Home Blog Page 1928

পেছাত চোৰ,পোছাক আৰক্ষীৰ! পান দোকানৰ পৰা চুৰি কৰিলে এটা বাল্ব, Viral হৈ পৰিল Video

ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত ফুলপুৰ কোতৱালীত নিযুক্ত আৰক্ষী বিষয়া ৰাজেশ বৰ্মাক নিলম্বন।

প্ৰয়াগৰাজৰ ফুলপুৰ অঞ্চলৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ (Viral Video) পৰিছে। এই ভিডিঅ’টোত এজন আৰক্ষী পৰিদৰ্শকক মাজনিশা এখন পান দোকানৰ পৰা বাল্ব চুৰি কৰি থকা দেখা গৈছে। চুৰিকাণ্ডটো ৬ অক্টোবৰত সংঘটিত হৈছিল আৰু চিচিটিভিত বন্দী হৈছিল। মানুহে এই ভিডিঅ’টোত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আহক আমি আপোনাক জনাও ঘটনাটোৰ বিষয়ে আৰু আচৰিত ভিডিঅ’টো দেখুৱাও।

ছচিয়েল মিডিয়াত ভাইৰেল হৈ থকা ভিডিঅ’

ভিডিঅ’টো ভাইৰেল (Social Media Viral Video) হোৱাৰ পিছত ফুলপুৰ কোতৱালীত নিয়োজিত ইঞ্চপেক্টৰ ৰাজেশ বৰ্মাক এছএছপিয়ে নিলম্বন (Police Officer Suspend) কৰিছে। ভিডিঅ’টোত, পৰিদৰ্শকজনক এখন বন্ধ পান দোকানৰ ওচৰলৈ খোজকাঢ়ি যোৱা দেখা গৈছে আৰু চাৰিওফালে মূৰ ঘূৰাই চোৱা দেখা গৈছে। তাৰ পিছত তেওঁ দ্ৰুততাৰে দোকানৰ বাহিৰত থকা এলইডি বাল্বটো উলিয়াই আৰু পকেটত সোমাই গুচি যায়

দশেৰা মেলাৰ নিশা বিষয়াজন নিশাৰ কৰ্তব্যত আছিল। পিছদিনা পুৱা যেতিয়া দোকানীয়ে বাল্বটো দেখা নাপালে, তেতিয়া তেওঁ চিচিটিভি ফুটেজ পৰীক্ষা কৰিলে আৰু গম পালে যে চোৰটো এজন আৰক্ষী বিষয়া আছিল।

বিষয়াজনৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিয়া হৈছে

অভিযুক্তজনক শেহতীয়াকৈ পদোন্নতি দিয়া হৈছিল আৰু যোৱা আঠ মাহ ধৰি ফুলপুৰ আৰক্ষী থানাত নিযুক্তি দিয়া হৈছিল। নিলম্বিত কনিষ্টবলজনে অৱশ্যে যুক্তি দিছিল যে তেওঁ কেৱল বাল্বটো আঁতৰাই তেওঁ থকা ঠাইত লগাই দিছিল, কিয়নো তাত আন্ধাৰ আছিল। অভিযুক্ত পৰিদৰ্শকৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ নিৰ্দেশ দিয়া হৈছে।

পকা চুলি উভালি পেলালে আৰু বেছি পকে; সঁচানে?…জানক

বহু মানুহৰে চুলি পকা বয়সৰ পূৰ্বেই চুলি–দাঢ়ি পকে। কিছুমানৰ আকৌ কম বয়সতে বিভিন্ন কাৰণত পকে চুলি আৰু দাঢ়ি

বহু মানুহৰে চুলি পকা বয়সৰ পূৰ্বেই চুলি–দাঢ়ি পকে। কিছুমানৰ আকৌ কম বয়সতে বিভিন্ন কাৰণত পকে চুলি আৰু দাঢ়ি । পকা চুলি উভালি পেলালে আৰু বেছি পকে। এই কথা আমি সকলোৱে শুনিছো, কিন্তু এয়া কিমান সঁচা?

চিকিৎসকসকলে এই কথাটো কেতিয়াও কোৱা নাই। তেওঁলোকে কোৱা অনুসৰি এয়া একেবাৰে ভুল ধাৰণা। কিন্তু এই কথা জনাৰ পিছত আকৌ যিমান ইচ্ছা পকা চুলি (White Hair) উভালি পেলেওৱাটো ভাল কথা নহয় বুলি বিশেষজ্ঞসকলে মন্তব্য কৰে। পকা চুলি উভালি নেপেলাবলৈ কোৱাৰ আছে যথেষ্ট যুক্তিসংগত কাৰণ। আহক জানো কি?

বিশেষজ্ঞসকলে জানিবলৈ দিয়া অনুসৰি পকা চুলি বেছিকে উভালিলে চুলি বৃদ্ধিৰ পেটাৰ্ণ সলনি হয়। ফলত নতুনকৈ গজা চুলি আগতকৈ ৰুক্ষ হ’ব পাৰে। বহুক্ষেত্ৰত নতুন চুলি নগজিবও পাৰে। সেইবাবে পকা চুলি উভালিবলৈ বাধা দিয়া হয়। চুলিৰ বৃদ্ধিৰ পেটাৰ্ণ বা ধৰণ সলনি হয়। ফলত নতুনকৈ গজা চুলি আগতকৈ ৰুক্ষ হ’ব পাৰে। বহু সময়ত চুলি নগজিবও পাৰে। সেইবাবে পকা চুলি উভালিবলৈ বাধা দিয়া হয়।বগা চুলি শিপাৰ পৰা চিঙিব নালাগে, কিয়নো বাৰে বাৰে এনে কৰিলে চুলিৰ ফলিকলত আঘাত হ’ব পাৰে। ফলিকলৰ পৰা চুলি বাঢ়ে। বাৰে বাৰে বগা চুলি চিঙি পেলোৱাৰ ফলত, চুলি বোৰ ফলিকলৰ পৰা বাঢ়ি যোৱা বন্ধ হয়। সেয়েহে, শিপাৰ পৰা বগা চুলি কেতিয়াও চিঙিব নালাগে।

ৰাছিয়াৰ মহিলাই বিলাসীপাৰাত সলসলীয়াকৈ গালে শ্ৰীমদ্ভাগৱত গীতা…

নামনি অসমৰ ধুবুৰী জিলাৰ অন্তৰ্গত বিলাসীপাৰা চহৰৰ হনুমান মন্দিৰৰ সমীপত অৱস্থিত বজৰং বিবাহ ভৱন প্ৰাংগণত কাৰ্তিক দামোদৰ মাহৰ শুভলগ্নত ’ইস্কন’ ৰ দ্বাৰা শ্ৰীমদ্ভাগৱত পাঠ আৰু সংকীৰ্তন অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

ইস্কনৰ কৰ্মী সুদামা সমিত্ৰ দাসে এই কথা প্ৰকাশ কৰিছে। অনুষ্ঠানত আমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থাকে ৰাছিয়াৰ পৰা অহা সুমুখি দাসী। ৰাছিয়াৰ মহিলাগৰাকীয়ে ইংৰাজী ভাষাত গীতা আওঁৰাই সকলোকে মোহিত কৰে।   

কলকাতাৰ পৰা অহা ৰঘুকুল নাথ দাস তথা শ্ৰীধাম মায়াপুৰৰ পৰা অহা শ্ৰীপাদ ত্ৰিভংগ মুৰাৰী দাসেও অনুষ্ঠানত শ্ৰীমদ্ভাগৱত গীতা পাঠ কৰে।

আমন্ত্ৰিত অতিথি বৃন্দক ফুলৰ মালা মাল্য আৰু ফুলাম গামোছাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বিলাসীপাৰা চহৰত হৰি নামৰ এক সুন্দৰ নগৰ কীৰ্তন উলিয়াই চহৰ পৰিভ্ৰমণ কৰা হয়।

গৌৰ আৰতি আৰু আকৰ্ষণীয় বন্তি প্ৰজ্বলন তথা দ্বীপ দান পৰ্ব আছিল অনুষ্ঠানৰ আন এক আকৰ্ষণ ।

এটা দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ কাহিনী;উন্নত চিকিৎসাৰ অভাবত এতিয়া দুই দেবশিশু বিছনাত শয্যাশায়ী

ধুবুৰী জিলাৰ চাপৰ চক্ৰৰ অন্তৰ্গত বহলপুৰ চান্দিৰপাৰা গাঁওৰ এটা পৰিয়াললৈ নামি আহিছে ঘোৰ অমানিশা।ফয়জ উদ্দিন সেখৰ দুই কন্যা সন্তান এতিয়া বিছনাত শয্যাশায়ী।তাকে লৈ এতিয়া চিন্তিত হৈ পৰিছে পিতৃ মাতৃৰ লগতে পৰিয়ালৰ লোক।
উল্লেখ্য যে ফয়জ উদ্দিন সেখৰ কন্যা সন্তান দুটি প্ৰথম অবস্থাত সুস্থ হৈ আছিল যদিও লাহে লাহে দুই সন্তানে চলাচল কৰিব নোৱাৰা অবস্থা হৈ পৰিছে।দুই সন্তানক লৈ পিতৃ মাতৃয়ে ঘৰৰ সকলো সা সম্পত্তি বিক্ৰী কৰি বহু ঠাইত চিকিৎসা কৰিছে যদিও কোনো সুফল নাপালে।এতিয়া উন্নত চিকিৎসাৰ বাবে তেওলোকৰ হাতত নাই ধন ফলত সন্তান দুটিক চিকিৎসা কৰিবলৈ অক্ষম হৈ পৰিছে।


অবশেষত পিতৃ মাতৃয়ে সংবাদমাধ্যমৰ কাষ চাপি চৰকাৰ তথা স্থানীয় বিধায়কৰ লগতে বিভিন্ন দল সংগঠন আৰু ৰাইজৰ ওচৰত সহায় ভিক্ষা মাগিলে।
যদি কোনো সদাশয় ব্যক্তিয়ে এই পৰিয়ালটোক সহায় কৰিব বিছাৰে তেন্তে তলত দিয়া বেংক একাউন্ট নম্বৰত দিব পাৰে।

A/C- 7144026019517
NAME-MONIJA BIBI
IFSC-UTBIORRBAGB
BRANCH-CHAPAR
MOB NO-8099624537

ORSৰ জনক ডাঃ দিলীপ মহলানবিচৰ কলকাতাত মৃত্যু

১৯৭১ চনৰ বাংলাদেশৰ স্বাধীনতা যুদ্ধৰ সময়ত হাজাৰ হাজাৰ গৃহহীন লোকক ভাৰতীয় সীমান্তৰ বিভিন্ন শৰণাৰ্থী শিবিৰলৈ স্থানান্তৰ কৰা হৈছিল। সেই সময়ত শৰণাৰ্থীসকলৰ বহুতেই কলেৰাত ভুগি আছিল। বিশেষকৈ ডায়েৰিয়া আৰু কলেৰাৰ বাবে ইটোৰ পিছত সিটোকৈ শিশুৰ মৃত্যু হৈছিল। এই সকলো শৰণাৰ্থীক ORS দিয়াৰ পিছত অবিশ্বাস্য ফলাফল পোৱা গৈছিল, যাক দ্য লেন্সেটে “২০ শতিকাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ চিকিৎসা উদ্ভাৱন” বুলি অভিহিত কৰিছিল।

সমগ্ৰ বিশ্বৰ বাবে ORS এটা অতি প্ৰয়োজনীয় মিশ্ৰণ। ডায়েৰিয়া বা অন্যান্য যিকোনো পেটৰ অসুখত শৰীৰত পানীৰ মাত্ৰা সঠিক ৰাখিবলৈ ORS ৰ গুৰুত্ব অপৰিসীম। সেয়েহে সমগ্ৰ বিশ্বৰ বাবে এই তৰল পদাৰ্থটো অতি জনপ্ৰিয়। কিন্তু এই বিখ্যাত তৰল পদাৰ্থটিৰ উদ্ভাৱকৰ বিষয়ে অধিকাংশই অপৰিচিত। এই বিশেষ মিশ্ৰণটোৰ জনক হ’ল বিখ্যাত চিকিৎসক ডাঃ দিলীপ মহলানবিচ। এইগৰাকী চিকিৎসক ডাঃ দিলীপ মহালানাবিচে দেওবাৰে (১৬ অক্টোবৰ) কলকাতাৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে।

প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়া (পিটিআই)ৰ বাতৰি অনুসৰি ৮৭ বছৰীয়া ডাঃ মহলানাবিচ হাওঁফাওঁৰ সংক্ৰমণ আৰু বাৰ্দ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, কলেৰা আৰু ডায়েৰিয়া দৰে ৰোগসমূহ বহু উন্নয়নশীল ৰাষ্ট্ৰত নৱজাত আৰু শিশুৰ মৃত্যুৰ প্ৰধান কাৰণসমূহৰ ভিতৰত অন্যতম, য’ত ৰোগীৰ শৰীৰত পানীৰ সঠিক মাত্ৰাৰ অভাৱত মৃত্যু হয়। ইয়াক প্ৰতিৰোধৰ বাবে পানী, গ্লুক’জ আৰু নিমখৰ সংমিশ্ৰণ অ’ আৰ এছ হৈছে এক সহজ আৰু খৰচবিহীন পদ্ধতি।

১৯৭১ চনৰ বাংলাদেশৰ স্বাধীনতা যুদ্ধৰ সময়ত হাজাৰ হাজাৰ গৃহহীন লোকক ভাৰতীয় সীমান্তৰ বিভিন্ন শৰণাৰ্থী শিবিৰলৈ স্থানান্তৰ কৰা হৈছিল। সেই সময়ত শৰণাৰ্থীসকলৰ বহুতেই কলেৰাত ভুগি আছিল। বিশেষকৈ ডায়েৰিয়া আৰু কলেৰাৰ বাবে ইটোৰ পিছত সিটোকৈ শিশুৰ মৃত্যু হৈছিল। এই সকলো শৰণাৰ্থীক ORS দিয়াৰ পিছত অবিশ্বাস্য ফলাফল পোৱা গৈছিল, যাক দ্য লেন্সেটে “২০ শতিকাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ চিকিৎসা উদ্ভাৱন” বুলি অভিহিত কৰিছিল। ডাঃ মহলানবিচে আফগানিস্তান, ইজিপ্ত আৰু য়েমেনত বিশ্ব স্বাস্থ্য সংস্থাৰ হৈ কলেৰা নিয়ন্ত্ৰণৰ বাবে কাম কৰিছিল। ১৯৮০ চনৰ সময়ছোৱাত তেওঁ বেক্টেৰিয়াজনিত ৰোগৰ ব্যৱস্থাপনাৰ গৱেষণাৰ ওপৰত বিশ্ব স্বাস্থ্য সংস্থাৰ পৰামৰ্শদাতা হিচাপে কাম কৰিছিল।

২০০২ চনত ডাঃ নাথানিয়েল এফ পিয়ৰ্চৰ সৈতে ডাঃ দিলীপ মহালানাবিছক কলম্বিয়া বিশ্ববিদ্যালয়ে (শিশু চিকিৎসাত নোবেলৰ সমতুল্য বুলি গণ্য কৰা) সন্মানীয় ‘পলিন বঁটা’ প্ৰদান কৰে।

“তেওঁৰ মৃত্যুত এটা যুগৰ অৱসান হ’ল। শিশুৰ ডায়েৰিয়া ৰোগৰ চিকিৎসাৰ বাবে অ’ আৰ’ এছক এতিয়াও মূল চিকিৎসাৰ ভেটি হিচাপে গণ্য কৰা হয়। অ’ আৰ টি ব্যৱহাৰৰ আগতে একমাত্ৰ চিকিৎসা আছিল শিৰাত বেজী দিয়া, যিটো খৰচ-বহনক্ষম বা সহজ নাছিল। ডাঃ মহালানাবিছৰ অবিৰত প্ৰচেষ্টাৰ বাবে অ’ আৰ টিক ঘৰুৱা নাম কৰি তোলা হৈছিল।’-বুলি মন্তব্য কৰে পুনেৰ ডাঃ ডি ৱাই পাটিল মেডিকেল কলেজৰ শিশু চিকিৎসা বিজ্ঞানৰ অধ্যাপক ডাঃ সম্পাদা তাম্বলকাৰে।

মনীষ চিছোদিয়াই ৯ ঘণ্টাৰ পিছত চিবিআইৰ মুখ্য কাৰ্যালয়ৰ পৰা ওলাই কয় -”মোক সোধা হৈছিল যে কিয় AAPত আছো”

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰোঁতে, চিছোদিয়াই গোচৰটোক সমগ্ৰ আবকাৰী নীতিৰ প্ৰৱঞ্চনা আৰু ‘অপাৰেচন লোটাছ’ৰ অংশ বুলি অভিহিত কৰে। একে সময়তে, তেওঁ অভিযোগ কৰে যে চিবিআই বিষয়াসকলে তেওঁক সুধিছিল যে তেওঁ আম আদমী পাৰ্টিত কিয় আছে।

সুৰা নীতিৰ দুৰ্নীতিৰ অভিযোগৰ সন্দৰ্ভত মাতি অনা দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই সোমবাৰে নিশা প্ৰায় ৮ বজাত চিবিআইৰ মুখ্য কাৰ্যালয়ৰ পৰা ন ঘণ্টাৰ জেৰাৰ পিছত ৰাওনা হয়। সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰোঁতে, চিছোদিয়াই গোচৰটোক সমগ্ৰ আবকাৰী নীতিৰ প্ৰৱঞ্চনা আৰু ‘অপাৰেচন লোটাছ’ৰ অংশ বুলি অভিহিত কৰে। একে সময়তে, তেওঁ অভিযোগ কৰে যে চিবিআই বিষয়াসকলে তেওঁক সুধিছিল যে তেওঁ আম আদমী পাৰ্টিত কিয় আছে।

মনীষ চিছোদিয়াই কৈছিল, “এই সকলোবোৰ অপাৰেচন লোটাছৰ অংশ… এইটো আমাৰ ওপৰত চাপ সৃষ্টি কৰিবলৈ কৰা হৈছে। মোক সোধা হৈছিল যে মই AAPৰ ভিতৰত কিয় আছিলো… মোক প্ৰস্তাৱ দিয়া হৈছে যে মোক মুখ্যমন্ত্ৰী কৰা হ’ব।”

অৱশ্যে চিবিআইৰ সূত্ৰই চিছোদিয়াৰ অভিযোগ অস্বীকাৰ কৰিছে। চিবিআইয়ে এক বিবৃতিত কয়, “তেওঁক (চিছোদিয়া)ক কেৱল এজাহাৰত উল্লেখ কৰা অভিযোগ আৰু এতিয়ালৈকে সংগ্ৰহ কৰা প্ৰমাণৰ ওপৰতহে সোধা-পোছা কৰা হৈছে।” তেওঁৰ বিবৃতি পৰীক্ষা কৰা হ’ব আৰু অনুসন্ধানৰ প্ৰয়োজনীয়তা অনুসৰি পৰৱৰ্তী পদক্ষেপ লোৱা হ’ব।”

চিছোদিয়া পুৱা ১১.১৩ বজাত চিবিআইৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈছিল, য’ত পুৱা ১১.৩০ বজাত তেওঁৰ সোধা-পোছা আৰম্ভ হৈছিল। এই সময়ছোৱাত তেওঁক দুপৰীয়াৰ আহাৰৰ বাবে আধা ঘণ্টাৰ বিৰতি দিয়া হৈছিল। চিছোদিয়া প্ৰথমে ৰাজঘাটত উপস্থিত হৈছিল আৰু মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনাইছিল, তেওঁৰ সমৰ্থনত, আপ কৰ্মীসকলে দিল্লীৰ ৰাজপথলৈ ওলাই আহিছিল আৰু চিবিআই কাৰ্যালয়ত প্ৰতিবাদ কৰিছিল।

চিবিআইৰ সূত্ৰ অনুসৰি, চিছোদিয়াক প্ৰথমে তেওঁৰ ঘৰত দিয়া বিবৃতিৰ এটা প্ৰতিলিপি দেখুওৱা হৈছিল। ইয়াৰ পিছতে একেটা গোচৰৰ আন এজন অভিযুক্ত বিজয় নায়াৰ আৰু শেহতীয়াকৈ গ্ৰেপ্তাৰ হোৱা হায়দৰাবাদস্থিত ব্যৱসায়ী অভিষেক বইনপালিৰ বিষয়ে মনীষ চিছোদিয়াক সোধা-পোছা কৰা হয়। খবৰ পোৱা গৈছে যে অভিযুক্ত বিজয় নায়াৰ আৰু অভিষেক সদায় দিল্লীৰ নতুন আবকাৰী নীতি প্ৰস্তুত কৰাৰ বাবে বৈঠকত জড়িত আছিল, মনীষ চিছোদিয়া এই বিষয়ে অৱগত আছিল, সেয়েহে তেওঁলোকৰ সম্পৰ্কক প্ৰশ্ন কৰা হৈছিল।

কাতি বিহুৰ দিনা পথাৰৰ পৰা ঘৰলৈ এই কেইবিধ বস্তু আনিলে বছৰটোলৈ ধনৰ দিশে শুভ মনা হয়…

আহাৰ, শাওন, ভাদ, আহিন আৰু কাতি মাহত, ভগৱান পৰমেশ্বৰ শয়ন অৱস্থাত থাকে। আৰু এই কাতি মাহৰ প্ৰৱিত্ৰ দিনতে তেওঁ সাৰ পায় বুলি মনা যায়। আৰু সকলো দেৱ দেৱীয়ে  মানৱৰ পৰা নৈবেদ্য গ্ৰহণ কৰিবলৈ স্বৰ্গৰপৰা মৈত্ৰলৈ নামি আহে আৰু নৈবেদ্য গ্ৰহণ কৰি ভক্তক আৰ্শীবাদ প্ৰদান কৰে। 

সেয়ে এই বিশেষ দিনটিত অৰ্থাৎ কাতি বিহুৰ পৰাই ধৰ্মীয় চিন্তা চৰ্চা, ধৰ্মীয় শাস্ত্ৰ পাঠ, আৰু ঈশ্বৰৰ চিন্তাত ভক্তসকল মগ্ন হয়। এই কাতি বিহুৰ দিনা সন্ধ্যা তুলসীৰ তলত চাকি জ্বলাই ভোগ নিবেদন কৰা হয়। 

আৰু ভগৱানক সন্তষ্ট কৰাৰ বাবে বহুতে বহু কিছু উপায় অৱলম্বন কৰে আৰু এই প্ৰৱিত্ৰ দিনত তুলসীৰ তলত প্ৰদীপ জ্বলাই মা লক্ষ্মী লগতে ভগৱান বিষ্ণুৰ কৃপা লাভ হয়। ফলতে ঘৰলৈ সুখ শান্তি আৰু সমৃদ্ধিৰ আগমন ঘটে। এই প্ৰৱিত্ৰ কাতি বিহুৰ দিনা ধান পথাৰৰ প্ৰদীপ জ্বলাই মা লক্ষ্মীকে ঘৰলৈ আৱাহন কৰা হয়।

গতিকে এই প্ৰৱিত্ৰ কাতি বিহুৰ সন্ধ্যা আপুনি যদি পথাৰৰ পৰা এই বিশেষ বস্তু ঘৰলৈ আনি ঘৰৰ বিশেষ স্হানত ৰাখি থৈ, তেন্তে ইয়াৰ দ্বাৰা আপুনি ঘৰখনত বছৰটোলৈ ধন ধানৰ অভাৱ নহয়। সুখ শান্তি সদায়ে ঘৰখনত বিৰাজ কৰিব।

 

এই কাতি বিহু সন্ধ্যা আপুনি যেতিয়া পথাৰত চাকি জ্বলাবলৈ যাব, সেই সময়ত আপুনি বন্তি জ্বলাই মা লক্ষ্মীক আপুনি প্ৰণাম কৰিব আৰু তেওঁক ঘৰলৈ আৱাহন  জনাব। আৰু পথাৰৰ পৰা এটি ধানৰ থোক ঘৰলৈ আনি আপোনাৰ ভৰাঁল ঘৰ নাইবা ঘৰৰ মূল দোৱাৰৰ ওপৰত ওলমাই ৰাখিব। 

এই বিশেষ উপায় দ্বাৰা ঘৰৰপৰা অপায় অমংগল দূৰ হব আৰু মা লক্ষ্মীৰ কৃপাত ঘৰখনত কেতিয়াও সুখ শান্তি আৰু সমৃদ্ধিৰ অভাৱ নঘটে। গোটেই বছৰটোলৈ সুখ শান্তি আৰু সমৃদ্ধি আপোনাৰ লগত থাকিব।

কেদাৰনাথৰ পৰা ২ কিলোমিটাৰ নিলগৰ গৰুড়ীচট্টীত দুৰ্ঘটনাত পতিত হয় হেলিকপ্টাৰ, ৬জন লোক আছিল হেলিকপ্টাৰখনত

কেদাৰঘাটীৰ দিশে গৈ থকাৰ সময়তে গৰুড়চট্টীত দুৰ্ঘটনাত পতিত হয় হেলিকপ্টাৰখন।

উত্তৰাখণ্ডত হেলিকপ্টাৰ দুৰ্ঘটনা। কেদাৰনাথৰ পৰা ২ কিলোমিটাৰ নিলগৰ গৰুড়ীচট্টীত সংঘটিত হয় এই দুৰ্ঘটনাটো। দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে প্ৰশাসনৰ দল উদ্ধাৰকাৰ্যৰ বাবে উক্ত স্থানলৈ ৰাওনা হয়। গুপ্তকাশীৰ পৰা উৰা মাৰিছিল হেলিকপ্টাৰখনে। কেদাৰঘাটীৰ দিশে গৈ থকাৰ সময়তে গৰুড়চট্টীত দুৰ্ঘটনাত পতিত হয় হেলিকপ্টাৰখন।কোৱা হৈছে যে হেলিকপ্টাৰখনত আছিল ৬জন লোক। এতিয়ালৈ কোনো আনুষ্ঠানিক তথ্য পোহৰলৈ অহা নাই।

এইবাৰ হিন্দীত প্ৰেছক্ৰিপ্‌চন্ লিখি চৰ্চালৈ আহিল মধ্য প্ৰদেশৰ চিকিৎসক ডা. সৰ্ভেশ সিং

হিন্দীত MBBS প্ৰথম বৰ্ষৰ পাঠ্যক্ৰম মুকলি কৰাৰ পাছতে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে মন্তব্য কৰিছিল যে চিকিৎসক সকলেও সম্ভৱত ওপৰত শ্ৰী হৰি বুলি লিখি নিজৰ প্ৰেচক্ৰিপছনখন লিখা আৰম্ভ কৰিব পাৰে।
মধ্য প্ৰদেশৰ চতনা জিলাৰ এগৰাকী চৰকাৰী চিকিৎসকে একেদিনাই লগে লগে সেই কাম আৰম্ভ কৰি দিছিল।

মধ্য প্ৰদেশৰ চতনা জিলাৰ কোটাৰ গাঁৱৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডা: সৰ্ভেশ সিঙে লিখা হিন্দী প্ৰেছক্ৰিপ্‌চন্ ছোচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ভোপালত হিন্দী এমবিবিএছ পাঠ্যপুথি মুকলি কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাসে। তাতে ৰসিকতা কৰি মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ঘোষণা কৰিছিল যে ডাক্তৰে নিজৰ প্ৰেছক্ৰিপ্‌চনখনৰ ওপৰত Rxৰ ঠাইত ‘শ্ৰীহৰি’ বুলি লিখিব পাৰে।

উল্লেখনীয় যে ডাক্তৰৰ প্ৰেছক্ৰিপ্‌চনত লিখা Rx শব্দটি হৈছে লেটিন শব্দ। যাৰ অৰ্থ ‘গ্ৰহন কৰা’ বা ‘লোৱা’। ১৩ শতিকাত ইয়াক ক্ৰিয়াপদ হিচাপে আৰু পাছত বিংশ শতিকাত ইয়াক বিশেষ্য হিচাপে ব্যৱহাৰ কৰাৰ প্ৰথমা আৰম্ভ হৈছিল।

২০১৭চনত এমবিবিএছ পাছ কৰা ডাক্তৰ সৰ্ভেশ সিঙে কয় যে পাঠ্যক্ৰম মুকলি অনুষ্ঠানটি তেওঁ চাই আছিল আৰু তেতিয়াই তেওঁ সেই সিদ্ধান্ত লৈছিল। কাজেই ৰশ্মি সিং নামৰ ৰোগী গৰাকী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ পেটৰ ৰোগ দেখুৱাবলৈ আহোতে তেওঁ ‘শ্ৰীহৰি’ বুলি ওপৰত লিখি তেওঁৰ ঔষধৰ তালিকাখন হিন্দীত লিখা আৰম্ভ কৰিছিল। আৰু তেওঁ লিখা হিন্দী প্ৰেছক্ৰিপ্‌চন্ এইদৰে টুইটাৰত শ্বেয়াৰ হৈছিল।

কাজিৰঙাৰ কাষত উদ্ধাৰ হৈছে হাতী পোৱালীৰ মৃতদেহ…

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষত এটা হাতী পোৱালীৰ মৃতদেহ উদ্ধাৰ হৈছে।

নগাঁও জিলাৰ কলিয়াবৰ উপ-সংমণ্ডলৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰ এক সংৰক্ষিত বনাঞ্চলৰ ভিতৰত সোমবাৰে হাতীৰ পোৱালীটোক মৃত অৱস্থাত পোৱা গৈছে।মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছত বন বিভাগৰ বিষয়াসকলে মৃত হাতী পোৱালীটোৰ মৃতদেহ সমাধিস্থ কৰে।

বন বিভাগৰ বিষয়াসকলে প্ৰাপ্তবয়স্ক হাতীৰ খুন্দা খাই হাতীৰ পোৱালীটোৰ মৃত্যু হয় বুলি সন্দেহ কৰিছে।হাতী পোৱালীটো কোনো ৰোগত ভুগি আছিল বুলি বন বিভাগে লগতে উল্লেখ কৰিছে।

মুকলি কৰাৰ পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চিকিৎসকসকলে হাতী পোৱালীটোৰ চিকিৎসা কৰি আছিল বুলি জানিব পৰা গৈছে।অৱশ্যে মৃত্যুৰ প্ৰকৃত কাৰণ জানিবলৈ ইতিমধ্যে বিভাগীয় তদন্ত আৰম্ভ কৰা হৈছে।