Home Blog Page 1970

ঝাৰখণ্ডত দুই কংগ্ৰেছ বিধায়কৰ বিৰুদ্ধে আয়কৰ বিভাগৰ অভিযান…

দেশৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ কেইবাগৰাকীও নেতাৰ বিৰুদ্ধে কেন্দ্ৰীয় তদন্ত সংস্থাসমূহৰ অভিযানত বৃহৎ পৰিমাণৰ ধনৰাশি উদ্ধাৰ হোৱাৰ সময়তে এইবাৰ ঝাৰখণ্ডত কংগ্ৰেছৰ দুগৰাকী বিধায়কৰ বিৰুদ্ধে আয়কৰ বিভাগ চলোৱা অভিযানত ১০০ কোটি টকাতকৈও অধিক পৰিমাণৰ হিচাপ বিহীন লেনদেন পোহৰলৈ আহিছে।

ৰাজ্যজুৰি কয়লা আৰু লৌহ ধাতুৰ ব্যৱসায়ৰ সৈতে সম্পৰ্কৰ সন্দৰ্ভত কংগ্ৰেছ বিধায়ক দুগৰাকীৰ বিৰুদ্ধে আয়কৰ বিভাগে তালাচী চলাইছিল। কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদৰ (চিবিডিটি) এক বিবৃতিত উল্লেখ কৰা অনুসৰি ৪ নৱেম্বৰৰ পৰা ঝাৰখণ্ড, পাটনা (বিহাৰ), গুৰুগ্ৰাম (হাৰিয়ানা) আৰু কলকাতা (পশ্চিম বংগ)ৰ ৰাঁচী, গোড্ডা, বেৰ্মো, দুমকা, জামছেদপুৰ আৰু চাইবাছাৰ ৫০ টা চৌহদত তালাচী চলোৱা হৈছিল।

আয়কৰ বিভাগৰ তালাচীৰ আওতাত পৰা বিধায়ক দুগৰাকী হৈছে ক্ৰমে বেৰ্মোৰ বিধায়ক কুমাৰ জয়মঙ্গল ওৰফে অনুপ সিং আৰু পোৰিয়াহাটৰ বিধায়ক প্ৰদীপ যাদৱ। চিবিডিটিৰ বিবৃতিত কোৱা হৈছে, “কয়লা ব্যৱসায়/পৰিবহন, অসামৰিক চুক্তি সম্পাদন, লো খনন আৰু স্পঞ্জ লো উৎপাদনত নিয়োজিত কেইবাটাও ব্যৱসায়িক গোটৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছিল।”

চিবিডিটিয়ে লগতে উল্লেখ কৰা অনুসৰি অভিযানৰ সময়ত ২ কোটি টকাতকৈও অধিক নগদ ধন জব্দ কৰাৰ লগতে এতিয়ালৈকে ১০০ কোটি টকাতকৈও অধিক পৰিমাণৰ হিচাপ বিহীন লেনদেন ধৰা পৰিছে। লগতে অভিযান কালত বহুতো নথিপত্ৰ আৰু ডিজিটেল প্ৰমাণো জব্দ কৰা হৈছে বুলি বিভাগে লগতে জানিবলৈ দিছে।

চিবিডিটিয়ে লগতে সদৰী কৰা অনুসৰি এই গোটসমূহে কৰ ফাঁকিৰ বিভিন্ন পদ্ধতিৰ আশ্ৰয় লৈছে। স্থাৱৰ সম্পত্তিত বিনিয়োগ কৰাৰ প্ৰমাণ পোৱা গৈছে বুলি সদৰী কৰি বিভাগে এনে বিনিয়োগৰ উৎস সম্পৰ্কে বিতং তথ্য লাভ কৰা নাই বুলি জানিবলৈ দিয়ে।

কাশ্মীৰৰ প্ৰেমনগৰ অঞ্চলত চেনাব নদীত সংঘটিত হৈছে শোকাৱহ দুৰ্ঘটনা…

মঙলবাৰে নিশা জম্মু-কাশ্মীৰত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। চাৰিগৰাকী যাত্ৰী থকা এখন বাহন কাশ্মীৰৰ প্ৰেমনগৰ অঞ্চলত চেনাব নদীত ডুব যোৱাৰ ফলত আটাইকেইগৰাকী যাত্ৰীৰ মৃত্যুৰ আশংকা কৰা হৈছে।

এক বিবৃতিত থাথ্ৰীৰ ছাব-ডিভিজনেল মেজিষ্ট্ৰেট আথাৰ আমিন জৰগাৰে জানিবলৈ দিয়া মতে “ডোডাৰ প্ৰেমনগৰ অঞ্চলত যাত্ৰাৰত এখন গাড়ী চেনাব নদীত ডুব যোৱাৰ ফলত চাৰিজন লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে।

ইফালে কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে দুৰ্ঘটনাটোত সন্ধানহীন হোৱা সকলৰ সন্ধান উলিওৱাৰ বাবে সম্ভৱপৰ সকলো প্ৰচেষ্টা কৰা হৈছে আৰু কৰ্তৃপক্ষৰ সৈতে নিৰন্তৰ যোগাযোগ ৰক্ষা কৰি আছে বুলি মন্তব্য কৰে।

ঘটনাৰ পাছতে উদ্ধাৰকাৰী বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। ঘটনাৰ সঠিক বিৱৰণ পিছত সদৰী কৰা হ’ব বুলি এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া।

ছুগাৰৰ ক্ষেত্ৰত যথেষ্ট উপকাৰী চজিনা;  ইয়াত প্ৰচুৰ পৰিমাণে প্ৰটিন, এমিনো এচিড, ফাইবাৰ, ভিটামিন-বি, চি আৰু ই থাকে। 

সাধাৰণতে চজিনা আমাৰ সকলোৰে প্ৰিয় এবিধ পাচলি। এই ঘৰুৱা পাচলি গছৰ প্ৰতিটো অংশ ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াত প্ৰচুৰ পৰিমাণে প্ৰটিন, এমিনো এচিড, ফাইবাৰ, ভিটামিন-বি, চি আৰু ই থাকে। চজিনাত থকা বহুতো গুণৰ বাবে ইয়াক ছুপাৰফুডৰ তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰি। এই পাচলিন নিয়মীত সেৱনে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।

 চজিনাৰ উপকাৰিতা-

চজিনাত এন্টিফাংগেল, এন্টিভাইৰেল আৰু এন্টিডিপ্ৰেছন গুণ আছে। যদি কোনো ব্যক্তিৰ হৃদৰোগ আৰু ডায়েবেটিছ হয়, তেন্তে ইয়াৰ পাতৰ গুড়ি তেওঁলোকৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হয়। ইয়াৰ পাত গুড়ি বনাবলৈ প্ৰথমে পাতবোৰ ভালদৰে ৰ’দত শুকুৱাই লৈ পিহি লওক, তাৰ পাছত ইয়াৰ গুড়িটো দৈনিক কুহুমীয়া পানীৰ সৈতে খাব পাৰে, ইয়াৰ দ্বাৰা স্বাস্থ্যৰ ক্ষেত্ৰত বহুতো লাভৱান হ’ব। চজিনাত আইৰন প্ৰচুৰ পৰিমাণে পোৱা যায়। ইয়াৰ ফলত ৰক্তহীনতাৰ সমস্যা দূৰ হয়।

 চজিনাৰ অন্যান্য উপকাৰিতা-

১) ইয়াৰ পাতত প্ৰচুৰ পৰিমাণে ফাইটোনিউট্ৰিয়েণ্ট থাকে যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ লগতে আন বহুতো সংক্ৰামক ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে।

২) চজিনা পাত খালে শৰীৰত বেয়া কলেষ্টেৰলৰ মাত্ৰা কমিবলৈ আৰম্ভ কৰে। ইয়াৰ লগতে হাৰ্ট এটেকৰ সম্ভাৱনা হ্ৰাস কৰে আৰু হৃদযন্ত্ৰক সুস্থ কৰি তোলাত সহায় কৰে।৩) কেলছিয়াম আৰু ফছফৰাছো ইয়াত যথেষ্ট পৰিমাণে পোৱা যায়, যিয়ে শৰীৰৰ হাড় শক্তিশালী কৰে আৰু ইয়াত থকা প্ৰদাহ নিবাৰণকাৰী গুণে বাতবিষ আৰু অষ্টিঅ’পৰ’ছিছৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে।

আজি ৰাষ্ট্ৰীয় কৰ্কট সজাগতা দিৱস।

এই দিনটো বছৰি পালন কৰি ৰোগৰ তাৎপৰ্য্য ,ৰোগ নিৰ্ণয়, চিকিৎসা, আৰু আগতীয়াকৈ ধৰা পেলোৱাৰ বিষয়ে সজাগতা বৃদ্ধি কৰা হয়।বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি বিশ্বজুৰি মৃত্যুৰ অন্যতম প্ৰধান কাৰণ হৈছে কৰ্কট ৰোগ।

ভাৰতত বছৰি প্ৰায় ১১ লাখ নতুনকৈ কেন্সাৰ ৰোগী ধৰা পৰে।

নোবেল বঁটা বিজয়ী বিজ্ঞানী মেডাম কুৰীৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি যোৱা ৮ বছৰ ধৰি ৭ নৱেম্বৰত ৰাষ্ট্ৰীয় কৰ্কট সজাগতা দিৱস পালন কৰা হৈছে।

সৰভোগত নৃশংস, অমানৱীয়, জঘন্য ঘটনা৷ বজাৰত ঘূৰি ফুৰা ১৬টা কুকুৰক বিহ দি হত্যা ৷

বৰপেটাৰ সৰভোগত নৃশংস, অমানৱীয়, জঘন্য ঘটনা৷ বজাৰত ঘূৰি ফুৰা ১৬টাকৈ কুকুৰক বিহ প্ৰয়োগ কৰি হত্যা একাংশ লোকৰ ৷

সৰভোগৰ হাইৱে’ চ’কৰ মাংসৰ বজাৰত ছাগলীৰ পেলনীয়া মাংসত বিহ প্ৰয়োগ কৰি চহৰখনত ঘূৰি ফুৰা ১৬টাকৈ কুকুৰক হত্যা  কৰে কোনো দুষ্কৃতিকাৰীয়ে।

সৰভোগৰ উক্ত মাংসৰ বজাৰখনলৈ পেলনীয়া মাংস খাবলৈ প্ৰায়ে আহিছিল বহুকেইটা কুকুৰ৷ কিন্তু কোনোৱে মাংসৰ সৈতে বিহ মিহলাই কুকুৰকেইটাক খাবলৈ দিয়াৰ ফলতে কুকুৰকেইটাৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷

এনে নাৰকীয়, অমানৱীয় ঘটনাক লৈ সৰ্বত্ৰ তীব্ৰ প্ৰতিক্ৰিয়া হৈছে৷ উক্ত ঘটনাৰ বিৰুদ্ধে সৰভোগ থানাত এজাহাৰ দাখিল কৰিছে এগৰাকী প্ৰকৃতিপ্ৰেমীয়ে ৷ প্ৰীতিষা গোস্বামী নামৰ এগৰাকী প্ৰকৃতিপ্ৰেমী যুৱতীয়ে সৰভোগ থানাত দাখিল কৰিছে এজাহাৰ ৷ আৰক্ষীয়ে এই দিশত তদন্ত কৰি প্ৰকৃতিৰ অনন্য অংগ কুকুৰ নিধনকাৰ্য জড়িতক শাস্তি বিহিবলৈ দাবী জনাইছে সচেতন মহলে।

মহাকাশত যৌন সংগম সম্ভৱনে? জানিবৰ বাবে বান্দৰ পঠিয়াব চীন দেশৰ বিজ্ঞানীয়ে।

হাকাশলৈ বান্দৰ পঠোৱাৰ সিদ্ধান্ত লৈছে চীন দেশৰ তিয়াংগং স্পেচ ষ্টেশ্যনে । বিজ্ঞানীসকলে জনোৱামতে, মহাকাশত বান্দৰৰ প্ৰজনন ক্ষমতা সম্পৰ্কে জানিবলৈকে পৰ্যবেক্ষণৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে।

মাধ্যাকৰ্ষণ শক্তিৰ অভাৱত প্ৰজনন পদ্ধতি কেনেধৰণৰ হ’ব? সেই প্ৰশ্ন লৈ বহু গৱেষণা কৰি আহিছে চীনৰ বিজ্ঞানীসকলে। অৱশেষত তেওঁলোকে কেইটামান বান্দৰক মহাকাশলৈ পঠোৱাৰ দিহা কৰিছে।

কেনেধৰণে এই পৰীক্ষামূলক গৱেষণা হ’ব- সেই বিষয়েও এটা ৰিপ’ৰ্ট প্ৰকাশ কৰা হৈছে। তাত উল্লেখ আছে যে মাধ্যাকৰ্ষণ শক্তিহীন পৰিৱেশেত বান্দৰবিলাক নানা সমস্যাৰ সন্মুখিন হ’ব পাৰে। মানসিক অৱসাদৰো চিকাৰ হোৱাৰ সম্ভাৱনা আছে।

কিন্তু এই নতুন পৰিস্থিতি বান্দৰে কিদৰে শাৰীৰিক মিলনৰ বাবে উদ্ধুদ্ধ হয়, তাৰ বিষয়ে জানিব পৰা যাব উক্ত গৱেষণাটোৰ দ্বাৰা। তদুপৰি, সিহঁতৰ খোৱা-বোৱাৰ পৰা মলমূত্ৰ ত্যাগলৈকে পৰ্যবেক্ষণ কৰা হ’ব।

উল্লেখ্য যে তিয়াংগং স্পেছ ষ্টেশ্যন চীনৰ এটা আগশাৰীৰ মহাকাশ গৱেষণা কেন্দ্ৰ। কেন্দ্ৰটোত তিনিজনকৈ মহাকাশচাৰীয়ে কাম কৰি আহিছে।

বলীউডৰ দেশী গাৰ্ল  প্ৰিয়ংকা চোপ্ৰাৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিল লক্ষ্ণৌবাসী;‘You Are Not Welcome In City Of Nawabs’

লক্ষ্ণৌৰ গোমটিনগৰত প্ৰিয়ংকা চোপ্ৰাৰ বিৰুদ্ধে পোষ্টাৰ লগোৱা হৈছে। এই পোষ্টাৰসমূহত অভিনেত্ৰীগৰাকীৰ ফটোত ৰঙা ৰঙৰ ক্ৰছ লিখা আছে, ‘You Are Not Welcome In City Of Nawabs’। অৰ্থাৎ ‘নবাব চহৰত আপোনাক আদৰণি জনোৱা নহয়’। কিন্তু কোনে এই পোষ্টাৰবোৰ লিখিছে বা কোনে এই কাম কৰিছে সেই সন্দৰ্ভত এতিয়াও কোনো তথ্য প্ৰকাশ পোৱা নাই।
আৰক্ষীয়ে বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে পোষ্টাৰ লগোৱা আৰু প্ৰতিবাদ কৰাৰ আঁৰৰ কাৰণ স্পষ্ট হোৱা নাই। এই সকলোবোৰৰ মাজতে দেশী গাৰ্ল প্ৰিয়ংকা চোপ্ৰাই ২দিন লক্ষ্ণৌত থাকিবলৈ ওলাইছে।

প্ৰায় তিনি বছৰৰ মূৰত দেশলৈ উভতি আহিছে প্ৰিয়ংকা চোপ্ৰা। তেতিয়াৰ পৰাই অভিনেত্ৰীগৰাকীৰ ভাৰত ভ্ৰমণৰ ছবি আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত অহৰহ শ্বেয়াৰ কৰি আহিছে। প্ৰিয়ংকা চোপ্ৰাই প্ৰথমে মুম্বাইত উপস্থিত হয়। তাৰ পাছত অভিনেত্ৰীগৰাকীয়ে নিজৰ হেয়াৰ প্ৰডাক্ট এনোমালিৰ প্ৰচাৰৰ বাবে মুম্বাইলৈ আহিছে আৰু ইয়াৰ পৰাই পোনপটীয়াকৈ আমেৰিকালৈ ৰাওনা হ’ব। কিন্তু সেয়া নহ’ল আৰু বৰ্তমান প্ৰিয়ংকা ইউনিচেফৰ কাৰ্যসূচীৰ অধীনত দুদিনীয়া ভ্ৰমণত লক্ষ্ণৌত আছে। সোমবাৰে অভিনেত্ৰীগৰাকীয়ে বিভিন্ন অংগনবাড়ী কেন্দ্ৰৰ শিশুসকলক লগ পোৱা দেখা গৈছিল। ইফালে তেওঁলোকৰ প্ৰতিবাদ আৰম্ভ হৈছে।


উল্লেখযোগ্য যে ক’ভিড মহামাৰীৰ পাছত প্ৰিয়ংকা চোপ্ৰাৰ প্ৰথম ভাৰত ভ্ৰমণ। এনে পৰিস্থিতিত অভিনেত্ৰীগৰাকী ঘৰলৈ উভতি আহিবলৈ যথেষ্ট উৎসাহিত হৈ পৰে। প্ৰিয়ংকা চোপ্ৰাই বিয়াৰ পূৰ্বেও বহু বছৰ ধৰি আমেৰিকাত বাস কৰি আহিছে। ১২ বছৰ বয়সত পঢ়া-শুনাৰ লগত জড়িত অভিনেত্ৰীগৰাকী আমেৰিকালৈ গুচি যায়। ইয়াৰ পাছত পুনৰ বলীউডত কেৰিয়াৰ গঢ়িবলৈ।ভাৰতলৈ আহিছিল অভিনেত্ৰীগৰাকী। 
২০১৮ চনত আমেৰিকান গায়ক তথা সংগীতজ্ঞ নিক জ’নাছৰ সৈতে বিবাহপাশত আবদ্ধ হয় প্ৰিয়ংকা চোপ্ৰা। ২০২২ চনত এইবাৰ চেৰ’গেচিৰ জৰিয়তে কন্যা মালতী মেৰী চোপ্ৰা জোনাছৰ অভিভাৱক হিচাপে চিনাকী দিয়ে  দম্পতীহালে।

পুনৰ প্ৰেমত পৰিল কাৰ্তিক ! কাৰ্তিকৰ হৃদয় চুৰি কৰিলে কোন সুন্দৰীয়ে ?

‘ভুলভুলাইয়া-২’ৰ সফলতাৰ পাছত বলিউডত চৰ্চাৰ তুংগত আছে কাৰ্তিক। তেনেসময়তে খবৰ আহিছে যে নতুনকৈ প্ৰেমত মত্ত হৈ পৰিছে অভিনেতাগৰাকী।

কিন্তু কোনে হৃদয় চুৰি কৰিলে কাৰ্তিকৰ? ইয়াৰ আগলৈকে কাৰ্তিকৰ স’তে চাৰাহ আলি খান অথবা অনন্যা পাণ্ডেৰ নাম সাঙোৰ খাইছিল। কিন্তু এওঁলোক নহয়, আন এগৰাকী সুন্দৰীৰ হৃদয়তহে সোমাই পৰিছে কাৰ্তিক।

সুন্দৰীগৰাকীৰ নাম পচমিনা ৰোছন। চিনেমাত অভিনয় নকৰিলেও পচমিনা হৈছে হৃত্বিক ৰোছনৰ সম্বন্ধীয় ভগ্নী। অৰ্থাৎ ছাৰাহ-অনন্যাৰ পাছত এইবাৰ বলিউডৰ আন এটা পৰিয়ালৰ কন্যাৰ প্ৰেমত মত্ত্ হৈছে কাৰ্তিক।

ইতিমধ্যে পচমিনাৰ স’তে কাৰ্তিকক মুম্বাইৰ বিভিন্ন স্থানত একেলগে দেখা পোৱা গৈছে। আনকি শ্বুটিঙৰ মাজতো কাৰ্তিকে পচমিনাৰ স’তে ব্যস্ত থাকে।

নিপন গোস্বামী স্মৃতিচাৰণ সভা সম্পন্ন; স্মৃতিগ্ৰন্থ ‘বৰ্ণময় নিপন গোস্বামী’ উন্মোচন মন্ত্ৰী বিমল বৰাৰ

যোৱা ২৭ অক্টোবৰত সাংস্কৃতিক জগত উকা কৰি স্বৰ্গগামী হোৱা অসমীয়া চলচ্চিত্ৰৰ মহানায়ক নিপন গোস্বামীৰ আদ্যশ্ৰাদ্ধৰ সৈতে সংগতি ৰাখি মংগলবাৰে মহানগৰীৰ শিলপুখুৰীস্থিত দীপক সংঘৰ কালি মন্দিৰৰ প্ৰাগণত এখনি স্মৃতিচাৰণ সভা সম্পন্ন হয়৷ ‘সাংস্কৃতিক সাংবাদিক সন্থা, অসম’, ‘চলচ্চিত্ৰ সমাজ, অসম’ আৰু ‘উত্তৰ-পূৱ চলচ্চিত্ৰ আৰু ভিডিঅ’ কলা-কুশলী সন্থা’ৰ উদ্যোগত আয়োজিত সভাত উপস্থিত থাকে অসমীয়া চলচ্চিত্ৰ জগতৰ বহুকেইগৰাকী জ্যেষ্ঠ শিল্পী, কলা-কুশলী, সাংবাদিক তথা বিভিন্ন ক্ষেত্ৰৰ বহু গণ্য-মান্য ব্যক্তি৷

উক্ত অনুষ্ঠানতে প্ৰয়াত শিল্পীগৰাকীৰ স্মৃতিত ‘সাংস্কৃতিক সাংবাদিক সন্থা, অসম’ৰ দ্বাৰা সম্পাদিত ‘বৰ্ণময় নিপন গোস্বামী’ শীৰ্ষক স্মৃতিগ্ৰন্থখনিও উন্মোচন কৰা হয়৷ উন্মোচন কৰে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাৰ লগতে সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই৷ স্মৃতিগ্ৰন্থখনি উন্মোচন কৰি মন্ত্ৰী বিমল বৰাই প্ৰয়াত শিল্পীগৰাকীক সুঁৱৰি মন্তব্য আগবঢ়াই কয় যে অসমৰ সাংস্কৃতিক জগতৰ ভোটাতৰাসদৃশ নিপন গোস্বামীয়ে বিগত প্ৰায় ছটা দশকত শতাধিক চলচ্চিত্ৰ আৰু মঞ্চ, অনাতাঁৰ নাটত অভিনয় কৰি কেবাটাও প্ৰজন্মক সন্মোহিত কৰি থৈ গৈছে৷

গোস্বামীদেৱৰ মৃত্যু আমাৰ সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি৷ অজস্ৰ চৰিত্ৰত বলিষ্ঠ অভিনয়ৰ লগতে এগৰাকী সুশৃংখলিত, নিয়মানুৱৰ্তী¹ তথা সময়ানুৱৰ্তী ব্যক্তি হিচাপেও গোস্বামীদেৱে আমাৰ নৱ প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব৷ এইগৰাকী মহাতাৰকাৰ স্মৃতিক আমি এতিয়া কেনেদৰে উত্তৰ পুৰুষৰ বাবে জীয়াই ৰাখিব পাৰো তাৰ বাবে সকলোৱে যৎপৰোনাষ্টি কৰা উচিত৷ এইক্ষেত্ৰত অসমৰ সাংস্কৃতিক বিভাগেও কৰিবলগীয়া বহুত আছে আৰু কৰিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি দিয়ে৷

‘‘বৰ্ণময় নিপন গোস্বামী’ এইক্ষেত্ৰত মাইলৰ খুঁটি হৈ ৰ’ব’’ বুলি উল্লেখ কৰি মন্ত্ৰী বিমল বৰাই কয়, ‘‘চলচ্চিত্ৰ সমাজ, অসম’, ‘উত্তৰ-পূৱ চলচ্চিত্ৰ আৰু কলা-কুশলী সন্থা’ৰ সহযোগত ‘সাংস্কৃতিক সাংবাদিক সন্থা, অসম’’ৰ সম্পাদনাত প্ৰকাশিত এইখন গ্ৰন্থত সন্বিৱিষ্ট প্ৰতিটো লেখাই উদ্বুদ্ধ কৰিব৷’’ উল্লেখ্য যে স্মৃতিচাৰণ সভাখনত উপস্থিত থকা সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, জ্যেষ্ঠ শিল্পী দীনেশ দাস, জ্যেষ্ঠ সাংস্কৃতিক সাংবাদিক অৰুণলোচন দাস প্ৰমুখ্যে বহুকেইগৰাকী গণ্য-মান্য ব্যক্তিয়ে প্ৰয়াত শিল্পীগৰাকীক সুঁৱৰি ভাষণ প্ৰদান কৰে৷

কংগ্ৰেছ-ভাৰত জোড়ো যাত্ৰাৰ টুইটাৰ হেণ্ডেল ব্লক কৰাৰ নিৰ্দেশ আদালতৰ; কাৰণ,কেজিএফৰ সংগীত

কৰ্ণাটকৰ বেংগালুৰুৰ এখন আদালতে কপিৰাইট উলংঘনৰ গোচৰত কংগ্ৰেছ দলৰ আৰু ভাৰত জোড়ো যাত্ৰাৰ টুইটাৰ হেণ্ডল বন্ধ কৰাৰ নিৰ্দেশ দিছে। দৰাচলতে, কপিৰাইট আইনৰ অধীনত কংগ্ৰেছৰ বিৰুদ্ধে এটা অভিযোগ দাখিল কৰা হৈছিল। কেজিএফ চলচ্চিত্ৰখনৰ নিৰ্মাতাসকলে অভিযোগ কৰিছিল যে ভাৰত জোড়ো যাত্ৰাৰ বাবে কংগ্ৰেছ দলে নিৰ্মাণ কৰা ভিডিঅ’বোৰত তেওঁলোকৰ চলচ্চিত্ৰৰ গান ব্যৱহাৰ কৰা হৈছে।

আদালতে নিৰ্দেশ দিছিল যে এনে ধৰণৰ মাৰ্কেটিং ভিডিঅ’বোৰে পাইৰেচীক শক্তি প্ৰদান কৰে। ন্যায়ালয়ে ইয়াৰ নিৰ্দেশত স্পষ্টকৈ কৈছে যে কেজিএফ গান ব্যৱহাৰ কৰা ভিডিঅ’বোৰ কংগ্ৰেছ আৰু ভাৰত যোড়োৰ টুইটাৰ হেণ্ডেলৰ পৰা আঁতৰ কৰিব লাগে। একে সময়তে, আদালতে লগতে নিৰ্দেশ দিছে যে কংগ্ৰেছ আৰু ভাৰত যোড়ো যাত্ৰাৰ টুইটাৰ হেণ্ডেল অৱৰোধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

এমআৰটি মিউজিক কোম্পানীয়ে যশৱন্তপুৰ আৰক্ষী থানাত কংগ্ৰেছ নেতা ৰাহুল গান্ধী, জয়ৰাম ৰমেশ আৰু সুপ্ৰিয়া শ্ৰীনেটৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। সংগীত প্ৰতিষ্ঠানটোৱে ইয়াৰ অভিযোগত কৈছিল যে তেওঁলোকে হিন্দীত কেজিএফ-২ গানৰ কপিৰাইট পাবলৈ যথেষ্ট ধন পৰিশোধ কৰিছিল। সংগীত প্ৰতিষ্ঠানটোৱে কৈছিল যে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ এই অবৈধ কাৰ্য্যবোৰে ব্যাপক ক্ষোভ প্ৰদৰ্শন কৰে। একে সময়তে, কংগ্ৰেছ দলে এই বিষয়ত টুইট কৰি এক বিবৃতি জাৰি কৰিছে।

“আমি ছ’চিয়েল মিডিয়াত কংগ্ৰেছ আৰু ভাৰত জোড়ো যাত্ৰাৰ টুইটাৰ হেণ্ডেলৰ বিৰুদ্ধে বেংগালুৰুৰ এখন আদালতৰ আদেশৰ বিষয়ে জানিবলৈ পাৰিছো। আদালতৰ কাৰ্য্যক্ৰমৰ দ্বাৰা আমাক অৱগত বা হাজিৰ কৰা হোৱা নাছিল। অৰ্ডাৰৰ কোনো প্ৰতিলিপিও প্ৰাপ্ত হোৱা নাই। আমি আমাৰ নিষ্পত্তিত সকলো আইনী প্ৰতিকাৰ অনুসৰণ কৰি আছো।