Home Blog Page 1907

শুৱালকুছিত হেঙুল থিয়েটাৰৰ কৰ্মচাৰীৰ কৰ্তব্যৰত অৱস্থাত কৰুণ মৃত্যু

শুৱালকুছিত তিনিটি নিশাৰ বাবে প্ৰদৰ্শন কৰা হৈছিল হেঙুল থিয়েটাৰ।

হেঙুল থিয়েটাৰত মৰ্মান্তিক ঘটনা। শুৱালকুছিত হেঙুল থিয়েটাৰৰ এগৰাকী কৰ্মচাৰীয়ে কৰুণভাৱে মৃত্যুমুখত পৰে।

কালি অন্তিম নিশা পেণ্ডেল সামৰি থকা অৱস্থাতে দেহৰ পিছফালেৰে চিপৰাং সোমাই গৈ মৃত্যুমুখত পৰে কৰ্মচাৰীজন। মৃত কৰ্মচাৰীজন হৈছে মৰিগাঁওৰ কাণফলাৰ ৰিণ্টু পাটৰ।

উল্লেখ্য, শুৱালকুছিত তিনিটি নিশাৰ বাবে প্ৰদৰ্শন কৰা হৈছিল হেঙুল থিয়েটাৰ। শুৱালকুছিৰ শংকৰ মন্দিৰৰ আমন্ত্ৰণত প্ৰদৰ্শন কৰা হৈছিল যদিও প্ৰতিকূল বতৰৰ বাবে অন্তিম নিশা নাট প্ৰদৰ্শন কৰিব নোৱাৰিলে। সেয়ে নিশাই পেণ্ডেল সামৰি থকা অৱস্থাত কৰ্মচাৰীগৰাকী মৃত্যুমুখত পৰে। পাটৰৰ মৃত্যুত শোঁকৰ ছাঁ পৰিছে থিয়েটাৰ কৰ্মীসকলৰ মাজত।

আৰক্ষীত নিযুক্তিৰ নথি কেলেংকাৰি: আন এজন অভিযুক্তৰ আত্মসমৰ্পণ

পূৰ্বে গ্ৰেপ্তাৰ হোৱা ২১ অভিযুক্ত CIDৰ জিম্মাতে আছিল। 

আৰক্ষীত নিযুক্তিৰ নথি কেলেংকাৰিৰ আন এজন অভিযুক্তৰ আত্মসমৰ্পণ। চি আই ডিৰ কাৰ্যালয়ত আত্মসমৰ্পণ কৰে ধিঙৰ আজিজুৰ ৰহমান নামৰ এজন প্ৰাৰ্থীয়ে।

উল্লেখ্য, ২৩ ছেপ্টেম্বৰত নিযুক্তি লাভ কৰিছিল আজিজুৰ ৰহমানে। নিযুক্তিৰ নথি কেলেংকাৰিত এই পৰ্যন্ত গ্ৰেপ্তাৰৰ সংখ্যা হ’ল ২২জন।

পূৰ্বে গ্ৰেপ্তাৰ হোৱা ২১ অভিযুক্ত CIDৰ জিম্মাতে আছিল। আজি বুধবাৰে জিম্মাৰ ম্যাদ ওকলাত আটাইকেইজন অভিযুক্তক আদালতত হাজিৰ কৰোৱা হয়। এই গোচৰত অভিযুক্ত বহু প্ৰাৰ্থী এতিয়াও পলাতক যদিও শীঘ্ৰেই গ্ৰেপ্তাৰৰ সম্ভাৱনা প্ৰকাশ কৰে চি আই ডিয়ে।

দিল্লীত হঠাতে অসুস্থ হৈ পৰিল বিধায়ক অখিল গগৈ, হাস্পতালত ভৰ্তি

হঠাতে অসুস্থ হৈ পৰিল ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ। আজি বিধায়কগৰাকী হঠাতে দিল্লীত অসুস্থ হৈ পৰে আৰু তেওঁক ততাতৈয়াকৈ দিল্লীৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হয়।

চিকিৎসাৰ অন্তত তেওঁৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ বুলি জানিবলৈ দিছে চিকিত্‍সকে। লগতে তেওঁক চিকিৎসালয়ৰ পৰা আহিবলৈ অনুমতিও দিয়ে।

নলবাৰী সদৰ আৰক্ষী থানালৈ অনা হ’ল ইতিপূৰ্বে ধৃত দুই জেহাদীক

এই জেহাদীকেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিতেই মিয়া মিউজিয়ামৰ লগত জড়িত এই তিনিজন ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

নলবাৰী সদৰ আৰক্ষী থানালৈ অনা হ’ল ইতিপূৰ্বে ধৃত দুই জেহাদী আবু ৰেইহান আৰু হাবেল আলীক। কিছুদিন পূৰ্বে দুয়োকে ঘগ্ৰাপাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আল্লিয়াৰ পৰা। দুয়োকে দহ দিনৰ বাবে আৰক্ষীৰ জিম্মাত ৰখা হৈছিল।

আনহাতে জেহাদীৰ প্ৰশিক্ষণপ্ৰাপ্ত তামুলপুৰত গ্ৰেপ্তাৰ হোৱা বৰপেটাৰ ছাদেক আলী আৰু জেকিবুল হুছেইনকো নলবাৰী সদৰ আৰক্ষী থানালৈ আনিব।

উল্লেখ্য যে এই জেহাদীকেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিতেই মিয়া মিউজিয়ামৰ লগত জড়িত এই তিনিজন ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

কালি গ্ৰেপ্তাৰ হোৱা মিয়া পৰিষদৰ সভাপতি মহৰ আলী আৰু উপসভাপতি আব্দুল বাতেন আৰু ডিব্ৰুগড়ৰ তানু ধাদুমীয়াক পৃথকে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

মিঞা মিউজিয়ামৰ বিৰুদ্ধে পাণবজাৰ থানাত এজাহাৰ অনুসূচিত জাতি ছাত্র সন্থাৰ

ৰাজ্যত সম্প্ৰতি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ থকা মিঞা মিউজিয়ামৰ বিৰুদ্ধে পাণবজাৰ থানাত এজাহাৰ অনুসূচিত জাতি ছাত্র সন্থাৰ। মিঞা মিউজিয়াম স্থাপনৰ বিৰুদ্ধে চৰকাৰক কঠোৰ ব্যৱস্থা ল’বলৈ আহ্বান জনায় সংগঠনটোৱে।

সংগঠনটোৱে কয়– অসমীয়াৰ সমাজ জীৱনত ব্যৱহাৰ হোৱা সামগ্ৰীসমূহকে মিঞা মিউজিয়ামত ৰাখিছে। মিঞাৰ নিজৰ বুলিবলৈ কি আছে?

ভৱিষ্যতে এনে কাম কৰাৰ পৰা বিৰত থাকিবলৈ সকীয়নি সংগঠনটোৰ। এনে কাম ভৱিষ্যতে কৰিলে আন্দোলনৰ পথ ল’ব বুলি অনুসূচিত জাতি ছাত্র সন্থাই প্ৰকাশ কৰি কয় যে এই কাৰ্যৰে অসমত সাম্প্ৰদায়িক বিষবাস্প বিয়পাইছে মিঞা পৰিষদে।

পৰাধীন ভাৰতত অসমৰ এক অন্যতম চিনেমাগৃহ যোৰহাটৰ ঐতিহাসিক ইলি চিনেমাগৃহ মুকলি কৰিলে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে

Dolby Atmos ছাউণ্ড ছিষ্টেমেৰে সমৃদ্ধ মাল্টিপ্লেক্সটোত দুখন স্ক্ৰীনত দৰ্শকে চিনেমা উপভোগ কৰিব পাৰিব।

অত্যাধুনিক ৰূপত গঢ়ি তোলা যোৰহাটৰ স্মৃতি বিজড়িত ইলি চিনেমাগৃহ আনুষ্ঠানিকভাৱে মুকলি কৰিলে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে। পৰাধীন ভাৰতত অসমৰ এক অন্যতম চিনেমাগৃহ আছিল ইলি চিনেমা গৃহ।

১৯৩৭ চনত ইলি চিনেমা হল প্ৰতিষ্ঠা হৈছিল। ১৯৬৬ চনত পুনৰ নিৰ্মাণ কৰি মুকলি কৰা হৈছিল জনসাধাৰণৰ বাবে। ২০১৩ চনত ডিজিটেলাইজড কৰা চিনেমা হলটোক শেহতীয়াকৈ আধুনিক মাল্টিপ্লেক্স ৰূপে গঢ়ি তোলা হৈছে।

Dolby Atmos ছাউণ্ড ছিষ্টেমেৰে সমৃদ্ধ মাল্টিপ্লেক্সটোত দুখন স্ক্ৰীনত দৰ্শকে চিনেমা উপভোগ কৰিব পাৰিব।

দীপজ্যোতি দুৱৰীৰ ৬ বছৰীয়া যাত্ৰাৰ কষ্ট, ত্যাগ আৰু ধৈৰ্যৰ স্বৰূপ LUK_LAO

৬০০ বছৰ ৰাজত্ব কৰা আহোম সম্প্ৰদায়ৰ ৰাজকীয় পানীয় হিচাপে ৰহীৰ যথেষ্ট সমাদৰ আছে। এক কথাত ই হৈছে অসমৰ সংস্কৃতিৰ পৰম্পৰাগত অংশ ।

এই গৌৰৱক আপোনালোকৰ বাবে বিজ্ঞানসন্মত তথা যথেষ্ট পৰিষ্কাৰ পৰিবেশত প্ৰস্তুত কৰি পৌৰাণিক পদ্ধতিৰ কিছু সালসলনি ঘটাই ইতিমধ্যেই বাণিজ্যিক ভাবে মুকলি কৰা হৈছে । এই ধাৰণাক সফল ৰূপ দিয়া ব্যক্তিজন হৈছে দীপজ্যোতি দুৱৰী। তেওঁৰ ৬ বছৰীয়া এই যাত্ৰাৰ যথেষ্ট কষ্ট, ত্যাগ আৰু ধৈৰ্যৰ স্বৰূপ হিচাপে ডিমৌৰ লগুৱাবাৰীত গঢ়লৈ উঠিছে Divine_Grace_Enterprise আৰু ইয়াৰ পৰাই LUK_LAO নাম দি প্ৰস্তুত কৰি তুলিছে এই তাহানিৰ গৌৰৱময় পানীয় বিধ। ইতিমধ্যে LUK_LAO য়ে যথেষ্ট সমাদৰ লাভ কৰিছে ।

অসম সাহিত্য সভাৰ সভাপতি,উপ-সভাপতি,প্ৰধান সম্পাদকৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল।

কোন হ’ব সভাপতি? পাটগিৰি,হাজৰিকা,পাদুন নে ঠংচি?

অসম সাহিত্য সভাৰ বহু চৰ্চিত নিৰ্বাচন আসন্ন। বিগত বহুদিন ধৰি সভাপতি পদৰ প্ৰাৰ্থীক লৈ ৰাজ্যত ব্যাপক জল্পনা-কল্পনা অব্যাহত হৈ আছে। তাৰ মাজতে আজি প্ৰাৰ্থীসকলে নিজৰ মনোনয়ন দাখিল কৰে।

সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰে জগদীশ পাটগিৰি, নাহেন্দ্ৰ পাদুন,সূৰ্য হাজৰিকা আৰু য়েচে দৰজে ঠংচিয়ে।

উপ-সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰে গোবিন তালুকদাৰ,বসন্ত কুমাৰ শৰ্মাই।

প্ৰধান সম্পাদক পদৰ বাবে মনোনয়ন দাখিল কৰে অনুপ বৰঠাকুৰ,উপেন্দ্ৰজিৎ শৰ্মা,চাহিৰ ভূঞাই।

উল্লেখ্য যে সভাপতি পদৰ বাবে অসমীয়া সাহিত্যৰ শ্ৰদ্ধেয় ব্যক্তি য়েচে দৰজে ঠংচিৰ নাম উচ্চাৰণ হোৱাৰ পাছৰে পৰা ৰাজ্যত বিভিন্ন আলোচনা চলা দেখা গৈছিল। আনফালে সূৰ্য হাজৰিকাই ধনবল ব্যৱহাৰ কৰি শাখা মেনেজ কৰিবলৈ যতন কৰা বুলিও অসমৰ্থিত সূত্ৰত প্ৰকাশ পাইছিল। তদুপৰি নাহেন্দ্ৰ পাদুনৰ ক্ষেত্ৰত বহুতেই সাংগঠনিক দক্ষতাৰ প্ৰশ্ন উত্থাপন কৰা সময়ত সৰহ সংখ্যক শাখা আৰু ভোট প্ৰদানৰ ক্ষমতা থকাসকলৰ মাজত জগদীশ পাটগিৰিৰ নামটো প্ৰথম পছন্দৰ বুলি এক বিশেষ সূত্ৰযোগে জানিব পৰা গৈছে। পূৰ্বৰ প্ৰধান সম্পাদক তথা কটন কলেজৰ প্ৰাক্তন অধ্যাপক পাটগিৰিৰ সমৰ্থনত বহুতেই মত প্ৰকাশ কৰা কথা জানিব পৰা গৈছে। আনকি মনোনয়ন-পত্ৰ দাখিলৰ সময়তো পাটগিৰিৰ সৈতে আটাইতকৈ অধিক সমৰ্থক উপস্থিত থকা দেখা যায়।

মুৰকত সভাপতি কোন হ’ব,সেয়া জানিব পৰা যাব পৰৱৰ্তী সময়ত। কিন্তু বিভিন্ন অভিযোগৰ মাজত থকা অসম সাহিত্য সভাৰ এইবাৰৰ নিৰ্বাচনে ব্যাপক চৰ্চা লাভ কৰিছে।

শিৱসাগৰৰ বিধায়ক অখিল গগৈ অসুস্থ হোৱাৰ বাবে নতুন দিল্লীৰ হাস্পতালত ভৰ্তি কৰোৱা হয়…

নতুন দিল্লীত হঠাৎ অসুস্থ বিধায়ক অখিল গগৈ। ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়কজনক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় হাস্পতালত।

সম্প্ৰতি অখিল গগৈৰ স্বাস্থ্য সুস্থিৰ বুলি জনাইছে চিকিৎসকে।

কমলা টেঙাৰ উপকাৰিতাৰ বিষয়ে জানো আহক…

শীত কালৰ অন্য এক চিনাকি বজাৰ ভৰি পৰা কমলা বা সুমথিৰা। সুগন্ধ, সুস্বাদু, সুস্বাস্থ্যৰ আকৰ কমলা টেঙাই শিশুৰ পৰা বৃদ্ধলৈ সকলোকে আকৰ্ষণ কৰে। নৱেম্বৰ মাহৰ পৰা মাৰ্চ মাহলৈ নানা আকাৰৰ কমলা অসমৰ বজাৰত ভৰি পৰে। কমলাত যথেষ্ট পৰিমাণে বিভিন্ন খাদ্যপ্ৰাণ থকাৰ উপৰি ৰোগ প্ৰতিৰোধ আৰু সৌন্দৰ্য ৰক্ষা কৰিব পৰা গুণ থাকে।

সেয়ে শীতকালৰ সময়ত প্ৰচুৰ পৰিমাণে কমলা খাই স্বাস্থ্য আৰু সৌন্দৰ্য ৰক্ষা কৰিব পাৰি। বৈজ্ঞানিক বিশ্লেষণ অনুসৰি প্ৰতি ১০০ গ্ৰাম কমলা ৰসত ০.৭ গ্ৰাম প্ৰ’টিন, ২৬ মিলিগ্ৰাম কেলচিয়াম , ১,১০৪ মাইক্ৰ’গ্ৰাম ভিটামিন এ আৰু ৩০ মিলিগ্ৰাম ভিটামিন চিৰ উপৰি থাকে যথেষ্ট পৰিমাণে কেলৰি, পেকটিন, গ্লাইকোছাইড, পেনটোছেনছ, চাইট্ৰিক এচিড, ফাইবাৰ , মিনাৰেল আদি। কমলা টেঙা মানুহৰ ছালৰ বাবে মহৌষধ। কমলাত থকা কেইবাটাও উপাদানে ছালৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাৰ উপৰি ছাল মিহি আৰু উজ্জ্বল কৰি তোলে।

কমলা যিকোনো ধৰণে খালে ছালৰ কামত আহে। তেজত কলেষ্টেৰল অতিৰিক্তভাৱে বৃদ্ধি পালে শৰীৰটো নানা ৰোগ আৰু ৰোগৰ উপসৰ্গৰ ভাণ্ডাৰ হৈ পৰে। শৰীৰৰ কলেষ্টেৰল হ্ৰাস কৰাৰ উপায় হ’ল কমলা খোৱা। কমলাৰ ৰসে তেজত কলেষ্টেৰলৰ পৰিমাণ হ্ৰাস কৰি শৰীৰটো বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে। তেনেদৰে শৰীৰৰ বিভিন্ন ৰোগৰ কাৰক হ’ল কোষ্ঠকাঠিন্য। পেটৰ এচিডিটিকে ধৰি বিভিন্ন ৰোগ, অৰ্শ, মুখৰ ব্ৰণ আদিৰ কাৰক হ’ল কোষ্ঠকাঠিন্য । কমলা খালে কোষ্ঠকাঠিন্য দুৰ হয় আৰু সংশ্লিষ্ট ৰোগবোৰৰ পৰা হাত সাৰিব পাৰি। পাকস্থলীৰ হজম ক্ষমতা বৃদ্ধিকে ধৰি পেটৰ বিভিন্ন ৰোগ নিয়ন্ত্ৰণ আৰু হজম ক্ষমতা বৃদ্ধিৰ বাবে কমলা টেঙাই মহৌষধৰ কাম কৰে। নিতৌ পুৱা কমলাৰ ৰস খালে যথেষ্ট উপকাৰ পোৱা যায়।

সাধাৰণ পানী লগা অসুখত প্ৰতিদিনে দুটাকৈ কমলা তিনি দিনমান খালে উপশম পোৱা যায়। শেহতীয়া গৱেষণাৰ তথ্য অনুসাৰে কমলাৰ ৰসে ৰক্ত সঞ্চালন প্ৰক্ৰিয়া স্বাভাৱিক হৈ থকাত সহায় কৰে আৰু ষ্ট্ৰোক আদিকে ধৰি বিভিন্ন স্নায়ৱিক ৰোগ প্ৰতিৰোধ কৰিব পাৰে। নিয়মিত কমলা খোৱাৰ অভ্যাস কৰিলে এনে ৰোগৰ আশংকা বহু পৰিমাণে কম হয়। ভাৰতীয় সমাজত আজিও এনিমিয়া বা ৰক্তাল্পতা এক ডাঙৰ সমস্যা হৈ আছে। কমলাৰ ৰস নিয়মিত খালে এনিমিয়াৰ পৰা হাত সাৰিব পাৰি। বিশেষকৈ গৰ্ভৱতী মহিলাক যথেষ্ট পৰিমাণে কমলা খাব দিব লাগে।

কমলাৰ ৰসে মুখ-জিভাৰ ঘাৰ উপৰি শৰীৰৰ বিভিন্ন অংশত হোৱা ঘা নিৰাময় কৰিব পাৰে। বৰ্তমান প্ৰায় ৫০ শতাংশ প্ৰাপ্তবয়স্ক লোকে ৰক্তচাপজনিত বিকাৰত ভোগা দেখা যায়। কমলাৰ ৰস নিয়মিত সেৱন কৰি ৰক্তচাপ নিয়ন্ত্ৰণ ৰাখিব পাৰি বুলি ইতিমধ্যে প্ৰমাণিত হৈছে। হৃদৰোগতো কমলা যথেষ্ট উপকাৰী বুলি স্বাস্থ্য সম্পৰ্কীয় গৱেষণাত প্ৰমাণিত হৈছে। পেশী দুৰ্বলতা প্ৰতিৰোধৰ ক্ষেত্ৰতো কমলা অতি উপকাৰী। শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে আৱশ্যকীয় বিভিন্ন উপাদান কমলাত পোৱা যায়। অৰ্থাৎ শিশুৰ বাবে কমলা হ’ব পাৰে অন্যতম খাদ্য। শিশুক সেয়ে নিয়মিত কমলাৰ ৰস খুৱাব লাগে।

লেখক: উৎপল কুমাৰ কলিতা