বিশিষ্ট অভিনেতা জয়ন্ত ভাগৱতী অসুস্থ । গীতানগৰস্থিত কে জি এম টি হাস্পতালত চিকিৎসাধীন শিল্পীগৰাকী ।
‘কৰ্ণাটকী সংগীতেৰে মুখৰিত মহানগৰীৰ শাৰদীয় আবেলি’
দক্ষিণ ভাৰতৰ প্ৰসিদ্ধ বাঁহীবাদক ‘মাইচোৰ এ চন্দনকুমাৰ’ৰ বাঁহীবাদনে মহানগৰীৰ শাৰদীয় পৰিবেশক অধিক মোহনীয় কৰি তোলে৷ অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ চৌহদত শাস্ত্ৰীয় সংগীত প্ৰচাৰৰ প্ৰতিষ্ঠান স্পিকমেকে সহযোগত আজি আবেলি অনুষ্ঠিত এখন সংগীত সভাত বিশ্ববিদ্যালয়ৰ ছাত্ৰ-শিক্ষক আৰু আমন্ত্ৰিত অতিথিৰ সন্মুখত শিল্পগৰাকীয়ে সংগীত পৰিবেশন কৰি সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে৷ ‘চিঙিং ফ্লুইট’ হিচাপে বিখ্যাত এই শিল্পীগৰাকী সংগীত নাটক অকাডেমিৰ বিচমিল্লাহ খান যুৱ পুৰষ্কাৰেৰে সন্মানিত৷ দেশ বিদেশৰ বহু সংগীতসভাত অংশগ্ৰহন কৰা এই শিল্পীগৰাকী আকাশবাণী আৰু দূৰদৰ্শনৰ এ গ্ৰেডৰ শিল্পী৷ চন্দনকুমাৰৰ পুৰুষসুলভ বাদনশৈলীৰ মূল বৈশিষ্ট হ’ল শক্তিশালী ৰেপ, গতিশীল সুৰ আৰু সতেজ সৃষ্টিশীলতা৷ তেওঁৰ উদ্ভাৱনী মনটোৱে সদায় নতুন দিগন্ত আৰু সতেজ বৰ্ণনাৰ সন্ধানত থাকে আৰু তেওঁৰ বাদনত তাৰ প্ৰতিফলন থাকে৷ শিল্পীৰ লগত সহযোগ কৰা এগৰাকী শিল্পী হ’ল বেহেলাবাদক ইদাপল্লি অজিত কুমাৰ৷ তেওঁ পণ্ডিত বালমূৰলী কৃষ্ণ, পণ্ডিত য়েচুদাস আদিৰ লগত দেশেবিদেশে সংগত কৰিছে৷ অনুষ্ঠানত মৃদংগমবাদনেৰে সহযোগ কৰিছিল বিদ্বান অৰ্জুন কুমাৰে৷ সংগীতা বড়োই পৰিচালনা কৰা এই অনুষ্ঠানটিৰ আঁত ধৰে হিমাস্মিতা ডেকা আৰু অভয়জিৎ পালে।
বিশ্ববিদ্যালয়ৰ ডীন অব ষ্টাডিজ প্ৰফেচৰ বন্দনা দত্তই শিল্পীকেইগৰাকীক সম্বদ্ধৰ্না জনায় আৰু ভবিষ্যতেও এনে সংগীতপৰিবেশনৰ বাবে আহ৩ান জনায়৷ শিল্পীকেইগৰাকীয়ে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক ধন্যবাদ জনায় শ্ৰোতাসকলৰ অংশগ্ৰহনৰ প্ৰশংসা কৰে৷ অনুষ্ঠানত প্ৰখ্যাত চৰোদ বাদক তৰুণ কলিতা, লেখক নম্ৰতা দত্ত, সাংবাদিক পংকজকুমাৰ দত্ত আদিও উপস্থিত থাকে৷
চাপৰত ড্ৰাগছৰ বিৰুদ্ধে অভিযানত আৰক্ষীয়ে পুনৰ আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী…
চাপৰত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান যোৱা নিশা চাপৰ আৰক্ষীয়ে পুনৰ চলালে ড্ৰাগছৰ বিৰুদ্ধে অভিযান । অভিযানত আৰক্ষীয়ে পুনৰ আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী ।

যোৱা নিশা চাপৰৰ মৌৱাটাৰীৰ পৰা আটক কৰে আন তিনিজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক । আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী কেইটা ক্ৰমে বিকি,জিয়াৰুল আৰু ইৰফান আলী তিনিওজনৰে ঘৰ চাপৰৰ মৌৱাটাৰীত বুলি জানিব পৰা গৈছে , বিষয়াগৰাকীৰ এই পদক্ষেপক সলাগ লৈছে চাপৰ সচেতন মহল তথা ৰাইজে ।

আনফালে ড্ৰাগছ বিৰোধী সজাগতা সভাত গঠন কৰি দিয়া সমিতিখনক প্ৰশংসা কৰে চাপৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে । লগতে অনাগত দিনত ড্ৰাগছৰ বিৰুদ্ধে এই অভিযান চলি থাকিব বুলি জানিব দিয়ে বিষয়াগৰাকীয়ে ।
BIG B অমিতাভ বচ্ছনে আজিও খায় পত্নীৰ গালি। কাৰণটো মোবাইল ফোন। বিশ্বাস হয়নে?
অমিতাভ আৰু জয়া, বলিউডৰ তাৰকা দম্পত্তিসকলৰ ভিতৰত অন্যতম।
কিন্তু বলিউডৰ বিগবি অমিতাভ বচ্ছনেও মাজে মাজে গালি শুনিব লগা হয় পত্নী জয়াৰ। কিন্তু কি পৰিস্থিতিত জয়াই অমিতাভক গালি দিয়ে? শেহতীয়াকৈ কেবিচিৰ এগৰাকী প্ৰতিযোগীয়ে এই প্ৰশ্ন সুধে বিগ বিক। তাৰ উত্তৰত বিগ বিয়ে কয় যে যেতিয়া জয়াৰ ফোন কল অমিতাভে নধৰে, তেতিয়াই তেওঁৰ পত্নীৰ পৰা গালি শুনিব লগা হয়।
”মই ভাবো, সকলো পুৰুষেই মোৰ স’তে সহমত হ’ব। সেইফালৰ পৰা ফোন আহিল। আৰু আপুনি সেই ফোন কলটো ধৰিব নোৱাৰিলে। বচ্, তেনেহ’লে হৈ গ’ল আৰু!’’- বিগ বিয়ে কয়।
বিগবিয়ে কয় যে পত্নী জয়াই যেতিয়াই ফোন কৰিব, তেতিয়াই সেই ফোন কলটো তেওঁ ধৰিব লাগিব। অন্যথা তীব্ৰ গালি শুনিব লগা হয়।
ছৱিৰ শ্বুটিংঙৰ মাজতো বিগবিয়ে পত্নী জয়াৰ ফোনকল চম্ভালিব লগা হয়। ব্যস্ততাৰ মাজতো যাতে জয়াৰ ফোন মিছ নহয়, সেইবাবে এটা উপায় অবলম্বন কৰিছে তেওঁ।
”মোৰ চেক্ৰেটাৰীক কোৱা আছে যে জয়াৰ ফোন আহিলে যাতে ৰিচিভ কৰে। মই কি কৰিছো, ক’ত আছো, সকলো যাতে তেওঁক জনাই দিয়ে।’’- বিগ বিয়ে কয়।
কিন্তু ইয়াৰ পাছতো জয়াৰ গালি শুনে বিগবিয়ে। জয়াই বিগবিৰ আগত আপত্তি কৰে যে নিজৰ স্বামীৰ স’তে কথা পাতিবলৈও পত্নীয়ে চেক্ৰেটাৰীৰ জৰিয়তে সংযোগ কৰিব লগা হৈছে।
বিগ বিৰ এই উত্তৰ শুনি অনুৰাগীসকলে হাঁহিত বাগৰি পৰে। উল্লেখ্য যে শুক্ৰবাৰে বিগবিৰ এখন নতুন ছৱি ‘উঁচাই’ মুক্তি লাভ কৰিছে। বৃহসপ্তিবাৰে ছৱিখনৰ বিশেষ প্ৰদৰ্শনিত উপস্থিত আছিল জয়া বচ্ছন।
প্ৰাক্তন প্ৰেমিক ৰোহমানৰ সৈতে সুস্মিতা সেনৰ ৪৭ সংখ্যক জন্মদিনৰ পৰিকল্পনা…
সুস্মিতা সেনৰ ৪৭ সংখ্যক জন্মদিনৰ পৰিকল্পনা পোষ্ট: বলীউডৰ অভিনেত্ৰী সুষমিতা সেনৰ কামৰ ওপৰত আলোচনা অব্যাহত আছে। ইয়াৰ লগতে তেওঁৰ ব্যক্তিগত জীৱনটোও চহৰখনৰ চৰ্চা হৈয়েই আছে। ছচিয়েল মিডিয়াত প্ৰায়ে তেওঁলোকৰ সম্পৰ্কৰ খবৰ ওলায়। বিগত সময়ত ললিত মোডীৰ সৈতে নিজৰ নাম সংযোগ কৰাৰ বাবে তেওঁক ট্ৰ’ল কৰিবলগীয়া হৈছিল। একে সময়তে বৰ্তমানৰ দিনত অভিনেত্ৰীগৰাকীক অতি সুখী যেন লাগিছে।

শীঘ্ৰে ৪৭ বছৰত ভৰি দিবলৈ ওলাইছে সুস্মিতা সেন। অহা ১৯ নৱেম্বৰত অভিনেত্ৰীগৰাকীৰ জন্মদিন। অৱশ্যে প্ৰায় এসপ্তাহ আগতে তেওঁৰ জন্মদিনক লৈ তেওঁৰ উত্তেজনা দেখাবলৈ আৰম্ভ কৰিছে। কেৱল এয়াই নহয়, জন্মদিন উদযাপন কৰিবলৈ তাই বহিঃৰাজ্যলৈ গৈছে। আচলতে সুস্মিতাই ইনষ্টাগ্ৰামত এটা পোষ্ট দিছে, য’ত তেওঁ জন্মদিন উদযাপনৰ বাবে বিদেশলৈ যোৱাৰ কথা কৈছে।

তেওঁ লিখিছে, ‘যাবলৈ সাজু। জন্মদিন উদযাপনৰ বাবে এসপ্তাহৰ কাউণ্টডাউন আৰম্ভ হয়। জন্মদিনটো মোৰ বৰ ভাল লাগে। মই তোমালোকক ভাল পাওঁ বন্ধুসকল’। ইয়াৰ সৈতে এখন ছবি শ্বেয়াৰ কৰিছে, য’ত তেওঁক ছুট-বুট পিন্ধি, চকুত গগলছ পিন্ধি, সম্পূৰ্ণ লেডী বছ লুকত দেখা গৈছে।
কেদাৰনাথ মন্দিৰৰ চৌপাশে পাহাৰত ভয়ংকৰ হিমস্খলন…
কেদাৰনাথ পাহাৰত ভয়ংকৰ হিমস্খলন। বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৬.৩০ বজাত কেদাৰনাথ মন্দিৰৰ চৌপাশে হিমস্খলন হোৱা দেখিবলৈ পোৱা যায়। সামাজিক মাধ্যমত এতিয়া ভাইৰেল হৈ পৰিছে হিমস্খলনৰ ভিডিঅ’।

কোনোধৰণৰ ক্ষয়- ক্ষতিৰ কথা জানিব পৰা হোৱা নাই যদিও মন্দিৰ কৰ্তৃপক্ষই এতিয়াও নিৰীক্ষণ কৰি আছে।

উল্লেখ্য যে, বৰ্ধিত জনসংখ্যা আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত হিমালয়ৰ সৰহ সংখ্যক হিমবাহ দ্ৰুতগতিত গলিবলৈ ধৰিছে।
যৌন ৰোগ অৱহেলা কৰিলে মাৰাত্মক ৰূপ ধাৰণ কৰিব পাৰে…
যৌন ৰোগ কেৱল অসুৰক্ষিত যৌন সম্বন্ধৰ ফলতেই নহয়, অন্য কাৰণতো হয়। সেয়ে সময় থাকোঁতেই ইয়াৰ পৰীক্ষা আৰু চিকিৎসা কৰাব লাগে, অন্যথা ইয়াৰ পৰিণাম ভয়ানক হ’বগৈ পাৰে।
যৌন ৰোগত সংক্ৰমিত মহিলা বা যুৱতীৰ সৈতে যদি কোনো লোকে অসুৰক্ষিত যৌন সম্পৰ্ক স্থাপন কৰে তেন্তে তেওঁৰ শৰীৰলৈ যৌন ৰোগৰ সংক্ৰমণ হ’ব পাৰে। যৌন ৰোগ চিনাক্ত কৰি তৎকালীনভাৱে চিকিৎসা নল’লে শৰীৰৰ বিভিন্ন অংগলৈ এই ৰোগ বিয়পি পৰে আৰু ৰোগী মৃত্যু মুখতো পৰিব পাৰে।

সমগ্ৰ বিশ্বতেই যৌন ৰোগ একে সমস্যাতো পৰিণত হৈছে। এই ৰোগ ২৫ টা বেলেগ বেলেগ প্ৰকাৰৰ সংক্ৰমণৰ দ্বাৰা হয়। ছিফিলিচ আৰু গণোৰিয়া ৰোগৰ আগতে মহিলাসকল অধিক আক্ৰান্ত হৈছিল। এন্টিবায়’টিক ঔষধৰ দ্বাৰা এতিয়া এই ৰোগক নিয়ন্ত্ৰিত কৰিব পৰা হৈছে।
উন্নত দেশসমূহত হোৱা যৌন ৰোগৰ ভিতৰত ক্লেমাইডিয়া, ননস্পেচিফিক, ইউৰেটাইটিচ, জেনাইটেল হাৰ্পিজ আৰু জেনাইটেল ৱাৰ্টচ আদিয়ে প্ৰধান। ১৯৬০ চনৰ পৰা ১৯৭০ দশকত যেতিয়া মহিলাসকলে গৰ্ভনিৰোধৰ বাবে কনডোমৰ ব্যৱহাৰ এৰি গৰ্ভনিৰোধক টেবলেট খোৱা আৰম্ভ কৰিছিল তেতিয়া এই ৰোগবিলাক সমগ্ৰ বিশ্বতে অত্যাধিক মাত্ৰাত বৃদ্ধি পাইছিল। ক্লেমাইডিয়া আৰু জেনাইটেল হাৰ্পিজ ৰোগ ১৯৮০ ৰ পৰা ৯০ ৰ দশকত অতি মাত্ৰাত বিয়পি পৰিছিল। অনেক সময়ত ক্লেমাইডিয়া ৰোগ বন্ধ্যা আৰু নপুংসকতাৰ কাৰণো হয়গৈ। সেয়ে পশ্চিমীয়া উন্নত ৰাষ্ট্ৰসমূহৰ চৰকাৰী চিকিৎসালয়সমূহত প্ৰতি ছমাহৰ অন্তৰে অন্তৰে যৌন ৰোগৰ বিনামূলীয়া পৰীক্ষা আৰু চিকিৎসা কৰা হয়। পুৰণা যৌন ৰোগৰ দৰে এই ৰোগকেইটাৰ লক্ষণো সহজতে দেখা নিদিয়ে আৰু বহুত কম পৰিমাণেহে লক্ষণ পৰিলক্ষিত হয়।

অধিকাংশ যৌন ৰোগ সংক্ৰমিত ব্যক্তিৰ সৈতে যৌন সম্ভোগ কৰিলেহে হয়। ইয়াৰ বাদেও হেপাটাইটিচ ‘বি’ আৰু এইচ আই ভি আদি ৰোগ যৌন সম্পৰ্কৰ যোগেদি বিয়পে। ৰোগৰ সংক্ৰমণ কেৱল শাৰিৰীক সম্বন্ধ স্থাপন কৰিলেই নহয় সংক্ৰমিত ব্যক্তিৰ পৰা তেজ ল’লে, সংক্ৰমিত ছিৰিঞ্জ ব্যৱহাৰ কৰিলেও এনেবোৰ ৰোগ হয়। এনে ধৰণৰ ৰোগ গৰ্ভত থকা শিশুৰো হয়।
যদি আপুনি যৌন ৰোগত আক্ৰান্ত হৈছে বুলি অনুমান কৰিছে, তেন্তে পলম নকৰি চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰাই সু-চিকিৎসা লওক। তেজ, মূত্ৰ পৰীক্ষা কৰিও ৰোগ ধৰা পেলোৱা হয়। প্ৰাৰম্ভিক অৱস্থাত এন্টিবায়টিক ঔষধৰ দ্বাৰাই এই ৰোগ ঠিক হৈ যায়, কিন্তু জেনাইটেল হাৰ্পিজৰ কোনো চিকিৎসা নাই। ঔষধৰ দ্বাৰা মাথো ইয়াক নিয়ন্ত্ৰতহে ৰাখিব পৰা যায়। আপুনি আপোনাৰ যৌন সংগীগৰাকীৰো পৰীক্ষা কৰাই ল’ব।
যৌন ৰোগৰ দ্বাৰা সংক্ৰমিত হ’লে লগে লগেই চিকিৎসা আৰম্ভ কৰি দিব লাগে। যৌন ৰোগত আক্ৰান্ত মহিলাৰ চিকিৎসা নকৰালে পেলভিক ক্ষেত্ৰতো ৰোগে ভয়ানক ৰূপ ধাৰণ কৰিব পাৰে। ৰোগ বিয়পোৱা বেক্টেৰিয়াই পেলভিক কেভিটি লৈকে প্ৰৱেশ কৰি ডিম্ববাহী নলী (ফেলোপিয়ন টিউব) পৰ্যন্ত ক্ষতি কৰে। এই নলী সংক্ৰমিত হ’লে নলী বন্ধ হৈ মহিলাগৰাকী বন্ধ্যা হ’ব পাৰে।

যৌন ৰোগৰ পৰা হাত সাৰি থাকিবলৈ হ’লে অচিনাকি সংগীৰ সৈতে যৌন সম্ভোগত ৰত নোহোৱাই উত্তম। কিন্তু এয়া সম্ভৱপৰ নহয়। কোন যুৱতী বা মহিলাৰ যৌন ৰোগ আছে, আপুনি ওপৰেদি চাই অনুমানেইস কৰিব নোৱাৰিব। অধিকাংশ মডেল, চলচিত্ৰাভিনেত্ৰী, মিল-ফেক্টৰীৰ বনুৱা, বনুৱা, কলগাৰ্ল, পতিতা, সুৰাসক্ত নাৰী-যুৱতী, ড্ৰাগছ লোৱা মহিলা-যুৱতীসকল এই ৰোগত অধিককৈ ভোগে আৰু অন্যৰ শৰীৰলৈকো এই ৰোগ বিয়পায়। চহৰত ধুন পেচ মাৰি ঘূৰি ফুৰা যুৱতীসকলক চাই প্ৰলোভিত নহ’ব। এনে যুৱতীসকলৰ অধিকাংশই ধনৰ লোভত শৰীৰ বিক্ৰী কৰি ফুৰে। যৌন সম্বন্ধ স্থাপন কৰাৰ পূৰ্বে কিছু সাৱধানতা অৱলম্বন কৰিলে এই ৰোগৰ পৰা বাচি থাকিব পাৰিব।
- অধিক মহিলা-যুৱতীৰ সৈতে সম্ভোগ নকৰিব। যৌন সংগীৰ নিৰ্বাচন চিন্তা কৰিহে কৰিব।
- সম্ভোগ কৰোতে কণ্ডোম ব্যৱহাৰ কৰিব।
- সম্ভোগৰ পিছত নিজ গুপাংগ ভালকৈ ধুই পৰিষ্কাৰ কৰি ল’ব।
- মুখ মৈথুন, বা গুহ্য দ্বাৰেৰে মৈথুন কৰিলে লগে লগেই পুৰুষাংগ ধুই এন্টিচেপটিক ক্ৰীম বা লোচন লগাব।
কেইটামান যৌন ৰোগৰ সাধাৰণ লক্ষণ ক্লেমাইডিয়া
ইয়াৰ লক্ষণ হৈছে যোনিৰ পৰা স্ৰাৱ অধিক মাত্ৰাত নিৰ্গত হ’ব। প্ৰস্ৰাৱ ঘনাই হ’ব। তল পেটত বিষ অনুভৱ হ’ব। যৌন সম্ভোগৰ সময়ত বিষ হ’ব। গৰ্ভধাৰণত অসফলত আহিব। পুৰুষসকলৰ লিঙ্গেৰে স্ৰাৱ নিৰ্গত হ’ব। প্ৰস্ৰাৱ কৰোতে জ্বলন হ’ব। এন্টিবায়টিক টেবলেট সেৱন কৰিলেই এই ৰোগৰ পৰা নিস্তাৰ পোৱা যায়।
জেনাইটেল ৱাটৰ্চ
এই সংক্ৰমণৰ ফলত যৌনাংগত গুটি গুটিৰ নিচিনা হয়, এই বিলাকত কোনো বিষ নহয়, কিন্তু হঠাতে খজুৱতি হ’ব পাৰে। ই বিলাক পোডোফিলিন বা তৰল নাইট্ৰ’জন দি শুকুৱাব পাৰি। বহুতৰ এই শুকাই যোৱা গুটিবিলাক পুনৰ উদ্ভৱ হয়।

ছিফিলিচ
লিংগ, যোনি, ডিঙি, গুহ্য দ্বাৰত ঘা হয়। ছাল ফাটি ফাটি যায়। জ্বৰ, কাহ, মূৰৰ বিষ হয়। হাড় পৰ্যন্ত বিষায়, ভোক নালাগে, এলাহ লাগি থাকি। পেনিচিলিন বা অন্য এন্টিবায়টিক ঔষধেৰে এই ৰোগ নিৰাময় কৰিব পাৰি। ৰোগ অধিক বৃদ্ধি পাই গ’লে অংগৰ হানি হ’ব পাৰে, চিকিৎসাও অসম্ভৱ হৈ উঠিব পাৰে।
পিউবিক লাইচ
পৰজীৱি কীটাণুৰ দ্বাৰা এই ৰোগ হয়। যৌন সম্ভোগ কালত এই কীটাণু প্ৰৱেশ কৰে। খজুৱতি হয়, জাঙ্গিয়াত কলা পাউদাৰৰ দৰে এক পদাৰ্থ জমা হয়। গুপাংগত যৌন কেশ থাকিলে দুৰ্গন্ধ ওলায়। গুপাংগ ঔষধ যুক্ত চেম্পুৰে ধুব লাগে। জাংগিয়া, বেডছিট, টাবেল আদি গৰম পানীৰে ধুই পৰিষ্কাৰ কৰি ৰাখিব লাগে।
জেনাইটেল হাৰ্পিজ
গুপাংগত খজুৱতি হয়, গুহ্য দ্বাৰ, যৌনাংগত পানী যুক্ত ফোঁহাৰ উদ্ভৱ হয়। জ্বৰ, কাহ, পিঠি আৰু মূৰৰ বিষ হয়। এন্টিভাইৰেল ঔষধ ব্যৱহাৰ কৰিলে সংক্ৰমণ কমে।
নন্স্পেছিফিক ইউৰেটাইটিচ
মূত্ৰ ত্যাগৰ সময়ত জ্বলন হয়। লিংগৰে বগা স্ৰাৱ নিৰ্গত হয়। বাৰম্বাৰ মূত্ৰ ত্যাগ কৰিব লগীয়া হয়। এন্টিবায়টিক টেবলেটৰ দ্বাৰা এই ৰোগ ঠিক হৈ যায়।
গণোৰিয়া
লিংগৰে বগা তৰল পদাৰ্থ নিৰ্গত হয়। মূত্ৰ ত্যাগ কৰোতে কষ্ট অনুভৱ হয়। গুহ্য দ্বাৰত যন্ত্ৰণা হয়। মহিলাৰ ক্ষেত্ৰতো একেই দশা। এন্টিবায়টিক ঔষধেৰেই এই ৰোগক নিয়ন্ত্ৰণলৈ আনিব পাৰি।
লিখক: এম এ ছাত্তাৰ
পেটৰ চৰ্বি স্বাস্থ্যৰ বাবে কিমান বিপজ্জনক জানো আহক…
আমাৰ দেশৰ অধিকাংশ মানুহৰে পেটত অতিৰিক্ত চৰ্বি আছে। অতিৰিক্ত পেটৰ চৰ্বিয়ে দেহৰ সৌন্দৰ্য নষ্ট কৰে। সেইবাবে বেছিভাগ মানুহেই নানা ধৰণৰ ঢিলা আৱৰণেৰে নিজৰ বাঢ়ি অহা পেটটো(বেলী ফেট) ঢাকিবলৈ চেষ্টা কৰে। কিন্তু সৰহসংখ্যকে মানুহেই এইটো উপলব্ধি নকৰে যে অতিৰিক্ত চৰ্বিয়ে অকল দেহৰ সৌন্দৰ্য নষ্ট কৰাই নহয়, অতিৰিক্ত পেটৰ চৰ্বিয়ে ভয়ংকৰভাৱে স্বাস্থ্যৰ হানি কৰিব পাৰেগ। বিভিন্ন বৈজ্ঞানিক গৱেষনাত প্ৰমাণ হৈছে যে অতিৰিক্ত দেহৰ চৰ্বি অস্বাস্থ্যকৰ, বিশেষকৈ অতিৰিক্ত পেটৰ চৰ্বিয়ে নানা ভয়ংকৰ ৰোগৰ সৃষ্টি কৰিব পাৰে।

পেটৰ চৰ্বি দুই প্ৰকাৰৰ –
প্ৰথম বিধক ছাবকিউটেনিয়াছ ফেট বুলি কোৱা হয়, যি পেটৰ ছালৰ তলত আৰু পেটৰ মাংসপেশীৰ ওপৰত থাকে। এইবিধ ফেট বা চৰ্বিয়ে আমাৰ পেটৰ মাংসপেশীৰ ঢাকি ৰাখে। এইবিধ পেটৰ চৰ্বিৰ পৰিমাণ কমি অহাৰ লগে লগে তলৰ মাংসপেশী সুন্দৰকৈ দেখা পোৱা যায়, যাক ইংৰাজীত ‘ছিক্সপেক এব’ বুলি কোৱা হয়।
দ্বিতীয়বিধ চৰ্বিক ‘ভিছাৰেল ফেট’ বুলি কোৱা হয়, যি পেটৰ ভিতৰত অন্ত্ৰ, যকৃত, বৃক্ক আদিক আৱৰি থাকে। এই ভিছাৰেল ফেটৰ বাবে পেটটো বাহিৰলৈ বেছিকৈ ওলাই আহে। পেটটো হাতেৰে হেঁচিলে কিন্তু টান যেন লাগে। এনেধৰণৰ বাঢ়ি অহা পেটক ইংৰাজীত ‘বীয়েৰ বেলী’ বুলিও কোৱা হয়। ছাবকিউটেনিয়াছ আৰু ভিছাৰেল, দুয়োবিধ চৰ্বিয়েই জটিল ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। ছাবকিউটেনিয়াছ ফেটতকৈ অতিৰিক্ত ভিছাৰেল ফেট স্বাস্থ্যৰ বাবে বেছি ভয়ানক।

অতিৰিক্ত পেটৰ চৰ্বি কিয় ইমান ভয়ানক –
অতিৰিক্ত পেটৰ চৰ্বিয়ে হৃদৰোগ, ডায়েবেটিছ, উচ্চ ৰক্তচাপ, ষ্ট্ৰ’ক, বিভিন্ন ধৰণৰ কৰ্কট ৰোগ আৰু শ্লীপ এপনীয়া(ৰাতি শুই থাকোঁতে কেইছেকেণ্ড মানৰ কাৰণে উশাহ বন্ধ হৈ যোৱা) আৰু অকাল মৃত্যুৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি কৰে।
খীন ব্যক্তিৰো ভিছাৰেল ফেট থাকিব পাৰে। বাহিৰৰ পৰা পেটৰ চৰ্বি নেদেখিলেও পেটৰ ভিতৰত চৰ্বি থাকিব পাৰে। সেইবাবে খীণ ব্যক্তিয়েও ডায়েবেটিছ আৰু হৃদৰোগত ভুগিব পাৰে। ভিছাৰেল ফেটে আমাৰ শৰীৰত প্ৰদাহ(ইনফ্লেমেচ’ন) সৃষ্টি কৰে। অতিৰিক্ত পেটৰ চৰ্বিয়ে ৰক্তত ট্ৰাইগ্লিছাৰাইড, কলেষ্টেৰল, চেনিৰ মাত্ৰা আৰু ৰক্তচাপ বৃদ্ধি কৰে। আনহাতে শৰীৰৰ বাবে উপকাৰী হাই ডেনচিটী লাইপ’প্ৰটিন(এইচ ডি এল) হ্ৰাস কৰে, এইচ ডি এলে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে। তদুপৰি অতিৰিক্ত পেটৰ চৰ্বিয়ে স্মৃতিশক্তি হ্ৰাস কৰে।

পেটৰ চৰ্বিৰ কেনেকৈ জোখ ল’ব –
সৰ্বসাধাৰণ মানুহৰ মাজত এটা ভুল ধাৰণা আছে যে যিসকলে ব্যক্তিৰ দেহৰ ওজন বেছি বা মেদবহুল ব্যক্তিৰ পেটৰ চৰ্বিও, বিশেষকৈ ভিছাৰেল ফেটো বেছি। কিন্তু প্ৰকৃততে সেইটো নহয়। খীণ বা শকত দুয়োবিধ ব্যক্তিৰে অতিৰিক্ত পেটৰ চৰ্বি হ’ব পাৰে।
১)কঁকাল আৰু নিতম্বৰ অনুপাত(ৱেইষ্ট টু হিপ ৰেচিও)- খুব সহজতে আৰু ঘৰতে এই জোখ ল’ব পাৰি। প্ৰথমতে চিধাকৈ থিয় হৈ নাভিৰ সমানত কঁকালৰ বা পেটৰ জোখ লওক। জোখ ল’বৰ সময়ত পেটটো স্বাভাৱিক অৱস্থাত ৰাখিব। তাৰ পিছত নিতম্বৰ(হিপছ) আটাইতকৈ বহল অংশত জোখ ল’ব। এতিয়া পেট বা কঁকালৰ জোখেৰে হৰণ কৰক। উদাহৰণ স্বৰূপে- কঁকালৰ জোখ(ইঞ্চি) নিতম্বৰ জোখ(ইঞ্চিত)=অনুপাত(ৰেচিও)। পুৰুষৰ ক্ষেত্ৰত যদি অনুপাত ০.৯৫ আৰু মহিলাৰ ক্ষেত্ৰত যদি ০.৮৫ তকৈ বেছি হয়, তেন্তে হৃদৰোগ আৰু ষ্ট্ৰ’কৰ সম্ভাৱনা বৃদ্ধি পাব। জোখ ল’বলৈ কাপোৰ জোখা টেপ বা ফিতা ব্যৱহাৰ কৰা হয়।
২)কঁকালৰ জোখ:
আন এটা একেবাৰে সহজ পদ্ধতি হৈছে অকল কঁকালৰ জোখ লোৱা। প্ৰথমে খালি ভৰিৰে দুয়োটা ভৰি একেলগ কৰি থিয় হৈ ল’ব। পেটটো উদঙাই ল’ব। উশাহ এৰি লৈ কাপোৰ জোখা ফিতা বা টেপ দি নাভিৰ সমানত কঁকালৰ জোখ লওক। মন কৰিব যাতে টেপডাল মাটিৰ সমান্তৰালকৈ থাকে।
এতিয়া এক ইঞ্চিৰ দহ ভাগৰ এভাগলৈকে জোখ লওক। পুৰুষৰ ক্ষেত্ৰত ৪০ ইঞ্চি বা তাতকৈ বেছি হ’লে আৰু মহিলাৰ ক্ষেত্ৰত ৩৫ ইঞ্চি বা তাতকৈ বেছি হ’লে হৃদৰোগৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পাব। তাৰ উপৰি চিটিস্কেন, এম আৰ আই, ডেক্সাস্কেন আদি যন্ত্ৰৰ সহায়ত পেটৰ চৰ্বিৰ মাত্ৰাৰ জোখ ল’ব পাৰি। কিন্তু এইবিলাক পদ্ধতি যথেষ্ট ব্যয়বহুল।
অতিৰিক্ত পেটৰ চৰ্বি হোৱাৰ কাৰণসমূহ –
১)ভাৰতীয়সকলে পেটত অধিক চৰ্বি হোৱা জীন বংশানুক্ৰমে কঢ়িয়ায়। সেইবাবে আমাৰ পেটত চৰ্বি হোৱাৰ সম্ভাৱনা খুব বেছি।
২)অধিক শ্বেতসাৰ জাতীয়(কাৰ্বহাইড্ৰেট) খাদ্য গ্ৰহণ কৰা। ভাৰতীয়সকলৰ আহাৰৰ প্ৰধান উপাদান যেনে- ভাত, ৰুটী, ড’চা, ইউলি আদি শ্বেতসাৰ জাতীয় খাদ্য। এই শ্বেতসাৰ জাতীয় খাদ্য খুব বেছি পৰিমাণে দিনটো খোৱা হয়। অধিক শ্বেতসাৰ জাতীয় খাদ্য আৰু লগতে চেনি বা আন চেনি মিহলোৱা খাদ্য বা পানীয়েই পেটৰ চৰ্বি বৃদ্ধি কৰে। শীতল পানীয় বিশেষ অপকাৰী।

৩)খাদ্যৰ পৰিমাণ- আমি যদি আমাৰ শৰীৰক লগাতকৈ বেছি পৰিমাণৰ খাদ্য গ্ৰহণ কৰো, তেন্তে শৰীৰক নলগা খাদ্য বা শক্তিখিনি চৰ্বি হিচাপে জমা হৈ থাকিব। অৰ্থাৎ আমি যিমানখিনি কেলৰি গ্ৰহণ কৰো সিমানখিনি যদি খৰচ কৰিব নোৰাৰোঁ তেনেহ’লে সেই বাকী থকা কেলৰিখিনি চৰ্বি থকা কেলৰিখিনি চৰ্বি হিচাপে জমা হৈ থাকিব। কেলৰি হ’ল শক্তিৰ এটা একক(ইউনিট) প্ৰত্যেক খাদ্য বস্তুতে বিভিন্ন পৰিমাণৰ কেলৰি উৎপন্ন হয়।
এজন ব্যক্তিয়ে দিনটোত কিমান কেলৰি আৱশ্যক সেইটো ব্যক্তিজনৰ ওজন, উচ্চতা, লিংগ, বয়স আৰু কি ধৰণৰ পৰিশ্ৰম কৰে তাৰ ওপৰত নিৰ্ভৰ কৰে। এজন অফিচত বহি কাম কৰা ব্যক্তিতকৈ এজন পথাৰত কাম কৰা খেতিয়কৰ কেলৰিৰ পৰিমাণ বেছি হ’ব।
৪)বয়সেও পেটৰ চৰ্বি হোৱাত যথেষ্ট প্ৰভাৱ পেলায়। বয়স বাঢ়ি অহাৰ লগে লগে শৰীৰৰ ক্ৰিয়া প্ৰক্ৰিয়া(মেটাব’লিজিম)বোৰ মন্থৰ হৈ আহে। এজন ব্যক্তিৰ ৩০ বছৰ বয়সত যিমানখিনি কেলৰিৰ প্ৰয়োজন আছিল ৫০ বছৰ বয়সত তাতকৈ কম কেলৰিৰ প্ৰয়োজন। যদি একে সমান কেলৰি গ্ৰহণ কৰি থাকে, তেন্তে পেটৰ চৰ্বি বাঢ়ি যাব।
৫)অত্যধিক সুৰাপানে পেটৰ চৰ্বি বৃদ্ধি কৰে। যাক ‘বীয়েৰ বেলী’ বুলি কোৱা হয়। অকল বীয়েৰেই নহয়। সকলো প্ৰকাৰৰ সুৰাই পেটৰ চৰ্বি বৃদ্ধি কৰে।
‘পেটৰ চৰ্বি কেনেকৈ কমাব’ এই বিষয়ে পৰৱৰ্তী সংখ্যাত পাব।
লেখক: ডাঃ চন্দন বৰুৱা
মাৰ্কিন কোষাগাৰ সচিব জেনেট য়েলেনে দিল্লীত ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰে আলোচনাত মিলিত হ’ল…
ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনৈতিক বিত্তীয় অংশীদাৰিত্বৰ ৯ম সংখ্যক বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোষাগাৰ সচিব জেনেট য়েলেনে আজি নতুন দিল্লীত এক আলোচনাত মিলিত হয়। ইয়েলেন দিনজোৰা ভাৰত ভ্ৰমণৰ কাৰ্যসূচীলৈ নতুন দিল্লীত উপস্থিত হৈছে।

বিত্ত মন্ত্ৰালয়ে এক টুইটযোগে কয়, “কেন্দ্ৰীয় বিত্ত মন্ত্ৰী এন সীতাৰমণ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোষাগাৰ সচিব ড০ জেনেট য়েলেনে আজি নতুন দিল্লীত ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনৈতিক বিত্তীয় অংশীদাৰিত্ব ইএফপিৰ ৯ ম সংখ্যক বৈঠকৰ পূৰ্বে বৈঠকত মিলিত হয়।” মন্ত্ৰালয়ে কয় যে ৯ ম ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইএফপি বৈঠকত দুয়োপক্ষই জলবায়ু, বিত্ত, বহুপাক্ষিক বিষয়, জি-২০ত ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ সহযোগিতাকে ধৰি পাৰস্পৰিক স্বাৰ্থৰ বিষয়সমূহ আলোচনা কৰিব।

ভাৰতৰ অংশীদাৰিত্ব, কৰ, যোগান শৃংখলাৰ স্থিতিস্থাপকতা, গোলকীয় অৰ্থনীতি আৰু সামগ্ৰীক অৰ্থনৈতিক দৃষ্টিভংগীৰ বিষয়েও এই বৈঠকত আলোচনা হ’ব। মন্ত্ৰালয়ে কয়, “৯ম ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইএফপি বৈঠকৰ সময়ত নিৰ্মলা সীতাৰমণ আৰু ড০ জেনেট য়েলেনেও শীৰ্ষ ব্যৱসায়িক নেতা আৰু বিশিষ্ট অৰ্থনীতিবিদসকলৰ সৈতে ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যৱসায় আৰু অৰ্থনৈতিক সুযোগ সম্পৰ্কীয় এক বাৰ্তালাপত অংশগ্ৰহণ কৰিব।”
জৰ্ডানৰ আম্মানত অনুষ্ঠিত এছিয়ান চেম্পিয়নশ্বিপত স্বৰ্ণ জিনিলে লাভলীনাই…
অৱশেষত অন্ত পৰিল অপেক্ষাৰ। ঘৰ্মলৈ উভতিল অসম তৰুণী লাভলীনা। বিগত কেইখনমান প্ৰতিযোগিতাত আশানুৰূপ প্ৰদৰ্শন আগবঢ়োৱাত ব্যৰ্থ হৈ পদকহীন হৈ ৰোৱা অলিম্পিক ব্ৰঞ্জ বিজয়ী তাৰকা বক্সাৰগৰাকীয়ে অৱশেশত জৰ্ডান ভূমিত অন্ত পেলালে এই ব্যৰ্থতাৰ।

জৰ্ডানৰ আম্মানত অনুষ্ঠিত হৈ থকা এছিয়ান বক্সিং চেম্পিয়নশ্বিপত শুকুৰবাৰে ভাৰতীয় বক্সাৰগৰাকীয়ে ৭৫ কিলোগ্ৰাম শাখাত স্বৰ্ণ জয়েৰে ৰাজ্যৰ লগতে দেশকো পুনৰ গৌৰৱান্বিত কৰি তুলিছে।
৭৫ কিলোগ্ৰাম শাখাত নিজৰ প্ৰথমটো পদক লাভৰ পথত লাভলীনাই উজবেকিস্তানৰ ৰুজমেটোভা শ্ব’খিবাক ৫-০ ব্যৱধানত ধৰাশয়ী কৰি স্বৰ্ণ আজুৰি আনে।
Lovlina Borgohain wins 🇮🇳's 2nd 🥇 in Asian Boxing Championship 😍
— SAI Media (@Media_SAI) November 11, 2022
Lovlina won the Women's 75kg Final vs 🇺🇿's Ruzmetova Sokhiba by Unanimous Decision 🔥
What a dominating performance by the Tokyo 2020 Medalist 🙌
Congratulations champion 👏 pic.twitter.com/JRwFBeYe3X
টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰাৰ পিছত ফৰ্মৰ সৈতে যুঁজি থকা ২৫ বৰ্ষীয় বক্সাৰগৰাকীৰ বাবে এই জয় যথেষ্ট গুৰুত্বপূৰ্ণ বিবেচিত হৈছে ।
উল্লেখ্য যে, আগন্তুক পেৰিছ অলিম্পিকত লাভলীনাৰ পূৰ্বৰ ৬৯ কিলোগ্ৰাম ওজনৰ শাখা অন্তৰ্ভুক্ত নাথাকিব। সেয়েহে তাৰকাগৰাকীয়ে এতিয়া ৭৫ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দিতা আগবঢ়াইছে।
ইফালে প্ৰতিযোগিতাখনত কালি লাভলীনাৰ লগতে পাৰবীন হুডাই ৬৩ কিলোগ্ৰাম শাখাত, ছুইটীয়ে ৮১ কিলোগ্ৰাম শাখাত আৰু আলফিয়া পাঠানে ৮১ কিলোগ্ৰাম উৰ্ধ শাখাত স্বৰ্ণ পদক লাভ কৰাৰ বিপৰীতে মীনাক্ষীয়ে ৫২ কিলোগ্ৰাম শাখাত ৰূপৰ পদক অৰ্জন কৰে।











