যুটীয়া বিবৃতিটোত লগতে সংগঠন দুটাই কয়, “ৰাজ্যখনত প্ৰায় ৪ সহস্ৰাধিক শিক্ষানুষ্ঠান এজনীয়া শিক্ষকৰে চলি আছে। এনে অৱস্থা চৰকাৰৰ সিদ্ধান্ত কেৱল শিক্ষা বিৰোধীয়ে নহয় ই চূড়ান্ত নিবনুৱা বিৰোধীও। এই সিদ্ধান্ত ৰাজহুৱা শিক্ষা ব্যৱস্থাক ধ্বংস কৰাৰ দিশত আৰু এখোজ আগুৱাই নিব।”
মহাকাশলৈ বান্দৰ পঠোৱাৰ সিদ্ধান্ত লৈছে চীন দেশৰ তিয়াংগং স্পেচ ষ্টেশ্যনে । বিজ্ঞানীসকলে জনোৱামতে, মহাকাশত বান্দৰৰ প্ৰজনন ক্ষমতা সম্পৰ্কে জানিবলৈকে পৰ্যবেক্ষণৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে।
মাধ্যাকৰ্ষণ শক্তিৰ অভাৱত প্ৰজনন পদ্ধতি কেনেধৰণৰ হ’ব? সেই প্ৰশ্ন লৈ বহু গৱেষণা কৰি আহিছে চীনৰ বিজ্ঞানীসকলে। অৱশেষত তেওঁলোকে কেইটামান বান্দৰক মহাকাশলৈ পঠোৱাৰ দিহা কৰিছে।
কেনেধৰণে এই পৰীক্ষামূলক গৱেষণা হ’ব- সেই বিষয়েও এটা ৰিপ’ৰ্ট প্ৰকাশ কৰা হৈছে। তাত উল্লেখ আছে যে মাধ্যাকৰ্ষণ শক্তিহীন পৰিৱেশেত বান্দৰবিলাক নানা সমস্যাৰ সন্মুখিন হ’ব পাৰে। মানসিক অৱসাদৰো চিকাৰ হোৱাৰ সম্ভাৱনা আছে।
কিন্তু এই নতুন পৰিস্থিতি বান্দৰে কিদৰে শাৰীৰিক মিলনৰ বাবে উদ্ধুদ্ধ হয়, তাৰ বিষয়ে জানিব পৰা যাব উক্ত গৱেষণাটোৰ দ্বাৰা। তদুপৰি, সিহঁতৰ খোৱা-বোৱাৰ পৰা মলমূত্ৰ ত্যাগলৈকে পৰ্যবেক্ষণ কৰা হ’ব।
উল্লেখ্য যে তিয়াংগং স্পেছ ষ্টেশ্যন চীনৰ এটা আগশাৰীৰ মহাকাশ গৱেষণা কেন্দ্ৰ। কেন্দ্ৰটোত তিনিজনকৈ মহাকাশচাৰীয়ে কাম কৰি আহিছে।
লক্ষ্ণৌৰ গোমটিনগৰত প্ৰিয়ংকা চোপ্ৰাৰ বিৰুদ্ধে পোষ্টাৰ লগোৱা হৈছে। এই পোষ্টাৰসমূহত অভিনেত্ৰীগৰাকীৰ ফটোত ৰঙা ৰঙৰ ক্ৰছ লিখা আছে, ‘You Are Not Welcome In City Of Nawabs’। অৰ্থাৎ ‘নবাব চহৰত আপোনাক আদৰণি জনোৱা নহয়’। কিন্তু কোনে এই পোষ্টাৰবোৰ লিখিছে বা কোনে এই কাম কৰিছে সেই সন্দৰ্ভত এতিয়াও কোনো তথ্য প্ৰকাশ পোৱা নাই। আৰক্ষীয়ে বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে পোষ্টাৰ লগোৱা আৰু প্ৰতিবাদ কৰাৰ আঁৰৰ কাৰণ স্পষ্ট হোৱা নাই। এই সকলোবোৰৰ মাজতে দেশী গাৰ্ল প্ৰিয়ংকা চোপ্ৰাই ২দিন লক্ষ্ণৌত থাকিবলৈ ওলাইছে।
প্ৰায় তিনি বছৰৰ মূৰত দেশলৈ উভতি আহিছে প্ৰিয়ংকা চোপ্ৰা। তেতিয়াৰ পৰাই অভিনেত্ৰীগৰাকীৰ ভাৰত ভ্ৰমণৰ ছবি আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত অহৰহ শ্বেয়াৰ কৰি আহিছে। প্ৰিয়ংকা চোপ্ৰাই প্ৰথমে মুম্বাইত উপস্থিত হয়। তাৰ পাছত অভিনেত্ৰীগৰাকীয়ে নিজৰ হেয়াৰ প্ৰডাক্ট এনোমালিৰ প্ৰচাৰৰ বাবে মুম্বাইলৈ আহিছে আৰু ইয়াৰ পৰাই পোনপটীয়াকৈ আমেৰিকালৈ ৰাওনা হ’ব। কিন্তু সেয়া নহ’ল আৰু বৰ্তমান প্ৰিয়ংকা ইউনিচেফৰ কাৰ্যসূচীৰ অধীনত দুদিনীয়া ভ্ৰমণত লক্ষ্ণৌত আছে। সোমবাৰে অভিনেত্ৰীগৰাকীয়ে বিভিন্ন অংগনবাড়ী কেন্দ্ৰৰ শিশুসকলক লগ পোৱা দেখা গৈছিল। ইফালে তেওঁলোকৰ প্ৰতিবাদ আৰম্ভ হৈছে।
উল্লেখযোগ্য যে ক’ভিড মহামাৰীৰ পাছত প্ৰিয়ংকা চোপ্ৰাৰ প্ৰথম ভাৰত ভ্ৰমণ। এনে পৰিস্থিতিত অভিনেত্ৰীগৰাকী ঘৰলৈ উভতি আহিবলৈ যথেষ্ট উৎসাহিত হৈ পৰে। প্ৰিয়ংকা চোপ্ৰাই বিয়াৰ পূৰ্বেও বহু বছৰ ধৰি আমেৰিকাত বাস কৰি আহিছে। ১২ বছৰ বয়সত পঢ়া-শুনাৰ লগত জড়িত অভিনেত্ৰীগৰাকী আমেৰিকালৈ গুচি যায়। ইয়াৰ পাছত পুনৰ বলীউডত কেৰিয়াৰ গঢ়িবলৈ।ভাৰতলৈ আহিছিল অভিনেত্ৰীগৰাকী। ২০১৮ চনত আমেৰিকান গায়ক তথা সংগীতজ্ঞ নিক জ’নাছৰ সৈতে বিবাহপাশত আবদ্ধ হয় প্ৰিয়ংকা চোপ্ৰা। ২০২২ চনত এইবাৰ চেৰ’গেচিৰ জৰিয়তে কন্যা মালতী মেৰী চোপ্ৰা জোনাছৰ অভিভাৱক হিচাপে চিনাকী দিয়ে দম্পতীহালে।