ৰণবীৰ সিং ৱৰ্কফ্ৰন্ট কৰ্মক্ষেত্ৰত ৰণবীৰক শেষবাৰৰ বাবে দেখা গৈছিল ৱাই আৰ এফৰ ‘জয়েশভাই যোৰদাৰ’ত। এই ছবিখনে বক্স অফিচত কোনো আচৰিত কাম কৰা নাছিল। ৰণবীৰ সিঙৰ আগন্তুক ছবিসমূহৰ ভিতৰত আছে ৰোহিত শ্বেট্টীৰ ‘চাৰ্কাছ’, য’ত তেওঁ পূজা হেগড়েৰ সৈতে অভিনয় কৰিছে, আৰু কৰণ জোহৰৰ ‘ৰকি আৰু ৰাণীৰ প্ৰেম কাহিনী’, য’ত আলিয়া ভাটে সহ অভিনয় কৰিছে।
দীপিকা পাডুকন ৱৰ্কফ্ৰন্ট দীপিকা পাডুকনক শেষবাৰৰ বাবে দেখা গৈছিল শকুন বাত্ৰাৰ ছবি ‘গেহৰাইয়ান’ত। তেওঁৰ পৰৱৰ্তী মুক্তি হৈছে সিদ্ধাৰ্থ আনন্দৰ ‘পথান’। এই ছবিখনত শ্বাহৰুখ খান আৰু জন আব্ৰাহামও আছে। ইয়াৰ উপৰিও দীপিকাৰ আগন্তুক ছবিসমূহৰ ভিতৰত আছে ‘প্ৰজেক্ট কে’, ‘ফাইটাৰ’, হলিউডৰ এখন ছবি ‘ৰম-কম’। এই ছবিখনৰ সহ-প্ৰযোজক হিচাপেও তেওঁ, আৰু ই দ্য ইণ্টাৰনৰ হিন্দী সংস্কৰণ।
বৃহস্পতিবাৰে নিশা অন্ধ্ৰপ্ৰদেশৰ পশ্চিম গোদাৱৰী জিলাৰ কাদিয়াড্ডাস্থিত এটা আতচবাজী নিৰ্মাণকাৰখানাত এক ভয়াৱহ বিস্ফোৰণ সংঘটিত হয়। এই ভয়াৱহ বিস্ফোৰণত তিনিগৰাকী লোকৰ থিতাতে মৃত্যু হয়।
জিলাখনৰ আৰক্ষী অধীক্ষকে জানিবলৈ দিয়া মতে নিশা প্ৰায় ৮ বজাৰ পৰা ৮.২০ বজাৰ ভিতৰত সংঘটিত এই ভয়ংকৰ বিস্ফোৰণত তিনিগৰাকী লোক নিহত হোৱাৰ লগতে এগৰাকী আহত হৈছে।
আনহাতে আন এগৰাকী লোক সন্ধানহীন হৈ আছে বুলি তেওঁ লগতে জানিবলৈ দিছে। আৰক্ষী বিষয়াগৰাকীৰ ভাষ্য মতে কাৰখানাটোত মুঠ ৮ গৰাকী লোকে কাম কৰে।
আবেলি ৫ বজাত তিনিগৰাকী ঘৰলৈ উভতি যায় যদিও পাঁচগৰাকী কৰ্মচাৰী কাৰখানাত উপস্থিত আছিল আৰু সেই সময়তে এই ভয়াৱহ বিস্ফোৰণ সংঘটিত হয়। প্ৰাৰম্ভিক অনুসন্ধানত আতচবাজীত জুই লগাৰ বাবে এই বিস্ফোৰণ সংঘটিত হৈছে বুলি প্ৰকাশ পাইছে।
ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত মৌৱাটাৰীত নিশা সচেতন ৰাইজে ড্ৰাগছৰ বিৰুদ্ধে এখন সজাগতা সভা অনুষ্ঠিত হয়। উল্লেখ্য যে যোৱা কিছুদিন ধৰি মৌৱাটাৰীৰ উঠি অহা কিছু যুবকে ড্ৰাগছৰ লগত জড়িত হৈ সমাজখনক এক অন্ধকাৰৰ পিনে ঠেলি দিয়া পৰিলক্ষিত হৈছে আনকি
কিছু যুবক এতিয়ালৈকে ৰঙা ঘৰৰ আলহী হৈ আছে সমাজখনক এক সুন্দৰ পৰিবেশ তথা ড্ৰাগছ মুক্ত কৰাৰ উদ্দেশ্যৰে সচেতন ৰাইজ আৰু স্থানীয় যুবক সকলে এখন সজাগতা সভা পাতি এক শক্তিশালী সমিতি গঠন কৰে।
অনুৰাগীসকলে বৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে অৰ্জুন কাপুৰ আৰু মালাইকা অৰোৰাৰ বিয়াখনলৈ। মালাইকাই শেহতীয়াকৈ এটা পোষ্ট শ্বেয়াৰ কৰি তাৰে যেন এটা ইংগিত দিলে। ১০ নৱেম্বৰ বৃহস্পতিবাৰে মালাইকা অৰোৰাই ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা এখন ফটো আৰু কেপশ্বনে ইংগিত দিছে যে অতি সোনকালে মালাইকাও অৰ্জুনৰ কইনা হ’বলৈ গৈ আছে।
মালাইকাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত নিজৰ এখন ফটো শ্বেয়াৰ কৰাৰ লগতে কেপচনত লিখিছে, I said YES (মই হা বুলি ক’লো)। এই কেপচনৰ লগত তেওঁ তিনিটা লাভ ইমজীও দিছে। অৰ্থাৎ ইয়াৰ পৰা স্পষ্ট যে মলাইকাই অৰ্জুনক বিয়াৰ বাবে ‘হা’ বুলি কৈছে। এই ফটোখনত মালাইকাক ক’লা সাজ-পোছাক পিন্ধি লাজুকীয়া প’জ দিয়া দেখা গৈছে।
এই পোষ্টটোৰ পিছত অনুৰাগীসকলেও এটা কথা জানিবলৈ ব্যগ্ৰ হৈ পৰিছে যে এই দম্পতীৰ বিবাহৰ তাৰিখ কেতিয়া? একাংশ অনুৰাগীয়ে মালাইকাৰ এই পোষ্টটোকলৈ অভিনন্দন জনাইছে।
উল্লেখ্য যে অৰ্জুন কাপুৰৰ মালাইকা অৰোৰাৰ লগত বহুদিনৰ পৰা সম্পৰ্ক আছে। দুয়োজনে প্ৰায়ে একেলগে সময় কটোৱা দেখা যায়। অৰ্জুনৰ জন্মদিনত ৰোমান্টিক পোষ্ট শ্বেয়াৰ কৰি মালাইকাই ২০১৯ চনত আনুষ্ঠানিকভাৱে এই প্ৰেমৰ সম্পৰ্কৰ কথা ঘোষণা কৰিছিল। প্ৰায়ে দুয়োজনে তেওঁলোকৰ ৰোমাণ্টিক ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি থাকে। এতিয়া অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে তেওঁলোকৰ বিবাহৰ বাবে।