত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে ড: হাজৰিকাক এই সন্মান প্ৰদান কৰে । উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমবাৰৰ বাবে ড: হাজৰিকাই এই সন্মান লাভ কৰিছে ।আনহাতে অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি অৰ্থনীতি বিভাগৰ মুৰব্বী ড: নিবেদিতা ডেকা আৰু সহকাৰী অধ্যাপিকা ড: উদেষ্ণা তালুকদাৰৰ ” ফ্লাড মেনেজমেন্ট ষ্ট্ৰেটেজিচ এণ্ড ইকনমিক্স অৱ ষ্ট্ৰেচ টলাৰেণ্ট ৰাইচ ভেৰাইটিছ ইন আচাম'” শীৰ্ষক গৱেষণা পত্ৰখন শ্ৰেষ্ঠ গৱেষণা পত্ৰ হিচাপে বিবেচিত হয় ।

বিশ্ববিদ্যালয়ৰ গৱেষক শিক্ষাৰ্থী নিহাৰিকা বৰবৰুৱা আৰু দীপজ্যোতি ভৰালী শ্ৰেষ্ঠ গৱেষণা পত্ৰ পৰিবেশক পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে ১৯৩৭ চনতে ভাৰতৰ কৃষি অৰ্থনীতিৰ বিকাশৰ বাবে গঠিত
ভাৰতীয় কৃষি অৰ্থনীতি সংস্থাই ইয়াৰ বাৰ্ষিক অধিবেশনত সৰ্বভাৰতীয় পৰ্যায়ত এই সন্মান আৰু পুৰস্কাৰ সমুহ প্ৰদান কৰি আহিছে । ইম্ফলৰ এই অধিৱেশনৰ সন্মান প্ৰদান অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ পূৰ্বৰ উপাচাৰ্য ড: কমল মল্ল বুজৰবৰুৱাৰ লগতে দেশৰ কেবাজনো খ্যাতিসম্পন্ন কৃষি অৰ্থনীতিবিদ উপস্থিত থাকে ।

পাঞ্জাৱৰ ৰিয়েলিটি শ্ব’ কিচমে কিটনা হে দম সংগীত প্ৰতিযোগিতাৰ জুনিয়ৰ শাখাৰ শ্ৰেষ্ঠতাৰ খিতাপ লাভ কৰিলে সৰভোগৰ ৰিবা আমিনে…

পাঞ্জাৱৰ ৰিয়েলিটি শ্ব’ কিচমে কিটনা হে দম সংগীত প্ৰতিযোগিতাৰ জুনিয়ৰ শাখাৰ শ্ৰেষ্ঠতাৰ খিতাপ লাভ কৰিলে সৰভোগৰ ৰিবা আমিনে

এই সংগীতৰ মহাৰণত ঐতিহাসিক বৰনগৰৰ কেন্দ্ৰস্থল সৰভোগৰ গেল্লেপাৰাৰ গাঁৱৰ নিবাসী ৰফিকুল আমিন আৰু ৰুমিনা বেগমৰ ডাঙৰ জীয়ৰী ৰিবা আমিনে অংশগ্ৰহণ কৰি নিম্ন শাখাত শ্ৰেষ্ঠতাৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়,বঁটা প্ৰদান কৰে-সংগীত প্ৰতিযোগিতাখনৰ যুটীয়া প্ৰযোজক বৰুণ বনসাল আৰু সুনাকাশী বনসালে,ৰিবা আমিনে প্ৰথম চাৰিটা ৰাউণ্ড অনলাইন যোগেৰে অৱতীৰ্ণ হৈছিল,আনফালে বহু প্ৰতিযোগী অফলাইনৰে অৱতীৰ্ণ হৈছিল,Grand Finale ত নিম্ন শাখাৰ সৰ্বমুঠ ১১ গৰাকী প্ৰতিযোগীৰ মাজত ৰিবা আমিনে শ্ৰেষ্ঠতাৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়৷

বৰনগৰ তথা অসমবাসীৰ গৌৰৱ সৰভোগৰ সন্তান ৰিবা আমিনে মাত্ৰ ১২ বছৰ বয়সতে বৰনগৰ সংগীত মহাবিদ্যালয়ৰ পৰা সংগীতৰ বিশাৰদ ডিগ্ৰী লাভ কৰে,বৰ্তমান গুৱাহাটীৰ শাস্ত্ৰীয় সংগীতৰ

ইয়াৰ আগতে কণমানি কণ্ঠশিল্পী ৰিবা আমিনে দিল্লীত অনুষ্ঠিত হোৱা International Indian Icon ৰ জুনিয়ৰ শাখাত শ্ৰেষ্ঠ হৈছিল,ভয়ছ অফ লক্ষীপুৰ(দশম বৰ্ষ)দ্বিতীয় স্থান,অসমৰ জনপ্ৰিয় ৱেব মিডিয়া নৰ্থ ইষ্ট লাইভ ট্যুডেৰ অনলাইন সংগীত প্ৰতিযোগিতাত জুনিয়ৰ শাখাত দ্বিতীয় স্থান,The Voice Kolgasiya ত তৃতীয় স্থান পাবলৈ সক্ষম হৈছিল৷


বৰনগৰ তথা অসমবাসীৰ গৌৰৱ সৰভোগৰ সন্তান ৰিবা আমিনে মাত্ৰ ১২ বছৰ বয়সতে বৰনগৰ সংগীত মহাবিদ্যালয়ৰ পৰা সংগীতৰ বিশাৰদ ডিগ্ৰী লাভ কৰে,বৰ্তমান গুৱাহাটীৰ শাস্ত্ৰীয় সংগীতৰ বিশিষ্ট গুৰু জীতেন বসুমতাৰীৰ ওচৰত সংগীতৰ শিক্ষা লৈ আছে,আনফালে সৰভোগৰ ভুলুকাডোবা গাঁৱত অৱস্থিত জ্ঞান বিকাশ বিদ্যাভৱনৰ দশম শ্ৰেণীৰ ছাত্ৰী ৰিবা আমিনে৷

মধ্য ইংৰাজী বিদ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে ছাত্ৰ-ছাত্ৰীসকলে ব্যতিক্ৰমীভাৱে পালন কৰিলে শিশু দিৱস…

আজি শিশু দিৱস ৷ লাহোৱাল সমষ্টিৰ অন্তৰ্গত জিলিগুৰী মধ্য ইংৰাজী বিদ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে ছাত্ৰ-ছাত্ৰীসকলে ব্যতিক্ৰমীভাৱে পালন কৰিলে শিশু দিৱস ৷ শিশু দিৱসৰ দিনটোত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকলে প্ৰথমে পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ কৰা পাছতে শোভাযাত্ৰা উলিয়াই।


শোভাযাত্ৰাৰ পাছতেই বিদ্যালয়ৰ আছুতীয়া প্ৰেক্ষাগৃহত জৱাহৰলাল নেহেৰু,প্ৰতিচ্ছবিত মাল্যপন আৰু বন্তি প্ৰজ্বলন কৰি দিহানামে আৰম্ভ কৰে । ছাত্র ছাত্ৰী সকলৰ মাজত চিত্ৰাঙ্কন,খেল ধেমালি, আৰু বিভিন্ন প্ৰতিযোগিতা আৰম্ভ কৰে ।

প্ৰেমিকে প্ৰেমিকাক ৩৫ টুকুৰা কৰি ১৮ দিন ফ্ৰীজত ৰাখিলে মৃতদেহ…

সহকৰ্মীৰ সৈতে প্ৰেমৰ সম্পৰ্কৰে আৰম্ভ হৈছিল কাহিনীটো। প্ৰেমিক আফটাব আৰু প্ৰেমিকা শ্ৰদ্ধা। শ্ৰদ্ধা আৰু আফটাবে মুম্বাইৰ এটা কল চেণ্টাৰত কাম কৰিছিল য’ত তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কৰ আৰম্ভণি হৈছিল। কিন্তু ২৬ বছৰীয়া শ্ৰদ্ধাৰ পৰিয়ালে জাতি-ধৰ্মৰ বিৰোধী, তেওঁলোকৰ সম্পৰ্কক মানি লোৱা নাছিল। গতিকে দুয়োজনে ঘৰৰ পৰা পলাই ৰাজধানী দিল্লীত একেলগে সহবাস (লিভ-ইন ৰিলেশ্বন) কৰিবলৈ ঠিক কৰিলে।

সেইখিনিলৈকে সকলো ঠিকেই চলি আছিল। কিন্তু প্ৰেমিক আফটাবক বাৰে বাৰে বিয়াৰ প্ৰস্তাৱ দিয়াটোৱেই কাল হ’ল প্ৰেমিকা শ্ৰদ্ধাৰ বাবে। প্ৰেমিক আফটাবৰ নৃশংসতাত ৩৫ টা টুকুৰাত ক্ষত-বিক্ষত হ’ল দুৰ্ভগীয়া শ্ৰদ্ধাৰ শৰীৰ। আৰু সেই কথা জানিবলৈ বহু সময় লাগিল অসহায় শ্ৰদ্ধাৰ পৰিয়ালটোৰ। এই নাৰকীয় ঘটনাটোৰ বৰ্বৰতা পোহৰলৈ অহাৰ পিছতেই ৰাজধানীৰ লগতে সমগ্ৰ দেশকে জোকাৰি গৈছে। আৰক্ষীয়ে জনোৱা মতে, ১৮ মে’ত কাজিয়াৰ অন্তত প্ৰেমিক আফটাবে নিজৰ লিভ-ইন পাৰ্টনাৰ শ্ৰদ্ধাক ডিঙি চেপি হত্যা কৰিছিল।

তাৰ পিছত আফটাবে যুৱতীগৰাকীৰ শৰীৰটো চোকা অস্ত্ৰৰে ৩৫ টুকুৰা কৰি সেইবোৰ ৰাখিবলৈ যথেষ্ট ডাঙৰ ফ্ৰীজ এটা ক্ৰয় কৰিছিল। তাৰপিছত সংঘটিত কৰিছিল আন এক ধাৰাবাহিক জঘন্য কাণ্ড। পৰৱৰ্তী ১৮ দিনৰ ভিতৰত তেওঁ মৃত শৰীৰটোৰ টুকুৰাবোৰ প্ৰতি মাজনিশা ২ বজাত ঘৰৰ পৰা ওলাই গৈ সমগ্ৰ দিল্লীৰ বিভিন্ন স্থানত টুকুৰাবোৰ সিঁচৰিত কৰি পেলাইছিল।উল্লেখযোগ্য যে, সামাজিক মাধ্যমত সক্ৰিয় আছিল শ্ৰদ্ধা, যাৰ জৰিয়তে শ্ৰদ্ধাৰ পৰিয়ালেও শ্ৰদ্ধাৰ বিষয়ে নিয়মীয়াকৈ জানিছিল। কিন্তু তেওঁলোকে লক্ষ্য কৰিলে যে, কিছুদিনৰ পৰা শ্ৰদ্ধাৰ আপডেট বন্ধ হৈ গৈছে। তেতিয়া শ্ৰদ্ধাৰ পিতৃয়ে খবৰ ল’বলৈ দিল্লীলৈ গৈছিল।

কিন্তু যেতিয়া পিতৃয়ে জীয়ৰীৰ সৈতে যোগাযোগ স্থাপন কৰিব নোৱাৰিলে তেতিয়া তেওঁ আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে।গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে আফটাবক গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে, শ্ৰদ্ধাই বিয়া কৰাবলৈ হেঁচা দিয়াৰ বাবেই আফটাবে শ্ৰদ্ধাক হত্যা কৰা বুলি স্বীকাৰ কৰিছে। আফটাবে কয় যে এই বিষয়টোক লৈ দুয়োৰে মাজত প্ৰায়ে কাজিয়া হৈছিল আৰু যেতিয়া কাজিয়াই এদিন চৰম পৰ্যায় অতিক্ৰম কৰিছিল তেতিয়া এদিন মে’ মাহত আফটাবে শ্ৰদ্ধাক হত্যা কৰে।

আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি, আফটাবে প্ৰথমে শ্ৰদ্ধাক ডিঙি চেপি হত্যা কৰিছিল আৰু তাৰপিছত সন্দেহৰ পৰা হাত সাৰিবলৈ শ্ৰদ্ধাৰ শৰীৰটো একাধিক টুকুৰা কৰি গোটেই দিল্লীৰ বিভিন্ন স্থানত এটা এটাকৈ টুকুৰা পেলাই দিছিল। ইতিমধ্যে, আৰক্ষীয়ে আফটাবৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰি শ্ৰদ্ধাৰ মৃতদেহৰ টুকুৰাবোৰ বিচাৰি ফুৰিছে।

অমিতাভ বচ্চন, অনুপম খেৰৰ ‘উনচাই’ ছবিখনে প্ৰথম সপ্তাহতে লাভ কৰিছে বক্স অফিচত সফলতা…

চলচ্চিত্ৰ নিৰ্মাতা সূৰাজ বৰজাত্যৰ পৰিচালিত দুঃসাহসিক ছবি ‘উনচাই’য়ে মুক্তিৰ প্ৰথম তিনিদিনতে বক্স অফিচত ১০ কোটিৰো অধিক উপাৰ্জন কৰা বুলি দেওবাৰে ঘোষণা কৰে নিৰ্মাতাসকলে। ছবিখন বৰজাত্যৰ পাৰিবাৰিক বেনাৰ ৰাজশ্ৰীৰ দ্বাৰা নিৰ্মিত । ছবিখনত অমিতাভ বচ্চন, অনুপম খেৰ, বোমন ইৰাণী, ডেনি ডেনজংপা, পৰিনীতি চোপ্ৰা, নীনা গুপ্তা আৰু সৰিকাই অভিনয় কৰিছে।

শুকুৰবাৰে মুক্তিৰ দিনটোত ছবিখনে ১.৮১ কোটি টকা সংগ্ৰহ কৰাৰ পিছত শনিবাৰে ৩.৬৪ কোটি টকা সংগ্ৰহ কৰে আৰু দেওবাৰে ৪.৭১ কোটি টকা সংগ্ৰহ কৰে। ‘উনচাই’ত পৰিনীতি চোপ্ৰা, নীনা গুপ্তা, সৰিকা আৰু নফিছা আলী সোধীয়েও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। চলিত বৰ্ষৰ আৰম্ভণিতে শ্বুটিং হোৱা ছবিখনৰ অধিকাংশই নেপাল, দিল্লী, মুম্বাই, আগ্ৰা, লক্ষ্ণৌ আৰু কানপুৰত শ্বুটিং হৈছিল। ইয়াৰ লগতে কাৰ্গিলতো শ্বুটিং কৰা হৈছিল। ছলমান খান আৰু সোণম কাপুৰ আহুজাই অভিনয় কৰা ৰোমান্টিক ছবি ‘প্ৰেম ৰতন ধন পায়ো’ৰ সাত বছৰৰ পাছত ‘উনচাই’ৰ ডাঙৰ পৰ্দালৈ ঘূৰি আহিছে সূৰাজ বৰজাত্য।

ছবিখনত তিনিজন পুৰণি বন্ধুৱে নিজৰ প্ৰয়াত বন্ধুৰ ইচ্ছা পূৰণৰ বাবে আৰু তিনিগৰাকী মহিলাৰ সৈতে মাউণ্ট এভাৰেষ্ট বগাই যায়। এটা সাধাৰণ ট্ৰেকিং ব্যক্তিগত, আৱেগিক আৰু আধ্যাত্মিক যাত্ৰা হৈ পৰে কাৰণ তেওঁলোকে নিজৰ শাৰীৰিক সীমাবদ্ধতাৰ সৈতে যুঁজি স্বাধীনতাৰ প্ৰকৃত অৰ্থ আৱিষ্কাৰ কৰে।

অসম চৰকাৰে আজি মুকলি কৰিব মিছন বসুন্ধৰা ২.০

‘মোৰ মাতি, মোৰ অধিকাৰ’ৰ ধাৰণাটো নিশ্চিত কৰিবলৈ আজি ৰাজ্য চৰকাৰে মিছন বসুন্ধাৰ ২.০ মুকলি কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ যিসকল লোকৰ মাটিৰ সমস্যা নিষ্পত্তি কৰিবলগীয়া আছে মিছন বসুন্ধৰা ২.০ৰ অধীনত আবেদন কৰিবলৈ আহ্বান জনাইছে ।

তেওঁ কয়, “আমি কাইলৈ মিছন বসুন্ধৰা ২.০ মুকলি কৰিম। এক্সোনিয়া (বাৰ্ষিক পট্টা) আৰু চৰকাৰী মাটিত বাস কৰাসকলেও আবেদন কৰিব পাৰিব।”ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা (আৰ এণ্ড ডি এম) বিভাগৰ সূত্ৰ অনুসৰি বসুন্ধৰা ২.০ত কেইবাটাও নতুন সেৱা অন্তৰ্ভুক্ত কৰা হ’ব যিবোৰ মিছন বসুন্ধৰাৰ প্ৰথম পৰ্যায়ত নাছিল। গুৱাহাটীত এই অভিযান আৰম্ভ কৰিব মুখ্যমন্ত্ৰীয়ে।

মিছন বসুন্ধৰা ২.০ মুকলি হোৱাৰ লগে লগে ইচ্ছুক লোকসকলে www.rtps.assam.gov.in ৰ জৰিয়তে অনলাইনযোগে আবেদন কৰিব পাৰিব।ক্ষমতালৈ অহাৰ পাছত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই চৰকাৰখনে লক্ষ্য কৰিলে ৰাজ্যৰ খিলঞ্জীয়াক প্ৰভাৱিত কৰা অসংখ্য অমীমাংসিত ভূমি সম্পৰ্কীয় সমস্যা। পৰিস্থিতিৰ মাধ্যাকৰ্ষণতাক জোকাৰি এই চৰকাৰে ২০২১ চনৰ ২ অক্টোবৰত মিছন বসুন্ধৰা আৰম্ভ কৰে।এই অভিযানৰ প্ৰথম পৰ্যায়ত ৮,১৩,৯৮১ জন লোকে নিজৰ ভূমি সম্পৰ্কীয় সমস্যা সমাধানৰ বাবে আবেদন কৰিছিল। বিভাগটোৱে সকলো আৱেদন সময় নিৰ্ধাৰিতভাৱে নিষ্পত্তি কৰি ৫,৮২,৬৮৮জন আবেদনকাৰীক উপকৃত কৰে।

কিন্তু বিভাগটোৱে উপযুক্ত পৰীক্ষণৰ অন্তত ২,৩১,২৯৩ খন আৱেদন নাকচ কৰে।দ্য চেণ্টিনেলৰ সৈতে হোৱা কথা-বতৰাত আৰ এণ্ড ডি এম মন্ত্ৰী যোগেন মোহনে কয় যে, “মিছন বসুন্ধৰাৰ প্ৰথম পৰ্যায়ৰ সময়ত বিভাগীয় কৰ্মচাৰীসকলে সকলো এপ্লিকেচন নিষ্কাশনৰ বাবে মিছন মোডৰ সৈতে কাম কৰিছিল। আমি মিছন বসুন্ধৰা ২.০ত একে টেম্পো ৰাখি কাম কৰিবলৈ সাজু।” খিলঞ্জীয়া লোকসকলৰ, মূলতঃ জনজাতীয় জনসাধাৰণৰ সমাধান কৰিবলগীয়া বহু সমস্যা আছে। তেওঁলোকে এই সুযোগৰ সুবিধা লোৱাটো প্ৰয়োজন।”

হৃদৰোগ বিশেষজ্ঞ ডাঃ মৃদুল মহন্তই নিজৰ হাৰ্ট কেনেকৈ ৰক্ষা কৰিব লাগে কি কি পৰামৰ্শ দিলে জানক…

আমি নিজেই নিজৰ হাৰ্টটো ৰক্ষা কৰিব লাগিব:: হৃদৰোগ বিশেষজ্ঞ ডাঃ মৃদুল মহন্ত


সমগ্ৰ বিশ্বতে হৃদৰোগত আক্ৰান্ত লোকৰ সংখ্যা শেহতীয়াকৈ দিনক দিনে অভাৱনীয় ভাৱে বৃদ্ধি হৈছে ৷ বিগত বৰ্ষত অকল ভাৰতবৰ্ষতে হৃদৰোগত আক্ৰান্ত হৈ ২৮ লোকৰ মৃত্যু হৈছে ৷ সেয়েহে সকলোৱে হৃদৰোগ সম্পৰ্কত সজাগ হোৱাটো জৰুৰী হৈ পৰিছে- এই মন্তব্য হৃদৰোগৰ বিশিষ্ট চিকিৎসক সোণৰ পদকপ্ৰাপ্ত ডাঃ মৃদুল মহন্তৰ ৷

আজি ৯৪ সংখ্যক বৰপেটাৰোড সাৰ্বজনীন ৰাস মহোৎসৱৰ উদ্যোগত বৰপেটাৰোড শাখা সত্ৰ চৌহদত আয়োজিত এক আলোচনা চক্ৰত মুখ্য বক্তা হিচাবে অংশগ্ৰহণ কৰি তেখেতে আৰু কয়– আমি নিজেই নিজৰ হাৰ্টটো ৰক্ষা কৰিব লাগিব। পৰিসমিত খাদ্য গ্ৰহণ, সাধাৰণ জীৱন যাপন, নিয়মীত খোজকঢ়া আৰু ব্যায়াম কৰিলে হাৰ্টৰ বেমাৰ হোৱাৰ পৰা নিজকে ৰক্ষা কৰিব পাৰি ৷ তাৰ বিপৰীতে অপ্ৰকৃতিস্থ জীৱন শৈলী, ধুপমান কৰা, মাদক দ্ৰৱ আদি সেৱন কৰিলে হাৰ্টৰ অসুখ হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে ৷

এইবোৰৰ পৰাই হাৰ্টৰ অসুখ হোৱাৰ লগতে মধুমেহ ৰোগ, কিডনী, লিভাৰ, প্ৰেচাৰৰ বিসংগতিয়ে দেখা দি এটাৰ পিছত এটা বেমাৰে আগুৰি ধৰে ৷ সেয়ে এইবোৰৰ পৰা পৰিত্ৰাণ পাবৰ বাবে নিয়মীত খোজকঢ়াৰ লগতে পৰিপাটি জীৱন শৈলী গ্ৰহণ কৰিবলৈ ৰাইজক আহ্বান জনায় ৷ মুখ্যত সত্ৰৰ ভকত আৰু আইসকলৰ বাবে আয়োজন কৰা এই আলোচনা চক্ৰত তেখেতে ৰাইজৰ বিভিন্ন চিকিৎসা সম্পৰ্কীয় প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিছিল ৷প্ৰেৰক-দেৱজিত মেচ,বৰপেটাৰোড

নলবাৰী ক্ৰীড়া সন্থাৰ আন্তঃ ক্লাৱ ভলীবল লীগৰ সফল সামৰণি…

নলবাৰী ক্ৰীড়া সন্থাৰ আন্তঃ ক্লাৱ ভলীবল লীগৰ সফল সামৰণী **যোৱাকালি(১৩ নৱেম্বৰ) নিশা ৯ বজাত অনুষ্ঠিত হোৱা চুড়ান্ত খেলত ল’ৰাৰ শাখাত নিজ পকোৱা সুনীতি সংঘই নলবাৰী ভলীবল ক’চিং চেণ্টাৰক ২৫–২২, ২১–২৫, ২৫–১৯ আৰু ২৫–১৭ত পৰাজিত কৰি চুড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰে। শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয় নিজ পকোৱা সূনীতি সংঘৰ নীলকন্ঠ তালুকদাৰ।

খেলখন উদ্ধোধন কৰে নলবাৰী ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক বুবুল তালুকদাৰে। আনহাতে মহিলাৰ শাখাত পূব নলবাৰী ক’চিং চেণ্টাৰে নলবাৰী ভলীবল ক’চিং চেণ্টাৰক ২৫–১৯ আৰু ২৫–০৫ত পোনপোটীয়া শ্বেটত পৰাজিত কৰি চুড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰে। শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে পূব নলবাৰী ক’চিং চেণ্টাৰৰ পূৰৱী কলিতাই। বিয়লী অনুষ্ঠিত হোৱা ল’ৰাৰ ছেমি ফাইনেলত নিজ পকোৱা সূনীতি সংঘই মুকালমুৱা আঞ্চলিক ক্ৰীড়া সংঘক আৰু নলবাৰী ভলীবল ক’চিং চেণ্টাৰে ধমধমা ভলীবল ক’চিং চেণ্টাৰক পৰাজিত কৰে। মহিলাৰ ছেমি ফাইনেলত নলবাৰী ভলীবল ক’চিং চেণ্টাৰে বৰবৰী ভলীবল ক’চিং চেণ্টাৰক আৰু পূব নলবাৰী ক’চিং চেণ্টাৰে চামতা আঞ্চলিক ক্ৰীড়া সংঘক পৰাজিত কৰে।

নলবাৰী ক্ৰীড়া সন্থাৰ হকী সম্পাদক চন্দন হালৈয়ে আঁত ধৰা বঁটা বিতৰণী সভাত উপস্থিত থাকে বেলশৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ সভাপতি লক্ষী পাটোৱাৰী, সম্পাদক সুনীল পাটোৱাৰী, ক্ৰীড়া সংগঠক হৰিশ গোস্বামী, অসম ভলীবল সন্থাৰ সহঃ সম্পাদক দীপক কুমাৰ দাস, যুৱ ব্যাৱসায়ী ধ্ৰুৱজ্যোতি তালুকদাৰ, নলবাৰী ক্ৰীড়া সন্থাৰ ভলীবল বিভাগৰ সম্পাদক দেৱজিৎ ডেকা আদি বিশিষ্ট ব্যাক্তি সকল। উল্লেখ্য যে নলবাৰী ক্ৰীড়া সন্থাৰ সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই গ্ৰাম্যাঞ্চলৰ খেলুৱৈ সকলক উলিয়াই আনি ক্ৰীড়াৰ প্ৰসাৰ আৰু প্ৰতিষ্ঠাৰ স্বাৰ্থত নলবাৰী জিলাৰ ক্লাৱ-সংঘ সমূহক ক্ৰীড়া সন্থাৰ স্বীকৃতি প্ৰদান কৰিছিল। যাৰ ফলস্বৰূপে আন্তঃ ক্লাৱ ভলীবল লীগত ১৮টা ল’ৰাৰ আৰু ১২টা মহিলা ভলীবল দলে লীগত অংশ গ্ৰহন কৰি লীগখনক অনান্য মাত্ৰ দিবলৈ সক্ষম হয়।

৪৫ ঘণ্টাত ১০ জন ৰাষ্ট্ৰপতিৰ সৈতে বৈঠক, আৰু ২০টা এজেণ্ডা – ব্যস্ততাপূৰ্ণ সময়সূচীত ইণ্ডোনেছিয়ালৈ উৰা মাৰে মোডীয়ে…

১৭ সংখ্যক জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে। সোমবাৰে (১৪ নৱেম্বৰ) ১৭ সংখ্যক জি-২০ সন্মিলনত অংশগ্ৰহণৰ বাবে ইণ্ডোনেছিয়ালৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী মোডী। অহা বছৰ জি-২০ৰ অধ্যক্ষ হ’ব ভাৰত। আগন্তুক শীৰ্ষ সন্মিলনৰ সামৰণি অধিবেশনত ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি জোকো উইডোডোৱে প্ৰতীকীভাৱে জি-২০ৰ ৰাষ্ট্ৰপতি পদ প্ৰধানমন্ত্ৰীক অৰ্পণ কৰিব।

১৬ নৱেম্বৰত দেশলৈ উভতি আহিব প্ৰধানমন্ত্ৰীগৰাকী। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ৪৫ ঘণ্টীয়া ঘূৰ্ণীবতাহ ভ্ৰমণৰ সময়ত দ্বিপাক্ষিক বৈঠকত কমেও ১০ গৰাকী ৰাজ্যিক নেতাৰ সৈতে সাক্ষাৎ কৰিব। লগতো উপস্থিত থাকিব আন ২০টা অনুষ্ঠানত।এইবাৰৰ জি-২০ সন্মিলনৰ বিষয়বস্তু হৈছে ‘ৰিকাভাৰ টুগেদাৰ, ৰিকাভাৰ ষ্ট্ৰংগাৰ’।

সদস্য আৰু অতিথি দেশৰ নেতাসকলে এই বিষয়ত বিতংভাৱে আলোচনা কৰিব। এই বিষয়বস্তুৰ অধীনত তিনিটাকৈ কৰ্ম অধিৱেশনৰ আয়োজন কৰা হ’ব। এই তিনিটা অধিবেশনৰ বিষয়সমূহ হ’ল – খাদ্য আৰু শক্তি সুৰক্ষা স্বাস্থ্য আৰু ডিজিটেল ৰূপান্তৰ। এই তিনিটা অধিৱেশনত প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে জি-২০ৰ অন্যান্য নেতাৰ সৈতে আন কিছুমান অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা।

ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে ইণ্ডোনেছিয়াত ভাৰতীয় প্ৰব্ৰজনকাৰীৰ সৈতে সংযোগ স্থাপনৰ বাবে আয়োজন কৰা এক বিশেষ অনুষ্ঠানতো অংশগ্ৰহণ কৰিব। চলি থকা ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰু ইয়াৰ পিছত বিভিন্ন ৰাষ্ট্ৰৰ স্থিতিও এই সন্মিলনত আলোচনাৰ এক গুৰুত্বপূৰ্ণ বিষয় হৈ উঠিব পাৰে।