ফলমূল খাব কোনেনো বেয়া পায়? তাতে যদি আৰু সতেজ, সুস্বাদু আৰু সুগন্ধিযুক্ত ফলমূল হয় জিভাৰ পানী নিজে নিজে ওলায়। বজাৰত বিধে বিধে সজাই থোৱা তজবজীয়া ফলমূলবোৰ দেখি প্ৰায়েই আমাৰ কিনিবলৈ মন যায় আৰু বেছিভাগ ক্ষেত্ৰতেই কোনো কথা চিন্তা নকৰি ফলমূল কিনি আনো। আমাৰ বজাৰবোৰত সাধাৰণতে স্হানীয় ফলমূলতকৈ আমদানিকৃত ফলমূলহে বেছিকৈ দেখিবলৈ পোৱা যায় আৰু এই আমদানিকৃত ফলমূলৰ কিছু সংখ্যক ফলমূল বিদেশৰ পৰা আমদানিকৃতও হয়। এই ফলমূল বিলাকৰ কিছুমান ফলমূলত হয়তো আপুনি সৰু সৰু ষ্টীকাৰ লগাই থোৱা দেখিছে।
কিন্তু কেতিয়াবা জানিবলৈ ইচ্ছা কৰিছে নে এই ষ্টীকাৰৰ ৰহস্যৰ কথা বা ষ্টীকাৰত নিহীত হৈ থকা কিছুমান গুৰুত্বপূৰ্ণ তথ্যৰ কথা। সাধাৰণতে এই ষ্টীকাৰ সমূহত উৎপাদনকাৰী সংস্হা বা আমদানিকাৰীৰ নাম, উৎপাদনকাৰী দেশৰ নাম বা PLU (Price look-up) ক’ড থাকে । উৎপাদনকাৰী সংস্হা সমূহে নিজৰ সংস্হাৰ প্ৰচাৰৰ লগতে PLU ক’ডৰ জড়িয়তে আমাক কিছুমান তথ্যৰ যোগান ধৰে। তলত এই বিষয়ে কিছু তথ্য আগবঢ়োৱা হ’ল।
যদি ষ্টীকাৰত চাৰিটা সংখ্যাযুক্ত ক’ড থাকে আৰু ক’ডৰ আৰম্ভণিৰ সংখ্যাটো ৩ বা ৪ হয় তেন্তে বুজা উচিত যে ফলবিধ আধুনিক কৃষি প্ৰযুক্তিৰ সহায়ত উৎপাদন কৰা হৈছে আৰু ফলবিধ উৎপাদন কৰাৰ বাবে পৰ্যাপ্ত পৰিমাণে কৃত্ৰিম সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰা হৈছে
ষ্টীকাৰৰ ক’ড সংখ্যা পাঁচটা সংখ্যাযুক্ত হ’লে আৰু ক’ডৰ আৰম্ভণিৰ সংখ্যাটো যদি আঠ হয় বুজিব লাগিব যে সেই ফলবিধ জেনেটিক ভাবে সংশোধিত বা পৰিবৰ্তিত কৰা হৈছে যাক ইংৰাজীত GMO (Genetically modified organisms) বুলি কোৱা হয়। পৃথিৱীৰ প্ৰায় ২৬ খন ৰাষ্ট্ৰই ইতিমধ্যে GMO পদ্ধতিৰে উৎপাদিত ফলমূল বা খাদ্য সামগ্ৰীৰ ওপৰত প্ৰতিবন্ধকতা বা কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে।
অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে শ্বাহৰুখ খানৰ আগন্তুক থ্ৰিলাৰ ছবি ‘পাথান’লৈ। ছবিখনৰ নতুন গীতটোও মুক্তি লাভ কৰিছে। এনে পৰিস্থিতিত আপুনি নিশ্চিতভাৱে জানিব বিচাৰিব যে তাৰকাসকলে ছবিখনৰ বাবে কিমান চাৰ্জ লৈছে।
পাঠান অভিনেতাৰ মাচুলঃ বলীউডৰ শ্বাহৰুখ খান অভিনীত ছবি ‘পাথান’ অতি কম সময়ৰ ভিতৰতে মুক্তি পাবলৈ ওলাইছে। চাৰি বছৰৰ ব্যৱধানৰ অন্তত এই ছবিখনৰ সৈতে বলীউডৰ ৰজা খানক ডাঙৰ পৰ্দাত দেখা পোৱাৰ বাবে শ্বাহৰুখৰ সকলো অনুৰাগীয়ে আগ্ৰহেৰে বাট চাই আছে এই আগন্তুক একচন-থ্ৰিলাৰ ছবিখন। শ্বাহৰুখ খানৰ লগতে ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে দীপিকা পাডুকন আৰু জন আব্ৰাহামে। একে সময়তে ছবিখনৰ কেমিঅ’ত দেখা যাব ছলমান খানক। এনে পৰিস্থিতিত আপুনিও জানিব বিচাৰিব যে কোনজন অভিনেতাই ছবিখনৰ তাৰকাৰ মাজত কিমান মাচুল লৈছে। আপুনি জানি আচৰিত হ’ব যে মাচুলৰ খৰচ ৬ কোটিৰ পৰা ১০০ কোটিলৈকে।
বেশৰাম ৰং’ গীতটো মুক্তি পোৱাৰ পিছতে দীপিকা পাডুকনে লাইমলাইটলৈ আহে। ছবিখনত অভিনয়ৰ বাবে দীপিকাই লৈছে ১৫ কোটি টকা। আনহাতে, পাঠান ছবিখনত কেমিঅ’ চৰিত্ৰত অভিনয় কৰি বিনামূলীয়াকৈ লাভ কৰিছে বলীউডৰ ছুপাৰষ্টাৰ ছলমানে।
আমাৰ মানুহে সাধাৰণতে যি কোনো আঞ্জা বা ভাজি ৰান্ধিবলৈ লওঁতে পোনতে পিয়াঁজ বা পাঁচফুৰণ ভাজি লয় ৷ মাংস ৰান্ধোতে আলুৰ সৈতে পিয়াঁজ বেচিকৈ দিলেহে খাবলৈ জুতি লগা হয়। চালাড আৰু চাটনিত পিয়াঁজ অপৰিসাৰ্য্য ৷ ইয়াৰ ওপৰিও পিয়াঁজৰ পৰঠা, পকৰী, চুপ, পিজ্জা, আচাৰ আদি বনোৱা হয় ৷ কেঁচাই খোৱা পিয়াজত সিজোৱা পিয়াঁজতকৈ গুণ বেচি থাকে ৷
পিয়াঁজৰ বহুমুখী উপকাৰিতাৰ তালিকা :
কৰ্কট ৰোগ প্ৰতিৰোধত অগ্ৰণী ভূমিকা –
পিয়াঁজত থকা ক্বেৰচেটিন আৰু এন্থোচায়ানিন হ’ল কৰ্কট ৰোধ প্ৰতিৰোধত সহায়ক ৷ কেনেডাৰ গুৱেল্ফ বিশ্ববিদ্যালয়ত কৰা এক অধ্যয়ণত বক্ষ আৰু কল’নৰ কৰ্কট ৰোধ কৰাত পিয়াঁজৰ ভূমিকা প্ৰমাণিত হোৱা বুলি দাবী কৰা হৈছে ৷ তদুপৰি আন আন চিকিৎসা কেন্দ্ৰত লেৰিন্স, অভেৰী, খাদ্যনলীৰ কৰ্কট ৰোগৰ প্ৰতিৰোধৰ বাবে পিয়াঁজ ব্যৱহৃত হৈ আহিছে ৷ কেন্সাৰ প্ৰতিৰোধ কৰিবলৈ হলে দৈনিক এটা কেঁচা পিয়াঁজ খাবলৈ পৰামৰ্শ দিয়া হয় ৷
2.হৃদৰোগৰ পৰা সুৰক্ষা- অপকাৰী ক’লেষ্টৰেলৰ (LDL) পৰিমাণ হ্ৰাস কৰে ৷ আনহাতে উপকাৰী ক’লেষ্টৰেলৰ (HDL) পৰিমাণ বঢ়ায় ৷ তেজৰ নলীত চৰ্বি জমা (Atheloscerosis) হবলৈ নিদিয়ে ৷ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে ৷ 3.তেজত চুগাৰৰ পৰিমাণ কমোৱাত পিয়াঁজ সহায়ক –
polyphenol, ক্ৰমিয়াম, চালফাৰযুক্ত পদাৰ্থ ( S-Methylcysteine) আৰু ক্বেৰচেটিনৰ বাবে তেজৰ চুগাৰৰ পৰিমাণ হ্ৰাস পায় ৷ ডায়েবেটিজৰ দৰব মেটফৰ্মিনৰ লগত এই সক্ৰিয়তা আৰু বেচি হয়। হাঁড়ৰ সুৰক্ষাত ভূমিকা-
পিয়াঁজত থকা GPCS নামৰ তত্বৰ বাবে হাঁড়ৰ ক্ষয় (Osteoporosis) ৰোধ হয় ৷ প্ৰষ্টাগ্লেণ্ডিনক বাধা প্ৰদান কৰাৰ ফলত পিয়াঁজ নানা ধৰণৰ বাত ৰোগ আৰু বিষৰ উপশম ঘটোৱাত উপযোগী ৷ শৰীৰৰ ইমিউনিটি বঢ়ায়-
পিয়াঁজত থকা চেলেনিয়াম আৰু নানাবিধ এন্টিঅক্সিডেন্টে শৰীৰক ৰোগ প্ৰতিৰোধক শক্তি যোগায় ৷ পাক প্ৰণালীৰ উপকাৰিতা –
Streptococcus sobirinus আৰু Streptococcus mutans বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত দাঁতত গাত বা কেভেটি হয় ৷ পিয়াঁজ হ’ল বেক্টেৰিয়া বিনাশক ৷ বাৰ্ধক্যৰোধক গুণ –
এয়া ভিটামিন-এ, ভিটামিন-চি, ভিটামিন-ইৰ বাবেই সম্ভৱ ৷ ষ্ট্ৰেচ কমোৱাত ভূমিকা প্ৰমাণিত হৈছে আৰু পিয়াঁজ ভাল নিদ্ৰা অহাত সহায়ক হয় ৷ ৰজোনিবৃত্তিৰ (মেনোপ’জ) সময়ত উপকাৰী ৷ কেলচিয়াম আৰু ভিটামিনসমূহ ইয়াৰ বাবে উপযোগী ৷ শক্তি আৰু ষ্টেমিনা বৃদ্ধি কৰোতা বুলি প্ৰমাণিত বনৌষধি ৷ কলেৰা প্ৰতিৰোধক –
কিছুমান তিল এমাহমান কেঁচা পিয়াঁজৰ ৰস সানিলে নাইকীয়া হোৱা দেখা যায় ৷ জ্বৰৰ উপশম ঘটাবলৈ সমৰ্থ ৷ নাকৰ ৰক্তক্ষৰণ বন্ধ কৰিবলৈ উতলা পানীত পিয়াঁজ মিহলাই ভাপ লব দিব লাগে ৷
পিয়াঁজ সাধাৰণতে এবিধ অহিত নকৰা নিৰীহ খাদ্য ৷ খুব কম মানুহৰহে ইয়াক সেৱন কৰিলে বা ছালত প্ৰয়োগ কৰিলে এলাৰ্জি দেখা দিয়ে ৷ তদুপৰি দেখা গৈছে দৈনিক ৩৫ মিলিগ্ৰাম পিয়াঁজ মাহৰ পিছত মাহ ধৰি খালেও একো অপকাৰ বা পাৰ্শ্বক্ৰিয়া নহয় ৷ তথাপিও পিয়াঁজৰ ব্যৱহাৰত সতৰ্কতা লবলগীয়া অৱস্থাসমূহ হ’ল: