Home Blog Page 1969

ছাত্ৰীক বিয়া কৰাবলৈ লিংগ‌ পৰিৱৰ্তন কৰিলে এগৰাকী শিক্ষয়িত্ৰীয়ে…

ৰাজস্থানৰ এখন বিদ্যালয়ৰ শৰীৰ চৰ্চা বিষয়ৰ শিক্ষয়িত্ৰী মীৰা। শিক্ষিয়ত্ৰী মীৰাৰে ছাত্ৰী কল্পনাৰ গঢ়ি উঠুল বন্ধুত্ব। শিক্ষয়িত্ৰী-ছাত্ৰীৰ বন্ধুত্ব ক্ৰমে গাঢ়ৰ পৰা গাঢ়তৰ হৈ ৰূপ ল’লে প্ৰেমৰ। ৰাজস্থানৰ ভৰতপুৰৰ শিক্ষয়িত্ৰী মীৰাৰ প্ৰেমৰ সম্পৰ্কক পূৰ্ণতা দিবলৈ বিয়াৰ প্ৰস্তাৱ দিলে ছাত্ৰী কল্পনাক। কল্পনাৰো নাহিল কোনো আপত্তি। কিন্তু সন্মুখত বাধাৰ প্ৰাচীৰ।

কেউফালৰ পৰা কেৱল বাধা আৰু বাধা। বাধা একাষৰীয়া কৰি মন বান্ধিলে দুয়ো। দুয়োৰে পৰিয়াল নাৰাজ । তথাপিও দুয়ো বিয়াত বহিব। মীৰা সলনি হ’ল আৰভলৈ। অস্ত্ৰোপচাৰৰ জৰিয়তে সলনি কৰি ল’লে লিংগ। অস্ত্ৰোপচাৰৰ সময়তো আৰৱক এৰি নিদিলে প্ৰেয়সী কল্পনাই।

২০১৯ চনতে মীৰাই লিংগ পৰিৱৰ্তনৰ সিদ্ধান্ত লৈছিল। সেইবছৰেই লিংগ পৰিৱৰ্তনৰ প্ৰথমটো অস্ত্ৰোপচাৰ সম্পন্ন কৰে মাৰীই। মীৰা এতিয়া হ’ল আৰভ। ৪ নৱেম্বৰৰ দিনা দুয়ো বহিল বিয়াত। কাহিনী এতিয়া নেট নাগৰিকৰ মাজত ব্যাপক চৰ্চাত।

কিয় উত্তৰ ভাৰতত বাৰে বাৰে আহে ভূমিকম্প? ইয়াৰ আঁৰৰ কাৰণ ?

মঙলবাৰে নিশা দুই বজাত দিল্লী-এনচিআৰত হোৱা ভূমিকম্পই সকলোকে আতংকিত কৰি তুলিছিল। কেৱল এয়াই নহয়, উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌ আৰু পঞ্জাৱ-হাৰিয়ানাৰ একাংশ অঞ্চলতো ভূমিকম্পৰ কম্পন অনুভৱ কৰিছে মানুহে। ৬.৩ ৰিখটাৰ স্কেলৰ এই ভূমিকম্পই গোটেই ৰাতি মানুহক ভয় খুৱাই ৰাখিছিল।

ভূমিকম্পৰ কাৰণ ?
আচলতে পৃথিৱীৰ ভিতৰত ৭ টা প্লেটলেট থাকে। এই প্লেটলেটবোৰ অহৰহ গতিশীল হৈ থাকে। প্লেটলেটৰ সংঘৰ্ষ হোৱা ঠাইখনক ফল্ট লাইন বোলা হয়। সংঘৰ্ষৰ ফলত প্লেটৰ চুকবোৰ ঘূৰি যায়। কেৱল এয়াই নহয়, অত্যধিক চাপৰ বাবে এই প্লেটলেটবোৰো ভাঙিবলৈ আৰম্ভ কৰে। প্লেটলেট ভাঙি যোৱাৰ ফলত উৎপন্ন হোৱা শক্তি শেষ হ’বলৈ আৰম্ভ কৰে। এই অশান্তিৰ বাবেই ভূমিকম্পৰ সৃষ্টি হয়।
সঘনাই ভূমিকম্প হোৱাটো অধিক বিপদৰ লক্ষণ নেকি?
সঘনাই হোৱা ভূমিকম্পই কিবা বিপদৰ ইংগিত দিয়ে নেকি? বিশেষজ্ঞসকলে এই আশংকা নুই নকৰে। বিশেষজ্ঞসকলে লগতে কয় যে দিল্লীৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকি হিমালয় অঞ্চলৰ বেল্টৰ পৰা আহে। ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰ (এন চি এছ)ৰ তথ্য অনুসৰি দিল্লীত বৃহৎ ভূমিকম্পৰ আশংকা কম যদিও ইয়াক সম্পূৰ্ণৰূপে নুই কৰিব নোৱাৰি। 
ভূমিকম্পৰ বিষয়ে কিছু অধ্যয়নত এনে সৰু সৰু ভূমিকম্পৰ কম্পনবোৰ ডাঙৰ ডাঙৰ ভূমিকম্পৰ শব্দ বুলি দাবী কৰা হৈছে। আমেৰিকাৰ লছ আলামোছ নেশ্যনেল লেবৰেটৰীৰ এক প্ৰতিবেদন অনুসৰি যোৱা বছৰ কেলিফৰ্ণিয়াতো ৪.০ মাত্ৰাৰ কম্পনৰ পূৰ্বে কিছুমান অনুৰূপ মৃদু কম্পন অনুভৱ কৰা হৈছিল। ২০০৮ আৰু ২০১৭ চনত দক্ষিণ কেলিফৰ্ণিয়াত ৪.০ মাত্ৰাতকৈ অধিক কম্পন অনুভৱ কৰা হৈছিল। ইয়াৰে ৭২ শতাংশ সময়ত এই ভূমিকম্পৰ আগতে মৃদু কম্পন অনুভৱ কৰা হৈছিল।
বিভিন্ন সংস্থাৰ পৰা পোৱা বৈজ্ঞানিক তথ্যৰ ভিত্তিত সমগ্ৰ ভাৰতবৰ্ষক চাৰিটা ভূমিকম্পীয় অঞ্চলত বিভক্ত কৰিছে ভাৰতীয় মান ব্যুৰোৱে। ইয়াত আটাইতকৈ বিপজ্জনক হৈছে ৫ নং জ’ন। বিজ্ঞানীসকলৰ মতে এই অঞ্চলত ৰিখটাৰ স্কেলৰ ৯ প্ৰাবল্যৰ ভূমিকম্প হ’ব পাৰে। ভাৰতৰ কোনটো অঞ্চল কোনটো জ’নত অৱস্থিত জানি লওক। ৫ নং জ’নত সমগ্ৰ উত্তৰ-পূব ভাৰত, জম্মু-কাশ্মীৰৰ কিছু অংশ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, গুজৰাটৰ ৰাণ অফ ক’চ, উত্তৰ বিহাৰৰ কিছু অংশ আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ অন্তৰ্ভুক্ত কৰা হৈছে। এই অঞ্চলত সঘনাই ভূমিকম্প সংঘটিত হয়।
জ’ন-৪ত জম্মু-কাশ্মীৰ আৰু হিমাচল প্ৰদেশৰ বাকী অংশ, দিল্লী, ছিকিম, উত্তৰ প্ৰদেশৰ উত্তৰ অংশ, সিন্ধু-গংগা অৱবাহিকা, বিহাৰ আৰু পশ্চিম বংগ, গুজৰাটৰ কিছু অংশ আৰু পশ্চিম উপকূলৰ লগতে ৰাজস্থানৰ কিছু অংশ মহাৰাষ্ট্ৰৰ কিছু অংশ অন্তৰ্ভুক্ত কৰা হৈছে। 
মণ্ডল-৩ত কেৰেলা, গোৱা, লক্ষদ্বীপ দ্বীপপুঞ্জ, উত্তৰ প্ৰদেশৰ বাকী অংশ, গুজৰাট আৰু পশ্চিম বংগ, পঞ্জাৱৰ কিছু অংশ, ৰাজস্থান, মধ্যপ্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, ছত্তীশগড়, মহাৰাষ্ট্ৰ, ওড়িশা, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু আৰু কৰ্ণাটক অন্তৰ্ভুক্ত ভূমিকম্পৰ দৃষ্টিকোণৰ পৰা কম সক্ৰিয় অঞ্চল। ইয়াক কম বিপৰ্যয়জনক বিপদজনক অঞ্চল হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে। জ’ন-২ত দেশৰ বাকী অংশ অন্তৰ্ভুক্ত কৰা হৈছে।

তিৰুপতি মন্দিৰত কিমান ধন সোণ ৰূপ আছে সকলো‌ তথ্যৰ হিচাপ ওলাল…

তিৰুপতি মন্দিৰত কিমান ধন সোণ আছে। স্বৰ্ণ অলংকাৰ আৰু নগদ ধনৰ হিচাপ প্ৰকাশ কৰিলে তিৰুপতি মন্দিৰ কৰ্তৃপক্ষই। ২০১৯ চনলৈকে বিভিন্ন বেংকত তিৰুপতি মন্দিৰৰ নগদ ধনৰ পৰিমাণ আছিল ১৩ হাজাৰ ২৫ কোটি টকা।

বিগত ৩ বছৰৰ তুলনাত এতিয়া তিৰুপতি মন্দিৰৰ নগদ ধনৰ পৰিমাণ বৃদ্ধি হৈ হৈছেগৈ ১৫ হাজাৰ ৯৩৮ কোটি টকা। ২০১৯ চনলৈকে সোণৰ পৰিমাণ আছিল ৭টনৰো অধিক।

নগদ ধন,সোণসহ মুঠ সম্পত্তিৰ পৰিমাণ ঘোষণা কৰিছে তিৰুপতি মন্দিৰ কৰ্তৃপক্ষই।  তিৰুমালা তিৰুপতি মন্দিৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুযায়ী দাবী কৰিছে যে বৰ্তমান ১০ টনৰো অধিক সোণ আৰু ১৫ হাজাৰ ৯৩৮ কোটি টকা নগদ জমা আছে। তিৰুপতি মন্দিৰৰ অতিৰিক্ত সম্পত্তি অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ পুঁজিত জমা দিব বুলি ওলোৱা উৰা বাতৰি অস্বীকাৰ কৰিছে মন্দিৰ কৰ্তৃপক্ষই।

এক বিজ্ঞপ্তিযোগে মন্দিৰ কৰ্তৃপক্ষই দাবী কৰিছে সকলো ধন সম্পত্তি বেংকৰ নিৰ্দিষ্ট একাউন্টত জমা ৰখা হ’ব। বিজ্ঞপ্তিটোত সকলো ভক্ত-দাতাক উৰাবাতৰিত গুৰুত্ব নিদিবলৈ আহ্বান জনাইছে।

পৰীক্ষাৰ প্ৰাৰ্থীৰ এডমিট কাৰ্ডত(Admit Card) ছানী লিয়নী(Sunny Leone)ৰ অশ্লীল ফটো! বন্ধুৱে Fill Up কৰিছিল Form

কৰ্ণাটক শিক্ষক নিযুক্তি পৰীক্ষাত এটা অতি আচহুৱা ঘটনা চৰ্চালৈ আহিছে। পৰীক্ষা দিবলৈ যোৱা এগৰাকী পৰীক্ষাৰ্থীৰ এডমিট কাৰ্ডত ছপা হৈছে বলীউডৰ অভিনেত্ৰী ছানী লিয়নীৰ এখন আপত্তিজনক ফটো। এতিয়া এই এডমিট কাৰ্ডৰ স্ক্ৰীণশ্বট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। বিষয়টোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ শিক্ষা বিভাগে তদন্তৰ নিৰ্দেশ দিছে।

কৰ্ণাটক কংগ্ৰেছৰ ছ’চিয়েল মিডিয়াৰ অধ্যক্ষ বি আৰ নাইডুৱে মাইক্ৰ’ ব্লগিং চাইট টুইটাৰত এই এডমিট কাৰ্ডৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰে। তেওঁ অভিযোগ কৰে যে ৰাজ্যৰ শিক্ষা বিভাগে প্ৰাৰ্থীগৰাকীৰ ফটোৰ সলনি প্ৰাপ্তবয়স্ক ছবিৰ তাৰকাগৰাকীৰ ছবি ছপা কৰিছে। নাইডুৱে কানাড়া ভাষাত টুইট কৰি লিখিছে, “শিক্ষক নিযুক্তি পৰীক্ষাত পৰীক্ষাৰ্থীৰ ফটোৰ সলনি শিক্ষা বিভাগে ব্লু ফিল্মৰ অভিনেত্ৰী ছানী লিয়নীৰ ফটো ছপা কৰিছিল। বিধানসভাৰ ভিতৰতো ব্লু ফিল্ম চোৱা দলৰ পৰা আৰু কি আশা কৰিব পাৰি! 

নাইডুৰ এই অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৰ্ণাটকৰ শিক্ষামন্ত্ৰী বি চি নাগেশৰ কাৰ্যালয়ে এক বিবৃতি প্ৰকাশ কৰিছে। বিবৃতিটোত কোৱা হৈছে যে, “পৰীক্ষাৰ্থীয়ে এখন ফটো আপলোড কৰিব লাগিব। তাৰ পিছত চিষ্টেমে তেওঁলোকে আপলোড কৰা ফটোখনেই লয়। আমি যেতিয়া পৰীক্ষাৰ্থীগৰাকীক সুধিলোঁ যে তেওঁ ছানী লিয়নীৰ ফটোখন তেওঁৰ এডমিট কাৰ্ডত ৰাখিছে নেকি, তেতিয়া তেওঁ কৈছিল যে তেওঁৰ স্বামীৰ বন্ধুৱে তেওঁৰ প্ৰয়োজনীয় তথ্যখিনি আপলোড কৰিছিল।
ঘটনা সন্দৰ্ভত অৱগত শিক্ষা বিভাগৰ এগৰাকী বিষয়াই কয় যে পৰীক্ষাৰ্থীগৰাকীয়ে নিজৰ আবেদন, নথি-পত্ৰ আৰু ফটো আপলোড কৰিবলৈ আন কাৰোবাৰ পৰা সহায় বিচাৰিছিল। শিক্ষামন্ত্ৰীৰ বিবৃতি অনুসৰি প্ৰাৰ্থীগৰাকীৰ প্ৰ-পত্ৰ পূৰণ কৰিছিল পৰীক্ষাৰ্থীগৰাকীৰ স্বামীৰ এগৰাকী বন্ধুৱে। পৰীক্ষাৰ্থীগৰাকী চিকমাগালুৰ জিলাৰ বাসিন্দা।  তেওঁ শিৱমোগ্গাত শিক্ষক পদৰ বাবে আৱেদন কৰিছিল।
৬ নৱেম্বৰত অনুষ্ঠিত হৈছিল এই পৰীক্ষা। কৰ্ণাটকৰ ৭৮১টা কেন্দ্ৰত অনুষ্ঠিত হোৱা পৰীক্ষাত মুঠ ৩,৩২,৯১৩গৰাকী পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল। ৰাজহুৱা নিৰ্দেশনা বিভাগে এই সন্দৰ্ভত স্পষ্টীকৰণ দি কয় যে “ভুল চৰকাৰৰ ফালৰ পৰাও হোৱা নাছিল বা শিক্ষা বিভাগৰ ফালৰ পৰাও হোৱা নাছিল”। অৱশ্যে কৰ্ণাটক শিক্ষা বিভাগে বিষয়টো তদন্ত কৰি এফআইআৰ পঞ্জীয়ন কৰিব বুলি জানিবলৈ দিয়ে।

পানীৰ অভাৱ সহ্য কৰিব নোৱাৰি বিয়াৰ দুই দিনৰ পিছতে গাঁৱৰ পৰা পলাই যায় বেছিভাগ কইনাই !

নাছিকৰ পৰা প্ৰায় ৯০ কিলোমিটাৰ দূৰত সুৰগানা মৌজাৰ এখন সৰু গাওঁ দাণ্ডিচি বাৰী।

গোটেই গাওঁখনত প্ৰায়  ৩০০  লোকে বাস কৰে। কিন্তু গাঁওখনলৈ বিয়া হৈ অহাৰ দুই বা তিনি দিনৰ ভিতৰতে বহু কইনাই পলায়ন কৰে। দাণ্ডিচি বাৰী গাঁৱৰ বাসিন্দাসকলে গোটেই বছৰটো খোৱা পানীৰ সমস্যাত ভুগি আছে। যিসকলে এই গাওঁখনত ডাঙৰ-দীঘল হৈছিল, তীব্ৰ পানীৰ অভাৱত থকা বাবেই  তেওঁলোক এই জীৱনত অভ্যস্ত।
কিন্তু যিসকলে বাহিৰৰ পৰা এই গাওঁলৈ আহে তেওঁলোকে  সমস্যাত পৰে।  সেয়ে পানীৰ অভাৱ সহ্য কৰিব নোৱাৰিয়েই বহু নতুনকৈ বিয়া হোৱা কইনাই গাঁও খনৰ পৰা পলায়ন কৰে বুলি বহুতে কৈছে।
পানী নথকাৰ বাবেই গাওঁখনত বহু মহিলাই  থাকিব নিবিচাৰে। “২০১৪ চনত গাওঁখনৰ এজন ব্যক্তিয়ে বিবাহ পাশত আৱদ্ধ হৈছিল। বিয়াখন মাত্ৰ দুদিন ধৰি বৰ্তি আছিল। বিয়াৰ দুদিন পিছত, কইনাই তেওঁৰ স্বামীৰ ঘৰ এৰি গৈছিল। ঘটনাটো মানুহৰ মাজত ব্যাপকভাৱে বিয়পি পৰিছিল। ” গাঁও খনৰ বাসিন্দা গোবিন্দই এনেদৰে কয়।  পানীৰ ভাৱৰ বাবেই বহু মহিলাই গাঁও এৰি যোৱাৰ কথাও তেওঁ কয়।
গাঁৱৰ মহিলাসকলে খোৱা পানী আনিবলৈ পাহাৰৰ তললৈ যাব লাগে। বহু কষ্ট কৰি পাহাৰ বগাই পানী অনাটো কষ্টকৰ বাবেই বহু মহিলাই বিয়াৰ পিছতে গাঁও খন এৰি যায়।
গোবিন্দই  লগতে কয় যে এই গাওঁখনৰ মহিলাসকলে প্ৰতি বছৰে গ্ৰীষ্মকালত, মাৰ্চৰ পৰা জুনলৈ, পাহাৰৰ তলত প্ৰায় শুকাই যোৱা নদীৰ পৰা পানী আনিবলৈ ডেৰ কিলোমিটাৰ খোজ কাঢ়িব লাগে।
গাওঁখনৰ গৃহিণীসকলে শুকান নদীৰ মাজত থকা  শিলবোৰৰ ফাঁকৰ পৰা পানী সংগ্ৰহ কৰিব লাগে। গাওঁখনৰ বাসিন্দা লক্ষ্মীবাই ৱাছলে কয় , “এটা কলহ ভৰ্তি হ’বলৈ তিনি ঘণ্টালৈকে সময় ৰ’ব লাগিব পাৰে। পানীলৈ ঘূৰি  আহোতে প্ৰায়ে ৰাতি হয়। ”চৰকাৰেও আজিলৈকে গাঁওখনত পানী যোগান নাই।

শিমলীতোলাত জেন এন হাইস্কুলৰ চৌহদত প্ৰধান শিক্ষকৰ বিৰুদ্ধে প্ৰতিবাদ…

শিমলীতোলাত জেন এন হাইস্কুল চৌহদত প্ৰধান শিক্ষকৰ বিৰুদ্ধে প্ৰতিবাদ। জে এন হাইস্কুলৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে দুৰ্নীতি-অনিয়মৰ অভিযোগ ।

নগৰবেৰাৰ পাৰ্শ্বৱৰ্তী গোৱালপাৰা জিলা শিক্ষা খণ্ডৰ অধীনস্থ নবাগত শিমলীতোলা হাইস্কুলৰ প্ৰধান‌ শিক্ষক ৰফিকুল ইছলামৰ বিৰুদ্ধে নবাগত শিমলীতোলা আমছুৰ উদ্যোগত ছাত্ৰ ছাত্ৰীয়ে সাৱস্ত্য কৰিলে প্ৰতিবাদ।

অভিযোগ মতে বিদ্যালয়খনৰ প্ৰধান শিক্ষক ৰফিকুল ইছলামে দীৰ্ঘদিনৰে পৰা হেনো মধ্যাহ্ন ভোজনৰ নামত চলাইছে লুণ্ঠনৰাজ

এই বিষয়ে অভিৱাবক আৰু স্হানীয় ছাত্ৰ সংগঠনে বাৰম্বাৰ অভিযোগ উত্থাপন কৰি আহিছে যদিও প্ৰধান শিক্ষকক ৰফিকুল ইছলামে দিয়া নাই গুৰুত্ব৷

এই সন্দৰ্ভত বিভাগীয় কতৃপক্ষক ৰাইজে অভিযোগ দিছে যদিও বিভাগীয় কতৃপক্ষই গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে।সেয়ে ৰাইজ আৰু আমছুৰ লগতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে সাৱস্ত্য কৰিলে উত্তাল প্ৰতিবাদ

পিছে প্ৰশ্ন এই প্ৰতিবাদে গা-লৰিবনে শিক্ষা বিভাগৰ, ব্যৱস্থা গ্ৰহণ কৰিব দুৰ্নীতিপৰায়ণ শিক্ষকৰ বিৰুদ্ধে সেয়া হ’ব লক্ষণীয়।

নগৰবেৰাৰ পৰা আবুল হুছেইনৰ ৰিপৰ্ট

বৰক্ষেত্ৰীৰ চতেমাৰীস্থিত শ্ৰী শ্ৰী জগন্নাথ মন্দিৰৰ চতুৰ্থ বাৰ্ষিক অনুষ্ঠান সম্পন্ন…

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ চতেমাৰীত শ্ৰী শ্ৰীজগন্নাথ মন্দিৰৰ চতুৰ্থ বাৰ্ষিক ভাগৱত শোভাযাত্ৰা অনুষ্ঠানটো দিনজোৰা কাৰ্যসূচী আয়োজন কৰা হয়। এই উপলক্ষে ভক্তপ্ৰাণ ৰাইজে ৰাতিপুৱাৰে পৰা ভাগৱত শোভাযাত্ৰা, ভাগৱত পাঠ আদি বিস্তৃত কাৰ্যসূচীৰ আয়োজন কৰে।

এই শোভাযাত্ৰাত গাঁওখনৰ ডেকা-বুঢ়া-যুৱক-যুৱতী সকলে অংশগ্ৰহণ কৰে।পৰৰ্ৱতী সময়ত আয়তীৰ নাম, নাগাৰা নাম আদি কাৰ্যসূচীৰে ভক্তি ৰসত জীপাল হৈ পৰে অঞ্চলটো। অনুষ্ঠানটিত সন্ধিয়া উপস্থিত হয় বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মণ।

বিধায়কগৰাকীৰ সাৰুৱা জ্ঞানগৰ্ভ ধৰ্মীয় ভাষণে অঞ্চলবাসীক আপ্লুত কৰে। তাৰ পিছতেই ৰাইজৰ মাজত সোমাই পৰা বিধায়কগৰাকীয়ে অঞ্চলটোৰ লোকৰ মাজত উন্নয়ন সম্পৰ্কীয় মত বিনিময় কৰে।

কিৱি ফলৰ উপকাৰিতা কি কি জানো আহক…

কিৱি’- এবিধ অতি উপকাৰী ফল। আমদানিকৃত এই ফলবিধ মূলতঃ চীন দেশৰ চাং কিয়া ভেলীৰ (Shang Kiang Valley)। ১৯ শতিকাত ‘কিৱি’ ফলক চীন দেশৰ পৰা নিউজিলেণ্ডলৈ ৰপ্তানি কৰা হৈছিল, য’ত এই ফলবিধ অত্যধিক জনপ্রিয় হৈ পৰে। কিৱিৰ প্ৰথম বাণিজ্যিক ৰোপণ কৰা হৈছিল নিউজিলেণ্ডতে। এই ফলবিধক ‘কিৱি’ নামেৰে এই কাৰণে নামকৰণ কৰা হৈছে যে নিউজিলেণ্ড বাসীসকলক সমগ্র বিশ্বই কিৱি (Kiwi) উপনামেৰেই চিনি পায়। সেই কাৰণে মূলতঃ Chirose কৰ্জা টেঙা (Gooseberry) এই ফলবিধ নিউজিলেণ্ডৰ পৰা সমগ্র বিশ্বত জনপ্রিয় হোৱাৰ বাবে ইয়াৰ নামকৰণ হয় ‘কিৱি’ নামেৰে। বৰ্তমান আমাৰ উত্তৰ-পূবৰ অৰুণাচল প্ৰদেশত কিৱিৰ উৎপাদন কৰিবলৈ আৰম্ভ কৰা হৈছে।

বিদেশৰ এই জনপ্রিয় ফলবিধৰ গুণাগুণৰ বিষয়ে কিছু জানি লওঁ আহক-

  • কাঁহৰ পৰা সুৰক্ষা

বহু অধ্যয়ন তথা গৱেষণাৰ পৰা এই কথা প্ৰমাণিত হৈছে যে নিয়মিতভাৱে কিৱি ফল খালে কাহ, পানীলগা আদিৰ পৰা ৰক্ষা পাব পাৰি। কিৱি ফলত এন্টি অক্সিডেন্ট আৰু পলিফেনলছ মজুত থাকে। এই দুবিধ উপাদানে আমাক কাহ, চৰ্দি আদিৰ পৰা সুৰক্ষা দিয়ে।

  • নিদ্ৰাহীনতাৰ পৰা মুক্তি

টাইপেই মেডিকেল ইউনিভাৰচিটিয়ে কৰা গৱেষণা অনুসৰি কিৱি ফলত বহুকেইবিধ প্রয়োজনীয় উপাদান আছে। যিবিলাকৰ ভিতৰত এন্টি অক্সিডেণ্ট আৰু চেৰোট’নিন হৈছে নিদ্রাহীনতা ৰোগৰ চিকিৎসাত অতি প্রয়োজনীয়। কোৱা হয় যে ৰাতি শুবলৈ যোৱাৰ এঘন্টা আগতে যদি দুটা কিৱি ফল খোৱা হয়, তেন্তে ই সোনকালে টোপনি অহাত সহায় কৰে।

  • ভিটামিন ‘বি’ৰ উত্তম উৎস

কিৱি ফলত যথেষ্ট পৰিমাণে ভিটামিন “বি” পোৱা যায়। ভিটামিন ‘বি’ক ফলেট বুলিও কোৱা হয়। ই গৰ্ভৱতী মহিলাৰ বাবে অতি উপকাৰী। কাৰণ ফ’লেটে ভ্ৰূণৰ বিকাশত সহায় কৰে তথা ইয়াক সুস্থ কৰি ৰাখে। বাঢ়ি অহা শিশুৰ বিকাশতো ফ’লেটৰ ভূমিকা অতি গুৰুত্বপূর্ণ।

অসমত বলৱত্‍ হ’ল পৰিবহণ বিভাগৰ ‘স্ক্ৰেপ পলিচী…

 ‘স্ক্ৰেপ’ত পৰিণত হ’ব ১৫ বছৰ পুৰণি বাহন। অসমত বলৱত্‍ হ’ল পৰিবহণ বিভাগৰ ‘স্ক্ৰেপ পলিচী’। প্ৰথম পৰ্যায়ত চৰকাৰী বাহনসমূহ স্ক্ৰেপ কৰাৰ সিদ্ধন্ত। পৰ্যায়ক্ৰমে বাণিজ্যিক আৰু ব্যক্তিগত বাহনসমূহ ‘স্ক্ৰেপ’ কৰা হ’ব।

KD ইক’ ছিষ্টেম নামৰ প্ৰতিষ্ঠান এটাই ভাঙিব গাড়ীসমূহ। কেন্দ্ৰীয় চৰকাৰৰ RVSFৰ অধীনত ‘স্ক্ৰেপ’ কৰা হ’ব বাহনসমূহ। ‘স্ক্ৰেপ’ কৰা বাহনৰ গৰাকীয়ে লাভ কৰিব গাড়ীখনৰ চৰকাৰী মূল্য।

কাইলৈ ৫খন পৰিবহণ বিভাগৰ বাহন ‘স্ক্ৰেপ’ কৰিব এই নীতিৰ আধাৰত।

প্ৰাথমিক বিদ্যালয়ৰ ৮ হাজাৰ পদ বিলুপ্তিৰ সিদ্ধান্ত বাতিল কৰাৰ দাবী ডি ৱাই এফ আই আৰু এছ এফ আইৰ…

অসম চৰকাৰে ৮ হাজাৰ স্থায়ী শিক্ষকৰ পদ বিলুপ্ত কৰিবলৈ লোৱা হঠকাৰী সিদ্ধান্তক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই) আৰু ভাৰতৰ ছাত্ৰ ফেডাৰেছন (এছ এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ প্ৰতিবাদ জনাইছে আৰু এই সিদ্ধান্ত তৎকালে প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে।

চৰকাৰৰ এই সিদ্ধান্তক শিক্ষা বিৰোধী আৰু নিবনুৱা বিৰোধী সিদ্ধান্ত বুলি আখ্যা দিছে ডি ৱাই এফ আই আৰু এছ এফ আইয়ে। শিক্ষকৰ অভাৱত ৰাজ্যখনৰ শিক্ষা ব্যৱস্থা নিম্নগামী হৈ পৰা সময়তে শিক্ষক পদৰ বিলুপ্তিয়ে শিক্ষা ব্যৱস্থালৈ অধিক বিপৰ্যয় নমাই আনিব বুলি আশংকা প্ৰকাশ কৰিছে সংগঠন দুটাই।

এক যুটীয়া বিবৃতিত সংগঠন দুটাই কয়, “চৰকাৰৰ সিদ্ধান্ত মতে নিম্ন প্ৰাথমিকৰ ৪,২৮৫ টা আৰু উচ্চ প্ৰাথমিকৰ ৩,৭১৫ টা শিক্ষকৰ পদ বিলুপ্ত কৰিব। ৰাজ্যখনত হাজাৰ হাজাৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে শিক্ষক পদৰ চাকৰিৰ বাবে আশা পালি থকাৰ সময়তে চৰকাৰে এই সিদ্ধান্তৰে শিক্ষিত যুৱক-যুৱতীসকলৰ মূৰত ৰামটাঙোন সোধাইছে।”

বিবৃতিটোত লগতে কয়, “একেদৰে ত্ৰিশ সহস্ৰাধিক ঠিকাভিত্তিক শিক্ষকৰ জীৱনলৈ চৰকাৰে ভাবুকি কঢ়িয়াই আনিছে। ঠিকাভিত্তিক শিক্ষকসকলে চাকৰি নিশ্চিত কৰি নিৰাপত্তাৰ লগতে সকলো সা-সুবিধাৰে চাকৰি স্থায়ী কৰাৰ দাবী জনাই আহিছে।”

চৰকাৰী ধনে জধে-মধে খৰচ কৰা, পৰিকল্পনাহীন আৰু উনুৎপাদনশীল খণ্ডত ব্যয় কৰাৰ ফলত চৰকাৰৰ আৰ্থিক অৱস্থা গভীৰ সংকটত সোমাই পৰিছে আৰু এই সংকটৰ ফলতেই বিজেপি চৰকাৰখনে ব্যয় সংকোচন নীতি গ্ৰহণ কৰি শিক্ষকৰ স্থায়ী পদ বিলুপ্তিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি সংগঠন দুটাই অভিযোগ কৰিছে।

যুটীয়া বিবৃতিটোত লগতে সংগঠন দুটাই কয়, “ৰাজ্যখনত প্ৰায় ৪ সহস্ৰাধিক শিক্ষানুষ্ঠান এজনীয়া শিক্ষকৰে চলি আছে। এনে অৱস্থা চৰকাৰৰ সিদ্ধান্ত কেৱল শিক্ষা বিৰোধীয়ে নহয় ই চূড়ান্ত নিবনুৱা বিৰোধীও। এই সিদ্ধান্ত ৰাজহুৱা শিক্ষা ব্যৱস্থাক ধ্বংস কৰাৰ দিশত আৰু এখোজ আগুৱাই নিব।”