Home Blog Page 1880

বহিৰাগত কোম্পানীৰ ঊৰ্ধ্বতন বিষয়াক শাস্তি বিহিলে বীৰ লাচিত সেনাই

নগাঁৱত বহিৰাগত কোম্পানীৰ ঊৰ্ধ্বতন বিষয়াক শাস্তি বিহিলে বীৰ লাচিত সেনাই। অভিযোগ মতে, এটা কনষ্ট্ৰাকচন কাৰ্যালয়ত এডমিন এছিছটেণ্ট ৰূপে কৰ্মৰত অসমীয়া যুৱতীক নিৰ্যাতন চলাইছিল আল্লাদীপ ইৰা ভেংকটেশ্বৰ নামৰ এজন বিষয়াই।

যুৱতীগৰাকীয়ে উল্লেখ কৰা মতে, কৰ্তৃপক্ষৰ নিৰ্দেশ অনুসৰি কাৰ্যালয়লৈ দেৰিকৈ অহা ভেংকটেশ্বৰ নামৰ কৰ্মচাৰীজনক অনুপস্থিত বুলি লিপিবদ্ধ কৰাৰ বাবে তেওঁ যুৱতীগৰাকীক শাৰীৰিকভাৱে প্ৰহাৰ কৰে। এই বিষয়ে কৰ্তৃপক্ষক জনাই যদিও কৰ্তৃপক্ষই দুই কৰ্মচাৰীকে বুজাবুজি কৰিবলৈ কয়। কিন্তু আত্মসন্মানত আঘাত লগা যুৱতীগৰাকীয়ে বীৰ লাচিত সেনাক ঘটনাৰ বিষয়ে কয়। সেই মতে লাচিত সেনা নগাঁৱৰ BMK নামৰ কোম্পানীটোৰ কাৰ্যালয়ত উপস্থিত হয় আৰু ভেংকটেশ্বৰক আঁঠু কঢ়াই শাস্তি প্ৰদান কৰে বীৰ লাচিত সেনাই।

প্ৰতিষ্ঠানটোৰ গাণনিক বিষয়া ৰূপে কৰ্মৰত হৈ আছিল ভেংকটেশ্বৰ। সংগঠনটোৰ অভিযোগৰ ভিত্তিত সম্প্ৰতি বদলি কৰা হৈছে ভেংকটেশ্বৰক।

দেশত এতিয়া মুঠেও সুৰক্ষিত নহয় নাৰী।ধৰ্ষণকাৰীৰ ৰাজহুৱা স্থানত ফাঁচীৰ দাবী মধ্য প্ৰদেশৰ মন্ত্ৰী ঊষা ঠাকুৰৰ 

দেশত এতিয়া মুঠেও সুৰক্ষিত নহয় নাৰী। নাৰীৰ বিৰুদ্ধে অপৰাধ আৰু ধৰ্ষণৰ দৰে ঘটনাসমূহে এতিয়া দেশৰ পৰিবেশ অধিক ভয়াৱহ কৰি তুলিছে। এনেসময়তে  মধ্যপ্ৰদেশৰ পৰ্যটন আৰু সংস্কৃতি দপ্তৰৰ  মন্ত্ৰী ঊষা ঠাকুৰে বৃহস্পতিবাৰে ধৰ্ষণকাৰীসকলক ৰাজহুৱাভাৱে ফাঁচী দিয়াৰ দাবী জনায় যাতে এনে ধৰণৰ শাস্তিয়ে অপৰাধীসকলৰ প্ৰতি এক বাৰ্তা কঢ়িয়াই লৈ যাব পাৰে।  তেওঁ কয় যে ধৰ্ষণকাৰীসকলক ৰাজহুৱাভাৱে ফাঁচী দিয়াৰ ব্যৱস্থা কৰিলে কোনেও পিছলৈ এনে অপৰাধত লিপ্ত হ’বলৈ সাহস নকৰে।
এই সপ্তাহৰ আৰম্ভণিতে ৰাজ্যখনৰ খাণ্ডৱা জিলাত এগৰাকী চাৰি বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগৰ পিছতে মন্ত্ৰীগৰাকীয়ে এনেদৰে মন্তব্য কৰে।
তেওঁ কয় “মধ্য প্ৰদেশৰ চৰকাৰে এনে বৰ্বৰ শক্তিবোৰক কঠোৰভাৱে আৰু সতৰ্কতাৰে মোকাবিলা কৰি আহিছে। এইখনেই দেশৰ প্ৰথম খন ৰাজ্য যিয়ে ধৰ্ষণকাৰীসকলক মৃত্যুদণ্ডৰ ব্যৱস্থা কৰিছে। এতিয়ালৈকে এনে ৭২ জন অপৰাধীক মৃত্যুদণ্ড প্ৰদান কৰা হৈছে,”।কিন্তু তাৰ পাছতো এনে ধৰণৰ বাৰে বাৰে অপৰাধ সংঘটিত হৈ আহিছে বুলি তেওঁ আক্ষেপ কৰে। তেওঁ কয় যে  সমাজৰ বাবে, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ  সংবাদ মাধ্যমৰ বাবে আৰু আমাৰ সকলোৰে বাবে এয়া চিন্তাৰ বিষয়।

“আমি বিভিন্ন উপায়েৰে সমাজক আলোকিত কৰিব লাগিব। কোনোবাই কেনেকৈ এনে বৰ্বৰ কাৰ্য্যত লিপ্ত হ’ব পাৰে? মই মুখ্যমন্ত্ৰীক (শিৱৰাজ সিং চৌহান) অনুৰোধ কৰিম যে এনে অপৰাধীসকলক ৰাজহুৱা চৌহদত শাস্তি দিয়া উচিত।”— তেওঁ কয়।
“এজন অভিযুক্তক কাৰাগাৰত মৃত্যুদণ্ড দিয়া হয়, কিন্তু ক’ত সেয়া ঘটিছে সেয়া কোনেও নাজানে। যদি  শেহতীয়াকৈ সংঘটিত ধৰ্ষণৰ ঘটনাৰ সন্দৰ্ভত ধৰা পৰা অপৰাধী দুজনক খাণ্ডৱা চহৰৰ এটা স্কোৱেৰত ৰাজহুৱাভাৱে ফাঁচী দিয়া হয়, তেন্তে সকলো অপৰাধীয়ে   যিকোনো নাৰীক স্পৰ্শ কৰাৰ আগতে হাজাৰ বাৰ ভাবিব,” ঠাকুৰে কয়।
শেহতীয়া ঘটনাটোত, খাণ্ডৱাৰ কুঁহিয়াৰ পথাৰত এখনত চাৰি বছৰীয়া ছোৱালীজনীক যৌন নিৰ্যাতন কৰা হৈছিল।
সোমবাৰে জোপোহাৰ মাজত অচেতন অৱস্থাত উদ্ধাৰ হোৱা শিশুটো ইন্দোৰৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। সেই গোচৰটোৰ সন্দৰ্ভত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

৪৮০ বছৰ ধৰি জ্বলি আছে এটা মন্দিৰৰ চৌকা!

ভাৰতত এনেকুৱা কিছুমান মন্দিৰ আছে যিবোৰ অলৌকিকতাৰ বাবে বিখ্যাত। মথুৰাত এটা মন্দিৰ আছে। সেই মন্দিৰৰ চৌকা ৪৮০ বছৰ ধৰি অবিৰতভাৱে জ্বলি আছে। এই চৌকাতে প্ৰস্তুত কৰা হয় মন্দিৰৰ ভোগ। এই অনন্য মন্দিৰটোৰ নাম ৰাধাৰমণ লাল জু মন্দিৰ। মথুৰাৰ এই মন্দিৰটোক বৃন্দাবন ধামৰ সপ্তদেৱালয়ত অন্তৰ্ভুক্ত কৰা হৈছে, য’ত পাঁচ শতিকা ধৰি জ্বলি আছে মন্দিৰৰ চৌকাৰ জুই। এয়া ঈশ্বৰৰ লীলা বুলি বিশ্বাস কৰে ভক্তগণে। 

এই মন্দিৰৰ সেৱক শ্ৰীবাৎস গোস্বামীৰ মতে এই মন্দিৰ চৌহদত থকা প্ৰাচীন চৌকাটো দিনটো জ্বলি থাকে।  যোৱা ৪৮০ বছৰ ধৰি ই অখণ্ড শিখাৰ ৰূপত অবিৰতভাৱে জ্বলি আছে। ঈশ্বৰ সেৱাৰ সকলো কাম সমাপ্ত হোৱাৰ পাছত ৰাতি চৌকাটোত কিছু কাঠ ভৰাই ওপৰৰ পৰা ছাই উৰুৱাই দিয়া হয় যাতে জুই নুমাই নাযায়। পিছদিনা পুৱাৰ ভাগতো এগৰুৰ গোবৰ আৰু অন্যান্য খৰি দি জুইকুৰা জ্বলাই ৰখা হয়। এই জুই জ্বলোৱা প্ৰথা এই চৌকাটোৰ সমানেই পুৰণি। 
এই পবিত্ৰ অখণ্ড জুইৰ পৰা চাকি জ্বলোৱাৰ লগতে ঈশ্বৰৰ আৰতিতো ব্যৱহাৰ কৰা হয় আৰু ভোগ ৰন্ধা হয়। এই পাকঘৰত বাহিৰৰ লোকৰ প্ৰৱেশ কঠোৰভাৱে নিষিদ্ধ। এই মন্দিৰৰ পাকঘৰত কেৱল ধূতি পিন্ধিহে প্ৰৱেশ কৰে সেৱকগৰাকীয়ে। পাকঘৰলৈ যোৱাৰ পিছত সম্পূৰ্ণ প্ৰসাদ বনাইহে সেৱা কৰি তেওঁ ওলাই আহে। বাহিৰলৈ ওলাই যাব লগা হ’লেও তাৰপাছত আকৌ গা ধোৱাৰ পাছতহে মন্দিৰৰ পবিত্ৰ পাকঘৰত প্ৰৱেশ কৰে। কোৱা হয় যে ইয়াত অগ্নি অৰণ্য মন্থন কৰি প্ৰজ্বলিত কৰা হয়, তেতিয়াৰ পৰাই ইয়াৰ অখণ্ড পোহৰৰ ৰূপটো অক্ষত অৱস্থাত আছে।

অভিযোগ-তিহাৰ কাৰাগাৰত ‘ভিআইপিৰ সুবিধা’ লাভ আপ নেতা সত্যেন্দ্ৰ জৈনৰ , আন কাৰাগাৰলৈ স্থানান্তৰিত কৰাৰ সিদ্ধান্ত

মানি লণ্ডাৰিং প্ৰতিৰোধ আইনৰ অধীনত দুৰ্নীতিৰ অভিযোগত ইডিয়ে গ্ৰেপ্তাৰ কৰা   আপ নেতা সত্যেন্দ্ৰ  জৈনক তিহাৰ কাৰাগাৰৰ পৰা ন এখন কাৰাগাৰলৈ  স্থানান্তৰ কৰিব বিচাৰিছে চৰকাৰে।  ইডিয়ে পূৰ্বে এখন  শপতনামাত আদালতক কৈছিল যে সংস্থাটোৱে  সত্যেন্দ্ৰ জৈনক আন এখন কাৰাগাৰলৈ স্থানান্তৰিত  কৰাৰ অধিকাৰ সংৰক্ষিত ৰাখিছে।
কিয়নো তেওঁ তিহাৰত “ভিআইপি সুবিধা” লাভ কৰি আছে। সত্যেন্দ্ৰ  জৈনক আন এখন কাৰাগাৰলৈ স্থানান্তৰ কৰাৰ বাবে নতুনকৈ আবেদন দাখিল কৰা হ’ব পাৰে বুলি কাৰাগাৰৰ  সূত্ৰই প্ৰকাশ কৰিছে। বৃহস্পতিবাৰে প্ৰধান জিলা আৰু সত্ৰ ন্যায়াধীশে জৈনৰ জামিন আবেদনৰ সিদ্ধান্ত লোৱাৰ বাবে দিল্লীৰ সত্ৰ আদালতক অধিক সময় প্ৰদান কৰিছিল।
বিচাৰকে নিৰ্দেশ দিছিল যে অমীমাংসিত যুক্তিসমূহ ১১ নৱেম্বৰৰ ভিতৰত সমাপ্ত কৰা হ’ব। ন্যায়াধীশে লগতে উল্লেখ কৰিছিল যে প্ৰৱৰ্তন অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজু উপস্থিত নোহোৱাৰ বাবে সঞ্চালকালয়ে (ইডি) গোচৰটোত স্থগিতাদেশ বিচাৰিছিল। বিষয়টো ৭ নৱেম্বৰত পৰৱৰ্তী শুনানিৰ বাবে গ্ৰহণ কৰা হৈছে। ইয়াৰ আগতে, ন্যায়াধীশে বিষয়টো বিশেষ ন্যায়াধীশ বিকাশ ধুলেৰ আদালতলৈ স্থানান্তৰ কৰিছিল আৰু জামিন আবেদনৰ সিদ্ধান্ত লোৱাৰ বাবে নিৰ্ধাৰিত সময়সীমা বান্ধি দিছিল। 
দুৰ্নীতি প্ৰতিৰোধ আইনৰ অধীনত ২০১৭ চনত আপ নেতাজনৰ বিৰুদ্ধে দাখিল কৰা চিবিআইৰ এজাহাৰৰ ভিত্তিত ইডিয়ে জৈন আৰু আন দুজনক মানি লণ্ডাৰিং গোচৰত গ্ৰেপ্তাৰ কৰিছিল। তেওঁৰ সৈতে জড়িত চাৰিটা কোম্পানীৰ জৰিয়তে অবৈধ ভাবে  ধন সৰবৰাহ কৰাৰ অভিযোগ আছে। জৈনে কাৰাগাৰত ভিআইপিৰ সুবিধা  লাভ কৰি থকা বুলি বহুতে অভিযোগ কৰাৰ পিছতে তেওঁক তিহাৰৰ পৰা আন কাৰাগাৰলৈ স্থানান্তৰিত  কৰাৰ কথা ভাবিছে ইডিয়ে।

ঘৰত ৰখা ফ্ৰীজত বিস্ফোৰণ, বিষাক্ত ধোঁৱাৰ ফলত মৃত্যু তিনিজনৰ

তামিলনাডুৰ পৰা পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। ইয়াত চেংগলপট্টি জিলাত এটা ঘৰত ফ্ৰীজ বিস্ফোৰণ ঘটিছিল। বিস্ফোৰণৰ শব্দ ইমানেই জোৰেৰে যে শব্দটো গোটেই কলনীটোত বিয়পি পৰিল। এই ফ্ৰীজ বিস্ফোৰণ দুৰ্ঘটনাত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে দুজন লোক বেয়াকৈ আহত হৈছে। গোচৰটো চেংগালপেট জিলাৰ গুডুভাঞ্চেৰী চহৰৰ, য’ত এই দুৰ্ঘটনা সংঘটিত হৈছে আৰ আৰ বৃন্দাবন এপাৰ্টমেণ্টত। কোৱা হৈছে যে বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছে।

এবছৰ পূৰ্বে মৃত্যু হোৱা ভেংকটাৰমনৰ ঘৰৰ গুডুভাঞ্চেৰীৰ আৰ আৰ বৃন্দাবন এপাৰ্টমেণ্টত সংঘটিত হয় এই ঘটনা। ৬৩ বছৰীয়া পত্নীকে ধৰি সমগ্ৰ পৰিয়ালটো ডুবাইত থাকে। বাৰ্ষিক অন্ত্যেষ্টিক্ৰিয়াৰ বাবে তামিলনাডুলৈ উভতি যোৱাৰ পথত তেওঁৰ এই দুৰ্ঘটনা সংঘটিত হয়। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি গিৰিজা, তেওঁৰ ৫৫ বছৰীয়া ভগ্নী ৰাধা, তেওঁৰ ৪৭ বছৰীয়া ভাতৃ ৰাজকুমাৰ আৰু তেওঁৰ ৩৫ বছৰীয়া পত্নী ভাৰ্গৱী আৰু তেওঁলোকৰ ৬ বছৰীয়া কন্যা আৰাধনা ঘৰত আছিল দুৰ্ঘটনা. প্ৰতিবেদন অনুসৰি, ২ নৱেম্বৰত আটাইকেইজনেই ডুবাইৰ পৰা উভতি আহিছিল।
প্ৰতিবেদন অনুসৰি শুকুৰবাৰে পুৱা ৪ বজাত ঘৰটোত ৰখা ফ্ৰীজটো হঠাতে বিস্ফোৰণ ঘটি গোটেই ঘৰটো ধোঁৱাৰে ভৰি পৰে। কোৱা হয় যে ফ্ৰীজৰ তাঁৰত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিট হৈছিল। ঘটনাৰ সময়ত তেওঁৰ ঘৰত ভিতৰৰ পৰা তলা লগোৱা আছিল আৰু ঘৰৰ ধোঁৱাই ভৰি পৰাৰ বাবে ঘৰৰ সদস্যসকলে দুৱাৰখন খুলিব পৰা নাছিল। বিস্ফোৰণৰ শব্দ শুনি তেওঁৰ ওচৰ-চুবুৰীয়াই তেওঁৰ ঘৰত উপস্থিত হৈ দুৱাৰখন খুলিবলৈ চেষ্টা কৰে। ধোঁৱাটো ইমানেই বিষাক্ত হৈ পৰিছিল যে ঘৰৰ মানুহবোৰ অজ্ঞান হৈ পৰিছিল। বাতৰিটোত কোৱা হৈছে যে গিৰিজা, ৰাধা আৰু ৰাজকুমাৰৰ থিতাতে মৃত্যু হয়।
স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি গুডুভাঞ্চেৰী আৰক্ষী আৰু মৰাইমলাইনগৰৰ অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ আহতসকলক চিকিৎসালয়লৈ লৈ যায়। ঘৰৰ আন সদস্য ভাৰ্গৱী আৰু আৰাধনাক চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে, য’ত তেওঁলোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি তেওঁক চিকিৎসাৰ বাবে ক্ৰম্পেট চৰকাৰী হাস্পতাল কলেজত ভৰ্তি কৰা হৈছে।

ভিখাৰীৰ ৰূপ দিবলৈ চকুত কেমিকেল ঢালি অন্ধ কৰি দিয়া হ’ল যুৱকক; হাত-ভৰি ভাঙি ভিক্ষা মাগিবলৈ বাধ্য কৰোৱা হৈছিল কানপুৰৰ যুৱকক

এজন  যুৱকৰ ওপৰত চলা অকথ্য নিৰ্যাতনে চকু কপালত তুলিব আপোনাৰো৷মানৱতাক অপমৃত্যুকে প্ৰমাণিত কৰিলে যুৱকজনৰ সৈতে হোৱা ঘটনাই৷অবৰ্ণনীয় অত্যাচাৰ সহ্য কৰিও ভাগ্যৰ বলত কোনোমতে  স্ব-গৃহত উপস্থিত হোৱাৰ পিছতহে পোহৰলৈ আহে এই সকলো ঘটনা৷  
যুৱকজনৰ নাম সুৰেশ মাঝী৷ সুৰেশ মাঝী উত্তৰ প্ৰদেশৰ কানপুৰৰ বাসিন্দা৷ বয়স ত্ৰিশ বছৰ৷ যুৱকজন চাকৰি বিচাৰি দুৰ্বিপাকত ভিখাৰী গেঙৰ কবলত পৰিছিল। এই ভিখাৰীক লৈ ব্যৱসায় চলাই অহা গেঙটোৰ কবলত পৰাৰ পিছতেই যুৱকজনৰ ওপৰত শুনিলে বুকু কঁপি উঠা কিছুমান অত্যাচাৰ আৰম্ভ হয়৷ অঙ্গক্ষত কৰি ভিখাৰীৰ ৰূপ দিবলৈকে যুৱকজনৰ ওপৰত এনে অত্যাচাৰ চলোৱা হৈছিল৷ 
মাত্ৰ ৭০ হাজাৰ টকাৰ বিনিময়ত সুৰেশৰ সমস্যাৰ সুযোগ লৈ ভিখাৰী গেঙৰ হাতত বিক্ৰী কৰি দিছিল বিজয় নামৰ লোক এজনে৷ 
 সুৰেশৰ দুয়োটা চকুত কেমিকেল ঢালি অন্ধ কৰি দিয়া হৈছিল৷ আনকি কোবাই কোবাই ভৰি ভাঙি দিয়া হৈছিল সুৰেশৰ৷ শৰীৰৰ বিভিন্ন স্থানত কৰা হৈছিল আঘাত৷ এনে যমৰ যাতনাৰ ফলত মৃতপ্ৰায় অৱস্থাত আন ঠাইলৈ লৈ যোৱা হৈছিল সুৰেশক৷ 
ইয়াৰ কিছুদিন পিছতেই ভিক্ষা মাগিবলৈ বাধ্য কৰা হৈছিল সুৰেশক।ভিক্ষা হিচাপে পোৱা টকাও লৈ গৈছিল ভিখাৰী গেঙৰ মুৰব্বীয়ে৷  
আনফালে বহু বিচাৰ-খোচাৰ কৰিও  সুৰেশৰ সন্ধান পোৱা নাছিল পৰিয়ালৰ লোকে৷অৱশেষত ভাগ্য বলত নিজ গৃহত উপস্থিত হয় সুৰেশ৷ সুৰেশক এনে অৱস্থাত দেখি বাৰুকৈয়ে আচৰিত হৈ পৰিছে পৰিয়ালৰ লোকসকল৷ তেওঁলোকে সমস্ত ঘটনা ইতিমধ্যে আৰক্ষীৰ ওচৰত ব্যক্ত কৰিছে৷বৰ্তমান দোষীক কাৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান৷

গুজৰাটত নিৰ্বাচনী দিন ঘোষণাৰ এদিন পাছতে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে অৰবিন্দ কেজৰিৱালে ৷

এসময়ৰ টিভি এংকৰ ইছুদান গড়ৱী হ’ব আপৰ গুজৰাটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী৷ অৰবিন্দ কেজৰিৱালে আজি গড়ৱীৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পাছতেই গুজৰাটত যুদ্ধংদেহী ৰূপত প্ৰৱেশ কৰিলে আম আদমী পাৰ্টীয়ে৷ দলটোৱে শাসনাধিষ্ঠিত বিজেপিক উৎখাত কৰাৰ প্ৰচেষ্টাৰে আক্ৰমণাত্মক প্ৰচাৰ অব্যাহত ৰাখিছে৷
গুজৰাটৰ মুখ্যমন্ত্ৰী কোন হ’ব লাগে সেই সন্দৰ্ভত আপৰ এক জৰীপত প্ৰাক্তন সাংবাদিক আৰু টিভি এংকৰ ইচুদান গাধৱীয়ে ৭৩ শতাংশ ভোট লাভ কৰে৷ আপে এটা ফোন নম্বৰ মুকলি কৰিছিল, য’ত গুজৰাটৰ জনসাধাৰণক তেওঁলোকৰ পচন্দৰ নাম বাচনি কৰিবলৈ কোৱা হৈছিল৷
দলটোৱে একেধৰণৰ পদ্ধতিৰে ভগৱন্ত মানকো পঞ্জাবত মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে বাচনি কৰিছিল। ৪০ বছৰীয়া ইচুদান গাধৱীয়ে বিগত বৰ্ষৰ জুনত আপত যোগদান কৰিছিল। মোৰ দৰে এজন কৃষকপুত্ৰক অৰবিন্দ কেজৰিৱালৰ দলত ইমান গুৰুদায়িত্ব দিয়া হৈছে৷ মই অভিভূত হৈ পৰিছোঁ— আজি কেজৰিৱালৰ ঘোষণাৰ পাছত এক আৱেগিক ভাষণত গড়ৱীয়ে এনেদৰে কয়৷ তেওঁ লগতে কয়, মই যিমান পাৰো সৰ্বশ্ৰেষ্ঠ কাম কৰিবলৈ চেষ্টা কৰিম। ঈশ্বৰে মোক সকলো দিছে। এতিয়া মই মোৰ সহকৰ্মী গুজৰাটীসকলক তেওঁলোকৰ প্ৰয়োজনীয় সকলোখিনি দিব বিচাৰো৷ মই মোৰ শেষ উশাহলৈকে লোকসকলক সেৱা কৰিম।
আপৰ গুজৰাট গোটৰ সভাপতি গোপাল ইটালিয়াও দৌৰত আছিল। আপৰ মুৰব্বীৰ সৈতে এক বৈঠকৰ পিছত তেওঁৰ সিদ্ধান্তত মোহৰ লগোৱা হৈছিল। গুজৰাটত ১ আৰু ৫ ডিচেম্বৰত ভোটদান অনুষ্ঠিত হ’ব আৰু ফলাফল ৮ ডিচেম্বৰত ঘোষণা কৰা হ’ব।
আপে গুজৰাটত এক বৃহৎ প্ৰচাৰ চলাইছে৷ পৰম্পৰাগতভাৱে বিজেপি বনাম কংগ্ৰেছৰ যুঁজত বাধা দিবলৈ আৰু শাসকীয় দলৰ মুখ্য প্ৰতিদ্বন্দ্বী হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সংকল্পবদ্ধ হৈছে আম আদমী পাৰ্টী৷

ভোলা কটকী আৰু নাই ।ওৰেটো জীৱন নাটক কৰা মানুহজনে সামৰিলে জীৱন নাট; ৯০ বছৰ বয়সত ইহলীলা সামৰিলে ‘কেপ্টেইন চফ লে’ই।

গুছি গ’ল ‘জেৰেঙাৰ সতী’ৰ ‘লালুকসোলা, ‘শকুনিৰ প্ৰতিশোধ’ৰ ‘শকুনি’,’চিৰাজ’ৰ ‘কন্দৰ্প’, ‘শৰাইঘাট’ৰ ‘লাচিত’, ‘ৰূপালীম’ৰ ‘মনিমুগ্ধ’
ভোলা কটকী। ১৯৩২ চনৰ ২০ জানুৱাৰীৰ পৰা ২০২২ চনৰ ৪ নৱেম্বৰ। এক বৰ্ণিল জীৱন পৰিক্ৰমা সামৰি নেদেখা দূৰলৈ গুছি গ’ল অসমীয়া নাটকৰ অবিসম্বাদী নাট্যযোদ্ধা ভোলা কটকী। জীৱনৰ সৰহ সময় মঞ্চখনতেই কটালে তেওঁ। শোনিতপুৰ জিলাৰ জামুগুৰিহাটৰ শলগুৰীৰ পৰা আৰম্ভ হোৱা হোৱা এই জীৱন অৱশেষত থমকি ৰ’ল। বয়সৰ ওচৰত নতজানু হৈ নিয়তিৰ নীতিক মানি ল’লে সেই মহান অভিনেতা ভোলা কটকীয়ে।


১৯৫৫-৫৬ চনত দৰং কলেজৰ হৈ নিজে লিখি পৰিচালনা কৰা বিভ্ৰাট নাটকখনেৰেই যেন মঞ্চৰ জয়যাত্ৰা আৰম্ভ কৰিছিল ভোলা কটকীয়ে। তাৰ পাছত আৰু তেওঁ ৰৈ নাথাকিল। বছৰ বাগৰিল। কালৰ গতিত ১৯৬৩চনত খোজ দিলেহি ভ্ৰাম্যমাণ থিয়েটাৰ জগতত। নটৰাজ থিয়েটাৰৰ পৰা আৰম্ভ হোৱা সেই যাত্ৰাই গৰকি গ’ল সুৰদেৱী,জয় যমুনা,মঞ্চৰূপা,পূৰ্বজ্যোতি,অপ্সৰা,ৰংঘৰ, বিশ্বৰূপা আদি থিয়েটাৰ। ধাৰাবাহিকভাৱে ২৫ বছৰ আৰু তাৰ পাছত এৰি এৰি ৬বছৰ ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় কৰি ১৫০খন নাটকৰ মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছিল।ভোলা কটকীয়ে।
অপেচাদাৰী মঞ্চতো নটসূৰ্য ফনী শৰ্মা আৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সৈতে ১১খন নাটকত অভিনয় কৰিছিল এইগৰাকী মহান অভিনেতাই। ভোগজৰা,এমুঠি চাউল,বেউলা,মিৰি জীয়ৰী,চিৰাজ,মনিৰাম দেৱান আদি অপেচাদাৰী নাটকৰ অভিনেতা আছিল ভোলা কটকী।


ড° ভৱেন্দ্ৰনাথ শইকীয়াৰ অনিৰ্বান চিনেমাত মুখ্য চৰিত্ৰ ৰজনী মাষ্টৰ ৰূপায়ন কৰি দৰ্শকৰ মনত ঘৰ সাজিছিল তেওঁ। পুলক গগৈৰ সাদৰি, সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ ৰাজা, প্ৰমোদ বৰুৱাৰ উৰ্বশী,উপেন বৰুৱাৰ জলাঞ্জলি আদি চিনেমাৰ মূল অভিনেতা আছিল ভোলা কটকী। দুৰদৰ্শনৰ ধাৰাবাহিক বৃকোদৰ বৰুৱাৰ বিয়া, দেউতা, বে তাল আদি কৰি ১৫খন ধাৰাবাহিকতো অভিনয় কৰিছিল ভোলা কটকীয়ে।
২০০০চনত মুনলাইট মিডিয়াৰ জীৱনজোৰা সাধনা বটা লাভ কৰা এইগৰাকী মহান অসমীয়াৰ আছিল অলেখ সাহিত্য সৃষ্টিও।
সেই ভোলা কটকী আৰু আমাৰ মাজত নাই। দীৰ্ঘদিনে ৰোগশয্যাত পৰি থকা সকলোৰে চিনাকি ৰজনী মাষ্টৰ আৰু নাই। শুকুৰবাৰে দিনৰ ২বাজি ১৫ মিনিটত সাংস্কৃতিক ক্ষেত্ৰখনক শোকসাগৰত পেলাই চিৰদিনৰ বাবে দুচকু মুদিলে।নটসূৰ্য নঁটা বিভূষিত ভোলা কটকীয়ে।। বিদায় হে নাট্য মহাপ্ৰান।

সফলতাৰে সম্পন্ন হ’ল অখিল গগৈৰ অস্ত্ৰোপচাৰ…

সম্পন্ন হ’ল বিধায়ক অখিল গগৈৰ জটিল অস্ত্ৰোপচাৰ। বিগত কিছুদিন ধৰি চুপ্ৰাভেন্ট্ৰিকুলাৰ টেকিকাৰডিয়া ৰোগত আক্ৰান্ত হৈ আছিল অখিল গগৈ। গগৈৰ অস্ত্ৰোপচাৰ শুকুৰবাৰে বেংগালুৰুস্থিত নাৰায়ণা হেল্থচিটিত সফলতাৰে সম্পন্ন হয়।

EPS RFA অস্ত্ৰোপচাৰ সম্পন্ন হয় ডাঃ শ্ৰেচা শংকৰ মাইয়া আৰু ডাঃ কপিল কুমাৱটৰ তত্বাৱধানত ।

বৰ্তমান তেখেতক পৰ্যবেক্ষণৰ বাবে ICU ত ৰখা হৈছে ।চিকিৎসকে সম্পূৰ্ণ বিপদমুক্ত বুলি জানিবলৈ দিয়াৰ লগতে চিন্তাৰ কোনো কাৰণ নাই বুলি কয়। ।

গৌৰীপুৰত কুখ্যাত গো মাফিয়া আলিপ উদ্দিনক গ্ৰেপ্তাৰ

গৌৰীপুৰত কুখ্যাত গো মাফিয়া
আলিপ উদ্দিনক গৌৰীপুৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ।

দীৰ্ঘ দিনৰে পৰা এই জন কুখ্যাত গো মাফিয়াই চলাই আছিল অবৈধ চোৰাং গৰুৰ ৰমৰমিয়া বেহা।

ধৃত ব্যক্তিৰ পৰা বহু আপত্তি জনক নথিপত্ৰ জব্দ।

দীৰ্ঘ দিনৰে পৰা বাংলাদেশলৈ গৰুৰ চোৰাং চালানৰ মুল কাণ্ডাৰীয়ে হৈছে এইজন কুখ্যাত গো মাফিয়াই।

দীৰ্ঘ দিনৰ পৰা পলাতক হৈ আছিল উক্ত গো মাফিয়া টো

পুৰ্বৰে গৌৰীপুৰ আৰক্ষী থানাত IPC 379/411 RW 13(1) ধাৰাৰ অধীনত 182/22 নম্বৰৰ ৰুজু হৈ থকা গোচৰত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

গৌৰীপুৰ থানাৰ অন্তৰ্গত টিয়ামাৰীৰ পৰা নিশা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ আলিপ উদ্দিনক ।

গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিতুজ্যোতি নাথৰ নেতৃত্বত আভিযান চলাই ধৃত ব্যক্তিৰ পৰা জব্দ কৰে বহু আপত্তি জনক নথিপত্ৰ ।

গৌৰীপুৰ আৰক্ষীয়ে এতিয়াও তদন্ত অব্যাহত ৰাখিছে ।