Home Blog Page 1883

ম’ৰবি দুৰ্ঘটনা সন্দৰ্ভত উচ্চ পৰ্যায়ৰ বৈঠক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত তদন্ত কৰাৰ নিৰ্দেশ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে গুজৰাটৰ ম’ৰবিত এক উচ্চ পৰ্যায়ৰ বৈঠকত সভাপতিত্ব কৰে আৰু তাত সংঘটিত দুৰ্ভাগ্যজনক দলং দুৰ্ঘটনাৰ পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ ঘটনাস্থলী পৰিদৰ্শন কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে গুজৰাটৰ ম’ৰবিত এক উচ্চ পৰ্যায়ৰ বৈঠকত সভাপতিত্ব কৰে আৰু তাত সংঘটিত দুৰ্ভাগ্যজনক দলং দুৰ্ঘটনাৰ পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ ঘটনাস্থলী পৰিদৰ্শন কৰে। বৈঠকত প্ৰধানমন্ত্ৰীয়ে কয় যে বিষয়াসকলে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে যোগাযোগ তৈয়াৰ কৰিব লাগে আৰু এই দুখৰ সময়ত তেওঁলোকে যাতে সকলো সম্ভৱ সহায় লাভ কৰে সেয়া নিশ্চিত কৰিব লাগে। একে সময়তে বিষয়াসকলে প্ৰধানমন্ত্ৰীক উদ্ধাৰ অভিযান আৰু ক্ষতিগ্ৰস্ত লোকসকলক প্ৰদান কৰা সহায়ৰ বিষয়ে অৱগত কৰে।

“দুৰ্ঘটনা সম্পৰ্কীয় সকলো দিশৰ তদন্ত কৰা উচিত”: প্ৰধানমন্ত্ৰী মোডী

প্ৰধানমন্ত্ৰী মোডীয়ে কৈছিল যে সময়ৰ প্ৰয়োজন হৈছে এক বিতং আৰু বিস্তৃত অনুসন্ধান কৰা যিয়ে এই দুৰ্ঘটনাৰ সৈতে সম্পৰ্কিত সকলো দিশ চিনাক্ত কৰিব। তেওঁ এইটোও কৈছিল যে তদন্তৰ পৰা গুৰুত্বপূৰ্ণ শিক্ষাসমূহ অতি সোনকালে কাৰ্যকৰী কৰিব লাগে। বৈঠকত মুখ্যমন্ত্ৰী ভূপেন্দ্ৰভাই পেটেল, গৃহ ৰাজ্যমন্ত্ৰী হৰ্ষ সংঘৱী, গুজৰাট চৰকাৰৰ মন্ত্ৰী ব্ৰজেশ মেৰ্জা, গুজৰাটৰ মুখ্য সচিব, ৰাজ্যখনৰ ডিজিপি, স্থানীয় উপায়ুক্ত, এছপি, আৰক্ষী মহাপৰিদৰ্শক, বিধায়ক আৰু সাংসদসকল উপস্থিত থাকে।

প্ৰধানমন্ত্ৰী মোডীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰে

ইয়াৰ পূৰ্বে মৰবিত উপস্থিত হৈ প্ৰধানমন্ত্ৰীয়ে দলং দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে। প্ৰধানমন্ত্ৰী মোডীয়ে মৰবি জিলাৰ স্থানীয় চিকিৎসালয়ো পৰিদৰ্শন কৰে, য’ত তেওঁ আহতসকলৰ অৱস্থাৰ বিষয়ে সোধা-পোছা কৰে। তেওঁ উদ্ধাৰ আৰু সাহায্যৰ কামত নিয়োজিত লোকসকলৰ সৈতেও বাৰ্তালাপ কৰিছে আৰু তেওঁলোকৰ ধৈৰ্য্যৰ প্ৰশংসা কৰিছে।

হোৱাটছএপে ভাৰতত নিষিদ্ধ কৰিছে ২৬ লাখতকৈও অধিক একাউণ্ট , টুইটাৰেও গ্ৰহণ কৰিছে ব্যৱস্থা 

তাৎক্ষণিক মেচেজিং প্লেটফৰ্ম হোৱাটছএপে ছেপ্টেম্বৰত ভাৰতত ২৬.৮৫ লাখতকৈও অধিক একাউণ্ট বেন কৰিছে। ইয়াৰ ভিতৰত, ব্যৱহাৰকাৰীসকলৰ পৰা যিকোনো প্ৰতিবেদন প্ৰাপ্ত কৰাৰ আগতে ৮.৭২ লাখ একাউণ্ট বেন কৰা হৈছে।

তাৎক্ষণিক মেচেজিং প্লেটফৰ্ম হোৱাটছএপে ছেপ্টেম্বৰত ভাৰতত ২৬.৮৫ লাখতকৈও অধিক একাউণ্ট বেন কৰিছে। ইয়াৰ ভিতৰত, ব্যৱহাৰকাৰীসকলৰ পৰা যিকোনো প্ৰতিবেদন প্ৰাপ্ত কৰাৰ আগতে ৮.৭২ লাখ একাউণ্ট বেন কৰা হৈছে। মেচেজিং প্লেটফৰ্মে মঙলবাৰে এই তথ্য দিছিল। কোম্পানীটোৱে আগষ্টত ২৩.২৮ লাখতকৈও অধিক একাউণ্ট ফ্ৰীজ কৰিছিল। ছেপ্টেম্বৰত নিষিদ্ধ একাউণ্টৰ সংখ্যা আগষ্টতকৈ ১৫ শতাংশ বেছি।

হোৱাটছএপে ইয়াৰ মাহিলী অনুপালন প্ৰতিবেদনত কৈছিল যে ১ ছেপ্টেম্বৰ, ২০২২ ৰ পৰা ৩০ ছেপ্টেম্বৰ, ২০২২-ৰ ভিতৰত ২৬,৮৫,০০০ একাউণ্ট অৱৰোধ কৰা হৈছিল। ইয়াৰ ভিতৰত, ৮,৭২,০০০ একাউণ্ট ব্যৱহাৰকাৰীৰ পৰা কোনো অভিযোগ প্ৰাপ্ত কৰাৰ আগতে অৱৰোধ কৰা হৈছিল।

টুইটাৰে ৫৪,০০০ ৰো অধিক একাউণ্ট নিষিদ্ধ কৰিছে
টুইটাৰে ২৬ আগষ্টৰ পৰা ২৫ ছেপ্টেম্বৰৰ ভিতৰত শিশু যৌন উৎপীড়ন, অশ্লীলতা আৰু অন্যান্য নিষিদ্ধ সমলৰ প্ৰচাৰৰ বাবে ভাৰতত ৫২,১৪১ টা একাউণ্ট নিষিদ্ধ কৰিছে। মাইক্ৰ’ব্লগিং প্লেটফৰ্মে সন্ত্ৰাসবাদৰ প্ৰচাৰৰ বাবে ১,৯৮২ টা একাউণ্ট নিষিদ্ধ কৰিছে।

বিমানবন্দৰত তিনিজন পৰিল জালত;বডী শ্বেপাৰৰ মাজত লুকুৱাই আনিছিল ৩ কোটি টকাৰ সোণ!

দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমানবন্দত ৩ কোটি টকা মূল্যৰ সোণ জব্দ। শুল্ক বিভাগে গ্ৰেপ্তাৰ কৰিছে তিনি সোণ সৰবৰাহকাৰীক। বিমানবন্দৰ সূত্ৰৰ পৰা জানিব পৰা মতে, শ্বাৰজাৰ এখন বিমান দিল্লীত উপস্থিত হৈছিল। সেই বিমানৰ তিনি যাত্ৰীৰ ওপৰত সন্দেহ ওপজে শুল্ক বিভাগৰ। তিনিওজন লোকক তালাচী কৰাত বডী শ্বেপাৰৰ ভিতৰত লুকুৱাই অনা অৱস্থাত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ সোণ।

লগে লগে সোণখিনি জব্দ কৰে শুল্ক বিভাগে। জব্দ হোৱা সোণখিনিৰ মূল্য ২.৯৬ কোটি টকা হ’ব বুলি জানিব পৰা গৈছে। অভিযুক্তকেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে। বৰ্তমান আটাইকেইজনক সোধা–পোছা কৰা হৈছে।

উল্লেখযোগ্য যে দিল্লী বিমানবন্দৰত সোণ সৰবৰাহৰ ঘটনা দিনক দিনে বৃদ্ধি পাইছে। বিগত এটা মাহত এনে বহু ঘটনা পোহৰলৈ আহিছে। ২৭ অক্টোবৰত দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমানবন্দৰত জব্দ হৈছিল ৭.৫ কলোগ্ৰাম সোণ। এই সোণখিনিৰ মূল্য আছিল ৩.৫ কোটি টকা।

নলবাৰীৰ টিহুত (Raas in Tihu) ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি। ৭ নৱেম্বৰৰ পৰা ১১ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব টিহু বাৰোৱাৰী ৰাস মহোৎসৱ।

ৰাজ্যৰ চৌদিশে এতিয়া ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি। নলবাৰীৰ টিহুতো (Raas in Tihu) ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি। ৭ নৱেম্বৰৰ পৰা ১১ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব টিহু বাৰোৱাৰী ৰাস মহোৎসৱ।

ইতিমধ্যে টিহুৰ বাৰোৱাৰী ৰাস মহোৎসৱস্থলীত দেখা গৈছে মৃণ্ময় শিল্পীসকলে মূৰ্তি তৈয়াৰ কৰাত ব্যস্ত হৈ পৰা। তদুপৰি ৰাস মহোৎসৱ উদযাপন সমিতিয়ে জনোৱা অনুসৰি, ভিন্ন ধৰণৰ কাৰ্যসূচী ৰখা হৈছে এই ১১ দিনীয়াকৈ অনুষ্ঠিত হ’ব লগা ৰাস মহোৎসৱত। কেইবাটাও আকৰ্ষণীয় কাৰ্যসূচী ৰাখিছে উদ্যোক্তাই ৰাসস্থলীত।

বিগত দুটা বৰ্ষ যিহেতু ক’ভিড পৰিস্থিতিৰ বাবে সকলো অনুষ্ঠানেই অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰিব লগা হৈছিল,  এইবেলি ক’ভিডৰ ভৱাবহ পৰিস্থিতি কিছু শাম কটাত মুকলিমূৰীয়াকৈ অনুষ্ঠিত কৰা হয় ৰাস মহোৎসৱো।

ৰাস মহোৎসৱক লৈ ব্যাপক উৎসাহ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে। তদুপৰি প্ৰতিবাৰেই যথেষ্ট সংখ্যক ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিয়ে এই ৰাস মহোৎসৱক যেন এক নতুন মাত্ৰা প্ৰদান কৰি আহিছে। ১১ দিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া ৰাস মহোৎসৱত সাংস্কৃতিক অনুষ্ঠান, বৃহত্তৰ চতিয়া কেন্দ্ৰীয় ভাওনা উদযাপন সমিতিৰ দ্বাৰা দ্ৰৌপদীৰ বস্ত্ৰ হৰণ ভাওনা প্ৰদৰ্শন কৰা হ’ব মহিলাৰ দ্বাৰা।

ইফালে এইবেলিও উদ্যোক্তা মণ্ডলীয়ে জানিবলৈ দিয়া অনুসৰি, প্ৰায় ১০ হাজাৰৰ পৰা ১৫ হাজাৰ ভক্তপ্ৰাণ লোকে প্ৰতিদিনে এই ৰাস মহোৎসৱস্থলীত উপস্থিত হোৱাৰ আশা প্ৰকাশ কৰিছে। উল্লেখ্য, ৰাস মহোৎসৱস্থলীত শ্ৰীকৃষ্ণৰ বাৎসল্য ৰূপৰ পৰা বিভিন্ন ৰূপ ৬০ টাকৈ স্থলত ৩০০ মৃণ্ময় মূৰ্তিৰ জৰিয়তে উপস্থাপন কৰিব।

গোসাঁইগাঁৱত নাও দুৰ্ঘটনাত সন্ধানহীন দুগৰাকী মহিলা, চাৰিগৰাকী গুৰুতৰভাৱে আহত

গোসাঁইগাঁও মহকুমাৰ গ্ৰাহামপুৰ আৰক্ষী চকীৰ অন্তৰ্গত ১ নম্বৰ গৰুমাৰাচৰৰ সোণকোষ নদীত নাও দুৰ্ঘটনা। এই নাও দুৰ্ঘটনাত সন্ধানহীন হয় দুগৰাকী মহিলা আৰু গুৰুতৰভাৱে আহত হয় আন চাৰিগৰাকী।

আহত চাৰিওগৰাকীক স্থানীয় ৰাইজে উদ্ধাৰ কৰি পশ্চিমবংগৰ আলিপুৰ দুৱাৰ চিকিৎসালয়ত ভৰ্তি কৰায়। নাও দুৰ্ঘটনাত সন্ধানহীন হোৱা মহিলা দুগৰাকী ১ নম্বৰ গৰুমাৰাচৰৰ ৰহিম শ্বেখৰ কন্যা ৰমিছা খাতুন আৰু গোলাম হোছেইনৰ পত্নী ছাফিয়া বিবি বুলি জানিব পৰা গৈছে।

আনহাতে পশ্চিমবংগৰ আলিপুৰ দুৱাৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে গৰুমাৰাচৰ প্ৰথম খণ্ড গাঁৱৰ সুপোৰনা সাহা (১৩), তৃপ্তি সাহা(২২) আৰু পশ্চিমবংগৰ আলিপুৰদুৱাৰ জিলাৰ মাজেৰডাবৰী গাঁৱৰ প্ৰসেনজিত সাহা (৩৫), সঞ্জিত সাহা(৩২)।

সোণকোষ নদীৰ বালিচৰৰ পৰা ৰন্ধাৰ কাৰণে খৰি লৈ যোৱাৰ সময়ত টুলুঙা নাওখন দুৰ্ঘটনাত পতিত হয়। ঘটনাস্থলীত গোসাঁইগাঁও মহকুমা আৰক্ষী, SDRF বাহিনী, দণ্ডাধীশ উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।

ঈশান উদয় স্ক’লাৰশ্বিপ কেলেংকাৰিৰে জড়িত দুজন আৰক্ষীৰ জালত

ঈশান উদয় স্ক’লাৰশ্বিপ আৰু কেন্দ্ৰীয় চৰকাৰৰ মানৱ সম্পদ মন্ত্ৰালয়ে সংখ্যালঘু সম্প্ৰদায়ৰ মেধাবী ছাত্ৰৰ বাবে আগবঢ়োৱা মেধা জলপানিৰ নামত ৰাজ্যত গঢ় লৈ উঠিছে বৃহৎ জালিয়াতি চক্ৰ ৷

বৰপেটা আৰক্ষীৰ বিশেষ অভিযানত আৰক্ষীৰ জালত পৰিল ঈশান উদয় বৃত্তি আৰু  কেলেংকাৰিৰ সৈতে জড়িত ২ অভিযুক্ত ৷ বৰপেটাত পুনৰ ছাত্ৰৰ স্ক’লাৰশ্বিপৰ নামত ভয়াৱহ কেলেংকাৰি ৷

এটা দুষ্ট চক্ৰই ৰাজ্যৰ একাংশ মহাবিদ্যালয়ৰ ভুৱা ছাত্ৰৰ নামত জালিয়াতিৰে উলিয়াই নিছে কোটি কোটি টকা ৷ ধৃত দুই অভিযুক্তৰ নাম জেহেৰুল ইছলাম আৰু হাবিবুৰ ৰহমান ৷
ধৃত দুই অভিযুক্তৰ ঘৰ বৰপেটাৰ জাহোৰপাম গাঁৱত ৷

বৰপেটা আৰক্ষীয়ে অনুসন্ধান চলাই গ্ৰেপ্তাৰ কৰে ছাত্ৰৰ স্কলাৰশ্বিপৰ ধন জালিয়াতিৰে উলিয়াই নিয়া দুই অভিযুক্তক ৷ বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ড০ প্ৰদীপ শইকীয়াই এখন সংবাদমেলযোগে এই কথা সদৰী কৰে সাংবাদিকক ৷

উল্লেখ্য যে উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৭৫ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা ছাত্ৰ–ছাত্ৰীসকলক বছৰেকত প্ৰদান কৰা হয় প্ৰায় ৬০ হাজাৰ টকাৰ স্ক’লাৰশ্বিপ ৷ একেদৰে কেন্দ্ৰীয় চৰকাৰৰ মানৱ সম্পদ মন্ত্ৰালয়ে ৰাজ্যখনৰ সংখ্যালঘু সম্প্ৰদায়ৰ মেধাৱী ছাত্ৰ–ছাত্ৰীসকলক ৰাজ্যৰ বাহিৰৰ একাংশ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠানত অধ্যয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগবঢ়ায় মেধাভিত্তিক স্কলাৰশ্বিপ ৷

এই দুষ্ট চক্ৰটোৱে ৰাজ্যৰ একাংশ মহাবিদ্যালয়ৰ পাছৱৰ্ড আৰু অ’টিপি ব্যৱহাৰ কৰাৰ লগতে মহাবিদ্যালয়ৰ অধ্যক্ষৰ চহী জাল কৰি ভুৱা ছাত্ৰ–ছাত্ৰীৰ নামত সংঘটিত কৰি আহিছে ভয়াবহ কেলেংকাৰি ৷ উল্লেখ্য যে, ধৃত দুই অভিযুক্তই ২০১৮ চনৰ পৰাই বৰপেটা-বঙাইগাঁও কলেজ, জনপ্ৰিয় কলেজ, বাণিয়াৰাপাৰা, কয়াকুছি কলেজ, হৰেন্দ্ৰ-চিত্ৰা কলেজ আৰু অভয়াপুৰীৰ চি কে কলেজৰ একাংশ ভুৱা ছাত্ৰৰ নামত জালিয়াতিৰে উলিয়াই নিছে ঈশান উদয় স্কলাৰশ্বিপৰ কোটি কোটি টকা ৷

আনহাতে বাংগালুৰুৰৰ নাথগিৰি কলেজ, কৰ্ণাটকৰ মাদানি কলেজ, ইনষ্টিটিউট অৱ নাৰ্ছিং ছায়েঞ্চ অৱ কৰ্ণাটকত অধ্যয়ন কৰা দেখুৱাই মেধা জলপানিৰ ধনো উলিয়াই নিছে চক্ৰটোৱে ৷ বিগত  কেইবাবছৰ ধৰি ৰাজ্যখনত শিপাই পৰা চক্ৰটোক উৎখাত কৰি কঠোৰ শাস্তিৰ দাবী উত্থাপন হৈ আহিছে ৷

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বিধায়ক আৱাসত কৰ্তন বিজুলী সেৱা

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বিধায়ক আৱাসত কৰ্তন বিজুলী সেৱা। বাৰম্বাৰ বিধানসভাৰ সচিবালয়ে ন’টিছ দিয়াৰ পিছতো ঘৰ খালী নকৰাৰ বাবে কৰ্তন কৰা হয় বিজুলী সেৱা৷

বিজুলী সেৱাৰ লগতে আজিয়ে কৰ্তন কৰিব পানী যোগান সেৱাও। মহন্তৰ নামত নতুনকৈ আবণ্টন দিয়া হৈছে ৫ আৰু ৬ নং দুটা আৱাস৷ নতুনকৈ আবণ্টিত আৱাসলৈ স্থানান্তৰিত হোৱা নাই প্ৰাক্তন মুখ্যমন্ত্ৰী৷ উল্লেখ্য, ৫৪, ৫৮ আৰু ৬৩নং বিধায়ক আৱাসক একত্ৰিত কৰি

দিল্লীৰ জোতাৰ কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত…

 দিল্লীত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে । মঙলবাৰে দিল্লীৰ নাৰেলা অঞ্চলৰ এটা কাৰখানাত অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হয়। বাতৰি অনুসৰি, দুৰ্ঘটনাটোত দুজন লোকৰ মৃত্যু হয়।

খবৰ পোৱাৰ লগে লগে ১০ খন অগ্নি নিৰ্বাপক গাড়ী ঘটনাস্থলীত আহি উপস্থিত হয়। ইতিমধ্যে বহুলোকক আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰা হৈছে। তেওঁলোক সকলোকে ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছে।

বাতৰি মতে, এটা জোতাৰ কাৰখানাত অগ্নিকাণ্ডৰ ঘটনাটো ঘটে। অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। অগ্নি নিৰ্বাপক বিভাগৰ মতে এতিয়াও কাৰখানাটোত বহু লোক আৱদ্ধ হৈ আছে। উদ্ধাৰ অভিযান চলি আছে।

এতিয়ালৈকে তিনিজন লোকক উদ্ধাৰ কৰা হৈছে। দিল্লী আৰক্ষীয়ে কয় যে বহুলোক এতিয়াও আৱদ্ধ হৈ আছে। উদ্ধাৰ কৰা সকলৰ কোনো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা নাই। তেওঁলোক সকলোকে এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছে।

শীতত ছালৰ যত্ন কেনেদৰে ল’ব লাগে জানো আহক…

ছালৰ পৰিচর্যা কৰাৰ আগতে আমি আমাৰ ছালৰ-ধৰণ জানি লোৱাটো অত্যন্ত জৰুৰী। আমাৰ শৰীৰৰ ছাল সাধাৰণতে চাৰি প্ৰকাৰৰ হয়। স্বাভাৱিক ছাল, তেলেতীয়া ছাল, শুকান ছাল আৰু মিশ্র ছিল। ছালৰ ধৰণ যিয়েই নহওক কিয়, ছাল ক্লিনজিং, টোনিং আৰু ময়শ্বাৰাইজিং কৰাটো একান্ত প্রয়োজন।

বজাৰত বিভিন্ন ধৰণৰ ক্লিনজাৰ, টোনাৰ আৰু ময়শ্বাৰাইজাৰ পোৱা যায়, কিন্তু আমি প্রকৃতিৰ পৰা পাব পৰা কিছুমান দ্রব্য ব্যৱহাৰ কৰি ছালখন সুস্থ, সবল আৰু উজ্জ্বল কৰি ৰাখিব পাৰো।

স্বাভাৱিক ছালৰ গৰাকীয়ে ক্লিনজাৰ হিচাপে কেঁচা গাখীৰ ব্যৱহাৰ কৰিব পাৰে। কপাহত কেঁচা গাখীৰ লগাই মুখখন পৰিষ্কাৰ কৰিব। টোনাৰ হিচাপে গোলাপজল আৰু ময়শ্বাৰাইজাৰ হিচাপে বিশুদ্ধ মৌজোল ব্যৱহাৰ কৰিব পাৰে। স্বাভাৱিক ছালৰ গৰাকীয়ে লেপন হিচাপে দুচামুচ কণীৰ হালধীয়া অংশ, এচামুচ চন্দন পাউডাৰ আপেলৰ ৰসেৰে মিহলাই এটা লেপন তৈয়াৰ কৰি ২০ মিনিটমানৰ বাবে লগালে ছাল উজ্জ্বল হ’ব।

স্বাভাৱিক ছালৰ গৰাকীয়ে এইখিনি পৰিচৰ্যা কৰিলেই শীতকালত হ’ব পৰা সমস্যাৰ পৰিত্ৰাণ পাব পাৰিব। আমি সকলোৱে জানো যে তেলেতীয়া ছালৰ গৰাকীৰ ছালৰ পৰা ছিবাম বেছিকৈ নিৰ্গত হয়। ছিবাম হ’ল ছালৰ তৈলগ্রন্থিৰ পৰা নিৰ্গত হোৱা এবিধ তেল। গ্রীষ্মকালত তেলেতীয়া ছালৰ গৰাকীৰ তৈলগ্রন্থিৰ পৰা ছিবাম বেছিকৈ নিৰ্গত হয়, কিন্তু শীতকালত ইয়াৰ পৰিমাণ কমি যায়। শীতত ছিবাম কমকৈ নিৰ্গত হোৱাৰ কাৰণে তেলেতীয়া ছালৰ গৰাকীৰ ছালো শুকান হৈ পৰা দেখা যায়।

তেলেতীয়া ছালৰ গৰাকীয়ে ছালখন পৰিষ্কাৰ কৰি ৰাখিবলৈ তিয়ঁহৰ ৰস ব্যৱহাৰ কৰিব পাৰে। টোনাৰ হিচাপে পদিনা পাতৰ ৰস আৰু ময়শ্বাৰাইজাৰ হিচাপে মৌজোলৰ লগত সামান্য নিমপাতৰ ৰস মিহলাই লগালে শীতকালত ছাল উজ্জ্বল আৰু সমস্যাবিহীন হৈ থাকিব। তেলেতীয়া ছালৰ গৰাকীয়ে এচামুচ মুলতানী মাটিৰ লগত এচামুচ কণীৰ বগা অংশ তিয়হৰ ৰসৰ লগত মিহলাই লেপন তৈয়াৰ কৰি লগালে উপকৃত হ’ব।

ধনিয়া পাতৰ স্বাস্থ্যৰ উপকাৰিতা সমূহ জানো আহক…

ধনিয়াৰ স্বাস্থ্য উপকাৰিতা –

  • ধনিয়াৰ ভোক বৃদ্ধি কৰাৰ গুণ আছে। ই পাচক ৰসৰ উৎপাদন বৃদ্ধি কৰে।
  • ধনিয়াৰ বেক্টেৰিয়া ধ্বংস কৰাৰ গুণ আছে। ইয়াৰ পাত ভেঁকুৰ নাশকৰূপে ব্যৱহাৰ কৰিব পাৰি। ধনিয়াৰ গুটি সেৱন কৰিলে শৰীৰৰ কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস পায়।

  • ধনিয়াৰ বিষ-যন্ত্ৰণা নিৰাময় কৰাৰ গুণো আছে। সেয়ে ধনিয়া খালে মূৰৰ বিষ, মাংসপেশীৰ বিষ কমে। লগতে শৰীৰৰ যিকোনো অংগৰ জঠৰতা আৰু সন্ধিৰ বিষ কমায়।
  • ধনিয়াৰ পাত এবিধ শক্তিশালী প্ৰাকৃতিক ‘ক্লিনজিং’ দ্ৰব্য। সেয়ে ইয়াৰ পাত শৰীৰৰ পৰা গধুৰ ধাতু আৰু বিষাক্ত উপাদান নিষ্কাশন কৰাৰ বাবে ব্যৱহাৰ কৰা হয়।

  • আলঝেইমাৰ ৰোগ নিৰাময়তো ধনিয়া পাত ব্যৱহাৰ কৰা হয়। ধনিয়াৰ পাতে এই ৰোগত মস্তিষ্কৰ নিউৰণ ধ্বংস হোৱা প্ৰক্ৰিয়া বাধা দিব পাৰে।
  • ধনিয়াৰ পাতে বমিৰ ভাব আৰু বমি বন্ধ কৰাত সহায় কৰে।

ধনিয়াৰ ব্যৱহাৰ –

  • ধনিয়া দিয়া খাদ্যই সতেজতা আৰু খাবলৈ মন যোৱা এক সুগন্ধি আনি দিয়ে।
  • ধনিয়াৰ পাত বটি তাৰ ৰস উলিয়াই সেৱন কৰিব পাৰি। তাৰোপৰি তাৰ পাত শুকুৱাই ঔষধীয় চাহ প্ৰস্তুত কৰিও খাব পাৰি। ইয়াৰ পাত যেনেকৈয়ে নেখাওক কিয়, ইয়াৰ দৰকাৰী পুষ্টি আৰু ঔষধীয় উপাদানৰ কোনো হীন-ডেঢ়ি নহয়।

  • ধনিয়াৰ গুটি এক উৎকৃষ্ট মছলাৰূপে ব্যৱহাৰ কৰা হয়। শুকান ধনিয়াৰ গুটি সামান্যভাৱে শুকানকৈ ভাজি লৈ মিহিকৈ গুড়ি কৰি লোৱা হয়। এই গুড়ি যিকোনো ব্যঞ্জনত মছলাৰূপে ব্যৱহাৰ কৰা হয়।

ধনিয়াৰ গুড়ি শুকানকৈ ভজাৰ ফলত এক প্ৰকাৰৰ বিশেষ সুগন্ধি যৌগ মুকলি হয় আৰু লগতে সুগন্ধি তেল ওলায়।