Breaking

শীতত ছালৰ যত্ন কেনেদৰে ল’ব লাগে জানো আহক…

0 66

ছালৰ পৰিচর্যা কৰাৰ আগতে আমি আমাৰ ছালৰ-ধৰণ জানি লোৱাটো অত্যন্ত জৰুৰী। আমাৰ শৰীৰৰ ছাল সাধাৰণতে চাৰি প্ৰকাৰৰ হয়। স্বাভাৱিক ছাল, তেলেতীয়া ছাল, শুকান ছাল আৰু মিশ্র ছিল। ছালৰ ধৰণ যিয়েই নহওক কিয়, ছাল ক্লিনজিং, টোনিং আৰু ময়শ্বাৰাইজিং কৰাটো একান্ত প্রয়োজন।

বজাৰত বিভিন্ন ধৰণৰ ক্লিনজাৰ, টোনাৰ আৰু ময়শ্বাৰাইজাৰ পোৱা যায়, কিন্তু আমি প্রকৃতিৰ পৰা পাব পৰা কিছুমান দ্রব্য ব্যৱহাৰ কৰি ছালখন সুস্থ, সবল আৰু উজ্জ্বল কৰি ৰাখিব পাৰো।

স্বাভাৱিক ছালৰ গৰাকীয়ে ক্লিনজাৰ হিচাপে কেঁচা গাখীৰ ব্যৱহাৰ কৰিব পাৰে। কপাহত কেঁচা গাখীৰ লগাই মুখখন পৰিষ্কাৰ কৰিব। টোনাৰ হিচাপে গোলাপজল আৰু ময়শ্বাৰাইজাৰ হিচাপে বিশুদ্ধ মৌজোল ব্যৱহাৰ কৰিব পাৰে। স্বাভাৱিক ছালৰ গৰাকীয়ে লেপন হিচাপে দুচামুচ কণীৰ হালধীয়া অংশ, এচামুচ চন্দন পাউডাৰ আপেলৰ ৰসেৰে মিহলাই এটা লেপন তৈয়াৰ কৰি ২০ মিনিটমানৰ বাবে লগালে ছাল উজ্জ্বল হ’ব।

স্বাভাৱিক ছালৰ গৰাকীয়ে এইখিনি পৰিচৰ্যা কৰিলেই শীতকালত হ’ব পৰা সমস্যাৰ পৰিত্ৰাণ পাব পাৰিব। আমি সকলোৱে জানো যে তেলেতীয়া ছালৰ গৰাকীৰ ছালৰ পৰা ছিবাম বেছিকৈ নিৰ্গত হয়। ছিবাম হ’ল ছালৰ তৈলগ্রন্থিৰ পৰা নিৰ্গত হোৱা এবিধ তেল। গ্রীষ্মকালত তেলেতীয়া ছালৰ গৰাকীৰ তৈলগ্রন্থিৰ পৰা ছিবাম বেছিকৈ নিৰ্গত হয়, কিন্তু শীতকালত ইয়াৰ পৰিমাণ কমি যায়। শীতত ছিবাম কমকৈ নিৰ্গত হোৱাৰ কাৰণে তেলেতীয়া ছালৰ গৰাকীৰ ছালো শুকান হৈ পৰা দেখা যায়।

তেলেতীয়া ছালৰ গৰাকীয়ে ছালখন পৰিষ্কাৰ কৰি ৰাখিবলৈ তিয়ঁহৰ ৰস ব্যৱহাৰ কৰিব পাৰে। টোনাৰ হিচাপে পদিনা পাতৰ ৰস আৰু ময়শ্বাৰাইজাৰ হিচাপে মৌজোলৰ লগত সামান্য নিমপাতৰ ৰস মিহলাই লগালে শীতকালত ছাল উজ্জ্বল আৰু সমস্যাবিহীন হৈ থাকিব। তেলেতীয়া ছালৰ গৰাকীয়ে এচামুচ মুলতানী মাটিৰ লগত এচামুচ কণীৰ বগা অংশ তিয়হৰ ৰসৰ লগত মিহলাই লেপন তৈয়াৰ কৰি লগালে উপকৃত হ’ব।

Leave A Reply