Home Blog Page 1884

ধনিয়া পাতৰ স্বাস্থ্যৰ উপকাৰিতা সমূহ জানো আহক…

ধনিয়াৰ স্বাস্থ্য উপকাৰিতা –

  • ধনিয়াৰ ভোক বৃদ্ধি কৰাৰ গুণ আছে। ই পাচক ৰসৰ উৎপাদন বৃদ্ধি কৰে।
  • ধনিয়াৰ বেক্টেৰিয়া ধ্বংস কৰাৰ গুণ আছে। ইয়াৰ পাত ভেঁকুৰ নাশকৰূপে ব্যৱহাৰ কৰিব পাৰি। ধনিয়াৰ গুটি সেৱন কৰিলে শৰীৰৰ কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস পায়।

  • ধনিয়াৰ বিষ-যন্ত্ৰণা নিৰাময় কৰাৰ গুণো আছে। সেয়ে ধনিয়া খালে মূৰৰ বিষ, মাংসপেশীৰ বিষ কমে। লগতে শৰীৰৰ যিকোনো অংগৰ জঠৰতা আৰু সন্ধিৰ বিষ কমায়।
  • ধনিয়াৰ পাত এবিধ শক্তিশালী প্ৰাকৃতিক ‘ক্লিনজিং’ দ্ৰব্য। সেয়ে ইয়াৰ পাত শৰীৰৰ পৰা গধুৰ ধাতু আৰু বিষাক্ত উপাদান নিষ্কাশন কৰাৰ বাবে ব্যৱহাৰ কৰা হয়।

  • আলঝেইমাৰ ৰোগ নিৰাময়তো ধনিয়া পাত ব্যৱহাৰ কৰা হয়। ধনিয়াৰ পাতে এই ৰোগত মস্তিষ্কৰ নিউৰণ ধ্বংস হোৱা প্ৰক্ৰিয়া বাধা দিব পাৰে।
  • ধনিয়াৰ পাতে বমিৰ ভাব আৰু বমি বন্ধ কৰাত সহায় কৰে।

ধনিয়াৰ ব্যৱহাৰ –

  • ধনিয়া দিয়া খাদ্যই সতেজতা আৰু খাবলৈ মন যোৱা এক সুগন্ধি আনি দিয়ে।
  • ধনিয়াৰ পাত বটি তাৰ ৰস উলিয়াই সেৱন কৰিব পাৰি। তাৰোপৰি তাৰ পাত শুকুৱাই ঔষধীয় চাহ প্ৰস্তুত কৰিও খাব পাৰি। ইয়াৰ পাত যেনেকৈয়ে নেখাওক কিয়, ইয়াৰ দৰকাৰী পুষ্টি আৰু ঔষধীয় উপাদানৰ কোনো হীন-ডেঢ়ি নহয়।

  • ধনিয়াৰ গুটি এক উৎকৃষ্ট মছলাৰূপে ব্যৱহাৰ কৰা হয়। শুকান ধনিয়াৰ গুটি সামান্যভাৱে শুকানকৈ ভাজি লৈ মিহিকৈ গুড়ি কৰি লোৱা হয়। এই গুড়ি যিকোনো ব্যঞ্জনত মছলাৰূপে ব্যৱহাৰ কৰা হয়।

ধনিয়াৰ গুড়ি শুকানকৈ ভজাৰ ফলত এক প্ৰকাৰৰ বিশেষ সুগন্ধি যৌগ মুকলি হয় আৰু লগতে সুগন্ধি তেল ওলায়।

একালৰ এগৰাকী বিদ্ৰোহী নেতা, এ পি এলৰ প্ৰতিষ্ঠাপক অধ্যক্ষ তথা বিশিষ্ট নাট্যকাৰ অৰ্পন বেজবৰুৱা বৰ্তমান জটিল ৰোগত আক্ৰন্ত হৈ তেজপুৰ ই এম এম হস্পিতালত চিকিৎসাধীন…

একালৰ এগৰাকী বিদ্ৰোহী নেতা । যি গৰাকী নেতাই আলফাৰ আদিপাঠ দিছিল । এবাৰ নহয় দুবাৰ নহৈ পোন্ধৰ বাৰকৈ আলোচনাত মিলিত হৈছিল । এ পি এলৰ প্ৰতিষ্ঠাপক অধ্যক্ষ তথা বিশিষ্ট নাট্যকাৰ অৰ্পন বেজবৰুৱা বৰ্তমান জটিল ৰোগত আক্ৰন্ত তেজপুৰ ই এম এম হস্পিতালত চিকিৎসাধীন হৈ আছে ।

অসমৰ স্বাধীনৰ দাবীত আলফাৰ প্ৰতিষ্ঠা হোৱাৰ পুৰ্বে তেজপুৰৰ ডিপোটাত প্ৰতিষ্ঠা হোৱা এ পি এলৰ অধ্যক্ষ অৰ্পন বেজবৰুৱাৰ সকলোৱে আশু আৰোগ্য কামনা কৰিছে ।

উল্লেখ্যযে এসময়ৰ অসমৰ বিপ্লৱী নেতা ,বিপ্লৱী জীৱন ত্যাগ কৰি , নাট্যকাৰ, নাট্য বিভূষণ, সাংস্কৃতিক কৰ্মী, অসমীয়া সাংস্কৃতিক সমাজৰ সভাপতি, নিজৰ ঘৰৰ চোতালত মঞ্চ সাজি নতুন প্ৰজন্মক অভিনয়ৰ শিক্ষা দি অভিনয় কৰিবলৈ শিকোৱা অৰ্পণ বেজবৰুৱা জতিল ৰোগত আক্ৰান্ত হৈ ই এম এম হস্পিতালত চিকিৎসাধীন, শিল্পী গৰাকীৰ আশু আৰোগ্য কামনা কৰিছে বহুজনে ।

জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ অভিযানত পুনৰ নিহত চাৰি সন্ত্ৰাসবাদী…

সন্ত্ৰাসমুক্ত জম্মু-কাশ্মীৰৰ লক্ষ্যৰে নিৰাপত্তাৰক্ষীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে চলাই থকা অভিযানৰ মাজতে মঙলবাৰে পৃথক পৃথক অভিযানত জম্মু-কাশ্মীৰদক্ষিণ কাশ্মীৰত চাৰি সন্ত্ৰাসবাদী নিহত হয়।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে দক্ষিণ কাশ্মীৰৰ অৱন্তীপোৰা অঞ্চলত নিৰাপত্তাৰক্ষীৰ অভিযানৰ সময়ত তিনি সন্ত্ৰাসবাদী নিহত হোৱাৰ বিপৰীতে বিজবেহাৰা অঞ্চলত আন এগৰাকী সন্ত্ৰাসবাদী নিহত হয়।

আৰক্ষীয়ে লগতে উল্লেখ কৰা অনুসৰি অৱন্তীপোৰাত নিহত তিনি সন্ত্ৰাসবাদীৰে এগৰাকী অঞ্চলটোত নিৰাপত্তাৰক্ষীৰ ওপৰত আক্ৰমণকে ধৰি একাধিক কুটাঘাটমূলক কাৰ্যকলাপত জড়িত আছিল।কাশ্মীৰৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (এডিজিপি) বিজয় কুমাৰে এক বিবৃতিত জানিবলৈ দিয়া মতে নিহত তিনি সন্ত্ৰাসবাদীৰ ভিতৰত লস্কৰ-ই-তৈবাৰ কমাণ্ডাৰ মুখতাৰ ভাটো আছে।

সূত্ৰঅনুসৰি, ভাটে বিদেশী সন্ত্ৰাসবাদীৰ সৈতে লগ হৈ নিৰাপত্তা বাহিনীৰ শিবিৰত আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল। অভিযানৰ সময়ত এটা একে-৭৪ ৰাইফল, এটা একে-৫৬ ৰাইফল আৰু ১ টা পিষ্টল উদ্ধাৰ কৰা হৈছে বুলি বিজয় কুমাৰে লগতে সদৰী কৰে।

নিৰাপত্তা বাহিনীৰ বাবে এই অভিযানক “এক বৃহৎ সফলতা” বুলি অভিহিত কৰি কুমাৰে লগতে কয়, “আমাৰ সূত্ৰ অনুসৰি, নিহত এগৰাকী বিদেশী সন্ত্ৰাসবাদী আৰু এলইটিৰ স্থানীয় সন্ত্ৰাসবাদী মুখতাৰ ভাট চিআৰপিএফৰ এগৰাকী এএছআই আৰু দুগৰাকী আৰপিএফ জোৱানক হত্যাকে ধৰি কেইবাটাও সন্ত্ৰাসবাদী অপৰাধত জড়িত আছিল।”

উল্লেখ্য যে শেহতীয়াকৈ কাশ্মীৰত ইউৰোপৰ পৰা নিয়ন্ত্ৰিত এক সন্ত্ৰাসবাদী চক্ৰ উৎখাত কৰিছিল নিৰাপত্তাৰক্ষীয়ে। এই চক্ৰটোৰ দুগৰাকী সদস্যও নিৰাপত্তাৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

অসম গেছ কোম্পানী লিমিটেড দুলীয়াজানৰ প্ৰতিনিধিৰ এটা দলে ৰাজহুৱা খণ্ডত অসম চৰকাৰক ৫,০৭,৪৩,৪৭০ টকা প্ৰদান কৰে…

অসম গেছ কোম্পানী লিমিটেড দুলীয়াজানৰ প্ৰতিনিধিৰ এটা দলে ৰাজহুৱা খণ্ডত অসম চৰকাৰৰ অংশীদাৰিত্ব অনুসৰি ৫,০৭,৪৩,৪৭০ টকাৰ লভ্যাংশৰ পৰিমাণ অসম চৰকাৰক প্ৰদান কৰে।

প্ৰতিষ্ঠানটোলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে‌ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা‌‌ই ।

এই উপলক্ষত প্রতিষ্ঠানটোৰ মাননীয় অধ্যক্ষ শ্ৰীবলীন চেতিয়া, মাননীয় পৰিচালন সঞ্চালক শ্ৰী জি চি স্বৰ্গীয়াৰী, বিত্ত বিভাগৰ মহা প্ৰবন্ধক তথা মুখ্য বিত্ত বিষয়া শ্ৰী এইচ চি মহন্তও উপস্থিত আছিল।

অভিনেত্ৰী শ্বেফালী জাৰিৱালাৰ চুইমিং পুলৰ ফটোশ্বুট সামাজিক মাধ্যমত ভাইৰেল…

কাটা লগা’ৰ জৰিয়তে বিখ্যাত অভিনেত্ৰী শ্বেফালী জাৰিৱালা ছ’চিয়েল মিডিয়াত অতি সক্ৰিয়। প্ৰায়ে ছ’চিয়েল মিডিয়াত তাইৰ ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰে।

তেওঁৰ অনুৰাগীসকলে তেওঁক বহুত লাইক আৰু শ্বেয়াৰ কৰে। শ্বেফালী জাৰিৱালাক এতিয়া দেখাতকৈও ধুনীয়া দেখা গৈছে কাটা ‘ লগা’ গীতটোত। তেওঁৰ ছ’চিয়েল মিডিয়া হেণ্ডেল ইনষ্টাগ্ৰামত তেওঁৰ ফটোসমূহ চাব পাৰিব।

শেহতীয়াকৈ শ্বেফালীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামত তেওঁৰ শ্ৰেষ্ঠ ফটো শ্বেয়াৰ কৰিছে। অনুৰাগীয়ে তেওঁলোকক বহুত ভাল পাইছে। ফটোবোৰত দেখা গৈছে যে শ্বেফালীয়ে বগা বিকিনি পিন্ধি পুলত পোজ দিছে। চুলি বান্ধি থৈছে। পোষ্টটোত তেওঁ ধেমেলীয়া মন্তব্য কৰিছে। শ্বেফালিৰ এই পোষ্টত ইউজাৰে অগ্নি আৰু হৃদয়ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

শ্বেফালিৰ পোষ্টটোৰ ওপৰত মন্তব্য কৰি এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে ‘সুন্দৰ আৰু অতি সুন্দৰ’। আন এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিছে যে ‘আপুনি বৰ ধুনীয়া, মই তোমাক ভাল পাওঁ।’ ইয়াৰ বাহিৰেও ব্যৱহাৰকাৰীয়ে লিখিছে hot, beautiful, love you.

সঞ্জয় ৰাউতৰ জামিন আবেদন সন্দৰ্ভত পিএমএলএ আদালতে নিজৰ সিদ্ধান্ত সংৰক্ষিত ৰাখিছে , ৯নৱেম্বৰত আহিব ৰায়…

সঞ্জয় ৰাউতৰ জামিন আবেদন সন্দৰ্ভত পিএমএলএ আদালতে নিজৰ সিদ্ধান্ত সংৰক্ষিত ৰাখিছে, ৯ নৱেম্বৰত আহিব ৰায়

চাউল কেলেংকাৰি আৰু ধন সৰবৰাহৰ গোচৰত কাৰাগাৰত বন্দী হৈ থকা শিৱসেনাৰ নেতা সঞ্জয় ৰাউতৰ জামিন আবেদন সন্দৰ্ভত আদালতে সংৰক্ষিত কৰি ৰাখিছে এই সিদ্ধান্ত। এতিয়া ৯ নৱেম্বৰত আদালতে ৰায় ঘোষণা কৰিব।

ধন সৰবৰাহৰ গোচৰত কাৰাগাৰত বন্দী হৈ থকা শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতৰ জামিন আবেদনৰ ৰায় সংৰক্ষিত কৰি ৰাখিছে আদালতে। এতিয়া ৯ নৱেম্বৰত আদালতে ৰায় দিব। এই গোচৰৰ শুনানি চলি আছে পিএমএলএ আদালতত। ইয়াৰ লগে লগে সঞ্জয় ৰাউতৰ ন্যায়িক জিম্মা ১৪ দিনলৈ বৃদ্ধি কৰা হৈছে।

দীঘল দাঁতৰ বাবে জনাজাত আফ্ৰিকান বৃহদাকাৰ দাঁতৰ মাইকী হাতী দিদাৰ মৃত্যু…

দীঘল দাঁতৰ বাবে জনাজাত আফ্ৰিকান বৃহদাকাৰ দাঁতৰ মাইকী হাতী দিদাৰ মৃত্যু ঘটিছে। ৬৫ বছৰ বয়সত কেনিয়াৰ চাভো ইষ্ট নেচনেল পাৰ্কত মৃত্যু বৰণ কৰে দিদাই।

কেনিয়া বন্যপ্ৰাণী সেৱাই এক বিবৃতিত স্বাভাৱিক বয়সজনিত কাৰণত দিদা নামৰ এই হাতীটোৰ মৃত্যু হয় বুলি সদৰী কৰিছে।

বিবৃতিটোত বিভাগটোৱে কয়, “আমি দিদাৰ মৃত্যুত মৰ্মাহত। চাভো ইষ্ট নেচনেল পাৰ্কত বাস কৰা দিদা সম্ভৱতঃ আফ্ৰিকাৰ সৰ্ববৃহৎ মাইকী টাস্কাৰ। বৃদ্ধ বয়সৰ বাবে প্ৰাকৃতিক কাৰণত দিদাৰ মৃত্যু হৈছে। প্ৰায় ৬০-৬৫ বছৰ বয়সলৈকে সম্পূৰ্ণ জীৱন অতিবাহিত কৰিলে।”

বিবৃতিটোত লগতে কোৱা হৈছে, “যিসকলে ফটো তথা ভিডিঅ’ৰ জৰিয়তে দিদাক চিনি পাইছিল, অথবা যিসকলে দিদাক প্ৰত্যক্ষভাৱে দেখা পাই আনন্দিত হৈছিল, তেওঁলোকে দিদাক মনত ৰাখিব।”

হাটশিঙিমাৰীত জিলা প্ৰশাসনৰ উদ্যোগত একতা দিৱস পালন…

হাটশিঙিমাৰীত জিলা প্ৰশাসনৰ উদ্যোগত একতা দিৱস পালন ৷ভাৰতবৰ্ষৰ প্ৰথমগৰাকী উপ-প্ৰধানমন্ত্ৰী চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্ম জয়ন্তী উপলক্ষে দেশজুৰি ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন হৈছে ৷ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত ৰাষ্ট্ৰীয় একতা দিৱসৰ লগত সংগতি ৰাখি জিলা প্ৰশাসন উদ্যোগত একতা দৌৰ অনুষ্ঠিত কৰা হয় ৷


জিলা প্ৰশাসনৰ উদ্যোগ অনুষ্ঠিত একতা দৌৰত অংশগ্ৰহণ কৰে জিলা প্ৰশাসনৰ বহু উচ্চপদস্থ বিষয়া, আৰক্ষী, 26th বেটেলিয়নৰ ১০০ জোৱান, NCC ৰ ছাত্ৰ-ছাত্ৰ লগতে বহু ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহন কৰে।

হাটশিঙিমাৰী জালা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত একতা দৌৰৰ ফ্লেগ অফ কৰে অসমৰ দক্ষিণ সংমণ্ডলৰ ই জি পি দিলীপ কুমাৰ ডে আৰু উপায়ুক্ত পল্লৱী সৰকাৰৰ লগতে আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোনোৱালে ৷

একতা দৌৰৰ পূৰ্বে চৰ্দাৰ বল্লভ ভাই পেটেলৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বালন কৰি মাল্যাৰ্পণ কৰি ই জি পি গৰাকেয়ে ৷

আজি বলীউডৰ কিং খান শ্বাহৰুখ খানৰ জন্মদিন…

শ্বাহৰুখ খানৰ জন্মদিন : বলীউডৰ ৰজা তথা ৰোমাঞ্চ ৰজা শ্বাহৰুখ খানৰ বয়স ৫৭ বছৰ। একে সময়তে প্ৰতি বছৰৰ দৰে এইবাৰো শ্বাহৰুখ খানৰ ঘৰ মান্নাতৰ বাহিৰত বৃহৎ সংখ্যক অনুৰাগী দেখা গ’ল। সকলো অনুৰাগীয়ে নিজৰ প্ৰিয় অভিনেতাৰ আভাস পাবলৈ আগ্ৰহী হৈ পৰিছিল। একে সময়তে ৰজা খানেও তেওঁক নিৰাশ কৰা নাছিল আৰু তেওঁ মাজনিশা অনুৰাগীক আচৰিত কৰি তুলিছিল।

কনিষ্ঠ পুত্ৰ আবৰামৰ সৈতে মন্নতৰ টেৰেচত উপস্থিত হৈ শ্বাহৰুখে হাত মিলাই অনুৰাগীক ধন্যবাদ জনায়। ইয়াৰ পিছত তেওঁ নিজৰ চিগনেচাৰ মুভও দেখুৱাইছিল। একে সময়তে শ্বাহৰুখক দেখি আনন্দত জপিয়াই উঠিল অনুৰাগীসকল। সকলোৱে SRK ৰ জন্মদিনৰ শুভেচ্ছা জনালে। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোত শ্বাহৰুখ খানে নিজৰ টেৰেচৰ পৰা অনুৰাগীক সম্ভাষণ জনোৱা দেখা গৈছিল। এই সময়ত কিং খান ক’লা টি-চাৰ্ট আৰু নীলা জিন্স পিন্ধি দেখা দিছিল। একে সময়তে আব্ৰামে বগা টি-চাৰ্ট আৰু শ্বৰ্ট পিন্ধিছিল। এই সময়ত শ্বাহৰুখে নিজৰ টেৰেচৰ পৰা অনুৰাগীৰ সৈতে চেলফিও তুলিছিল।

সহজ সৰল ধৰণেৰে জন্মদিন পালন কৰিব শ্বাহৰুখ খানে
আনহাতে, সংবাদ মাধ্যমৰ বাতৰি যদি বিশ্বাস কৰিব লাগে, তেন্তে শ্বাহৰুখ খানে জন্মদিনত বিশেষ উদযাপন নকৰিব, কিন্তু তেওঁ নিশ্চিতভাৱে অনুৰাগীৰ সৈতে কেক কাটিব। কোৱা হৈছে যে এই কেক কটা অনুষ্ঠান পাঁচ তাৰকা হোটেল তাজ লেণ্ডছ এণ্ডত অনুষ্ঠিত হ’ব য’ত শ্বাহৰুখ খান তেওঁৰ অনুৰাগীৰ সৈতে উপস্থিত থাকিব।

‘পাথান’ ছবিৰ সৈতে পুনৰ উভতি অহা।
আপোনালোকক কওঁ যে শ্বাহৰুখ খানে যোৱা চাৰিটা দশক ধৰি ছবি জগতত সক্ৰিয় হৈ আছে আৰু নিজৰ অতুলনীয় অভিনয় আৰু উজ্জ্বল ছবিৰ বাবে লাখ লাখ অনুৰাগীৰ হৃদয়ত স্থান দখল কৰিবলৈ সক্ষম হৈছে। শ্বাহৰুখ খানৰ আগন্তুক ছবিৰ কথা ক’বলৈ গ’লে ইয়াত সিদ্ধাৰ্থ আনন্দৰ পৰিচালক ‘পাথান’ ছবিখনো অন্তৰ্ভুক্ত কৰা হৈছে।

শ্বাহৰুখৰ লগতে দীপিকা পাডুকন আৰু জন আব্ৰাহামেও ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে। একে সময়তে কিং খানৰ আগন্তুক আন আন ছবিসমূহৰ ভিতৰত আছে ‘জৱান’ আৰু ‘ডাংকি’।

ৰাছিয়াৰ আক্ৰমণৰ পিছত পানী আৰু বিদ্যুতৰ অভাৱত জীয়াতু ভুগিবলগা হৈছে কীয়েভৰ প্ৰায় সংখ্যক জনগণে…

সোমবাৰে সমগ্ৰ ইউক্ৰেইনৰ বিভিন্ন গুৰুত্বপূৰ্ণ ঠাইত ৰাছিয়াই ক্ষেপনাস্ত্ৰৰে আক্ৰমণ কৰাৰ পিছত ইউক্ৰেইনত পুনৰ সৃষ্টি হয় বিভীষিকাময় পৰিস্থিতি।

ৰাছিয়াই কোৱা মতে এই আক্ৰমণৰ উদ্দেশ্য আছিল ইউক্ৰেইনৰ সেনা বাহিনী নিয়ন্ত্ৰণ কৰাৰ লগতে ইউক্ৰেইনৰ শক্তি সংস্থাপন কেন্দ্ৰ সমূহ নষ্ট কৰা। যোৱা সপ্তাহৰ শেষৰ ফালে ক্ৰিমিয়াত ৰাছিয়ান সেনাৰ যুদ্ধ জাহাজত কৰা আক্ৰমণৰ প্ৰত্যাক্ৰমণ হিচাপে ৰাছিয়াই এই ক্ষেপণাস্ত্ৰ প্ৰয়োগ কৰিছে বুলি ঘোষণা কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে।

ইউক্ৰেইনে দিয়া তথ্য মতে, ৰাছিয়াই ইউক্ৰেইনলৈ লক্ষ্য কৰি ৫৫টা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছিল। ইয়াৰে ৪৫ টা ক্ষেপণাস্ত্ৰই ক্ষতিগ্ৰস্ত কৰিছে ইউক্ৰেইনক।

আানহাতে এই আক্ৰমণৰ পিছতেই কীয়েভত ব্যাহত হৈ পৰিছে বিদ্যুৎ । আক্ৰমণৰ ফলত ক্ষতিগ্ৰস্ত হৈছে বিদ্যুৎ সংযোগ আৰু বিদ্যুৎ উৎপাদন কেন্দ্ৰসমূহ। কীয়েভৰ ২ লাখ ৭০ হাজাৰটা ঘৰ বঞ্চিত হৈ পৰিছে বিদ্যুৎ যোগানৰ পৰা। বন্ধ কৰি দিয়া হৈছে কীয়েভৰ ষ্ট্ৰীট লাইট। ইলেক্ট্ৰনিক বাছৰ সলনি চলিছে তৈল্যচালিত বাহন। প্ৰশাসনে বিদ্যুৎ ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী হ’বলৈ আহ্বান জনাইছে ইউক্ৰেইনবাসীক। সম্প্ৰতি বিদ্যুৎ আৰু পানী যোগানৰ ব্যৱস্থাসমূহৰ মেৰামতিৰ কাম চলি আছে বুলি জানিবলৈ দিছে ইউক্ৰেইনে।