Home Blog Page 186

zubeen garg death case: জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ভয়ংকৰ তথ্য পোহৰলৈ…

জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ভয়ংকৰ তথ্য পোহৰলৈ
জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ভয়ংকৰ তথ্য পোহৰলৈ

জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ভয়ংকৰ তথ্য পোহৰলৈ। (zubeen garg death case)

জুবিন গাৰ্গক হত্যাৰ ষড়যন্ত্ৰ ৰচিছিল সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্তই!

ৰিমাণ্ড কপিত বহু বিস্ফোৰক তথ্য শেখৰজ্যোতি গোস্বামীৰ।

উদ্দেশ্যপ্রণোদিতভাৱে জুবিন গাৰ্গক বিদেশলৈ লৈ গৈছিল সিদ্ধার্থ, শ্যামকানুৱে।

সাগৰত অচেতন হৈ পৰা জুবিন গাৰ্গৰ নাক-মুখেৰে ওলাইছিল ফেন।

মুখেৰে ফেন ওলোৱাৰ পিছতো দিয়া নাছিল গুৰুত্ব।

আনহাতে য়টৰ ভিডিঅ’ প্ৰচাৰ নকৰিবলৈ দিছিল ভাবুকি।

CIDৰ জেৰাত শেখৰজ্যোতি গোস্বামীৰ বিস্ফোৰক স্বীকাৰোক্তি।

ছিংগাপুৰৰ PAN PACIFIC নামৰ হোটেল খনত আছিল জুবিন গাৰ্গ।

হোটেলখনৰ ৩০১০ ৰূমতেই ৰচা হৈছিল নেকি জুবিন গাৰ্গৰ হত্যাৰ ষড়যন্ত্র?

Pijush Hazarika: মুখ্যমন্ত্ৰীৰ সৈতে ফটো উঠিলেও সাৰি যাব নোৱাৰিব কোনো দোষীঃ পীয়ূষ হাজৰিকা

মুখ্যমন্ত্ৰীৰ সৈতে ফটো উঠিলেও সাৰি যাব নোৱাৰিব কোনো দোষীঃ পীয়ূষ হাজৰিকা
মুখ্যমন্ত্ৰীৰ সৈতে ফটো উঠিলেও সাৰি যাব নোৱাৰিব কোনো দোষীঃ পীয়ূষ হাজৰিকা

শ্যামকানু আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটো প্ৰসংগত মন্তব্য মন্ত্ৰী পীযূষ হাজৰিকাৰ। (Pijush Hazarika)

আজি অনুষ্ঠিত সংবাদমেলত মন্ত্ৰী পীয়ূষ হাজৰিকাই কয়-


‘মুখ্যমন্ত্ৰীৰ সৈতে ফটো উঠিলেও সাৰি যাব নোৱাৰিব কোনো দোষী’।

‘মুখ্যমন্ত্ৰীয়ে দিনটোত হাজাৰ মানুহৰ লগত ফটো উঠে’।

‘কিছু লোকে সেই ফটো নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰে’।

‘ফটো উঠিব আহিলে গঁতিয়াই কাকো দিব নোৱাৰি’।

Bodoland oath swearing ceremony: বড়োলেণ্ড প্ৰাদেশীয় পৰিষদৰ ৫ম কাৰ্যনিৰ্বাহকৰ শপতগ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতি তুংগত

বড়োলেণ্ড প্ৰাদেশীয় পৰিষদৰ ৫ম কাৰ্যনিৰ্বাহকৰ শপতগ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতি তুংগত
বড়োলেণ্ড প্ৰাদেশীয় পৰিষদৰ ৫ম কাৰ্যনিৰ্বাহকৰ শপতগ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতি তুংগত

কোকৰাঝাৰত বডোলেণ্ড প্ৰাদেশীয় পৰিষদৰ (Bodoland oath swearing ceremony) ৫ম কাৰ্যনিৰ্বাহকৰ শপতগ্ৰহণ অনুষ্ঠান উপলক্ষে প্ৰস্তুতি পূৰ্ণ্যোদ্যমে চলি আছে। বড়োলেণ্ডৰ উন্নয়ন আৰু সমৃদ্ধিৰ এক নতুন প্ৰভাতক চিহ্নিত কৰি মাননীয় হাগ্ৰামা মহিলাৰীয়ে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে ৫ম কাৰ্যনিৰ্বাহকৰ সদস্যসকলৰ সৈতে অহা ৫ অক্টোবৰত শপতগ্ৰহণ কৰিব।

এই শপতগ্ৰহণ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব। গৌৰৱোজ্জ্বল এই অনুষ্ঠানটো কোকৰাঝাৰৰ বড়োফা নগৰস্থিত বিটিচি সচিবালয় খেলপথাৰত অনুষ্ঠিত হ’ব আৰু বিটিআৰৰ অন্যান্য জিলাসমূহতো লাইভষ্ট্ৰীম কৰা হ’ব। অসম চৰকাৰৰ মুখ্য সচিব ডঃ ৰবি কোটাই কাৰ্যভাৰগ্ৰহণ, শপত আৰু গোপনীয়তাৰ পাঠেৰে অনুষ্ঠানটি পৰিচালনা কৰিব।

লগতে বিটিচিৰ প্ৰধান সচিব আকাশ দীপে ত্ৰিদীপ দৈমাৰীক বিটিচি বিধানসভাৰ প্ৰ’টেম স্পীকাৰ হিচাপে কাৰ্যভাৰ গ্ৰহণৰ শপতবাক্য পাঠ কৰাব। আনহাতে বিটিচিৰ প্ৰধান সচিব আকাশ দীপৰ জাতীয় পতাকা উত্তোলনেৰে দিনটোৰ কাৰ্যসূচী আৰম্ভ হ’ব। তাৰ পিছত দোতমাৰ থুলুংগাপুৰীত থকা বডোফা ইউ এন ব্ৰহ্মৰ সমাধিস্থল, দেৱৰগাঁৱত থকা বডোলেণ্ড ছহিদ সমাধিস্থল আৰু বিটিচি বিধানসভা ভৱনৰ সন্মুখত থকা বডোফা ইউ এন ব্ৰহ্মৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণেৰে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ’ব। উল্লেখ্য যে নতুনকৈ নিৰ্বাচিত কাৰ্যনিৰ্বাহকৰ সদস্যসকলে বিটিআৰৰ গণতান্ত্ৰিক যাত্ৰাৰ এই শুভ মুহূৰ্তত নিজৰ দায়িত্ব গ্ৰহণ কৰি সমগ্ৰ বিটিআৰক উন্নয়ন, শান্তি আৰু গ্ৰগতিৰ দিশত আগবঢ়াই নিবলৈ সক্ষম হ’ব।

Advocate Rajkamal: শ্যামকানু মহন্তৰ হৈ ওকালতি ৰাজ কমলৰ !

শ্যামকানু মহন্তৰ হৈ ওকালতি ৰাজ কমলৰ !
শ্যামকানু মহন্তৰ হৈ ওকালতি ৰাজ কমলৰ !

শ্যামকানু মহন্তৰ হৈ ওকালতি ৰাজ কমলৰ !(Advocate Rajkamal)

শ্যামকানুৰ হৈ ওকালতি কৰা ৰাজ কমল কোন জানেনে?

ৰাজ কমলে SUPREME COURTত শ্যামকানুৰ হৈ লেখ আবেদন কৰিছিল।

পঞ্জাবত কংগ্ৰেছৰ শাসনকালৰ ডেপুটী এডভোকেট জেনেৰেল আছিল ৰাজকমল।

২০১৭ৰ পৰা ২০২১ চনৰ ছেপ্টেম্বৰ পৰ্যন্ত DAG হিচাপে কৰ্মৰত আছিল ৰাজকমল।

কংগ্ৰেছৰ ঘনিষ্ঠ হিচাপে জনাজাত ৰাজ কমল।

ৰাজকমল ৰাজ্যসভাৰ কংগ্ৰেছ সাংসদ তথা জ্যেষ্ঠ অধিবক্তা।

নয়দাৰ চিম্বায়োছিছ আইন বিদ্যালয়ৰো অতিথি অধ্যাপক আছিল ৰাজকমল।

KTS TULSIৰ JUNIOR ৰাজ কমলে কংগ্ৰেছৰ হৈ বহু গোচৰত অৱতীৰ্ণ হৈছে।

Guwahati Crime News: জুবিন গাৰ্গৰ গান বজাবলৈ কোৱাৰ বাবে প্ৰাণ কাঢ়িলে এজন যুৱকৰ!

জুবিন গাৰ্গৰ গান বজাবলৈ কোৱাৰ বাবে প্ৰাণ কাঢ়িলে এজন যুৱকৰ!
জুবিন গাৰ্গৰ গান বজাবলৈ কোৱাৰ বাবে প্ৰাণ কাঢ়িলে এজন যুৱকৰ!

জুবিন গাৰ্গৰ গান বজাবলৈ কোৱাৰ বাবে প্ৰহাৰ যুৱকক।(Guwahati Crime News)


গুৱাহাটীৰ বামুণিমৈদাম ৰে’লৱে কলনীত যুৱকক হত্যা।


পূজাৰ আনন্দৰ মাজতে অবিনাশ নামৰ এজন যুৱকে জুবিন গাৰ্গৰ গান বজাবলৈ কৈছিল।

অবিনাশৰ দাবীত অগ্নিশৰ্মা হৈ সুৰজিত সৰকাৰ আৰু ৰাতুল বৰাৰ নেতৃত্বত ২০-২৫জনীয়া এটা দলে আক্ৰমণ কৰে অবিনাশক।


গুৰুতৰভাৱে আহত অৱস্থাত এখন চিকিৎসালয়ত ভর্তি কৰোৱা হৈছিল অবিনাশক।


চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় অবিনাশ ৰজকৰ।


আৰক্ষীয়ে ঘটনা সন্দর্ভত চলাইছে তদন্ত।

Shyamkanu Mahanta Wife: শ্যামকানুক সাক্ষাৎ কৰিবলৈ পুৱাই CIDৰ কাৰ্যালয়ত শ্যামকানুৰ পত্নী

শ্যামকানুক সাক্ষাৎ কৰিবলৈ পুৱাই CIDৰ কাৰ্যালয়ত শ্যামকানু পত্নী
শ্যামকানুক সাক্ষাৎ কৰিবলৈ পুৱাই CIDৰ কাৰ্যালয়ত শ্যামকানু পত্নী

শ্যামকানুক সাক্ষাৎ কৰিবলৈ পুৱাই CIDৰ কাৰ্যালয়ত শ্যামকানুৰ পত্নী। (Shyamkanu Mahanta Wife)

CID কাৰ্যালয়ত সংবাদ মাধ্যমৰ প্ৰতি বিষোদগাৰ অনিতা ডেকা মহন্তৰ।

দুটা দিন ধৰি CID কাৰ্যালয়ত তাঁতবাটি কাঢ়িছে শ্যামকানু মহন্ত পত্নীয়ে।

সংবাদ মাধ্যমক উদ্দেশ্যি ক’লে ‘মোক আমাক ৰেহাই দিয়ক’।

‘আপোনালোকে মানুহজনক বহুত কৰিছে এতিয়া আমাক ৰেহাই দিয়ক প্লীজ’।

‘মোৰ প্ৰাইভেচীটোক সন্মান কৰক আপোনালোকে। মোৰ ক’লগীয়া একো নাই।’

Shyamkanu Mahanta: অসমৰ পৰা স্থানান্তৰিত হ’ব নেকি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ!

অসমৰ পৰা স্থানান্তৰিত হ'ব নেকি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ!
অসমৰ পৰা স্থানান্তৰিত হ'ব নেকি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ!

অসমৰ পৰা স্থানান্তৰিত হ’ব নেকি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ!(Shyamkanu Mahanta)

উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ শ্যামকানু মহন্ত।

গ্ৰেপ্তাৰৰ পূৰ্বেই উচ্চতম ন্যায়ালয়ত কৰিছিল আবেদন।

৩০ ছেপ্টেম্বৰত লেখ আবেদন কৰিছিল শ্যামকানু মহন্তই।

শ্যামকানুৰ হৈ আবেদন অধিবক্তা ৰাজ কমলৰ।

সম্ভৱত আগতীয়া জামিন বিচাৰি কৰিছিল আবেদন।

আবেদনত প্রতিপক্ষ হিচাপে ৰাখিছে ভাৰত চৰকাৰ।

অসম চৰকাৰ, DGP, NIA আৰু CBIক।

CIDৰ ভুলৰ বাবেই জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ অসমৰ পৰা স্থানান্তৰ হোৱাৰ সম্ভাৱনা।

56715/2025 নম্বৰত ফৌজদাৰী লেখ আবেদন দাখিল শ্যামকানুৰ।

কিন্তু শ্যামকানু মহন্তৰ উচ্চতম ন্যায়ালয়ৰ আবেদনত আছিল বহুকেইটা আসোঁৱাহষ

সৰ্ব্বোচ্চ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীয়ে আসোঁৱাহ আঙুলিয়াই দি ঘূৰাই দিছিল আবেদন।

শ্যামকানু মহন্তৰ অধিবক্তাই আসোঁৱাহ আঁতৰাই পুনৰ আবেদন দাখিল কৰিলেনে নাই সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

Shyamkanu Mahanta: নৰ্থ-ইষ্ট ফেষ্টিভেলৰ সৈতে জড়িত আন ৩ ব্যক্তিক তলব CIDৰ

নৰ্থ-ইষ্ট ফেষ্টিভেলৰ সৈতে জড়িত আন ৩ ব্যক্তিক তলব CIDৰ
নৰ্থ-ইষ্ট ফেষ্টিভেলৰ সৈতে জড়িত আন ৩ ব্যক্তিক তলব CIDৰ

নৰ্থ-ইষ্ট ফেষ্টিভেলৰ সৈতে জড়িত আন ৩ ব্যক্তিক তলব CIDৰ।(Shyamkanu Mahanta)

CIDএ তলব কৰিছে নৰ্থইষ্ট ফেষ্টিভেলৰে জড়িত তিনিজনক।


নয়নজ্যোতি দাস, দ্বীপজ্যোতি ৰায়ক আৰু ৰক্তিম ৰয়ক CIDএ তলব কৰিছে।


তিনিওজন হাজিৰ হৈছে CIDৰ কার্যালয়ত।


শ্যামকানুৰ অতিকৈ ঘনিষ্ঠ এই তিনিজন ব্যক্তি।


ৰক্তিম ৰয়ে চাইছিল শ্যামকানুৰ বিত্তীয় লেনদেন।

Zubeen Garg Death Case: জুবিন গাৰ্গৰ পোষ্টমর্টেম ৰিপ’ৰ্ট ওলাল…

জুবিন গাৰ্গৰ পোষ্টমর্টেম ৰিপ'ৰ্ট ওলাল
জুবিন গাৰ্গৰ পোষ্টমর্টেম ৰিপ'ৰ্ট ওলাল

জুবিন গাৰ্গৰ পোষ্টমর্টেম ৰিপ’ৰ্ট ওলাল।(Zubeen Garg Death Case)

ভাৰতীয় উচ্চায়ুক্তক প্রতিবেদন দিলে ছিংগাপুৰ আৰক্ষীয়ে।

জুবিন গাৰ্গৰ পোষ্টমর্টেম ৰিপ’ৰ্ট ভাৰতীয় উচ্চায়ুক্তক আনুষ্ঠানিকভাৱে প্ৰদান কৰিলে।


জুবিনৰ মৃত্যুত ছিংগাপুৰ আৰক্ষীয়ে পোৱা নাই ‘ফাউল প্লে’।

ইতিমধ্যে অসম চৰকাৰলৈ প্ৰতিবেদন পঠালে উচ্চায়ুক্তই।

গৰিমা গাৰ্গৰ হাতত অৰ্পণ কৰা হ’ব এই প্ৰতিবেদন।

আনহাতে প্ৰস্তুত হৈ উঠিছে GMCHৰ জুবিনৰ মৰণোত্তৰ পৰাক্ষাৰ প্ৰতিবেদনো।

১৯ ছেপ্টেম্বৰত মৃত্যুৰ পিছত অটপ্সি কৰা হৈছিল ছিংগাপুৰত।

Dipak Sarma: চৰকাৰৰ এটা গধুৰ দায়িত্ব আছিল, মোৰ বিষয়ে অলপ চিন্তা কৰিব লাগিছিলঃ দীপক শৰ্মা

বিখ্যাত বাঁহীবাদক দীপক শর্মা অসুস্থ।(Dipak Sarma)
বিখ্যাত বাঁহীবাদক দীপক শর্মা অসুস্থ।(Dipak Sarma)

বিখ্যাত বাঁহীবাদক দীপক শর্মা অসুস্থ।(Dipak Sarma)

মহানগৰীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন শিল্পী দীপক শৰ্মাষ


ধনৰ অভাৱত উন্নত চিকিৎসাৰ পৰা বঞ্চিত শিল্পীগৰাকী।

যকৃতৰ ৰোগত আক্ৰান্ত হৈ অসুস্থ শিল্পীগৰাকী।

আৰ্থিক দুৰৱস্থাৰ কথা জানিও চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ।

সামাজিক মাধ্যমত শিল্পী দীপক শৰ্মাই কয় যে-

‘আজি যে মোৰ প্ৰটিনৰ অভাৱ ইয়াৰ বাবে দায়ী চৰকাৰ’

‘মোক আধাতে ৰাখি থৈ গ’ল অলপ পইছা দি’


‘চৰকাৰৰ এটা গধুৰ দায়িত্ব আছিল, মোৰ বিষয়ে অলপ চিন্তা কৰিব লাগিছিল’