Home Blog Page 192

Road Condition in Dhekiajuli: দলগাঁও-ঢেকিয়াজুলী সংযোগী অসম মালা পথৰ জৰাজীৰ্ণ অৱস্থা, জনসাধাৰণৰ তীব্ৰ ক্ষোভ

Road Condition in Dhekiajuli: দলগাঁও-ঢেকিয়াজুলী সংযোগী অসম মালা পথৰ জৰাজীৰ্ণ অৱস্থা
Road Condition in Dhekiajuli: দলগাঁও-ঢেকিয়াজুলী সংযোগী অসম মালা পথৰ জৰাজীৰ্ণ অৱস্থা

এসময়ত বৃহত্তৰ দলগাঁও, কৌপাটি, শিলবৰী, (Road Condition in Dhekiajuli) ফটাশিমুলো,বৰছলা, ভাঙামন্দিৰ আদি অঞ্চলৰ লোকসকলৰ মাজত আশা আৰু সপোনৰ সঁজুলি হৈ অহা অসম মালা পথটো এতিয়া হতাশাৰ প্ৰতীক হৈ পৰিছে। এই পথটোৰ নিৰ্মাণৰ উদ্দেশ্য আছিল অঞ্চলটোৰ উন্নয়ন আৰু যোগাযোগ সুদৃঢ় কৰি ব্যৱসায়-বাণিজ্যক গতি দিয়া। কিন্তু বৰ্তমান পথখনৰ অৱস্থা ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টিৰ লগতে অজস্ৰ প্ৰশ্নৰ জন্ম দিছে।

বহুদিন আগতে দলগাওঁ-ঢেকিয়াজুলি সংযোগী অসম মালা পথ খনৰ অসম চৰকাৰৰ নিয়ম-নীতি আৰু নিবিদা অনুসৰি কেইজনো ঠিকাদাৰে এই পথখনৰ কাম ভাগ-ভাগ কৰি আৰম্ভ কৰিছিল। কিছুমানে নিজৰ দায়িত্ববোধৰ পৰিচয় দি নিজে পোৱা পথৰ কাম খিনি সম্পূৰ্ণ কৰি ৰাইজৰ মনোবল বৰ্ধাইছিল। কিন্তু দুয়ো-এজন ঠিকাদাৰৰ অসতর্কতা আৰু নিৰ্মাণৰ নিম্নমানৰ বাবে বৃহৎ অংশ বৰ্ষাৰ পানীত জহি খহি গৈছে। বহু প্ৰতিবাদ, অভিযোগ আৰু সংবাদ প্ৰকাশৰ পিছতো ঠিকাদাৰৰ নিৰ্লিপ্ততা আৰু বিভাগীয় কতৃপক্ষৰ নীৰৱতা ৰাইজক হতাশ কৰি তুলিছে।

বিশেষকৈ কছাৰী ভেটিটুপ গাঁও অংশত পথখনৰ অৱস্থা এতিয়া শোচনীয়। পথখনৰ অৱস্থা যেন কোনো পাহাৰীয়া দুৰ্গম পথ। ক’তো ডাঙৰ গাঁত, ক’তো ভাঙা বাট। প্ৰতি দিনে শতাধিক যানবাহনে এই পথেদি চলাচল কৰি থাকে। চালকসকলে জীৱনৰ ঝুঁকি লৈ গাড়ী পাৰ কৰিবলৈ বাধ্য হৈছে উক্ত পথছোৱা। ফলস্বৰূপে দুয়ো-এদিন অন্তৰ সংঘটিত হৈছে সৰু-সুৰা দুৰ্ঘটনা।

এই পথখনৰ কামৰ আৰাম্ভনিৰ পৰা প্ৰায় ২০০ মিটাৰ অঞ্চল এতিয়া সম্পূর্ণ জৰাজীৰ্ণ। ৰাইজৰ মনত এতিয়া কেৱল এটায় প্ৰশ্ন— “কেতিয়া হ’ব এই পথটোৰ সঠিক মেৰামতি? কেতিয়া হ’ব সেই অসম চৰকাৰৰ অভিলাসী আঁচনি অসম মালা পথ সম্পূৰ্ণ আৰু কেতিয়ালৈকে ৰাইজে এই দূৰ্ভোগ ভুগিব লগা হ’ব?”

স্থানীয় সংগঠনসমূহ—শিলবৰী আঞ্চলিক AMSU, MUSA, NEMSU আদি আৰু ৰাইজে ঠিকাদাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক তীব্ৰ ভাষাত আহ্বান জনাইছে এই পথখনৰ অতি সোনকালে মেৰামতিৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ।

Lemon and Lentils: আপুনিও দাইলত নেমু চেপি খাই নেকি, নেমু চেপা দাইল স্বাস্থ্যৰ বাবে উপকাৰী নে অপকাৰী ?

Lemon and Lentils: আপুনিও দাইলত নেমু চেপি খাই নেকি
Lemon and Lentils: আপুনিও দাইলত নেমু চেপি খাই নেকি

আমি গৰমৰ দিনত দাইলৰ সৈতে প্ৰায়ে নেমু চেপি খাঁও। (Lemon and Lentils) কিয়নো দাইলৰ সৈতে নেমু চেপি খালে যথেষ্ট সোৱাদ লাগে। কিন্তু মচুৰ দাইলত নেমু মিহলাই খালে স্বাস্থ্যৰ বাবে উপকাৰী হয় নেকি?

হয়, মচুৰ দাইলত নেমু চেপিলে সোৱাদ বৃদ্ধি হোৱাই নহয়, স্বাস্থ্যৰ বাবেও বহু উপকাৰী হয়। নেমুত ভিটামিন-চি, এন্টিঅক্সিডেন্ট আৰু চাইট্ৰিক এচিড আদি পুষ্টিকৰ উপাদান থাকে, যিবোৰ শৰীৰৰ বাবে অতি উপকাৰী। দাইলৰ সৈতে নেমু খালে কি কি উপকাৰ হয় জানো আহক-

মচুৰ দাইলত প্ৰচুৰ পৰিমাণে আইৰণ থাকে যদিও শৰীৰে ইয়াক সহজে শোষণ কৰিবলৈ সক্ষম নহয়। নেমুৰ ভিটামিন-চি-এয়ে আইৰণ শৰীৰত সঠিকভাৱে শোষণ কৰাত সহায় কৰে। ইয়াৰ ফলত ৰক্তহীনতা প্ৰতিৰোধ হয়।

নেমুত থকা চাইট্ৰিক এচিডে পাচন প্ৰক্ৰিয়া উন্নত কৰে। মচুৰ দাইলত নেমু মিহলাই খালে গেছ, বদহজম আৰু পেট ফুলাৰ দৰে সমস্যা কমোৱাত সহায় কৰে।

ঘিউ বা তেল ব্যৱহাৰ কৰা মচুৰ দাইলত নেমু চেপিলে সোৱাদ বৃদ্ধি হোৱাই নহয়, কেলৰিও ভাৰসাম্য ৰক্ষা কৰে।

নেমুত থকা ভিটামিন চি য়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। নেমুৰ ৰস মচুৰ দাইলৰ লগত মিহলাই দৈনিক খালে ভাইৰাছৰ সংক্ৰমণ আৰু চৰ্দি আৰু কাহৰ পৰা শৰীৰ সুৰক্ষিত হয়।

নেমু শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰলৈ উলিয়াই দিয়াত সহায় কৰে। মচুৰ দাইলৰ দৰে আঁহযুক্ত খাদ্যৰ সৈতে নেমু মিহলাই খালে বিষাক্ত পদাৰ্থ সমূহ দূৰ হয়।

৫০ জনৰ অধিক নেতা–কৰ্মী অসমৰ বিজেপিত যোগদান । BJP

৫০ জনৰ অধিক নেতা–কৰ্মী অসমৰ বিজেপিত যোগদান । BJP

গুৱাহাটী, ১৭ জুলাই ২০২৫ BJP । ৰাজ্যিক বিজেপি মুখ্য কাৰ্যালয় ৫০ জন নেতা–কৰ্মী আনুষ্ঠানিকভাবে ভাৰতীয় জনতা পাৰ্টি–ত যোগদান কৰে ।

বিজেপিলৈ দৃষ্টি ৰাজখোৱা, যোগদানৰ উদ্দেশ্য নিৰ্বাচনী টিকট হ’ব নালাগে, স্পষ্ট বাৰ্তা দিলীপ শইকীয়াৰ
বৃহস্পতিবাৰে গুৱাহাটীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত এক অনুষ্ঠান অনুষ্ঠিত হয়। দলটোৰ সূত্ৰৰ মতে, বৃহস্পতিবাৰে দিনটোত ৰাজনৈতিক দল আৰু সামাজিক সংগঠনৰ ৫০ জনৰো অধিক নেতাই আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। এইলৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই।


দৃষ্টি ৰাজখোৱাকে ধৰি ৰাজ্যৰ বহু কেইগৰাকী পৰিচিত ব্যক্তিয়ে আজি বিজেপিত যোগদান কৰে। ৰাজনৈতিক বিশ্লেষকৰ মতে ২০২৬ নিৰ্বাচনৰ পূৰ্বে এই যোগদান বিজেপিৰ বাবে ইতিবাচক বুলি গণ্য কৰা হৈছে। এই উপলক্ষে বৃহস্পতিবাৰে গুৱাহাটীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত এক অনুষ্ঠান অনুষ্ঠিত হয়। দলটোৰ সূত্ৰৰ মতে, বৃহস্পতিবাৰে দিনটোত ৰাজনৈতিক দল আৰু সামাজিক সংগঠনৰ ৫০ জনৰো অধিক নেতাই আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।


অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজু, কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাকে ধৰি বিজেপিৰ কেইবাগৰাকী জ্যেষ্ঠ নেতা। বিজেপিত যোগদান কৰা উল্লেখযোগ্য নেতাসকলৰ ভিতৰত আছিল-দৃষ্টি ৰাজখোৱা, আলফা (আই)ৰ প্ৰাক্তন নেতা, আম আদমী পাৰ্টিৰ অসমৰ প্ৰাক্তন সভাপতি মনোজ ধানোৱাৰ, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি অৰ্জুন ছেত্ৰী, অমল পাটোৱাৰী, মানস শৰণীয়া,ত্ৰিদীপ তালুকদাৰ(ৰাজকুমাৰ)অভিনেতা, নিৰ্মল পায়েং (ৰাইজৰ দলৰ যুৱ বাহিনীৰ ৰাজ্যিক সভাপতি), প্ৰশান্ত শইকীয়া (কংগ্ৰেছৰ নগাঁও জিলাৰ সভাপতি), অসীম চমুৱা (অধিবক্তা) আদি।
এই সভাত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কয় যে,এনেধৰণৰ আৰু অধিক নেতাক আদৰণি জনোৱাৰ বাবে বিজেপি সাজু হৈ আছে। শইকীয়াই লগতে কয়, “যোগদান কৰিবলৈ বহুতে অপেক্ষা কৰি আছে যদিও পৰিকল্পনাৰ ভিত্তিত আজি এই যোগদানৰ সিদ্ধান্ত লোৱা হয়।” তেওঁ জোৰ দি কয় যে, বিজেপিত যোগদান কৰাটো কেৱল টিকটৰ লাভ কৰাৰ দিশৰ পৰা চাব নালাগে। “কিছুমানে দলৰ টিকট বিচাৰিব পাৰে, যিটো স্বাভাৱিক। কিন্তু উপযুক্ত সময়ত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব। সকলোৱে টিকট নাপাব—কিন্তু সকলোৱে দীৰ্ঘম্যাদীভাৱে বিজেপিৰ সৈতে থিয় দিয়াৰ প্ৰতিশ্ৰুতি ল’ব লাগিব।” এইদৰে কয় দিলীপ শইকীয়াই।

তেওঁ অখিল গগৈক উদ্দেশ্যিক কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে। দিলীপ শইকীয়াই কয় যে, “মানুহে অখিল গগৈৰ কাষত বেছি দিন নাথাকে। কমল মেধিৰ পৰা নিৰ্মল পায়েংলৈকে—সকলোৱে অখিল গগৈৰ শিবিৰ এৰি গৈছে।”

“আৰক্ষীৰ শূণ্যলৈ গুলি চালনা ” । “এজনৰ মৃত্যু কেইবাজনো আহত ।” Goalpara

"আৰক্ষীৰ শূণ্যলৈ গুলি চালনা " । "এজনৰ মৃত্যু কেইবাজনো আহত ।" Goalpara
"আৰক্ষীৰ শূণ্যলৈ গুলি চালনা " । "এজনৰ মৃত্যু কেইবাজনো আহত ।" Goalpara

Goalpara । গোৱালপাৰা জিলাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ বিদ্যাপাৰাত উচ্ছেদ অভিযানৰ পিছত কিছু সংখ্যক লোকে আজিও উক্ত অঞ্চল এৰি নোযোৱাৰ ফলত আজি বনবিভাগৰ লগতে আৰক্ষী লোক সকলে উক্ত অঞ্চলৰ চলাচলৰ বাট পথ সমূহ বন্ধ কৰি দিয়াৰ অৰ্থে জে চি বি আনি খান্দিবলৈ ধৰাত এক উত্তেজনা মূলক পৰিবেশৰ সৃষ্টি হয় । অঞ্চলটোত থকা একাংশ পুৰুষ মহিলাৰ মাজত আৰক্ষী আৰু বনবিভাগৰ মাজত যুক্তি তৰ্ক আৰম্ভ হোৱাৰ পিছত পৰিস্থিতি বেয়াৰ পিনে ঢাল খায় । স্থানীয় লোক সকলে হাতে হাতে লাঠি জং লৈ আৰক্ষীৰ লোকক আক্ৰমণ কৰিবলৈ ধাৰাৰ পিছত আৰক্ষীয়ে উচ্ছেদিত লোকৰ ওপৰত গুলিছালনা কৰিবলৈ ধৰে ।

গুলিছালনাৰ পিছত থিতাতে মনোৱাৰ আলীৰ পুত্ৰ চকোৱাৰ আলী (১৯) মৃত্যু হয় । আনহাতে আমিৰ হামজা ২১ আৰু কুসুমুদ্দিন আলীক অতি সংকত জনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰা বুলি জানিবলৈ পোৱা গৈছে । অৱশ্যে এইমুহূৰ্তলৈ সকলোৰে নাম সমূহ পাবলৈ সক্ষম হোৱা নাই । এইক্ষেত্ৰত কেইবাজনো আৰক্ষীৰ লোক আহত হোৱাৰ বাতৰি পোৱা গৈছে । আনপিনে আমছুৰ কেন্দ্ৰীয় কমিটিৰ সহ সাধাৰণ সম্পাদক আনিমুল হক চৌধুৰীয়ে এইকাৰ্যৰ তীব্ৰ নিন্দা কৰাৰ লগতে জিলা বন সংমণ্ডল প্ৰাধিকৰী বিষয়া তেজশ স্বামীৰ ভুলৰ বাবে এইকাৰ্য সংঘটিত হোৱা বুলি দাবী কৰাৰ লগতে এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি বন সংমণ্ডল বিষয়াৰ নিলম্বনৰ দাবী কৰে । বাতৰিটো লিখি দিয়ক

Summer Drama Workshop: অসম আদৰ্শ বিদ্যালয়ত গ্ৰীষ্মকালীন নাটকৰ কৰ্মশালা

Summer Drama Workshop: অসম আদৰ্শ বিদ্যালয়ত গ্ৰীষ্মকালীন নাটকৰ কৰ্মশালা
Summer Drama Workshop: অসম আদৰ্শ বিদ্যালয়ত গ্ৰীষ্মকালীন নাটকৰ কৰ্মশালা

আজিৰে পৰা অসম আদৰ্শ (Summer Drama Workshop) বিদ্যালয় বৰপামত পোন্ধৰদিনীয়া গ্ৰীষ্মকালীন নাটকৰ কৰ্মশালাৰ শুভাৰম্ভ কৰে অসম আদৰ্শ বিদ্যালয় বৰপামৰ সঞ্চালক নৃপেন বৰদলৈয়ে। বিশিষ্ট নাট্যকাৰ মৃণাল গোস্বামীৰ পৰিচালনাত ১৫ দিনীয়া নাটকৰ কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। অসম আদৰ্শ বিদ্যালয় বৰপামৰ অধ্যক্ষা বৰ্ণালী কুৰ্মীয়ে জনোৱামতে দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়,জ্ঞানভাৰতী পাব্লিক স্কুল, ভাস্কৰ জ্যোতি আদৰ্শ বিদ্যাপীঠ, চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয় আৰু অসম আদৰ্শ বিদ্যালয় বৰপামৰ অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে কৰ্মশালাত অংশগ্ৰহণ কৰিছে।

দ্বিতীয় শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পৰা কৰ্মশালাৰ শুভাৰম্ভ অনুষ্ঠানত চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ৰিপুঞ্জয় বৰদলৈ,মণিদ্বীপা দাস শইকীয়া, ফিৰোজ খান, পূৰ্ণিমা বৰমূদৈ, আইমণী ভূঞাকে ধৰি কেইটাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Tortoise Ring: কাছৰ আঙঠিয়ে এজন দৰিদ্ৰ ব্যক্তিকো ধনী কৰি তুলিব পাৰে! এইদৰে পিন্ধক আঙঠি

Tortoise Ring: কাছৰ আঙঠিয়ে এজন দৰিদ্ৰ ব্যক্তিকো ধনী কৰি তুলিব পাৰে! এইদৰে পিন্ধক আঙঠি
Tortoise Ring: কাছৰ আঙঠিয়ে এজন দৰিদ্ৰ ব্যক্তিকো ধনী কৰি তুলিব পাৰে! এইদৰে পিন্ধক আঙঠি

গ্ৰহ-নক্ষত্ৰৰ অশুভ প্ৰভাৱৰ (Tortoise Ring) পৰা হাত সাৰিবলৈ মানুহে নিজ নিজ ৰত্ন পিন্ধে। কিন্তু, ইয়াৰ বাহিৰেও কিছুমান বিশেষ ধৰণৰ আঙঠি আছে, যিবোৰ নিয়মিতভাৱে পিন্ধিলে আৰ্থিক অৱস্থা উন্নত হয়। প্ৰায়ে মানুহে জ্যোতিষীৰ পৰামৰ্শ মতে বিভিন্ন ধৰণৰ আঙঠি পিন্ধে। আনহাতে কোনোবাই সাপ বা কাছৰ আকৃতিৰ আঙঠি পিন্ধে। কিন্তু আপুনি জানেনে যে এই আঙঠিবোৰ কেৱল অলংকাৰ নহয়, ইয়াত জ্যোতিষী তাৎপৰ্য্যও লুকাই আছে। জানক, এই আঙঠিবোৰ পিন্ধিলে কি লাভ হ’ব পাৰে –

কাছৰ আকৃতিৰ আঙঠিটো বাস্তু আৰু জ্যোতিষ দুয়োটাতে শুভ বুলি গণ্য কৰা হয়। এই আঙঠিটো পিন্ধিলে মানুহৰ ভাগ্য সলনি হ’ব পাৰে। বিশ্বাস কৰা হয় যে এই আঙঠিটোৱে আৰ্থিক বাধা আঁতৰাই ব্যৱসায়ত লাভ লাভ কৰাত সহায় কৰে। এই আঙঠিটো সোঁহাতৰ মাজৰ আঙুলিত পিন্ধিব লাগে আৰু কাছৰ মুখখন ভিতৰলৈ হ’ব লাগে। এই আঙঠিটোৱে ধন-সম্পত্তি আকৰ্ষণ কৰাত সহায় কৰে আৰু ব্যক্তিজনে দেৱী লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰে।

যদি আপুনি শনি দোষৰ লগত জড়িত সমস্যাৰ সন্মুখীন হৈছে, তেন্তে এই আঙঠি পিন্ধিলে লাভজনক হ’ব। এই আঙঠিটোৱে নেতিবাচক প্ৰভাৱ হ্ৰাস কৰি ব্যক্তিজনৰ জীৱনলৈ স্থিৰতা আনি আত্মবিশ্বাস শক্তিশালী কৰে।

আঠটা ধাতু অৰ্থাৎ অষ্টধাতুৰে নিৰ্মিত আঙঠি এটাই নটা গ্ৰহৰ ভাৰসাম্য ৰক্ষাৰ কাম কৰে। এই আঙঠি পিন্ধিলে কামত সফলতা পোৱাই নহয়, মানসিক অৱস্থাও ভাল কৰি ৰাখে।

Sawan 2025: শাওন মাহত কিয় ব্ৰত ৰাখিব লাগে? জানিলে হ’ব আচৰিত !

Sawan 2025: শাওন মাহত কিয় ব্ৰত ৰাখিব লাগে?
Sawan 2025: শাওন মাহত কিয় ব্ৰত ৰাখিব লাগে?

শাওন মাহ, এই মাহটো হিন্দু ধৰ্মত অতি পৱিত্ৰ মাহ বুলি গণ্য কৰা হয়। (Sawan 2025) এই মাহক ভগৱান শিৱৰ মাহ বুলি ধৰা হয় আৰু শিৱভক্তসকলে এই সময়ছোৱাত তেখেতক সন্তুষ্ট কৰিবৰ বাবে পূজা অৰ্চনা কৰা লগতে উপবাস ৰাখে। শাওন মাহ‌  মহাদেৱৰ প্ৰিয় মাহ, এই শাওন মাহৰ বাবে বহু অপেক্ষাৰে ৰৈ থাকে ভক্ত সকল।

এই মাহটোত প্রকৃতিৰ ৰূপ সেউজীয়া হয়, নদ-নদী পূৰ্ণ হয় আৰু বায়ুমণ্ডল পৰিশুদ্ধ হয়। এই সকলো পৰিৱেশ ভগৱান শিৱৰ পৰিশুদ্ধতা আৰু বৈৰাগ্যৰ দৃষ্টান্ত হিচাপে গণ্য কৰা হয়। বিশেষকৈ সোমবাৰৰ দিনবোৰত শিৱভক্তসকলে উপবাস ৰাখে, শিৱৰ পূজা-অৰ্চনা কৰে আৰু জলাভিষেকৰ বাবে গঙ্গাজল, দুগ্ধ, মধু, বেলপাত, চন্দন আদি নিবেদন কৰে।

শাওন মাহত ব্ৰত বিশেষকৈ মহিলাসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ। বিবাহিত মহিলাই স্বামীৰ দীঘল আৰু স্বাস্থ্যৱান জীৱনৰ বাবে এই ব্ৰত পালন কৰে। অবিবাহিত ছোৱালীয়ে ভাল জীৱনসঙ্গীৰ বাবে এই ব্ৰত পালন কৰে। উপবাস, শুদ্ধতা, মন্ত্রজপ, আৰু শিৱৰ কাহিনী পাঠ কৰি তেওঁলোক এই মাহটো ধৰ্মীয় আৰু আধ্যাত্মিকভাৱে অতিবাহিত কৰে।

এই মাহৰ গভীৰ তাৎপর্য হল-শিৱ মানেই ধ্বংস নহয়, শিৱ মানেই নতুন সৃষ্টি। শিৱ মানেই শুদ্ধতা, ধৈৰ্য আৰু জীৱনৰ অন্তহীন শক্তি। শাওন মাহত ব্রত পালন কৰি মানুহে নিজৰ ভিতৰৰ অপবিত্রতা, অহংকাৰ, ভয় আৰু সন্দেহ আঁতৰাই পেলায়। এই মাহৰ মাজেৰে মানুহ নিজকে শুদ্ধ কৰে, নতুন ভাৱে জীৱনলৈ আগবাঢ়ে আৰু ঈশ্বৰৰ সৈতে এক গভীৰ আত্মিক সংযোগ স্থাপন কৰে।

এই সময়ছোৱাত বহু ঠাইত শিৱ মন্দিৰত বিশেষ পূজা-যজ্ঞ, শিৱচৰিত পাঠ, শিৱৰ নাম কীৰ্তন কৰা হয় কাশী, হৃষীকেশ, গয়া, ওমকাৰেশ্বৰ, অমৰনাথ আদি ঠাইত লক্ষাধিক ভক্তৰ সমাগম হয় এই মাহটোত।

শাওন মাহ মানেই যেন আত্মসংযম, বিশ্বাস, শুদ্ধ চিন্তা আৰু ভক্তিৰে জীৱন গঢ়ি তোলা। এই মাহটোৱে মানুহক শিৱৰ দৰে ধৈৰ্যশীল, সংযমী আৰু ত্যাগী হ’বলৈ অনুপ্ৰেৰণা দিয়ে। শাওন মাহত ব্ৰত পালন কৰাটো কেৱল ধৰ্মীয় আচাৰ নহয়, ই এক আত্মিক অভিযান, যাৰ জৰিয়তে জীৱনত শান্তি, ভক্তি আৰু শক্তি লাভ কৰা যায়।

Dr surajit giri: অসম গৌৰৱ চিকিৎসক সুৰজিত গিৰিক কাৰ্যবাহী দণ্ডাধীশৰ অভব্য আচৰণ

Dr surajit giri: অসম গৌৰৱ চিকিৎসক সুৰজিত গিৰিক কাৰ্যবাহী দণ্ডাধীশৰ অভব্য আচৰণ
Dr surajit giri: অসম গৌৰৱ চিকিৎসক সুৰজিত গিৰিক কাৰ্যবাহী দণ্ডাধীশৰ অভব্য আচৰণ

শিৱসাগৰ জিলাৰ অন্তৰ্গত ডিমৌ সম জিলা ডিমৌৰ আদৰ্শ চিকিৎসালয়ত মানৱ দৰদী সংজ্ঞাহাৰক বিশেষজ্ঞ চিকিৎসক সুৰজিত গিৰিক মহিলা দণ্ডাধীশৰ অভব্য(Dr surajit giri) ব্যৱহাৰৰ গুৰুতৰ অভিযোগ৷ উল্লেখ্য যে শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ এগৰাকী সহকাৰী মহিলা আয়ুক্ত তথা কাৰ্যবাহী দণ্ডাধীশে এক ৰাজহুৱা অভিযোগ লাভ কৰাৰ নামত যোৱা ১১ জুলাইত ডিমৌ আদৰ্শ চিকিৎসালয়খনত উপস্থিত হৈছিল৷ ইয়াৰ পিছত দণ্ডাধীশগৰাকীয়ে চিকিৎসালয়খনত উপস্থিত হৈ অস্ত্ৰোপ্ৰচাৰৰ কক্ষত সংজ্ঞাহাৰক বিশেষজ্ঞৰ দায়িত্ব সম্পাদনা কৰি থকাৰ অৱস্থাত দণ্ডাধীশ গৰাকীয়ে চিকিৎসক সুৰজিত গিৰিক তেওঁৰ সন্মুখলৈ মাতি পঠায়৷ ডাঃ গিৰি আহি পোৱাত নিশা কৰ্তব্য সম্পাদন কৰাৰ নামত একাধিক প্ৰশ্ন উত্থাপন কৰি সতীৰ্থ চিকিৎসকৰ সন্মুখতেই চিকিৎসক গিৰিক অভব্য ব্যৱহাৰ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ ইতিমধ্যে চিকিৎস গিৰিয়ে সামাজিক মাধ্যম ফেচবুকত মহিলা কাৰ্যবাহী দণ্ডাধীশগৰাকীয়ে তেওঁক সামাজিক ভাৱে কৰা অপমানৰ সন্দৰ্ভত এক প’ষ্ট দিয়াৰ পিছতেই শিৱসাগৰ জিলাখনৰ লগতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ আনকি চিকিৎসকগৰাকীয়ে সামাজিকভাৱে এগৰাকী প্ৰশাসনিক বিষয়াৰ পৰা পোৱা এই অপমানৰ বাবে নিজৰ আত্ম সন্মাৰ ৰক্ষাৰ স্বাৰ্থত চাকৰিৰ পৰা অব্যাহতি বিচাৰি যোৱা ১১ জুলাইৰ দিনাই শিৱসাগৰ জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়লৈ পত্ৰ প্ৰেৰণ কৰিছে৷ ইতিমধ্যে ডাঃ গিৰিৰ অব্যাহতি পত্ৰক লৈ ৰাজ্যজুৰি তোলপাৰ লাগিছে৷ ইফালে দণ্ডাধীশগৰাকীয়ে চিকিৎসক গিৰিক কৰা এনে অপমানৰ খবৰ বিয়পি পৰাত আজি ডিমৌ সম জিলাৰ বিভিন্ন দল-সংগঠন, ৰাইজৰ লগতে শিৱসাগৰৰ সদৰতো দল-সংগঠন, সামাজিক কৰ্মীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ অসম গৌৰৱ সুৰিজিত গিৰিক কৰা অপমান সহ্য কৰা নহ’ব, ডাঃ সুৰিজিত গিৰি জিন্দাবাদ, দণ্ডাধীশৰ অভব্য আচৰণ বন্ধ কৰক ইত্যাদি শ্লোগান দি প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে৷

সদৌ তাই আহোম ছাত্ৰ সন্থাৰ নেতা পাৰ্থ গগৈ, অসমীয়া যুৱ মঞ্চৰ নেতা বিষ্ণুজ্যোতি শইকীয়া, উজনি অসম থলুৱা মুছলিম পৰিষদৰ নেতা ফৰিদ ইছলাম হাজৰিকা, যুৱ সমাজকৰ্মী সৌৰভ ভাগৱতী, জ্যেষ্ঠ সাংবাদিক ফিৰোজ খান আদিয়ে বক্তব্য প্ৰদান কৰি দণ্ডাধীশগৰাকীয়ে চিকিৎসক সুৰজিত গিৰিক কৰা অভব্য ব্যৱহাৰকলৈ দুখ প্ৰকাশ কৰে৷ সংবাদ মাধ্যমৰ আগত উল্লেখিত দল-সংগঠনৰ নেতৃত্বই উল্লেখ কৰে যে চিকিৎসালয় পৰিদৰ্শনত যোৱা দণ্ডাধীশ গৰাকীয়ে কৰ্তব্যৰত এগৰাকী চিকিৎসকক এনেদৰে সতীৰ্থ চিকিৎসকৰ সন্মুখত অভব্য আচৰণ কৰাটো দণ্ডাধীশ গৰাকীৰ পদমৰ্যদাৰ বাবে শোভা নাপায়৷ ডাঃ গিৰি আজিৰ সময়ত এগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চিকিৎসক হয়৷ শিৱসাগৰৰ গৌৰৱ এই গৰাকী চিকিৎসকে বিগত ১৭টা বছৰে ডিমৌ আদৰ্শ চিকিৎসালয়খনত দায়িত্ব, কৰ্তব্য নিষ্ঠা সহকাৰে পালন কৰি আহিছে৷ নিজৰ দায়িত্বত গাফিলতি কৰাৰ অভিযোগ আজিলৈকে ডাঃ গিৰিৰ বিৰুদ্ধে উত্থাপন হোৱা নাই৷ আনহাতে তেওঁ সৰ্প দংশনৰ ক্ষেত্ৰত মানুহৰ মনৰ পৰা অন্ধ বিশ্বাস আঁতৰাবলৈ অহৰহভাৱে মানুহৰ মাজত সজাগতা সৃষ্টি কৰি আহিছে৷ চিকিৎসা বিজ্ঞানৰ দ্বাৰা যে সৰ্প দংশন হোৱা লোক সুস্থ হৈ উঠে ইয়াক তেওঁ হাতে কামে কৰি দেখাইছে৷ বিগত সময়ত তেওঁ প্ৰায় তিনি হেজাৰ লোকক সৰ্প দংশনৰ পিছত সুস্থ কৰি তুলিবলৈ সক্ষম হৈছে৷ ইতিমধ্যে সৰ্প দংশনৰ সন্দৰ্ভত তেওঁ নিৰবিচ্ছিন্নভাৱে মানুহৰ মাজত সজাগতা সৃষ্টি কৰি অহাত আজিৰ সময়ত অন্তত: অসমত বহু পৰিমানৰ সৰ্প দংশনৰ ক্ষেত্ৰত হোৱা মৃত্যুক ৰোধ কৰিবলৈ সক্ষম হৈছে৷ এনে এগৰাকী মানৱ দৰদী চিকিৎসৰ বিষয়ে সবিশেষ নজনাকৈ মহিলা দণ্ডাধীশগৰাকীয়ে তেওঁক থিয় কৰি ৰাখি কৰ্তব্য সম্পাদন কৰাৰ একাধিক প্ৰশ্ন অৱতাৰণা কৰি চিকিৎসকগৰাকীক যি দৰে সামাজিক ভাৱে অপমানিত কৰিলে ই সঁচাকৈ এক দুৰ্ভাগ্যজনক বিষয় বুলি অভিহিত কৰিছে৷ আনহাতে ডাঃ গিৰিয়ে চাকৰিৰ পৰা অব্যাহতি লোৱাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াক প্ৰত্যাহাৰ কৰিবলৈ সকলোৱে চিকিৎসকগৰাকীক আহ৩ান জনাইছে৷ স্মৰ্তব্য যে কোনে ডাঃ গিৰিৰ বিৰুদ্ধে সংশ্লিষ্ট দণ্ডাধীশগৰাকীক অভিযোগ দাখিল কৰিছিল এইয়া এতিয়াও ৰাজহুৱা হোৱা নাই৷ এক সূত্ৰৰ পৰা জানিব পৰা মতে জনৈক শৰ্মা উপাধিৰ এগৰাকী চিকিৎসকে নিজৰ স্বাৰ্থ সিদ্ধি কৰিবলৈ এনেদৰে ডাঃ গিৰিৰ বিৰুদ্ধে অভিযোগ আনিছে বুলি শিৱসাগৰত ৰাজহুৱা অভিযোগ উঠিছে৷ এই অভিযোগ প্ৰতি অভিযোগৰ সন্দৰ্ভত মহিলা দণ্ডাধীশগৰাকীৰ পৰা জানিবলৈ তেওঁৰ সৈতে যোগাযোগ কৰা হৈছিল যদিও যোগাযোগ স্থাপন কৰিব পৰা নগ’ল৷


ডিমৌ আদৰ্শ চিকিৎসালৰ সৰ্পদংশনৰ বিশেষজ্ঞ চিকিৎসক সুৰজিত গিৰিক ৰাজহুৱাকৈ অপমান এচিএছ বিষয়াৰ, চাকৰিৰ পৰা অব্যাহতি বিচাৰি আবেদন গিৰিৰ। এচিএছ বিষয়া পৰিস্মিতা দিহিঙ্গীয়াৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ। উক্ত বিষয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ দাবী সৰ্বত্ৰে।

শিৱসাগৰ জিলাৰ এগৰাকী সহ আয়ুক্ত তথা দণ্ডাধীশ পৰিস্মিতা দিহিঙীয়া নামৰ এগৰাকী বিষয়া হঠাৎ ডিমৌ আদৰ্শ চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসক, নাৰ্ছ তথা কৰ্মচাৰীসকলক তেওঁৰ সন্মুখত অতি শীঘ্ৰে হাজিৰ হ’বলৈ কয়৷ সেই সময়ত চিকিৎসালয়খনৰ অস্ত্ৰোপচাৰ কক্ষত ব্যস্ত আছিল সৰ্পদংশনৰ বিশেষজ্ঞ তথা সজ্ঞাসাৰক ডাঃ সুৰজিৎ গিৰি৷ তেখেতকো অস্ত্ৰোপচাৰ কক্ষৰ পৰা মাতি অনা হ’ল৷ তাৰ পিছত আৰম্ভ হ’ল দণ্ডাধীশ পৰিস্মিতাৰ জেৰা৷ ‘আপুনি কিয় নৈশ কৰ্তব্য পালন নকৰে বুলি কটু মন্তব্য কৰাত উপস্থিত থকা আন চিকিৎসক আৰু কৰ্মচাৰী সকলৰ আগত যথেষ্ট লজ্জিত হয়৷ ডাঃ গিৰিয়ে গত ১৮ টা বছৰ ধৰি ডিমৌ আদৰ্শ চিকিৎসালয়ত নিষ্ঠা আৰু সততাৰে কৰ্তব্য সম্পাদন কৰি অহাৰ পিছত হঠাৎ কৰ্তব্যক লৈ প্ৰশ্ন কৰা বিষয়টো সহজভাৱে ল’ব নোৱাৰিলে৷ চিকিৎসালয় পৰিচালনাৰ বাবে এজন অধীক্ষক থকা স্বত্বেও কিয় দণ্ডাধীশে চিকিৎসকৰ কৰ্তব্যত হস্তক্ষেপ কৰিবলগীয়া হ’ল তাক লৈ সূৰ্বত্ৰে চৰ্চা লাভ কৰিছে৷ ইতিমধ্যে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত ডাক্তৰ সুৰজিত গিৰিয়ে নিশাৰ ভাগত সামাজিক মাধ্যম যোগে বিৱৰী অৱগত কৰাত সমগ্ৰ অসমতে তোলপাৰ লাগিছে আৰু চিকিৎসক হিচাপে অপমান বোধ কৰি শিৱসাগৰ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকলৈ চাকৰিৰ পৰা অব্যাহতি বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে৷ ইয়াৰ পিছতে আজি পুৱাৰে পৰা শিৱসাগৰ, ডিমৌ আদিত বিভিন্ন জাতীয় দল-সংগঠনে পৃথকে পৃথকে প্ৰতিবাদ সাব্যস্ত কৰি কৰ্মৰত চিকিৎসকক ৰাজহুৱাকৈ অপমান কৰা দিহিঙ্গীয়া উপাধিৰ দণ্ডাধীশগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী তুলি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰে৷ পুৱা ডিমৌ আদৰ্শ চিকিৎসালয়ত তাই আহো ছাত্ৰ সন্থা, অসমীয়া যুৱ মঞ্চ, আদিবাসী ছাত্ৰ সন্থাইয়ো যি গৰাকী দণ্ডাধীকে কৰ্মৰত চিকিৎসকক ৰাজহুৱাকৈ অপমান কৰিছে সেই গৰাকী দণ্ডাধীকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে ডিমৌত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী হাতত লোৱা হ’ব বুলিও হুংকাৰ দিয়ে৷ ইফালে ডিমৌৰ সমাজ জীৱনৰ সৈতে জড়িত ব্যক্তি বিশেক আৰু ডিমৌ আঞ্চলিক ছাত্ৰ সন্থাৰ এটা সঁজাতি দলেও সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷লজ্জিত চিকিৎসকগৰাকীয়ে চাকৰিৰ পৰা অব্যাহতি বিচাৰি পত্ৰ প্ৰেৰণ।



Paikan Ashudubi evicted area: পাইকান আাশুডুবি উচ্ছেদিত অঞ্চলত আৰক্ষীৰ গুলীচালনা!

Paikan Ashudubi evicted area: পাইকান আাশুডুবি উচ্ছেদিত অঞ্চলত আৰক্ষীৰ গুলীচালনা!
Paikan Ashudubi evicted area: পাইকান আাশুডুবি উচ্ছেদিত অঞ্চলত আৰক্ষীৰ গুলীচালনা!

পাইকান আাশুডুবি উচ্ছেদিত অঞ্চলত আৰক্ষীৰ গুলীচালনা।(Paikan Ashudubi evicted area)

আৰক্ষীৰ গুলীত মৃত্যু ১৯ বছৰীয়া ছাকুৱাৰ হুছেইন।

আহত কছুমুদ্দিন আলী আহত আমিৰ হামজাৰ, দুয়ো চিকিৎসাধীন।

কৃষ্ণাই উচ্ছেদিত এলেকাত প্ৰশাসনে জেচিবি লগাই ৰাস্তা ভাঙি দিয়াত ৰাইজে বাধা কৰাৰ বাবে ৰাইজৰ ওপৰত গুলি নিক্ষেপ কৰাৰ অভিযোগ।

উচ্ছেদিতই প্ৰশাসনৰ কামত বাধা দিছিল আৰু আৰক্ষী-বন বিভাগলৈ শিলগুটি নিক্ষেপ কৰিছিল।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলী চলাই আৰক্ষীয়ে।

আৰক্ষীৰ গুলীত দুজন আহত হয় আৰু এজন মৃত্যু হয়।

Guwahati Crime News :হেঙেৰাবাৰীত ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা, ছুৰিকাঘাতত মৃত্যু এজনৰ

Guwahati Crime News :হেঙেৰাবাৰীত ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা
Guwahati Crime News :হেঙেৰাবাৰীত ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা

গুৱাহাটী মহানগৰীৰ মাজমজিয়াত (Guwahati Crime New) ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা। হেঙেৰাবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ কাষতে দুৰ্বৃত্তই ছুৰিৰে হানি খুচি হত্যা কৰে অনিল ডেকা নামৰ এজন লোকক।

আঘাতপ্ৰাপ্ত লোকজনক সংকটজনক অৱস্থাত দিছপুৰ হাস্পতাললৈ নিয়া হৈছিল যদিও তাতেই মৃত্যু হয় তেওঁ। এই ঘটনা সংঘটিত হয় বুধবাৰে ৰাতি। সত্য নাৰায়ণ পূজাৰ বজাৰ কৰিবলৈ আহোঁতেই প্ৰাণ ল’লে অনিল ডেকাৰ। হেঙেৰাবাৰী মাইহাং ৰেষ্টুৰেণ্টৰ সমুখতে লোকজনক উপৰ্যুপৰি ছুৰিকাঘাত কৰে।

এই হত্যাকাণ্ড ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে তিনিজন। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তিনিজনৰ ভিতৰত দেৱ ডেকা নামৰ লোকজন এই ঘটনাৰ মূল অভিযুক্ত। দেৱ ডেকা মৃত অনিল ডেকাৰ ভতিজাক।

পাৰিবাৰিক কন্দলৰ ফলতেই অনিল ডেকাৰ প্ৰাণহানি কৰাৰ সন্দেহ কৰা হৈছে।