Home Blog Page 185

গান্ধাৰীৰ ভাও আৰু কিমান দিনলৈ ! আমি চিন্তাধাৰা সলনি কৰিবৰ হ’ল

গান্ধাৰীৰ ভাও আৰু কিমান দিনলৈ ! আমি চিন্তাধাৰা সলনি কৰিবৰ হ'ল
গান্ধাৰীৰ ভাও আৰু কিমান দিনলৈ ! আমি চিন্তাধাৰা সলনি কৰিবৰ হ'ল

অসমত বোলে এতিয়া শান্তিয়েই শান্তি। এতিয়া হেনো ৰাজপথত কোনেও আন্দোলন কৰিবলগীয়া নাই। সকলো সুখ-শান্তি এতিয়া মানুহে ঘৰতে শুই-বহি উপভোগ কৰিলেই হ’ল। এয়া আমাৰ কথা নহয়। বৰ্তমান সময়ত একাংশ ৰজাঘৰীয়াই আৰু একাংশ তুষ্টিকৰণত ব্যস্ত থকা নেতা-পালি নেতা আৰু একাংশ দেখিও নেদেখা অসম হিতৈষী লোকৰ কথা। পিছে বাস্তৱত কি হৈ আছে, কি হ’বলৈ গৈ আছে সেয়া দেখাোই দেখি আছে আৰু বুজায়ো ভালদৰেই বুজি পাইছে। মাত্ৰ সকলোৱে কিহবাৰ লোভত অথবা কাৰোবাৰ ৰোষত পৰাৰ ভয়ত এতিয়া সকলোৱে গান্ধাৰীৰ ভূমিকা গ্ৰহণ কৰিছে। এয়াই আমাৰ দুৰ্ভাগ্য, আমাৰ দুৰ্দশা। আমাৰ চকুৰ সন্মুখতেই গৰু-গাহৰিৰ মাংসক লৈ তোলপাৰ লাগিল অসমত। ইয়াৰ সুযোগ লৈ একাংশই সাম্ৰদায়িক উত্তেজনা বিয়পাবলৈ পূৰ্ণ সুযোগ গ্ৰহণ কৰিলে। কিন্তু সেই উত্তেজনাৰ আশু সমাধানৰ বাবে কোনেও কিন্তু আগবাঢ়ি নাহিল বা অহা দেখাও নগ’ল সাতামপুৰুষীয়া সম্প্ৰীতিত ক্ৰমান্বয়ে ঘূণে ধৰিবলৈ আৰম্ভ কৰিলে। কথা হ’ল মানুহৰ হাতত যদি কোনো বিষয় নাথাকে তেতিয়াই সাম্প্ৰদায়িক উত্তেজনা বিয়পাই দিব পাৰিলেই সকলো হৈ যায়। শান্ত পৰিৱেশ ভংগ হৈ যায় নিমিষতে। অতি আৱেগিক আৰু সংবেদনশীল বিষয়টোৱেই হৈছে ধৰ্ম। ধৰ্মক লৈ যেতিয়া সংঘাত আৰম্ভ হয় তেতিয়াই ধ্বংসৰ দিশলৈ আগবাঢ়ে এটা জাতি। সমস্যা কিন্তু সমাধান নহয় বৰং বেছিকৈ সমস্যাৰ উদ্ভৱহে হয়। আৰু হয়তো শাসকীয় পক্ষই তাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰে। আমাৰ সাধাৰণ জনতাই সেই কথাটোকে উপলব্ধি কৰিবলৈ অপাৰগ হোৱা দেখা যায়। ইয়াৰ পিছত আহিল গীৰ গাইৰ প্ৰসংগ। তোলপাৰ লাগি পৰিল সমগ্ৰ অসম। গৰুখুঁটি প্ৰকল্পলৈ অনা ৩০০শ গীৰ গাইৰ হেনো মাজবাটতে কিছুসংখ্যক নোহোৱা হ’ল। অৰ্থৎ চুৰি হ’ল। আঙুলি উঠিল চৰকাৰৰ বিয়াগোম মন্ত্ৰীৰ বিৰুদ্ধে গীৰ গাই চুৰি কৰাৰ। লগতে অভিযোগৰ উঠিল বিধায়ক- সাংসদৰ আৰু বহুজনৰ বিৰুদ্ধে। এইবোৰনো অন্দৰ মহলত কি ডাঙৰ ডাঙৰ কাণ্ড-কাৰখানা ঘটি আছে সেইবোৰৰ বিষয়ে জনাৰ কোনো অৱকাশেই নাছিল সাধাৰণ জনতাৰ। কিন্তু সাধাৰণ জনতায়ো জানিলে। পিছে খবৰটো বিয়পি পৰিল কেনেবাকে জনসাধাৰণৰ মাজত। চাৰিওফালে হুলস্থূল লাগিল। বিৰোধীয়ে চাৰিওফালে হাহাকাৰ লগালে। প্ৰতিবাদ, ধৰ্ণা আদিৰে কেইদিনমান অসমৰ আকাশ-বতাহ উত্তপ্ত হৈ পৰিল। অভিযোগৰ আঙুলি উঠা মন্ত্ৰীগৰাকীয়ে সংবাদ মেল পাতি চাফাই গোৱাৰ সময়তে আন এক সমস্যাই মন্ত্ৰীগৰাকীক যেন আকৌ মেৰাই ধৰিলে। তেওঁ এগৰাকী সাংবাদিকক ‘তলৰ শ্ৰেণী’ৰ সাংবাদিক বুলি তাচ্ছিল্য কৰিলে। ইয়াৰ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিলে সাংবাদিকসকলে। পিছত যেনিবা মন্ত্ৰীগৰাকীয়ে কথাটোৰ কাৰণে দুখ প্ৰকাশ কৰিলত বিষয়টো ইমানতে মিমাংসা হ’ল। আমাৰ ৰাজ্যখন অলপ সুস্থিৰ হৈছিলহে আকৌ আহি পৰিল চৰকাৰী ভূমিৰ পৰা দখলদাৰীসকলক উচ্ছেদৰ প্ৰসংগ। শদিয়াৰ পৰা ধুবুৰীলৈ পূৰ্ণগতিত চলিবলৈ ধৰিলে উচ্ছেদ অভিযান। চৰকাৰী মাটিত বাংলাদেশৰ পৰা অবৈধ প্ৰক্ৰিয়াৰে অসমত সোমাই বিভিন্ন ঠাইত থকা চৰকাৰী মাটিত বসবাস কৰি থাকিব সেয়া হ’ব নোৱাৰে। গতিকে হঠাতে সেইসকলক খেদিবলৈ লাগি গ’ল অসম চৰকাৰ। অবৈধভাৱে আহি অসমত কোনোবাই চৰকাৰী মাটি দখল কৰিব, সেইটো কেতিয়াও কোনেও মানি নলয়। গতিকে জনসাধাৰণেও পূৰ্ণ সমৰ্থন জনোৱা পৰিলক্ষিত হ’ল উচ্ছেদৰ ।

কিন্তু সমৰ্থন জনায়ো কওঁ যে যিসকলে সেই উচ্ছেদিত লোকসকলোতো মানুহেই। তেওঁলোকক হঠাতে এনেদৰে উচ্ছেদ চলোৱাৰ ফলত তেওঁলোক কেনে এক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হৈছে সেয়া নেদেখিলে বুজা টান। ইমান হুৰমূৰকৈ তেওঁলোকক উচ্ছেদৰ ব্যৱস্থা নকৰি কমেও অন্ততঃ ছমাহ সময় দি তেওঁলোকক আঁতৰি যোৱাৰ বাবে নিৰ্দেশ দিয়া হ’লেও ইমান হাহাকাৰ পৰিস্থিতি বা ইমান উত্তেজনাৰ পৰিৱেশ এটাৰ সৃষ্টি নহ’লহেঁতেন। যিহেতু সেইসকল লোক ইতিমধ্যে ২০/৩০ বছৰ ধৰি অবৈধভাৱে বাসবাস কৰি আছেই। আৰু ছমাহ তেওঁলোকক সময় দিলেনো কি ক্ষতিৰ সন্মুখীন হ’লহেঁতেন। আমি অসমীয়াসকল যিহেতু অতিথিপৰায়ণ, গতিকে আমাৰ বোধেৰে সেইসকলক কিছু হ’লেও মানৱীয়তাৰ দৃষ্টিৰে চাব পৰা নিশ্চয় হ’লহেঁতেন। তেতিয়া তেওঁলোকো শান্তিৰে আঁতৰি যাবলৈ সক্ষম হ’লহেঁতেন আৰু যিসকল ভাৰতীয় বুলি প্ৰমাণিত হয় তেওঁক য’ৰ পৰা আহিছে তালৈ শান্তিৰে গৈ তাত বসতি কৰিব পাৰিলেহেঁতেন। ই একপ্ৰকাৰ সুস্থ চিন্তাৰ বাহক হ’লহেঁতেন। আৰু ইয়াক লৈ কোনেও ৰাজনীতি কৰিব নোৱাৰিলেহেঁতেন। নহ’লে একাংশই ভাবিবলৈ বাধ্য হেছে যে চৰকাৰৰ কিছুমান কাম ঢাকি ৰখাৰ ইয়ো এক কৌশল। সঁচাকৈয়ে অসমত অবৈধ নাগৰিকৰ সমস্যাই জনসাধাৰণক বাৰুকৈয়ে জলা-কলা খুৱাই আহিছে ছবছৰীয়া আন্দোলনৰ সময়ৰ পৰাই। আজিলৈ কিন্তু কোনো এখন চৰকাৰে এই অবৈধ নাগৰিকৰ সমস্যাটোৰ সমান কৰিব নোৱাৰিলে। বিদেশী নাগৰিকৰ সমস্যা সমাধানৰ আন্দোলনৰ গুৰি ধৰোতাসকলৰ নেতৃত্বতে অসমত দুবাৰকৈ চৰকাৰ গঠন হ’ল কিন্তু সমস্যাৰ সমাধান নহ’ল। আৰু আজিও অসমত এই অবৈধ বিদেশী নাগৰিকৰ সমস্যাটো যে সমাধান নহয় সেয়া ৰাইজে ইতিমধ্যে খুব ভালদৰে বুজি পাইছে। বৰ্তমান এই বিদেশী বিতাড়নৰ সমসাটো হৈছে একাংশৰ বাবে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ এক ৰাজনৈতিক আহিলা। এই বিদেশী নাগৰিকৰ নেগুৰত ধৰিয়েই তেওঁলোকে নিৰ্বাচনত জিকি অহাৰ বাট সুগম কৰি লয়। নিৰ্বাচন আহিলেই বিদেশী সমস্যাই উক্‌ দিয়ে। এতিয়ালৈ অসমৰ পৰা কেইজন বিদেশী বিতাড়ন হ’ল কোনোবাই হিচাব এটা দিব পাৰিবনে ? নাই আমি হয়তো কোনেও নোৱাৰিম। বিদেশী সমস্যা হ’ল নিৰ্বাচনত সহজে জিকি অহাৰ এটা মূল ইছ্যু। গতিকে অবৈধ নাগৰিকসকলক চিনাক্ত কৰাটো ইমান সহজ নহয়। নহ’লে আজি সুদীৰ্ঘ কাল এই সমস্যাটো জীয়াই নাথাকিলহেঁতেন। আমি আৱেগিক। গতিকে উচ্ছেদ চলিছে আমি বাহ বাহ দিছো কিন্তু উচ্ছেদ কৰা লোকসকল গ’ল নে বাংলাদেশলৈ। এটাও দেখোন যোৱা নাই। সেই মানুহখিনিক বৰং কোনো কোনো ঠাইত সংস্থাপিতহে কৰিছে। গতিকে উচ্ছেদ হওক অসমৰ ৰাইজে পূৰ্ণ সমৰ্থন দিছে আৰু দি যাব। কিন্তু জনসাধাৰণৰ সমৰ্থনৰ সুযোগ যাতে কোনেও দুৰ্বলতা বুলি ভাবি কাকো আভুৱা-নাভাঁৰে। নহ’ল আকৌবা কোন দিশে গতি কৰে বিদেশী নাগৰিকৰ এই সমস্যাটোৱে।


এইবোৰৰ হিচাব-নিকাচ কৰি থাকোতেই অসমীয়াই এতিয়া পাহৰিয়েই পেলাইছে আন জ্বলন্ত সমস্যাসমূহৰ বিষয়ে। হয়তো পাহৰাই ৰাখিবলৈ ইয়ো এক কৌশল। আজি ঊৰ্ধবমুখী সামগ্ৰীৰ দামে ৰাইজক কোঙা কৰি পেলাইছে। তথাপি কাৰো কাণসাৰেই নাই। অসমত অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠান বৰ্তমান দ্ৰুত হাৰত কমি আহিবলৈ আৰম্ভ কৰিছে। বিদ্যালয় এৰা শিক্ষাৰ্থীৰ সংখ্যা বাঢ়িহে গৈহে আছে কমা নায়। শিক্ষাৰ গুণগত মান বাঢ়িছে বুলিও ক’ব নোৱাৰি। কৃষি ভূমি দিনে দিনে পুঁজিপতি বণিয়াৰ হাতলৈ গৈ আছে। তাক বাধা দিবলৈ কোনো নাই। দুৰ্নীতি নিৰ্মূলৰ কথা কয়, কিন্তু কোনটো ক্ষেত্ৰত দুৰ্নীতি ৰোধ হৈছে বাৰু এতিয়ালৈ। আজি শিক্ষাৰ্থীক চাইকেল, স্কুটী, টকা দিছে। চৰকাৰৰ কথা হ’ল তেওঁলোক স্বাধীনচিতীয়া হৈ নিৰ্ভয়ে শিক্ষা গ্ৰহণ কৰি যোগ্য ব্যক্তি হৈ অসমৰ হকে ভাল কাম কৰক। কিন্তু পাৰিছেনে যোগ্য হৈ নিৰ্ভয়ে তেওঁলোক সমানে সমানে খোজ মিলাবলৈ। নাই পৰা। নহ’লেনো সৌ সিদিনা নিজৰ ঐকান্তিক যোগ্যতাৰ বলত লোক নিৰ্মাণ বিভাগত কনিষ্ঠ অভিযন্তাৰ দৰে পদত থাকিও কিন্তু নিজকে সুৰক্ষিত কৰি ৰাখিব নোৱাৰি আত্মহত্যাৰ দৰে চৰম পন্থা ল’বলৈ বাধ্য হৈ পৰিল এগৰাকী সম্ভাৱনাময় যুৱতী। এই দুৰ্ভগীয়া কনিষ্ঠ অভিযন্তাগৰাকীয়েই হ’ল যোশিতা দাস। এগৰাকী সৎ সাহসী আৰু নিজৰ যি গুৰু দায়িত্ব তাক সততাৰে পালন কৰিবলৈ সাহস কৰা ছোৱালীজনীয়েই আছিল যোশিতা। কিন্তু সততাৰে কাম কৰিবলৈ আগুৱাই অহা এই ছোৱালীজনীক কিন্তু বিভাগৰে একাংশই শান্তিৰে কাম কৰিবলৈ নিদিলে। তেওঁক ঠিকাৰ কাম সম্পূৰ্ণ নোহোৱাকৈ বিলৰ ধন মোকলাই দিবলৈ বাৰম্বাৰ হেঁচা দিয়াৰ পিছতো এইগৰাকী সৎ সাহসী অভিযন্তা যোশিতাই বিল পাছ কৰিবলৈ অপাৰগতা দেখুওৱাৰ বাবে সেই কু-চক্ৰটোৱে বাৰে বাৰে নানা ধৰণে মানসিক অশান্তি দিয়া ফলতেই তেওঁ আত্মহত্যা কৰিবলৈ বাধ্য হৈছিল। নিমিষতে হেৰাই গ’ল এগৰাকী সৎ সাহসী, কৰ্মোদ্যোগী যুৱ-প্ৰতিভা।

কেৱল এটা নিৰাপদ সংস্থাপনৰ আশাতেই সকলোৱে পঢ়া-শুনা নকৰে, ইয়াৰে বহুতে দেশ তথা সমাজক নিজৰ শ্ৰম আৰু মেধাৰ জৰিয়তে সেৱা আগবঢ়োৱাৰ বাবে প্ৰত্যাশাও কৰে। যোশিতা দাসেও নিশ্চিতভাৱেই সেই প্ৰত্যাশাকে লৈ কামত অগ্ৰসৰ হৈছিল। সেয়ে তেওঁ দুৰ্নীতিগ্ৰস্ত, লুণ্ঠন ব্যৱস্থাটোৰ হেঁচাতো সেওঁ মানিবলৈ বাধ্য নহ’ল। যোশিতাৰ মৃত্যুৱে দেখুৱাই দিলে দুৰ্নীতিৰে পোত খাই থকা আমাৰ চৰকাৰী ব্যৱস্থাটোৰ বিষয়ে। আচলতে যোশিতাই আত্মহত্যা কৰা নাই, যোশিতাক হত্যা কৰা হৈছে। তেওঁক হত্যা কৰিছে এই দুৰ্নীতিগ্ৰস্ত প্ৰশাসন ব্যৱস্থাটোৱে। দুৰ্নীতি-অনিয়মেৰে ভৰি থকা প্ৰশাসন যন্ত্ৰটোৰ জৰিয়তে ন্যায় পাবনে যোশিতা দাসে। এইবোৰ সমস্যা ভৰ কৌশলেৰে জনসাধাৰণৰ আঁতৰাই ৰখা হৈছে। যদি এনেদৰেই প্ৰশাসন ব্যৱস্থা চলি থাকিবলৈ হয় তেনেহ’লে ই হ’ব এক ভৱিষ্যতৰ বাবে ভয়াৱহ ইংগিত।


লেখকঃ ভূপেন মহন্ত

Himanta Biswa Sarma: গৌৰৱ গগৈয়ে ভাষণ পাকিস্তানত ভাইৰেল হোৱাৰ পিছতেই প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ

Himanta Biswa Sarma: গৌৰৱ গগৈয়ে ভাষণ পাকিস্তানত ভাইৰেল হোৱাৰ পিছতেই প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ
Himanta Biswa Sarma: গৌৰৱ গগৈয়ে ভাষণ পাকিস্তানত ভাইৰেল হোৱাৰ পিছতেই প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ

গৌৰৱ গগৈয়ে সংসদত দিয়া ভাষণ (Himanta Biswa Sarma) পাকিস্তানত ভাইৰেল হোৱাৰ পিছতেই প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ। সামাজিক মাধ্যমত গৌৰৱ গগৈক সমালোচনা কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈক সমালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘যোৰহাটৰ আমাৰ সাংসদজনে কালি সংসদত দিয়া ভাষণে সন্দেহাতীতভাৱে প্ৰমাণ কৰি দিলে যে তেওঁ পাকিস্তানৰ হৈয়ে কাম কৰে। তেওঁৰ পাকিস্তানলৈ গোপন ভ্ৰমণ আৰু পাকিস্তানী প্ৰতিষ্ঠানৰ সৈতে ঘনিষ্ঠ সম্পৰ্কই বহু কথা স্পষ্ট কৰি তুলিছে। তেওঁৰ পত্নী আৰু দুই সন্তানৰ বিদেশী নাগৰিকত্ব থকা হেতুকে তেওঁ যিকোনো সময়তে ভাৰত এৰি যাব পাৰে। তেওঁৰ এইধৰণৰ কাৰ্যই আমাৰ অসমক বদনামী কৰিলে৷ লগতে ভাৰতবৰ্ষৰ গৌৰৱপূৰ্ণ ঐতিহ্য তথা কোটি কোটি ভাৰতীয়ক তেওঁ বিশ্বাসঘাতকতা কৰিলে৷’


অপাৰেচন সিন্দুৰৰ সন্দৰ্ভত কি কৈছিল সাংসদ গৌৰৱ গগৈয়ে-

Biscuit: চাহৰ চুমুকৰ সৈতে বিস্কুট খাই ভাল পায় নেকি? এই অভ্যাস সোনকালে ত্যাগ কৰক !

Biscuit: চাহৰ চুমুকৰ সৈতে বিস্কুট খাই ভাল পায় নেকি? এই অভ্যাস সোনকালে ত্যাগ কৰক !
Biscuit: চাহৰ চুমুকৰ সৈতে বিস্কুট খাই ভাল পায় নেকি? এই অভ্যাস সোনকালে ত্যাগ কৰক !

প্ৰতিদিনে (Biscuit) ৰাতিপুৱা চাহৰ চুমুকৰ সৈতে বিস্কুট খাই ভাল পায় নেকি? যদি ভাল পায়, তেন্তে এই অভ্যাস সোনকালে এৰি দিয়ক নহ’লে আপোনাৰ শৰীৰত সমস্যা হ’ব।

শিশু হওক বা প্ৰাপ্তবয়স্কই হওক সকলোৱে বিস্কুট ভাল পায়। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে বিস্কুটবোৰ ক্ৰমান্বয়ে আপোনাৰ স্বাস্থ্যৰ বাবে ‘মিঠা বিষ’ হৈ পৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিপাকীয় ক্ৰিয়াৰ মাত্ৰা হ্ৰাস পাব পাৰে, যাৰ ফলত হজম শক্তি হ্ৰাস পায়। ইয়াৰ ফলত ওজন বৃদ্ধিৰ আশংকা সৃষ্টি হয়।

বিস্কুট কিহৰ পৰা তৈয়াৰ কৰা হয়?

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে বিস্কুট তৈয়াৰ কৰিবলৈ ৰিফাইনড আটা, ৰিফাইন চেনি আৰু হাইড্ৰজেনেটেড অইল ব্যৱহাৰ কৰা হয়। এই সকলোবোৰ বস্তু স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি গণ্য কৰা হয়। বিস্কুটত ব্যৱহৃত আটা আৰু কম আঁহযুক্ত বস্তুৰ বাবে পেটত সহজে হজম নহয়। যাৰ বাবে আপোনাৰ পাচনতন্ত্ৰ ক্ষতি হ’ব পাৰে আৰু আপুনি কোষ্ঠকাঠিন্য, গেছ আৰু এচিডিটিৰ দৰে সমস্যাৰ বলি হ’ব পাৰে।

ডায়েবেটিছৰ সমস্যাত থকা লোকসকলে বিস্কুটৰ পৰা দূৰত্ব বজাই ৰাখিব লাগে। ইয়াৰ কাৰণ হ’ল বিস্কুটৰ গ্লাইচেমিক ইনডেক্স বেছি, যাৰ বাবে ব্লাডত চেনিৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি পাব পাৰে। যিয়ে মানুহৰ স্বাস্থ্যৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে।

বিশেষজ্ঞসকলে কয় যে যিহেতু বিস্কুটত প্ৰটিন, ফাইবাৰ বা প্ৰয়োজনীয় ভিটামিন অতি কম থাকে, সেয়েহে শিশুক খুৱাই দিলে তেওঁলোকৰ শাৰীৰিক বিকাশত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। ইয়াৰ ফলত তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও দুৰ্বল হ’ব পাৰে।

খাদ্য বিশেষজ্ঞৰ মতে বিস্কুটত থকা কেলৰি আৰু চেনি শৰীৰত চৰ্বি হিচাপে জমা হ’বলৈ আৰম্ভ কৰে। ইয়াৰ ফলত ওজন বৃদ্ধি আৰু মেদবহুলতাৰ সম্ভাৱনা বৃদ্ধি পায়। এনে পৰিস্থিতিত যিসকল লোক ইতিমধ্যে মেদবহুল হৈ পৰিছে তেওঁলোকে লগে বিস্কুট ত্যাগ কৰিব লাগে।

Kaliabor News: সমন্বিত যুৱতীৰ্থ কলিয়াবৰ গাণিকাৰ গ্ৰীষ্মকালীন প্ৰশিক্ষণৰ সমাপ্তি

Kaliabor News: সমন্বিত যুৱতীৰ্থ কলিয়াবৰ গাণিকাৰ গ্ৰীষ্মকালীন প্ৰশিক্ষণৰ সমাপ্তি
Kaliabor News: সমন্বিত যুৱতীৰ্থ কলিয়াবৰ গাণিকাৰ গ্ৰীষ্মকালীন প্ৰশিক্ষণৰ সমাপ্তি

কলিয়াবৰ জিলা সত্ৰ (Kaliabor News) মহাসভাৰ পুত্ৰানুষ্ঠান সমন্বিত যুৱতীৰ্থ কলিয়াবৰ সমিতিৰ ব্যৱস্থাপনাত গাণিকা বিষয়ত ১৮ জুলাইৰ পৰা ২৭ জুলাইলৈকে গ্ৰীষ্মকালীন প্ৰশিক্ষণ শিবিৰৰ সফল সামৰণি পৰে। প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থী অসম সত্ৰ মহাসভাৰ সংগীতানুষ্ঠান কলিয়াবৰ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ, শিল্পী টংকেশ্বৰ শৰ্মাই বন্তি প্ৰজ্বলনৰ পিছতেই সমন্বিত যুৱতীৰ্থ কলিয়াবৰ সমিতিৰ সদস্যসকলে বৰগীত পৰিবেশনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে।

প্ৰশিক্ষকদ্বয় ক্ৰমে শ্ৰীশ্ৰীচিপহা সত্ৰৰ সত্ৰাধিকাৰ হিৰণ্য মহন্ত, কলিয়াবৰ জিলা বৈদিক সমাজৰ সভাপতি যজ্ঞোৰাম বৰাক অনুষ্ঠানৰ পৰা সম্বৰ্দ্ধনা জ্ঞাপন কৰে। দহ দিনীয়া প্ৰশিক্ষণৰ অন্তত আজি প্ৰশিক্ষাৰ্থীসকলে দুটা শাখাত বিশিষ্ট অতিথিবৃন্দৰ উপস্থিতিত বায়ন- গায়নশৈলী প্ৰদৰ্শন কৰে।

সমন্বিত যুৱতীৰ্থ কলিয়াবৰ জিলা সমিতিৰ সভাপতি দিব্যজ্যোতি গোস্বামীয়ে আঁতধৰা আৰু কাৰ্য্যকৰী সভাপতি শংকৰ জ্যোতি হাজৰিকা, সম্পাদক দিব্যজ্যোতি বৰা, সহকাৰী সম্পাদক দিল্পুৰঞ্জন হাজৰিকাৰ সহযোগিতা আগবঢ়োৱা অনুষ্ঠানত কলিয়াবৰ জিলা সত্ৰ মহাসভাৰ সভাপতি কৈলাশ গোস্বামী, কাৰ্য্যকৰী সভাপতি কুশদেৱ মহন্ত, সম্পাদক পুষ্কৰজ্যোতি মহন্ত, শ্ৰীশ্ৰীখুন্দামৰা সত্ৰৰ জ্যেষ্ঠ সত্ৰীয়া ভোলানাথ গোস্বামী, শ্ৰীশ্ৰী চামগুৰি সত্ৰৰ জ্যেষ্ঠ সত্ৰীয়া কমল চন্দ্ৰ গোস্বামী, শিল্পী দিলীপ বৰা, অমৃত মন্থন শিল্পী সমাজৰ সচিব সমীৰণজ্যোতি হাজৰিকা, কিশলয় সংগীত বিদ্যালয়ৰ অধ্যক্ষ শৰৎ শইকীয়া, শিল্পী অচ্যুত শইকীয়া, ৰামেশ্বৰ হাজৰিকা, পদুম মহন্ত, কেশৱ পাঁচনী, প্ৰেম নাৰায়ণ মহন্তকে প্ৰমূখ্য কৰি বহুকেইগৰাকী বিশিষ্ট অতিথি উপস্থিত থাকে।

অমৃত মন্থন শিল্পী সমাজৰ সচিব সমীৰণজ্যোতি হাজৰিকাই প্ৰশিক্ষণৰ গায়ন- বায়নশৈলীক প্ৰশংসা কৰাৰ লগতে খোলবাদ্যৰ আধ্যাত্মিক ব্যাখ্যা আগবঢ়ায়। প্ৰশিক্ষক শ্ৰীশ্ৰী চিপহা সত্ৰৰ সত্ৰাধিকাৰ হিৰণ্য মহন্তই অতি কম সময়তে নৱ-প্ৰজন্মৰ কিশোৰসকলে গুৰুজনাসৃষ্ট গায়ন-বায়নশৈলীক আয়ত্ত্ব কৰিবলৈ যি আগ্ৰহ প্ৰকাশ কৰিছে তাৰবাবে সকলোকে আশিস প্ৰদান কৰে। অনুষ্ঠান ৰাইজৰ উপস্থিতিত সফল সামৰণি পৰে।

Kakopathar News: অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাকপথাৰ আঞ্চলিক সমিতিৰ আয়োজন নাট সমাৰোহৰ

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাকপথাৰ আঞ্চলিক সমিতিৰ আয়োজন নাট সমাৰোহৰ
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাকপথাৰ আঞ্চলিক সমিতিৰ আয়োজন নাট সমাৰোহৰ

কাকপথাৰত নাট সমাৰোহ (Kakopathar News) সম্পন্ন৷ ৬ খনকৈ নাট প্ৰদৰ্শন। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাকপথাৰ আঞ্চলিক সমিতিয়ে আয়োজন কৰে নাট সমাৰোহ৷

বিভিন্ন ঠাইৰ ন-শিকাৰুৰ অভিনয়েৰে মঞ্চস্থ হোৱা কেইবাখনো নাট কাকপথাৰ আঞ্চলিক সাংস্কৃতিক সংঘৰ প্ৰেক্ষাগৃহত প্ৰদৰ্শন কৰে।

নাট প্ৰদৰ্শনৰ পূৰ্বে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত নাট সমাৰোহখনি আনুষ্ঠনিকভাৱে শুভ উদ্বোধন কৰে যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াই।

প্ৰায় তিনি শতাধিক নাট্যপ্ৰেমী দৰ্শকৰ উপস্থিতত অনুৰাগ বৰাৰ পৰিচালনাত ‘শিয়াল পণ্ডিতৰ বিলৈ’, জোনাক বৰাৰ পৰিচালনাত ‘পাৰিম পাৰিমেই’, মৃগাঙ্ক দিহিঙীয়াৰ পৰিচালনাত ‘একলব্যৰ মৃত্যু’, সৌৰভ দহোতীয়াৰ পৰিচালনাত ‘বাঁক’, ৰাজীৱ লোচন বৰাৰ পৰিচালনাত ‘নামৰে কঠীয়া’, অনুৰাগ বৰাৰ পৰিচালনাত ‘শেষ নোহোৱা সাধু’ আদি মুঠ ৬ খন নাট প্ৰদৰ্শন কৰা হয় ৷

Golaghat eviction: অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত উচ্ছেদ অভিযান

Golaghat eviction: অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত উচ্ছেদ অভিযান
Golaghat eviction: অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত উচ্ছেদ অভিযান

উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত (Golaghat eviction) উচ্ছেদ অভিযান। শতাধিক এক্সকেভেটৰৰেৰ পুৱাৰে পৰা চলিছে উচ্ছেদ। বেদখল মুক্ত কৰা হ’ব ১০ হাজাৰ ৯৬০ বিঘা ভূমি, উচ্ছেদ হ’ব দুহেজাৰৰো অধিক পৰিয়াল।


আৰম্ভ হ’ল উৰিয়ামঘাটৰ উচ্ছেদ অভিযান। পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে উচ্ছেদ অভিযান। আজিৰে পৰা অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত গোলাঘাট জিলা প্ৰশাসনৰ তৰফৰ পৰা চলিছে ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান ৷ দুহেজাৰৰো অধিক অসম আৰক্ষী জোৱান আৰু প্ৰায় ৫০০ বন সুৰক্ষা কৰ্মী সাজু উচ্ছেদ অভিযানত
সাজু ১০০ কৈও অধিক এক্সাভেটৰ। জানিব পৰা মতে অসম নগালেণ্ড সীমান্তৰ ৰেংমা বনাঞ্চলত সন্দেহযুক্ত নাগৰিকে গঢ়ি তোলা ১২ খনকৈ গাঁৱৰ ২৬৪৮ টা বাসগৃহত চলিব প্ৰশাসনৰ বোলড’জাৰ।

উচ্ছেদৰ তালিকাত থকা গাঁৱসমূহৰ হ’ল সোনাৰীবিল টোপ , ২নং পিঠাঘাট, ২নং দয়ালপুৰ, ৩ নং দয়ালপুৰ, দলনপথাৰ, খেৰবাৰী, বিদ্যাপুৰ, বিদ্যাপুৰ বজাৰ, ২নং মধুপুৰ, আনন্দপুৰ, ৰজাপুখুৰী, গেলাজান। ইফালে গাড়ীয়ে গাড়ীয়ে নিৰাপত্তাৰক্ষীৰ দল আহিছে ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা। কেইবাখনো জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ আৰক্ষী অধীক্ষক, সহকাৰী আয়ুক্ত আদি বহু বিষয়া আহি উপস্থিত হৈছেহি সৰুপথাৰত। উচ্ছেদ অভিযানত ব্যৱহাৰ কৰিবৰ বাবে গোলাঘাট, মেৰাপানী, শিৱসাগৰ, তিনিচুকীয়া আদিৰ পৰা অনা হৈছে এক্সাভেটৰ। বিদ্যাপুৰ অঞ্চলৰ পৰাই প্ৰথম উচ্ছেদ অভিযান আৰম্ভ হৈছে প্ৰশাসনৰ ৷

Kaliabor News: ‘ক্ৰিয়েটিভ কলিয়াবৰ’ৰ নাটকৰ পাণ্ডুলিপি লেখন কৰ্মশালা সম্পন্ন

Kaliabor News: ‘ক্ৰিয়েটিভ কলিয়াবৰ’ৰ নাটকৰ পাণ্ডুলিপি লেখন কৰ্মশালা সম্পন্ন
Kaliabor News: ‘ক্ৰিয়েটিভ কলিয়াবৰ’ৰ নাটকৰ পাণ্ডুলিপি লেখন কৰ্মশালা সম্পন্ন

কলিয়াবৰৰ অগ্ৰণী অনুষ্ঠান (Kaliabor News) ‘ক্ৰিয়েটিভ কলিয়াবৰ’ৰ ব্যৱস্থাপনাত দুদিনীয়াকৈ অনুষ্ঠিত নাটকৰ পাণ্ডুলিপি লেখন কৰ্মশালা শীৰ্ষক এক ব্যতিক্ৰমী কৰ্মশালাৰ সোমবাৰে সামৰণি পৰে৷ চৌদিশ অভিনয়, গীত, নৃত্য আদিৰ কৰ্মশালা চলি থকাৰ সময়তে এই অনুষ্ঠানটোৱে সমাজৰ বাবে নাট্য সৃষ্টি কৰিব পৰা এমুঠি নাট্যকাৰক আগুৱাই অনাৰ প্ৰয়াসেৰে এই কৰ্মশালাখনিৰ আয়োজন কৰা বুলি প্ৰকাশ কৰে অনুষ্ঠানটোৰ সভাপতি নৃপেন চন্দ্ৰ কেওঁটে৷

ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, নতুন দিল্লীত নাট্য সৃষ্টিৰ বিশেষ প্ৰশিক্ষণ গ্ৰহণ কৰা অসমৰ আগশাৰীৰ নাট্যকাৰ ভূপেন্দ্ৰনাথ হাজৰিকাৰ নেতৃত্বত নাট্যকাৰ পৰিচালক মহেন্দ্ৰ কাকতি, নৃপেন চন্দ্ৰ কেওঁটে এই কৰ্মশালাত অংশগ্ৰহণকাৰী প্ৰশিক্ষাৰ্থীসকলক নাটক লেখন, চৰিত্ৰ সৃষ্টি, সংলাপ, পৰিৱেশ সৃষ্টিকে ধৰি বিভিন্ন প্ৰয়োজনীয় বিষয়ৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে৷ অনুষ্ঠানটোৰ সম্পাদক ভৱেন বৰুৱাৰ লগতে জয়ন্ত কুমাৰ শৰ্মাই আঁতধৰা কৰ্মশালাৰ আৰম্ভণি আৰু সামৰণি অনুষ্ঠানটিত

উপস্থিত থাকে নাট্যকৰ্মী তথা অভিনেতা মৃদুল হাজৰিকা, প্ৰশান্ত প্ৰতীম হাজৰিকা, ৰূপজ্যোতি গোস্বামী, ধনবৰ ভূঞা, অংকুৰ হাজাৰীকে ধৰি বহুকেইগৰাকী ব্যক্তি৷ কুঁৱৰীটোলস্থিত কলিয়াবৰ শাখা সাহিত্য সভাৰ ভৱনত অনুষ্ঠিত কৰ্মশালাখনিৰ অন্তত প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীকে প্ৰমাণপত্ৰ প্ৰদান কৰা হয়৷

Bongaigaon News: হেৰুৱাৰ বাইকৰ সন্ধান দিলে লাভ কৰিব ১০ হাজাৰ টকা!

Bongaigaon News: হেৰুৱাৰ বাইকৰ সন্ধান দিলে লাভ কৰিব ১০ হাজাৰ টকা!
Bongaigaon News: হেৰুৱাৰ বাইকৰ সন্ধান দিলে লাভ কৰিব ১০ হাজাৰ টকা!

হেৰুৱাৰ বাইকৰ সন্ধান (Bongaigaon News) দিয়ক আৰু লৈ জাওক ১০ হাজাৰ টকাৰ পুৰুস্কাৰ। খবৰ অনুসৰি আজি পাঁচদিন পুৰ্বে নৃত্য বজাৰৰ পৰা এখন গ্লেমাৰ বাইক হেৰাই। এজন অতি দৰিদ্ৰ যুৱকৰ সপোনৰ বাইকখনত চকু পৰিল দুষ্ট চক্ৰৰ।

বঙাইগাওঁ জিলাৰ নৃত্য বজাৰৰ মাজ মজিয়াৰ পৰা সন্ধিয়া এখন বাইক চুৰি হোৱাৰ ঘটনাই সমগ্ৰ বহলপুৰ আৰু নৃত্য বজাৰত এক হাহাকাৰময় পৰিস্তিতি সৃষ্টি কৰিছে। জালিকুৰা গাঁৱৰ ছানোৱাৰ আলী নামৰ যুৱক জনে বঙাইগাঁও আৰু ধুবুৰী জিলাৰ সিমাবৰ্তি নৃত্য বজাৰত বজাৰ কৰিবলৈ গৈছিল বাইকখন লৈ।

বাইকখন বজাৰৰ মাজ মজিয়াত ৰখাই থৈ বজাৰ কৰি আছিল যুৱকজনে। বজাৰ কৰি ঘৰলৈ অহাৰ সময়ত বাইকখন দেখা নাপাই যুৱকজন হতভম্ব হৈ পৰিল। পিছত বিভিন্ন ঠাইত বিচাৰিও সন্ধান নাপালে বাইকখনৰ।

চুৰি হোৱা বাইক খনৰ নম্বৰ AS19J4708 বুলি জানিব পৰা গৈছে। ইতিমধ্যো বইটামাৰী আৰক্ষী চকীত ভুক্তভুগীয়ে এজেহাৰ দাখিল কৰিছে। ভুক্তভুগী ছানোৱাৰ আলীয়ে সংবাদ মাধ্যমৰ সন্মুখত কয় যে হেৰাই যোৱা বাইকখনৰ সন্ধান দিব পাৰিলে ১০ হাজাৰ টকা পুৰুস্কাৰ দিব।

Sivasagar News: শিৱসাগৰৰ ঐতিহাসিক ন-পুখুৰী পাৰত চাফাই অভিযান গৃহৰক্ষী স্বেচ্ছাসেৱক সকলৰ

Sivasagar News: শিৱসাগৰৰ ঐতিহাসিক ন-পুখুৰী পাৰত চাফাই অভিযান গৃহৰক্ষী স্বেচ্ছাসেৱক সকলৰ
Sivasagar News: শিৱসাগৰৰ ঐতিহাসিক ন-পুখুৰী পাৰত চাফাই অভিযান গৃহৰক্ষী স্বেচ্ছাসেৱক সকলৰ

স্বচ্ছতাই এক সেৱা। (Sivasagar News) এই সেৱা আগবঢ়াবলৈ ওলাই আহিছে শিৱসাগৰ জিলা গৃহৰক্ষী স্বেচ্ছাসেৱক সকল। জন সেৱাৰ্থে কাম কৰি থকা এই সেৱক সকলৰ লক্ষ্য হ’ল ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে স্বচ্ছতাক ৰাইজৰ মাজলৈ নিয়া। সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যান সন্থা শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত যোৱা শনিবাৰে ঐতিহাসিক ন-পুখুৰী পাৰত এক চাফাই অভিযান কাৰ্যসূচী হাতত লোৱা দেখা যায়।

দীৰ্ঘদিন ধৰি আৱৰ্জনাই ভৰি পৰা ঐতিহাসিক ন-পুখুৰী পাৰৰ লগতে পুখুৰীৰ পাৰতে অৱস্থিত জিলা শাৰীৰিক ভাৱে অক্ষম ব্যক্তিৰ প্ৰশিক্ষণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ চাৰিও দিশে এই চাফাই অভিযান কাৰ্যসূচী হাতত লয় গৃহৰক্ষী স্বেচ্ছাসেৱক সকলে।

Asam Sahitya Sabha: শোণিতপুৰত বাঁহবেৰা-কলাকুছি শাখা সাহিত্য সভা গঠনঃ ভাষা সাহিত্যৰ সেৱাৰ প্ৰতি উৎসাহিত ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু, চাহ জনগোষ্ঠী অধ্যুষিত অঞ্চলৰ ৰাইজ

Asam Sahitya Sabha: শোণিতপুৰত বাঁহবেৰা-কলাকুছি শাখা সাহিত্য সভা গঠন
Asam Sahitya Sabha: শোণিতপুৰত বাঁহবেৰা-কলাকুছি শাখা সাহিত্য সভা গঠন

অসম সাহিত্য সভাৰ ব্যাপক (Asam Sahitya Sabha) প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্য আৰু উদ্দেশ্য সন্মুখত ৰাখি প্ৰতিজন অসমীয়াৰ অন্তৰ্ভুক্তিৰে অসম সাহিত্য সভাই বিশ্বৰ প্ৰতিটো প্ৰান্তত শাখা গঠনৰ মহান পদক্ষেপ গ্ৰহণ কৰিছে৷ সুদক্ষ সংগঠকৰ দ্বাৰাহে সংগঠন শক্তিশালী হয়; সেয়েহে, আহক আমি সকলোৱে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে অসম সাহিত্য সভাৰ সন্মানীয় সভ্য পদ গ্ৰহণ কৰো৷ আজি শোণিতপুৰ জিলাৰ অন্তৰ্গত কলাকুছি মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত এখন বিশেষ ৰাজহুৱা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম সাহিত্য সভাৰ মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ সাংগঠনিক সম্পাদক দুলাল নাথে এনেদৰে কয়৷ ভাষণ প্ৰসঙ্গত তেখেতে কয় যে ১০৮ বছৰ পূৰ্বে প্ৰতিষ্ঠা লাভ কৰা অসম সাহিত্য সভা সম্প্ৰতি বিশ্বৰ বৃহৎ সাহিত্যানুষ্ঠানলৈ পৰ্যবসিত হ’বলৈ আৰম্ভ কৰিছে৷

সেয়েহে শাখা গঠনৰ জৰিয়তে আমাৰ বুকুৰ আপোন সংগঠনটোক অধিক শক্তিশালী কৰাত হাত উজান দিও৷ শোণিতপুৰৰ কলাকুছি – বাঁহবেৰাৰ বৃহত্তৰ এলেকাত অসম সাহিত্য সভাৰ এখন শক্তিশালী শাখা সমিতি গঠনাৰ্থে আজি কলাকুছি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক মঃ আব্বাছ আলিৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাখনত অসম সাহিত্য সভাৰ প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথ আৰু শোণিতপুৰ জিলা সাহিত্য সভাৰ উপসভাপতি প্ৰবীণ কটকীয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি দীঘলীয়া বক্তব্য প্ৰদান কৰে৷ সভাৰ প্ৰচাৰ আহ্বায়কগৰাকীয়ে ভাষণ প্ৰসঙ্গত উল্লেখ কৰে যে প্ৰতিটো জাতি জনগোষ্ঠীৰ পৱিত্ৰ মিলনভূমি স্বৰূপ অসম সাহিত্য সভাই অসমীয়া ভাষা সাহিত্যৰ উত্তৰণৰ লগতে অসমৰ প্ৰতি সৰু বৰ জাতি জনগোষ্ঠীৰ স্বকীয় সাহিত্য সমূহ দাঙি ধৰাৰ ক্ষেত্ৰতো বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছে৷

সেয়েহে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয়েই অসম সাহিত্য সভাৰ এই বৰ্ণিল যাত্ৰাৰ অংশীদাৰিত্ব গ্ৰহণ কৰা উচিত৷ শোণিতপুৰ জিলা সাহিত্য সভাৰ উপসভাপতি প্ৰবীণ কটকীয়ে ভাষণত কয় যে জ্যোতি বিষ্ণুৰ ভূমি শোণিতপুৰত অৰ্ধশতাধিক শাখা গঠনেৰে জিলা সভাই অসম সাহিত্য সভাক সাংগঠনিকভাৱে শক্তিশালী সিদ্ধান্ত গ্ৰহণ কৰিছে৷ তাৰে পৰিপ্ৰেক্ষিতত আজি অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক দুলাল নাথৰ তৎপৰতাত শোণিতপুৰ জিলা সাহিত্য সভাৰ অন্তৰ্গত হোৱাকৈ আজি ইয়াত এখন শাখা সভা গঠনৰ প্ৰক্ৰিয়াত সহযোগিতা কৰিবলৈ পাই নিজকে ধন্য মানিছো৷

শোণিতপুৰ জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ভোলা ৰাম ৰাউতীয়া, মিছামাৰী শাখা সাহিত্য সভাৰ উপসভাপতি ডা° মাইনুল হক, অসম সাহিত্য সভাৰ আজীৱন সভ্য নুৰুল হক, নাজিৰ আহমেদ , অধিবক্তা প্ৰিয়ৰঞ্জন ঘোষ, মৌলানা মঃ জালাল উদ্দিন তাৰিক আনচাৰী, মুক্তাৰ হুচেইন আলি আকবৰ, কাজি ৰফিক উদ্দিন প্ৰমুখ্যে গণ্যমান্য ব্যক্তি উপস্থিত থকা সভাখনত প্ৰধান শিক্ষক আব্বছ আলিক সভাপতি, আৰু নুৰুল হকক সম্পাদক হিচাপে লৈ ২১ জনীয়া সমিতিৰে বাঁহবেৰা কলাকুছি শাখা সাহিত্য সভা নামেৰে নতুন শাখাটি গঠন কৰা হয়৷ চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে আৰম্ভণি হোৱা সভাখন জাতীয় সঙ্গীত পৰিৱেশনেৰে সভাখন সফল সামৰণি পৰে৷।