ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত মৌৱাটাৰীত নিশা সচেতন ৰাইজে ড্ৰাগছৰ বিৰুদ্ধে এখন সজাগতা সভা অনুষ্ঠিত হয়। উল্লেখ্য যে যোৱা কিছুদিন ধৰি মৌৱাটাৰীৰ উঠি অহা কিছু যুবকে ড্ৰাগছৰ লগত জড়িত হৈ সমাজখনক এক অন্ধকাৰৰ পিনে ঠেলি দিয়া পৰিলক্ষিত হৈছে আনকি
কিছু যুবক এতিয়ালৈকে ৰঙা ঘৰৰ আলহী হৈ আছে সমাজখনক এক সুন্দৰ পৰিবেশ তথা ড্ৰাগছ মুক্ত কৰাৰ উদ্দেশ্যৰে সচেতন ৰাইজ আৰু স্থানীয় যুবক সকলে এখন সজাগতা সভা পাতি এক শক্তিশালী সমিতি গঠন কৰে।
অনুৰাগীসকলে বৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে অৰ্জুন কাপুৰ আৰু মালাইকা অৰোৰাৰ বিয়াখনলৈ। মালাইকাই শেহতীয়াকৈ এটা পোষ্ট শ্বেয়াৰ কৰি তাৰে যেন এটা ইংগিত দিলে। ১০ নৱেম্বৰ বৃহস্পতিবাৰে মালাইকা অৰোৰাই ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা এখন ফটো আৰু কেপশ্বনে ইংগিত দিছে যে অতি সোনকালে মালাইকাও অৰ্জুনৰ কইনা হ’বলৈ গৈ আছে।
মালাইকাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত নিজৰ এখন ফটো শ্বেয়াৰ কৰাৰ লগতে কেপচনত লিখিছে, I said YES (মই হা বুলি ক’লো)। এই কেপচনৰ লগত তেওঁ তিনিটা লাভ ইমজীও দিছে। অৰ্থাৎ ইয়াৰ পৰা স্পষ্ট যে মলাইকাই অৰ্জুনক বিয়াৰ বাবে ‘হা’ বুলি কৈছে। এই ফটোখনত মালাইকাক ক’লা সাজ-পোছাক পিন্ধি লাজুকীয়া প’জ দিয়া দেখা গৈছে।
এই পোষ্টটোৰ পিছত অনুৰাগীসকলেও এটা কথা জানিবলৈ ব্যগ্ৰ হৈ পৰিছে যে এই দম্পতীৰ বিবাহৰ তাৰিখ কেতিয়া? একাংশ অনুৰাগীয়ে মালাইকাৰ এই পোষ্টটোকলৈ অভিনন্দন জনাইছে।
উল্লেখ্য যে অৰ্জুন কাপুৰৰ মালাইকা অৰোৰাৰ লগত বহুদিনৰ পৰা সম্পৰ্ক আছে। দুয়োজনে প্ৰায়ে একেলগে সময় কটোৱা দেখা যায়। অৰ্জুনৰ জন্মদিনত ৰোমান্টিক পোষ্ট শ্বেয়াৰ কৰি মালাইকাই ২০১৯ চনত আনুষ্ঠানিকভাৱে এই প্ৰেমৰ সম্পৰ্কৰ কথা ঘোষণা কৰিছিল। প্ৰায়ে দুয়োজনে তেওঁলোকৰ ৰোমাণ্টিক ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি থাকে। এতিয়া অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে তেওঁলোকৰ বিবাহৰ বাবে।
উল্লেখযোগ্য যে ৭ অক্টোবৰত আলিয়াই ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰি ঘোষণা কৰিছিল তেওঁ সন্তানক লৈ তেওঁৰ ঘৰলৈ আহিব। এতিয়ালৈকে তেওঁ ছোৱালীজনীৰ মুখখন দেখুৱাও নাই আৰু তেওঁৰ নামৰ সন্দৰ্ভতো কোনো ঘোষণা কৰা নাই। এতিয়া অনুৰাগীসকলে অপেক্ষা কৰি আছে যে কেতিয়া এই দম্পতীহালে নিজৰ কন্যাৰ প্ৰথম আভাস বিশ্ববাসীক দেখুৱাব।