Breaking

কিৱি ফলৰ উপকাৰিতা কি কি জানো আহক…

0 266

কিৱি’- এবিধ অতি উপকাৰী ফল। আমদানিকৃত এই ফলবিধ মূলতঃ চীন দেশৰ চাং কিয়া ভেলীৰ (Shang Kiang Valley)। ১৯ শতিকাত ‘কিৱি’ ফলক চীন দেশৰ পৰা নিউজিলেণ্ডলৈ ৰপ্তানি কৰা হৈছিল, য’ত এই ফলবিধ অত্যধিক জনপ্রিয় হৈ পৰে। কিৱিৰ প্ৰথম বাণিজ্যিক ৰোপণ কৰা হৈছিল নিউজিলেণ্ডতে। এই ফলবিধক ‘কিৱি’ নামেৰে এই কাৰণে নামকৰণ কৰা হৈছে যে নিউজিলেণ্ড বাসীসকলক সমগ্র বিশ্বই কিৱি (Kiwi) উপনামেৰেই চিনি পায়। সেই কাৰণে মূলতঃ Chirose কৰ্জা টেঙা (Gooseberry) এই ফলবিধ নিউজিলেণ্ডৰ পৰা সমগ্র বিশ্বত জনপ্রিয় হোৱাৰ বাবে ইয়াৰ নামকৰণ হয় ‘কিৱি’ নামেৰে। বৰ্তমান আমাৰ উত্তৰ-পূবৰ অৰুণাচল প্ৰদেশত কিৱিৰ উৎপাদন কৰিবলৈ আৰম্ভ কৰা হৈছে।

বিদেশৰ এই জনপ্রিয় ফলবিধৰ গুণাগুণৰ বিষয়ে কিছু জানি লওঁ আহক-

  • কাঁহৰ পৰা সুৰক্ষা

বহু অধ্যয়ন তথা গৱেষণাৰ পৰা এই কথা প্ৰমাণিত হৈছে যে নিয়মিতভাৱে কিৱি ফল খালে কাহ, পানীলগা আদিৰ পৰা ৰক্ষা পাব পাৰি। কিৱি ফলত এন্টি অক্সিডেন্ট আৰু পলিফেনলছ মজুত থাকে। এই দুবিধ উপাদানে আমাক কাহ, চৰ্দি আদিৰ পৰা সুৰক্ষা দিয়ে।

  • নিদ্ৰাহীনতাৰ পৰা মুক্তি

টাইপেই মেডিকেল ইউনিভাৰচিটিয়ে কৰা গৱেষণা অনুসৰি কিৱি ফলত বহুকেইবিধ প্রয়োজনীয় উপাদান আছে। যিবিলাকৰ ভিতৰত এন্টি অক্সিডেণ্ট আৰু চেৰোট’নিন হৈছে নিদ্রাহীনতা ৰোগৰ চিকিৎসাত অতি প্রয়োজনীয়। কোৱা হয় যে ৰাতি শুবলৈ যোৱাৰ এঘন্টা আগতে যদি দুটা কিৱি ফল খোৱা হয়, তেন্তে ই সোনকালে টোপনি অহাত সহায় কৰে।

  • ভিটামিন ‘বি’ৰ উত্তম উৎস

কিৱি ফলত যথেষ্ট পৰিমাণে ভিটামিন “বি” পোৱা যায়। ভিটামিন ‘বি’ক ফলেট বুলিও কোৱা হয়। ই গৰ্ভৱতী মহিলাৰ বাবে অতি উপকাৰী। কাৰণ ফ’লেটে ভ্ৰূণৰ বিকাশত সহায় কৰে তথা ইয়াক সুস্থ কৰি ৰাখে। বাঢ়ি অহা শিশুৰ বিকাশতো ফ’লেটৰ ভূমিকা অতি গুৰুত্বপূর্ণ।

Leave A Reply